Sunday 12 March 2017

এখন ঐতিহাসিক ফুটবল খেলৰ কথাৰে...
(গল্প নহয়, সত্য)



৮ মাৰ্চ ২০১৭৷ ফুটবল বিশ্বত খলকনি তোলা খেলখন টেলিভিচনৰ পোনপটীয়া সম্প্ৰচাৰণ যোগে চোৱাৰ সৌভাগ্য মোৰো হল সিদিনা৷

উয়েফা চেম্পিয়নছ লীগৰ ৰাউণ্ড অফ্‌ ছিক্সটিনৰ গুৰুত্বপূৰ্ণ খেলখনত প্ৰতিদ্বন্দ্বিতা আগ বঢ়াইছিল ফুটবল ক্লাব বাৰ্চিলোনা আৰু পেৰিচ চেইণ্ট-জাৰ্মেইন ফুটবল ক্লাবে৷ স্পেইনৰ বাৰ্চিলোনাস্থিত কেম্প নউ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল শ্বাসৰুদ্ধ পৰিসমাপ্তিৰ মেছখন৷ ইয়াৰ আগতে ১৪ ফেব্ৰুৱাৰীত পেৰিচৰ প্ৰিন্সেচ পাৰ্কত দুয়োটা দলৰ মাজত হৈ যোৱা ৰাউণ্ড অফ্‌ ছিক্সটিনৰ প্ৰথম লেগৰ খেলত এঞ্জেল ডি মাৰিয়াৰ দুগল, জুলিয়ান ড্ৰেক্সলাৰ আৰু ইডিনছন কেভানিৰ একোটাকৈ গলেৰে ফৰাচী চেম্পিয়ন পি.এছ.জি.য়ে বাৰ্কাক হৰুৱাইছিল ৪-০ পৰিষ্কাৰ ব্যৱধানত৷ পি.এছ.জি.ৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সন্মুখত স্পেনিচ চেম্পিয়ন দলটোৰ বিখ্যাত তথা জনপ্ৰিয় ফুটবল ট্ৰায় মেছি-নেইমাৰ-ছুৱাৰেজ খেল পথাৰত যেন হেৰাই গৈছিল৷ নিষ্প্ৰভ হৈ পৰিছিল ইনিয়েষ্টা, ৰাফিনহা, ৰাকিটিকৰো সমস্ত ফুটবল চমক৷ বৃহৎ পৰাজয়ৰ গ্লানি শিৰ পাতি লৈ নীৰৱে ষ্টেডিয়াম এৰিছিল বাৰ্চিলোনাৰ তাৰকাসকলে৷ নিৰাশাত ভাগি পৰিছিল সমৰ্থক৷

তাৰ পাছত ৮ মাৰ্চ৷ দুয়োটা দল আকৌ মুখামুখি হল দ্বিতীয় লেগ অৰ্থাৎ ৰিটাৰ্ণ মেছৰ বাবে৷ ৩-১-৩-৩ ফৰ্মেচনেৰে সমুচিত প্ৰত্যুত্তৰ দিয়াৰ পণ লৈ নিজৰ পথাৰত নামিল এফ. চি. বাৰ্চিলোনা৷ কিক্‌ অফৰ পাছৰে পৰাই আক্রমণাত্মক হৈ উঠিল ছুৱাৰেজ, মাশ্বিৰানো৷ প্ৰথমাৰ্ধৰ ৩ মিনিটতে উৰুগুৱেৰ ষ্ট্ৰাইকাৰ লুই ছুৱাৰেজে গল দি দিলে৷ ৰক্ষণশীল হৈ পৰিল পি.এছ.জি.৷ আক্ৰমণৰ বেহু ৰচনা কৰি গল বাৰ্চিলোনাৰ বিশ্বস্ত আক্রমণ বিভাগে৷ গলমুখত অৰিয়াঅৰি চলি থাকোঁতেই ৪০ মিনিটত পি.এছ.জি.ৰ ডিফেণ্ডাৰ লেইভিন কুৰজাৱাৰ ভৰিৰ পৰা বল গৈ দুৰ্ভাগ্যক্রমে নিজৰ নেটতে সোমাই পৰিল৷ স্কৰ ২-০৷ খেলৰ ৫০ মিনিটত লাভ কৰা পেনাল্টি এটা কাৰ্যকৰী কৰি লায়নেল মেছিয়ে আৰু এগল দিলে৷ বাৰ্কা ৩, পি.এছ.জি. ০৷ ৩-০ত পিছ পৰি থকাৰ পাছত ৰণনীতি সলাই এফ.চি.বি.ৰ দুৰ্গত আঘাত হানিবলৈ পি.এছ.জি.ও আগ বাঢ়ি আহিল৷ ৬২ মিনিটত পোৱা সুযোগৰ সদ্ব্যৱহাৰ কৰি উৰুগুৱেৰ সুযোগসন্ধানী ষ্ট্ৰাইকাৰ কেভানিয়ে এগল কমালে, ১-৩৷ ইফালে প্ৰতিপক্ষৰ গলটোৱে যেন বাৰ্কাক কৰ্তব্য আৰু প্ৰতিজ্ঞা বেছিকৈ সোঁৱৰাইহে দিলে! সময়ো চমু চাপি আহিছে৷ উপৰ্যুপৰি আক্রমণ চলিল এইবাৰ৷ থৰকাছুটি হেৰুৱালে ৩-৪-৩ ফৰ্মেচনত খেলি থকা থিয়াগো ছিলভাৰ দলে৷ ৮৮ মিনিটত নেইমাৰে সোঁভৰিৰে লোৱা নিখুঁত ফ্ৰী কিকৰ পৰা নিমিষতে বল উৰি গৈ নেটত আশ্ৰয় ললে৷ স্কৰ হলগৈ ৪-১৷ ৯১ মিনিটত পুনৰ এটা পেনাল্টি৷ নেইমাৰে এইবাৰো ভুল নকৰিলে৷ স্কৰ বৰ্ডত ৫-১৷ সামগ্ৰিকভাৱে ৫-৫৷ অমীমাংসিত ৰূপত খেল চলিব লাগিছে৷ অস্তিত্ব ৰক্ষাৰ হকে মৰণপণ ৰণ উভয় দলৰ যোদ্ধাসকলৰ৷ ষ্টপেজ টাইম দিয়া হল ৫ মিনিট৷ তাৰে শেহৰটো মিনিটত পৰিৱৰ্তিত খেলুৱৈ চাৰ্গেই ৰবাৰ্টই বাৰ্চিলোনাৰ হৈ গল কৰি বাজি মাৎ কৰি পেলালে৷ কেইছেকেণ্ডমানৰ পিছতে ৰেফাৰীয়ে বজাই দিলে যুদ্ধ সমাপ্তিৰ দীঘলীয়া সুহুৰি৷ দুটা বিখ্যাত পেছাদাৰী ফুটবল দলৰ মাজত অনুষ্ঠিত ঐতিহাসিক খেল এখনৰ অন্ত পৰিল৷

এফ. চি. বাৰ্চিলোনাৰ সমৰ্থকসৱৰ হাঁহি, কান্দোন, নাচ-গান, আলিংগন, কিৰিলীৰে ফাটি পৰিল কেম্প নউ ষ্টেডিয়াম৷ আনন্দৰ বন্যাত হুৰাওৰাৱে কান্দিলে খেল চাই থকা বাৰ্কাৰ সমৰ্থক দৰ্শকে৷ বিপৰীতে, পৰাজয় বৰণ কৰি কান্দিলে পি.এছ.জি.ৰ সমৰ্থকসকলে৷ উল্লেখ্য যে সিদিনা খেলখনৰ ৭১ শতাংশই আছিল বাৰ্চিলোনাৰ দখলত৷ দুৰ্দান্ত ৰূপত ফুটবল খেলিছিল মেছি, ছুৱাৰেজ, নেইমাৰহঁতে৷

অদমনীয় ফুটবল পাৰ্গতালিৰে 'মেন্‌ অফ্‌ দা মেছ' নেইমাৰ জুনিয়ৰে সম্পূৰ্ণ সময়ছোৱাতেই উপহাৰ দিলে টোটেল ফুটবল৷ ধেনুভিৰীয়া যাদুকৰী ফ্ৰী কিকেৰে তেওঁ দিয়া দৃষ্টিনন্দন গলটো আছিল অবিশ্বাস্য, অবিস্মৰণীয় আৰু খেলখনৰ টাৰ্নিং পইণ্ট৷ টেলিভিচনৰ পৰ্দাত এই গলটো যিসকলে দেখিছে তেওঁলোকে একে আষাৰে এইটো কবলৈ দ্বিধাবোধ নকৰিব যে মেছিৰ প্ৰকৃত উত্তৰাধিকাৰী শিষ্য এইজন ব্ৰাজিলিয়ান নেইমাৰেই৷

বাৰ্কাৰ সমৰ্থকসকলে এতিয়া ফেব্ৰুৱাৰীৰ দুখ মচি মাৰ্চৰ উল্লাসেৰে সাজু হৈছে কোৱাৰ্টাৰ ফাইনেললৈ৷ গ্ৰেট ইউৰোপীয়ান কাম-বেক্‌ অফ্‌ অল্‌ টাইম বুলি আখ্যা দিয়া হৈছে এই অবিশ্বাস্য খেলখনক৷ বাৰ্চিলোনা চিহ্নিত হৈছে ইউৰোপীয়ান বুৰঞ্জীত প্ৰথমটো দল হিচাপে যিয়ে ০-৪ বৃহৎ ব্যৱধানত পিছ পৰি থাকিও চমৎকাৰ প্ৰত্যাৱৰ্তন দেখুৱালে আৰু শক্তিশালী প্ৰতিপক্ষক সংঘবদ্ধতাৰে ওফৰাই একেৰাহে দশমবাৰৰ বাবে কোৱাৰ্টাৰত নিজৰ স্থান সুৰক্ষিত কৰিলে৷

শ্বাসৰুদ্ধকৰ আৰু ঐতিহাসিক খেলখনক বহুতে কৈছে এখন উপভোগ্য নাটক বুলি৷ বহুতে কৈছে ঐতিহাসিক বিজয় মহাকাব্যিক জয়, নাটকীয় জয়৷ বাৰ্চিলোনাৰ মেনেজাৰ লুই এনৰিকে কৈছে  ‘It was a horror film, not a drama.


সৌভাগ্যক্ৰমে, সেই ভৌতিক চিনেমাখন(!) ময়ো চালোঁ৷