Tuesday, 7 April 2020

৪.২ সপোন-যাত্ৰাৰ আৰম্ভণি


দুয়ো দাঁতিয়ে দুডাল আৰু ঠিক সোঁমাজত এডাল বগা আঁক বুকুত লৈ মসৃণ ৰাজআলিটোৱে যান-বাহনশূন্য, নিকা-নিস্তব্ধ পৰিৱেশ এটাৰে শুকুৰবৰীয়া পুৱাটোত যেন মোৰ সপোন-যাত্ৰাটোৰ বাবেহে অপেক্ষা কৰি আছিল ! কাউণ্টাৰৰ পৰা প্ৰস্থান কৰাৰ পাছত কেৰা আহ জেনেৰেল গ্ৰাউণ্ডৰ আগেদি ভোঁ-ভোঁকৈ ধাৱমান হৈছে আনিনি অভিমুখী ছুমল্ড ৷ মনটো স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে ৷ চালকে বজাই দিয়া সুৰীয়া গানটোৱে উত্তেজনা পঞ্চমত তুলিছে ৷
ছুমখনে হাইৱেত অৱস্থান লোৱাৰ সময়তে দুটা কাম কৰিলোঁ মই ৷ গাড়ীয়ে ঠিক গা লৰাওঁতেই মবাইলৰ স্ক্ৰীণত চাই থোৱা সময়টো নোটবুকত টুকি ললোঁ ৷ যাত্ৰাৰম্ভ কেইবজাত হৈছিল বুলি কোনোবাই সুধিলে সঠিককৈ ব পাৰিম অন্ততঃ ৷ দ্বিতীয়তে, কোলাত লৈ থকা স্কুলবেগটোৰ পৰা কেমেৰাটো উলিয়াই ডিঙিত আঁৰি ললোঁ ৷
তাৰো বহুত আগতেই, ৭ বাজিবলৈ ১০ মিনিটমান বাকী থকা অৱস্থাতে, ডায়েল কৰিও নোপোৱাত, বিকল্পস্বৰূপে এছ.এম.এছ. এটা বতাহত এৰি দিলোঁ, চ তায়ুৱে কালি দিয়া ফোন নম্বৰটোলৈ, Good morning sister. AR16 6715 number sumo se mei Roing se Anini aaa raha hu. বাক্য দুটা লিখি ৷ অচিন আনিনিত পূৰ্বতে কাহানিও চেহেৰা নেদেখা অনিয়া মেয়া, বচ্চন মিপিয়েই সদ্যহতে মোৰ ত্ৰাণকৰ্তা ৷ বাৰ্তাটো পালে অন্ততঃ বুজিব যে অপৰিচিত মানুহজনে কথা দিয়ামতেই পুৱাতে ৰয়িং এৰিলে ৷ আৰু জানিব যে তেওঁ আহি থকা ছুমখনৰ নম্বৰ ইমান ৷ লিংকমেনজনো সংযোগহীন হ ৷
তাৰো আগতে ঘৰলৈ ফোন এটা কৰি মাত এষাৰ দি থলোঁ ৷ পাছত আকৌ কেতিয়া কতবা যোগাযোগ স্থাপন হয়গৈ ! একো নিশ্চয়তা নাই ৷ ৰয়িং এৰি মিছিমি পাহাৰত সোমাই পৰাৰ লগে লগে নেটৱৰ্কেওযে লুকা-ভাকু আৰম্ভ কৰিব, সেইটো নিশ্চিত ৷ অনিশ্চয়তাৰো কিছুমান নিশ্চয়তা থাকে ৷ ঠিক এনেদৰে ৷
সন্মুখত শান্ত-সৌম্য, মনোগ্ৰাহী প্ৰাকৃতিক শোভা ৷ শোভাৰ মাজৰ শোভাৰ সন্ধান লবলৈকে যেন অগ্ৰসৰ হৈছে ১১জনীয়া যাত্ৰীৰ দলটো ৷ শেষৰ আসনত ৪ যুৱক, মাজৰ আসনত ৪ যুৱতী, আগৰ আসনতো মাজৰগৰাকী যুৱতী ৷ সিফালে চালক আৰু এইফালে মই ৷ আপোনত্বৰ ভাব এটা জাগ্ৰত হোৱা যেন আৰম্ভণিতেই অনুভৱ হল ৷ মোৰ কাষৰ গাভৰু যাত্ৰীয়ে আসন লৈ উচ-পিচ কৰিব ধৰাত চালকজনে নিজৰ কম্বলখনকে জাপি-কুচি চিটটোত পাৰি দিলে, হাঁ, অভি বেইঠিয়ে আৰামছে বুলি ৷ ভৰি দুখন তাই কোনফালে কেনেকৈ দিব লাগিব তাৰো পৰামৰ্শ দিলে ৷ গাড়ীয়ে গতি লৈ থাকোঁতেই পাছফালৰ কোনোবা যাত্ৰীয়ে পৰিৱেশন কৰিলে মৰ্টন এগালমান ৷ কাষৰ যুৱতীজনীয়ে আঁজলি ভৰাই আনি মোকো লবলৈ দিলে যিমান লাগে সিমান ৷
থেংক ইউ বুলি কৈ মৰ্টন মুখত লৈয়ে ধ্যান দিলোঁ কেমেৰাটোত ৷ মোটামুটি ২৩৮ কিলমিটাৰ একক গাড়ীচালনাৰ সংকল্পৰে এক্সেলাৰেটৰ হেঁচুকি থকা যুৱ-চালকজনলৈ টোঁৱাই স্নেপ এটা ললোঁ ৷ নিৰ্বিকাৰচিত্তে, প্ৰতিক্ৰিয়াহীনভাৱে, একান্তমনে ষ্টিয়েৰিং পকাই থকা দেখি মোৰ কামটোৱে তেওঁৰ মনোযোগ তিলমানো ভংগ কৰিব নোৱাৰিলে যেন লাগিল ৷ নাচালেও, নাহাঁহিলেও ৷
অলপ আগত আৰক্ষীৰ কিছু লোক ৰৈ আছে ৷ কাৰণ নাজানো ৷ নিয়ন্ত্ৰিত আৰু হিচাপৰ স্পীডত চলাই আছিল যদিও আমাৰ চালকে পোছাক দেখা পায়ে ব্ৰেকত গচক দিলে ৷ ওচৰ চাপিহে জনা গল যে তেওঁৰ লগত একো কথা নাই ৷ যাবলৈহে ছিগনেল দিলে ৷ কাজেই ভৰি আপোনা-আপুনি আকৌ গুচি গল এক্সেলাৰেটৰলৈ আৰে য়েচবকা কাম নেহী হে ৷ চবেৰে চবেৰে’…’ জনৈক পেচেঞ্জাৰেহে পাছলৈ লক্ষ্য কৰি চলমান গাড়ীৰ ভিতৰতে ভোৰভোৰালে ৷ হাইৱেৰ মসৃণতা আৰু ছুমৰ গতিটোৰ উপভোগ্য যুগলবন্দীলৈ হঠাতে অনাকাংক্ষিত বাধা আহি যোৱাত তেওঁৰো চাগৈ যাত্ৰা-মাদকতাকণ ব্যাঘাতপ্ৰাপ্ত হল ৷ মই তেনেকৈয়ে বুজি পালোঁ ৷ ডিঙি ঘূৰাই তেওঁৰ ফালে চাই হাঁহিলোঁ অকণমান ৷
৫ মিনিটৰ ভিতৰতে দেওপানীৰ নতুন দলঙত উঠিলোঁ আমি ৷ ২০১৭ চনৰ ১২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সুভাষ ভামৰেই ৩০০ মিটাৰ দীঘল দলংখন মুকলি কৰিছিল ৷ এই দলংখনে অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাং ভেলী আৰু ডিবাং ভেলী জিলা দুখনৰ মাজত যাতায়াত সুচল কৰাৰ লগতে অসমৰ সৈতেও যোগাযোগ উন্নত কৰিছে ৷
ইজে আৰু ইমে লগ হৈ দেওপানী হৈছে ৷ উৎপত্তি মিছিমি পাহাৰত, মায়ডিয়াৰ দিশে ৷ দেওপানী ডিবাঙৰ এখন গুৰুত্বপূৰ্ণ উপনৈ ৷ বাৰিষা বৰষুণত ওফন্দি উঠি প্ৰচণ্ড নিনাদেৰে বিভীষিকাময় ৰূপ লোৱা নৈখন খৰালি এই মুহূৰ্তত শান্ত-সমাহিত ৷ ওচৰ চপাৰ লগে লগে নৈপৰীয়া সৌন্দৰ্যৰাশিৰ সমানে সমানে সুখকৰ স্মৃতি কিছুমান স্বতঃস্ফূৰ্তভাৱে চিনেমাৰ ৰীলৰ দৰে মনৰ পৰ্দাত ভাহিব লাগিল ৷
চহৰৰ ধামখুমীয়াৰ পৰা আঁতৰি দেওপানীৰ পাৰত সম্পূৰ্ণ নৈসৰ্গিক বাতাবৰণত বাঁহ, খেৰ, টকৌপাত আদিৰে পৰম্পৰাগত ইদু মিছিমি চাংঘৰৰ আৰ্হিত জিবি পৱে সজা আৰু পৰিচালনা কৰা জনজাতীয় ইক লজ মিছিমি হিল কেম্প, যত মই এবাৰ আলহী হৈছিলোঁ ৷ অস্তমিত সূৰ্যৰ কিৰণ গাত লগাই দেওপানীৰ তৰংগায়িত জলধাৰাত স্নান কৰিছিলোঁ ৷ পাছদিনা পুৱাতে আকৌ গৈছিলোঁ পাহাৰীয়া খৰস্ৰোতা নৈত গা ধোৱাৰ মজা লুটিবলৈ ৷ শ্বাহনাজহঁতৰ লগত চপাখোৱাৰ পৰা আহিও এবাৰ দেওপানীৰ শিলাময় বক্ষত বহিছিলোঁ, পানী খেলিছিলোঁ, প্ৰকৃতিৰ সুবাস লৈছিলোঁ ৷ মুক্ত প্ৰাকৃতিক পৰিৱেশ, বিশুদ্ধ বায়ু, নিৰ্মল পানীতকৈ মানুহৰ বাবে আৰু কিবা ভাল দৰৱ আছে জানো ? ৰয়িঙত সেয়া উভৈনদী আছিল ৷ এইবাৰ কিন্তু লক্ষ্য কৰিলোঁ মানুহ, ঘৰ আৰু গাড়ীৰ সংখ্যাবৃদ্ধি ৷ ৰয়িঙে মোট সলাইছে ৷ দীঘল দলংখন হৈ যোৱাৰ পাছৰে পৰা চপাখোৱাৰ লগতে ৰয়িঙৰো ৰূপ সলনি হৈ আহিছে ৷
স্মৃতিবিজড়িত দেওপানী নৈখন এইমাত্ৰ অতিক্ৰম কৰা হল ৷ মোৰ পূৰ্বৰ যাত্ৰাকালত এই আৰ.চি.চি. দলংখন নাছিল ৷ নিৰ্মাণ কাৰ্যহে চলি আছিল ৷ পুৰণা পথেদি গৈ থাকি নদীবক্ষত নামি ভাৰতীয় সৈন্যই নিৰ্মাণ কৰা লোৰ বেইলী ব্ৰীজেৰে পাৰ হৈছিলোঁ ৷ সেয়া নাপাওঁতেই পোৱা আওপুৰণা, দুৰ্বল ওলমা সাঁকো এখনতো বগাইছিলোঁ অলপমান ৷ ৰাস্তাটো এইফালেদি নাছিল তেতিয়া ৷ আজি প্ৰথমবাৰলৈ নতুন বাটেৰে আহি ভাল লাগিছে যদিও সেউজীয়াৰ মাজত লুকাই পৰা আগৰ সেই ঠেক জংঘলী বাটটোৱেও মোক খুব আকৰ্ষণ কৰিছিল ৷ পৰিৱেশ-পৰিস্থিতি এতিয়া সম্পূৰ্ণ বেলেগ হল ৷ ধৰিবই পৰা নাই কোনফালেনো কি আছিল ৷ টাউনৰ পৰা ৩ কিলমিটাৰ আঁতৰত, চাৰিওফালে পাহাৰে আগুৰা ভূখণ্ডৰ মাজত, তললৈ আছিল বৃহৎ চাল্লি লেক ৷ প্ৰাকৃতিক হ্ৰদটো কোনবাটেদি গৈছিলোঁ তাকো টলকিবই নোৱাৰিলোঁ ৷ ৩১৩ নং ৰাজআলি আৰু দলঙে উপকণ্ঠ অঞ্চলটোৰ ৰং-ৰূপ-ৰস সকলোলৈকে পৰিৱৰ্তন আনি দিলে ৷ (ক্ৰমশঃ)

No comments:

Post a Comment