৬.২ আনিনিত নামিলোঁ
সূৰ্যহীন অপৰাহ্নটোৱে আচহুৱা পৰিৱেশটোকযেন বিৰল
মাত্ৰা প্ৰদান কৰিছে ৷ চাই থাকোঁতেই ডাৱৰবোৰে দুশাৰী পৰ্বতৰ মাজৰ অঞ্চলবিলাকৰ
ওপৰত বগা চামনিৰ সৃষ্টি কৰিলে ৷ মায়’ডিয়াত অথনি বৰফৰ শুভ্ৰ আৱৰণ
পাইছিলোঁ ৷ ইয়াত ডাৱৰৰ ৷ যেনিবা বগা চাদৰ একোখনহে নামনিলৈ নামি গৈ আছে !
নিম্নাংশত কি আছে দেখা নোপোৱা কৰি পেলালে ৷ চূড়াতকৈ উপত্যকা আগতেই অন্ধকাৰ হৈ
পৰিল ৷
সৌ পৰ্বতৰ এছোৱা বৃক্ষহীন কিয় ? সৌফালেও টকলা পাহাৰ
৷ স্বাভাৱিকতে দৃষ্টি এতিয়া শিখৰে শিখৰে নিবদ্ধ ৷ নিশ্চয় মানুহৰ দ্বাৰাই কাৰবাৰটো সংঘটিত
হৈছে ৷ জুম খেতিৰ কুপ্ৰভাৱ ? আমাৰ কাৰবি আংলঙতো ইফালে-সিফালে ঘূৰোঁতে অনুৰূপ ছবি
প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ ৷ চৰকাৰে যদিওবা আইন প্ৰণয়ন কৰিছিল, জুম নিয়ন্ত্ৰণ বিভাগ
খুলিছিল, এনেকুৱা প্ৰণালীৰ কৃষি-কাৰ্যক নিষিদ্ধ ঘোষণাও কৰিছিল, তথাপি প্ৰাদূৰ্ভাৱ
আজিকোপতিও নাইকিয়া হোৱা নাই ৷ এইটো প্ৰান্ততো তাৰেই প্ৰতিফলন ৷ অথচ এইফালৰ পৰ্বত
তুলনামূলকভাৱে বেছিকৈয়ে দুৰ্গম, অতিকৈয়ে থিয় ৷ প্ৰশ্ন হয়, উঠা-নমাতেই ইমান কষ্ট, খেতি
কৰাটোও ভীষণ কষ্টকৰ, তাতে ফচলনো পাই কিমান, তথাপিও এচামে এৰিব পৰা নাই কিয় ? পৰম্পৰা
জীয়াই ৰখাৰ প্ৰৱণতা নে অনন্যোপায় ? নিৰাময়ৰ যথোচিত উপায় কি হ’ব
পাৰে ? সচেতনতা জগাবলৈ, বনাঞ্চল বচাবলৈ, গছ থাকিলেহে মানুহ থাকিব বুলি বুজাবলৈ
যাদৱ পায়েঙৰ দৰে নিষ্ঠাৱান পৰিৱেশ-কৰ্মীৰ অতীব প্ৰয়োজন অনুভৱ কৰিছোঁ ৷ ককিলাৰ বুকুত
মেচিন নাৱেৰে আৰু সিপাৰৰ অৰুণা চাপৰিৰ মূলাই কাঠনিত ট্ৰেক্তৰ-ট্ৰেইলাৰেৰে ব্ৰহ্মপুত্ৰ
পৰ্যন্ত চলোৱা স্মৰণীয় এড্ভেন্চাৰ যাত্ৰাটোৰ কিছু কিছু মুহূৰ্ত আৰু গছ-গছনিৰ
দৃশ্য মোৰ দুচকুত চাঁতকৈ ভাহি উঠিল, ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানিত ‘ফৰেষ্ট
মেন অফ ইণ্ডিয়া’ৰ কথা আৰু কাম মনলৈ অহাৰ লগে লগে ৷
পোহৰ পৰ্যাপ্ত নহয় ৷ ৫ বজাত কেমেৰা সামৰি বেগত
সুমুৱাই দিলোঁ ৷ পইণ্ট এণ্ড শ্বুট্ জাতৰ হ’লেও সকলো সময়ৰে সকলো ছবি ব্ৰীজ কেমেৰাই হওক বা যি কেমেৰাই নহওক, ধৰি
ৰাখিব নোৱাৰে ৷ ভাবি ল’লোঁ যে এতিয়াৰে পৰা ভাল লগা
দৃশ্যবোৰ হৃদয়ৰ কেমেৰাত বন্দী কৰি যাম ৷ সযতনে জীয়াই ৰাখিম স্মৃতিৰ মণিকোঠাত ৷
পকা হোৱা নাই যদিও মাজে মাজে ৰাস্তাটো বহল কৰি
উলিওৱা হৈছে ৷ ঠাইবিশেষে প্ৰাচীন অৱস্থা ৷ অধিকাংশই
কেঁচামাটি ৷ জেগাই জেগাই বোকা ৷ হাইৱে’ৰ বাবে আগতে থকা কেঁকুৰিবোৰ কমাইছে আৰু পোনাইছে বুলি
ধৰিব পাৰিছোঁ ৷ তাৰ কাৰণেই বহুত মাটি আঁতৰাবলগীয়া আৰু মিলাবলগীয়া হৈছে ৷ গছ-গছনিও
বহুত কাটি, উভালি, দলিয়াই পেলোৱা হৈছে ৷ ৰাস্তা অৰ্জন কৰিবলৈ হ’লে বৃক্ষ বিসৰ্জন নিদিলে নহ’ব বুলি বুজি উঠিছোঁ ৷ পৰিপূৰক কথাবোৰহে জনাৰ উপায় নাই ৷
কেনিবা বৃক্ষৰোপণ হৈছেনে বা হ’বনে
? সমানুপাতিকভাৱে, উকা পাহাৰলৈ শ্যামলীমা ঘূৰাই অনাৰ চিন্তা-চৰ্চা হৈছেনে ? পথৰ
দুয়ো দাঁতিত গছ ৰোৱাৰ পৰিকল্পনা আছেনে ? বাটৰ ছবিখন চাই চাই গৈ থকা ফুট-গধূলিটোৱেযেন
মনটো কিবা বিহ্বল কৰি তুলিলে ৷
হে’ড লাইটৰ পোহৰত দেখা গ’ল, বাট
ভেটি পৰি আছে সুদীৰ্ঘ এজোপা গছ ৷ কাষেৰেও কোনোমতে ফালৰি কাটি যোৱাৰ উপায় নাই ৷
অগত্যা ছুম’খন ৰৈ যাবলৈ বাধ্য হ’ল ৷ সন্মুখত
কেঁকুৰি ৷ আঁতৰলৈ একোকে নেদেখি ৷ অৰণ্যময় ৷ টৰ্চটো জ্বলাই নামি গৈ চাওঁ নেকি ? ভাবিলোঁ
৷ জেগাটুকুৰা বৰ সুবিধাজনক যেনো লগা নাই ৷ সময়টোও ঠিক নহয় ৷ কি কৰোঁ ? গুণা-গঁথা
কৰি আছোঁ ৷ ড্ৰাইভাৰলৈও চাইছোঁ, কি চিন্তা কৰিছেনো বুলি ৷ পাছফালৰ যাত্ৰীসৱৰ
প্ৰতিক্ৰিয়া কিবা শুনো নেকি বুলি তালৈকো কাণ উণিয়াইছোঁ ৷ কিনো সৌভাগ্যৰ ফেৰ,
হঠাতে পাছফালৰ পৰা প্ৰকাণ্ড আৰু যথেষ্ট বলী যেন লগা আৰ্থ মুভাৰ্ছ এখন ওলালহি ৷ খবৰ
পাইছিল চাগৈ কেনেবাকৈ ৷ তাতে আজি মুখ্য মন্ত্ৰী মহোদয় আৰু সাংগোপাংগসকলৰ এইটো ৰাস্তাতে
চফৰ চলিছে ৷ এতেকে সকলো সময়তে সষ্টম হৈ থকাৰ লগতে পথ মুকলি ৰাখিবই লাগিব ৷ অলপ
আগেয়ে ভূমিস্খলনৰ কথা কোৱাজনো সেয়েহে কিজানি তৰা-নৰা ছিঙি দৌৰ মাৰিছিল কেম্পলৈ ৷ সি যি কি
নহওক, কেইমিনিটমান ৰ’বলগীয়া হ’ল আমাৰ, বেছি নহয় ৷ ঘেঁ-ঘেঁকৈ
সেইখনে ঠেলি ঠেলি সেইডাল আঁতৰালে ৷ ৰাস্তা খুলিল ৷ আমিও সদম্ভে ৰাওনা হ’লোঁ
৷
ইটালিনৰ পাছত পুনলি, আক’বে, য়ুৰন, এগুলি, মাত’লি, কাদুলি, এমব’লিন ৷ তাৰ পাছত আনিনি ৷ এমব’লিনত ড্ৰি নদীখন পাৰ হ’ব লাগে ৷ নৈখনতো আগতেই নেদেখা হ’লেই, অন্ধকাৰৰ প্ৰকোপত কেতিয়ানো দলং অতিক্ৰম কৰিলোঁ তাকো
টলকিবই নোৱাৰিলোঁ ৷ কিবা চিন্তা কৰি থাকোঁতেই এই পাৰ পালোঁহি ৷ বাটতে এজন নামিব বুলি ৰখাওঁতেহে গাটো বাজিল ৷ পথ নিৰ্মাণকাৰী
সংস্থাৰ কেম্প এটা আছে, তলফালে ৷ লাইটৰ পোহৰ দেখা পাইছোঁ ৷ বোধ কৰোঁ তালৈকে আহিছে,
ৰ’য়িঙৰ পৰা পুৱাতে ওলাই ৷ পাছৰ চিটত বহি দুৰ্গম পথৰ ভয়ংকৰ যাত্ৰাক স্বীকাৰ
কৰি লক্ষ্যস্থান ওলাইছেহি ৷ প্ৰমোদ ভ্ৰমণ মুঠেই নহয় এয়া ৷ চকা ঘূৰি থাকেমানে বিপদৰ সৈতেহে খেলা ৷
যুৱকজনক নমাই সৰ্পিল পথেৰে
গাড়ীখন গৈ থাকিব ধৰিলে ৷ আনিনি কোনফালে ? কৌতূহলে তুমুলভাৱে ঘেৰি ধৰিছে ৷ একা-বেঁকা
পথ ৷ লাইটৰ তিৰবিৰণি কেনি দেখা পাওঁ, তাকে চাবলৈ চকু থিয় কৰি আছোঁ ৷ হঠাতে কি হ’ল, সহযাত্ৰী যুৱতীসকলে দেখোন গান গোৱা আৰম্ভ কৰি দিলে ! বুজিলোঁ ৷ ঘৰ ওচৰ
চাপিছে ৷ স্ফূৰ্তিৰ বহিঃপ্ৰকাশস্বৰূপে ওঁঠলৈ আপোনা-আপুনি সংগীত আহি গৈছে ৷ যাত্ৰা বিৰক্তিদায়ক
হ’লেও হ’ম চুইট হ’ম সদায়েই ৷ লাগিলে সি পৰ্বতত হওক, ভৈয়ামত হওক, য’তেই নহওক ৷ হালি-জালি যাত্ৰা কৰি থকাৰ ফাঁকে ফাঁকে দুই-একে চুলি-টুলিও ঠিক-ঠাক
কৰিব ধৰিছে ৷ ঘূৰি চাই গম পালোঁ ৷ ‘আনিনিলৈ আৰু কিমান বাকী’ বুলি
চালকক সুধিছিলোঁ ৷ ‘আ গয়া, চামনে' হে’ বুলি উত্তৰ দিলে ৷
কেনেকৈ থাকে, বৃত্তি কি, কি লৈ
জীয়াই থাকে, কি খাই জীৱন ধাৰণ কৰে এইফালৰ মানুহে ? জানিবলৈ বিৰাট কৌতূহল জাগে ৷ জীৱন প্ৰণালী কেনেকুৱা ? কি
ভাল পায়, কি বেয়া পায় তাকো জানিবৰ মন যায় ৷ মেইনলেণ্ড ইণ্ডিয়াৰ পৰা কল্পনা কৰিব নোৱাৰা
দূৰত্বত আহুকলীয়া পৰ্বতীয়া যাতায়াত ব্যৱস্থা এটাত অভ্যস্ত থাকিও আনন্দ কিন্তু অব্যাহত
ৰাখে ৷ তাৰ প্ৰমাণ এতিয়া গুণগুণাই থকা গান ৷ গানতকৈ গানৰ অন্তৰালত থকা মানসিক অৱস্থা আৰু দৃঢ়তা ৷ তাতে
কাইলৈৰ পৰা আৰম্ভ হ’ব হৃদয়ৰ উৎসৱ ৰে’হ ৷ তাক লৈও নিশ্চয় মন-প্ৰাণ উৎফুল্লিত হৈ আছে ৷ উদ্বাউল হৈ পৰিছে ঘৰ পাবলৈ ৷ ইপিনে দেশে স্বাধীনতা লভাৰ ৭০-৭২ বছৰ পাৰ হৈ যোৱাৰ পাছতো যোগাযোগ
ব্যৱস্থাৰ পয়ালগা অৱস্থা আজি স্বচক্ষে দেখা পোৱাৰ পাছত দুখে, ক্ষোভে মোক জৰ্জৰিত কৰি
পেলাইছে ৷ আশাৰ বতৰা এটাই যে বহু পলমকৈ হ'লেও দুই লেনযুক্ত ট্ৰেন্স অৰুণাচল হাইৱে' নিৰ্মাণ হৈ আছে ৷ ভাল দিন আহিব নিশ্চয় ৷
ইচিগ’ ভিলেজত নামিছিল এজন ৷ ইটালিনত
নামি আহিল এজন ৷ অলপ আগতে এজন ৷ গাড়ীখনৰ ভিতৰত সদ্যহতে আমি ৮জন আছোঁ ৷ আগৰ চিটত চালক আৰু মই
৷ ঠাণ্ডা অনুভৱ হোৱাত খিৰিকীৰ আইনা সম্পূৰ্ণ বন্ধ ৰখা হৈছে ৷ মনত খূদুৱনি জাগিছে ৷ নোটবুকখনত লেখা শাৰীটো জপ কৰিব ধৰিছোঁ ৷ হস্পিতেল
ফাৰ্মাচি, হস্পিতেল ফাৰ্মাচি ৷ ড্ৰাইভাৰক পুনৰবাৰ সুধিয়ে পেলালোঁ, ‘হস্পিতেল
ফাৰ্মেচি কাঁহাঁমে’ হে’ ? মুঝে’ ৱহাঁ উতৰনা হে’ ৷’ পুৱা
ৰ’য়িং এৰাৰে পৰা তিনিবাৰমান হ’ল
চাগৈ কোৱা ৷ মনটোৱে নামানে ৷ এতিয়াও ক’লোঁ ৷ দৰকাৰ পৰিলে আকৌ ক’ম
৷ কেনেবাকৈ পাৰ হৈ গুচি যাব লাগিলে কি হ’ব ? চিনি-জানি নাপাওঁ ৷ সিপিনে চালকৰ কোনো প্ৰতিক্ৰিয়া নাই
৷ চলাই আছে একান্তমনে ৷ বোকাৰ আতিশয্য কমা নাই ৷ বৰষুণ হৈছিল ৷ সেই হেতুকে অবিৰত সাৱধানতা ৷ এই চালকহঁতৰো
ধৈৰ্যশক্তি মানিছোঁ ৷ প্ৰশংসা কৰি শেষ কৰিব পৰা নাযাব ৷ কেনেবাকৈ অকণমান ১৯-২০ হ’লেই… উঃ
ভাবিব নোৱাৰি ৷
যিমানেই ওচৰ চাপিছোঁ যেন বোধ
হৈছে, ক’ত নামিম, ক’ত থাকিম, চ’ক’ তায়ু
বাৰু থাকিবনে মোলৈ ৰৈ, ইত্যাদি প্ৰশ্নবোৰে খুলি খুলি খাব ধৰিছে ৷ এনে লাগিছে, বুজিব নোৱাৰা
ৰহস্য এগালমানৰ মাজলৈ নতুনকৈ যেন সোমাই গৈ আছোঁ ! এটা এছ.এম.এছ.ৰ আহ্বানক্ৰমে ইমানদূৰ বাট বাৰু সুকলমেই আহি গ'লোঁ ৷ এতিয়াহে আচল পৰীক্ষা ৷ নহ'লে এই ছুম' চালককে আশ্ৰয় ভিক্ষা কৰিব লাগিব, ৰাতিটোৰ বাবে ৷
ৰাস্তাৰ সোঁ দাঁতিত বৰ বৰ হৰফেৰে Welcome you to Anini Town, SBI Anini Branch লিখা চাইনব’ৰ্ড এখন গাড়ীৰ পোহৰতে পঢ়িবলৈ পালোঁ ৷ আৰ.চি.চি. তোৰণ এখনৰ তলেৰেও পাৰ হৈ আহিলোঁ ৷ আনিনিৰ দুৱাৰমুখ পোৱা যেন ধাৰণা হৈছে ৷ লাইটৰ চমকনি কিছুমান দেখা গৈছে ৷ ৰাস্তাছোৱা পকা, ভাল ৷ গাড়ীখনৰ গতিও অকণমান বৃদ্ধি পাইছে ৷
ৰাস্তাৰ সোঁ দাঁতিত বৰ বৰ হৰফেৰে Welcome you to Anini Town, SBI Anini Branch লিখা চাইনব’ৰ্ড এখন গাড়ীৰ পোহৰতে পঢ়িবলৈ পালোঁ ৷ আৰ.চি.চি. তোৰণ এখনৰ তলেৰেও পাৰ হৈ আহিলোঁ ৷ আনিনিৰ দুৱাৰমুখ পোৱা যেন ধাৰণা হৈছে ৷ লাইটৰ চমকনি কিছুমান দেখা গৈছে ৷ ৰাস্তাছোৱা পকা, ভাল ৷ গাড়ীখনৰ গতিও অকণমান বৃদ্ধি পাইছে ৷
ক্ষণিকৰ ব্যৱধান মাত্ৰ ৷ চালকজনে স্পীড কমাই আনিলে ৷ মোলৈ চাই নিৰ্দেশ, ‘ৱ'হী হে’ হস্পিতেল ৷ উপৰ মে' ৷ আপক’ য়েহী উতৰনা থা না ? উতৰ যায়িয়ে
৷’ ব্ৰেক মাৰি দিলে ৷
হাঁ ! পাই গ’লোঁ
নেকি ? বেগটো চিটতে এৰি মই আনিনিৰ মাটিত থিয় দিলোঁ ৷ সন্ধানী দৃষ্টিৰে ইফালে-সিফালে চালোঁ ৷ কোনোবা অচিনাকি ৰৈ আছে নেকি একাষে ? কোনোবা আহি আছে নেকি আগ বাঢ়ি ? নাই, কোনোৱেই নাই ৷ ঠাণ্ডাহে বৰকৈ অনুভৱ কৰিছোঁ ৷ কেনি যাব লাগিব, একো নাজানো ৷ কি কৰা যায় এতিয়া ? (ক্ৰমশঃ)
পঢ়ি গৈ আছো আপোনাৰ সৈতে,বৰ ভাল লাগিছে |
ReplyDelete