৮.০ ডেমবিউন, লাষ্ট বি.অ’.পি.
পিক্নিক্ স্পট যিমানে পাওঁ পাওঁ হৈছোঁ, অনিয়াহঁতৰ উত্তেজনাও সিমানেই তুংগলৈ গতি কৰিছে ৷ নাৱাজউদ্দিন ছিদ্দিকীৰ লগত যেন-তেন-প্ৰকাৰেণ এখন ফটো উঠিব পাৰিলেই ইয়ালৈ অহাটো সাৰ্থক হ’ব ৷ ‘ঘৰ মে’ বাচ্চা চ’ৰকে আয়া হুঁ ছাৰ… ৷’ অনিয়াই গাড়ীৰ ভিতৰতে তদ্গতচিত্তে প্ৰেকটিছ কৰিছে, কি বুলি ক’ব, কি বুলি অনুৰোধ জনাব ৷ এনেকৈ কৈ হ’লেও অভিনেতাজনৰ কাষ চাপি তেওঁৰ সৈতে ফটো এখন মুঠতে উঠিবই ৷ পাছ মুহূৰ্ততে কিবা এটা ভাবিলে ৷ ‘নাই নাই, বাচ্চা এৰি থৈ অহা বুলি ক’ব নোৱাৰি দেই ৷’ তাইৰ কথাৰ ভিতৰুৱা অৰ্থটো বুজি হাঁহিলোঁ খুবমতে আমি ৷ আগছিটৰ পৰা মই মাত দিলোঁ, ‘তুম চিৰ্ফ এ'ক কাম কৰনা, তুম্হাৰা ঔৰ ছিদ্দিকী ছাৰ কা ফটো মুঝে ভে’জ দে’না হাঁ ৷’ ঘপৰাই সুধিলে, ‘কিউ ?’ ‘ঘৰলৈ গৈ মই সেইখনৰ পৰা তোমাক গুচাই নিজৰ ইমেজ বহুৱাই দিম আৰু আনিনিত ফিল্মষ্টাৰৰ লগত ফটো উঠিলোঁ বুলি আনৰ আগত বাহাদুৰি মাৰিম ৷’ অলপ সময় তভক মাৰিলে তাই ৷ চাগৈ কথাটো তং কৰিব পাৰিলে ৷ ক’লে, ‘নেহী দে’গা আপক’ ৷’ সমস্বৰে আকৌ হাঁহি ৷
সৰগীয় সুষমাৰে প্ৰাণোচ্ছল ড্ৰি উপত্যকাটোত প্ৰৱেশ
কৰিবলৈ পাই আমাৰ মনবোৰ আগতকৈ বেছিকৈয়ে ভাল লাগি গৈছে ৷ আনিনিৰ পূব দিশত এয়া ড্ৰি
ভেলী ৷ তাল’ ভেলী,
মাথু ভেলীৰ দৰে ড্ৰি ভেলীও ধুনীয়া ৷ তুলনামূলকভাৱে ড্ৰি ভেলীত সমতলখণ্ড অধিক আৰু প্ৰশস্ত ৷ অৰুণাচল-হিমালয়ৰ
৫,৩৫৫ মিটাৰৰ পৰা ৫,৩৭৫ মিটাৰ উচ্চতাৰ হিমবাহৰ পৰা ড্ৰি নদীখন ওলাই আহিছে ৷ ডিবাঙৰ এই ড্ৰি নামৰ উপনৈখন ঋগ্বেদত উল্লেখিত শুতুদ্ৰী
নৈ হ’ব পাৰে বুলি কলিকতাৰ পৰা তাহানিতে প্ৰকাশিত
‘আৱাহন’ (পঞ্চম বছৰ)ত আনন্দচন্দ্ৰ আগৰৱালাই ১৯৩৩ চনতে ‘কামৰূপৰ তীৰ্থ বিৱৰণ’ত উল্লেখ কৰি থৈছে ৷
উৎপত্তিৰ পাছত দক্ষিণ
দিশলৈ নামি অহা ড্ৰি নামৰ পাৰ্বত্য নৈখনে সোঁৱে-বাঁৱে অনেক জান-জুৰি, নলা-নিজৰাক সামৰি লৈ ধাৱমান হৈছে নামনি অভিমুখে ৷ অটট গাঁৱৰ কাষত এনজি নৈক বাঁওপাৰে লৈছে ৷ মাথুনলিত
মাথু নৈক সোঁপাৰে লৈছে ৷ ইটালিনত বাঁওফালৰ পৰা অহা তাল’ নৈৰ লগ লাগিছে আৰু
ডিবাং নাম পাইছে ৷ মাথু নৈ পৰ্যন্ত ইয়াৰ গতিপথৰ দৈৰ্ঘ ৯০ কিল’মিটাৰ ৷ অৱবাহিকা অঞ্চল ১,৪৫০ বৰ্গ কিল’মিটাৰ ৷ আনহাতে তাল’ৰ লগ লগালৈকে গতিপথৰ দীৰ্ঘতা ১১০ কিল’মিটাৰ আৰু অৱবাহিকা
অঞ্চলটোৰ বিস্তৃতি ৩,৭৫০ বৰ্গ কিল’মিটাৰ ৷ অৰুণাচলৰ পৰা বোৱা এই জলধাৰা অসম সমভূমিত ব্ৰহ্মপুত্ৰত বিলীন হৈছেগৈ ৷
ড্ৰি নৈখন উজনিত খৰস্ৰোতা, নিম্নাংশত
পুনৰ খৰস্ৰোতা ৷ কিন্তু আনিনি চাৰ্কোলৰ অন্তৰ্ৱৰ্তী, সীমান্ত চকী অৱস্থিত ডেমবিউন নামৰ ঠাইখিনিৰ এঠাইত অবিশ্বাস্যভাৱে
বহল ৰূপ লৈছে ৷ গতিও ধীৰ ৷ প্ৰাকৃতিক সৌন্দৰ্য শ্বাসৰুদ্ধকৰ ৷ এই কাৰণেই খৰালি পৰ্যটক
আৰু বনভোজকাৰীৰ বাবে আদৰ্শ থলী হৈ পৰে ৷ ওচৰে-পাজৰে অৰণ্য আৰু বৰফাবৃত পৰ্বত
শিখৰ ৷ গাঁওখনৰ নামেৰেই বনভোজথলীৰ নাম ৰখা হৈছে আচ্হিছ’ পিক্নিক্
স্পট ৷ আগতে লুকাই আছিল, এতিয়া চৰকাৰী পৃষ্ঠপোষকতাত জনাজাত হৈ পৰিছে ৷
ৰাজ্যখনৰ এক নব্য আৰু সম্ভ্ৰান্ত টুৰিষ্ট
ডেষ্টিনেচন হিচাপে ড্ৰি ভেলীক তুলি ধৰাৰ অৰ্থে অৰুণাচল প্ৰদেশ চৰকাৰে আঁচনি লৈছে ৷ ৰে’হ ফেষ্টিভেলৰ অচিলাৰে মুখ্য
মন্ত্ৰী সমন্বিতে উচ্চ বৰ্গৰ আমোলা-বিষয়াৰ দৃষ্টিগোচৰ কৰোৱাটো আচ্হিছ’ পিক্নিক্ স্পটৰ উত্তৰণৰে
এক সদৰ্থক পদক্ষেপ ৷ চৰকাৰী লোকসকলকে ধৰি আনিনিৰ সমূহ ৰাইজ ইয়াৰ বাবে জাগিছে আৰু অন্তঃকৰণেৰে সৈতে লাগিছে ৷ শীৰ্ষ
মন্ত্ৰীজনক থলীলৈ মাতি আনিছে, দেখুৱাইছে ৷ নৈশ যাপনো কৰাইছে ড্ৰিৰ পাৰত ৷ ভাল
লাগিছে যে এড্ভেন্সাৰাচ চি.এম.জনেও সম্পূৰ্ণ সঁহাৰি জনাইছে ৷ আনিনিত টুৰিজিম গঢ়
লৈ উঠাত আচ্হিছ’ই অনুঘটকৰ কাম কৰিব বুলি
আমাৰো ধাৰণা ৷
চীন-ভাৰত সীমান্তত লাগি থকা ডিবাং ভেলী বন্যপ্ৰাণী
অভয়াৰণ্যৰ অধীনস্থ এলেকা এয়া ৷ আনিনিৰ উত্তৰে
১৯৯২ চনত এই অভয়াৰণ্যখন খোলা হৈছিল ৷ ৪,১৪৯ বৰ্গ কিল’মিটাৰ
এলেকাজোৰা অঞ্চলটো অতিশয় পাহাৰীয়া আৰু দুৰ্গম ৷ শীতকালত যথেষ্ট পৰিমাণে তুষাৰপাত হয় ৷ অক্টোবৰৰ
পৰা এপ্ৰিল মাহ পৰ্যন্ত ভ্ৰমণ কৰিব পৰা যায় ৷ ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে অভয়াৰণ্যখন
সংৰক্ষণ কৰিছে ৷ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১,৮০০ মিটাৰ উচ্চতাৰ পৰা ৫,০০০ মিটাৰ উচ্চতাৰ
পৰ্বত শ্ৰেণী ইয়াত পোৱা যায় ৷ সৰ্বোচ্চ পৰ্বত শৃংগৰ নাম কাহাইকালা ৷ কস্তুৰী মৃগ, ৰঙা পাণ্ডা,
ক’লা ভালুক, ফুটুকী বাঘ, বিৰল প্ৰজাতিৰ পক্ষী ইত্যাদিকে ধৰি নানান
জীৱ-জন্তুৰ বিচৰণভূমি, উদ্ভিদকুলৰো অৱস্থিতি এই ডিবাং ভেলী বন্যপ্ৰাণী
অভয়াৰণ্য ৷
এড্ভেন্সাৰ
ভাল পোৱাসকলৰ বাবে ড্ৰি ৰিভাৰ ভেলী ট্ৰেক্ মিছিমি হিলছ্ৰ অন্যতম আকৰ্ষণীয় পদপথ
৷ ড্ৰি নৈৰ পাৰে পাৰে নিৰ্দিষ্ট পদপথেৰে হিচাপী আৰোহণ চলে ৷ ডেমবিউনৰ পৰা আৰম্ভ
হয় ঊৰ্ধ্বমুখী পদচালনা ৷ মধ্যমীয়া জোখৰ আদৰ্শ ট্ৰেকিং ৷ অতিকৈ থিয় উঠা-নমা পোৱা
নাযায় যদিও জলাহ আৰু ডাঠ বাঁহনি অতিক্ৰম কৰিবলগীয়া হয় ৷ অভিজ্ঞ গাইড আৰু স্থানীয়
লোকৰ সমৰ্থনত অঞ্চলটোৰ চহকী জৈৱ-বৈচিত্ৰ্য প্ৰত্যক্ষ কৰাৰ লগতে প্ৰকৃতিৰ বুকুৰ
সুপ্ত তথা বিশাল সুন্দৰতা উপভোগ কৰিব পাৰি ৷
পঢ়িবলৈ পোৱামতে ড্ৰি ভেলীয়ে চুই থকাকৈ আন্তৰ্জাতিক
সীমান্তৰ পৰা তিনিটাকৈ বৃহৎ গিৰিপথ আছে ৷ তিনিওটা গিৰিপথ লাইন অফ্ একচুৱেল
কণ্ট্ৰলৰ ওপৰত ৷ একেবাৰে উত্তৰৰ গিৰিপথটো আঝামখ’ লা যি ব্ৰুনেৰ লগত চিমদ্ৰক সংযোগ কৰিছে ৷ ইয়াৰ
দক্ষিণ-পূবত চাংখাং লা ৷ তিব্বতৰ জায়ুল পৰ্বতমালা সংযোগী গিৰিপথটো এসময়ত খুব
জনপ্ৰিয় আছিল ৷ ইদু মিছিমিসকলে তিব্বতীসকলৰ সৈতে সেই পথেৰেই জন্তুৰ ছাল আৰু ৰঙা
নিমখ বিনিময় কৰিছিল ৷ তিব্বেতান লামা এগৰাকীয়ে ইদু মিছিমিয়ে তেওঁলোকৰ কুকুৰা চোৰ
কৰাক লৈ এই পথটোক শাও দিলে ৷ সেয়ে তাৰ উত্তৰেদি আগুয়ে লা নামে তৃতীয় পথ এটা
সৃষ্টি হৈছিল ৷ এই গিৰিপথবোৰ বৰ্তমানে সম্পূৰ্ণভাৱে জনপ্ৰাণীহীন ৷
ড্ৰি ভেলী আৰু মাথু ভেলীৰ মাজত অনেক জলাশয় আছে ৷ ডিবাং ভেলী জিলাৰ মিছিমি হিলছত সততে তিনি প্ৰকাৰৰ হ্ৰদ পোৱা যায় ৷ উচ্চ হিমবাহ লে’ক, যাৰ অৱস্থান বৰফাবৃত পৰ্বতৰ শীৰ্ষস্থানত ৷ এইবোৰ গ্ৰীষ্মকালতহে দেখা
পোৱা যায় ৷ শীতকালত বৰফে ঢাকি ৰাখে ৷ উপৰিভাগ গোট মাৰি থাকে ৷ এনে সময়ত হ্ৰদৰ
ওপৰেদি খোজ কাঢ়ি যোৱাও সম্ভৱ ৷ দ্বিতীয়তে, উচ্চ উচ্চতাৰ জলাশয় ৷ এনে জলাশয় পৰ্বত
শিখৰতে পোৱা যায় ৷ বৰফে ঢাকি নধৰে আৰু বছৰৰ যিকোনো সময়তে চাব পাৰি ৷ তৃতীয়তে উপত্যকাত
থকা লে’ক ৷ দুটা পাহাৰৰ মধ্যভাগৰ সমতলত এনে জলাশয়ৰ উপস্থিতি ৷ ড্ৰি, মাথু, তাল’কে ধৰি ডিবাং ভেলী জিলাৰ বিভিন্ন নদীৰ উৎস এইবিধ জলাশয় ৷ এই জলাশয়বোৰলৈ
স্বাভাৱিকতে কোনো ৰাস্তা নাই ৷ চাবলৈ হ’লে খোজ কাঢ়ি
যোৱাৰ বিকল্প নাই ৷ জিলাখনৰ অভ্যন্তৰত বিভিন্ন দিশত বিভিন্ন আকৃতিৰ শতাধিক হ্ৰদ
থকা বুলি কোৱা হয় ৷ নামবিহীন পৰ্বতৰ উচ্চাংশত অৱস্থিত চেভেন লে’ক হৈছে এক সুপ্ত ৰহস্য ৷ কালি ৰে’হ ফেষ্টিভেলৰ জনসভাত
এই কথা ওলাইছিল ৷
আচ্হিছ’ গাঁৱলৈ আদৰণি ৷ গহীন
গতিৰে আহি থাকি এইদৰে লিখা গে’ট এখনৰ তলেৰে পাৰ হ’লোঁ ৷ মুখ্য মন্ত্ৰীৰ আগমনক উদ্দেশ্য কৰি গাঁওবাসীৰ দ্বাৰা সজা
হৈছে ৷ বাঁহেৰে নিৰ্মিত আদৰণী তোৰণখনেই কৈ দিলে যে আমি আচ্হিছ’ গাঁও সোমালোঁহি ৷ সুউচ্চ পৰ্বত শৃংগৰ মাজৰ ঠেক
আৰু জয়াল উপত্যকাত ভাৰত-চীন সীমান্তত অৱস্থিত এয়া এখন ক্ষুদ্ৰ জনপদ ৷ বাঁওহাতে, তলত, উপত্যকাৰে ধাৱিত হৈছে ড্ৰি নৈখন ৷ সোঁহাতে সুউচ্চ পৰ্বত ৷ নৈৰ
সিপাৰেও পৰ্বত ৷ সন্মুখতো পৰ্বতে দেখা দি আছে ৷ ওপৰত বৰফ ৷ মেঘবোৰে লুকা-ভাকু খেলি
আছে ৷ কেমেৰা-অনুকূল
দৃশ্যপট ৷
লাষ্ট বি.অ’.পি. ডেমবিউন ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ১১,৮০০ ফুট ৷ সীমান্তৰক্ষী ভাৰতীয়
সেনাৰ আড্ডা ৷ আই.টি.বি.পি.ৰ বে'ছ কেম্প আছে ৷
আচ্হিছ’ও শেষ জনপদ ৷ জনসংখ্যা ৩০ৰ ওচৰা-উচৰি ৷ বসতি সেৰেঙা ৷ শান্ত
পৰিৱেশত সেনাৰ ছাউনী, স্থানীয় লোকৰ ১০-১২টা মাত্ৰ বাসগৃহ, কাৰ্যালয় দুটামান, দোকান
দুখনমান ৷ নকৈ এটা চৰকাৰী টুৰিষ্ট লজ্ নিৰ্মাণহে হৈছে ৷ থকা-খোৱাৰ
ব্যৱস্থা হৈ উঠাই নাই ৷ বচ,
আমাৰ দৰে সাধাৰণ পৰিব্ৰাজকৰ দৃষ্টিত ডেমবিউন, আচ্হিছ’ ইমানেই ৷ বাকী প্ৰকৃতিৰ মায়াজাল ৷
পীনোন্নত
শিখৰেৰে এইফালৰ চিত্ৰবৎ পৰ্বতৰাশি, তধা লগোৱা প্ৰাকৃতিক দৃশ্যৰাজি ৷ সেমেকা,
প্ৰদূষণমুক্ত, সুস্বাস্থ্যকৰ জলবায়ু ৷ উশাহ টানি আৰাম লাগিছে ৷ ভৱিষ্যতৰ সম্ভাৱনাপূৰ্ণ হিল্ ষ্টেচন বোলা যায় ৷ সীমান্তৰ অদমনীয় উত্তেজনা আৰু হেঁপাহত আহি আহি এই শেষ
সীমা চুলোঁহি ৷ ইয়াৰ পৰা আগলৈ যোৱাৰ উপায় নথকা নহয়, আছে ৷ ৰাস্তাহে নাই ৷
পদচালনা অবিহনে আগ বঢ়াটো অসম্ভৱ ৷ আনিনিৰ এম.এল.এ. মপি মিহু ডাঙৰীয়াই দিয়া মেম’ৰেণ্ডামৰ উত্তৰত মুখ্য
মন্ত্ৰী ডাঙৰীয়াই কালি ভাষণত আচ্হিছ’ৰ পৰা বিয়ানলিলৈ পথ নিৰ্মাণৰ আশ্বাস দিছে ৷
ভৱিষ্যৎ কালত, পৰৱৰ্তী আগমনত আমিও হয়তো সিমানখিনি অনায়াসে এক্সপ্ল’ৰ কৰিব পাৰিম, গাড়ীত বহি ৷
ট্ৰেকিঙৰ পৰিকল্পনা নথকাত এতিয়া ইমানতেই ৰ’ব লাগিব ৷
১৯৬২
চনৰ চীনো-ইণ্ডিয়ান ৱাৰৰ সময়ত ৱালং আছিল পূব থিয়েটাৰ
৷ টাৱাং আছিল পশ্চিম থিয়েটাৰ ৷ আনিনি, টুটিং, মেন্-চু-খা, তাক্চিং আদি মাজৰ জেগা
৷ চীনা আগ্ৰাসন প্ৰতিৰোধৰ অৰ্থে টাৱাঙৰ পৰা ৱালঙলৈকে চীন-ভাৰত সীমান্তত সৈন্য মোতায়েন
কৰা হৈছিল ৷ নেফাত অসম ৰাইফলছে শিৱিৰ স্থাপন কৰি সীমান্ত নিৰীক্ষণ কৰিছিল ৷ তাক্চিং
(১০,৫০০ ফুট), ডম্লা (১৭,০৬০ ফুট), কৰ্ব’ (১১,৮১১ ফুট), মালিনে (৯,৮৪২ ফুট), মিপিডন (৫,৫৭৭ ফুট), জাচাপ (৯,১৮৬ ফুট),
গেম্ছৰামৰ লগতে ডেমবিউনতো শিৱিৰ পতা হৈছিল বুলি দীপ্তি ভাল্লা, কুনাৰ বাৰ্মাৰ ‘ব্ৰহ্মাজ ক্ৰিয়েশ্বন’ (২০১১ চন) গ্ৰন্থত পঢ়িবলৈ পাইছোঁ ৷ গম পাইছোঁ,
চীনা যুদ্ধত ডেমবিউন
আছিল অন্যতম বেহু ৰচনাকাৰী স্থান ৷ সেই ডেমবিউনতে এই মুহূৰ্তত উপস্থিত হৈছোঁ ৷
ভাৰত-চীন সীমান্তত বসতি কৰা গাঁওবাসীয়ে দাবী কৰিছিল যে চীনা যুদ্ধৰ সময়ত
চাইনিজ পি.এল.এ.ই তাকচিং, মেন-চু-খা, আনিনি আদিৰ গিৰিপথেৰে সৈন্যবোৰ পঠাইছিল ৷ ব্ৰিটিছে
জন্ম দিয়া মেকমোহন লাইন আৰু চীনে উদ্ভাৱন কৰা লাইন অফ্ একচুৱেল কণ্ট্ৰলৰ কাষৰীয়া
স্থানসমূহত কেম্প কৰি অধিকসংখ্যক জোৱান নিৰ্দেশৰ অপেক্ষাত আছিল ৷ যুঁজখন দীঘলীয়া
হোৱা হ’লে চীনে কেইবাটাও দিশৰ পৰা একে সময়তে ভয়াৱহ আক্রমণ ৰচনা কৰিলেহেঁতেন ৷
কিন্তু ১৮ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰলৈ চলা ২৯ দিনীয়া ভয়ংকৰ গুলীয়াগুলী; ৱালং, ব’মডিলাৰ পতনৰ অন্তত হোৱা যুদ্ধ বিৰতিৰ পাছত সৈন্য অপসাৰণ কৰিলে ৷ ১৯৫৯ চনৰ
২৩ জানুৱাৰীত এইফালে উত্তৰ-পূৰ্বাঞ্চলৰ নেফা আৰু সিফালে লাডাখৰ আকচাই চীনৰ ৪০,০০০
বৰ্গ কিল'মিটাৰ ভূমি চীনৰ বুলি চৌ এন-লায়ে চৰকাৰীভাৱে দাবী উত্থাপন কৰিছিল ৷ তাক লৈ অঁৰিয়া-অঁৰিৰ আজিওজানো অন্ত পৰিছে !
বি.অ’.পি.ৰ প্ৰায় সন্মুখেৰে বাঁওহাতে তললৈ কেঁচা
ৰাস্তা এটা নামি গৈছে ৷ মূল পথটোৰ ওপৰত বাঁহৰ হেঙাৰ আৰু সোঁহাতে তালাচী চকী দেখিছোঁ ৷ সেনাৰ জোৱানো
চকুত নপৰাকৈ থকা নাই ৷ সেইফালেই সৈন্যৰ ছাউনী আছে, অফিচ আছে ৷ জিপচি, মিনি ট্ৰাক, জুই
নুমুৱা গাড়ীও সষ্টম হৈ আছে ৷ মুখ্য মন্ত্ৰী অহাৰ বাবে আজি কোনো চেকিং-তেকিং, সোধ-পোছ নহ’ব নেকি ! অন্যথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ আহিব লাগে ৷ কেমেৰা, হেণ্ডিকেম আদি জব্দও কৰা হয় ৷ মই মোৰ
কেমেৰাটো খুব সাৱধানে লৈছোঁ যাতে সতকাই ধৰিব নোৱাৰে ৷ সেনাৰ চকুত ধূলি দি হ’লেও পিক্নিক্ স্পট পোৱাবই লাগিব ৷ কোনো কাৰণতে জমা দিব নোৱাৰি ৷ নহ'লে কোঙা হৈ যাম ৷ মনত আছে, ষ্টীলৱেল পথেৰে পাংচু পাছলৈ যাওঁতে নামপঙৰ পৰা
১২ কিল’মিটাৰ নিলগৰ লাষ্ট ব’ৰ্ডাৰ প’ষ্টত সঞ্জুৱে সাংবাদিকৰ
কাৰচাজিৰে নিষিদ্ধ এলেকালৈ টোঁৱাই ফটো ক্লিক কৰাত কৰ্তব্যৰত জোৱানে খেদি আহিছিল আৰু মনিটৰত বাছি
বাছি মুহূৰ্ততে ডিলিট কৰাইছিল ৷ কেমেৰা সামৰিবলৈও সকীয়াই দিছিল ৷ মেন্-চু-খাৰ
য়াৰলুং প’ষ্ট, কিবিথু, কাহো আদিতো
পাই আহিছোঁ একেই সকীয়নী ৷ ভাৰত-বাংলাদেশ সীমান্তৰ তামাবিলততো হুইছেল বজাই হাহাকাৰ অৱস্থা ৷
হেন জানি ইয়াত আৰম্ভণিৰে পৰাই সাৱধান হৈছোঁ ৷
No comments:
Post a Comment