৬.৭ উৎসৱথলীত ৰৈ
তোৰণত লগোৱা ফ্লেক্সত
মিছিমি কাপোৰৰ চানেকি ৷ জকমকাই আছে একেবাৰে ৷ গে’টখনৰ ভিতৰফালে লিখিছে CHIPRE-NABA, অৰ্থাৎ
ধন্যবাদ ৷ কাষতে পোৱা গছ এজোপাই মোৰ দৃষ্টি হৰণ কৰি নিলে ৷ সেউজীয়া পাতবোৰৰ মাজে
মাজে উজলি থকা সুগোল হালধীয়াই পৰিৱেশটোলৈ অনন্য বিশিষ্টতা এটা অনাৰ লগতে বিৰাট ভাললগা
কৰি তুলিছে ৷ চিন্তা কৰিলোঁ, সুমথিৰা নে মিছিমি টেঙা সেয়া ?
মিছিমি টেঙা অৱশ্যে ৰবাৰ টেঙাতকৈ সৰু, মৌচম্বীৰ দৰেহে ৷ সুমথিৰাই হ’ব
লাগিব ৷ লেহেম গতিৰে, কথা পাতি পাতি খেলপথাৰখনৰ ভিতৰত উৎসৱথলীত থিয় দিলোঁহি দুয়ো ৷
মানুহ কিছুমানে ইফালে-সিফালে পিয়াপি দি ফুৰিছে ৷
মধ্যৰাতিৰ বৰষুণজাকেহে ফিল্ডখনৰ অৱস্থাটো তেনেই শোচনীয় কৰি পেলালে ৷ দেখি শোক লাগিল মোৰ ৷ খঙো উঠি গ’ল বৰুণ দেৱতাৰ ওপৰত ৷ শুকান হৈ থকাহ’লে কিমানযে মজা লাগিলহেঁতেন ! সি যি কি নহওক, এনে
অৱস্থাতো ৰাইজ ৰৈ থকা নাই ৷ আহি আছে ৷ সমৱেত হৈছে ৷ কাৰণ এয়াযে ৰে’হ ৷
ৰে’হ বা ৰে' হৈছে ইদু মিছিমি জনগোষ্ঠীটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাৰ্ষিক উৎসৱ ৷ বৰ্তমান প্ৰতি বছৰৰ ১ ফেব্ৰুৱাৰীৰ
পৰা ৩ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ সমূহীয়াভাৱে উদ্যাপন কৰা হয় ৷ সমগ্ৰ ইদু সমাজে পৰিয়াল-পৰিজন আৰু
শস্যৰ মংগল কামনাৰ্থে পালন কৰা এই উৎসৱ পৰম্পৰাগত বিধি-বিধান, লোক-গীত, নৃত্য, খাদ্য
ইত্যাদিৰ সমাহাৰ ৷
ইদুসকলে বিশ্বাস কৰি আহিছে যে তেওঁলোক
সৰগীয় মাতৃ নানয়ি ইনয়িটায়াৰ সন্তান ৷ ৰে’হ ভালদৰে উদ্যাপন নকৰিলে, চিৰাচৰিত
ৰীতি-নীতিসমূহ নামানিলে, আই-মাতৃৰ আশীৰ্বাদ লাভ নকৰে ৷ সামাজিক ভাবনা সুদৃঢ় নহয় ৷ ভাই-ভাই বন্ধন জীয়াই নাথাকে ৷ সেয়েহে অতি গুৰুত্বসহকাৰে লোৱা হয় ৷
সৰ্বোচ্চ দেৱতা ইনয়িটায়াৰ নামত ম’হ-মেঠোন, গাহৰি-কুকুৰা বলিৰে ৰে’হ পালন কৰা হয় ৷ সম্বন্ধীয় লোকক নগদ ধন, জন্তু আদি উপহাৰ দিয়া হয় ৷ ভবা হয় যে এইবোৰৰ মাধ্যমেৰে সমাজৰ বান্ধোনবোৰ সন্মানিত তথা শক্তিশালী অৱস্থাত ৰয় ৷ ৰং-ৰহইচ, নাচ-বাগ আৰু থলুৱা পানীয় পৰিৱেশন ৰে’হৰ অংশবিশেষ ৷ মাহদিয়েক আগৰে পৰাই যা-যোগাৰত মনোনিৱেশ কৰে ৷ উৎসৱত ভাগ ল’বলৈ সকলোকে উৎসাহ যোগোৱা হয় ৷ বাহিৰা লোক আৰু দৰ্শনাৰ্থীকো খুব আদৰ-সাদৰ কৰা হয় ৷

পৰিয়ালকেন্দ্ৰিক ধাৰণাত জীৱন কালত এবাৰ হ'লেও ৰে'হ পতাটো একোজন ইদু লোকৰ সপোন ৷ ইয়াৰ সফলতাৰ বাবে সূক্ষ্ম পৰিকল্পনাৰে প্ৰস্তুতি আৰু বিশেষ সাংগঠনিক দক্ষতাৰ প্ৰয়োজন ৷ ইদু সমাজত ব্যক্তিগতভাৱে প্ৰচলিত ৰে’হ উৎসৱটো দৰাচলতে ৫ দিনীয়া ৷ স্বামী-স্ত্ৰী উভয়ে ইয়াৰ আয়োজক ৷ প্ৰথম
দিনটোক কোৱা হয় Andropu ৷ এইদিনা ইগু অৰ্থাৎ পুৰোহিতৰ আগমন হয় ৷ উৎসৱৰ দিনকেইটা যাতে সুকলমে পাৰ হয় তাৰ বাবে
আৰম্ভণিতেই 'মেয়ি-এজিও' প্ৰাৰ্থনা কৰে ৷ অভ্যাগতসকলো আহি পায় ৷ খোৱা-বোৱা চলে ৷ মেঠোনবোৰ ধৰি অনা হয় আৰু ঘৰৰ কাষত বন্ধা
হয় ৷
মেঠোন অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰাণী ৷ বিভিন্ন উপলক্ষ্য আৰু দৰকাৰত ব্যৱহাৰ কৰা হয় মেঠোনৰ ছবি আৰু আকৃতি-প্ৰতিকৃতি ৷ ফেষ্টিভেল গ্ৰাউণ্ডলৈ সোমাওঁতেই পোৱা তোৰণখনৰ ওপৰতো তাৰে প্ৰতিফলন দেখা পাই আহিছোঁ ৷ অৰুণাচলীৰ মানত মেঠোন বৰ পৱিত্ৰ আৰু সন্মানীয় জীৱ ৷ সাহস আৰু শক্তিৰ প্ৰতীকৰূপেও জ্ঞান কৰা হয় ৷ কিন্তু গাহৰি, কুকুৰা বা কুকুৰৰ দৰে তাক ঘৰচীয়া কৰা নহয় ৷ ই অৰ্ধ-ঘৰচীয়া প্ৰাণী ৷ আনিনিলৈ আহোঁতে ৰাস্তাত মেঠোন গে’ট পাই আহিছোঁ ৷ সেইবোৰে মেঠোনৰ বিচৰণ অঞ্চল একোটাক চিহ্নিত কৰে ৷ মেঠোনবোৰক গোহালিত নাৰাখি জংঘলতে মুকলিভাৱে এৰি ৰখা হয় ৷ পূজাৰ সময়ত বলি দিবলৈ প্ৰয়োজন হ’লে হাবিৰ পৰা ধৰি আনেগৈ ৷ মেঠোন, গাহৰি, কুকুৰা আৰু কুকুৰৰ ভিতৰত মেঠোনকেই বলিৰ বাবে প্ৰশস্ত বুলি তেওঁলোকে গণ্য কৰে ৷ ইয়াৰ অন্তৰালত উৰ্বৰা বিশ্বাস কিছুমানো নথকা নহয় ৷

মেঠোন বা মিঠুনৰ উৎপত্তি বা সৃষ্টি
সম্পৰ্কে অৰুণাচলী জন-সমাজত পৰম্পৰাগত গীত কিছুমান অতীজৰে পৰা চলি আহিছে ৷ পঢ়িবলৈ
পোৱামতে, আদি জনগোষ্ঠীৰ লোকসকলৰ মাজত এই সম্বন্ধে প্ৰচলিত জনবিশ্বাস অনুযায়ী,
দাদি-ছোমিয়ে মানৱ সমাজক উপকাৰী জন্তু দান দিছিল ৷ তাৰ ভিতৰত মেঠোনো এটা ৷
এটা গীতৰ ভাবাৰ্থ অনুযায়ী দাবিৰ পুত্ৰ আৰু পেডঙৰ নাতিয়ে পোনপ্ৰথমে এটা উঁইৰ সৃষ্টি
কৰে ৷ উঁইটোৱে বগাবলৈ আৰম্ভ কৰাৰ পাছত লিমিৰ গাৰ পৰা চকু এটা উলিয়াই আনিলে আৰু তাক
লৈ য়াংমো (বিশ্বকৰ্মা?)ৰ ঘৰ পালেগৈ ৷ এই চকুটোৰ পৰা এজোপা গছ হ'ল ৷ গছজোপাৰ বহল
পাতবোৰ দেখিবলৈ মেঠোনৰ চকুৰ দৰে ৷ চকুযোৰ পানীত ডুবুৱাই য়াংমোৰ ঘৰৰ কলহত ভৰাই
থোৱা হ'ল ৷ কালক্রমত চকুযোৰ পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিল ৷ ইফালে লিমিৰ ভৰিৰ পৰা
ডুগ্লা বুলি আন এজোপা গছ গজিল ৷ য়াংমোই গছজোপা লগোৱাত লগে লগে ভৰিবোৰ হ'ল ৷ বেঁকা
আৰু ফেৰেঙণি মেলা ডালবোৰৰ পৰা হ'ল মেঠোনৰ খুৰা ৷ পসু বুলি এজোপা গছ লগোৱাত চোকা
জিভা এখন ওলাল ৷ কামগাং গছৰ পৰা নেজ আৰু তাকত গছৰ পৰা শিং হ'লগৈ ৷ য়াংমোৱে মৌবাহ
এটা আনি গাত লগালত সি কুঁজ হৈ পৰিল ৷ এইদৰে এটা নতুন জন্তুৰ সৃষ্টি হ'ল ৷ ৰপুম আৰু
পূবই তাৰ নাম ৰাখিলে 'এসো' অৰ্থাৎ মিঠুন বা মেঠোন ৷ মেঠোনবোৰৰ
দেৱতাৰ নাম 'এসো আগম' ৷
প্ৰথমতে দেৱতাই মানুহ এঘৰৰ জখলাৰ গুৰিতে একোটাকৈ মেঠোন আৰু গাহৰি বান্ধি
থৈ গ'লহি ৷ ঘৰচীয়া কুকুৰটোৱে জন্তুটো দেখা পাই ভুকিবলৈ লাগিল ৷ মেঠোন আৰু
গাহৰি দুইটাই ভয় খাই পলাই গ'ল ৷ পুনৰ দেৱতাক প্ৰাৰ্থনা কৰিলত জন্তু দুটা চৰ্ত
সাপেক্ষে ঘূৰাই দিলে ৷ সেই চৰ্ত অনুসৰি মেঠোন বধ কৰোঁতে তাক ভয়
খুৱাব নোৱাৰে ৷ উশাহ নিৰোধ কৰি মেঠোন বধ কৰা হয় ৷ সেই প্ৰথাটো
তিব্বতৰ আমডোপাসকলৰ পৰা আহিছে বুলি অনুমান কৰা হয় ৷ মেঠোনৰ বংশ বৃদ্ধি আৰু
উন্নতি কামনা কৰা উৎসৱো অৰুণাচলী মানুহৰ মাজত আছে ৷ সাৰুৱাকৰণ উৎসৱত মেঠোনৰ
ৰক্তৰে বসুমতীক সগৰ্ভা কৰা হয় ৷ মেঠোনৰ চুলিও হেনো মংগল-বিধায়ক ৷ গৱেষক-পণ্ডিত-বিশ্লেষকৰ
মতে বলি-বিধান, তেজ-মাংস বাদ দিলে অসমীয়া জন-জীৱনৰ গৰু বিহুৰ ভাবটোৰ সৈতে এক ধৰণৰ
যেন সামঞ্জস্য আছে ! ধ্যান-ধাৰণাৰ এনেকুৱা সৰু-সুৰা মিলবিলাক মন কৰিবলগীয়া ৷
এইবোৰে মানুহৰ মাজত মিলা-প্ৰীতি আৰু সদ্ভাৱ বৃদ্ধিত অনুঘটকৰ দৰে যুগে যুগে কাম
কৰি আহিছে ৷ আনহাতে, মেঠোন উপহাৰ দিয়া বা উছৰ্গা কৰা পৰম্পৰা মিছিমি কিম্বা অৰুণাচলীয়েই
নহয়, নগাসকলৰ মাজতো প্ৰচলিত আছে ৷ ৰে’হ উৎসৱৰ প্ৰথম দিনটোৰ
এটা প্ৰধান কাম হৈছে মেঠোন ধৰি অনা ৷ নিশালৈ নায়া নৃত্য কৰা হয় ৷
দ্বিতীয় দিনটোক Eyanli বা Sha-ce macini বোলা হয় ৷ এইটো হৈছে উছৰ্গাৰ দিন ৷ ইগুৱে পৱিত্ৰ কৰি দিয়া মেঠোন, ম’হ আদি পুৱাতে উছৰ্গা কৰা হয় ৷ ভাত, মাংস
আৰু চাউলৰ পৰা তৈয়াৰী লাওপানী ‘য়ু’ৰে জ্ঞাতি-কুটুম, আলহী-অতিথিক
আপ্যায়ন কৰোৱা হয় ৷ উপহাৰ বিনিময়ো হয় ৷ পত্নী আৰু মাকৰ সম্পৰ্কীয়লৈ ধন আৰু মোমাই, শালপতি, শহুৰলৈ জীৱন্ত গাহৰি অৰ্পণ কৰে ৷ ইগুকো গাহৰি প্ৰদান কৰা হয় ৷
তৃতীয় দিনটোক Iyinli বোলে ৷ এইটো হৈছে গাহৰি উছৰ্গা কৰাৰ দিন ৷ সন্মানৰ চিনস্বৰূপে গৃহস্থৰ ভাগিনিয়েকহঁতে গাহৰিৰ মূৰবিলাক গ্ৰহণ কৰে ৷ সম্বন্ধীয় মহিলা আৰু দাতাসকললৈ শুকান মাছ আৰু বনৰীয়া নিগনি আগ বঢ়োৱা হয় ৷ সমূহীয়া ভোজৰ আয়োজন চলে ৷
সকলোৱে মিলি-জুলি ৰং-ৰহইচ কৰে ৷ উৎসৱত উপস্থিত থাকিব নোৱাৰা সকললৈ খাদ্যৰ
ভাগ পঠাই দিয়া হয় ৷
চতুৰ্থ দিনটো Iilirumunyi ৷ এইদিনা দূৰণিবটীয়া আলহীসকলৰ বেছিভাগেই উভতি যায়গৈ ৷ সুস্বাস্থ্য আৰু উন্নতিৰ বাবে দেৱী এপিচ্চাক সন্তুষ্ট কৰিবলৈ সন্ধিয়া দুজন পুৰুষে যোৰ পাতি যৌন ভংগী প্ৰদৰ্শন কৰাৰ লগতে উপস্থিত সকলোৰে মুখত এঙাৰৰ প্ৰলেপ সানে ৷ সুখ-সমৃদ্ধি আৰু সকলোৰে মংগলাৰ্থে এইদিনা ইগুৱে ৰীতি-নীতি কিছুমান কৰে ৷ মাটিত পেলাই লোৱা গাহৰিৰ কাণত য়ু ঢালি পৰ্যবেক্ষণ কৰা হয় ৷ গাহৰিটো যদি অস্থিৰ হৈ নপৰে তেন্তে অমংগল, শস্য বেয়া আৰু মহামাৰী হ’ব বুলি ভাবে ৷
পঞ্চম অৰ্থাৎ সামৰণিৰ দিনটোক কয় Awruhaa বা Etonu-ce ৷ এইদিনা ইগুৱে পুৱাতে প্ৰত্যাৱৰ্তন কৰে ৷ কৃষিৰ সমৃদ্ধি কামনাৰে দেৱী এপিচ্চালৈ কুকুৰা উছৰ্গা কৰা হয় ৷ য়ু যোগাৰ কৰাৰ লগতে বাচি থকা
খাদ্য-সামগ্ৰীসমূহেৰে সমভিব্যাহাৰে ভোজ-ভাত খোৱা হয় আৰু আনলৈকো দি পঠোৱা
হয় ৷ উৎসৰ্গিত জন্তুৰ
তেজৰ দাগ লগা গুটি কিছুমান এইটো দিনতে কৃষি-ক্ষেত্ৰত সিঁচা হয় ৷ কাটি পেলোৱা গছৰ
ৰৈ যোৱা মুঢ়া বা টুকুৰাবোৰত গৃহ-দেৱতাৰ সন্তুষ্টিৰ অৰ্থে য়ু ঢলা হয় ৷
ৰে'হৰ সমাপ্তিত আয়োজক গৃহস্থ অৰ্থাৎ পতি-পত্নীয়ে ১০ দিনৰ নিষেধাজ্ঞা পালন কৰে ৷ ব্যক্তিগত উদ্যোগত পতা ৰে’হ অতি খৰচী ৷ সপোন পূৰণ কৰাৰ বিপৰীতে সৰ্বস্বান্ত হ’বলগীয়া হোৱাৰো নজিৰ নথকা নহয় ৷
সেয়েহে অৰ্থনৈতিক দিশটো চালি-জাৰি চাই তেনেকুৱা আয়োজনৰ পৰিৱৰ্তে তিনিদিনলৈ সংকুচিত কাৰ্যসূচীৰে ফেব্ৰুৱাৰী মাহৰ ১, ২ আৰু ৩ তাৰিখে সামূহিকভাৱে
অনুষ্ঠিত কৰি নিয়মসমূহ পালন কৰি অহা হৈছে ৷ আনিনিত কেন্দ্ৰীয় ৰে'হ উৎসৱ উদ্যাপন সমিতিয়ে আয়োজন কৰা ৰে’হ উৎসৱটো তিনিদিনীয়া ৷ আজি প্ৰথম
দিন ৷ অলপ পাছতে অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্য মন্ত্ৰী পাবহি ৷ আৰু আহিব কোনোবা কোনোবা অতিথি ৷ বচ্চনৰ মাকহঁতে নৃত্য-গীতেৰে আদৰিব ৷ উৎসৱৰ পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰিব ৷ মিটিং হ'ব ৷ ফাংচন হ'ব ৷ মানুহবোৰ উৎকণ্ঠিত হৈ আছে ৷ ব্যস্ততাৰে লাগি আছে বিভিন্ন কামত ৷ কিছুৱে জুম বান্ধি কথা পাতি আছে ৷
ইদু মিছিমিসকলৰ পৌৰাণিক কাহিনী অনুসৰি ৰে’হ উৎসৱ সৰ্বপ্ৰথম অনুষ্ঠিত কৰিছিল এপিজু মিংগি নামৰ বন্দী এজনে ৷ পুৰণি দিনৰে পৰা ব্যক্তিগতভাৱে কৰি অহা হৈছিল যদিও আজি ই সামূহিক উৎসৱ ৷ ইদুসকলে একেলগ হৈ বাৰ্ষিক উদ্যাপন হিচাপে সৰ্বপ্ৰথম আৰম্ভ হৈছিল ১৯৬৮ চনত ৷ গুৰি ধৰিছিল কিম্বদন্তী সমাজ সংস্কাৰক নাবা ইটা পুলুৱে ৷ ভালেমান নীতি-নিয়ম আৰু উছৰ্গাৰ মাজেৰে ব্যক্তিগত পৰ্যায়ত পালন কৰি অহা ৰে’হৰ উদ্দেশ্য আছিল পৰিয়ালৰ মংগল আৰু সমৃদ্ধি কামনা ৷ পৰিয়ালৰ অঙহী-বঙহীসকল একত্ৰিত হৈছিল ৷ সামূহিকভাৱে পালন কৰাৰ লগে লগে উৎসৱটিয়ে সমগ্ৰ ইদু মিছিমি সমাজৰ একতা, ঐক্য আৰু ভ্ৰাতৃত্ববোধক প্ৰতিনিধিত্ব কৰিবলৈ ল’লে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ইদুসকলৰ ডেকা-বুঢ়া সকলোটি সমৱেত হয়হি ৰে’হথলীত ৷
আনিনিৰ ৰে'হথলীত পদাৰ্পণ কৰাৰ পাছত মুখৰ আগত দেখা পাইছোঁ এটা চাংঘৰ ৷ কাষতে এটা বৃহৎ পেণ্ডেল ৷ চাঙত উঠি কেইজনমানে পতাকা সাজু কৰাত ধৰিছে ৷ মূৰত বেতৰ টুপী আৰু গাত পৰম্পৰাগত সাজ পৰিধান কৰি থলুৱা বাদ্য বজাই 'মেয়ি-বু' আমন্ত্ৰণী গীত গাই আছে কেইজনমান ইগু অৰ্থাৎ পুৰোহিতে ৷ চিনাত অকণো অসুবিধা নহ’ল যে নিৰ্মাণৰত অৱস্থাত এই ঘৰটোকে ২৮ আৰু ২৯ জানুৱাৰীত দুদিনে ফে’চবুকত আপল’ড কৰিছিল চ’ক’ তায়ুৱে ৷ এতিয়া সম্পূৰ্ণ ৷ এইটো ইদু মিছিমিৰ পৰম্পৰাগত চাংঘৰ, যি ধৰণৰ গৃহত থকাৰ খুব হেঁপাহ আছিল ৷ আনিনি পালোঁহি, ঘৰটোও দেখা পালোঁ যদিও এতিয়াই নুঠোঁগৈ ৷ ছেগ বুজি পাছত সোমাই তন্নতন্নকৈ চাব লাগিব ৷ সদ্যহতে উত্তেজনাটো দমাই ৰাখিছোঁ ৷

সেই দিশলৈ খোজ আগুৱাই থাকোঁতে একেবাৰে বাঁওকাষে গছৰ ডাল পুতি সজা কেইটামান
বিশেষ সাজোন দেখা পালোঁ ৷ প্ৰথমটোৰ নাম ইলিমুক’ ৷ অৰ্থাৎ, গাহৰি উচৰ্গা কৰা
বেদী ৷ তাৰ পাছৰটো শ্বা খুন্দু ৷ ইদুসকলে মেঠোনক শ্বা বুলি কয় ৷ শ্বা খুন্দুত
বান্ধি লৈ মেঠোন বলি দিয়া হয় ৷ এয়া এক ভয়ংকৰ থলী ৷ অমংগলীয়া বুলিও জ্ঞান কৰা হয় ৷
অলপধতুৱা মানুহ আৰু ঋতুমতী তিৰোতাৰ এই বলিশাললৈ অহাত বাধা আছে ৷ অন্যথা উছৰ্গাকাৰীলৈ
দুৰ্ভাগ্য কঢ়িয়ায় বুলি ভবা হয় ৷ ইয়াৰ পাছৰটো আকা, মানে ভঁৰালঘৰ ৷ বাঁহেৰে নিৰ্মিত এইটো এটা পৰম্পৰাগত চাংঘৰ য’ত হাৱে কু (চাউল), ইকে (বজৰা), এমব (গোমধান),
য়ামবা (কণীধান), প্ৰা আ (বনৰীয়া চৰাই) আৰু এছা (বনৰীয়া নিগনি)ৰ শুকান মাংস, মাছ,
পাচলি ইত্যাদি খাদ্য-সম্ভাৰ জমা কৰি ৰখা হয় ৷
No comments:
Post a Comment