পূৰ্বৰ অবিভক্ত লোহিত জিলা আছিল মিছিমিসকলৰ গৃহভূমি ৷ লোহিতৰ বিভাজনৰ সূত্ৰে
ডিবাং ভেলী, ল’ৱাৰ ডিবাং ভেলীৰ উপৰি চুবুৰীয়া জিলাতো তেওঁলোকৰ
বসতি বিয়পে ৷ মিছিমিসকল দেওপূজক আৰু ভালেমান আধ্যাত্মিক সত্তাত বিশ্বাসী ৷ কাবিয়া
বা ফাৰাই হৈছে তেওঁলোকৰ পৰম্পৰাগত গাঁও সভা ৷ সমাজৰ যিকোনো বিবাদৰ ইয়ে নিষ্পত্তি
কৰে ৷ মিছিমি সমাজ ঘাইকৈ ইদু, ডিগাৰু আৰু মিজু এই তিনিটা কম-বেছি পৰিমাণে স্পষ্ট ঠালত
বিভক্ত ৷ বিশেষকৈ কেশসজ্জাত সহজে পাৰ্থক্য ধৰিব পাৰি ৷ পৰম্পৰাগত সাজ-পোছাকত তেওঁলোকৰ
কলাসুলভ চিন্তা-চেতনা তথা সাংস্কৃতিক মননৰ প্ৰতিফলন দেখা যায় ৷ থাউকাল চেহেৰা, মংগোলীয়
অবয়ৱৰ তাম বৰণীয়া দেহেৰে শক্তিশালী ইদুসকল ৷ বৰ সাহসী, কামিলা আৰু যুঁজ-বাগৰ ভাল পোৱা
মানুহ ৷ এইকাৰণেই হেনো মিছিমিৰ বাকী দুটা ভাগে এওঁলোকক সমীহ কৰি চলিছিল ৷
ইদুসকলৰ মতে তেওঁলোকৰ পূৰ্বপুৰুষজন হ’ল তাৰা ৷ তাৰাৰ ভায়েক তানি ৷ তানিৰ পৰা আদিসকলৰ
উৎপত্তি হৈছে ৷ ইদুসকল শদিয়াৰ উত্তৰ-পশ্চিমৰ চিচিৰি নৈৰ পৰা আৰম্ভ কৰি উত্তৰ-পূবৰ ডিগাৰু
নৈলৈকে বিস্তৃত হৈ আছে ৷ পূৰ্বতে তেওঁলোকে ডিবাং নৈৰ উত্তৰ পাৰৰ চাপৰ পাহাৰবোৰ অধিকাৰ
কৰি আছিল ৷ চিচিৰি নৈখনেই আছিল ইদু আৰু আদিৰ সীমা ৷ ঊনবিংশ শতিকাৰ শেষভাগত আদিসকলে
তেওঁলোকক খেদি ডামবুকত উপনিৱেশ স্থাপন কৰে ৷ তেতিয়াৰে পৰা ইদুসকলে ডিবাং আৰু ইয়াৰ
শাখা নৈসমূহৰ উপত্যকাবিলাকত বসতি কৰিবলৈ লয় ৷
আনহাতে বুৰঞ্জীৰ পাত লুটিয়ালে পোৱা যায় যে ১৮২৬
চনত ইদু মিচিমিৰ পৰা বাধা পায়ে ব্ৰিটিছ চাহাবে অভিযান ইচ্ছানুযায়ী আগ বঢ়াব পৰা নাছিল
৷ ১৮৫৫ চনত ইদু মিছিমিয়ে শদিয়াৰ ওচৰত এখন গাঁও আক্ৰমণ কৰি দুজন মানুহক মাৰিছিল ৷ কিছুমানক
বন্দী কৰিও নিছিল ৷ ১৮৫৭ চনত অন্য এখন গাঁও আক্ৰমণ কৰি সকলো ল’ৰা-তিৰোতাকে হত্যা কৰিছিল ৷ ব্ৰিটিছে ইদুসকলক নিয়ন্ত্ৰণ
কৰিবলৈ সক্ষম হৈছিল খামতিসকলৰ মধ্যস্থতাত ৷ কাৰ্যতঃ এওঁলোকৰ পৰা খুব সতৰ্ক হৈ সাৱধানে চলিছিল ব্ৰিটিছ বাহাদুৰ ৷
বিভিন্নজন ইংৰাজ চাহাবে এওঁলোকৰ সম্বন্ধে টোকা
লিখি থৈ গৈছে ৷ কোনোৱে লিখিছে, ইদুসকলৰ চেহেৰা ঘন তাম বৰণীয়াৰ পৰা সাইলাখ চাহাবৰ গাৰ ৰঙলৈকে
পোৱা বুলি ৷ ইদু ছোৱালীৰ ডাঙৰ ডাঙৰ কলাফুল দেখি চাহাবে আচৰিত বোধ কৰিছিল ৷ কোনোৱে লিখিছে, ঘূৰি ফুৰাৰ উপৰি এওঁলোক নিজৰ মাজত আৰু পৰৰ লগত যুঁজ কৰি ভাল পোৱা স্বভাৱৰ
বুলি ৷ কোনোৱে আকৌ লিখিছে, ভয় কৰিবলগীয়া মানুহ নহয় ৷ বৰ অতিথিপৰায়ণ, ইষ্ট-মিত্ৰ
আৰু আলহীক মেঠোন, গাহৰি বা বনৰীয়া জন্তু মাৰি ভোজ খুৱাবলৈ উদগ্ৰীৱ ৷ গা-পা ধোৱাৰ
অভ্যাস কম বুলি এটা দুৰ্নামো অৱশ্যে উল্লেখ কৰিছে ৷ বচ্চনৰ ঘৰত কিন্তু আজি প্ৰত্যেকেই স্নান
কৰা নিজেই দেখিলোঁ ৷ অতীতৰ কথাবোৰ বৰ্তমানৰ আলোকত বিচাৰ কৰিলে নিশ্চয়কৈ অনেক
ইফাল-সিফাল ওলাব ৷ সময় সলনি হৈছে ৷ সেই হিচাপে মানসিকতা, ইচ্ছা-অনিচ্ছা আদিও সলনি হোৱাটো
ধৰা-বন্ধা, যিদৰে ৰে’হ ফেষ্টিভেলেও মোট সলাইছে
৷ এইবোৰক লৈ নতুন গৱেষণাৰ অৱকাশ নথকা নহয় ৷
ৰে’হথলী এই মুহূৰ্তত দলদোপ-হেন্দোলদোপ ৷ চাংঘৰৰ বাৰাণ্ডাত উৎসৱৰ পতাকা উত্তোলনথলী ৷ দীঘল
আৰু মজবুত বাঁহ এডালৰ আগত পতাকা এখন থূপাই ৰখা হৈছে ৷ ভলণ্টিয়াৰ বেজ পৰিধান কৰা যুৱক
কেইজনমানে খুব মন দি কিবা আলচ কৰিছে ৷ শেষ মুহূৰ্তৰ প্ৰস্তুতি সম্বন্ধেই চাগৈ ৷ চীফ
মিনিষ্টাৰ আহি আছে ৷ সকলো কাম শৃংখলাবদ্ধভাৱে, সুচাৰুৰূপে হ’ব লাগিব ৷ তেহে ৰ’ব ইদুৰ মান, আনিনিয়ানৰ মান ৷ স্বাভাৱিকতে চিন্তাবিলাক তেনেকুৱাই
হৈছে কিজানি ৷
আশে-পাশে বোকা ৷ তাৰ মাজতে এজাক যুৱক-যুৱতী পতাকা উত্তোলনথলীৰ মুখতে থিয়
দি আছে ৷ বোধ হয় সমৱেত কণ্ঠত আৰম্ভণী গীত পৰিৱেশন কৰিব ৷ সিফালে প্ৰৱেশ তোৰণৰ দুয়ো পাৰে বয়সস্থ মহিলাসকলে শাৰী পাতিছে ৷ কাৰোবাৰ নিৰ্দেশত ঠাইতে গান গাই নাচি
ভংগীমাবিলাক মিলাইছে ৷ যেন অন্তিম ৰিহাৰ্ছেল ! চি.এম. ছাৰ পাবহি অলপতে ৷ ভালদৰে আদৰিব লাগিব ৷ মোৰ দুচকুৱে অনিয়াৰ
শাহুৱেক য়াচ্ছু মেহুক বিচাৰিব ধৰিলে ৷ ক’ত সোমাই আছে মানুহগৰাকী ? নাচটো চাব লাগিব ৷ তেহে ঘূৰি গৈ সঠিকভাৱে ক’ব পাৰিম ৷
সকলোৰে অধীৰ অপেক্ষা ৷ তাৰ মাজতে ইফালে-সিফালে
ফটো চেছন চলিছে ৷ বেতৰ টুপী, জন্তুৰ ছালৰ মোনা, যুদ্ধচোলা পৰিহিত বয়সস্থ লোকৰ
ইজনে সিজনৰ সৈতে হাঁহি-মাতি পৰিৱেশটো বেচ উপভোগ কৰিছে ৷ সমূহীয়া ৰে’হথলীলৈ অ'ৰ-ত'ৰ পৰা আহি তেওঁলোক মিলিত হৈছে ৷ খা-খবৰ লৈছে ৷ ভাব বিনিময় কৰিছে নিজা দোৱানত ৷ হৃদয় উজাৰি আনন্দ লৈছে ৷
হিচাপ এটা কৰি ময়ো ভঁৰালঘৰটোৰ দাঁতিতে অৱস্থান
কৰিলোঁ ৷ ইয়াৰ পৰা গোটেইখিনি দেখা পাই থাকিম ৷ কেমেৰাটো হাতত লৈছোঁ ৷ প্ৰথ্মবাৰলৈ দেখিম
অৰুণাচলৰ মুখ্য মন্ত্ৰীজনক ৷ এম.পি. তথা কেন্দ্ৰীয় মন্ত্ৰী কীৰেন ৰিজিজু, চি.এম. পেমা খাণ্ডু ডায়নামিক লিডাৰ
বুলি শুনিছোঁ ৷ লগত আৰুবা কোন কোন অতিথি আহে !
ইগুৰ কণ্ঠত মাইকত অহৰহ বাজি আছে মেয়ি-বু ... মেয়ি-বু ৷ উপস্থিত কোনো কোনোৱেও সুৰতে সুৰ মিলাই আওৰাইছে মেয়ি-বু ... মেয়ি-বু ৷ মনে মনে ময়ো গাই চালোঁ মেয়ি-বু ... মেয়ি-বু ৷ কোনেও চিনিব নোৱাৰাকৈ কাণ-মূৰ ঢাকি ইদু মানুহৰ মাজত সোমাই থাকি, সোঁৱে-বাঁৱে ইদু মানুহৰ বাহুস্পৰ্শ লাভ কৰি, কান্ধৰ ইদু মোনাটোৰে নিজকে নিজে ইদু ইদুৱেই লাগি গৈছে ৷
ৰৈ
আছোঁ ৷ ১০.৩০ বাজিল ৷ মুখ্য মন্ত্ৰী তথা অভ্যাগতসকলৰ দেখা-দেখি নাই ৷ বচ্চনে কৈছিল ১০ বজাত অহাৰ কথা বুলি ৷ ক'তা ? অথনিৰে পৰা ৰৈ ৰৈ
মানুহবোৰৰো উচ-পিচনি বাঢ়ি গৈছে ৷ হ’লেও ৰং-ধেমালি কৰি অপেক্ষমান হৈ আছে ৷ শুনিলোঁ,
ইয়ালৈ অহাৰ আগতে ক'ৰবাত কেইটামান আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ কাম আছে ৷ হস্পিতেল বিল্ডিং, মিনি ষ্টেডিয়াম, আৰজুৰ চাব-ডিভিজনেল অফিচ হেড-কোৱাৰ্টাৰ, মিনি ছেক্ৰেটেৰিয়েট বিল্ডিং, গিপুলিনৰ ৱাটাৰ হাৰ্ভেষ্টিং প্ৰজেক্টৰ আধাৰশিলা স্থাপন আৰু আনিনি টাউনশ্বিপৰ বৰ্ধিত পানী যোগান উদ্বোধন ৷ সেয়া শেষ
কৰিয়েই পাবহি ৷ ফেষ্টিভেল গ্ৰাউণ্ডত উদ্বোধনী সভা আৰু ভোজন পৰ্ব সমাপ্ত কৰি সদলবলে গুচি যাব আচ্হিছ’লৈ ৷ কালি ৰাতি বচ্চনৰ সৈতে
কৰি থোৱা আলোচনা অনুসৰি গাড়ী যোগাৰ কৰিব পাৰিলে পাছে পাছে আমিও যাম তালৈ ৷ নতুবা স্কুটী
লৈ ৷ দুচকীয়াত গ'লে ঠাণ্ডা কিমান লাগিব ? নিজকে নিজে সুধিলোঁ ৷ অনুমান কৰিব নোৱাৰোঁ ৷
জনতাৰে ঠাহ খাই পৰিছে ৰে’হথলী ৷ মাজত ১০-১২ ফুটমান ৰাস্তা এৰি দুয়ো কাষে
শাৰী শাৰী পুৰুষ-মহিলা ৷ উখল-মাখল পৰিৱেশ ৷ ৰাইজৰ মাজেৰেই আহিব মুখ্য মন্ত্ৰী ডাঙৰীয়া ৷ ৰাজ্যৰ সন্মানীয় শীৰ্ষ জনপ্ৰতিনিধিজনে প্ৰথমবাৰলৈ পদাৰ্পণ কৰিব বুলিও তেনেকুৱা বিশেষ একো ব্যৱস্থা পৰিলক্ষিত হোৱা নাই ৷ গাড়ী ৰাস্তাতে এৰি খোজ কাঢ়িয়ে ফিল্ডলৈ নামি আহিব লাগিব ৷ বোকা-পানী খচকিয়েই উঠিবহি লাগিব চাংঘৰত ৷ চাংঘৰৰ পৰা নামি পেণ্ডেললৈ
যাবলৈ ৰঙা কাৰ্পেট পাৰি থোৱা দেখিছোঁ যদিও সিও বোকা-পানীৰ পৰা ৰেহাই পোৱা নাই ৷
ফিল্ডখনৰ কোনো কোনো অংশযে তেনেই হাল বাই থোৱা পথাৰসদৃশ হৈ পৰিছে ৷ বোকা-মাটিৰ ফুৰ্ফুৰীয়া গোন্ধ এটাও নাকত লাগিছেহি ৷ হ’লেও উৎসাহ-উদ্দীপনাৰ
ৰূপ অম্লান ৷ আনফালে গামবুট পিন্ধাসকলযেন একো একোগৰাকী অপ্ৰতিৰোধী যোদ্ধাহে ৷ চ’ক’ তায়ুৱে মোক কিয় গামবুট আনিবলৈ কৈছিল, কথাষাৰ এতিয়া দুগুণে পৰিষ্কাৰ হ’ল ৷ দুৰ্ভগীয়া জোতাযোৰলৈ চালোঁ ৷ জুখি-মাখি খোজ পেলাবলগীয়া হৈছে ৷ নহ'লে বোকাত সোমাব লাগিব ৷ জোতা নষ্ট হ'লে আচ্হিছ'লৈ যোৱাও মস্কিল হ'ব ৷
দীঘল জেকেট এটা পিন্ধি
বোকা-পানী ফালি ফালি সেইজন কোন আহি আছে, ৰাইজ সষ্টম হৈ পৰিলযে !
'ৱহ কৌন চাহাব আ ৰহা হে' ?' কাষৰ মানুহজনক লাহেকৈ সুধিলোঁ ৷
‘আনিনিকা ডি.চি. চাহাব ৷' উত্তৰ দিলে ৷
'ৱায়ং খিমহুন ?'
'হাঁ, ৱ'হী ৷ আপ উনক' কেইছে জানতা হে' ?' আচৰিত হ'ল তেওঁ ৷ বোধহয় নামটো উচ্চাৰণ কৰাত ৷
'ডিবাং ভেলী জিলাৰ ডেপুটি কমিছনাৰজন শ্বিলঙৰ ইউনিভাৰ্চিটিত যেতিয়া পঢ়ি আছিল, মোৰ ভাই তেওঁৰ ক্লাছমেট আছিল ৷'
'আচ্ছা ! ত' ৱ' আপক' ভি, মতলব জানতা হ'গা ৷'
'নাই নাই, মোক নাজানে ৷ মোৰ ভাইৰ লগৰহে ৷ মোক চিনি পাব কেনেকৈ ? মই ইয়ালৈ অহাক লৈ দুয়ো বন্ধুৱে ফোনতে কথা হৈছিল অৱশ্যে ৷ চাৰ্কিট হাউচত ব্যৱস্থা নহ'ব বুলি জনালত হ'মষ্টে' বিচাৰিলোঁ ৷ পাছত চ'ক' তায়ুৱে ঠিক কৰি দিলে আপোনাৰ ভাগিনীৰ ঘৰ ৷'
সহজ-সৰল যেন লগা মানুহজনৰ খোকোজা কোনো আঁৰ-বেৰ নৰখাকৈ আঁতৰাই দিবৰ যত্ন কৰিলোঁ ৷ তেওঁ একান্তমনে শুনি থাকিল ৷ মাজে মাজে মূৰ দুপিয়ালে ৷
সদ্যহতে চি.এম. ভিজিট ৷ গতিকে অতিপাত ব্যস্ত হৈ পৰিছে ঘুট্মুটীয়া উপায়ুক্তজন ৷ এতিয়া নহয়, পাছত সুবিধা বুজি এবাৰ লগ ধৰিম, মাত এষাৰ দিম বুলি ভাবি থ’লোঁ ৷ কাৰ্যসূচীৰ সৈতে সম্পৰ্ক থকা সমস্ত ব্যৱস্থাপনা আৰু যা-যোগাৰ নিজে এবাৰ নিৰীক্ষণ কৰিলেগৈ তেওঁ ৷ ফাইনেল চেকিং ৷ চি.এম. ছাৰ আহোঁ আহোঁ ৷ পাছে পাছে আৰক্ষীৰ শীৰ্ষ বিষয়াও গৈছে ৷ বোকা-পানীলৈ ভ্ৰুক্ষেপ নাই ৷
'ৱহ কৌন চাহাব আ ৰহা হে' ?' কাষৰ মানুহজনক লাহেকৈ সুধিলোঁ ৷
‘আনিনিকা ডি.চি. চাহাব ৷' উত্তৰ দিলে ৷
'ৱায়ং খিমহুন ?'
'হাঁ, ৱ'হী ৷ আপ উনক' কেইছে জানতা হে' ?' আচৰিত হ'ল তেওঁ ৷ বোধহয় নামটো উচ্চাৰণ কৰাত ৷
'ডিবাং ভেলী জিলাৰ ডেপুটি কমিছনাৰজন শ্বিলঙৰ ইউনিভাৰ্চিটিত যেতিয়া পঢ়ি আছিল, মোৰ ভাই তেওঁৰ ক্লাছমেট আছিল ৷'
'আচ্ছা ! ত' ৱ' আপক' ভি, মতলব জানতা হ'গা ৷'
'নাই নাই, মোক নাজানে ৷ মোৰ ভাইৰ লগৰহে ৷ মোক চিনি পাব কেনেকৈ ? মই ইয়ালৈ অহাক লৈ দুয়ো বন্ধুৱে ফোনতে কথা হৈছিল অৱশ্যে ৷ চাৰ্কিট হাউচত ব্যৱস্থা নহ'ব বুলি জনালত হ'মষ্টে' বিচাৰিলোঁ ৷ পাছত চ'ক' তায়ুৱে ঠিক কৰি দিলে আপোনাৰ ভাগিনীৰ ঘৰ ৷'
সহজ-সৰল যেন লগা মানুহজনৰ খোকোজা কোনো আঁৰ-বেৰ নৰখাকৈ আঁতৰাই দিবৰ যত্ন কৰিলোঁ ৷ তেওঁ একান্তমনে শুনি থাকিল ৷ মাজে মাজে মূৰ দুপিয়ালে ৷
সদ্যহতে চি.এম. ভিজিট ৷ গতিকে অতিপাত ব্যস্ত হৈ পৰিছে ঘুট্মুটীয়া উপায়ুক্তজন ৷ এতিয়া নহয়, পাছত সুবিধা বুজি এবাৰ লগ ধৰিম, মাত এষাৰ দিম বুলি ভাবি থ’লোঁ ৷ কাৰ্যসূচীৰ সৈতে সম্পৰ্ক থকা সমস্ত ব্যৱস্থাপনা আৰু যা-যোগাৰ নিজে এবাৰ নিৰীক্ষণ কৰিলেগৈ তেওঁ ৷ ফাইনেল চেকিং ৷ চি.এম. ছাৰ আহোঁ আহোঁ ৷ পাছে পাছে আৰক্ষীৰ শীৰ্ষ বিষয়াও গৈছে ৷ বোকা-পানীলৈ ভ্ৰুক্ষেপ নাই ৷
বাঁহৰ চুঙা কিছুমান হাতে হাতে লৈ মহিলা কেইগৰাকীমান
শাৰী পাতি ৰ’ল চাংঘৰটোৰ বাৰাণ্ডাত
৷ প্ৰত্যেকৰে চকু আলিবাটত ৷ চাঙৰ ওপৰৰ পৰা ৰাস্তাটো দেখা যায় ৷ বুজিলোঁ, মুখ্য মন্ত্ৰী এই পায়হিহে লাগে ৷ একে সময়তে এইটোও ভাবিলোঁ যে কি থাকিব
পাৰে সেই চুঙাবোৰত ? তেনেকৈ লৈ আছেইবা কিয় ?
হঠাতে আকাশত ভোমোৰাৰ গুঞ্জন ৷ দ্ৰোন উৰিছে ৷ দুখন ৷ এখন ক’লা, এখন বগা ৷ মুহূৰ্ততে মানুহবোৰৰ চকু সেই দুখনে টানি লৈ
গ’ল ৷ ডিঙি বেঁকা কৰি ওপৰমুৱা হৈ চাব ধৰিলে ৷ যাৰ মূৰৰ ওপৰলৈ আহিছে সিয়ে হাত দাঙিছে ৷ আমাৰ ফালে অহাত ময়ো জোকাৰিলোঁ ৷ মহাশূন্যত সেই দৃশ্য ৷ আৰু ধৰাতলত ? ডিঙিয়ে-পিঠিয়ে মস্ত মস্ত কেমেৰা লৈ ফটোগ্ৰাফাৰ,
সাংবাদিকসকলৰ ইফাল-সিফাল ৷ বোকা ফালি চেঁকুৰিছে সুবিধাজনক স্থান ল'বলৈ ৷ ছেলফি ষ্টিক লৈও উদ্দাম গতি কেইজনমানৰ ৷ প্ৰতিজনেই অতিপাত ব্যস্ত ৷
ছাৰ আহি পাওঁ পাওঁ ৷ বচ্চনৰ মাকহঁতে গান গাই গাই কঁকাল ভঙা আৰম্ভ কৰিয়ে দিছে ৷ পৰিৱেশটোলৈ প্ৰাণ আহি গৈছে ৷
No comments:
Post a Comment