Tuesday, 26 May 2020

৮.২ ড্ৰিৰ বুকুত এখন্তেক


সপ্নে নহী হে আপ নিন্দ মে দেখে ৷ সপ্নে  হে আপক নিন্দ হি নহী আনে দে মিছাইলমেন এ. পি. জে. আব্দুল কালামে কোৱা কথা ৷ আনিনি, আচ্‌হিছৰ সপোনে মোকো শুবলৈ দিয়া নাছিল ৷ সেই সপোনেই লৈ আহিলে ড্ৰিৰ পাৰলৈ ৷ প্ৰসংগক্ৰমে এইষাৰো চিন্তিবলগীয়া যে ইসসে পহলে কি সপ্নে সচ্‌ হ আপক সপ্নে দেখনে হোংগে

সূৰ্য নাই ৷ পাৰাস্তম্ভ নিম্নগামী ৷ হাড় কঁপোৱা শীতকো আওকাণ কৰি সীমাহীন আনন্দ-উল্লাসে ভৰাই তুলিছে হৃদয়ৰ কোঁহবোৰ ৷ হেঁপাহ পলুৱাই সৌন্দৰ্যময়ী আচ্‌হিছৰ চৌপাশৰ অক্ষয় নিধি উপভোগ কৰাত চকুবোৰ ব্যস্ত হৈ পৰিল ৷ মাত-কথা বন্ধ ৷ খাবলৈও যেন পাহৰি গলোঁ ! দলঙৰ গুৰিতে বাঁহৰ ভেটিৰ ওপৰত কৌপাতৰ টোপোলা, পানীৰ বটল থৈ আত্মবিভোৰ হৈ পৰিলোঁ ৷ সন্মুখেৰে নীৰৱে বৈ আছে পাহাৰী নদী, আচ্‌হিছৰ আকৰ্ষণস্বৰূপ ড্ৰি, ডিবাঙৰ অন্যতম শক্তিশালী উপনৈ ৷ এনেকুৱা ঠায়ো থাকেনে সঁচাকৈ ? চেতনাৰ অভ্যন্তৰত উদ্ভৱ হোৱা এই প্ৰশ্নটো আনিনিৰ ৰেহথলীৰ মঞ্চত অৱতাৰণা কৰিছিল বলিউডৰ বিশিষ্ট অভিনেতা নাৱাজউদ্দিন ছিদ্দিকীয়ে, কালি ৷ মোৰো প্ৰশ্ন এতিয়া একেটাই হল ৷

আকস্মিকভাৱে পোৱা দিনৰ আহাৰভাগ তিনিওজনে হেঙিং ব্ৰীজৰ ভেটিটোতে উদৰস্থ কৰাৰ সিদ্ধান্ত হৈছে ৷ বাঁহৰ প্লে'টফৰ্মখনৰ ওপৰতে পাতবোৰ ভাগে ভাগে সজাই ললোঁ ৷ বচ্চনহঁতেই দলে-বলে লাগি-ভাগি সাজিছিল এই ওলমা সেতু ৷ দলং আৰু অন্যান্য কামত প্লাষ্টিকৰ ৰছী বহুলভাৱে ব্যৱহাৰ কৰা হৈছে বুলি প্ৰথম নিশাই জুহালৰ আড্ডাত উনুকিয়াইছিল ৷ নিজ চকুৰে দেখিলোঁহি আজি ৷ ইয়াতো দেখা গৈছে গোটা বাঁহৰ পয়োভৰ ৷ দৃষ্টিনন্দন হাতৰ কাম ইদু ৰাইজৰ ৷ এইপাৰে পাইন গছ, বাঁহ গছ, নাম নজনা অন্যান্য গছ-গছনি চকুত পৰিছে ৷ সাঁকোখনৰ কাষতে পোৱা হাবিবোৰ বৰ্ষাৰণ্যৰ দৰেই ৷ বৰষুণ বেছি বাবে জলবায়ু সেমেকা ৷ সেয়েহে ঠাণ্ডাও মাত্ৰাধিক ৷ নাক, কাণ, হাতত কিহবাই বিন্ধি থকাৰ দৰে লাগি আছে ৷ মোজা, টুপী খুলিব নোৱাৰি ৷

দানে দানে পৰ লিখা হে' খানেৱালেকা নাম !  ভি.আই.পি.ৰ ভাগৰ চৰকাৰী খানাৰ ভাগ আকৌ এবাৰলৈ পালোঁ ৷ সোঁহাতখন কোনোমতে বাহিৰ কৰি আঙুলিৰ আগকেইটা তিয়াই লৈছোঁ ৷ হাঁহি-ধেমালিৰ মাজেৰে চোবাই চোবাই দৃশ্য উপভোগ কৰি থকাৰ লগতে বন্য পৰিৱেশটোৰ আৰণ্যক ঘ্ৰাণো লৈ আছোঁ হিয়াভৰি ৷ খাই-বৈ আজৰি হৈ সিপাৰলৈ যোৱাৰ গুণা-গঁথা ৷ তাৰ আগতে ড্ৰিৰ বালিত অলপমান ফুৰা-চকা কৰা হ'ব ৷ তাৰ আগতে এইপাৰে কিছু ফটোচেছন ৷ কেমেৰাটো এবাৰ বচ্চনে লয়, এবাৰ চই টানে ৷ ফটো তোলাৰ চখ ৷

আনুমানিক ৩০-৩২ মিটাৰমান দীঘল হব কিজানি ৷ ভৰি নিদিওঁতেই জাগি উঠিছে অনাবিল আনন্দ ৷ দুখোজমান যোৱাৰ লগে লগে ধেনুভিৰীয়া দলংখনৰ স্বভাৱজনিত হেন্দোলনি আৰম্ভ হল ৷ হলেও মোৰ কাৰণে অকণো ভয় লাগিবলগীয়া কথা নাই ৷ যথেষ্ট অভিজ্ঞতা ইতিমধ্যে সঞ্চয় কৰি থোৱা হৈছে ৷ তাক্‌চিঙলৈ যাওঁতে গৰ্জনমুখৰ আৰু সাংঘাতিকভাৱে ভয়ংকৰ সোৱণশিৰিৰ ওপৰেদি পাৰ হোৱা মৰণফান্দস্বৰূপ ওলমা সাঁকোকেইখনৰ তুলনাত এইখন একোৱেই নহয় ৷ সম্পূৰ্ণ নিৰাপদ ৷ নৈখনো এইখিনিত একো ভয়ংকৰ নহয় ৷ গতিকে গপ্‌গপাই আগুৱাই গলোঁ ৷ বচ্চনৰ নিৰ্দেশ মানি দৌৰি ঘূৰিও আহিলোঁ ৷ তেওঁ ফটো তুলিলে ৷ অগা-পিছাকৈ তিনিও এইবাৰ হ'লোঁ আগুৱান, বহলে প্ৰায় চাৰিফুটীয়া দলংখনেৰে ৷ বাঁহ আৰু ৰছীৰেই যেন সাজি উলিওৱা হৈছে সাঁকোখন ! কেব্‌লবিলাক অদৃশ্য ৷ বান্ধোন পদ্ধতি আৰু কলানৈপুণ্য মানিবলগীয়া ৷ বাঁহৰ কাম শলাগিবলগীয়া ৷ ক'তো কোনো খুঁত দেখিবলৈ নাই ৷ প্ৰথম দৰ্শনতে আচৰিত লাগি গ'ল ৷

অৰুণাচলৰ ইদু মিছিমি সমাজত বিশ্বাস আছে যে মকৰাক অনুকৰণ কৰিয়ে মিছিমি পুৰুষে নৈৰ ওপৰত ওলমা দলং সাজিবলৈ শিকিলে ৷ দুপাৰে গছত বান্ধি থোৱা এডলীয়া তাঁৰত ঠিক মকৰা জালৰ দৰে দেখা হেঙিং ব্ৰীজো আছে ৷ তাৰ ভিতৰেৰে খৰস্ৰোতা নৈ পাৰ হবলৈ পিছে কলিজাখন কপৌ চৰাইৰ দৰে হলে নহব ৷ খামি-ডাঠ হবই লাগিব ৷ ঘন কুঁৱলীৰ সময়ত নৈখনৰ লগতে দলঙৰো বিপৰীত দিশে একো নেদেখা হৈ থাকে ৷ সীমাহীন বিস্ময়ত হতবাক হব লাগে সন্মুখত ৰৈ ৷ পাৰ হোৱাটো পাছৰ কথা ৷ লোৰ ৰছীত লগোৱা চকাত এহাতেৰে ধৰি পিঠিত কেঁচুৱা বান্ধি বহু ওপৰেদি নৈ পাৰ হোৱাৰ দৃষ্টান্তও আছে এইখন অৰুণাচলতে ৷ বটল এটাত পানী ভৰাই ইখন হাতেৰে পুলিটোত ঢালি ঢালি যাব লাগে ৷ নহলে চকাটো গৰম হৈ যায় আৰু হাত পোৰে ৷ সঁচাকৈয়ে অবিশ্বাস্য ৷ কিবা চাৰ্কাচ চাৰ্কাচ যেন লাগে কল্পনা কৰিলে ৷ অৰুণাচলী মানুহৰ দৈনন্দিনৰ প্ৰতিটো খোজতে এনেকৈয়ে সম্পৃক্ত হৈ থাকে মৰণজয়ী দুঃসাহসিকতা ৷ কবৰ মন যায়, অৰুণাচলী জন-জীৱনৰ অন্য নাম হৈছে এড্‌ভেন্সাৰ ৷ নিজকে সুধিবৰো মন যায়, তেওঁলোকৰ তুলনাত নিজেনো কেই শতাংশৰ ভাগ পাইছোঁ ? এইটো কাৰণতে, এই পাৰ্চেণ্টেজটো বঢ়াবলৈকে অৰুণাচললৈ আহোঁ বাৰে বাৰে ৷ বুজাব নোৱাৰা ধৰণৰ এক মজা, এক ধৰণৰ সন্তুষ্টি আছে ইয়াত ৷

ওলমা দলঙৰ ওপৰেৰে আৰামছে আগুৱাই গৈ আছোঁ ৷ ৰৈ ৰৈ নৈখনৰ তলিৰ লগতে সোঁৱে-বাঁৱে, আগে-পাছে দৃষ্টিও নিগৰাইছোঁ ৷ পানীবোৰ ফট্‌ফটীয়া ৷ তলত পৰি থকা শিলগুটি পৰ্যন্ত ওপৰৰ পৰা চাওঁতে স্পষ্টকৈ দেখা পোৱা গৈছে ৷ চতুৰ্দিশে টোঁৱাই উৰাই-ঘূৰাই ফটো তুলি আছোঁ ৷ দৰাচলতে মনৰ কেমেৰাৰে যিমানবোৰ ধৰি ৰখা হৈছে তাৰ তুলনাত ই নগণ্য ৷ তথাপি ক্লিক্‌ কৰিছোঁ, অন্ততঃ পাছত আনক দেখুৱাবলৈকে হ'ব, কবলৈকে হব ৷ ৰেকৰ্ড থাকিব নিজৰো ৷ ফটোৱে মিছা নকয় কেতিয়াও ৷

দলঙৰ সোঁমাজত ৰৈ কি দেখিলোঁ ? এইডোখৰত বহল হৈ পৰা ড্ৰিখনৰ উচ্চাংশতো এটা কেঁকুৰি, নিম্নাংশতো এটা কেঁকুৰি ৷ তাৰ আগলৈ নেদেখাটোৱে স্বাভাৱিক ৷ তাৰ আগে আৰু পাছে নৈখন ঠেক ৷ শিলভৰা জলস্ৰোতৰ দেখা গৈ থকা ইংৰাজী বৰ্ণমালাৰ এছটোৰ অনুৰূপ ভাঁজ, লয়লাস নৃত্য, তৰংগায়িত ছন্দ, পাৰত খুন্দিওৱাৰ শব্দবোৰ দেখি-শুনি তৎমুহূৰ্ততে মনলৈ আহিল Lord Alfred Tennysonৰ The Brook কবিতাৰ টুকুৰা : And out again I curve and flow, To join the brimming river, For men may come and men may go, But I go on for ever.

সিটো মূৰ পাই ওপৰতে সাজি ৰখা গোটা বাঁহৰ আসনত এখন্তেক বহিবৰ মন গল ৷ দুৰ্ভাগ্য ৷ বৰষুণে তেনেই তিয়াই থৈছে ৷ চুই চালোঁ ৷ নবহিলোঁ ৷ কাপোৰ তিয়াব নোৱাৰি ৷ পয়মাল হ'ব ৷ ওচৰতে ৰৈ থিয়া-থিইকৈ চাব ধৰিলোঁ ইফালে-সিফালে ৷ প্ৰদূষণহীন সুন্দৰ-মনোহৰ পৰিৱেশ ৷ দীঘল দীঘলকৈ উশাহ টানি হাওঁফাওঁত সুমুৱাই লৈছোঁ ড্ৰি উপত্যকাৰ শীতল সুবাস ৷ এনেকুৱা সুযোগ আৰু কত ! পানী-যুঁৱলিলৈ গৈ বোঁৱতী ধাৰাৰ কেইঢোকমান পি পেলোৱাৰ তাগিদা এটাও নহাকৈ নাথাকিল ৷ নদীখনৰ আগলি ভাগত উচ্চতা অনুপাতে বৰফে আৱৰা পৰ্বতৰ অৱস্থান ৷ ডাৱৰৰ আঁৰত লুকাই ওলোৱা-সোমোৱা কৰি আছে শুভ্ৰ পৰ্বতমালাই ৷ দৃশ্য চাই দেহা-মন শাঁত পেলোৱাৰ অন্তত এসময়ত দলঙৰ পৰা নামি এজন এজনকৈ বালিময় নদীপৃষ্ঠত থিয় দিলোঁ ৷ খোজৰ ভৰত ইমানপৰে কেৰ্‌মেৰাই থকা বাঁহবোৰ শান্ত হৈ পৰিল ৷

ড্ৰিৰ বুকুত অৱস্থান লৈয়ে দুহাত প্ৰসাৰিত কৰি, ঊৰ্ধ্ববাহু হৈ মনে মনে ধন্যবাদ এজাউৰি দি দিলোঁ নেদেখাজনক ৷ ১৪ জানুৱাৰীৰ ফেচবুক প'ষ্ট, চঞ্চল কৰি পেলোৱা অগ্নি মিহুৰ ফটো ১০খন ৷ সেইবোৰ দেখি ইয়ালৈ আহিবলৈকেতো ছট্ফ‌টাই আছিলোঁ ৷ কত অনিশ্চয়তাইযে বাৰেপতি ঘেৰি ঘেৰি ধৰিছিল ! সেইবিলাক অসুবিধা এতিয়া চব গায়েব ৷ সমস্যা পলায়ুৰ্ধং ৷ এইটো ঠিক যে সিদিনা ৰ'য়িঙত সিদ্ধান্ত সলোৱা হ'লে ক'তনো আজি এনেকৈ ড্ৰিৰ বুকুৰ বতাহ ল'বলৈ পাওঁ ! আকৌ, ইও ধুৰুপ যে চ'ক' তায়ু, অনিয়া মেয়া, বচ্চন মিপিৰ সাহায্য অবিহনেও স্বপ্ন সাকাৰ নহ'লহেঁতেন ৷ সকলোবোৰ ঠিক ঠিক মিলি গৈছে ৷ নান্নী ইনয়িটায়াৰ আশীৰ্বাদ পালোঁ যেনেই লাগি গ'ল ৷ মিছন চাক্‌চেচ্‌ফুল ৷ স্বগতোক্তি ওলাই আহিল নিজে নিজে ৷

বিশাল অৰণ্যৰ প্ৰাচুৰ্যময় বিশালতাৰ সৈতে একাত্ম হৈ ড্ৰিখন এইখিনি আহি ওলাইছে আৰু দুফাল হৈছে ৷ এইটো সুঁতি সিটোতকৈ ডাঙৰ ৷ নৈৰ বুকুৰ শিলবোৰ আঁতৰাই বালিয়ে বালিয়ে বাট মোকলোৱা হৈছে ৷ ঠিক যেন ৱাই জংছন এটা ৷ নিশ্চিত যে বাৰিষা গোটেইখন সাগৰ-সংকাশ হৈ পৰিব ৷ বাঁহৰ এই সাঁকো, সৌ নিৰ্মাণবোৰযে এটাও বাচি নাথাকিব, সিও নিশ্চিত ৷ ড্ৰিৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যাব বচ্চন মিপিহঁতৰ তেজ-ঘাম মিশ্ৰিত কষ্টবোৰ ৷ মচি পেলাব আমাৰ খোজবোৰো ৷ কেৱল মনৰ মাজত ৰৈ যাব ইয়ালৈ অহাৰ স্মৃতি ৷ সেই স্মৃতিয়েই হৃদয়ৰ গভীৰতাত আজীৱন দোলা দি থাকিব ৷ যোগাত্মক ৰূপত নিৰন্তৰ প্ৰেৰণা-প্ৰোৎসাহন যোগাই থাকিব নিজে ক'ব নোৱাৰাকৈয়ে ৷ নতুন নতুন সপোন দেখিবলৈ শিকাব, অৰুণাচলী প্ৰকৃতিৰ মাজলৈ গুচি যোৱাৰ তাড়না জগাব পুনঃ পুনঃ ৷

বাঁওফালে নাতিদূৰত কেইজনমানে ভলীবল খেলি থকা দেখা পালোঁ ৷ ৰিভাৰ বিচ্চ ভলীবল ! দেখিয়ে উথপথপ লাগিলেই মনত ৷ সোঁফালে বাঁহেৰে নিৰ্মিত এখন দলং ৷ ওলমা দলং নহয় ৷ নৈৰ সিপাৰে গছ-গছনিৰ ফাঁকে ফাঁকে তম্বু কিছুমান জিলিকিছে ৷ ভলীবলৰ হেঁপাহতে আমি বাঁওহাতে যাব ধৰিলোঁ ৷ ঠাণ্ডা শৰীৰত কিছু গৰম উঠাই ল'ব লাগিব প্ৰথমে ৷ (ক্ৰমশঃ)

No comments:

Post a Comment