শীতকালৰ শুষ্কতায়ো যাৰ সৌন্দৰ্য ম্লান কৰিব নোৱাৰে, সেয়াই আনিনি ৷ সাহিত্যিকৰ
ভাষা নহয় ৷ প্ৰেক্টিকেল কথা ৷ বাহিৰখন চাই নিজৰো কিবা সপোন সপোনহে
লাগিছে ৷ প্ৰশ্ন জাগিছে, সঁচাকৈয়ে মই আনিনি আহি পালোঁ ! সুদূৰৰ নামনিত এৰি থৈ অহা
প্ৰাক্তন ভ্ৰমণ-সংগীসকলৰ মুখবিলাক এখন এখনকৈ মনত পৰিছে ৷ লগত আজি কোনো নাই ৷
আনিনিৰ আহ্বান এজনেও নুশুনিলে ৷
এলেকা এটাৰ ভৌগোলিক স্থিতি, ইতিহাস আৰু সাংস্কৃতিক জীৱন সম্বন্ধে সম্যক
জ্ঞান নিজৰ আয়ত্তত থকাটো এজন পৰ্যটকৰ বাবে অত্যন্ত জৰুৰী কথা ৷ তাকে সাৰোগত কৰি আনিনি,
ইদু মিছিমি, ৰে’হ ফেষ্টিভেল সম্বন্ধে
পঢ়া-শুনা কৰিবলগীয়া হৈছিল ৷ তথ্য প্ৰযুক্তিৰ জৰিয়তে আৰ্মচেয়াৰ টুৰিজিমত অভ্যস্ত হৈ
পৰোঁতেই জানিব পাৰিছিলোঁ যে উন্নয়নমুখী, তেনেই অকণমানি
চহৰ আনিনি ৷ কালি সহযাত্ৰী ইদু যুৱতীয়েও ক’লে, ‘এক
চক্কৰ মাৰনেছে খতম’ বুলি ৷ ভৌগোলিকভাৱে ভিতৰুৱা
অৱস্থানত থকা বাবেই প্ৰাকৃতিক দিশত চহকী হৈয়ো পাছ পৰি ৰ’ল ৷
আনিনিৰ ভৌগোলিক অৱস্থান ২৮° ৪৭′
৫৩″ উত্তৰ অক্ষাংশ আৰু ৯৫° ৫৪′ ১৩″
পূব দ্ৰাঘিমাংশ ৷ ড্ৰি আৰু মাথু নৈৰ মাজৰ এয়া এক মালভূমি ৷ ঘন ক্ৰান্তীয় বনাঞ্চল,
নাতিশীতোষ্ণ বনাঞ্চল, উচ্চ বনাঞ্চল, ঘাঁহনি আৰু তুষাৰাবৃত অঞ্চলৰ সমাহাৰে আনিনিৰ
প্ৰকৃতিক প্ৰদান কৰিছে অপৰিমেয় জ্যামিতিক সৌন্দৰ্য ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৯৬৮ মিটাৰ উচ্চতাত সৰু জনপদ ৷ গড় হিচাপত
আনিনি মালভূমিৰ উচ্চতা ১,৮০০ মিটাৰ যদিও আনিনি টাউনৰ উচ্চতা ২,০৬৮ মিটাৰ বুলি ধৰা
হয় ৷
একালত ইয়ালৈ অহাৰ কোনো সুচল বাট-পথ নাছিল ৷ শুনা কথা, ১৯৭০ চনতো ৰ’য়িঙৰ পৰা ২১ দিন খোজ কাঢ়ি মানুহ আনিনি ওলাইছিলহি
৷ সেই সময়ত হেলিকপ্টাৰ আছিল বিলাসী যান ৷ প্ৰশাসনীয় ব্যৱস্থাপনা, বতৰৰ অনুকূলতা
আৰু পাইলটৰ অনুমোদন সাপেক্ষেহে সপ্তাহত এবাৰমান চলিছিল ৷ আজি আনিনিৰ মাটিত
থিয় দি কল্পনা কৰিছোঁ সেই অতীত, সেই দুঃসময় ৷ কিযে ঠাই আছিল, কিযে যোগাযোগ ব্যৱস্থা আছিল এইখন আনিনিৰ !
যিকোনো প্ৰয়োজনতে ল’ৱাৰ ডিবাং ভেলীৰ সদৰ চহৰ ৰ’য়িঙৰ ওপৰত আজিও সম্পূৰ্ণভাৱে নিৰ্ভৰশীল ৷ আমি হয়তো তেতিয়া ভাৰতৰ মেপত আনিনি আনিনি খেলটো খেলি আছিলোঁ ৷ এতিয়া ঠেক হ'লেও, বিপজ্জনক হ'লেও, দেশৰ বাকী
অংশৰ সৈতে যোগসূত্ৰ ৰক্ষাকাৰী ৰাস্তা এটা আছে বাৰু, যিটোৰে কালি মই আহিলোঁ ৷ তাকে চাই নিজকে সৌভাগ্যৱান বুলিয়ে ভাব হৈছে ৷
কোৱা হয়, আনিনি শব্দ-ৰূপটো ইনিনি বা ইন্নিনিৰ পৰা হোৱা ৷
২০০১ত ল’ৱাৰ ডিবাং ভেলী জিলা পৃথক কৰাৰ পূৰ্বৰে পৰাই, ৰ’য়িং
প্ৰতিষ্ঠা হোৱাৰ বহু আগৰে পৰাই এই নামটো অৰুণাচল প্ৰদেশৰ মানচিত্ৰত দেখা গৈছিল, ডিবাং
ভেলীৰ সদৰ স্থান হিচাপে ৷ ইদু মিছিমিসকলৰ ইনি বা ইন্নি শব্দৰ পৰাই সৃষ্টি হোৱা বুলি
অনুমান কৰা হয় ৷ ইনয়ি, ইন্নি বা ইন্নয়ি হৈছে ইদুসকলৰ সৰ্বোচ্চ দেৱতা অৰ্থাৎ
ভগৱান ৷ সেই নানয়ি ইনয়িটায়া অৰ্থাৎ সৰগীয় মাতৃৰ আশীৰ্বাদ বিচাৰিয়ে আজিৰ পৰা চলিছে ৰে’হ
ফেষ্টিভেল, য’লৈ আমি এতিয়া সদলবলে ওলাইছোঁ ৷
আনিনিৰ ইতিহাসে কয়, ইয়াৰ অধিবাসী ইদু মিছিমি আৰু আন জনজাতিৰ লোকসকল আনুমানিক
প্ৰথম সহস্ৰাব্দতে অতীজৰ তিব্বতৰ পৰা প্ৰব্ৰজন কৰি আহিছিল ৷ তেওঁলোক হয়ু নামে ঠাইত
ৰৈছিল ৷ সপ্তম শতিকামানত হয়ু তিব্বতৰ নিয়ন্ত্ৰণাধীন আছিল ৷ ইদুসকলেই সৰ্বসময়
বসতি কৰি আহিছিল যদিও নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি (নেফা) আৰু ব্ৰিটিছসকলেহে আনিনিক
চৰকাৰীভাৱে প্ৰতিষ্ঠা কৰে ৷
দ্বিতীয় মহাযুদ্ধৰ সময়ত ষ্টিলৱেল পথ অৰ্থাৎ পুৰণা লিডু ৰ’ডেৰে চীন দেশলৈ সৈন্য সৰৱৰাহ আৰু খাদ্য-বস্তু যোগান ধৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত
আনিনিৰ গুৰুত্ব বৃদ্ধি পায় ৷ ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰাত অন্যান্য অংশৰ দৰে আনিনিও
ইণ্ডিয়ান ইউনিয়নৰ অংগ হৈ পৰে ৷ ইয়াকে কেন্দ্ৰ কৰি পিপুলছ ৰিপাব্লিক অফ চাইনা অসন্তুষ্ট হৈ পৰে ৷ তাৰ পাছতে অৰুণাচলক লৈ নিৰন্তৰ দাবী উত্থাপন কৰি আহিছে ৷ চীন প্ৰজাতন্ত্ৰই প্ৰতিষ্ঠা লভিছিল
১ অক্টোবৰ, ১৯৪৯ চনত ৷ ১৯৫০ত ব্ৰিটিছ গুচি যোৱাৰ পাছত অৰুণাচল আৰু আকচাই চীন অধিক বিবদমান
হৈ পৰে ৷
টাৱাঙৰ পৰা বিজয় নগৰলৈকে চীনৰ সৈতে অৰুণাচল প্ৰদেশৰ সুদীৰ্ঘ ১,১২৬
কিল’মিটাৰজোৰা সীমান্ত আছে ৷ এই ৰাজ্যখনক লৈ চীন-ভাৰতৰ টনা-আঁজোৰা চলিয়ে থাকে ৷ দুয়ো দেশত আনিনিৰ নাম আৰু
বানানৰো ভিন্নতা পৰিলক্ষিত হয় ৷ ভাৰতে Anini লিখে, চীনে লিখে Giannini ৷ Annini বুলিও
লিখে ৷ চীনা আখৰেৰে লেখোঁতেও হৰফ বেলেগ বেলেগ দৃষ্টিগোচৰ হয় ৷ স্থানীয় অধিবাসীয়ে
ঠাইখিনিক Ilupu
বোলে ৷ নেফাৰ সময়ত, ৰ’য়িং প্ৰতিষ্ঠা হোৱাৰ আগতে পুৰণা নাম আছিল Inini বা Innini ৷ ইদুসকলক সীমান্তৰ সিপাৰে অৰ্থাৎ চীন দেশত য়িদু ল’বা বুলি জনা যায় ৷
১৯৮০ত লোহিত জিলাৰ পৰা কাটি ডিবাং ভেলী জিলা গঠনৰ সময়ত আনিনি সদৰ হৈ পৰে ৷
তেতিয়াও আনিনি ভাৰতবৰ্ষৰ একমাত্ৰ জিলা সদৰ আছিল য’লৈ দেশৰ অন্য অংশৰ
সৈতে পথ যোগাযোগ সুবিধাজনক নাছিল ৷ চৰকাৰী চাকৰিয়াল, বিষয়াসকল হেলিকপ্টাৰত আহিছিল ৷ সা-সামগ্ৰীও
এয়াৰ ড্ৰপিং হৈছিল ৷ দীৰ্ঘদিন ধৰি আনিনিবাসীয়ে দুৰ্ভোগ ভোগাৰ পাছত সুখৰ কথা যে
এতিয়া টু লে’ন ট্ৰেন্স অৰুণাচল হাইৱে’ৰ নিৰ্মাণ কাৰ্য চলিছে ৷ ভাল ৰাস্তা য’লৈ যায় সভ্যতা আৰু প্ৰগতিৰ ৰথখন ত’লৈকে যায় বুলি কথা এষাৰ আছে ৷ অৱশ্যে নিৰ্মীয়মান অৱস্থাত এতিয়াও বৃহৎ লেণ্ড
স্লাইডৰ পাকচক্ৰত কেনেবাকৈ পথ বন্ধ হ’ব লাগিলে এয়াৰ
ড্ৰপিঙেই বিকল্প হ’ব লাগিব ৷ উভতি যোৱাটো মস্কিলেই হৈ পৰিব ৷
ভাৰতবৰ্ষ
আৰু ইউৰেছীয় টেকটনিক প্লেটৰ সংযোগস্থলৰ প্ৰায় ৪২০ মাইল উত্তৰে থকা আনিনি অঞ্চলটো
ভূমিকম্পপ্ৰৱণো ৷ ১৯৫০ চনৰ বৰভূঁইকঁপে ডিবাং ভেলী আৰু ল’ৱাৰ
ডিবাং ভেলীক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছিল ৷ অঞ্চলটোৰ প্ৰায় ৭০ শতাংশ মানুহ
মৃত্যুমুখত পৰিছিল ৷ ২ জুন ২০০৫ৰ মধ্যনিশাৰ ৫.৭ ৰিখটাৰৰ জোকাৰণিয়ে সৃষ্টি কৰা
প্ৰচুৰ ভূমিস্খলনত আনিনি আৰু দাঁতি-কাষৰীয়া গাঁওবোৰৰ মাজত যোগাযোগ ব্যাহত হৈ
পৰিছিল ৷
আনিনিৰ
নিকটৱৰ্তী পৰ্বতখনক স্থানীয় লোকে কেলিংগন বুলি কয় ৷ উচ্চতা অনুপাতে অঞ্চলটোৰ
জলবায়ুৰ তাৰতম্য আছে ৷ নিম্ন উচ্চতাৰ জলবায়ু আৰ্দ্ৰ, গ্ৰীষ্মমণ্ডলীয় ৷ মালভূমিত
নাতিশীতোষ্ণ ৷ আনিনি বৰ্ষা অঞ্চলৰ ভিতৰুৱা ৷ দক্ষিণ এচিয়াৰ পৰা প্ৰৱাহিত
দক্ষিণ-পশ্চিম মৌচুমী আৰু পূব এচিয়াৰ পৰা প্ৰৱাহিত উত্তৰ-পূব মৌচুমী, উভয়ৰ দ্বাৰা প্ৰভাৱিত ৷
মে’ মাহৰ পৰা অক্টোবৰ মাহলৈ ৮০ শতাংশ বৃষ্টিপাত হয় ৷ শীত কালত
তুষাৰপাত হয় ৷ পৰ্বতৰ ওপৰত প্ৰচুৰ বৰফ জমে ৷ ভাৰতৰ মূল ভূখণ্ডৰ
পৰা অনেক আঁতৰত নিৰিবিলি, বৰফাবৃত পৰ্বতশিখৰ, বগা গম্বুজহেন জোঙা জোঙা অৰুণাচল
হিমালয়ৰ আৱৰ্তত জীৱন অতিবাহিত কৰাটো সহজ কথা নহয় ৷ কিমান ঠাণ্ডা ভালকৈয়ে গম পাই
গৈছোঁ ৷ এতিয়াও পাতলীয়াকৈ বৰফ দেখা গৈ
আছে ৷ পুৱাৰভাগতো কণিয়াইছিল ৷ মনটো সেমেকি উঠিছিল ৷ এতিয়া ৰৈছে যেনিবা ৷ উৎসৱ উপলক্ষে
মানুহবোৰৰ মনলৈ উৎসাহ-উদ্দীপনা ঘূৰি আহিছে ৷ এই ঠাইবিলাকলৈ আহিলে পৰিস্থিতিক
অনুকূলন খুবেই জৰুৰী ৷ নিজকে যিমান সোনকালে পৰিৱেশৰ সৈতে খাপ খুৱাই ল’ব
পৰা যায় সিমানেই মংগল ৷ ঠাণ্ডাক কাবু কৰাৰ কোনো সুযোগ দিব নালাগিব ৷
ইদু মিছিমি
আনিনিৰ মূল অধিবাসী ৷ চ'ক' তায়ুৱে কৈছিল, তেওঁলোকৰ দোৱান দুটা ৷ মিদু আৰু মিথু ৷ মূলতঃ একে যদিও
দুয়োটাৰে মাজত উচ্চাৰণৰ সামান্য পাৰ্থক্য আছে ৷ ডিবাং ভেলীত সকলোৱে মিদু কয় ৷
হুনলি আৰু ডেচালি এলেকাত মিথু কয় ৷ আনিনিৰ ইদুসকলে মিদু দোৱান ব্যৱহাৰ কৰে ৷
সংকটাপন্ন অৱস্থাত থকা তেওঁলোকৰ দোৱান যাতে কালৰ বুকুত হেৰাই নাযায় সেই
উদ্দেশ্যে ৰ’য়িঙৰ এগৰাকী বিধায়ক লিতা আমব্ৰে’ই
চৰকাৰী কাৰ্যালয়সমূহত ইদু আঝব্ৰা লিপি ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিছিল ৷
ভাৰতৰ এটা চুকত, অতি ভিতৰুৱা যদিও
অকণমানি চহৰখনৰ সম্প্ৰতি ন্যূনতম আন্তঃগাঁথনি নথকা নহয় ৷ ইয়াত চৰকাৰী হস্পিতেল, জিলা
পুথিভঁৰাল, আৰক্ষী নিৱেশ, আৱৰ্ত ভৱন, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জৱাহৰ নবোদয়
বিদ্যালয়, দোকান-বজাৰ, তেল ডিপ' আদি আছে ৷ ৰ’য়িঙৰ
পৰা হেলিকপ্টাৰ সেৱা আছে ৷ নিকটতম বিমানঘাটি ডিব্ৰুগড়ৰ মোহনবাৰী ৷ দূৰত্ব ৩৪৫ কিল’মিটাৰ ৷ আনিনিৰ পৰা ইটানগৰলৈ
প্ৰায় ৫৬৫ কিল’মিটাৰ ৷ বহুতেই ৰাজধানীলৈ গৈয়ে পোৱা
নাই ৷ দৰকাৰো নাই ৷ বৰ বেছি ৰ’য়িং
বা পাচিঘাটলৈকে গৈছে ৷ গৃহস্থনী অনিয়াই এটা প্ৰকৃষ্ট উদাহৰণ ৷ ৱুটাচ্ছিৰ প্ৰসৱকালত পাচিঘাটলৈ
গৈছিল বুলি কালি কথা প্ৰসংগত গম পালোঁ ৷ সিফালে তিনিচুকীয়া হৈ ডিমাপুৰলৈকো যোৱা
বুলি ক’লে ৷
য’ত
ডাৱৰবোৰ তললৈ নামি আহে আৰু মাটিক চুমা খায় ৷ সেয়াই আনিনি ৷ এখন শান্ত-শিষ্ট আৰু অনৱৰতে
শীতলতাত ডুব গৈ থকা কণমানি চহৰ ৷ চৌপাশৰ অধিকাংশই উদ্ঘাটন হ’বলৈ
এতিয়াও বাকী ৷ এৰা-ধৰাকৈ চলি থকা চিপচিপীয়া বৰষুণজাকে যেন চহৰখনৰ ৰস-ভাণ্ডাৰকেই সূচায় ৷
অনুপম প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটন মানসত এক আকৰ্ষণীয়
স্থললৈ পৰ্যবসিত কৰিছে যদিও আনিনি আজিও সৰহ মানুহ আহি নোপোৱা জেগা ৷ সকলোফালে
স্বাভাৱিক সুন্দৰতা ৷ কৃত্ৰিমতা নাই ৷ বতাহত আছে প্ৰাকৃতিক নিৰ্মলতা ৷ প্ৰদূষণ নাই
৷ গে'টখনৰ ওচৰতে ৰৈ দীঘল দীঘলকৈ উশাহ টানি আনিনিৰ ঘ্ৰাণ হৃদয়ংগম কৰাৰ যত্ন কৰিছোঁ ৷ এজন এজনকৈ সকলো ওলাই আহিছে ৷
৯.৩০ বজাত খোজ আৰম্ভ হ’ল ফেষ্টিভেল গ্ৰাউণ্ডলৈ ৷ ওচৰতে আছে ৷ বৰ বেছি ৫ মিনিট
লাগিব বুলি ক’লে ৷
ঘৰৰ কাষৰ ৰাস্তাটোৰে মানুহ কিছুমান গৈ আছে ৷ গাত পৰম্পৰাগত সাজ ৷ বচ্চনে ইদু
মোনা এটা লৈছিল ৷ ময়ো খোজাত উল-সূতাৰে তৈয়াৰী ইদু ঠাঁচৰ এটা দিলে মোক ৷ তাকে
জেকেটৰ ওপৰেদি কান্ধত আঁৰি লৈছোঁ ৷ ডিঙিত কেমেৰাটো ৷ ৱুটাচ্ছিক বোকোচাত লৈ
বচ্চন মোতকৈ আগ বাঢ়িল ৷ ফটো তোলাৰ ধাণ্ডাত লাগি মই পাছ পৰি গ’লোঁ ৷ বচ্চনহঁতৰে সম্পৰ্কীয় লোক
এজনৰ সৈতে ধীৰে ধীৰে মূল পথ উঠিলোঁহি ৷ কালি এইটো ৰাস্তাৰেই আহিছিলোঁ ৷ উপৰিভাগ ঢালাই কৰা ৷ আলকতৰাৰ আৱৰণ নাই ৷ আনিনিৰ টাউনশ্বিপ ৰ’ড নে’টৱৰ্কটো
হেনো এনেকুৱাই ৷
No comments:
Post a Comment