২ বাজিছে ৷ ফেষ্টিভেল গ্ৰাউণ্ডৰ একাষে থকা পৰম্পৰাগত চাংঘৰটোৰ বাৰাণ্ডাত ৰে’হ পতাকাৰ তলত ইগু বা শ্বামান অৰ্থাৎ পুৰোহিতে সহকাৰীৰ সৈতে বাদ্য বজাই স্তুতি-গীত গাই আছে ৷ ৰে'হ উৎসৱত নিয়োজিত ইগুক ৰে'গু বোলা হয় ৷ ইগুৰ সাজ-পাৰ আনতকৈ বেলেগ ৷ ১১টা উপাদানেৰে সমৃদ্ধ তেওঁৰ পৱিত্ৰ সাজ আম্ৰালাপ' ৷ বুজি পালোঁ, জাতীয় দায়িত্ব বুলিব পৰা এই কামফেৰা তেওঁ এতিয়া নিৰন্তৰ কৰি আছে ৷ ওচৰ চাপি গৈ ফটো তুলিলোঁ ৷ ইদু মিছিমি জনজাতীয় সমাজত প্ৰচলিত সমূহ লোক-বিশ্বাস আৰু ধৰ্ম-চেতনাৰ ইগুৱেই মধ্যমণি ৷ প্ৰাৰ্থনাৰ জৰিয়তে ৰোগ-ব্যাধি নিৰাময়কাৰী ত্ৰাণকৰ্তাও এৱেঁই ৷ ৰে'হ নায়া বুলি ইগুসকলৰ এটা স্বীকৃতিপ্ৰাপ্ত নৃত্য আছে যিটো ৰে'হ উৎসৱৰ অপৰিহাৰ্য অংগ ৷
চিনে-ৰু আছিল এইখন সমাজৰ প্ৰথমগৰাকী ইগু
৷ যাৰ হাতৰ ছাপ চীন সীমাৱৰ্তী কায়া গিৰিপথৰ অথু-প’পুৰ শিলত আছে ৷ আনহাতে এইটোও জানিবলৈ পাইছোঁ যে ইদু সমাজত ইগুৰ সংখ্যা
হেনো দিনক-দিনে খুব খৰকৈ হ্ৰাস পাই আহিছে ৷ দুবছৰৰ আগৰ এটা অধ্যয়ন-পৰিসংখ্যা অনুসৰি জনগোষ্ঠীটোৰ
মাজত ২০জনমানহে ইগু আছিল ৷ তাকো আটাইৰে বয়স ৫০ৰ ওপৰত ৷ আকৌ, পুৰুষতকৈ মহিলা ইগু অধিক শক্তিশালী যদিও সংখ্যাত তেনেই নগণ্য ৷ নতুন প্ৰজন্মই ইগু হ’বলৈ হেনো আগ্ৰহী নহয় ৷
ইদুসকলে বিশ্বাস কৰে যে কোনোবাই ইচ্ছা কৰিলেই, হওঁ বুলিলেই ইগু হ'ব নোৱাৰে, লাগিলে যিমানেই প্ৰচেষ্টা চলাওক ৷ ইয়াৰ বাবে প্ৰকৃতিৰ বিশেষ আহ্বান আহিব লাগিব ৷ স্থানীয় লোকে বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষৰ ক্ষমতা আছিল কোন পৰিয়ালত ইগুৰ জন্ম হ’ব তাক জনাৰ ৷ বতৰ্মান এই ধ্যান-ধাৰণাবোৰৰ লগতে ইগুৰ পৌৰাণিক পৰম্পৰাও হেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷ চিন্তনীয় কথা ৷
ইদুসকলে বিশ্বাস কৰে যে কোনোবাই ইচ্ছা কৰিলেই, হওঁ বুলিলেই ইগু হ'ব নোৱাৰে, লাগিলে যিমানেই প্ৰচেষ্টা চলাওক ৷ ইয়াৰ বাবে প্ৰকৃতিৰ বিশেষ আহ্বান আহিব লাগিব ৷ স্থানীয় লোকে বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষৰ ক্ষমতা আছিল কোন পৰিয়ালত ইগুৰ জন্ম হ’ব তাক জনাৰ ৷ বতৰ্মান এই ধ্যান-ধাৰণাবোৰৰ লগতে ইগুৰ পৌৰাণিক পৰম্পৰাও হেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷ চিন্তনীয় কথা ৷
সময়ৰ লেখ-জোখে ঢুকি নোপোৱা কালৰে পৰাই ইদু
মিছিমিসকলে তেওঁলোকৰ সমাজখনক আগুৰি থকা অলৌকিক সত্তা, ঈশ্বৰ, আত্মাৰ সৈতে বিশেষ দৈবিক গুণ আৰু শক্তিমন্ত ইগুৰ জৰিয়তেই যোগাযোগ ৰক্ষা কৰি
আহিছে ৷ তেওঁলোকৰ স্বকীয় বিধি-ব্যৱস্থা, পৰম্পৰাগত নীতি-নিৰ্দেশনা, উৰ্বৰা বিশ্বাস আৰু সামাজিক অনুশীলন আছে যিবোৰ তেওঁলোকৰ জীৱন-চৰ্যা, জীৱিকা-নিৰ্বাহৰ ধাৰা আৰু সাংস্কৃতিক
উপাদানসমূহত স্পষ্ট ৰূপত প্ৰতিভাত হয় ৷ ইদুসকলৰ লিখিত সাহিত্য নাই ৷ সেয়েহে, খৰ
গতিৰে লয় পাব ধৰা মুখ বাগৰি অহা ইতিহাস, লোক-কাহিনী, লোক-গীতি, ধৰ্মীয় প্ৰাৰ্থনা
ইত্যাদিসমূহৰ সংগ্ৰহ আৰু যথোপযুক্ত সংৰক্ষণত আত্মনিয়োগ কৰাটো শিক্ষিত সমাজৰ কাৰণে এটা অতিকৈ
জৰুৰী কাম ৷ আনিনিত সাংস্কৃতিক যাদুঘৰ এটাৰ প্ৰয়োজনো এইখিনিতে ৷ ইদু মিছিমি
ষ্টাডী চেণ্টাৰ আৰু গৱেষণা কেন্দ্ৰও প্ৰতিষ্ঠা হ’ব লাগে ৷
ঔপনিৱেশিক ব্ৰিটিছৰ সংস্পৰ্শ লাভ তাহানি কালতে হৈ
নুঠা হেতুকে আধুনিক শিক্ষা প্ৰাপ্তিও এইফালৰ লোকসকলৰ যথেষ্ট পলম হ’ল ৷ স্বাধীনতাৰ পাছত ঘৰুৱা
চৰকাৰে বিভিন্ন দিশত তেওঁলোকক আগুৱাই নিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে ৷ বৰ্তমানৰ জনপ্ৰতিনিধিসকলে শিক্ষা, স্বাস্থ্য, যাতায়াত ইত্যাদিত সৰ্বোচ্চ গুৰুত্ব দিব লাগিব ৷ সঠিক কৰ্ম-আঁচনি প্ৰস্তুতকৰণ আৰু তাৰ প্ৰায়োগিক সফলতা নিৰ্ভৰ কৰিব
বিভাগীয় আমোলা-বিষয়াসকলৰ ওপৰত ৷ গধুৰ দায়িত্ব আছে তেওঁলোকৰ ৷ অন্যথা দিন যোৱাৰ লগে লগে সকলোবোৰ বিস্মিতিৰ
গৰ্ভলৈ গতি কৰিব আৰু অলপ আগেয়ে কাণত পৰা নাৱাজউদ্দিন ছিদ্দিকীৰ বক্তব্য, আশা-ভৰসা, সকলো হৈ পৰিব অন্তঃসাৰশূন্য ৷
শুনামতে, শিক্ষা গ্ৰহণৰ লক্ষ্যৰে যুৱ প্ৰজন্ম গাঁৱৰ পৰা আঁতৰি যোৱাৰ লগে
লগে ইগুৱে কি উচ্চাৰণ কৰি আছে সেয়া তেওঁলোকৰ বাবে দুৰ্বোধ্য আৰু সম্পূৰ্ণ
অপৰিচিত হৈ পৰিছে ৷ সামাজিক বা ঘৰুৱা অনুষ্ঠানত উপস্থিত থাকিলেও একোণত বহি কি হৈ আছে চাই থকাৰ বাদে
সম্পূৰ্ণ জড়িতকৰণ এক সমস্যা হৈ দেখা দিছে ৷ পৰম্পৰাগত শব্দ বা নামবোৰো বিলুপ্ত হোৱাৰ দিশে ৷ আনৰ পৰা ধাৰ কৰা জনপ্ৰিয় শব্দ আৰু খাপ নোখোৱা কাম-কাজে সমাজত ঠাই অধিকাৰ কৰিছে ৷ বিস্তৰ পৰিৱৰ্তন এটাযে হ’বলৈ গৈ আছে পৰিস্থিতিৰ সূক্ষ্ম পৰ্যবেক্ষণে তাকেই উদঙাই দিয়ে ৷ এনে কিছমান কাৰকে ইদু সমাজ-সংস্কৃতিৰ স্বকীয় অস্তিত্বৰ প্ৰতি ভাবুকি ননাকৈ থকা নাই, বা সামগ্ৰিক ক্ষতিসাধনো নিশ্চয় নকৰাকৈ থকা নাই ৷ স্থানীয় উন্নয়নত কিমানযে দূৰদৰ্শী আৰু সুগভীৰ চিন্তাৰ প্ৰয়োজন আছে, ইয়াৰ পৰাই হৃদয়ংগম কৰা যায় ৷
প্ৰদৰ্শনীথলীলৈ খোজ লৈ আছোঁ ৷ মন কৰিলোঁ,
এই বাটেও বোকা-পানীৰ অভাৱ নাই ৷ তথাপি যেনে-তেনে সোমালোঁহি, কিনো আছে চাওঁ বুলি ৷ ইটালিন,
প্ৰবায়া গাঁও আদিৰ আত্মসহায়ক গোটে বিপণি খুলিছে ৷ চ’ক’ তায়ুৱে ফে’চবুকত আপল’ড কৰা বাঁহৰ হস্তনিৰ্মিত কাপবোৰো দেখা পালোঁ ৷ সৃষ্টিশীল চিন্তাক কামত খটুৱাই সুন্দৰ উপহাৰ সামগ্ৰী তৈয়াৰ কৰিছে ৷ ইয়াতে হৈছে বুলি ভাবিবই নোৱাৰি ৷ ডিবাং এডভেনচাৰ্চৰ সন্মুখত
ৰৈ বেনাৰ পঢ়াত ধৰিলোঁ ৷ ইচ্ছুকজনৰ সুবিধাৰ্থে সংস্থাটোৱে ৰাফটিং, বাৰ্ড ৱাচ্ছিং, ট্ৰেকিং ব্যৱস্থাপনা আগ বঢ়ায় ৷ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ, অৰুণাচল-হিমালয়ৰ নৈ-নিজৰা, অৰণ্যানি, পৰ্বত-পাহাৰ আৰু মানুহ সঁচাই উপভোগ্য ৷ ইয়াত সোমাই পৰি প্ৰাণৰ আনন্দ বুটলিবলৈ হ'লে আগ্ৰহ আৰু দৃষ্টিভংগীয়ে মূল কথা ৷ প্ৰদৰ্শনীথলীত ইফাল-সিফাল কৰি
থাকোঁতেই সিফালে ঘোষণা শুনা পালোঁ যে পেমা খাণ্ডু মহোদয়ে এতিয়া ভাষণ দিব
৷ লৰালৰিকৈ আহি পেণ্ডেলত সোমাই পৰিলোঁ, মুখ্য মন্ত্ৰী ডাঙৰীয়াই আনিনিৰ ৰাইজক কিনো বাৰ্তা দিয়ে বুলি
৷
উৎসৱথলীলৈ অহাৰ পূৰ্বে পুৱাৰ ভাগত মুখ্য মন্ত্ৰীজনে
অগ্নি নিৰ্বাপন কেন্দ্ৰ আৰু জল-শোধন প্ৰকল্প উদ্ঘাটন কৰি আহিছে ৷ আৰজুৰ এছ.ডি.অ’. সদৰৰ উপৰি আনিনিৰ জিলা চিকিৎসালয়, মিনি সচিবালয় আৰু মিনি ষ্টেডিয়ামৰ আধাৰশিলা
স্থাপন কৰিলে ৷ গিপুলিনতো এটা উদ্ভাৱনী আৰু বহুমুখী জল-শস্য সংগ্ৰহৰ আধাৰশিলা স্থাপন
কৰা হ'ল ৷ আনিনিত থকা ভাৰতীয় সেনাবাহিনীৰ ছাউনীলৈ গৈ কুমাওঁ ৰাইফলছৰ বিষয়া আৰু জোৱানসকলৰ
সৈতে বাৰ্তালাপো কৰিছিল ৷ আজিৰ পৰা পালন কৰিবলগীয়া ৫২ সংখ্যক ৰে’হ
ফেষ্টিভেলত যোগদান কৰিবৰ বাবে সুদূৰ ইটানগৰৰ পৰা পথে পথে ডিবাং ভেলীৰ সদৰ আনিনিলৈ আহিছে ৰাজ্যখনৰ উদ্যমী মুখ্য মন্ত্ৰী পেমা খাণ্ডু ৷ এই ৰাস্তাৰে গাড়ীৰে আহি উপস্থিত হোৱা এখেত প্ৰথমগৰাকী মুখ্য মন্ত্ৰী ৷
কথাটো সৰ্বত্ৰ বহুলভাৱে চৰ্চিত হৈছে ৷ কোৱা-কুই চলিছে, 'এড্ভেনচাৰাচ চি.এম. অফ্ অৰুণাচল প্ৰদেশ' ৷
শুভ
অনুষ্ঠানটিত উপস্থিত সকলোকে প্ৰীতি-সম্ভাষণ জনোৱাৰ লগতে মুখ্য মন্ত্ৰীগৰাকীয়ে ইদু ৰাইজৰ বাৰ্ষিক ৰে’হ
উপলক্ষে আনিনিৰ ৰাইজৰ মাজত উপস্থিত থাকিব পৰাত আয়োজকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে ৷ ক’লে যে ৰে’হ হৈছে ইদু মিছিমি নৃগোষ্ঠীটোৰ আত্মপৰিচয় যি তেওঁলোকৰ এই উৎসৱৰ ঘাই হোতা পুৰোহিতসকলক সন্মানিত
কৰে ৷ বেয়া ৰাস্তা আৰু বতৰ বেয়া হোৱা সত্ত্বেও ৰে’হ উদ্যাপনত উপস্থিত থকা
হেতুকে বলিউৰ ষ্টাৰ নাৱাজউদ্দিন ছিদ্দিকীলৈ বিশেষ ধন্যবাদ জনালে ৷
আন আন বক্তাসকলৰ দৰেই হিন্দী ভাষাৰে দিয়া ভাষণত মুখ্য
মন্ত্ৰীয়ে আশ্বাস দিলে যে ৰ’য়িঙৰ
পৰা আনিনিলৈ নিৰ্মাণ হৈ থকা দুই লেনযুক্ত হাইৱে’ অহা ৪ বছৰত সম্পূৰ্ণ হৈ
উঠিব ৷ এই কাম সমাপ্ত হোৱাৰ লগে লগে জিলাখনৰ চেহেৰা সলনি হৈ যাব ৷ ভৌগোলিক
অৱস্থান আৰু দুৰ্গম অৰণ্যঘন হোৱাৰ কাৰণে নিৰ্মাণ কাৰ্যত সময় অধিক লাগিছে ৷ ৰাজ্য
চৰকাৰে প্ৰকল্পটো সম্পূৰ্ণ কৰাত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে বুলি তেওঁ ৰাইজক অৱগত কৰিলে ৷ নতুন পথটোৱে প্ৰায় ৮০ কিল'মিটাৰ দূৰত্ব চমুৱাব আৰু ৰ'য়িং-আনিনি একে দিনাই আহ-যাহ কৰিব পৰা হৈ যাব ৷
পৰ্যটন হৈছে ডিবাং ভেলীৰ সৰ্বোত্তম সম্ভাৱনা ৷ মিছিমি যুৱচামক টুৰিজিম আৰু
হস্পিটেলিটিৰ জ্ঞানেৰে সমৃদ্ধ হৈ আহি থকা সময়ৰ বাবে যথাযথভাৱে প্ৰস্তুত হ’বলৈ তেওঁ আহ্বান জনালে ৷ বাহিৰৰ পৰা অহা পৰ্যটক, বিশেষকৈ বিদেশৰ পৰ্যটকে
হোটেলতকৈ স্থানীয় লোকৰ সৈতে থকাটোহে পছন্দ কৰে হেতুকে হ’মষ্টে’ৰ প্ৰতি আনিনিবাসীক বিশেষভাৱে উৎসাহিত কৰিলে ৷
মুখ্য মন্ত্ৰীয়ে আৰু ক’লে যে সম্ভাৱনা থাকিও অৰুণাচল পাছ পৰি ৰৈছে ৷
গতিকে উদ্যোগ গঢ়িবৰ কাৰণে বিনিয়োগকাৰীক আকৰ্ষণ কৰাটোৱেই সময়ৰ আহ্বান ৷ ৰাজ্য চৰকাৰে উদ্যোগিক বিনিয়োজন নীতি প্ৰস্তুত কৰিছে যাৰ দ্বাৰা
বিনিয়োগকাৰীলৈ বিভিন্ন ধৰণৰ সা-সুবিধা আগ বঢ়োৱা হ’ব ৷ আগন্তুক ২০ ফেব্ৰুৱাৰীৰ ৰাজ্যপ্ৰাপ্তি দিৱসত
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সেয়া উন্মোচন কৰিব বুলি তেওঁ ঘোষণা কৰিলে
৷
জিলাখনত প্ৰস্তাৱ লোৱা জলবিদ্যুৎ প্ৰকল্প সংক্ৰান্তীয় ভুল তথ্যপূৰ্ণ বা-বাতৰিক লৈ
দ্বিধাগ্ৰস্ত নহ’বলৈ মুখ্য মন্ত্ৰীজনে ৰাইজলৈ
গোহাৰি জনালে ৷ এই বিষয়ত কিবা সন্দেহ থাকিলে খোলোচা হ’বৰ বাবে তেওঁক নাইবা মুখ্য সচিবক যোগাযোগ
কৰিব পাৰিব বুলিও পৰামৰ্শ দিলে ৷ ৰাজ্য চৰকাৰৰ অংশীদাৰ হিচাপে থাকি উন্নয়নমূলক
প্ৰকল্প সফলতাৰে আৰু সুকলমে ৰূপায়ণ কৰাত সহায় কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনালে ৷
অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰীগৰাকীয়ে ক’লে, ‘মই নিশ্চিত যে আনিনিয়ে পৰ্যটন উদ্যোগটোত নিজৰ নাম খোদিত কৰিব ইয়াৰ ঈশ্বৰপ্ৰদত্ত
প্ৰাকৃতিক সৌন্দৰ্য বা বাৰেবৰণীয়া সংস্কৃতিৰ বাবে নহয়, ইয়াৰ মানুহৰ শুদ্ধ মনোভাবৰ
কাৰণেহে ৷’ হৃদয়গ্ৰাহী আতিথেয়তাৰ
বাবে আনিনিৰ ৰাইজলৈ শীৰ্ষ নেতাজনে ৰে’হ মঞ্চৰ পৰা ধন্যবাদ জনালে ৷ পেণ্ডেল-ভৰ্তি উপস্থিত ৰাইজে সজােৰ তালি বজাই, হৰ্ষোল্লাসেৰে প্ৰশংসা-বাক্য স্বীকাৰ কৰিলে ৷
আনিনি সম্পৰ্কে তেওঁ স্পষ্টভাৱে ক’লে, ‘অৰুণাচল প্ৰদেশৰ এই অংশটো এতিয়াও যিসকলে দেখা নাই তেওঁলোকক
জনাওঁ, আনিনি সঁচাকৈয়ে খুব সুন্দৰ ঠাই ৷ আপুনি যদি টাৱাং আৰু মেন্-চু-খাৰ সৈতে পৰিচিত,
দুয়ো ঠাইৰে আনন্দ একেলগে আপুনি আনিনিত ল’বহি পাৰে ৷ মানুহে টাৱাং আৰু মেন্-চু-খাক জানে ৷ কিন্তু মই ন দি
ক’ব পাৰোঁ যে আমি যদি টাৱাং আৰু মেন্-চু-খাক মিক্স কৰি
দিওঁ, তেনেহ’লে বাই-প্ৰডাক্টটো হ’ব আনিনি ৷ পৃথিৱীৰ ভিতৰতে এখন
শীৰ্ষ পৰ্যটনস্থল হোৱাৰ কাৰণে প্ৰয়োজনীয় সকলো সম্ভাৱনা আনিনিৰ আছে ৷ মই গেৰাণ্টি দি কওঁ
যে অনাগত দিনত অৰুণাচল প্ৰদেশৰ ডিবাং ভেলী মানুহে সৰ্বাধিক চাব বিচৰা পৰ্যটনথলী হৈ
পৰিব ৷ আন্তঃগাঁথনিৰ
ফালৰ পৰা লেখত ল’বলগীয়া নহয়, জেগাকণ ৰাজনৈতিকভাৱে
আৰু সামাজিকভাৱেও দীৰ্ঘদিনে বঞ্চিত ৷ কিন্তু পথ যোগাযোগ স্থাপনে এই উপত্যকালৈ উন্নয়ন তথা পৰিৱৰ্তন আনিব ৷ এই কামটো খৰতকীয়া হ’ব বুলি মই আপোনালোকক পুনৰবাৰ আশ্বাস
দিলোঁ ৷ এই এলেকাটো নদী-তীৰ, সেউজীয়া পাইন অৰণ্য, বৰফাবৃত শিখৰ, বাঁহ, কিৱি ফলৰ কাৰণে
জনপ্ৰিয় ৷ আনিনিলৈ পৰ্যটক হৈ আহিলে স্থানীয় কিৱিৰ সোৱাদ ল’বই ল’ব
৷ আনিনিৰ চৌপাশে এক্সপ্ল’ৰ কৰিব আৰু স্থানীয় কৃষকক সাক্ষাৎ
কৰিব ৷’
মুখ্য মন্ত্ৰীগৰাকীয়ে ক'লে যে ডিবাং ভেলীত
অপৰ্যাপ্ত সম্পদ আছে যাক ৰাজহলৈ ৰূপান্তৰিত কৰিব পাৰি ৷ উন্নয়নৰ স্বাৰ্থত
বিনিয়োগকাৰীক স্বাগতম জনাবৰ বাবে ৰাজ্যখনৰ বিনিয়োগ আৰু বাণিজ্য নীতি শিথিল কৰাৰো তেওঁ পোষকতা কৰে ৷ ডিবাং প্ৰজেক্ট সম্বন্ধে তেওঁ ক'লে যে প্ৰকল্পটোত ২৮,০০০ কোটি টকা বিনিয়োগ হ’ব ৷ ৰাইজে এই নিৰ্মাণৰ প্ৰতি পূৰ্ণ সমৰ্থন ৰখা উচিত ৷ কৰ্মসংস্থাপনহীন
যুৱচামক ই নিয়োগৰ সুবিধা উলিয়াই দিব ৷ জিলাখনৰ উন্নয়নত সহায় কৰিব ৷
বৰ্তমান তিনিজন চিকিৎসকেৰে চলি থকা আনিনিৰ জিলা হাস্পতালখনত অধিকসংখ্যক চিকিৎসক নিয়োগ কৰাৰো তেওঁ অংগীকাৰ কৰিলে ৷ স্থানীয় বিধায়ক মপি মিহুয়ে দাখিল কৰা স্মাৰক-পত্ৰখনৰ প্ৰত্যুত্তৰত মুখ্য মন্ত্ৰীগৰাকীয়ে আচ্হিছ’ৰ পৰা বিয়ানলিলৈ চি.আৰ.এফ. বা এন.ই.এছ.আই.ডি.ৰ অন্তৰ্গত পথ নিৰ্মাণৰ আশ্বাস দিলে আৰু মুখ্য সচিবক বিষয়টো অনুধাৱন কৰিবলৈ ক'লে ৷ আনিনিত নতুনকৈ এটা আৱৰ্ত ভৱন নিৰ্মাণৰ অনুৰোধ সংক্ৰান্তত আগন্তুক ৰাজ্যিক বাজেটত প্ৰস্তাৱটো অন্তৰ্ভুক্ত কৰা হ’ব বুলি সভাস্থলীত আশ্বাস দিলে ৷
বৰ্তমান তিনিজন চিকিৎসকেৰে চলি থকা আনিনিৰ জিলা হাস্পতালখনত অধিকসংখ্যক চিকিৎসক নিয়োগ কৰাৰো তেওঁ অংগীকাৰ কৰিলে ৷ স্থানীয় বিধায়ক মপি মিহুয়ে দাখিল কৰা স্মাৰক-পত্ৰখনৰ প্ৰত্যুত্তৰত মুখ্য মন্ত্ৰীগৰাকীয়ে আচ্হিছ’ৰ পৰা বিয়ানলিলৈ চি.আৰ.এফ. বা এন.ই.এছ.আই.ডি.ৰ অন্তৰ্গত পথ নিৰ্মাণৰ আশ্বাস দিলে আৰু মুখ্য সচিবক বিষয়টো অনুধাৱন কৰিবলৈ ক'লে ৷ আনিনিত নতুনকৈ এটা আৱৰ্ত ভৱন নিৰ্মাণৰ অনুৰোধ সংক্ৰান্তত আগন্তুক ৰাজ্যিক বাজেটত প্ৰস্তাৱটো অন্তৰ্ভুক্ত কৰা হ’ব বুলি সভাস্থলীত আশ্বাস দিলে ৷
দেশৰ শীৰ্ষ আৰক্ষী
থানাৰ তালিকাত পঞ্চম স্থান লাভ কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে ডিবাং ভেলী জিলা আৰক্ষীক
অভিনন্দন জনোৱাৰ উপৰি স্বীকৃতিৰ উপহাৰস্বৰূপে ৩ লাখ টকা আৰক্ষী বিভাগটোলৈ আগ
বঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ভাষণ সামৰিলে ৷ (ক্ৰমশঃ)
No comments:
Post a Comment