Friday, 29 May 2020

৮.৪ এখন নেদেখা নদীৰ সিপাৰে


জন-অৰণ্যৰ পৰা শতযোজন আঁতৰলৈ ওলাই গৈ জীৱনৰ নিৰ্ভেজাল আৰু ৰোমাঞ্চভৰা মুহূৰ্ত কিছুমানৰ অকৃত্ৰিম স্বাদ পোনপটীয়াকৈ চাকি চোৱাৰ প্ৰয়াস কৰোঁ ৷ ডিবাংখন আগতে এবাৰ দেখিছিলোঁ যদিও ড্ৰি কেতিয়াও দেখা নাছিলোঁ ৷ এইবাৰ দেখা পালোঁ ৷ উপনৈখনৰ সিটোপাৰে কি আছে ? সেইখন জগতো আজি দেখিলোঁ ৷ ইয়ালৈ আহি উপলব্ধি হৈছে, অঞ্চলবোৰ এতিয়াও অৱহেলিত আৰু কষ্টগম্য ঠিকেই ৷ কিন্তু স্পৰ্শকলুষহীন, প্ৰদূষণশূন্য, নিৰৱ-নিস্তব্ধ ৷ এই নিৰৱতাৰো ভাষা নথকা নহয় অৱশ্যে ৷

আচ্‌হিছ' পিক্‌নিক্‌ স্পটত ৰাজ্যখনৰ সন্মানীয় মুখ্য মন্ত্ৰী আৰু বৰমূৰীয়াসকলৰ কাৰণে বালিভাতৰ আয়োজন কৰা জেগাত পিতপিতাই এতিয়া যাবলৈ লৈছোঁ সিটো পাৰলৈ ৷ এইফালৰ পৰা আহোঁতে পোৱা ৱাই জংছনটোৰ বাঁওহাতে বালিময় আলিবাটৰ সিমূৰত বাঁহৰ দলং এখন সজা আছে ৷ খটখটিও নিৰ্মাণ কৰি দিছে ৷ একেই, গোটা বাঁহেৰে ৷ গোটা বাঁহৰ প্ৰচলন ইমানেই বেছি যে দেখি থকাৰ সমানে সমানে ভাবিবলৈকো বাধ্য হৈছোঁ ৷ উজনিৰ পৰা প্ৰৱাহমান ড্ৰি নদীৰ দ্বিতীয়টো ধাৰা অৰ্থাৎ সোঁপাৰ চুই থকা সুঁতিটো নিৰ্বিবাদে পাৰ হৈ ওপৰলৈ উঠি যাব ধৰিলোঁ ৷ গছ-গছনিৰ ফাঁকেৰে সন্মুখত দেখা গ'ল, ৰজাঘৰীয়া নিৰাপত্তাৰক্ষীসকলে জুই জ্বলাই জুম পাতি কথা পাতি আছে ৷ বাঁওহাতে আন ৰাইজৰ জুম ৷ সেইফালে জুই একুৰা নহয়, দুকুৰা জ্বলি আছে ৷ জুই নধৰিলে তৰণি নাই ৷ ৰাইজৰ পক্ষতে চামিল হলোঁগৈ ৷ ইমানবোৰ মানুহে ঠাণ্ডাখনত ইয়াত কিনো কৰি আছে, কাৰ কাম কি, এই লৈ সৰল প্ৰশ্ন এটাও মনলৈ নহাকৈ নাথাকিল ৷

কুঁৱলীমিশ্ৰিত বতাহ এছাটিয়ে শীতলতাৰ সঞ্চাৰ কৰিয়ে আছিল ৷ জঠৰ হৈ পৰিছে কাণৰ লতি, হাতৰ আঙুলি, নাকৰ আগটো ৷ হলেও উচ্ছ্বাসৰ উত্তাপে পৰাজিত হ'ব খোজা নাই শীতৰ শীৰ্ষতম আক্ৰমণৰ ওচৰত ৷ ইয়াত গা গৰম কৰি ৰখাটো অৱশ্য প্ৰয়োজনীয় ৷ সেয়েহে জুইৰ ব্যৱস্থা ৰখা হৈছে ৷ চিমনি কিছুমান অনা হৈছিল ৷ কাৰ্যতঃ ফেইল মাৰিলে হেনো ৷ দ'ম লাগি পৰি আছে এফালে ৷ ঘেৰাও হৈ ৰৈ মানুহবোৰে জুই পুৱাই আছে ৷ সুবিধাটো পাই চ তায়ুৱে অগ্নিশিখাৰ নিচেই কাষ চাপি গ'ল আৰু নিজকে সেকিবলৈ আৰম্ভ কৰি দিলে ৷ যি হওক, উপায় এটা সৗেভাগ্যক্ৰমে পোৱা গৈছে ৷

ইয়ালৈ আহিব পাৰি মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগি আছে ৷ কাষৰে-পাজৰে সৰহসংখ্যকেই অচিনাকি মুখ ৷ বাহ্যিকভাৱে সেমেকা যদিও জুইকুৰাই উত্তাপময় কৰি তোলা পৰ্যটনময় পৰিৱেশত এই মুহূৰ্তত মানুহবোৰৰ কথা-বতৰাৰ বিষয়-বস্তু কেৱল সত্য-শিৱ-সুন্দৰ ৷ বেমাৰ-আজাৰ, দুশ্চিন্তা, চাপ, অশান্তি... এইবোৰৰ প্ৰৱেশ নিষেধ ৷ সুন্দৰ স্থানত অসুন্দৰ অপাক্তেয়, বৰ্জনীয় ৷ ইয়াতো তাৰ প্ৰভাৱ দেখা পালোঁ ৷ সকলো দিশে কেৱল হাঁহিৰ প্ৰকাশ ৷

নৈপৰীয়া গৰাটোৰ ওপৰলৈ দোকানসদৃশ চাহৰ কাউণ্টাৰ এটা ৷ সিও বাঁহেৰেই নিৰ্মিত ৷ সন্মুখত বাঁহৰ বেঞ্চ সাজি থৈছে ৷ এইখিনিতে ৰৈ বচ্চন আৰু মই কথা পাতি আছোঁ ৷ ইফালে সিফালে চাই ফটো তুলিবলৈও এৰা নাই ৷ সিফালে এৰি অহা দৃশ্যবোৰ এইখিনিৰ পৰা অতি মনোমোহা দেখা গৈছে ৷ মন কৰিছোঁ, অদূৰত, নদীগৰ্ভত আমি ওলাই অহাৰ পাছত ৰিভাৰ বিচ্চ ভলীবল খেলিবলৈ ক'ৰ্টত প্ৰৱেশ কৰাসকলৰ মাজত যুৱতী এজনীয়ে একেলেথাৰিয়ে সেই তেতিয়াৰে পৰাই খেলিয়ে আছে, খেলিয়ে আছে ৷ বালিত দৌৰা-ঢপৰা কৰাটো সহজ নহয় ৷ তথাপি তাইৰ ভাগৰ বুলিবলৈ অকণো নাই ৷ ষ্টেমিনা দেখি আচৰিত নহৈ নোৱাৰিলোঁ ৷

ছাৰ চ্যায় পিজিয়ে ৷ অচিনাকি ইদু ভদ্ৰমহিলা এগৰাকীৰ মাতত সম্বিৎ ফিৰি আহিল ৷ মোলৈ চাহ একাপ যাচিছে ৷ সৰল আতিথ্যৰ পৰশ ৷ পূব হিমালয়ৰ পাদদেশত অৱস্থিত বৰফাবৃত পৰ্বতৰ গহ্বৰত সোমাই ঠাণ্ডাটোৱে শৰীৰত ভীষণভাৱে খোঁচা-বিন্ধা কৰি আছিল ৷ আথে-বেথে ল'লোঁ ৷ কাপটো দুহাতৰ মাজত ৰাখি তলুৱাত উম লৈ লৈ শোহা মাৰিব ধৰিলোঁ ৷ চাহকাপে মহৌষধৰ কাম দিলে ৷ অন্তত মুখ্য মন্ত্ৰী মহোদয়ৰ ভাগৰ চাহ একাপ খোৱাৰো সৌভাগ্য ঘটিল ৷ এইবুলি আত্মসন্তুষ্টি এটায়ো মনত ঠাই পালে ৷

পৰ্বতৰ নামনিত শাৰী শাৰীকৈ তম্বু কিছুমান তৰি ৰখা হৈছে ৷ বটলগ্ৰীণ ৰঙৰ তামীঘৰাৰ ওপৰত নীলা তিৰ্পাল ৷ দেখি ভাল লাগিছে ৷ অহা-যোৱা কৰিবৰ বাবে এলেকাটোত বাঁহৰ প্লেটফৰ্ম নিৰ্মাণ কৰি দিছে ৷ মাটি বা বোকা গচকিব নালাগে ৷ এনে সুপৰিকল্পিতভাৱে সজা হৈছে যে তাৰ ওপৰেদি খোজ কাঢ়ি তম্বুবোৰত সোমাবগৈ পাৰি ৷ পৰিৱেশটো নিমাওমাও, শান্তিপূৰ্ণ ৷ তদুপৰি গাম্ভীৰ্যপূৰ্ণও ৷ চহৰীয়া কোলাহলৰ পৰা ওলাই আহি সময় কটাবলৈ উৎকৃষ্ট ৷ ম'বাইল ফোনৰ উৎপাতো মুঠেই নাই ৷

চাহৰ বিপণিখনৰ সিফালে খেৰ-বাঁহেৰে সজা ৰেস্তোৰাঁ আছে ৷ উচ্চ পদবীধাৰী কোনোবা কোনোবা তাত বহি আছে ৷ মুখ্য মন্ত্ৰীও আছিল হেনো ৷ অলপ আগতে তম্বুত সোমালগৈ ৷ বচ্চনে আঙুলিয়াই দেখুৱালে, 'ৱ' ৱালা টেণ্ট চি.এম. চাহাবকা হে' ৷'

প্ৰতিজোপা গছ গোলাকাৰভাৱে গোটা গোটা বাঁহেৰে ঘেৰি পেলোৱা হৈছে ৷ ঘেৰটোৰ ভিতৰত ভৰাই দিয়া হৈছে শিলগুটি ৷ বচ্চনে জনালে, 'এই গছবোৰযে দেখিছে এইবোৰত এটা সময়ত ধুনীয়া ফুল ফুলিব, বগৰীৰ দৰে গুটি ধৰিব ৷' ইদু দোৱানেৰে নামটোও কলে তেওঁ ৷ মোৰহে মনত নাথাকিল ৷ গছবিলাকত এতিয়া পাত নাই ৷ লঠঙা হৈ আছে ৷ বচ্চনে কোৱাৰ দৰে শীতৰ শুষ্কতা অন্ত পৰাৰ পাছত, ন-ব'হাগত যদি ফুল ফুলে, এলেকাটো কেনেকুৱা আকৰ্ষণীয় হৈ উঠিব ! কল্পনা কৰি চালোঁ এবাৰ ৷

বাঁহৰ প্লেটফৰ্মে সৃষ্টি কৰা ট্ৰাই জংছনৰ মাজৰ তিনিকোণীয়া খালী জেগা এটুকুৰাত সৰু জোখৰ ৰঙীন শিলগুটি কিছুমানেৰে ৰেহ ফেষ্টিভেলৰ স্মাৰক এটা সাজি ৰাখিছে ৷ স্মাৰক মানে মেঠোনৰ মূৰ এটা ৷ শিলগুটিৰেই লিখিছে, Happy Reh, 52 Years ৷ সামান্য হৈও অসামান্য ৷ ৰে'হ ফেষ্টিভেলে সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ ৰূপ পাইছেহি ৷ ব্যৱহৃত শিলগুটিবোৰ ড্ৰিৰ বুকুৰে হব ৷ অৰ্থাৎ থলুৱা সামগ্ৰীৰেই ঠাইখিনিৰ সাজ-সজ্জাবোৰ গঢ়ি তোলা হৈছে, দৃষ্টিনন্দনভাৱে ৷ কোনো দিনে নহা আলহীৰ আগমনৰ ঘটিব ৷ তাৰ বাবেই বিভিন্ন ধৰণে সজাবলৈ প্ৰয়াস কৰা হৈছে আচ্‌হিছ' পিক্‌নিক্‌ স্পটটো ৷ পোহৰৰ ব্যৱস্থা, অনাময় ব্যৱস্থাও আছে ৷

সকলোৰে আগমন আৰু উপস্থিতিত ঠাইখিনিয়ে আজি প্ৰাণ পাই উঠিছে ৷ মানুহবোৰ গুচি গলে আকৌ নিৰ্জনতাই গা কৰি উঠিব ৷ বাঁহৰ প্লেটফৰ্মৰ ওপৰে ওপৰে খোজ পেলাই এপাক মৰাৰ ইচ্ছা এটাই মগজুক খুন্দিয়াবলৈ আৰম্ভ কৰিলে ৷ বচ্চন আৰু মই ফুৰিবলৈ ওলালোঁ ৷ চ তায়ুৱে একান্তমনে নিজকে সেকাত মগন ৷ এবাৰ আগফাল, এবাৰ পাছফালকৈ ৷ অনিয়াকো দেখিলোঁ জুইৰ ফালে হাত দুখন আগুৱাই ৰাখি অনৰ্গল কথা কৈ আছে ৷ লগৰীহঁত কোন ক'ত গ'ল ক'ব নোৱাৰোঁ ৷

অধিকাৰ কৰি থকা গৰাকীজনৰ নাম, পদবী প্ৰতিটো তামীঘৰাৰে আগে আগে বগা কাগজত উল্লেখ কৰা আছে ৷ সেয়েহে চিনাত সহজ হৈছে ৷ বচ্চনে এফালৰ পৰা কৈ গল, কত কোনে বাহৰ পাতিছে ৷ দুয়ো কথা পাতি পাতি চাই গ'লোঁ ৷

ঘূৰি আহি আগৰ ঠাইত ৰওঁতে ডেপুটি কমিছনাৰ চাহাবক দেখা পালোঁ ৷ সাক্ষাৎ কৰাৰ ইচ্ছা এটা জাগি উঠিল ৷ এয়াই সুযোগ ৷ নহলে বেলেগ সুযোগ আৰু হয়তো নোলাব ৷ চোপ লৈ আছোঁ ৷ অলপ পাছতে আকৌ এবাৰ বাহিৰ ওলাই আহোঁতে খৰখেদাকৈ গৈ মুখৰ আগত থিয় দিলোঁ ৷ নাতিদূৰৰ পৰা ৰখীয়া-পৰীয়াসকলে লক্ষ্য কৰি আছে ৷

নিজৰ পৰিচয় দিলোঁ ৷ তেখেতে সোঁহাতখন আগ বঢ়াই দিলে ৷ উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙত অধ্যয়নৰত কালত মোৰ ভাইৰ শ্ৰেণী-সহপাঠী ৱায়ং খিমহুন ৷ এতিয়া ডিবাং ভেলী জিলাৰ উপায়ুক্ত ৷ আনিনিত থকাৰ ব্যৱস্থাপনাৰ পৰিপ্ৰেক্ষিতত দুই বন্ধুৱে ফোনত কথা হৈছিল ৷ মেইলো কৰিছিলোঁ মই ৷ আচৰিত হলোঁ যে মোলৈ একো সহায় আগ বঢ়াব নোৱাৰি তেওঁহে দুঃখিত বুলি পোনেই প্ৰকাশ কৰিলে ৷ মোৰ হতবাক হোৱাৰ পাল ৷ মুখ্য মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় মুৰব্বী বিষয়াবৰ্গৰ উপস্থিতিত প্ৰতি মুহূৰ্ততে ব্যস্ত হৈ থাকিবলগীয়া হৈছে মানুহজন ৷ গতিকে কথা প্ৰসংগও চমু হল ৷

১ বাজি ৩০ মিনিট গৈছে ৷ আচ্‌হিছৰ মায়া এৰি নাহিমেই যেন ! তথাপি দলৰ সদস্যবৰ্গক ময়ে প্ৰস্তাৱ দিলোঁ যে এতিয়া ঘূৰি যোৱা উচিত ৷ কাৰণ ইয়াৰ পৰা পোহৰে পোহৰে আনিনি পাবগৈ লাগিব ৷ আনিনিৰ চৌপাশ মোৰ চোৱাই হোৱা নাই ৷ সেয়া বাকী আছেই অথোন ৷ গাড়ীখন পাওঁতেই চুক-কোণ মাৰি চফৰটো কৰি পেলাব লাগিব ৷ (ক্ৰমশঃ)

No comments:

Post a Comment