Saturday, 2 May 2020

১ ফেব্ৰুৱাৰী ২০২০, শনিবাৰ
৬.৫ আনিনিৰ স্নিগ্ধ পুৱাটি



নিশা শুবলৈ লোৱাৰ পৰতে হাড় কঁপোৱা শীতলতাই দুখনকৈ ডাঠ কম্বলকো পৰাস্ত কৰি আৰম্ভণিতে মোৰ শৰীৰত কঁপনি ভালেই তুলিছিল ৷ প্ৰথমে অস্বাভাৱিক যেন লাগিছিল যদিও পাছলৈ যেনিবা কিবাকৈ সন্তুলিত হল ৷ নতুন মানুহ পাই আনিনিৰ ঠাণ্ডাই আক্ৰমণ চলোৱা বুলিয়ে ভাবি ললোঁ ৷
য়াচ্চু মিহু অৰ্থাৎ বচ্চন মিপিৰ মাকৰ বাদে কোনো উঠা নাই ৷ তেওঁ জুইকুৰা ধৰি পাকঘৰতে খুচুং-খাচাং কিবা কৰি আছে ৷ মস্ত কেটলি এটা লোৰ ফ্ৰেমটোৰ ওপৰত বহুৱাই দিলে ৷ জুহালকেন্দ্ৰিক গৃহসজ্জাটো মই কম্বলৰ তলৰ পৰাই নিৰীক্ষণ কৰি আছোঁ ৷ অনিয়াহঁতে এই কোঠাটোকেচোন প্ৰফেচনেল হমষ্টেলৈ ৰূপান্তৰিত কৰিব পাৰে ৷ ইমান ধুনীয়া, নিমজ মজিয়াখন ৷ সুবিধা-অসুবিধা কি কি হ'ব পাৰে ? তাকে মনে মনে হিচাপ কৰিব ধৰিছোঁ ৷ পাছে-পৰে সুবিধা বুজি সিহঁতক জনাব লাগিব ৷
বৰফাবৃত্ত পৰ্বত, খৰস্ৰোতা জান-জুৰি, জলপ্ৰপাত, আন্তৰ্জাতিক সীমান্ত, খেয়ালি প্ৰকৃতিৰ ৰং-ৰূপ দেখুৱাই; একা-বেঁকা পথেৰে পৰ্যটকক ভ্ৰমণ কৰোৱাই; জাংগল চাফাৰি, বাৰ্ড ৱাচ্চিং, ট্ৰেকিং, কেম্পিং, পেৰা গ্লাইডিং, হোৱাইট ৱাটাৰ ৰাফটিং, এংলিং আদি অনেকবোৰ আনন্দদায়ক, জ্ঞানবৰ্ধক উপাদানৰ জৰিয়তে; ৰোমাঞ্চকাৰী এডভেন্সাৰ স্পৰ্টছৰ বেহা পাতি; মিছিমি ট্ৰেডিছনেল ইক কেম্প স্থাপন, পৰম্পৰাগত আহাৰ পৰিৱেশন, বাৰেবৰণীয়া সংস্কৃতি প্ৰদৰ্শন আৰু পৰ্যটন উৎসৱৰ মাধ্যমেৰে টাৱাং, মেন্-চু-খাৰ সমানেই ইয়াৰ মানুহবোৰো স্বাৱলম্বী হব পাৰে বুলি মোৰ মনত এটা সৰল ধাৰণা আগৰে পৰাই স্থিতি লৈ আছে ৷ এনেকুৱা সম্ভাৱনাবিলাকৰ প্ৰাচুৰ্যৰ বাবেই চাগৈ লাইন অফ একচুৱেল কণ্ট্ৰলৰ সিপাৰৰ পৰা ৰঙাচীনেও গিলোঁ গিলোঁকৈ থাকে ! অৰুণাচলখন চীনৰ অংগ বুলি এতিয়াও বহুতো চীনাই খোলাখুলিভাৱেই মন্তব্য কৰে বুলিও অভিযোগ আছে ৷ নিজৰ মানচিত্ৰত জোৰ-জবস্তি সুমুৱাই লয় ! আন নালাগে আমাৰ দেশৰ খুদ প্ৰধান মন্ত্ৰীৰ ভ্ৰমণ কালতে অৰুণাচলবিহীন উত্তৰ-পূৰ্বাঞ্চলেৰে ভাৰতবৰ্ষৰ মানচিত্ৰ প্ৰদৰ্শন কৰিবলৈও অকণো কুণ্ঠাবোধ নকৰিলে !
ইফালে ভাৰতৰ টুৰিষ্ট মেপত আনিনি কেতিয়াবাই অন্তৰ্ভুক্ত হব লাগিছিল যদিও যথাৰ্থত সেয়া আজিকোপতিও হৈ উঠা নাই ৷ ৰয়িং-মায়ডিয়া-আনিনি টুৰিষ্ট চাৰ্কিট এটা আছে ৷ আহ-যাহ কিমান চলে ? এই ঠাইৰ মানুহে অৰ্থনৈতিক উন্নয়নৰ বাবে দৰাচলতে কাৰো ওচৰতে হাত পতাৰ দৰকাৰেই নপৰে ৷ প্ৰকৃতিয়েই আনিনিয়ানক এক প্ৰচণ্ড শক্তিৰ একমাত্ৰ অংশীদাৰ, বিপুল বৈভৱৰ একমাত্ৰ স্বত্বাধিকাৰী কৰি থৈছে ৷ তাকে বুজি-বাজি, প্ৰকৃতিৰ প্ৰতি সদ্ভাৱ ৰাখি, সম্পদৰ সদ্ব্যৱহাৰ কৰিব লাগে ৷ দুই-একৰ চেলেঞ্জিং কাম-কাজবোৰে আমাক অভিভূত কৰি তোলে ৷ আশাবাদীও কৰি তোলে ৷
উদিত সূৰুযৰ লগে লগে প্ৰচুৰ সম্ভাৱনাৰ ক্ষেত্ৰ হিচাপে জনা যায় অৰুণাচল প্ৰদেশক ৷ ডিবাং ভেলীৰ সৌন্দৰ্যক অনন্য ৰূপ দান কৰিছে ইয়াৰ অধিবাসীসকলৰ সংস্কৃতি আৰু সম্ভাৱনাবোৰে ৷ সম্ভাৱনা থাকিলেও সুযোগৰ অভাৱ ৷ সুযোগৰ অপেক্ষাতে প্ৰজন্মৰ পাছত প্ৰজন্ম যেন ৰৈ আছে ৷ ৰৈ আছে অনিয়া, বচ্চনহঁতৰ দৰে মানুহবোৰ ৷ চৰকাৰৰ দায়িত্ব অনেক ৷
ৰবাৰ পৰা মেকুৰী এজনী আহি জুইকুৰাৰ উম লৈ বহিছিল ৷ বচ্চনৰ মাকলৈ চাই দুবাৰমান মিউ মিউ কৰিলে ৷ নিজৰ দোৱানত কিবা-কিবি তেৱোঁ কলে ৷ নিশ্চয় খাবলৈ লাগে তাক ৷ মাতষাৰ আমাৰবোৰতকৈ ডাঙৰ যেন অনুমান হল ৷ আকৃতিতো বেছ নোদোকা ৷
মোৰ বাঁওকাষৰ দেৱালখনতে গজাল মাৰি ওলোমাই ৰখা হৈছে এশাৰী খাং ৷ লগতে দা ৷ এফালে মোনাও আছে ৷ অৰুণাচলৰ অন্যান্য জনজাতিৰ দৰে ইদু মিছিমিৰো দা হৈছে প্ৰধান অস্ত্ৰ ৷ বুকুত ওলোমাই লোৱা, অজগৰৰ ছালৰ খাপত সোমাই থকা দাখন প্ৰতিজন মিছিমি পুৰুষৰ আপদ-বিপদৰ সংগী ৷ সেইখন নহলে বাহিৰলৈ এখোজ ওলোৱাটোও টান যেন ৷ লগত দাখন নাথাকিলে পৰম্পৰাগত সাজটোও হৈ পৰে আধৰুৱা ৷ মিছিমিসকল নিপুণ কাঠিয়ক ৷ ওলমি থকা বৈশিষ্ট্যপূৰ্ণ আৰু আদৰণীয় সাংস্কৃতিক সম্পদকেইটালৈ চাই চাই এনেকৈ ভাবি আছোঁ ৷ এটা কথা মনলৈ আহিল ৷ কালি বচ্চন মিপি আৰু চ তায়ুক দা ওলমাই ফুৰা হলে নেদেখিলোঁ ৷
৬.৩০ বাজিছে ৷ আৰু পৰি থাকিব নোৱাৰি ৷ উঠি যাওঁ ৷ কাঠৰ মজিয়াখনত ভৰি দিয়েই খৰধৰকৈ গজালত ওলোমাই ৰখা জেকেটটো টানিছোঁ ৷ ইস্‌, জেকেট নহয় যেন বেলেগ কিবাহে ! তেনেই সেঙেটা লাগি আছে ৷ বৰফ স্পৰ্শ কৰাৰ দৰে অনুভৱ হ'ল ৷ মোজা, টুপী, উলিকট ইনাৰতো খুলিব নোৱাৰিয়েই, এইটোকো এতিয়া দেহৰ উত্তাপেৰে প্ৰথমে গৰম কৰিহে লব লাগিব ৷ ইমানেই প্ৰকোপ চৰিছে শীতৰ ! ঘৰত থাকোঁতেই চোৱা একু-ৱেদাৰ ৰিপ'ৰ্টমতে উষ্ণতাৰ মাপ উচ্চতম ১০-১১ আৰু নিম্নতম ২-৩ ডিগ্ৰী পাইছিলোঁ ৷ ৰূম টেম্পাৰেচাৰ এতিয়া কিমাননো চলিছে নাজানো ৷
শিতানৰ কাষতে খিৰিকী এখন ৷ পৰ্দাখন চপাই দিলোঁ, বাহিৰখন চাওঁচোন বুলি ৷ ২০ ফুটমান আঁতৰত চৌহদৰ বেৰা ৷ তাৰ কাষে কাষে দীঘলীয়াকৈ বাঁহনি ৷ লিহিৰিপতীয়া বাঁহনিডৰাই কুঁৱলীৰ মাজেৰে যেন মোক পুৱাৰ সম্ভাষণহে জনালে ৷ দূৰলৈ একো নেদেখি ৷
কাহিলি পুৱাতে কেঁক্‌ কেঁক্‌ অদ্ভুত শব্দকেইটামান শুনা পাইছিলোঁ ৷ কিহৰ শব্দ ? তত্‌ ধৰিবকে পৰা নাছিলোঁ ৷ তেতিয়াই আচলতে টোপনি ভাগি গৈছিল ৷ বাথৰূমলৈ যাওঁ বুলি ওলায়ো বাৰাণ্ডাৰ পৰাই উভতি আহিলোঁ ৷ ধোঁৱা বৰণীয়া হৃষ্ট-পুষ্ট কুকুৰ এটা ষ্টেপৰ গুৰিতে শুই আছে ৷ কোনে ৰিস্ক লয় ? বাদ দিলোঁ ৷ কম্বলৰ ভিতৰত কুঁচি-মুচি সোমাই থাকিলোঁহি ৷
অচিন শব্দকেইটাৰ উৎসটো এতিয়া পিছে পাই গৈছোঁ ৷ বাঁহেৰে ঘেৰা এলেকা এটাত চীনা হাঁহ এহাল ৷ ইহঁতহালেই অলপ সময়ৰ কাৰণে হ'লেও মোক বিবুদ্ধিত পেলাইছিল ৷ কালি নিশা বাথৰূমলৈ যাওঁতে সেইফালে কুকুৰাৰ গড়াল আৰু কুকুৰা চকুত পৰিছিল ৷ তাৰ আগফালৰ পৰা ভাহি আহিছিল গাহৰিৰ ঘোঁট-ঘোঁট আৱাজ ৷ তাৰ মানে পোহনীয়া জন্তুৰ ভিতৰত এই ঘৰত হাঁহ, কুকুৰা, গাহৰি, কুকুৰ, মেকুৰী আছে বুলি এতিয়ালৈ নিশ্চিত হ'লোঁ ৷ ইমান চেঁচা ঠাইতো গৃহস্থালীৰ অংগস্বৰূপে এইবোৰৰ প্ৰতিপালন কৰিছেযে ৷ উৎসাহজনক কথা ৷
টুথব্ৰাছডাল হাতত লৈ অলপ সময় পায়চাৰি ৷ কমৰৰ এক্সচাৰ্চাইজ ৷ এনেতে বচ্চন কোঠাৰ পৰা ওলাই আহিল ৷ মোক গুডমৰ্নিং বুলি কৈয়ে বাহিৰলৈ পোনোৱা দেখি পাছে পাছে গলোঁ ৷ কুকুৰটো নাই যেনিবা ৷ পানী স্পৰ্শ কৰাটো একেবাৰেই সুখকৰ কথা নহয় ৷ কাটিহে নিব যেন ! তথাপি উপায় নাই ৷
বাহিৰখন মন কৰিছোঁ ৷ দীঘলীয়া পদূলিটোৰ দুপাৰে শাৰীকৈ পাইনজাতীয় অনুচ্চ গছ কিছুমান ৷ গেটখনৰ দিশে দুয়ো কাষে কীচেন গাৰ্ডেন আছে ৷ লাইশাক, ফ্ৰেন্সবীন আদি দেখিলোঁ ৷ হেঁদালি এখনো আছে ৷ মাটিবোৰ ছাইবৰণীয়া ৷
সন্মুখলৈ মূৰ তুলি চাওঁ যে ওখ পৰ্বত ৷ পৰ্বতৰ শৰীৰত বগা বগা সেইবোৰ ডাৱৰেইনে বৰফেই একো ধৰিব পৰা নাই ৷ নতুন ঠাই, আচহুৱা পৰিৱেশ ৷ মুখ ধুই উঠি স্নিগ্ধ পুৱাটিৰ এনেকৈয়ে দুটামান দৃশ্য উপভোগ কৰি ভিতৰ সোমালোঁ ৷ জুইৰ ওচৰত নবহিলে নোৱাৰি ৷ ৰাস্তালৈ ওলাই গৈ অকলে অকলে টহল দি অহাৰ ইচ্ছা এটা আছিল যদিও বাদ দিলোঁ ৷
অনিয়াৰ মাক পিলি মেয়াও উঠিল ৷ তেওঁ মোক গৰম পানী দিলে খাবলৈ ৷ অলপ পাছত চাহ-বিস্কুটো দিলে ৷ বচ্চনৰ মাকে গা ধুবৰ বাবে কেটলিটোৰ পৰা গৰম পানী লৈছে ৷ ময়ো গা ধুম বুলি আগ্ৰহ প্ৰকাশ কৰিলোঁ ৷ পৰহি ৰয়িঙতেই ধোৱা ৷ কালিতো ভালকৈ পানীয়ে নালাগিল ৷ তেওঁ মোলৈ চাই প্ৰশ্ন কৰিলে, ছেকেগা ? অৰ্থটো হল, ইমান ঠাণ্ডাত পাৰিবাজানো ? মই বোলোঁ, দেখেগা ৷ বাল্টিটো এহাতে লৈ হাঁহি হাঁহি বাহিৰ হ'ল তেওঁ ৷

আজি উৎসৱৰ আৰম্ভণিৰ দিন ৷ গতিকে প্ৰত্যেকেই গা ধুব ৷ বচ্চনৰ মাকৰ পাছত মোৰ নম্বৰ ৷ মোৰ পাছত বচ্চন ৷ নম্বৰ বুকিং লৈও ধেমালি কিছু হ'ল ৷ প্ৰথমেই গা ধুই মাক ফিল্ডলৈ গল ৷ কাম আছে তাত ৷ এইফালে আমি জুইকুৰাক ঘেৰাও কৰি আটায়ে বহি আছোঁ ৷ অনিয়াৰ মাকে জলপানৰ যা-যোগাৰ কৰিছে ৷ ৰিংকু আৰু বৌৱেকৰ আলোচনা, কোনে কি কি পিন্ধিব ৷ কোঠালিত সাজবোৰ উলিয়াইছে ৷ জোতা চাফা কৰিছে ৷ ওচৰৰ কোনোবা কোনোবা আহিছেও ৷ বিৰাট ব্যস্ততা ৷ অলপ পাছতে পানী গৰম হোৱাত মস্ত কেটলিটোৰে এক কেটলি দিলে মোক ৷ ধোঁৱাই থকা বাল্টিটো লৈ এইবাৰ মই বাহিৰ হ'লোঁ ৷
মৰ-জাৰক পৰাভূত কৰি ওলালোঁ বাথৰূমৰ পৰা ৷ যিমান সোনকালে পাৰি গৰম কাপোৰ পিন্ধা আৰু জুইৰ গুৰিত উপস্থিত হোৱা, এই দুটা মূল কাম ৷ যি কি নহওক, স্নানযুদ্ধত জয় লভিলোঁ ৷ অনিয়াই তেল, ক্ৰীম কিবা লাগিব নেকি চিঞৰি চিঞৰি সুধিছিল ৷ সেইবোৰ নচলে বুলি কোৱাত চুপ হ'ল ৷ জুইৰ কাষত বহোঁতেই গৰম চাহ একাপ দিলে ৷

কালি মোক ঘৰ চিনোৱা মহিলা দুগৰাকীও আহিছে ৷ পৰম্পৰাগত সাজত ধৰিবই পৰা নাই মই ৷ তাতে নিশা চকামকাকৈহে দেখা ৷ এতিয়া কথা হলোঁ ৷ বচ্চনৰ সম্বন্ধীয় অন্য লোকো আহিছে ৷ তেওঁলোকৰ লগতো পৰিচয় আৰু বাৰ্তালাপ চলিল ৷ ফেষ্টিভেল গ্ৰাউণ্ডলৈ আটাইবোৰ একেলগে যাব ৷ বচ্চন গা ধুই আহিল ৷ অনিয়াই ৱুটাচ্ছিকো ধুৱাই-পখলাই ইদু জেকেট পিন্ধাইছে ৷ অৰনো ওলাইছে টুপী আৰু হলৌ জেকেটেৰে টপতিয়াৰ হৈ ৷ বতৰ ঠাণ্ডা আৰু আকাশখন গোমা যদিও উৎসৱৰ আনন্দই পৰিয়ালটোৰ আটাইকে চুইছে ৷

আধা ঘণ্টামানৰ পাছত লগে-ভাগে জলপান ৷ আলু তৰকাৰি আৰু ভাত ৷ 'দিনত ফিল্ডতে ৰাজহুৱা খোৱা-বোৱাৰ ব্যৱস্থা থাকিব ৷ তাতে সকলোৱে খাব ৷ ঘৰত ৰন্ধা-বঢ়া নহয় ৷ ছাৰ আপ ভি ৱ'হা মে' খা লিজিয়ে ৷' অনিয়াই কৈ উঠিল ৷ মই প্ৰশ্ন কৰিলোঁ, 'তাত নিৰামিষ বুলিবলৈ থাকিবজানো ? নিশ্চয় নাথাকিব ৷' তাইৰ মুখমণ্ডল এতিয়াহে চিন্তাক্লিষ্ট হৈ পৰিল ৷ সহজ কৰি দিবলৈকে ক'লোঁ, 'মোৰ কাৰণে চিন্তা কৰিব নালাগে ৷ কেইগৰাহমান বেছিকৈ ভৰাই লৈছোঁ ৷ ভাত খাবলৈ নাপালেও নাই ৷ ৰে'হ ফেষ্টিভেল চাব পালেই হ'ল ৷' (ক্ৰমশঃ)

No comments:

Post a Comment