Thursday, 7 May 2020

৬.৯ উছৱৰ মধু আলোড়ন...



দিনৰ ১১ বাজি ২০ মিনিট ৷

ফটোগ্ৰাফাৰসকলৰ শ্বুটিং এক্‌চন দেখিয়ে বুজি পালোঁ যে মাননীয় মুখ্য মন্ত্ৰী আহি পাইছে ৷ জেনেৰেল গ্ৰাউণ্ডৰ প্ৰৱেশ-দ্বাৰত উদ্‌যাপন সমিতিৰ তৰফৰ পৰা প্ৰাথমিক ওলগনি, সাদৰ-সম্ভাষণ বিনিময় চলিছে ৷ বচ্চনৰ মাকহঁতৰো নাচ-বাগ তুংগত উঠিল ৷ সমিতিৰ কৰ্ম-কৰ্তাসকলৰ সৈতে মুখ্য মন্ত্ৰী এইফালে আহিব ধৰিছে ৷ শূন্যত দ্ৰোন কেমেৰা উৰিব লাগিছে ৷ বোকা-পানীৰ মাজে মাজে, শুকান বিচাৰি বিচাৰি এখোজ দুখোজকৈ আগুৱান হৈছে ৷ পিন্ধনত ৰঙা জেকেট আৰু জিন্‌ছ পেণ্ট ৷ আগে আগে কেইজনমান সশস্ত্ৰ ৰক্ষী ৷ পাছে পাছে অন্যান্য আমন্ত্ৰিত তথা সাংগোপাংগবৃন্দ ৷ দুয়ো কাষে শৃংখলাবদ্ধভাৱে থিয় হৈ অথনিৰে পৰা অপেক্ষা কৰি থকা ইদু ৰাইজলৈ চাই নমস্কাৰ দি আহিছে ৷ অলপ পাছতে মোৰ মুখৰ আগেদি পাৰ হল ৷ সোঁশৰীৰে দেখিলোঁ অৰুণাচল প্ৰদেশৰ যুৱ মুখ্য মন্ত্ৰী শ্ৰী পেমা খাণ্ডু মহোদয়ক ৷ ৰাজ্যখনৰ বৰ্তমানলৈকে মুখ্য মন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাসকলৰ ভিতৰত আটাইতকৈ কম বয়সীয়া ৷ ভাৰতবৰ্ষৰ বৰ্তমানৰ মুখ্য মন্ত্ৰীসকলৰ ভিতৰতো কনিষ্ঠতম ৷

৩০ এপ্ৰিল ২০১১ অৰুণাচল প্ৰদেশৰ বাবে এটা দুখৰ দিন আছিল ৷ সেইটো দিনতে টাৱাং অঞ্চলত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ শোকাবহভাৱে মৃত্যুবৰণ কৰিছিল তদানীন্তন মুখ্য মন্ত্ৰী দৰ্জী খাণ্ডুৱে ৷ তেওঁৰে জ্যেষ্ঠ সন্তান পেমা খাণ্ডু ৷ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু কলেজৰ স্নাতক ৷ ১৯৭৯ চনৰ ২১ আগষ্টত জন্ম ৷ পিতৃৰ আকস্মিক বিয়োগৰ পাছত টাৱাঙৰ মুকত সমষ্টিৰ পৰা ৩০ জুন ২০১১ত অনুষ্ঠিত নিৰ্বাচনত বিনা-প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈ বিধান সভালৈ আহে ৷ নাবাম টুকি চৰকাৰৰ কাৰ্যকালত ২০১৪ চনত তেওঁ পৰ্যটন, নগৰ উন্নয়ন আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী আছিল ৷ ১৭ জুলাই ২০১৬ত মাত্ৰ ৩৭ বছৰ বয়সত মুখ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰে ৷ পেমা খাণ্ডু অৰুণাচল প্ৰদেশৰ নৱমগৰাকী মুখ্য মন্ত্ৰী ৷

চাংঘৰত উঠিবলৈ গা-গছত খাজ কটা জখলা আছে ৷ তাৰেই পোনে পোনে ওপৰলৈ উঠাই নিয়া হল মুখ্য মন্ত্ৰী সমন্বিতে সন্মানীয় অভ্যাগতসকলক ৷ উপস্থিত জনতাও কাষ চাপি আহিল ৷ বোকা-পানীলৈ কাৰো যেন কেৰেপ নাই ৷ মুখ্য মন্ত্ৰীয়ে পতাকা উত্তোলনথলীত থিয় দিলে ৷ পতাকাৰ ৰছীডাল সদস্য এজনে হাতত ধৰাই দিলে ৷ কাষত নাৱাজউদ্দিন ছিদ্দিকী ৷ বিশিষ্ট অভিনেতা ৷ দুয়ো মিলি এটা মাত্ৰ টান ৷ নীল বৰণীয়া ৰেহ পতাকা নিমিষতে খোল খাই গল আৰু বতাহত আপোন-মনে নাচিব ধৰিলে ৷ ফুলৰ পাহি কিছুমান সৰি পৰিল তললৈ ৷ আগৰে পৰাই উপস্থিত থকা শিল্পীসকলৰ সমৱেত কণ্ঠত বাজি উঠিল উদ্বোধনী গীত ৷

চুঁ-চুঁকৈ আকাশত দ্ৰোন উৰি আছে ৷ কেমেৰাবোৰৰ পৰা ক্লিক্‌ ক্লিক্‌ শব্দ ভাহি আহিছে ৷ হাতে হাতে লৈ থকা ম'বাইল ফোনবোৰো কাৰ্যক্ষম হৈ পৰিছে ৷ ফটো নোতোলাকৈ কোনোৱেই নাই ৷ গীতটি শেষ হোৱাৰ লগে লগে মুখ্য মন্ত্ৰীয়ে ৰাইজলৈ চালে ৷ মিচিকিয়ালে আৰু হাত জোকাৰিলে ৷ সজোৰে কলে, হেপ্পী ৰেহ টু অল ৷ একেখন পতাকাৰ তলত সমৱেত হোৱা সংস্কৃতিৱান জনগণে হাত-চাপৰিৰে সঁহাৰি জনাই আনন্দ প্ৰকাশিলে ৷ আনিনিৰ জেনেৰেল গ্ৰাউণ্ডত কেন্দ্ৰীয় ৰেহ উদ্‌যাপন সমিতি ২০২০ৰ দ্বাৰা আয়োজিত ৰেহ উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন হৈ গল ৷ প্ৰকৃত ব্যস্ততাও যেন আৰম্ভ হৈ গ'ল এতিয়াহে ৷

বয়সস্থ ইদু লোকে কয়, সামূহিক ৰে'হ প্ৰথম উদ্‌যাপিত হৈছিল ৰ'য়িঙৰ চ্ছেটা নামৰ ঠাইত, বিগত ১৯৬৭ চনত ৷ এনেকুৱা সমাৰোহৰ ধাৰণাটো আছিল গিপুলিন গাঁৱৰ আকৰু মিহু, মিথুনদ' গাঁৱৰ ৰান' মিহু, আংৰিবিলি গাঁৱৰ ৰুগা মউ আৰু তুয়ি তায়ুৰ ৷ ইথুন, ড্ৰি, এম্‌ৰা, আহি, মাথু ভেলীৰ মানুহে উৎসৱত যোগদান কৰিছিল ৷ সমূহীয়া মংগল আৰু সমৃদ্ধি কামনাৰে ইষ্ট দেৱতাৰ নামত ৩৬টা মেঠোন আৰু ১৫টা গাহৰি উছৰ্গা কৰা হৈছিল ৷ পুৰোহিত আছিল বুচ্চু তাচ্চ' ৷ পেন' মেপ', দিংগ' মেপ', খেলে লিংগি, দাতু লিংগি, প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুট মিথিৰ মাক এনাচ্চি মেগা আদি লোক তেজুৰ পৰা আহিছিল ৷ অসমৰ ৰাজ্যপাল বি. কে. নেহৰু আছিল মুখ্য অতিথি ৷ সেই সময়ত গাড়ী-মটৰ নাছিল ৷ অসমৰ মহামহিম ৰাজ্যপাল হেলিকপ্টাৰেৰে আহি হেলিপেডত নমাৰ পাছত তাৰ পৰা ২ কিল'মিটাৰ খোজ কাঢ়ি ফেষ্টিভেল গ্ৰাউণ্ডলৈ গৈছিল ৷ সামূহিক ভৱন নিৰ্মাণৰ কাৰণে ১০,০০০ টকা পৰ্যন্ত বৰঙণি আগ বঢ়াইছিল ৷ পুৰণা বজাৰৰ ৰে'হক' বিল্ডিং এতিয়াও আছে ৷ ১৯৬৭ৰ পৰা সময় বাগৰি আজি ২০২০ ৷ চৰিত্ৰ হয়তো সলনি হৈছে, কিন্তু নিৰৱচ্ছিন্নভাৱে চলি আহিছে ৷ এয়া ৫২ সংখ্যক ৷ তিনিদিনীয়া উৎসৱৰ প্ৰথম দিনটো অৰ্থাৎ Andropu, দ্বিতীয় দিনটো অৰ্থাৎ Eyanli, তৃতীয় দিনটো অৰ্থাৎ Iyili যথাবিহিত পৰম্পৰাগত নীতি-নিয়মে আৰু উলাহ-আনন্দৰে পালন কৰিবৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱা হৈছে ৷

বৰফ-শীতল আবহাৱা, ওখ পৰ্বত আৰু সেউজীয়াৰ আৱেষ্টনী, বাৰেবৰণীয়া সাজ-পাৰৰ সমাহাৰ তথা সমন্বয়ত পৰিৱেশ তেনেই উৎসৱমুখৰ ৷ মুখ্য মন্ত্ৰী আৰু আলহীসকলক চাংঘৰৰ ভিতৰলৈ লৈ যোৱা হল ৷ এইফালে বাহিৰত, চাংঘৰৰ ওপৰৰ বাৰাণ্ডাৰ পৰাই মহিলাসকলে তলত থকা বিভিন্নজনলৈ আথে-বেথে আগ বঢ়াইছে অথনিৰে পৰা হাতত লৈ থকা একোটিকৈ চুঙা ৷ যিয়ে আগ বাঢ়ি গৈছে তাকেই দিছে ৷ হাঁহিমুখে দিছে ৷ হেতা-ওপৰা নাই ৷ পোৱাসকলে হেঁপাহেৰে চুমুক দিছে ৷ কাপসদৃশ চুঙাবোৰৰ ভিতৰত আছে সন্মানৰ চিনস্বৰূপ অকণমান য়ু অৰ্থাৎ ইদুসকলৰ ঘৰুৱা পানীয় ৷ উৎসৱ বুলি তৈয়াৰ কৰা হৈছে ৷ বচ্চন মিপি বা চ'ক' তায়ুক হ'লে য়ুৰ চুঙা লোৱাগৈ নেদেখিলোঁ ৷ অনিয়াহঁত ধৰ্মত খ্ৰীষ্টান ৷ ঘৰত য়ুৰ ব্যৱহাৰ নাই দেখা ৷ চাধা, চিগাৰেট, ভাং, কানি, গুটখা আদিৰো প্ৰচলন দেখা নাই ৷

বিশিষ্ট ব্যক্তিসকলক পেণ্ডেললৈ লৈ যোৱা হব ৷ ৰঙা কাৰ্পেটৰ দুয়ো পাৰে পৰম্পৰাগত সাজ পৰিহিত ডেকা-গাভৰুসকলে শাৰী পাতি অৱস্থান কৰিছে ৷ ঘোষকে ৰাইজকো সভাঘৰৰ ভিতৰলৈ গৈ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনালে ৷ আগফালৰ বাটটোৰে অভ্যাগতসকল সোমাব ৷ পাছফালৰ বাটটোৰে জনসাধাৰণক প্ৰৱেশ কৰিবলৈ অনুৰোধ কৰিছে ৷ চৌপাশ উদূলি-মুদূলি ৷ আকাশ মেঘাচ্ছন্ন যদিও বৰষুণ নাই ৷ এয়াই যেন আনিনিৰ চিৰপৰিচিত বতৰ ৷ ডাৱৰবোৰে পাহাৰক চুমা যাচিছে ৷ মানুহবোৰৰ মুখে মুখে হাঁহিৰ ৰেশ ৷

জনসমুদ্ৰত কোন কেনি গ'ল ঠিকনা নোহোৱা হ'ল ৷ মোৰ লগত থকাজনো হেৰাই থাকিল ৷ বোকা বাচি বাচি অপৰিচিত অন্যান্যসকলৰ লগতে ময়ো সোমালোঁগৈ প্ৰকাণ্ড পেণ্ডেলটোৰ ভিতৰত ৷ বহাৰ সুব্যৱস্থা আছে যদিও আসনবোৰ ইতিমধ্যে দখল হৈয়ে গ'ল ৷ বহাৰ আশা বাদ দিলোঁ ৷ থিয় হৈয়ে চাম ৷ একেবাৰে শেষত ৰ'ম, যাতে মন গ'লেই ওলোৱা-সোমোৱা কৰি থাকিব পাৰি ৷

লাইট, চাউণ্ডবক্স আদিৰে সুন্দৰভাৱে সজ্জিত ভিতৰছোৱা ৷ ঠাণ্ডা প্ৰতিৰোধীকৈ নিৰ্মাণ কৰা হৈছে ৷ পোনে পোনে সন্মুখলৈ আছে ওখ মঞ্চ ৷ মঞ্চটোৰ সোঁমাজত প্ৰকাণ্ড বেনাৰ এখন ৷ লিখা আছে 52nd Central Reh Celebration Anini, Dibang Valley District, A.P., 1-2 February 2020 ৷ দুকাষে ইদু কাপোৰৰ চানেকি ৷ দিনাংক ১-২ ফেব্ৰুৱাৰী বুলি উল্লেখ কৰা দেখিহে মোৰ মনত স্বাভাৱিকতে খোকোজা এটাৰ জন্ম হ'ল ৷ ১ৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে বুলি ফে'চবুক প'ষ্ট আৰু প'ষ্টাৰত পাইছিলোঁ ৷ ইয়াতচোন ১ আৰু ২হে লিখিলে ! কি কথা ? বেনাৰখনৰ ঠিক মাজতে এশাৰী বাক্য ৷ Abene Khakuwe Reh Khakuwe ৷ অৰ্থটো হ'ল Reh festival will always remain forever ৷ ৰে'হ চলি আহিছে আৰু চলি থাকিব ৷ ১৯৬৭ চনৰ সপোনটোক আগুৱাই নিয়াৰ যেন অনন্ত প্ৰয়াস আৰু সংকল্প ৷ সংস্কৃতি হেৰালে পৰিচয় হেৰায় ৷ পৰ্বতৰ গহ্বৰত বসতি কৰা ইদু ৰাইজো সজাগ ৷ ভাল লাগিল সামগ্ৰিক পৰিৱেশটো ৷

আনিনিৰ শীতল বুকুত উছৱৰ মধু আলোড়ন ৷ সুদৃশ্য পেণ্ডেল লোকে-লোকাৰণ্য ৷ ষ্টেজৰ ওপৰত এমূৰীয়াকৈ ৰখা হৈছে লেকচাৰ ষ্টেণ্ড এটা ৷ হাতত ফাইল লৈ সোনকালেই এজন হাজিৰ হ'লহি ৷ মাইক্ৰ'ফ'নটো অন কৰি টোকৰ দুটামান মাৰিলে ৷ কাৰ্যসূচী আৰম্ভ হ'ব এতিয়া ৷ মানুহবোৰৰ মনত কৌতূহল ৷ কেমেৰাটো ডিঙিত ওলমাই সভাঘৰৰ অন্তিম খুঁটাটোত হেলান দি পৰম উৎসুকতাৰে আলেখ-লেখ চাই ৰ'লোঁ মই ৷ (ক্ৰমশঃ)

No comments:

Post a Comment