Monday, 11 May 2020

৭.৪ সংগীতময় ৰে'হথলীত ৰাজকীয় এসাঁজ

বিপুল হাত-চাপৰিৰে সমাপ্তি ঘটা মুখ্য মন্ত্ৰীৰ ভাষণৰ পাছতে ভিন্নসুৰীয়া সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হল ৷ প্ৰথমেই ষ্টেজলৈ আদৰিলে জেলি কায়িক ৷ 
২০১৭ চনত অনুষ্ঠিত ছনী এণ্টাৰটেইনমেণ্ট টেলিভিচন ইণ্ডিয়াৰ মিউজিক ৰিয়েলিটি শ্ব, মেগা মিউজিকেল কনটেষ্ট Indian Idol Season 9ৰ পঞ্চম অপসাৰিত প্ৰতিযোগী আছিল ইটানগৰৰ জেলি কায়ি ৷ ২০১৬ চনৰ ২৪ ডিচেম্বৰত দিল্লী অডিচনত জেলিয়ে পৰিৱেশন কৰিছিল হিন্দী বোলছবি দিল চাহতা হে’’ত চনু নিগমে কণ্ঠদান কৰা তনহায়ি, তনহায়ি গীতটো ৷ সেই গীতটোৱে জেলিক আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছিল ৷ চনু নিগম, অনু মালিক, ফাৰা খানৰ দৃষ্টিত তেতিয়াই ধৰা পৰিছিল অৰুণাচলৰ ভিতৰুৱা অঞ্চলৰ প্ৰতিভাসম্পন্ন উদীয়মান গায়কজন যি মুম্বাইত অনুষ্ঠিতব্য পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশৰ পথ প্ৰশস্ত কৰি পেলাইছিল নিজৰ সুৰীয়া গায়কীৰ যাদুৰে ৷

ৱে'ষ্ট চিয়াং জিলাৰ সদৰ চহৰ আলৰ কাষৰীয়া লিৰম্‌বা গাঁৱত জেলি কায়িৰ জন্ম ৷ ৮ বছৰ বয়সৰ পৰাই গান গায় ৷ লিৰম্‌বা ছেকেণ্ডাৰী স্কুল, কাম্বা হায়াৰ ছেকেণ্ডাৰী স্কুলত শিক্ষা গ্ৰহণৰ পাছত ইটানগৰৰ দেৰা নাতুং চৰকাৰী মহাবিদ্যালয়ৰ পৰা কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে ৷ ইটানগৰত অনুষ্ঠিত ভইচ অফ্‌ অৰুণাচলতো শীৰ্ষ তিনি প্ৰতিযোগীৰ এজন আছিল ৷

দৃঢ় সংকল্প আৰু অধ্যৱসায়ে জেলি কায়িক প্ৰতিষ্ঠা কৰিছে অৰুণাচল প্ৰদেশৰ Musical Ambassador ৰূপে ৷ ছচিয়েল মেডিয়াতো তেওঁ বেচ জনপ্ৰিয় ৷ পুৰুষ আৰু নাৰী, উভয় কণ্ঠৰে গান গাব পৰা বিশেষত্বপূৰ্ণ তথা বিৰল প্ৰতিভাৰ অধিকাৰী জেলি কায়ি ৷ উজ্জ্বল ভৱিষ্যতৰ দাবীদাৰ, Mr. Sensation বুলি খ্যাত ২৯ বছৰীয়া সংগীত শিল্পীজনে মিউজিক ট্ৰেক বজাই কেইবাটাও থলুৱা আৰু হিন্দী গীত পৰিৱেশন কৰিলে আনিনিৰ ৰেহ ফেষ্টিভেলৰ মঞ্চত ৷ নাৰী-পুৰুষৰ দ্বৈত কণ্ঠৰ গীত আগতে শুনা নাছিলোঁ ৷ প্ৰথমবাৰলৈ শুনি খুবেই আচৰিত আৰু চমৎকৃত হলোঁ ৷ ৰেহ উৎসৱলৈ আহি কব নোৱাৰাকৈয়ে এনে এক শিল্পীকো নভবাকৈয়ে চকুৰ আগত দেখা পাই অত্যন্ত সুখী আৰু সন্মোহিত হৈ পৰিলোঁ ৷

জেলি কায়িৰ পাছত মঞ্চলৈ আহিল প্ৰকৃতি গিৰি ৷ নেপালৰ গায়িকাগৰাকীয়ে সহশিল্পী এগৰাকীৰ সৈতে ন-পুৰণি জনপ্ৰিয় হিন্দী আৰু নেপালী গীত উপহাৰ দিলে ৷ আনিনিত নেপালী মানুহ কিছু নথকা নহয় ৷ কষ্টসহিষ্ণু আৰু সাহসী নেপালী লোকসকলকে এসময়ত চৰকাৰী কাৰ্যালয়ত মকৰল কৰা হৈছিল ৷ কিছু লোকে এতিয়াও চাকৰি, বেহা-বেপাৰেৰে জীৱন নিৰ্বাহ কৰি আছে ৷ উন্নত জীৱন-জীৱিকাৰ সন্ধানত পাছৰ প্ৰজন্ম বাহিৰলৈ ওলায়ো গৈছে ৷

সভা সমাপ্ত হওঁতে ৩ বাজিবৰে হল ৷ শেষ হোৱাৰ লগে লগে মানুহবিলাকে ৰাজহুৱা খাদ্যথলীলৈ পোনাইছে ৷ সকলোৰে বাবে তাত খাদ্যৰ দিহা কৰা হৈছে ৷ ভাত খোৱাৰ ইচ্ছা মোৰ নাই ৷ কিন্তু বচ্চন মিপি আৰু চ তায়ুক লগ পোৱাত দুয়ো সেইফালেহে টানিলে ৷ নগ'লেও কথাটো বেয়া হয় ৷ গতিকে লগতে উজান দিবলগীয়া হৈছে ৷

কাল ৰাত আপ নে কহা থা মিটিং মেহী চব বল দিয়া ! বচ্চনে মোক লগ পায়ে পোনছাটেই এনেকৈ কলে ৷ মন্তব্যটো শুনি আনন্দ পালোঁ ৷ জুহালৰ আলোচনাত কালি ৰাতি কৈছিলোঁ, হয় ৷ অলপ আগতে সামৰণি পৰা সভাখনতো বক্তাসৱৰ মুখেৰে অনুৰূপ বক্তব্য ওলোৱাত মোৰ কথাখিনিৰ যেন ওজন আৰু সত্যতা বাঢ়ি গল ৷ বচ্চনলৈ চালোঁ ৷ সুখী সুখীযেন লাগিছে ৷

প্ৰতিখন ঠাইৰে একোটা স্বকীয়তা থাকে বচ্চনভাই ৷ সৌফালে একেবাৰে পশ্চিমত টাৱাং ৷ টাৱাংটো টাৱাঙেই ৷ পৰ্যটনৰ দিশত কেতিয়াবাই আগ বাঢ়িল ৷ চেণ্ট্ৰেল অৰুণাচলত মেন-চু-খা ৷ কোনোৱে কয়, Ladakh in greenery ৷ চাৰিটাকৈ দৰ্শনীয় চিজন আছে মেন্‌-চু-খাৰ ৷ আৰু এইমূৰে, এইখন আনিনি ৷ টাৱাং আৰু মেন-চু-খাৰ যেন এক মিশ্ৰণ, সঁচাকৈ ! পুনৰাবৃত্তি কৰিলোঁ ৰাতি কোৱা একেখিনি কথাৰ ৷ আজি বহুজনে দোহাৰি যোৱাত জোৰ বাঢ়িছে ৷ বচ্চনে মূৰ জোকাৰি শলাগি থাকিল ৷ নিজৰ ঠাইখনৰ গুণ-গান শুনি কোননো সুখী আৰু গৰ্বিত নহ'ব ? তেৱোঁ হ'ল ৷ ভৱিষ্যতৰ বাবেও কিবা এটা ভাবিবৰ অৱকাশ আহি গ'ল এতিয়া ৷ সভাখনে উপস্থিত সকলোকে আশান্বিত কৰি তোলা যেন মোৰ ধাৰণা হৈছে ৷ মানুহে আগ বাঢ়ি যাবলৈ দিহা এটা পালে ৷ আজিৰ সভাৰ এইটো এটা ডাঙৰ প্লাছ পইণ্ট ৷ ইমান মানুহ একেলগে গোট খোৱাটো, আনিনিৰ বাবে হয়তো ডাঙৰ কথাই হ'ব ৷ কিন্তু আনিনিয়ানে পালে কি ? সেইটো তাতোকৈও গুৰুত্বপূৰ্ণ কথা ৷

ভিৰৰ মাজত জনজাতীয়-অজনজাতীয় সকলো লোকেই খাদ্যৰ কাৰণে শাৰী পাতিছে ৷ এক সমন্বয়স্থললৈ পৰ্যবসিত হৈছে চামিয়ানাৰ তলখন ৷ মুখবোৰত হাঁহি-আনন্দৰ জিলিঙনি ৷ কিবা প্ৰসংগ লৈ কোনোবা কোনোবাই হৌ-হৌৱাই হাঁহিছেও ৷ 'ইনভেষ্টিগেট কৰনা পৰেগা, নিৰামিষ আইটেম হে' য়া নেহী ৷' চ তায়ু অনুসন্ধানত নামি গল ৷ কাৰণ তেৱোঁ মোৰ দৰে নিৰামিষভোজী ৷ তাতে এইখন সবাহত মই হ'লোঁ আলহী ৷

কৌপাতেৰে বন্ধা টোপোলা ভাত একাষে দমাই থোৱা দেখা পাইছোঁ ৷ বিধে বিধে মাংসও আছে ৷ কাৰণ মানুহক লৈ ওলাই অহা দেখিছোঁ ৷ অলপ পাছতে খবৰ আনিলেই চ'ক' তায়ুৱে ৷ 'নিৰামিষ চব্‌জি কুচ নে'হী হে' ৷ ফিছ্‌ হে', পৰ্ক হে', চিকেন হে' ৷' কি হব এতিয়া ? পিয়াহ লাগি আছিল ৷ পানী এবটল খুজি ললোঁ ৷ ভাত নাখালেও অৱশ্যে একো অসুবিধা নাই মোৰ ৷ বাকী দুজনৰ বাবেহে ইয়াত খপিবলগীয়া হৈছে ৷ অন্যথা ইমানপৰে চাংঘৰত উঠিলোঁগৈয়েহেঁতেন ৷

আলেখ-লেখ চাই ৰৈ আছোঁ ৷ তেওঁলোক দুয়োৰে চিনাকি যুৱক এজন চাপি আহিল ৷ ডিঙিয়ে-কান্ধে দুটা ডাঙৰ ডাঙৰ কেমেৰা ৷ হাঁহি-মাতি কথা চলি থাকোঁতেই মোৰ কেমেৰাটো তেওঁক দিলোঁ ৷ স্নেপ কেইটামান লৈ দিলে ৷ অগ্নি মিহু ৷ চ তায়ুৱে ফেচবুকত এইজন আলোকচিত্ৰ শিল্পীয়ে তোলা ছবিকেই আপলড কৰিছিল ৷ তেতিয়া ফটো দেখিছিলোঁ ৷ এতিয়া ফটোগ্ৰাফাৰক লগ পালোঁ ৷ মনে মনে আচৰিত হোৱাৰে কথা ৷

তায়ু কোন টলকত জানো নোহোৱা হৈ থাকিল ৷ বচ্চনৰ আগত আচ্‌হিছৰ বিষয়ে উলিয়াইছোঁ ৷ 'ক্যা হ'গা, হামাৰা আচ্‌হিছ' প্ৰগ্ৰামকা ?' যেন সঠিক সময়ত মনত পেলাই দিলোঁ ! পূৰ্বতে কথা পাতি থোৱা ড্ৰাইভাৰৰ নম্বৰটো উলিয়াই লৈ ডায়েল কৰাত লাগি গ'ল ৷ ফোনত নোপোৱাত মোক তাতে ৰ'বলৈ কৈ ততাতৈয়াকৈ সেইজনক বিচাৰি গল বচ্চন ৷ এতিয়াই সকলো ঠিক কৰি পেলাব লাগিব ৷ ভাত খায়ে যাত্ৰা কৰিব লাগিব ৷ মিনিষ্টাৰসকল গ'লেই চাগৈ ৷

অকস্মাতে দুয়ো সংগী অন্তৰ্ধান হোৱাত অকলে অকলে ইফাল-সিফাল কৰি আছোঁ ৷ মানুহবোৰলৈকে চাই আছোঁ ৷ যেনি-তেনি বহি হাঁহি-ধেমালি কৰি ভাত-মাংস খাই আছে ৷ অলপ পাছতে চ তায়ু উপস্থিত হ'লহি ৷ 'চলিয়ে, উধাৰ ৷' মই বোলো ক'লৈ নিয়ে ? তেওঁ মোক পেণ্ডেলৰ সিটো কাষেৰে পকাই নি পাছফালে থকা ভি.আই.পি. ডাইনিং হলত সুমুৱাই দিলে ৷

বাধা নাই ৷ তাতে চ'ক' তায়ুৰ ডিঙিত চেলিব্ৰেচন কমিটিৰ প্ৰচাৰ সম্পাদকৰ আইডেণ্টিটি কাৰ্ড সদম্ভে ওলমি আছে ৷ মোৰহে তেনেকুৱা চিন-মোকাম একো নাই ৷ অভকতীয়াৰ অনুপ্ৰৱেশ !

ধক্‌ধকীয়া আৰু সুসজ্জিত ৰূপত চোফা, টেবুল-চকীবোৰ খালী হৈ পৰি আছে ৷ মন্ত্ৰী-এম.পি.-এম.এল.এ., উচ্চবৰ্গীয় আমোলাসকলে ইতিমধ্যে আহাৰ গ্ৰহণ কৰিলে আৰু ফেষ্টিভেল গ্ৰাউণ্ড এৰি ধাৱমান হ'ল আচ্‌হিছ'লৈ ৷ শান্তিপূৰ্ণ আহাৰথলীৰ ভিতৰত এই মুহূৰ্তত খাৱৰীয়া কেৱল আমি দুয়োহে ৷ শাৰী পতা আছে আমিষ-নিৰামিষ বিবিধ ব্যঞ্জন ৷ গৰম গৰম খানা ৷ ৰাজকীয় আতিথ্য ৷ ভাগে ভাগে তুলি লৈ এখন টেবুল অধিকাৰ কৰি চ'ক' তায়ু আৰু মই বহি গলোঁ ৷ প্লে'টভৰ্তি নিৰামিষ খাদ্য দুয়োৰে মুখৰ আগত ৷ পানীৰ বটলো আছে ৷ বচ্চন ক'ত নাজানো ৷ নিজকে মিনিষ্টাৰৰ সৈতে ৰিজাই বেচ ৰগৰ কৰি খালোঁ দুয়ো ৷

নেতা-অভিনেতাত ৰস নোপোৱা মানুহ ৷ ইয়ালৈ আহি নেতাও দেখিলোঁ, অভিনেতাও দেখিলোঁ ৷ পৰম্পৰাগত লোক-শিল্পী আৰু কৰ্মাচিয়েল শিল্পী উভয়কে দেখিলোঁ-শুনিলোঁ ৷ ভাত নাখাওঁ নাখাওঁ বুলি আছিলোঁ ৷ পিছে দানে দানে পৰ লিখা হে' খানেৱালেকা নাম !  ভি.আই.পি.ৰ ভাগৰ চৰকাৰী খানাও খাবলৈ পালোঁ, চ তায়ু আৰু মই ৷ বচ্চনৰ নামহে লিখা নাছিল ৷ (ক্ৰমশঃ)

No comments:

Post a Comment