Monday, 25 May 2020

৮.১ আচ্‌হিছ, Place of rainbows


দুপৰীয়া ঠিক ১২ বজাত আমি লক্ষ্যস্থল আহি পালোঁ ৷ নতুনকৈ মুকলি কৰা পিক্‌নিক্‌ স্পটটো তলত, নৈৰ বুকুত আছে ৷ তালৈ ১ কিলমিটাৰমান হব বুলি বচ্চনে জনালে ৷ ইয়াৰ পৰা খোজ কাঢ়িব লাগিব ৷ যাবলগীয়া কেঁচা ৰাস্তাটোলৈ চাই অনুমান হৈছে, ঠাইছোৱা মুকলি কৰা আৰু বাট কাটি উলিওৱা বৰ বেছি দিন হোৱা নাই ৷ মুখ্য মন্ত্ৰী আহিব বুলিয়ে কৰা হৈছে চাগৈ ৷ নহলে লুং-লুঙীয়াই আছিল ৷ অত-তত ৰঙীন পতাকা পুতি থৈছে ৷ পতাকাবোৰেই যেন বাটৰো নিৰ্দেশনা ৷ সোঁৱে-বাঁৱে আগে-পাছে স্পষ্ট হৈ পৰিছে ইমানদিনে উচ্চাৰণ কৰি থকা আচ্‌হিছ, ডেমবিউনৰ অকল্পনীয় দৃশ্যপট ৷ পৰ্বত, নদী, বৰ্ষণমুখৰ পৰিৱেশৰ লক্ষ্যণীয় একক বৈশিষ্ট্য ৷ ড্ৰি উপত্যকা এয়া ৷ বৰষুণৰ পৰিমাণ আনিনিতকৈও এইফালে বেছি বুলি জানো ৷

গাড়ীৰ পৰা নামি এইটো প্ৰান্তৰ মটৰেবল শেষভূমিৰ স্পৰ্শসুখ গ্ৰহণ কৰিলোঁ ৷ ঠিক নমাৰ মুহূৰ্ততে আচ্‌হিছৰ আকাশমণ্ডলেৰে মুকুতাসদৃশ টোপাল কিছুমান নামি আহিল ৷ ব্যাখ্যা কৰিব নোৱাৰা যেন এক ঈশ্বৰীয় পৰিঘটনা ! বহুপ্ৰত্যাশিত যাত্ৰাটো সফল হোৱা বুলিয়েই আত্মসন্তুষ্টি লভিলোঁ ৷ আমেৰিকান লেখক ক্লাউড এম. ব্ৰিষ্টলে কোৱা, আমি যি প্ৰত্যাশা কৰোঁ সেইটোহে সাধাৰণতে লাভ কৰোঁ’, কথাষাৰৰেই যেন প্ৰতিফলন !

বতৰৰ আগলি বতৰা অধ্যয়ন কৰিয়ে লগত ৰেইনকোট লৈ অহা হৈছিল ৷ জেকেটৰ ওপৰতে পিন্ধি ললোঁ ৷ কালি বচ্চনৰ পৰা এইটোও গম পাইছিলোঁ যে ইয়াত ঠাণ্ডাও আনিনিতকৈ বেছি হব ৷ ঘৰত থাকোঁতেই চোৱা আগতীয়া একু-ৱেদাৰ ৰিপৰ্টৰ মতে আজিৰ তাৰিখত আচ্‌হিছত তাপমাত্ৰা সৰ্বোচ্চ ২ আৰু সৰ্বনিম্ন -৩ ডিগ্ৰী চেলচিয়াচ হ'ব বুলি নোটবুকত লিপিবদ্ধ কৰা আছিল ৷ উষ্ণতামাপক নাই মোৰ ৷ তথাপি, যি চলি আছে তালৈ চাই আগজাননী সত্য যেনেই বোধ হৈছে ৷ সিম্‌সিমীয়া বৰষুণজাক অলপমান দিয়েই ৰল যেনিবা ৷

নিৰিবিলি নৈপৰীয়া অঞ্চল এটা ৷ প্ৰদূষণমুক্ত বায়ুমণ্ডল ৷ এনে লাগিছে, কোনোবা নতুন দিগন্তলৈ যেন বাট বুলিছোঁ ! চৌপাশক চোৱাৰ জিজ্ঞাসাবোধে উতলা কৰি তুলিছে ৷ সদলবলে আমি তললৈ খোজ ললোঁ ৷ পিঠিত বোজা বুলিবলৈ মোৰ স্কুলবেগটোৰ বাদে কাৰো একো নাই ৷ চকুৱে-মুখে কেৱল কৌতূহল বিৰাজ কৰিছে ৷ কথা পাতি, হাঁহি-মাতি, শাৰী পাতি গৈ আছোঁ নামি ৷ ৰাস্তাটোৰ কাষে কাষে বিহলঙনিৰ বিশালতা দেখা গৈছে ৷ তামৰঙী বিহলঙনিডৰা ইফালে-সিফালে বাগৰি পৰিছে ৷ কঁকাল পৰ্যন্ত ওখ হ'ব যেন লাগিছে ৷ মেন-চু-খা, ডঙতো অনুৰূপ বিহলঙনিৰ ৰাজ্য পৰিলক্ষিত হৈছিল ৷

ক্ৰমান্বয়ে নিম্নগামী বাটটোৰ দুকাষে অসংখ্য গাড়ী ৷ স্কৰপিঅ, বলেৰ, থাৰ, ছুম, এনদেভৰ, ইছুজু, চাফাৰী আৰু কত কি ! সৰহভাগৰে ৰং বগা ৷ মুখ্য মন্ত্ৰীৰ কনভয়ৰ ৰঙা ফ্লেগ, সেউজীয়া ফ্লেগ লগোৱা গাড়ীও ৰৈ আছে ৷ পাৰ্বত্য পৃষ্ঠপটত চাই কিবা এটা ভাল লাগিছে ৷ থূপ খাই থকা বাহনবিলাক দেখি এনে লাগিল, যেন আনিনিখন উঠি আহিল ইয়ালৈ ! অৰুণাচল চৰকাৰৰ বৰমূৰীয়া কেইবাজনোতো আছেই কালিৰে পৰাই ৷

একে সময়তে, অদূৰত, মুখৰ পোনে পোনে স্পষ্ট ৰূপত লক্ষ্যণীয়ভাৱে ছোৱা ছোৱাকৈ বৃক্ষশূন্য পৰ্বতৰ শৰীৰ ৷ দেখা পাই হৃদয়ত বেথা জন্মিছে ৷ কোন ওলাবহি পাৰে ইয়াত বন ধ্বংসকাৰী ? অন্য প্ৰশ্ন কিছুমানো জাগিছে ৷ গছ-গছনি নোহোৱাৰ কাৰণটো অৰণ্য-বিজ্ঞানৰ মানুহেহে জানিব অৱশ্যে ৷ অহাৰ বাটত কোনো কোনোফালে পৰ্বতৰ বৰণ কলা দেখিও চিন্তিত নোহোৱা নহওঁ ৷ তাৰ কাৰণ বিশ্লেষণো তেওঁলোকেহে সঠিকভাৱে কৰিব পাৰিব ৷

আৰু নামি যাওঁতে পোনে পোনে ঘৰ এটা ৷ নৱনিৰ্মিত টুৰিষ্ট লজ ৷ সদ্যহতে ৰান্ধনীশাল হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ পুতি ৰখা ভিন্নৰঙী পতাকা কিছুমান শাৰী শাৰীকৈ দুলি আছে ৷ সেনাৰ পোছাক পৰিহিত লোকৰ আহ-যাহ চলিছে ৷ মানুহ কিছুমানে জুই ধৰি ঘৰটোৰ সোঁকাষে জুম পাতি পাতি উত্তাপ লৈ আছে ৷ অগ্নিয়ে অন্তিম ভাৰসা ৷ খৰিৰ অভাৱ নাই যেনিবা ইয়াত ৷

ৰাস্তা শেষ ৷ মুখৰ আগত ষ্টেপ কেইটামান ৷ নামিয়ে অতিথিশালাটোৰ চোতালেৰে বাঁওফালে যোৱাৰ নিৰ্দেশ ৷ ৰান্ধনীঘৰৰ দৰজাৰ কাষ পাওঁতেই বচ্চন আৰু চক কোনোবা চিনাকি মুখে দেখা পালে ৷ চিঞৰি মাতিলে ৷ খাদ্য লৈ যাবলৈ তাগিদা দিলে ৷ ভালেই পালোঁ পেটে পেটে ৷ ঘৰত খাই অহা ৰুটীকেইটা ইতিমধ্যে হজম হৈছিল ৷

অনিয়া নেতৃত্বাধীন মহিলা ব্ৰিগেডৰ সমূলি ভ্ৰূক্ষেপ নাই ৷ তিনিওজনীয়ে আমালৈ নৰৈ ধা ধা ছুটি মেলিছে ৷ ৰাস্তা চিনি পাইযেনো লাগিল ৷ জানো, সিহঁতৰ লক্ষ্য এটাই ৷ নাৱাজউদ্দিন ছিদ্দিকী ৷ কত আছে মানুহজন ? প্ৰথমে সেইটো জানিব লাগে ৷ তাৰ পাছত ফটোৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগে ৷ নহলে ইয়ালৈ অহাটোৱে বৃথা হব ৷ সুযোগ বাৰে বাৰে নাহে ৷ সেয়ে আমাৰ লগত ৰৈ থকাৰ সকাম নাই ৷ লাগিলে খাবলৈ নাপাওকেই ৷

এইফালে, পাছফালেদি পাকঘৰটোত আমাৰ তিনিওৰে অনধিকাৰ প্ৰৱেশ ঘটিল ৷ হাতখনতকৈও দীঘল আৰু সেই অনুপাতে বহল কৌপাত কিছুমান এচুকত দম লাগি আছে ৷ নিজ হাতে তুলি ল'লোঁগৈ ৷ তাৰ পাছত ডেক্‌চিৰ ঢাকোন দাঙি দাঙি এবিধ এবিধকৈ খাদ্য-বস্তু সংগ্ৰহ ৷ পানীৰ বটলো ল'লোঁ ৷ যি বুজিলোঁ, ইয়াত কোনেও ভোকত থাকিবলগীয়া হোৱা নাই ৷ সকলোৰে বাবে খাদ্য অপৰ্যাপ্ত ৷ ব্ৰেকফাষ্টত দক্ষিণ ভাৰতীয় আহাৰ পৰিৱেশন কৰা হৈছিল ৷ আমিও বান্ধি লৈছোঁ ইদলী, চম্বৰ, উপমা, পনীৰ তৰকাৰি আদি ৷ ইচ্ছানুযায়ী লব পাৰি ৷ একো বাধা নাই ৷ নভবা-নিচিন্তাকৈ হঠাতে পাই যোৱা কাৰবাৰতো দেখি তিনিওৰে খুব স্ফূৰ্তি লাগিল ৷

গছ-গছনিবোৰৰ ফাঁকেৰে মন কৰিছোঁ, চকুৰ আগত ৰৈ আছে নন্দন-কানন ভাহি উঠাৰ দৰে এক অভাবনীয় দৃশ্য ৷ ড্ৰি নৈখন এইখিনিত অধিক বহল হৈ পৰিছে ৷ দুপাৰৰ সুন্দৰতাৰ মাজত অৱস্থান এক নদীদ্বীপৰ ৷ যেন ৰম্যপুৰীহে ! আচ্‌হিছৰ আকৰ্ষণীয় স্নেপ কিছুমান ফে'চবুক্‌ৰ DIBANG AN INCREDIBLE VALLEYত দেখিছিলোঁ ৷ মাননীয় সাংসদ কীৰেন ৰিজিজু ডাঙৰীয়ায়ো আপলড কৰিছিল ৷ দেখিয়ে উদ্বাউল হৈছিলোঁ তেতিয়া ৷ আৰু আজি, এয়া আহি উক্ত থলীত উপস্থিত হ'ব পাৰিলোঁ ৷ মুখ্য মন্ত্ৰীৰ আহাৰৰ ভাগো আকৌ এবাৰ পালোঁ ৷ অভিযান সফল হোৱাত ঈশ্বৰক ধন্যবাদ জনালোঁ মনে মনে ৷

পতাকা পোতাই আছে ৷ আঁতৰি যোৱা লুংলুঙীয়া বাটটো মানুহৰ আহ-যাহত বহল হৈ পৰিছে বুলি সতকাই ধৰিব পাৰি ৷ ঠায়ে ঠায়ে বোকাও উঠিছে ৷ বাঁহেৰে সজ্জিত কিবা এটাৰ সামান্য একাংশ সেইটোমূৰে ওলাই আছে ৷ বাঁওহাতে কেইমিটাৰমান আহিয়ে ওলমা দলং এখনৰ ঠিক গুৰিতে থিয় দিলোঁহি ৷ কেঁচা, গোটা বাঁহৰ সাজোন ৷ বিচিত্ৰ দৃশ্যপট ৷ একে অৱস্থানতে থৰ লাগি ৰ'লোঁ ভালেপৰ ৷ তাৰ পাছতহে চৌদিশে দৃষ্টি নিগৰাইছোঁ ৷ সাজি ৰখা দলং, তম্বু, মঞ্চ, ক্ৰীড়াংগন আদিৰ সৈতে বোঁৱতী নৈ, মেঘাবৃত পৰ্বত মিলি বৰ্ণময় হৈ পৰিছে ৷ যেন বিশিষ্ট শিল্পীৰ দ্বাৰা অংকিত পেইণ্টিংহে ! Place of rainbows বুলি অভিহিত এয়াই আচ্‌হিছ ৷ নতুন টুৰিষ্ট স্পট ৷ আনিনিৰ পৰা প্ৰায় ৩০ কিল'মিটাৰ নিলগত ৷ হেঁপাহ কৰি অহা আচল জেগাকণ পালোঁহি ৷ (ক্ৰমশঃ)

No comments:

Post a Comment