Tuesday, 19 May 2020

২ ফেব্ৰুৱাৰী ২০২০, দেওবাৰ
৭.৭ আনিনিৰ আশাভৰা পুৱাটি



দুখনকৈ গদহা কম্বলৰ ভিতৰত মেৰ লৈ নিজকে হাইবাৰনেচন অৰ্থাৎ শীতনিদ্ৰাত আত্মগোপন কৰি থকাৰ দৰেই লাগিছিল ৷ মধ্যনিশা কোনোবাই অনিয়া, অনিয়া বুলি পৰা আটাহে কাউৰী-ঘুমটিটো হঠাতে ভাঙি দিলে ৷ বাৰাণ্ডাৰ লাইট জ্বলি আছে ৷ বচ্চন মিপি দুৱাৰমুখত থিয় ৷ কি কথা ? বচ্চনক তেনেকৈ দেখি প্ৰথমে তত্‌ ধৰিব পৰা নাছিলোঁ ৷ 
ৰিংকু কোনোবা সম্বন্ধীয় লোকৰ ঘৰত থাকিব হেনো ৷ তাকে মহিলা এগৰাকীয়ে অনিয়াক বাহিৰৰ পৰাই চিঞৰি চিঞৰি জনাইছে ৷ মাজনিশাখন, এই মৰ-ঠাণ্ডাত, এনেকৈ খবৰ দিছেহি ! আচৰিত নহৈ নোৱাৰিলোঁ ৷ কি কৰিব ? ফোনেৰে কবলৈ নেটৱৰ্ক জীয়াই থাকিলেহে ! নিজেও ঘৰলৈ বুলি কালি ৰাতিয়ে যি এবাৰ পাইছিলোঁ ৷ তাৰ পাছৰে পৰা আৰু নাই ৷ হেৰাই যোৱাৰ আনন্দ লৈ আছোঁ !
কোনেনো মাতিছে, কিনো হৈছে বচ্চন আৰু মাক দুয়ো তাৰেই বুজ লৈ আছিল ৷ য়াচ্ছু মিহু অকণমান আগে আগেহে ঘৰ সোমাইছে ৷ বচ্চন তেওঁতকৈ কিছু আগতে ৷ ১১.৩০মানত বুলি কলে ৷ এতিয়া ১২ বাজে ৷ প্ৰগাম শেষ হোৱাই নাই ৷ নিজান ৰাতি ফিল্ডৰ পৰা ৰিণি ৰিণি ভাহি আহিছে শব্দ কিছুমান ৷ সংগীতে শীতক পৰাস্ত কৰিছে ৷
ভাবিলোঁ, এই সুযোগতে বাহিৰৰ পৰা অহাটোৱে বুদ্ধিমানৰ কাম হব ৷ একেজাঁপে বিছনাৰ পৰা নামি জেকেটটো ভৰাই ললোঁ ৷ জেকেট ইফালে হিম-চেঁচা ৷ হলেও উপায় নাই ৷ কাটালা ঔৰ তিব্বেত আশ-পাশমে হে ক্যা ? কুকুৰ দুটাক লৈ দুশ্চিন্তা এটা মোৰ অনৱৰতে ৷ অসুবিধা যাতে নিদিয়ে, লক্ষ্য ৰাখিবলৈ দোহাৰিলোঁ গৃহস্থজনক ৷
বাহিৰত চিপ্‌ চিপ্‌ বৰষুণ ৷ তাৰ মাজেৰেই খৰখেদাকৈ পোনাইছোঁ বাথৰূমটোলৈ ৷ কম্বলৰ তলৰ পৰা হঠাতে ওলাই অহাত স্বাভাৱিকতে আনিনিৰ ঠাণ্ডাই আক্ৰমণ কৰাৰ সুযোগ পাই গ'ল ৷ শৰীৰেও কঁপনি তুলি মোকাবিলাৰ প্ৰচেষ্টা চলাইছে ৷ ঠাণ্ডাতকৈও ভয়ংকৰ, আপদীয়া প্ৰাণী দুটাই মোৰ গাৰ অচিনাকি গোন্ধটো পোৱাৰ আগতেই ভিতৰ সোমালোঁহি যেনিবা ৷ 'গাড়ী মিলা ?' বুলি সোধাত বচ্চনৰ পৰা উত্তৰ আহিল, 'হাঁ মিল গিয়া' ৷ তাৰ মানে পুৱা আচ্‌হিছ'লৈ যোৱাটো হ'বগৈ ৷ মনটো খুব ভাল লাগি গ'ল ৷ আগন্তুক সুখনিদ্ৰাক আদৰণি জনাই পুনৰ কম্বলৰ মেৰত সোমাই পৰিলোঁ ৷
টোপনি ভালেই হৈছিল ৷ শোৱাপাটী এৰোঁতে ৭ বাজিল ৷ কাৰো কোনো খৰ-ধৰ নাই ৷ অনিয়াৰ মাকহে কেৱল উঠিছে ৷ ৰেহ উৎসৱৰ আজি দ্বিতীয় দিন ৷ এই দিনটোক Eyanli বুলি কোৱা হয় ৷ উৎসৱটোৱে ইদুসকললৈ একেলগ হোৱাৰ সুযোগ আনে ৷ জীৱন-জীৱিকাৰ তাড়নাত পৰিয়ালৰ সদস্যবোৰৰ বিভিন্নজনে বিভিন্ন স্থানত আশ্ৰয় লবলগীয়া হয় ৷ যিকোনো সময়তে লগ হোৱাটো সম্ভৱপৰ নহয় ৷ বিয়া-বাৰুৰ মাধ্যমেৰেও সিঁচৰতি হৈ পৰে পৰ্বতৰ বক্ষত, ভিতৰুৱা স্থানত ৷ গতিকে ৰেহক পৰিয়ালৰ মিলন উৎসৱ বুলিব পাৰি ৷
ইষ্ট দেৱতাৰ সন্তুষ্টিৰ বাবে আজি মেঠোন উছৰ্গা কৰা হব৷ ভাত, মাংস আৰু য়ুৰে অঙহী-বঙহী, আলহী-অতিথিক শুশ্ৰূষা কৰা হব ৷ মন কৰিবলগীয়া যে উৎসৰ্গিত প্ৰাণীৰ হাড়, ছাল, চৰ্বি, ঠেং কোনো অংশই পেলনি নাযায় ৷ ইদু মহিলাসকলে এনেকুৱা জন্তুবোৰ যেনে মেঠোন, গাহৰি, কুকুৰাৰ মাংস নাখায় ৷ তেওঁলোকে মাছ, কণী, হাঁহ, বনৰীয়া নিগনি আদি খায় ৷ 
আপোনাৰ ভনী-জোঁৱায়েকৰ উপাধিটো বাৰু দুৱৰা নেকি ?আলু ভাজিবৰ কাৰণে পিঁয়াজৰ বাকলি গুচাই থকা পিলি মেয়াক উদ্দেশ্য কৰি প্ৰশ্নটো সুধি দিলোঁ ৷ চেঁচা পুৱাটোত এতিয়া জুইৰ উত্তাপকণ পোৱাতহে মোৰো আৰাম লাগিছে ৷ ঘৰখনৰ আন মানুহবোৰ কোনো উঠাই নাই ৷
হাঁ হাঁ ৱহী ৷ দৱাৰা ৷উত্তৰটো দিয়েই অৰ্থপূৰ্ণভাৱে মোলৈ চালে তেওঁ ৷ মই শুধৰাই দিলোঁ, 'দৱাৰা নে'হী, দুৱৰা ৷'
কালি উলিয়াব নোৱাৰাৰ পাছত ৰাতি বিছনাত পৰি তাকে চিন্তা কৰি আছিলোঁ, কি হব পাৰে ৷ দ বৰ্ণৰ পৰা আৰম্ভ হোৱা উপাধি বুলি কৈছিল আপুনি ৷ শেষত পালোঁগৈ ভাবি ভাবি ৷ দুৱৰা ৷ য়েছ, দুৱৰাই হব লাগিব ৷ এতিয়া খাটাং হলোঁ যে হয়েই ৷
অনিয়াৰ মাকে হাঁহিলে ৷ সফলতা আৰু সন্তুষ্টি মিহলি হাঁহি ৷ মোক প্ৰথমে গৰমপানী এগিলাচ দিলে ৷ তাৰ পাছতে চাহ-বিস্কুটো খুৱালে ৷
৮ বজাত অনিয়া উঠিল ৷ লাহে লাহে বাকীবোৰ ৷
সাধাৰণতে কেই বজাত উঠা হয় ?
৮ বজাত উঠোঁ ৷ যিহে ঠাণ্ডা, ৮টা এনেয়ে বাজি যায় ৷
হয় কথাটো ৷ কৰ্ম-সময় ইয়াত কম ৷ উঠিয়েই প্ৰথম কাম হৈছে জুইকুৰা জ্বলোৱা ৷ ঠেৰেঙা লাগি থকা হাত দুখন তপতাই লোৱাৰ পাছতহে অন্য কামত ধৰাটো সম্ভৱ হয় ৷
অনিয়াৰ হমষ্টেৰ বিষয়েও নিশা শুই শুই ভাবি আছিলোঁ ৷ মন্ত্ৰী-আমোলাসকলে সভাত কলে বুলিয়ে, মোৰ হিচাপত কিন্তু ইমান খৰ-খেদাকৈ ঘৰ সাজি পেলাব নালাগে ৷ ভাবি-চিন্তি খোজ দিয়া উচিত ৷ হাইৱেসম্পূৰ্ণ হবলৈ ৪ বছৰ বাকী আছে ৷ এতিয়াৰ পৰাই পা-পইচা গোটাব লাগে ৷ প্লেনিং কৰিব লাগে ৷ কাঠ-বাঁহৰ ট্ৰেডিছনেল চাংঘৰ এটা সাজিলেই ভাল ৷ হমষ্টে পৰিচালনাৰ টেকনিকবোৰ আয়ত্ত কৰিব লাগে ৷ পাৰিলে হস্পিটেলিটিৰ ট্ৰেইনিঙো লৈ লব লাগে ৷ কি কি থাকিব লাগিব, কি কি যোগাৰ কৰিব লাগিব লিষ্ট এখন কৰা উচিত ৷'
'ঠিকেই কৈছে আপুনি ৷' পিলি মেয়াই কথাখিনি সমৰ্থন কৰিলে ৷ অনিয়াও জুইৰ গুৰিতে বহিল ৷
'সদ্যহতে আছুতীয়াকৈ ঘৰ নাসাজি এই কোঠাটোৰেই আৰম্ভ কৰিব পাৰি ৷ মই শোৱা তক্তাপোছখন সেইখিনিৰ পৰা আঁতৰাই দিলেই হল ৷ ৰেক আৰু টিভি সিফালে লৈ গলে ৪জন মানুহে সেইডোখৰ জেগাত আৰামছে ঢলা-বিছনা কৰি শুব পাৰিব ৷ ৪-৫জনৰ কাৰণে গাৰু, গিলিপ, তোছক, বিছনা চাদৰ, কম্বল মজুত ৰাখিলেই থকাটো চলি যাব ৷ মহ-ডাঁহটো নায়েই ইয়াত ৷ আঁৰ-বেৰ দৰকাৰ হলে দীঘলে দীঘলে কাপোৰৰ পাৰ্টিচন এখন দিলেই হল ৷ গাড়ী লৈ অহা ভ্ৰমণকাৰী দল এটাত কেইজন থাকিব ? ৪জন যাত্ৰীৰ সৈতে ড্ৰাইভাৰ এজন, অৰ্থাৎ সৰ্বাধিক ৫ জন ৷ চালকক বেলেগে জেগা লাগিব বুলিলে এইখন চাঙতে সৌফালে দি দিলেই হৈ যাব ৷ বচ, ৫জনীয়া হমষ্টে তোমাৰ ৰেডী ৷'
অনিয়াৰ মুখমণ্ডল উজ্জ্বল হৈ উঠিল ৷ ক'লে, 'খাটখন সেইডোখৰত নাছিল নহয় ৷ আপুনি আহিব বুলিহে তাত পাতিছিলোঁ ৷ সেইখন আচলতে অৰনৰ খাট ৷ এইখন চাঙৰ সৌটো চুকত আছিল ৷' চুকটোলৈ তাই আঙুলিয়াই দেখুৱালে ৷
'কি দৰকাৰ আছিল মোৰ কাৰণে সেইখন আনি পাতিবলৈ ? ইমান ধুনীয়া কাঠৰ মজিয়াখন ৷ তাৰ ওপৰত শুইহে বেছি মজা লাগিলহেঁতেন ৷ লগত শ্লীপিং বেগ আছেই ৷'
'নাজানো নহয় ৷ আলহীয়ে বেয়া পায় বুলি...'
'ধুৰ, আমি য'তে-ত'তে পৰি থাকিব পৰা মানুহ ৷ কমপ্লেইন নাই ৷ তোমাৰ ঘৰত ঠাইযে দিছা, সেয়ে বহুত ৷'
'ঠিক আছে বাৰু, পাছৰবাৰ আহিলে আপোনাক মজিয়াত শুবলৈ দিম ৷' অনিয়াই ৰসিকতা কৰিলে ৷ মই ইফালে চিৰিয়াচ ৷ ক'বলগীয়া কথাখিনি সুযোগ পাওঁতেই এতিয়াই কৈ দিয়া ভাল ৷
'আচ্ছা, শুনা ৷ ঘৰত গাড়ী এখন থাকিলে বহুত ক্ষেত্ৰত সুবিধা হয় ৷ ইফালে আকৌ, গাড়ী লৈ অহা অতিথিৰ কাৰণে ফুৰিবলৈ অন্য গাড়ীৰ প্ৰয়োজনো নাথাকে ৷ আনিনিত ঘূৰা-পকা, আচ্‌হিছ', মিপি আদিলৈ যাওঁতে কোনোবাই বিচাৰিলে বচ্চনে লগ দিলেই হ'ল ৷'
'আৰামছে ৷' বচ্চনে সিফালৰ পৰা মাত দিলে ৷ তেওঁ ইতিমধ্যে উঠিছিল ৷
'এতিয়া বাকী কি থাকিল, খোৱা-বোৱা, বাচন-বৰ্তন ৷ তোমাৰ ঘৰত কুকুৰা আছে, হাঁহ আছে, গাহৰি আছে, শাক-পাচলিৰ বাৰী আছে ৷ প্ৰডাকচন বৃদ্ধি কৰি ললে বাহিৰৰ পৰা কিনিবলগীয়াও কম হব ৷ আনহাতে পৰম্পৰাগত খাদ্যত গুৰুত্ব দিয়াটো ভাল ৷ তেনে খাদ্যৰ চাহিদা বেছি ৷ ৰন্ধা-বঢ়া, পৰিৱেশন চাফ-চিকুণ হ'ব লাগে ৷ সেই কামখিনিত সময় দিব পাৰিব লাগিব ৷'
'সেইখিনি মই চম্ভালিব পাৰিম ৷' অনিয়াই মন্তব্য কৰিলে ৷ কথাত তাইৰ দৃঢ়তা প্ৰকাশ পাইছে ৷
'পানীৰ সুবিধা ভালেই দেখিছোঁ ইয়াত ৷ সেই লৈ মূৰ ঘমাবলগীয়া নাই যেনেই লাগিছে ৷ কেৱল ৱেষ্টাৰ্ণ কমোডযুক্ত লেট্ৰিন এটাৰ প্ৰয়োজন আছে ৷ বাৰু, বাথৰূমটোৰ কাষতে সেয়া কি সাজি থকা হৈছেনো ?'
'চুঁৱৰ কা ঘৰ ৷' অনিয়াই তৎক্ষণাতে উত্তৰটো দিলে ৷
'চুঁৱৰ কা ঘৰ ! অভি বন্ধ কৰ' উসক' ৷ বাথৰূমৰ কাষত নতুন লেট্ৰিনটো সাজিবলৈহে সুবিধা হ'ব ৷ চুঁৱৰ ক' অভি যাহা মে' হে' ৱ'হী মে' ৰে'হনে দ' ৷
স্বামী-স্ত্ৰী দুয়ো কথাটো চিন্তা কৰিলে ৷
'খৰি আছে, অনৱৰতে জুই জ্বলিয়ে থাকে যেতিয়া গীজাৰৰো দৰকাৰ নাই ৷ আগফালে বাৰাণ্ডা এখন আছে ৷ সেইখনকো কামত লগাব লাগিব ৷ বহা-মেলাৰ বাবে ঠিক-ঠাক কৰি দিলেই হল ৷ বুজিছানে ?'
মূৰ দুপিয়ালে যদিও কথাৰ মতলবযে বুজা নাই গম পাইছোঁ ৷ গতিকে ভাঙি দিব লাগিল ৷
'একাংশ লোক আহিব, মদ খাব, চিগাৰেট খাব ৷ ইদুৰ য়ুৰ সোৱাদ ল'বও বিচাৰিব ৷ তোমালোকৰ ঘৰততো সেইবোৰ বৰ্জনীয় পদাৰ্থ ৷ ইফালে আলহীক না বুলিবও নোৱাৰিবা ৷ অতিথি দেৱো ভব ৷ পৰ্যটনৰ সাৰবাক্য ৷ গতিকে বাৰাণ্ডাতে বহাৰ ব্যৱস্থা অকণমান ৰাখিব লাগিব আৰু ৷ হয়নে নহয় ? নহ'লেবা মুকলিত সৰু অথচ আকৰ্ষণীয়কৈ খেৰ-বাঁহৰ চালিৰে কেবিন এটা সাজি দিব পাৰি, পৰ্বতৰ ফালে মুখ কৰি ৷ দৃশ্য চাই চাই মস্তি লাগিব ৷'
দুয়ো ইজনে সিজনৰ মুখলৈ চালে ৷ গূঢ়াৰ্থটো এতিয়াহে বোধগম্য হ'ল ৷ তাকে লৈ অলপমান হাঁহিৰো সূত্ৰপাত নোহোৱাকৈ নাথাকিল ৷
'অনিয়াৰ ফুলৰ টাববোৰ আছেই ৷ তাৰ লগতে সুন্দৰ ফুলনি এখন গঢ়িব পাৰি ৷ টুৰিষ্টে ফটো তুলিবলৈ ভাল পাব ৷ ইয়াত ইমান ফুল আছে ৷ ফুলৰ পুলিও বিক্ৰী কৰিব পাৰিবা ৷ গাড়ী পাৰ্কিঙৰ কাৰণে্ বাহিৰৰ চোতালখন যথেষ্ট ৷ একাষে গাড়ী ধোৱাৰ ব্যৱস্থা ৰাখি দিলেই হল ৷ চোতালখন কিন্তু চিজিল কৰিব লাগিব ৷ বৰ খেলি-মেলি হৈ আছে ৷ চৌহদত আলংকাৰিক গছ কিছুমানো ৰুব লাগে ৷'
পুনৰ মূৰ দুপিয়ালে দম্পতীহালে ৷ উভয়ৰে কল্পনাত যেন এটা হ'মষ্টে'ই ইতিমধ্যে ঠন ধৰি উঠিছে ৷
'হমষ্টেটোৰ আকৰ্ষণীয় নাম এটা লাগিব পিছে ৷ চাইনবৰ্ড এখনো লাগিব দেই ৷ আধুনিক কাৰু-কাৰ্যৰ দৰকাৰ নাই ৷ ঘৰতে তক্তা আৰু কাঠৰ টুকুৰা আছেই ৷ তাৰে সাজি গেটৰ ওচৰতে গছত ওলোমাই দিলেই কাম খতম ৷ খৰচ নাই ৷ নতুবা বাঁহেৰে এখন ধুনীয়া তোৰণো সাজি ৰাখিব পাৰা ৷ ওপৰত নামটো লিখি দিবা ৷ বচ, অনিয়াৰ হমষ্টে ৰেডী ৷
নাম এটা আপুনিয়েই দি দিয়ক নহলে ৷ অনিয়াৰ মাকে আলু ভাজি থকাৰ পৰাই অনুৰোধৰ সুৰত কৈ উঠিল ৷ মাক-জীয়েক-জোঁৱায়েক তিনিও মন দি শুনি আছিল মোৰ কথাখিনি ৷
নামটো আপোনালোকেই ঠিক কৰি লব ৷ মইনো কি ক'ম ?
আপুনিয়েই দি দিয়কচোন ৷
ইদু মিছিমি ট্ৰেডিছনেল হমষ্টে তৎক্ষণাতে ভাবি পালোঁ আৰু কৈ দিলোঁ ৷ মনৰ ভিতৰতে আওঁৰালে চাগৈ আটায়ে ৷ কেনে পালে নাজানো ৷
'মিলাই ল'বা আৰু তোমালোকে ৷ মুঠতে আকৰ্ষণীয় হ'ব লাগে ৷ যি দেখিছোঁ, অনিয়াৰ কিন্তু সময় নাইকিয়া হৈ যাব দেই ৷ তেতিয়া আৰু ৮ বজালৈকে শুই থকাৰ মুদা মৰিব ৷'
তাই মিচিকিয়াই উঠিল ৷
'আৰু ঢেৰ কাম কৰিব পাৰি ৷'
'ক্যা হে', বলিয়েনা ৷ আচ্ছা হুৱা আপ হামাৰা ঘৰ মে' আয়া ৷'
'ৰয়িঙৰ আবালিত মিউজিয়াম আৰু ইণ্টাৰনেশ্বনেল ষ্টাডী চেণ্টাৰ আছে বুলি শুনিছোঁ ৷ আনিনিত তোমাৰ হমষ্টেত সৰুকৈ হ'লেও ইদু পৰম্পৰাগত সংগ্ৰহালয়ৰ উপৰি সামগ্ৰী বিক্ৰী কেন্দ্ৰও গঢ়ি তুলিব পাৰা ৷ সৌযে বেৰত ওলমাই ৰাখিছা তোমালোকৰ সম্পদসমূহ, সেইখিনি সৌফালে ভালকৈ সজাবা ৷ লগতে ভৰিৰ পৰা মূৰলৈ তোমালোকে ব্যৱহাৰ কৰা আ-অলংকাৰ, কাপোৰ-কানি, মিছিমি দা, বেগ ইত্যাদি আপুৰুগীয়া বস্তুবোৰ, চব গোটাবা ৷ ইদু মিছিমি বিষয়ক কিতাপ-পত্ৰবোৰো যিমান পাৰা সংগ্ৰহ কৰিবা ৷ লাইব্ৰেৰী বা অধ্যয়ন কেন্দ্ৰ এটা ইয়াতে হৈ যাব ৷ সমলবোৰ উপলব্ধ হ'লেই হল ৷ মানুহ আহিব তোমাক বিচাৰি ৷ থাকিব, খাব, ফুৰিব, চাব, অধ্যয়ন কৰিব, কিনিবও ৷'
নাগালেণ্ডৰ খনমাৰ ড'ভিপাই ইন্‌, ডিফুৰ শশীকলা হাঞ্চেপী বাইদেইৰ ঘৰত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত কিছু কথা ব্যক্ত কৰিলোঁ ৷ মুখলৈ চায়ে ধৰিব পাৰিছোঁ যে কথাবোৰ শুনি অনিয়াৰ কি কৰোঁ, কি নকৰোঁ অৱস্থা হৈছে ৷
'ষ্টেপ বাই ষ্টেপ আগে বঢ়না ৷ হ' যায়েগা তুমহাৰা হ'মষ্টে' ৷'
'আশীৰ্বাদ কিজিয়ে ৷' তাই ক'লে ৷
অনিয়াই শুকান ৰুটী সেকিছে ৷ বচ্চন কাষতে বহিছে ৷ এনে এটা দৃশ্য মেন্‌-চু-খাৰ জি.টি.এল. হমষ্টেত পাইছিলোঁ ৷ লগে লগে ফটো তুলিছিলোঁ গেবু আৰু নানাৰ ৷ চৌকাৰ কাষত বহি লৈ সিহঁত দুয়ো ৰুটী বনাই আছিল আমালৈ ৷ ইয়াতো কি আচৰিত, তেনেই মিলি যোৱা বিধৰ পৰিৱেশ ৷ স্থান, কালহে বেলেগ ৷ ঘপাঘপ কেমেৰাটো আনি স্নেপ ললোঁ ৷ কণমানি ৱুটাচ্ছিয়ে খেলি আছিল ৷ মাকে মতাৰ লগে লগে টুক্‌টুক্‌কৈ সিও কাষলৈ আহি গ'ল ৷ সিহঁতে কি ভাবিলে নাজানো, ভৱিষ্যতৰ হ'মষ্টে' পৰিয়ালটো মোৰ কেমেৰাত বন্দী হ'ল ৷
ৰুটী-ভাজি খাই আমি আচ্‌হিছলৈ যাম ৷ বচ্চনে গাড়ী এখন ঠিক-ঠাক কৰি থৈছে বুলি কালি ৰাতি কৈছিলেই ৷ ব্ৰেকফাষ্ট কৰিয়ে সি সেইখন আনিবগৈ ৷ চ তায়ুও যাব আমাৰ লগত ৷ কালিয়ে কথা পতা আছে ৷
অনিয়া ডেন্স কেইসা হুৱা কাল তুম্‌হাৰা ?মষ্টেৰ প্ৰসংগত বিভোৰ হৈ থাকোঁতে পাহৰিয়েই গৈছিলোঁ সুধিবলৈ ৷ হঠাতে মনত পৰি গল ৷ সুধিলোঁ ৷
তাই মবাইল ফোনটোৰ চুইচ্‌ অন্‌ কৰিলে ৷ ৰেকৰ্ডিং দেখুৱালে ৷ মে' য়হাঁ হুঁ বুলি চিনায়ো দিলে ৷ দেখিলোঁ, ভালেই নাচিছে ৷ পাৰেচোন ইহঁতে ৷ বোৱাৰী, শাহুবুঢ়ী চবেই ওস্তাদ আৰু আগ্ৰহী ৷
কেমেৰা আৰু ম'বাইল চাৰ্জত লগাই কাপোৰকেইটা ঠিক কৰিলোঁ ৷ কোঠাৰ ভিতৰতে ইচুক-সিচুক কৰি আছোঁ ৷ কঁকালৰ এক্সচাৰ্চাইজো কৰিলোঁ অলপমান ৷ বিষটো আছে ৷ ৰেক্‌ডালত থকা কিতাপবোৰ লিৰিকি-বিদাৰি চালোঁগৈ ৷ জেনেৰেল নলেজ, নাৰ্ছিং শিক্ষা, স্কুলীয়া কিতাপ-পত্ৰ ইত্যাদি ৷
ইদু মিছিমিৰ বিষয়ে কিবা আছে নেকি পঢ়িবলৈ, অনিয়া ?
হাঁ হে’  
অনিয়াই নিজৰ কোঠাৰ ভিতৰলৈ গ'ল ৷ বৃহৎ কলেৱৰৰ কিবা এখন আনি দিলে ৷ স্পাইৰেল বাইণ্ডিং ৷ বেটুপাতত ইগুৰ ফটো ৷ মন দি চালোঁ ৷ কেন্দ্ৰীয় ৰেহ উদ্‌যাপন সমিতিৰ সোণালী জয়ন্তী উপলক্ষে ২০১৮ চনত প্ৰকাশিত স্মৃতিগ্ৰন্থ ৷ সম্পাদকত্ৰয় জিক লিংগি, ডক্টৰ ৰাজ্জেক ডেলে, ফুকেন মিক্ৰউ ৷ ৰেহ, ইতিহাস, সংস্কৃতি, লোক-সাহিত্য, সমাজ, অতীত, চুটি-গল্প আৰু স্মৃতিবিজড়িত আলোক-চিত্ৰৰে সমৃদ্ধ ৷ বচ্চন মিপিৰ ফটো এখনো আছে ৷ ইদু মিছিমি কালছাৰেল এণ্ড লিটাৰেৰী ছচাইটিৰ কাৰ্যনিৰ্বাহক সমিতিত সেইবাৰ তেওঁ সহকাৰী সাধাৰণ সম্পাদকৰ পদবী চম্ভালিছিল ৷
পাত মেলি যাওঁতে গম পালোঁ যে ইদু মিছিমি জনগোষ্ঠীটোৰ প্ৰথমগৰাকী প্ৰশাসক (চাৰ্কোল অফিচাৰ) হৈছে শ্বালি (ছিত্ৰ) মিহু, প্ৰথমগৰাকী অভিযন্তা গিংক লিংগি, প্ৰথমগৰাকী ডক্টৰেট ৰাজীৱ মিছ, প্ৰথমগৰাকী মহিলা বিষয়া ইন্দিৰা মিহু মাল্ল, প্ৰথমগৰাকী চিকিৎসক এছ. জে. মিটাপ, প্ৰথমগৰাকী সহকাৰী অধ্যাপক ফেমছ্‌ লিংগি, প্ৰথমগৰাকী উপায়ুক্ত তামুনে মিছ, প্ৰথমগৰাকী অধিবক্তা মাথি-ইম লিংগি, প্ৰথমগৰাকী অতিৰিক্ত সত্ৰ ন্যায়াধীশ গতে মেগা ৷ ৰেহ ফেষ্টিভেলৰ পথ-প্ৰদৰ্শক নেতৃবৃন্দ ইটা পুলু, তাংকাকছ চাই, তাদে তাচ্ছ, চাকলে লিংগি, চবেং, তায়াং, প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী কালিখ পুলৰ ফটোও স্মৃতিগ্ৰন্থখনত সন্নিৱিষ্ট হৈছে ৷ জানিব পাৰিলোঁ যে পংগে ডেলে ইদুসকলৰ এগৰাকী স্বাধীনতা যুঁজাৰু ৷ জুডো খেলুৱৈ ৰাহুল মিপি আৰু আয় মিপি, টেবুল টেনিচ খেলুৱৈ কিট লিংগি, ভাৰোত্তোলক থ্ৰমব তায়ু আৰু দাম্বি উম্‌পে, চাইক্লিষ্ট ৰুবি লম্ব, ৱুশ্বু খেলুৱৈ লুচি মুলি আৰু মিৰি মিছ, টাইকোৱানড খেলুৱৈ আনিকে মিছ, আৰোহক ডেমু পুলু, মাউণ্টেইন বাইকাৰ আহুনদ মেন্‌জ ইদু মিছিমিসকলৰ গৌৰৱ ৷ ২০১৫ চনত নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত কাৰাটেত ৰূপৰ পদক লাভ কৰা চিন্নে মিখু, মংগোলিয়াৰ ৰাজধানী উলানবাটৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা মাশ্বিল মিহুৰ উপৰি উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা এভাৰেষ্টাৰ টিনে মেনাৰ ফটো বিশেষভাৱে প্ৰকাশ কৰিছে ৷
ৰুটী-ভাজি, চাহ খাই উঠিয়ে মোক ড্ৰেছ কৰিবলৈ কৈ বচ্চন মিপি ওলাই গল ৷ ক্ষন্তেক পাছতে হাস্যবদনে উভতিও আহিল ৷ মোলৈ চাই কলে, চলিয়ে, লাল গাড়ী আ গয়া ৷ বাহৰ খড়া হে (ক্ৰমশঃ)

No comments:

Post a Comment