Thursday, 14 May 2020

৭.৫ ইদু মিছিমি চাংঘৰত এভুমুকি


আবেলি ৩ বাজি ২০ মিনিট গল ৷ ভি.আই.পি. খানা খাই লৈ আমাৰ স্ফূৰ্তি আৰু উদ্যম দুগুণে চৰিছে ৷ মুকলিত ফটো কেইখনমান তোলাৰ পাছত চাংঘৰটোলৈ পোনালোঁ চ আৰু মই ৷ ১৩ জানুৱাৰী ২০২০ত ফেচবুকৰ ৰাজহুৱা গোট DIBANG AN INCREDIBLE VALLEY তায়ুৱে আপলড কৰা Reh Festival Anini, 2020 শীৰ্ষক পষ্টটো মনত পেলালোঁ এবাৰ, যি তৎমুহূৰ্ততে চকু টানিছিল আনিনিলৈ ৷ ইচ্ছা কৰিছিলোঁ ইয়ালৈ আহি নিজে চাবলৈ ৷ চাবলৈতো পালোঁৱেই, এতিয়া চুবলৈও পালোঁ ৷ ভবামতে সকলোবোৰ হৈ উঠাত মনটো অতিকৈ ভাল লাগিবৰে কথা ৷ হ'লেও, অস্বীকাৰ কৰিলে পাপে চুব, চ তায়ুৰ কাৰণেই এয়া সম্ভৱ হ'ল ৷

ইদু মিছিমিৰ চাংঘৰবোৰ দীঘলীয়া, আয়তাকাৰ ৷ কাঠৰ খুঁটাৰ ওপৰত মাটিৰ পৰা ২ ফুটমান ওখকৈ সাজে ৷ বাঁহ, বেত, কাঠ, খেৰ, টকৌপাত আদি ব্যৱহাৰ কৰা হয় ৷ যৌথ পৰিয়াল থাকিব পৰাকৈ নিৰ্মিত পৰম্পৰাগত ঘৰবোৰক বাছ এখনৰ সৈতে ৰিজাই বহুতে ৷ সন্মুখভাগৰ চালখন কিছু আগলৈ সম্প্ৰসাৰিত ৷ তলত ঘৰচীয়া জন্তু-জানোৱাৰ ৰখা হয় ৷ আৰম্ভণিতে এখন সৰু বাৰাণ্ডা ৷ ওপৰলৈ উঠি যাবৰ বাবে গছৰ কাণ্ডত খাপ কটা খটখটি থাকে ৷ মূল দৰজাৰে প্ৰৱেশ কৰিয়েই ভিতৰলৈ এটা পোন কৰিডৰ ৷ বিপৰীতে কোঠালি ৷ পৰিয়ালৰ সদস্য-সংখ্যাৰ ওপৰত ভিত্তি কৰি কোঠাৰ সংখ্যা আৰু ভাগ-বিভাগ নিৰ্ণয় কৰা হয় ৷ প্ৰতিটো কোঠাতে একোটাকৈ চৌকা থাকেই ৷ ৰন্ধন আৰু জুহাল হিচাপে ব্যৱহাৰ হয় ৷ শীতল ঠাইত অগ্নিয়েই সাৰথি ৷ দুটা কোঠাৰ মাজত জেগা থাকে যাক শস্য খুন্দা আৰু প্ৰসাধনথলী হিচাপে ব্যৱহাৰ কৰে ৷ চাঙৰ তলত থকা গাহৰি গড়াল আৰু কুকুৰা গড়াল সহজে লক্ষ্য কৰি থাকিব পৰাকৈ প্ৰতিটো কোঠাতে একোখনকৈ খিৰিকী ৰাখে ৷ কিতাপত পঢ়িবলৈ পোৱা কথা আছিল এইবোৰ ৷ এতিয়া প্ৰেক্টিকেলি পাইছোঁ ৷ মিছিমিৰ চাংঘৰ আগতেও পাইছোঁ অৱশ্যে ৷ ৰ'য়িঙত জিবি প'ল'ৰ মিছিমি হিল্‌ কেম্প ৷ হ'লেও ইয়াত কথাটো সম্পূৰ্ণ সুকীয়া ৷ কেঁচা বাঁহৰ গোন্ধে আমোল-মোলাই থকা, নতুনকৈ সজা চাংঘৰটো ৰে'হথলীৰ বিশেষ আকৰ্ষণ ৷

এই চাংঘৰটোৰ উচ্চতা ২ ফুটতকৈ বেছি হ'ব ৷ ওপৰত খেৰ দি চোৱা হৈছে ৷ গোটা বাঁহ-কাঠেৰে সজা খটখটি ৰখা আছে ৷ যেনিয়ে চাওঁ তেনিয়েই বাঁহৰ পয়োভৰ ৷ অধিকাংশই গোটা বাঁহ ৷ গোটেই ঘৰটোতে কিমান বাঁহ লাগিব পাৰে ? প্ৰশ্ন এটা আহিল মনলৈ ৷ উত্তৰহে ঘপহকৈ উলিয়াব পৰা নাই ৷ পৰা নাযাবও ৷ উৎসৱ উকলি যোৱাৰ পাছত ঘৰটো ইয়াতে থাকিবনে ? নে কি কৰিব ? সিও এক প্ৰশ্ন ৷ 

ওপৰলৈ উঠি গৈ প্ৰথমেই বাৰাণ্ডা এখন ৷ তলত ঘৰটো ঘেৰি ৰখা বেৰাৰ ভিতৰতে নোদোকা গাহৰি এটা চৰি আছে ৷ বেৰত ওলমাই থোৱা সজাত বগা কুকুৰা এজনী মনে মনে বহি আছে ৷ মই তাইলৈ চালোঁ ৷ তায়ো মোলৈ চালে ৷ কি ভাবিলে নাজানো ৷ নিগনি ৰখা সজা এটাও আছে কাষতে ৷ আচৰিত পালোঁ যে কোদো এবাহো ওলমি থকা দেখিলোঁ ৷ ঘৰে-বাহিৰে যেনিয়েই চকু দিছোঁ, নিৰ্মাণ-কলা, বন্ধন পদ্ধতি মানিবলগীয়া ৷

বাৰাণ্ডাৰ ওপৰত বাঁহৰ সৰু সৰু বাস্কেট এগালমান দম খাই পৰি আছে ৷ খুঁটাত আঁৰিও থৈছে কিছুমান ৷ য়ু খোৱা বাঁহৰ চুঙা ইক্‌হিটা কেইটামান বেম্ব' কাপ হেংগাৰত ওলমাই ৰাখিছে ৷ গা-গছৰ পৰা কাটি উলিওৱা য়ু ৰখা প্ৰকাণ্ড পাত্ৰ এটা দেখা পালোঁ ৷ য়ু গু বোলা হয় ৷ য়ু তৈয়াৰ কৰা ডাঙৰ বাস্কেট য়ু আৰা এটাও দাঁতিতে আছে ৷ বাৰাণ্ডাখনৰ অগ্ৰভাগত ফ্লেগষ্টেণ্ডটো ৷ মুখ্য মন্ত্ৰীয়ে উত্তোলন কৰা ৰেহ পতাকা বতাহত সগৌৰৱে দুলি আছে ৷ হাই-উৰুমিবিহীন পৰিৱেশ ৷ সমূহীয়া ভাতসাঁজ খাই ৰাইজ ঘৰা-ঘৰি গৈছেগৈ ৷

বিশেষ কায়দাৰে বেৰত আটকাই ৰখা হৈছে প্লাইবৰ্ড এখন ৷ ব'ৰ্ডখনৰ ওপৰত ফটো কিছুমান আঠাৰে লগোৱা আছে ৷ Stagewise construction of traditional bamboo house of Idu Mishmi tribe শীৰ্ষকৰ অন্তৰ্গত ৫৭খন ছবিৰ মাধ্যমেৰে গৃহসজ্জাৰ আৰম্ভণিৰে পৰা শেষলৈ বিভিন্ন স্তৰৰ লগতে পৰম্পৰাগত ইদু চাংঘৰত থকা উপাদানসমূহ দেখুৱাইছে ৷ চই মোক এফালৰ পৰা বুজাই যাব ধৰিলে ৷ এয়া জোখ-মাখ কৰিছে ৷ এয়া গাঁত খান্দি খুঁটা পুতিছে ৷ চাং নিৰ্মাণ কৰিছে ৷ চালখন সাজিছে ৷ গোটা বাঁহেৰে বেৰ বান্ধিছে ৷ খেৰেৰে ওপৰখন চাইছে ৷ বাৰাণ্ডা, পুৰুষৰ কোঠা ৱংগা, মহিলাৰ কোঠা নোটা, জুহাল, ধোঁৱাচাং, দৰজা, খিৰিকী, চিলিং, কাপোৰ থোৱা ব্যৱস্থা, শৌচালয়, ভঁৰাল, বান্ধিবলৈ ব্যৱহাৰ কৰা তমাল ইত্যাদিৰ ফটোগ্ৰাফসমূহেৰে প্ৰিণ্টিং-পেষ্টিং কামটো তেৱেঁই কৰা বুলি জনালে ৷ ভালেই হৈছে ৷ কিন্তু আৰু ভাল হল হয়, যদিহে সকলো ফটোৰ তলতে আপুনি লিখি ৰখা ইদু মূল শব্দটোৰ লগতে ইংৰাজী বা হিন্দী শব্দটোও দিলেহেঁতেন ৷ তেতিয়া আমাৰ দৰে অনা-ইদুৰো বুজাত অতি সহজ হলহেঁতেন ৷ মই এনেকৈ কোৱাত চই মূৰ জোকাৰিলে ৷ দ্বিভাষিক হিচাপত ৭-৮টামানৰহে দিব পাৰিলে ৷ বাকী, সময় নুজুৰিলে হেনো ৷

মূল দৰজাৰে দুয়ো ভিতৰত প্ৰৱেশ ঘটালোঁ ৷ বাঁওহাতে থকা বেৰখনত মেঠোনৰ মূৰ আৰু দাঁত কিছুমান শাৰী শাৰীকৈ বান্ধি ৰখা হৈছে ৷ বলি দিয়া, চিকাৰ কৰা জন্তুবোৰৰ নিৰ্বাচিত অংশবিশেষ এনেদৰে সংৰক্ষণ কৰা হয় ৷ এইেবাৰ তেওঁলোকৰ বল-বিক্ৰমৰ পৰিচায়ক ৷ ছামাৰ হিল্‌ ট্ৰেকিং এক্সপিডিচনত নাগালেণ্ডৰ ঝুক' ভেলীলৈ যাওঁতে আংগামী নগাৰ বৰভেটি খনমাত ভুমুকি মৰা প্ৰাক্তন চিকাৰীৰ ঘৰটোৰ দৃশ্য লগে লগে মনলৈ আহিল ৷ মেঠোনৰ মূৰকে ধৰি পশু-পক্ষীৰ এগালমান মূৰ, বিভিন্ন আকৃতিৰ হাড়, জঁকা আদি শাৰী পাতি সজাই ৰখা দেখিছিলোঁ ৷ বাস্কেটত ভৰায়ো হাড়-মূৰ আৰু মই চিনি নোপোৱা আন কিবা-কিবি ওলমাই ৰাখিছিল ৷ জুহালৰ ধোঁৱাই ক'লা কৰি পেলোৱা কোঠাটোত সোমায়ে কিবা ভৌতিক ভৌতিক অনুভৱ হৈছিল ৷ ইয়াত তেনেকুৱা ভয়ংকৰ পৰিৱেশ নাই পোৱা অৱশ্যে ৷

বেৰ আৰু গাধৈৰ কামবোৰ ইমান মিহি আৰু পৰিপাটি যে দেখি তাজ্জপ মানিলোঁ ৷ ঘৰ সজাৰ লগতে বাঁহ-বেতৰ কাম, পাচি-খৰাহি তৈয়াৰ কৰাত ইদুসকল সিদ্ধহস্ত ৷ হাত খুব ভাল ৷ চ'ক'ই মোক পুৰুষৰ কোঠা, মহিলাৰ কোঠা, কাপোৰ থোৱা ব্যৱস্থা ইত্যাদিবোৰ দেখুৱালে আৰু বুজায়ো গ'ল ৷ জুহালত পুৰুষ-নাৰী কেইজনমান বহি কিবা আলাপ কৰি আছে ৷ ধান খুন্দা পাত্ৰ এটাত কেইটামান ধান আছিল ৷ উৎসাহতে চই উধাই-মুধাই খুন্দাৰ ভাও দিব ধৰিলে ৷ মই স্নেপ এটা ললোঁ ৷ 'ইছক' ভি খিঁচ্‌ লিজিয়ে ৷' দৰজা মেলি শৌচাগাৰটো দেখুৱালে আৰু ফটো তুলি লবলৈ বাধ্য কৰিলে মোক ৷

ওলাই আহি কিছুপৰ ফ্লেগখনৰ তলত ৰ'লোঁ ৷ পৰ্বতে আগুৰি ৰখা কেউদিশ হেঁপাহ পলুৱাই চালোঁ ৷ তাৰ পাছত গা-গছৰ জখলাৰে তললৈ নামি দুয়ো মুক্ত প্ৰাংগণত ভৰি থলোঁহি ৷ মানুহবোৰ ইতিমধ্যে প্ৰায় নাইকিয়া হ'ল ৷ ৰেহথলী নিজম পৰিল ৷ মোৰো ১৩ জানুৱাৰীত থূপ খোৱা হেঁপাহটো এইমাত্ৰ পূৰ হল ৷ ঈশ্বৰক ধন্যবাদ জনাই তোৰণৰ তলেৰে ফেষ্টিভেল গ্ৰাউণ্ডৰ বাহিৰ ওলাব ধৰিছোঁ ৷ তোৰণেও আমাক জনালে চিপ্‌ৰে-নাবা, ধন্যবাদ ৷

নীলা-বগা কাপোৰবোৰ বতাহত উৰিব ধৰিছে ৷ যেন ৱালং আৰু হাৱাইত পোৱা পাছবেলাৰ নিয়মীয়া বতাহজাকহে ! একেই চেঁচা চেঁচা ভাবেৰে সিক্ত ৷ সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী আছে ৷ শীতৰ মাত্ৰা বাঢ়ি আহিবযে এইটো খাটাং ৷ হ'লেও ঠাণ্ডাক একাষৰীয়া কৰি ৰে'হ মঞ্চই আকৌ প্ৰাণ পাই উঠিব, আন্ধাৰ হোৱাৰ লগে লগে ৷ সুখৰ অনুভূতি কিছুমান বুকুত লৈ আমি মূল ৰাস্তাত ভৰি দিলোঁহি ৷ কথা পাতি পাতি ঘৰ পাওঁতে ৪ বাজি ১৫ মিনিট হ'ল ৷

মোক থৈয়ে চ তায়ু উভতিল ৷ থকা জেগালৈ গৈ ডবলকৈ কাপোৰ পিন্ধি ফাংচন চাবলৈ আহিব ৷ 'আপ আয়েগা না ?' এনেকৈ সোধাত মই নাহোঁ বুলি স্পষ্টকৈ ক'লোঁ ৷ আশা কৰি আছিলোঁ যদিও আচ্‌হিছলৈ যোৱাটো হৈ নুঠিল ৷ বচ্চন মিপি নিজেই হেৰাই থাকিল ৷ এই লৈ মনটো অকণমান দোদুল্যমান অৱস্থাত আছে ৷ বিকল্প চিন্তা কৰি আছোঁ ৷ বন্ধ পেণ্ডেলৰ উদ্দাম সংগীত সন্ধিয়াতকৈ অৰুণাচলী প্ৰকৃতিক বিৰল মাত্ৰা দান কৰা আচ্‌হিছ', ড্ৰি ভেলী, শেষ সীমান্ত চকী ডেমবিউন মোৰ বিচাৰত হাজাৰগুণে বেছি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment