১.৩০ বাজি গ'ল ৷ সুদৃশ্য ৰে'হ মঞ্চৰ পৰা নাটক আৰু বোলছবি জগতৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সু-্অভিনেতা নাৱাজউদ্দিন ছিদ্দিকী নামি যোৱাৰ পাছতে পেণ্ডেলৰ একাষে স্থাপন কৰা প্ৰজেক্টৰৰ স্ক্ৰীণখন সক্ৰিয় হৈ উঠিল ৷ ৰে’হ উৎসৱৰ ইতিহাস আৰু ডিবাং ভেলীৰ পৰ্যটন সমলক ভিত্তি কৰি
নিৰ্মাণ কৰি উলিওৱা ৫ মিনিটীয়া ভিডিঅ’ এটা চাবলৈ পালোঁ ৷ ভিডিঅ’টোৰ কাৰিকৰী দিশটো আৰু অধিক উন্নত কৰাৰ থল আছিল ৷
সি যি কি নহওক, পুৰণা আৰু নজনা কিছু তথ্য বোধগম্য হ’ল ৷ পৰ্দাত আচ্হিছ’ৰ ছবি কিছুমানো ওলাল ৷ তাকে
দেখা পাই উত্তেজনাই উন্মাদৰ ৰূপ ল’লে ৷ যোৱা হ’বনে তালৈ, মিটিঙৰ শেষত ? বচ্চন
মিপি ক’ত বা আছে ! চকুৱে বচ্চনক বিচাৰিব ধৰিছে ৷ কিন্তু বিৰ দি বাট
নোপোৱা সভাঘৰত পাওঁনো ক’ত মানুহটোক ?
৪১ আনিনি বিধান সভা সমষ্টিৰ বিধায়ক মপি মিহুৱে ভাষণ
দিবৰ বাবে লেক্চাৰ ষ্টেণ্ডত থিয় হ’লহি ৷ বুজি পালোঁ, আনিনিৰ ৰে’হ আৰু আচ্হিছ’ক পোহৰলৈ অনাত এইজন
জন-প্ৰতিনিধিয়ে অনুঘটকৰ দায়িত্ব লৈছে, যেনেকৈ পাংচু পাছ ৱিণ্টাৰ ফেণ্টিভেলক আগুৱাই নিয়াত মুখ্য
ভূমিকা লৈছিল নামপঙৰ এম.এল.এ. তথা অৰুণাচল প্ৰদেশৰ কৃষি, উদ্যান-শস্য আৰু পশুপালন বিভাগৰ
তদানীন্তন মন্ত্ৰী চেতং চেনাই ৷ আন্তৰ্জাতিক পৰ্যায়লৈ উন্নীত কৰা পি.পি.ডব্লিউ.এফ.ৰ Brain behind বুলি কোৱা হৈছিল তেওঁক ৷ দুৰ্ভাগ্য, ২০১৫ চনৰ ২৫ জানুৱাৰীত ডিব্ৰুগড় মেডিকেলত আকস্মিকভাৱে
মৃত্যুক সাবটিলে নেতাজনে ৷ উদ্যমী আৰু সৰৱৰহী মানুহজনক লে’ক অফ্ ন’ ৰিটাৰ্ণ ভ্ৰমণকালত
দেখা পাইছিলোঁ ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত অসমৰ লিডুৰ পৰা ম্যানমাৰ হৈ চীন দেশৰ কুনমিঙলৈ
নিৰ্মিত ১,৭২৬ কিল’মিটাৰ দৈৰ্ঘৰ, পূবৰ
সেই বন্ধ হৈ থকা বুৰঞ্জীপ্ৰসিদ্ধ ষ্টিলৱেল
পথটোৰ পুনৰুজ্জীৱিতকৰণত জোৰ দিয়াৰ লগতে ভাৰত-ম্যানমাৰ সীমান্ত বাণিজ্যৰ উন্নয়নৰ লক্ষ্যতো তেওঁ নিৰৱচ্ছিন্নভাৱে লাগি আছিল ৷ আনিনিৰ ৰে’হ মঞ্চত মপি মিহুৰ উপস্থিতিয়ে মুহূৰ্ততে মোক প্ৰয়াত চেতং চেনালৈ মনত পেলাই
দিলে ৷ একোজন মন্ত্ৰী-বিধায়কে কৰিম বুলি ভাবিলে কি কৰিব নোৱাৰে ? বহুত কাম কৰিব পাৰে
৷ লাগে মাথো সদিচ্ছা ৷
এম.এল.এ.
চাহাবে আৰম্ভণিতেই খোলাখুলিকৈ কৈ ল’লে যে সুন্দৰ ভাষণ দিয়াৰ অভ্যাস তেওঁৰ মুঠেই নাই ৷ লিখিতহে
পাঠ কৰিব ৷ কিনো কয় শুনা যাওক বুলি কাণ উনাই ৰ’লোঁ ৷ প্ৰতিকূল বতৰ আৰু কঠিন ৰাস্তাৰ প্ৰত্যাহ্বান স্বীকাৰ
কৰি সমৱেত হোৱা সকলো আলহীলৈ পোনপ্ৰথমে উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক’লে যে ৰে’হৰ
সাহিত্যিক অৰ্থ হ’ল আমন্ত্ৰণ জনোৱা ৷ দ্বিতীয়তে জনালে যে ইদু ৰাইজৰ সমৰ্পিত
মনোভাব আৰু কঠিন শ্ৰমৰ যোগেদি আনিনিত এই উৎসৱটিৰ আয়োজন কৰা হৈছে ৷
হাতত লৈ থকা কাগজ এখনলৈ চাই তেওঁ
পঢ়ি গ’ল, ‘ভক্তিৰ মাজেৰে চলা ৰে’হক
পৱিত্ৰ আৰু ধাৰ্মিক উৎসৱ বুলি মনা হয় ৷ পূৰ্বজসকলৰ কথা অনুসৰি এই উৎসৱৰ মুখ্য উদ্দেশ্য
মানুহক লালসা আৰু স্বাৰ্থৰ পৰা আঁতৰত ৰখা আৰু পাৰস্পৰিক মিলনৰ জৰিয়তে ভাতৃত্ব স্থাপনৰ
শিক্ষা দিয়া ৷ নিজৰ জীৱনত দান আৰু সৌভাগ্য প্ৰাপ্ত হৈ তাক লুকুৱাই ৰখাৰ পৰিৱৰ্তে প্ৰিয়জনৰ
সৈতে ভাগ-বতোৱাৰা কৰিব লাগে ৷ নিজৰ আনন্দ এনেকৈ আনৰ সৈতে ভগাই লোৱা কামে জগতস্ৰষ্টা
সৰ্বশক্তিমান ভগৱান নানী ইনিটায়া, মাচেল্ল’ জিনুক সন্তুষ্ট কৰে ৷’
ইয়াৰ
পাছতে তেওঁ আক্ষেপেৰে ক’লে যে ডিবাং ভেলী এখন প্ৰাচীন
জিলা হোৱা সত্ত্বেও প্ৰাথমিক সা-সুবিধা আজিও নাই ৷ পথৰ আন্তঃগাঁথনিকে ধৰি বহুতো মূল
মূল বস্তুৰেই ইয়াত অভাৱ ৷ এই বিষয়ে মুখ্য মন্ত্ৰী মহোদয়ক মেম’ৰেণ্ডাম
দিয়া হ’ব বুলি ৰাইজক জানিবলৈ দিলে ৷ সমৱেত জনতাই হাত-চাপৰি
বজাই সমৰ্থন দিলে ৷
নেতাজনে
আৰু জনালে যে ডিবাং ভেলী অৰুণাচলৰ দূৰস্থিত জিলা হোৱা সত্ত্বেও ইয়াত পৰ্যটন আৰু অন্য
ক্ষেত্ৰৰ বিকাশৰ অন্তহীন সম্ভাৱনা আছে ৷ ড্ৰি আৰু মাথু নদীৰ মধ্যস্থলত চেভেন লে’ক্ছ
আছে ৷ তালৈ ট্ৰেকিং অভিযান চলাব পাৰি ৷ ইয়াত ইক’ টুৰিজিম আৰু ফিল্ম ইণ্ডাষ্ট্ৰিজৰ
ভাল কাম কৰিব পৰা যায় ৷ ফিল্ম নিৰ্মাণ কাৰ্যৰ কাৰণে প্ৰাকৃতিক সৌন্দৰ্যক ব্যৱহাৰ কৰিবলৈ
নাৱাজউদ্দিন ছিদ্দিকীৰ প্ৰতি তেওঁ অনুৰোধ কৰিলে ৷ ডিবাং উপত্যকাৰ প্ৰাকৃতিক সুন্দৰতা
কাশ্মীৰ ভেলীতকৈ কম নহয় ৷ সুৰক্ষাজনিত সমস্যা ইয়াত নাই বুলিও নিশ্চিতি দিলে ৷
ৰ’য়িং-মায়’ডিয়া-আনিনি টুৰিষ্ট চাৰ্কিট সন্দৰ্ভত
বিধায়কজনে ক’লে, ‘টাৱাঙত ২০১৮ চনত অনুষ্ঠিত ষ্টেট
একজিকিউটিভ বডীৰ মিটিঙত তদানীন্তন মুখ্য মন্ত্ৰী দৰ্জি খাণ্ডু ডাঙৰীয়াই আনিনিক টুৰিজিম
চাৰ্কিটলৈ আনিবৰ বাবে প্ৰস্তাৱ ৰাখিছিল ৷ আমি সকলো ভাগ্যশালী যে বৰ্তমানৰ মুখ্য মন্ত্ৰী
পেমা খাণ্ডু ডাঙৰীয়া সেই লক্ষ্যৰেই আগ বাঢ়িছে ৷ আননিত টুৰিজিম প্ৰতিষ্ঠা আৰু বিকাশ
সাধিবলৈ প্ৰয়াত দেউতাকৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে এতিয়াৰ মুখ্য মন্ত্ৰীজন ৷’
এম.এল.এ. মপি মিহু ডাঙৰীয়াৰ ভাষণে মোৰ মন উৰুৱাই
নিলে ১৯৮৮ চনৰ ২৯ এপ্ৰিললৈ ৷ প্ৰয়াত ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ থকা অৱস্থাত
সেইদিনা আনিনিলৈ আহিছিল ৷ কেনেকুৱা আছিল বাৰু আনিনিৰ তেতিয়াৰ দিনবোৰ ! কি ৰূপত আছিল
? শুনিছোঁ, জানুৱাৰী-ফেব্ৰুৱাৰীত বৰফে ঢাকি ৰাখিছিল ৷ পৰ্বতৰ বক্ষ গছ-গছনিহীন হোৱাৰ এইটো শুদ্ধ কাৰণ হ'ব পাৰে ৷ আহ-যাহৰ ৰাস্তা একেবাৰে সুচল নাছিল ৷
ক’লীয়াপানীহেন আছিল আনিনি
৷ হেলিকপ্টাৰে পেলাইছিল অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা ৷ কুহেলিকা আঁতৰাই এতিয়া ধীৰে
ধীৰে যেন সলনি হ’ব ধৰিছে দিনবোৰ, নতুন
গতি ল’ব ধৰিছে কণমানি ঠাইখনে ৷ টুৰিষ্ট হাব কৰাৰ পৰিকল্পনা চলিছে ৷ আনিনিয়ানৰ বাবে এয়া নিসন্দেহে শুভ-সংবাদ আৰু উৎসাহজনক
কথা ৷
ভাষণ সমাপ্ত হ’ল ৷ ইটালিনৰ মহিলাসকলে মঞ্চ দখল কৰিলে ৷ তেওঁলোকে দলীয় নৃত্য এটা পৰিৱেশন কৰিলে
৷ অনিয়াৰ মাক পিলি মেয়া ইটালিনৰ পৰা আহিছে, ৰে'হ চাবলৈ ৷ মানুহৰ মাজত ক’ত বা বহি আছে তেওঁ এতিয়া ! সভাৰ অন্তত ঘৰত নাচটোৰ বিষয়ে সুধিব লাগিব ৷ চাই কিন্তু বেচ
আপ্লুত হ’লোঁ ৷
বচ্চনক পাওঁ নেকি বুলিয়ে বাহিৰত পায়চাৰি কৰি
আছোঁহি ৷ দেখিলোঁ, বচ্চন, অনিয়া আৰু কেইজনমানে মুক্ত প্ৰাংগণত হাঁহি-ধেমালিৰ মাজেৰে ফটো চেছনত ব্যস্ত ৷ সিহঁতৰ স্নেপ দুটামান লৈ থ'লোঁ ৷ আচ্হিছ'ৰ প্ৰসংগ উলিওৱাত ক'লে, 'ড্ৰাইভাৰ এ'ক থু মিলা থা ৷ মুঝে ফোন কৰেগা ব'লা ৷ মতলব মিটিং খতম হ'নে কা সাথ সাথ কনটেক্ট কৰেগা ৷ হ' সকে' ত' চলা যাগেয়া, না ?'
হাঁ বুলি কৈ আঁতৰি আহিলোঁ ৷ আশা বুকুত লৈ মুকলিত আপোনমনে ইফাল-সিফাল কৰি আছোঁ ৷ কাৰ্যসূচীৰো খেয়াল ৰাখিছোঁ ৷ এনেকৈ থাকোঁতে হঠাতে কালিৰ সহযাত্ৰী ইদু যুৱতীক দেখা গ'ল ৷ নিজৰ জনগোষ্ঠীয় সাজেৰে সুন্দৰভাৱে সজ্জিত হৈ আহিছে ৷ লগত আৰু দুগৰাকী ৷ তেওঁলোক অৱশ্যে কালি অহা নহয় ৷ মোক দেখা পাই হাঁহিলে ৷ ‘হেপ্পী ৰে’হ’ বুলি ক’লে ৷ ময়ো ক’লোঁ, ‘হেপ্পী ৰে’হ’ ৷ এনেদৰে পৰস্পৰ সম্ভাষণ বিনিময় কৰা বিভিন্নজনক ইয়াত পাইছোঁ ৷
হাঁ বুলি কৈ আঁতৰি আহিলোঁ ৷ আশা বুকুত লৈ মুকলিত আপোনমনে ইফাল-সিফাল কৰি আছোঁ ৷ কাৰ্যসূচীৰো খেয়াল ৰাখিছোঁ ৷ এনেকৈ থাকোঁতে হঠাতে কালিৰ সহযাত্ৰী ইদু যুৱতীক দেখা গ'ল ৷ নিজৰ জনগোষ্ঠীয় সাজেৰে সুন্দৰভাৱে সজ্জিত হৈ আহিছে ৷ লগত আৰু দুগৰাকী ৷ তেওঁলোক অৱশ্যে কালি অহা নহয় ৷ মোক দেখা পাই হাঁহিলে ৷ ‘হেপ্পী ৰে’হ’ বুলি ক’লে ৷ ময়ো ক’লোঁ, ‘হেপ্পী ৰে’হ’ ৷ এনেদৰে পৰস্পৰ সম্ভাষণ বিনিময় কৰা বিভিন্নজনক ইয়াত পাইছোঁ ৷
‘কাল ৰাত বহত বুৰা বাত
হুৱা ৷’
পোনপটীয়া বাক্যটোত তাই অলপ থতমত খালে ৷ মোৰ মুখলৈ ভেবা লাগি চাই ৰ'ল ৷ ভাবিছে চাগৈ, কি বেয়া হ’ব পাৰে !
পোনপটীয়া বাক্যটোত তাই অলপ থতমত খালে ৷ মোৰ মুখলৈ ভেবা লাগি চাই ৰ'ল ৷ ভাবিছে চাগৈ, কি বেয়া হ’ব পাৰে !
‘ৰ’য়িঙৰ পৰা একেলগে বহি ইমানদূৰ বাট আহিলোঁ, এৰা-এৰিৰ পৰত কাকো এষাৰ মাতো নলগালোঁ
মই ৷ তাকে মনতে নিজকে দোষী দোষী লাগি আছে ৷’
তাই হাঁহিলে ৷ একো উত্তৰ নিদিলে ৷ 'ৱাপচ কব যায়েগা আপ ?' সুধিলে ৷‘দিন ঠিক নাই ৷ এতিয়া প্ৰদৰ্শনী চাবলৈ যাওঁ’ বুলি মই সিপিনে গ’লোঁগৈ ৷ সিহঁত পেণ্ডেলত সোমাল ৷ (ক্ৰমশঃ)
No comments:
Post a Comment