Wednesday, 20 May 2020

৭.৮ লাল গাড়ীৰে আচ্‌হিছ অভিমুখে


গেটৰ বাহিৰত ৰঙা মাৰুতি অল্ট কাৰ এখন ৰৈ আছে ৷ বচ্চনে কোৱা লাল গাড়ী ৷ এইখন যাবনে বাৰু তালৈকে ? দেখিয়েই সংশয় উপজিল ৷ বলেৰ' হোৱা হ'লে ভাল আছিল নেকি ! ভাবিলোঁহে ৷ নকলোঁ ৷ যোগাৰ কৰিছেযে, সেয়াই বহুত ৷ ৰাস্তাটো তেওঁ জানেই ৷ বিপৰীতে, বচ্চনৰ গতি-বিধি আৰু মনৰ দৃঢ়তাইহে লক্ষ্যণীয় ৰূপ লৈছে ৷
অনিয়াও ওলাইছেচোন ! তাই যাব বুলি গমেই পোৱা নাছিলোঁ ৷ ভালেই হল, চাৰিটা হলোঁ ৷ আমি এতিয়া চব ঘৰুৱা মানুহ ৷ ৱুটাচ্ছি আৰু অৰনে খেলি আছে ৷ পিলি মেয়া আৰু য়াচ্চু মিহুক যথাৰীতি মাত লগাই ওলাই আহিলোঁ ৷ পানীৰ বটল, অৰূপদাই দি পঠোৱা ৰেইন কোট আদি ভৰাই স্কুল বেগটো লগত লৈ লৈছোঁ ৷ টুপী, হাতমোজা, ফে'চ মাস্ক আছে ৷ ৰ'য়িঙত সিদিনা কিনা শুকান খেজুৰ, পেস্তা, কাজু বাদামৰ পেকেটকেইটাও ভৰাই লৈছোঁ ৷
গম পালোঁ, চালক বচ্চন নিজেই ৷ মোক আগত বহিবলৈ ক'লে ৷ ১০ বজাত আচ্‌হিছ অভিমুখে বহু-আকাংক্ষিত যাত্ৰাটো আৰম্ভ হল ৷ তিনিজন যাত্ৰী মজুত ৷ বাকী আছে চ'ক' তায়ু ৷ ২৯ তাৰিখে নিশা ঘৰৰ পৰা বাহিৰ হওঁতে আচ্‌হিছ'তো বাদেই অানিনিয়েই অনিশ্চয়তাৰ গৰ্ভত লুকাই আছিল ৷ আনিনি উলিয়ালোঁহি ৷ আজি আচ্‌হিছ'ৰ সন্ধানত ওলাইছোঁ ৷ ইয়াৰ বাবে চ'ক' তায়ুৰ লগতে বচ্চন-অনিয়াও কৃতজ্ঞতাৰ পাত্ৰ ৷
আচৰিত, গাড়ীখন চলিব ধৰাৰ লগে লগেই পাছে পাছে ঢপলিয়াবলৈ ল'লে তিব্বেত নামৰ ধোঁৱা বৰণীয়া হৃষ্ট-পুষ্ট কুকুৰটোৱে ৷ ফিল্ডৰ কাষত আমি নোৰোৱালৈকে একেৰাহে চেঁকুৰিয়ে থাকিল ৷ মালিক-মালিকনীক যেন নেৰিবই ! ভাগ্যে গাড়ীত তুলি লোৱা নাই ইহঁতে ৷
ফেষ্টিভেল গ্ৰাউণ্ডৰ সমীপত ৰৈ ক্ষন্তেক অপেক্ষা ৷ এতিয়াহে জানিলোঁ যে অনিয়াৰ কোনোবা দুই লগৰীও যাব ৷ ঘৰৰ ওচৰৰে হেনো ৷ সিহঁত আহি আছে ৷ কি কথা ? চিট ৫টা, মানুহ হলোঁচোন ৬টা ! এডজাষ্ট কৰ লেগা বুলি কলে তাই ৷ ওচৰ বাট হোৱা হলেও কথা বেলেগ আছিল ৷ ৰাস্তাও সমান বুলিবলৈ নাই ৷ পাহাৰীয়া একা-বেঁকা ৷ কষ্ট খোৱাটো হাণ্ড্ৰেড পাৰ্চেণ্ট ৷ তথাপি নিৰ্বিকাৰ ৷ একো চিন্তাই নাই ৷ উদ্যম দুৰন্ত ৷ জেকেট-জোতা, টুপী-মাফলাৰেৰে সৰ্বশৰীৰ আবৃত কৰি ওলালহি দুই লগৰী ৷ কথাৰ পৰাই গম পাইছোঁ, সিহঁতৰ প্ৰধান আকৰ্ষণ নাৱাজউদ্দিন ছিদ্দিকী ৷ তাৰকা অভিনেতাক লগ পাব লাগে, ফটো এখন তুলিবলৈ পাব লাগে ৷ বচ ৷ গুপুত বাসনাটো ফাদিল হোৱাত জোকালোঁ অনিয়াক ৷
'চ তায়ুজী কাহাঁ হে' ?'
'কালি ৰাতি পাতিয়ে থোৱা হৈছিল ৷ ফেষ্টিভেল গ্ৰাউণ্ডত ৰৈ থকাৰ কথা আছিল ৷ অহাই নাই হ'বলা ৷ এতিয়া ফোনতো নাইপোৱা ৷ নিচ্চে মে' হ'গা লগতা হে' !'
কৈয়ে বচ্চনে দৌৰ মাৰিলে ৷ চাই আহিলগৈ ৷ কোনো শুং-সূত্ৰ নাই মানুহটোৰ ৷ এইফালে অনিয়া আৰু মই চেষ্টা চলাইছোঁহে চলাইছোঁ, নাই, ফোন নাযায় ৷ এবাৰ কিবাকৈ ৰিং হল ৷ কথা ভালকৈ নহলেই ৷ লাইন কটা গল ৷ কটা গ'ল যি গ'লেই ৷ নাপালোঁ আৰু ৷ আপদীয়া নেটৱৰ্ক ৷ কি ভাগ্যৰ ফলতযে সিদিনা ৰ'য়িঙৰ পৰা অনিয়াক ফোনত পাইছিলোঁ ! অন্যথা অন্ধকাৰত খেপিয়াই ফুৰিব লগা হ'লহেঁতেন ! ভাবিলে এতিয়াও কিবা আচৰিতেই লাগি যায় ৷
খেলপথাৰখনৰ এইটো প্ৰান্তত ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে দীঘলীয়াকৈ পকী ষ্টেপ কেইশাৰীমান সজা আছে ৷ স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস চৰকাৰী কাৰ্যসূচী, কিবা খেলা-ধূলা হ'লে তাতে বহি ৰাইজে উপভোগ কৰে ৷ সদ্যহতে, ৰাতিৰ বৰষুণে উৎসৱথলী তেনেই গেল্‌গেলীয়া কৰি পেলালে ৷ চাংঘৰটোৰ কাষতে বেতৰ টুপী আৰু গামবুট পিন্ধা লোক কেইজনমানক ৰৈ থকা দেখা গৈছে ৷ কিবা আলোচনা চলি আছে ৷ বচ্চনৰ আজি ডিউটি নাই ৷ সেয়ে আচ্‌হিছলৈ ওলাব পাৰিছে ৷ চও এইটো দায়িত্বৰ পৰা মুক্ত ৷ সাতে-পাঁচে ভাবি-গুণি তেওঁ থকা জেগালৈকে যথাশীঘ্ৰে পোনাই দিয়াৰ সিদ্ধান্ত লৈ লোৱা হল ৷ বচ্চনে ঘৰটো চিনি পায় ৷
অনিয়াই ইদু দোৱানতে কিবাকিবি ক'লে ৷ কাটালা উভতি গলগৈ ৷ ৰক্ষা ৷ এইফালে ময়ো আনিনি টাউনৰ অন্তৰ্ভাগলৈ প্ৰথমবাৰৰ বাবে সোমাই যাবলৈ উদ্যত হৈছোঁ ৷ নতুন কৌতূহল কিছুমানে বুকুত খুন্দিয়াবলৈ ধৰিছেই ৷ এপাক মাৰিলেই শেষ বুলি কৈছিল, ইদু যুৱতী সহযাত্ৰীয়ে ৷ কিন্তু কতা ? উপকণ্ঠৰ ছবিবোৰ শেষেই নহয়চোন ৷ বতৰটো ডাৱৰীয়া, সেমেকা ৷ আকাশখন গোমা ৷ বৃষ্টিৰ আগমনৰ আভাস স্পষ্ট ৷ হ'লেও যাবই লাগিব আচ্‌হিছ' ৷ ইও এক স্বপ্ন-যাত্ৰাই ৷
টাউনশ্বিপৰ ৰাস্তাবিলাক ভাল ৷ যিফালেই দেখিছোঁ শিলগুটি-চিমেণ্টৰ মিশ্ৰণেৰে মসৃণ ৷ আল্‌কতৰা কঢ়িওৱাত সমস্যা আছে চাগৈ ৷ ডাপৰিজোতো এনেকুৱা অংশবিশেষ পাইছিলোঁ ৷ এক বেগ চিমেণ্টৰ দাম কিমান বাৰু ইয়াত ? নাজানো ৷ পৰিৱেশটো পৰিষ্কাৰ ৷ দেখি কিবা এটা ভাল লাগিল ৷ হাই-উৰুমি নাই ৷ চৌপাশৰ উন্মুক্ত ৰূপ-লাৱণ্য অকণো কৃপণালী নকৰাকৈ, পূৰ্ণমাত্ৰাত উপভোগ কৰি যাব ধৰিছোঁ, য়েছে দৰজে ঠংচি ছাৰে উনুকিওৱা, 'ফটোগ্ৰাফিক দৃষ্টিভংগী' গোপনে ৰাখি ৷ হাতত খোলা কেমেৰা ৷
ডাৱৰে মাটিক চুমা যাচিছে ৷ এয়াই আনিনি ৷ ঘৰবিলাক পুৰণা হৈছে ৷ টিনপাতবোৰত মামৰে ধৰিছে ৷ কোনো কোনো চৌহদত কিবা খেতি-বাতিও দৃষ্টিগোচৰ হৈছে ৷ এটা টিলাৰ ওপৰত ডি.চি. অফিচটো ৷ বচ্চনে আঙুলিয়াই বুজালে ৷ কাষতে তেল ডিপ ৷ ১ জানুৱাৰীত মুকলি কৰা হৈছে ৷ আমি বাঁওহাতে ৰাওনা হলোঁ ৷ চ তায়ু সেইফালে থাকে ৷ বিভাগীয় কাৰ্যালয়, কোৱাৰ্টাৰ কিছুমান পাই আহিছোঁ ৷ উপকণ্ঠ এলেকাত উপস্থিত হ'লোঁহি ৷ ৰাস্তাটো ক্ৰমাৎ তললৈ নামিছে ৷ এইফালেদি জৱাহৰ নবোদয় বিদ্যালয়লৈ যায় বুলি কলে ৷ ক্ষন্তেকতে ৰাস্তাটোৱে ৰূপ সলালে ৷ বোকাময় হৈ পৰিল ৷ এঠাইত গৈ গাড়ীখন ৰৈ যাবলৈ বাধ্য ৷ সোঁমাজতে এটা বৃহৎ পুখুৰী ৷ বচ্চনে কাষেদি কাটি নিব খুজিছিল যদিও মই পূৰাদমে বাধা দিলোঁ ৷ যিহে বোকা দেখা গৈ আছে নোযোৱাই ভাল ৷ গাড়ী ঘূৰাব পৰাও নাযাব ৷ ফচি যাম ৷ চিন্তা কৰি পোৱা গল যে বিকল্প পথ এটা নথকা নহয় ৷ উঠি আহিলোঁ ৷ দ্বিতীয়টো পথেৰে সোমালোঁ ৷ এই ৰাস্তাও তথৈবচ ৷ নামি নামি গৈ এঠাইত সমাপ্ত ৷ আটাইমখা নামি দিলোঁ ৷
চ'ক' কাহাঁ বেইঠতা হে' ?’ অনিয়াই বচ্চনক সুধিলে ৷
উধৰ, নিচ্চে মে' ৷
নিচ্চে মে' মতলব কিতনা নিচ্চে ?
'ৱ' নিচ্চেৱালা ঘৰ নেহী দেখা ? উসকা বগলমে' ৷উস চাইডমে' ৷'
'কাহাঁ চুপাকে' ৰ'হতা হে' ৰে' ! যে চ'ক' ভি... !
আমি ওপৰত ৷ চ'ক' তায়ু গহ্বৰত ৷ সংযোগ সাধনৰ উপায় কি হ'ব এতিয়া ? ফোনৰতো কামেই নাই ৷ প্ৰাচীন পদ্ধতিয়ে উপায় ৷ চিঞৰ মৰা আৰম্ভ হল ৷ চ তায়ু কাহাঁ হ আপ ? আ যাও ... জলদি  ৷ অনিয়া আৰু মই বেছি চিঞৰিছোঁ ৷ বৃথা চেষ্টা ৷ পৰ্বতৰ গহ্বৰত দুখ লগাকৈ হেৰাই গৈছে আমাৰ শব্দবোৰ ৷ প্ৰত্যুত্তৰ নাই ৷ ইফালে সময় পাৰ হৈ আছে ৷ আচ্‌হিছ'ই হৃদয়ত লগাই আছে তাল্‌ফাল্‌ ৷ চ'ক'ই লগাইছে ভেজাল ৷
ক'ত গ'ল চ'ক' তায়ু ? টিনৰ ওপৰত শিলগুটি দলিয়াবলৈকো ৰেঞ্জত নাই ৷ কেনেবাকৈ ফিল্ডত ৰৈ আছেগৈ নেকি আকৌ ? লগ নাপালে কি হ'ব ? এৰি থৈ যোৱাৰ কথাও ভাবিব নোৱাৰি ৷
দ্বিতীয় প্ৰচেষ্টা ৷ আগতকৈও বেছিকৈ, যিমান জোৰত পাৰি সিমান জোৰত চিঞৰিব লাগিব ৷ হাত দুখনেৰে মুখৰ আগত চুঙাৰ দৰে কৰি লৈছোঁ ৷ ঠিক যেন স্কুলীয়া দিনত বিশেষ কায়দাৰে লগৰীয়াক মৰা গগন ফলা আৰ্তনাদৰ অন্যৰূপ ! বহুত দিন, বছৰ বছৰ, এনেকৈ টেঁটু ফালি পোৱা নাই ৷ এতিয়া পাৰ্যমানে চেষ্টা কৰিছোঁ ৷ লাগি লাগি ধৰিছে ৷ কাহ উঠি গৈছে ৷ নেলু বিষাইছে ৷ হাঁহিও উঠিছে ৷ খুবমতে উপভোগ কৰিছোঁ আকস্মিকভাৱে আহি পৰা অৱস্থাটো ৷
'এই কথাই কথা নহয় ৷ লাষ্ট ট্ৰাই কৰেগা ৷' শ্বৰ্টকাট মাৰি অনিয়া আৰু এক লগৰী আৰু কেইখোপমান তললৈ নামি গল ৷ সেইখিনিৰ পৰা আকৌ লগাইছে গছৰ পাত সৰা চিঞৰ ৷ চ'ক'অ'অ', ঐ চ'ক'অ'অ'... ৷ নিজৰ দোৱানতো কৈছে কিবাকিবি ৷ ময়ো ওপৰৰ পৰা লগ দি আছোঁ ৷  তায়ুজী আ যাও জলদি ৷ বচ্চনে সিফালৰ পৰা কম ভলিউমত সুৰ লগাই ফুচুৰি মাৰি আছে ... নেহী ত' চ'ৰকে চলা যাউংগা... ৷
ভাগ্য ভাল, কিবাকৈ চৰ কণামাকৰি সৰিল যেনিবা ৷ অনিয়াহঁতেহে পাৰিলে টাৰ্গেটত হিট্‌ কৰিব ৷ মোৰ দ্বাৰা সম্ভৱ নহ'ল ৷ ভাবিছিলোঁ ময়ে আটাইতকৈ ডাঙৰকৈ চিঞৰ মাৰিছোঁ বুলি ৷ ঘৰ এটাৰ আঁৰৰ পৰা উত্তৰ ভাহি আহিল ৷ আ ৰহা হুঁ… ৷’ ঠিক যেন চিনেমাৰ কাৰবাৰ ৷ অৱশেষত চ'ক' তায়ু উদ্ধাৰ হৈ গ'ল ৷
শেষ যাত্ৰীক বিচাৰি আহি আনিনিৰ এইফালটো, অান এক অজান্তি-মুলুক প্ৰত্যক্ষ কৰিলোঁ ৷ নহ'লে ক'তনো দেখা পাওঁ ! আচৰিত হ'লোঁ যে ঝুক ভেলী, মেন্‌-চু-খা আদিৰ অনুৰূপ খলা-বমা, হাফলুৰ ৰাজ্য এখন ইয়াতো আছেচোন !  অকোৱা-পকোৱা পকা ৰাস্তা এটায়ো এফালে অভিনৱ ৰূপত দৰ্শন দি আছে ৷ বচ্চনে কলে, ৰাহা আপকা ৰয়িং ৰড ৷ কল আপ উধৰছে' আয়া থা না ?
মন দি চাইছোঁ যদিও একো ধৰিব পৰা নাই ৷ ৰাতি আহিছিলোঁ ৷ ক'ৰ ৰাস্তা ক'ত গৈছে এতিয়া ক'তনো চিনি পাম ? এইফালে চ’ তায়ুক দৌৰি দৌৰি ওলাই অহা দেখা গ'ল ৷ দৌৰি দৌৰিয়ে পাহাৰ উঠি আছে ৷ ওপৰৰ পৰাই কেমেৰা টোঁৱালোঁ ৷ ঝুম কৰি দেখোঁ যে বচ্চনৰ নিচিনাকৈয়ে চ'ক'ৰ মূৰতো টুপী-চুপী একো নাই ৷ কেৱল মুখত এখন মাস্ক ৷ কাণ ঢকাৰ নিয়মেই নাই ইহঁতৰ ৷ আমাৰহে লতি উলিয়াবই নোৱাৰি ৷ ঠাণ্ডাই কোবায় ৷ ফোঁপাই ফোঁপাই অলপ পৰৰ পাছত চ'ক' ওচৰ পালেহি ৷ চ'ক' অভিযানক লৈ ৰসিকতা চলিল অলপপৰ ৷
বচ্চনে গাড়ীখন ঘূৰাই থৈছিলেই ৷ আটায়ে বহিলোঁ ৷ পাছৰ চিটত ঠেলা-হেঁচাকৈ চাৰিজন ৷ হলেও আক্ষেপ নাই ৷ স্ফূৰ্তিহে লাগিছে ৷ চক মৰা চিঞৰকেইটাক কেন্দ্ৰ কৰি গাড়ীৰ ভিতৰত তামাম হাঁহিৰ খলকনি ৷
পুনৰ বেমেজালি ৷ কিছু গৈয়ে নামিবলগীয়া হল ৷ সন্মুখত কেঁকুৰি এটা ৷ বোকাময় জেগা ৷ চকা পিছল খাই অল্ট'খন চোঁচৰি যায় ৷ এতিয়াহে খেয়াল হ'ল, কেনেকৈযে নামিছিলোঁ ! বিপদৰ আশংকা কৰি বচ্চনে আমাক তৎক্ষণাৎ নামি যাবলৈ ক'লে ৷ গাড়ীখনকো কিছু তললৈ নামি যাবলৈ দিয়া হ'ল ৷ তাৰ পৰা ১ নম্বৰত উঠি আহিব ৷ বিপজ্জনক জেগা টুকুৰাত চ'ক' আৰু মই ঠেলা মাৰিম ৷ ৰৈ আছোঁ ৷ লেডিজ পাৰ্টীও সষ্টম ৷ হাতে হাতে ব'ল্ডাৰ ৷ কোনো কাৰণতে তললৈ নাহে যাতে ৷
বোকাত ইফাল-সিফাল কৰি অল্ট উঠি আহি আছে ৷ গোঁ-গোঁ ইঞ্জিনৰ শব্দ ৷ বাহ্যিক বল দৰকাৰ হোৱা জেগাকণ পোৱা মাত্ৰেই আমিও ঠেলা মৰা আৰম্ভ কৰিলোঁ ৷ পিছলিছিল যদিও উঠি গ'ল যেনিবা একেবাৰতে ৷ অনিয়াহঁতে যোগান লগাবলগীয়া নহ'ল ৷ শিলভৰা ৰাস্তাডোখৰ পাইহে নিশ্চিত হলোঁ যে আচ্‌হিছ যোৱাটো সম্ভৱ হব ৷ নহলে ভাবিয়ে লৈছিলোঁ কি যত সোমালোঁহি, বোকা নুশুকুৱালৈকে ইয়াৰ পৰা ওলোৱাটো সহজ নহব ৷ পিছে ভাগ্যই খুব লগ দিলে ৷ নেদেখা দৃশ্যও চাবলৈ পালোঁ ৷ কাপোৰত বোকা লাগিল যদিও কোনো কথা নাই ৷ মানি ল'লোঁ ৷
লেতেৰা হৈ পৰা হাত-পাত ধুই যাত্ৰা পুনৰ আৰম্ভ কৰা হয় মানে ১০.৩০এই বাজিল ৷ ডিবাং ভেলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ-দ্বাৰৰ সন্মুখেৰে আমাৰ লাল গাড়ী ধাৱমান হৈছে ৷ ভিন্নৰঙী পতাকা লগোৱা বাঁহ কিছুমান চহৰখনৰ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে পুতি থোৱাটো লক্ষ্য কৰিছোঁ ৷ ৰেহ ফেষ্টিভেলৰ কাৰণেই চাগৈ এই সৌন্দৰ্যবৰ্ধন ৷ পতাকাই পৰিৱেশটো উৎসৱমুখৰ কৰি তোলে ৷ তাৰ মাজেৰেই আমিও আগ বাঢ়িছোঁ পৰ্যটকৰ উৰণীয়া মন লৈ ৷
কথা পাতি গম পালোঁ, সেইটো চ তায়ুৰ সম্পৰ্কীয় মানুহৰ ঘৰ ৷ তেওঁৰ মাক-দেউতাক নাই ৷ কেতিয়াবাই স্বৰ্গগামী হ'ল ৷ পৰিবাৰে তেজুত কলেজত পঢ়ি আছে ৷ বিবাহিত যদিও মানুহটোক দেখাত তেনেকুৱাযেন নালাগে ৷ তেওঁক লৈ আকৌ কিছু ৰগৰৰ সৃষ্টি হল ৷
বচ্চনে আৱৰ্ত ভৱনৰ কাষেৰে আমাক লৈ গৈছে ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো বাটতে এৰি থৈ আহিলোঁ ৷ মুখামুখি হলোঁ পাহাৰৰ বক্ষত লিখা ANINI শব্দটোৰ ৷ বগা ৰঙেৰে জিলিকি আছে ৷ পৃষ্ঠপটত লঠঙা পাহাৰ ৷ গছবোৰ কলৈ গল ? বৃক্ষৰোপণ সম্ভৱ নহয় নেকি ইয়াত ? পাইনজাতীয় গছ ৰুই দিলে নহবনে ? একেলগে ঢেৰ প্ৰশ্ন ৷ মেন্‌-চু-খাৰ দৰেই টকলা উপৰিভাগ ৷ সেউজীয়া কৰি পেলাব নোৱাৰি নেকি ? এনে আঁচনি ল'ব নোৱাৰে নেকি চৰকাৰে ? ৰাস্তাৰ কাষে কাষেও গছ ৰোৱা হোৱা নাই ৷ থকা হ'লে কিযে ভাল লাগিলহেঁতেন !
তিনিআলি এটাত উপস্থিত হ'লোঁ ৷ বাঁওফালে মিপিলৈ ৷ বিপৰীতে ৰয়িং ৷ চিধাই গলে ডেমবিউন ৷ বি.আৰ.অ.ৰ পিলাৰত এইখিনি উল্লেখ কৰা আছে ৷ দূৰত্ব নাই লেখা যদিও গম পাওঁ যে আনিনিৰ পৰা মিপিলৈ প্ৰায় ৩৮ কিলমিটাৰ ৷ সমুদ্ৰপৃষ্ঠৰ পৰা মিপিৰ উচ্চতা ১,৮৩৬ মিটাৰ ৷
'মে'ৰা ঘৰ উস ৰাস্তা ছে' যানেছে মিলে'গা, মতলব মিপি ৷ ৰাস্তাটো দেখি বচ্চনে সোঁৱৰালে মিপি হৈছে চাৰ্কোল হেড-কোৱাৰ্টাৰ ৷ চীনৰ সীমাত লাগি থকা মিপি চাৰ্কোলত থকা মুঠ গাঁৱৰ সংখ্যা ১৫ খন ৷ জনসংখ্যা ৫৯২ ৷ আই.টি.বি.পি.ৰ কেম্প আছে মিপিত ৷ ইণ্ডো-চীন সীমান্তৰ লাষ্ট মিলিটেৰী ষ্টেচন ৷ ২০১১ চনৰ লোক-পিয়ল অনুসৰি ডিবাং ভেলী জিলাৰ কেউটা ৰাজহ-চক্ৰৰ ভিতৰত আনিনিতে জনসংখ্যা সৰ্বাধিক, ৪,৪৮৯ জন ৷ আনেলিত সৰ্বনিম্ন, ৫৬৩ ৷ পৰিসংখ্যাই কয়, মিপিত আগতকৈ জনসংখ্যা বাঢ়িছে ৷
'মিপিৰ ফালে লেণ্ডস্কেপবোৰ খুব ধুনীয়া ৷' বচ্চনে গৰ্বেৰে জনালে ৷ মাথু উপত্যকাৰ মিপি ডিবাং ভেলী জিলাৰ অনন্যসুন্দৰ পৰ্যটনস্থল বুলি শুনিছোঁ ৷ মাথু নৈখন উত্তৰ-পশ্চিম দিশৰ পৰা বৈ আহি পশ্চিমৰ পৰা পূবলৈ অহা মিপি নৈক লগত লৈছে ৷ হিমালয়ান ৰেঞ্জেৰে ৮০ কিলমিটাৰ বৈ অহাৰ পাছত মাথুৱে ড্ৰিক লগ পাইছে, মাথুনলিত ৷
কেতবোৰ অনাৱিষ্কৃত প্ৰাকৃতিক জলাশয়ৰ ভাণ্ডাৰ উক্ত এলেকাটো ৷ ইচ্ছুক ট্ৰেকাৰ্ছসকলে সেইফালে উদ্ভিদকুল আৰু প্ৰাণীকুল দৰ্শন কৰিবগৈ পাৰে ৷ দুঃসাহসিক ট্ৰেকিঙৰ বাবে মিপি উৎকৃষ্ট লকেচন ৷ আপুনি ইচ্ছা কৰিলে নিজৰ পৈত্ৰিক ঘৰটোক হমষ্টেলৈ ৰূপান্তৰিত কৰিব পাৰে দেখোন ৷ এনেকৈ কোৱাত চিন্তা কৰি চাম বুলি শলাগিলে বচ্চনে ৷
কালি মিটিঙত স্থানীয় বিধায়ক মহোদয়ে উল্লেখ কৰিছিল মাথু আৰু ড্ৰিৰ মধ্যস্থলৰ চেভেন লেকৰ কথা ৷ উচ্চ উচ্চতাত অৰুণাচল প্ৰদেশৰ অন্তৰ্গত পূব হিমালয়ৰ অনামী পৰ্বতমালাৰ বুকুত লুকাই আছে শ্বাসৰুদ্ধকৰ সৌন্দৰ্যৰ পোহাৰ ৷ ৪,০০০ মিটাৰ উচ্চতাত মুক্ত উপত্যকা, শ্যামলী দলিচা, ওখ ওখ ঘাঁহ, ঢেঁকীয়াজাতীয় উদ্ভিদ আৰু বনৰীয়া ফুলৰ পয়োভৰ ৷ এভাৰেষ্টাৰ টিনে মেনাই তুলি অনা, ফে'চবুকত উপলব্ধ ফটোত দেখা পাইছোঁ ৷ বছৰজুৰি দৃষ্টিনন্দন হৈ ৰোৱা, হিমবাহে যোগান ধৰা জলধাৰাৰে পুষ্ট নৈ-নিজৰা-জলপ্ৰপাত আছে ৷ চ'ক' তায়ুৱেই এটা জলপ্ৰপাতৰ ছবি আপল'ড কৰিছিল ৷ লিখিছিল, অৰুণাচলৰ ভিতৰতে সৰ্বোচ্চ হ'ব বুলি ৷ দৃশ্যবোৰ অধিক মানুহেই আজিও স্বচক্ষে দেখাগৈ নাই ৷ সেয়ে ডিবাং ভেলী এতিয়াও নিষ্কলুষ ৷ কুশলী ট্ৰেকাৰ্ছৰ বাবে আদৰ্শ ট্ৰেকিং পথ আছে মিপিৰ ফালে ৷ প্ৰতিদিনেই উলম্বভাৱে আৰোহণ কিম্বা ইদু চিকাৰীৰ জংঘলী পথেৰে থিয়কৈ অৱৰোহণ কৰিবলগীয়া হয় ৷ বিৰল প্ৰজাতিৰ গছ-গছনি, জীৱ-জন্তুৰ লগতে অঞ্চলটোৰ ইতিহাস বৰ্ণনা কৰিবৰ বাবে অভিজ্ঞ গাইড আৰু প্ৰাক্তন চিকাৰী সংগী হিচাপে পোৱা যায় ৷ ভৰপূৰ সমলবোৰক টুৰিষ্ট চাৰ্কিটৰ আউটিলৈ আনিবৰ কাৰণে প্ৰচেষ্টা চলি আছে ৷
পোনে পোনে আমি যাবলগীয়া ডেমবিউন, আচ্‌হিছ ৷ ইয়াৰ পৰা দূৰত্ব প্ৰায় ২৯-৩০ কিলমিটাৰ হ'ব ৷ কেইমিটাৰমান গৈয়ে বাঁওহাতে মন্দিৰ এটা পালোঁ ৷ লোৰ গে'টৰ ওপৰত ইংৰাজী বৰ্ণমালাৰে লিখা আছে ডাংৰি বাবা মন্দিৰ ৷ এই মন্দিৰৰ পূজাৰীজন হেনো নেপালৰ আছিল ৷ চৰকাৰী চাকৰিও কৰিছিল ইয়াতে ৷ গোটেই জীৱন আনিনিতেই অতিবাহিত কৰিলে ৷ অৱসৰৰ পাছত নেপাললৈ গুচি গল ৷ ইদু মানুহৰ লগত নেপালী মানুহৰ বিয়া-বাৰুৰ সম্বন্ধও ঘটিছে ৷ সেয়েহে আনিনিত ইদুৰ সমানে সমানে নেপালী ভাষাৰো প্ৰচলন আছে ৷
ৰাস্তাটো পকা যদিও ঠেক আৰু অকোৱা-পকোৱা ৷ লাহে লাহে বাঁহনিত সোমাই পৰিছোঁ ৷ বাহিৰৰ দুনিয়াত কি ঘটিছে গম-গতি অকণো নাই আমাৰ৷ কোনো খবৰে কাকো অসুখী কৰি তোলাৰো এতিয়া আৰু তিলমানো সাধ্য নাই৷ (ক্ৰমশঃ)

No comments:

Post a Comment