Wednesday, 3 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন এক ৷৷ দিনাংক ১০.৪.২০১৫
তিনিচুকীয়া অভিমুখে নিশাৰ ৰে'লত


কিবা পাহৰোঁ বুলিয়েই লগত নিবলগীয়া দৰকাৰী বস্তুৰ তালিকা এখন ভাবি-চিন্তি দুদিনমানৰ আগতেই কৰি থোৱা হৈছিল৷ সেইটো নিয়ম৷ যাত্ৰাৰ দিনা আবেলি লিষ্ট চাই চাই এটা এটাকৈ বুটলি ক’লা ৱানপ'লাৰ বেগটোত সুমুৱালোঁ৷ বেগ এটাই যদিও সাতডালমান চেইন৷ শেষৰ চেইনডাল মাৰোঁতে ঘড়ীত ৭.৪৫ বাজিল৷ ট্ৰেইনৰ সময় ইফালে নিশা ৮বাজি ৪৮মিনিট৷ আনদিনৰ হিচাপত সময় হোৱা নাছিল যদিও গৰম ভাতকেইটামান টপাটপ গিলি ল’লোঁ৷ ষ্টেচনলৈ নিবলৈ অনিলদাই গাড়ীৰে পুত্ৰক পঠিওৱাৰ কথা৷ ভাত খাই থাকোঁতেই ফোনকলটো আহিছিল৷ গতিকে নিৰ্দেশ মানি ঘৰৰ সন্মুখত মজুত থাকিলোঁ৷ আদীশ-আনিচাৰ কৌতূহলভৰা প্ৰশ্নাৱলীৰ উত্তৰ দি দি বহু সময় বাট চালোঁ৷ নাহেহে নাহে৷ ওলোটাই ফোন কৰি জানিলোঁ, প্ৰথমে অৰুণদাক উঠাব৷ তাৰ পিছত মোক৷ মূৰকত অট’ৰিক্সা এখনত বহি অৰুণদা আহিল৷ দুটা বেগ৷ শ্লিপিং বে'গ, কেমেৰা ষ্টেণ্ড বেলেগে৷ সময় চমু চাপি আহিছে৷ ময়ো লগে লগে উঠিলোঁ আৰু ল'ৰা-ছোৱালীহালৰ প্ৰতি বিদায় ভংগীত সোঁহাত জোকাৰিলোঁ৷

ষ্টেচনতে সঞ্জুক লগ পালোঁ৷ সাংবাদিক মানুহ৷ ব্যস্ততাৰ অন্ত নাই৷ বাতৰি খেদি কাহিলি পুৱাই ওলাই যোৱাৰ পিছত সুদূৰ উমপেনাইৰ পৰা উভতনি যাত্ৰা কৰি ট্ৰেইন এৰাৰ মাত্ৰ দুঘণ্টা আগতেহে ঘৰ পাইছেহি৷ ষ্টৰীকেইটা খচাখচ লিখিয়ে নাকে-কাণে ভাতকেইগৰাহ গুজি এয়া প্ৰথমেই উপস্থিত ষ্টেচনত৷ উৎসাহটো মানিলোঁ৷ কান্ধত এটা, হাতত এটা বেগ লৈ, হাঁহি এমোকোৰাৰে নিমিষতে আমাৰ লগ লাগিলহি৷ বিপৰীতে, ৰঙা মস্ত ষ্ট্ৰলী এটাৰ গহীনত চকা টানি টানি আটাইতকৈ দেৰিকৈ ওলালহি অনিলদা৷ চিগাৰেটটো হুপি হুপি এনে মজাৰছে আহি আছে যেন হাতত সময় অফুৰন্ত! প্লেটফৰ্মৰ ৰঙা ঘড়ীটোলৈ লক্ষ্য কৰি ইফালে অৰুণদাৰ উচপিচনি আৰম্ভ হৈয়ে গৈছে৷ হৰ্ণ কেইটামান মাৰি ক্ষন্তেকৰ ভিতৰতে ট্ৰেইনখনো এক নম্বৰত সোমালহি৷ ১৫৯৫৯ নং উজনিমুৱা হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ৷ নিশা ৯.০০বজাত আমি চাৰিও ডিফুৰ পৰা প্ৰথম গন্তব্যস্থল তিনিচুকীয়া অভিমুখে ৰাওনা হ’লোঁ৷ দীৰ্ঘদিনীয়া প্ৰতীক্ষা এটাৰ এইযেন অন্ত পৰিল! তিনিচুকীয়াৰ পৰা কাইলৈ দ্বিতীয় খেপত সেউজী অৰুণাচল৷

মোহময়ী অৰুণাচলৰ প্ৰতি ৰঙাচীনৰ শেন-দৃষ্টি নতুন কথা নহয়৷ চীনৰ সৈতে অৰুণাচলৰ সীমাৰ দৈৰ্ঘ্য ১,১২৬কিল'মিটাৰ৷ দক্ষিণ তিব্বত নাম দি তাৰে এটা অংশ তেওঁলোকৰ বুলি চীনে দাবী জনায়েই আহিছে৷ মাউণ্ট এভাৰেষ্টৰ তলেৰে সুৰংগ খান্দি তিব্বতক সংযোগ কৰাৰ দুঃসাহসিক পৰিকল্পনাৰ কথাও সংবাদ মাধ্যমৰ জৰিয়তে কাণত পৰিছে৷ ক'বলৈ গ'লে সমগ্ৰ অৰুণাচল প্ৰদেশখনক লৈয়েই ভাৰতৰ সৈতে তেওঁলোকৰ প্ৰবল বিবাদ৷ বিষয়টো অপৰিহাৰ্য বুলিও বেইজিঙে মাত মাতি আহিছে৷ আনহাতে আমাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়ে প্ৰকাশ কৰা ভাৰতীয় দৃষ্টিভংগীৰ সৈতে সুৰ মিলাই চীনে কৈছে যে উভয় দেশে পাৰস্পৰিকভাৱে সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰি আলোচনাৰ মাধ্যমেৰে বিবদমান বিষয়সমূহ নিষ্পত্তি কৰিব পাৰে৷ নিশ্চয়কৈ চীন-ভাৰতৰ এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত উভয় পক্ষৰে সমদায়িত্ব আছে৷ ইপিনে অৰুণাচলক লৈ তেওঁলোকে কোনো পৰিস্থিতিতে আপোচমূলক স্থিতি প্ৰকাশ নকৰে বুলিও চীনে সকীয়াই দিছে৷ বৰ পাক লগা কথা৷ মোদী চৰকাৰে শেহতীয়াভাৱে চীনৰ সীমামূৰীয়া এই ৰাজ্যখনত সামগ্ৰিকভাৱে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (এ.এফ.এছ.পি.এ. বা আফ্‌স্পা) জাৰি কৰিছিল৷

মাজে মাজে চীনা সৈন্যই সীমান্তত অসন্তুষ্টি আৰু উত্তেজনাৰো সৃষ্টি কৰি নহা নহয়৷ সৌ-সিদিনা ২০ আৰু ২৮মাৰ্চত লাডাখ সীমান্তৰে চীনৰ সৈন্যৰ অনুপ্ৰৱেশৰ ঘটনাই ভাৰতক উদ্বিগ্ন কৰি তোলাৰ লগতে তাকে লৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (লাইন অফ একচুৱেল কণ্ট্ৰল, চমুকৈ এল.এ.চি.) অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল৷ ২০১৩চনত চীনৰ পিপুল্‌চ লিবাৰেচন আৰ্মী (পি.এল.এ.)য়ে লাডাখ সীমান্তৰে প্ৰৱেশ কৰি ভাৰতীয় ভূখণ্ডত প্ৰায় তিনিসপ্তাহ ধৰি শিৱিৰ স্থাপন কৰি থকাৰ পিছত ২০১৫ত এয়া দ্বিতীয় ঘটনা৷ উত্তৰ লাডাখৰ বাৰ্টছি আৰু ডেপছাং অঞ্চলত চীনা সৈন্যৰ দুটা দলে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল৷ সেই স্থান ভাৰতীয় সেনা বাহিনীৰ অন্তিম শিৱিৰৰ সমীপৰ অ'ল্ড পেট্ৰ'ল পইণ্টত৷ উক্ত দুই স্থানৰ পৰা ভাৰতীয় সৈন্যক আঁতৰি যাবলৈ সংকেত দি চীনা সৈন্যই ভাৰতীয় ভূখণ্ডত প্ৰৱেশৰ চেষ্টা চলাইছিল৷ কিন্তু ভাৰতীয় সেনা বাহিনীয়ে বেনাৰ প্ৰদৰ্শন কৰি চীনৰ সৈন্যক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে৷ এনেকুৱা ঘটনা সীমান্তত মাজে মাজে চলি থাকে৷ তেনেকুৱা বাতৰিবোৰে ১৯৬২ৰ ঘটনাপ্ৰৱাহলৈ মনত পেলাই দিয়ে৷ উক্ত যুদ্ধথলীৰ দিশেই আমি এতিয়া গৈ আছোঁ৷

‘অৰুণাচলক ডিষ্টাব্‌ড এৰিয়া ঘোষণা কৰিছে৷ আপোনালোক যাব নোৱাৰিব নেকি!’ বাতৰি কাকতত পঢ়ি জনৈক বন্ধুৱে ফোনযোগে জনোৱা সংশয়প্ৰকাশক খবৰটোৱে অৰুণদাৰ আকুল উৎসাহটোত চেঁচা পানী অকণমান ঢালিছিল৷ প্ৰসংগটোৰ উল্লেখেৰে চিন্তিতভাৱে দিনৰ বেলাতেই দাদাই মোক প্ৰশ্ন কৰিলে, ‘আমাৰ যাত্ৰাটো কি হ’ব তেনেহ’লে?’ বুজালোঁ, ‘আফ্‌স্পাৰ অধীনত অৰুণাচলেই নহয়, সমস্ত উত্তৰ পূৰ্বাঞ্চল অশান্ত এলেকা বুলি কেতিয়াবাতে সংজ্ঞাবদ্ধ হৈছে৷ চিন্তা কৰিব নালাগে দাদা৷ যাত্ৰা হ’বই হ’ব৷ বেগ ৰে'ডী কৰক৷’ আৰু এতিয়া ৰে'লত বহি এয়া, যাত্ৰা কৰি আছোঁ অৰুণাচললৈ৷ সংশয়ক জয় কৰিছোঁ৷ জনা-নজনা কথাবোৰ আলোচনা কৰিছোঁ মুকলিমূৰীয়াভাৱে৷

মূল কথাটো হ’ল, চলিত বছৰৰ প্ৰথম ভাগতে কেন্দ্ৰীয় চৰকাৰে অসম, অসমৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ২০কিল’মিটাৰ এলেকাত আফ্‌স্পাৰ ম্যাদ বৃদ্ধি কৰিছিল৷ তাকে কেন্দ্ৰ কৰিয়ে প্ৰশ্নটোৰ অৱতাৰণা৷ আফ্‌স্পা উঠাই দিয়াৰ পক্ষতো সজোৰ যুক্তি শুনিবলৈ পোৱা গৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছাৰ দৰকাৰ৷ চীনা শক্তিক প্ৰতিহত কৰাৰ চেষ্টা চলোৱাতকৈ চৰকাৰৰ দ্বাৰা ঘোষিত ‘এক্ট ইষ্ট নীতি’ৰে উত্তৰ-পূবৰ ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱবোৰ পূৰণ কৰাত গুৰুত্ব দিয়া উচিত বুলি সচেতন মহলত গণ্য কৰা হৈছে৷ এই নীতিৰ বিৰুদ্ধাচৰণ কৰা নাগৰিকো নথকা নহয়৷ এক্ট ইষ্ট পলিচী কাৰ্যকৰী কৰাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰধান অন্তৰায় হৈ দেখা দিছে বুলিও বিভিন্নজনে মত ব্যক্ত কৰিছে৷ ইয়ে দক্ষিণ-পূব এচিয়াৰ আন দেশৰ সৈতে অঞ্চলটোক সংযোগ কৰাত কঠিনতা থিয় কৰিছে৷ এই প্ৰশ্ন লৈ সন্দেহ নাই যে অশান্ত এলেকালৈ মানুহ কেনেকৈনো আহিব পাৰিব? যোগাযোগৰেইবা কেনেকৈ উন্নয়ন ঘটিব? বাতৰি কাকততে পঢ়িবলৈ পাইছিলোঁ এই কথাবোৰ৷ ট্ৰেইনত বহি তাকে পাগুলি পাগুলি জনালোঁ দাদাক, যাতে মানুহজন টেনচনমুক্ত হয়৷

মন ডিঙা মেলি দিছোঁ যদিও পেটে পেটে আমিও অৱশ্যে কিছুমান অনিশ্চয়তাকে সন্মুখত লৈ যাত্ৰা কৰি আছোঁ৷ এছ. ফ’ৰত সঞ্জু আৰু মই৷ এছ. ছিক্সত অৰুণদা আৰু অনিলদা৷ একেখন ফৰ্ম ফিল্‌-আপ কৰি একে সময়তে ৰিজাৰ্ভেচনৰ টিকট আগতীয়াকৈ নিজেই কাটিছিলোঁ৷ ছিটকেইটা পিছে একেলগে নহ’ল৷ কিয়বা তেনেকুৱা হ’ল? কাউণ্টাৰতে প্ৰসংগটো উলিয়াইছিলোঁ৷ ফল নধৰিল৷ বিষয়টো মোৰ বাবে হৈ পৰিল এটা সাঁথৰ৷ সি যি কি নহওক, শুৱাৰ আগলৈকে কেইবাবাৰো শ্বাণ্টিং মাৰি নিজৰ মাজত সংযোগ ৰক্ষা কৰি থাকিলোঁ৷ ডিমাপুৰত আমাৰ কম্পাৰ্টমেণ্টত ছিট খালী হৈছিল যদিও 'য'ত দিছে ত'তে থাকোঁ, ৰাতিটো শুবহে লাগে' নীতি সাৰোগত কৰি য'ৰ মানুহ ত'তে থকাৰে সিদ্ধান্ত হ'ল৷

বগুৱা বাই ময়ো আপাৰ বাৰ্থত উঠিলোঁগৈ৷ যোগাযোগ সম্বন্ধীয় দৰকাৰী ফোনকল কেইটামান কৰি লৈ পুৱা ৪বজাত ম’বাইল ফোনটোত এলাৰ্ম দি শুই পৰিলোঁ৷ সিফালে দিনটোৰ ভাগৰত শ্ৰান্ত-ক্লান্ত সঞ্জু৷ মোৰ বিপৰীতে থকা বাৰ্থটোত আগে-ভাগে বাগৰি তেওঁ কেতিয়াবাই হেলিকাপ্তাৰ চলাবলৈ আৰম্ভ কৰি দিছিল৷ তাকে অলপ পৰ চাই থাকি ময়ো নিজৰ জগতখনলৈ ঘূৰি আহিলোঁ৷

নিশা ১১.৩০ত হঠাতে মোৰ চিনাকি ৰিংটনটো বাজি উঠিল৷ চকু দুটা জাপ খাইছিল ইতিমধ্যে৷ খকামকাকৈ চাওঁ যে সিফালে বন্ধু ধৰ্মেন৷ ইটানগৰৰ পৰা কৰিছে সি৷ খবৰ লৈছে৷
‘তহঁত আহিছনে নাই?’
‘আৰে, ফৰকাটিং পালোঁহি৷’
‘গুড্‌৷’
ঘপাঘপ দৰকাৰী কথাকেইটামান জনালে সি৷
‘তলৰ পৰাই শাক-পাচলি অলপ কিনি ল’বি৷ ওপৰত নাপাবি৷ পালেও দাম বহুত বেছি৷ মোৰ তাত থকা জেগা ঠিক কৰি থৈছোঁ৷ চিমাৰ হাতত চাবিটো আছে৷ তাইক লগ ধৰিবি...’
‘কাইলৈ তোক যোগাযোগ কৰিম’ বুলি লাইনটো কাটিলোঁ আৰু নিদ্ৰাদেৱীৰ কোলাত পুনৰবাৰ আশ্ৰয় লোৱাৰ মানস কৰিলোঁ৷

হওক তেও৷ এটা অনিশ্চয়তাৰ পৰা মুক্তি! এতিয়া ৰে’লতে ভালকৈ এঘুমতি মাৰি ল’ব লাগিব৷ কাইলৈ পুৱাৰে পৰাইহে আৰম্ভ হ’ব আচল যাত্ৰা৷ সপোনৰ ডং অভিমুখে গতি! এতিয়া ফৰকাটিং পাৰ হৈছোঁহে মাত্ৰ৷ চীন সীমান্তলৈ বহুত দূৰ বাকী আছে৷

গাড়ীখন নিজৰ ট্ৰেকত, নিজৰ গতি অক্ষুণ্ণ ৰাখি আগলৈ চলি গৈ আছে৷ যিমানেই আগলৈ গৈ আছে সীমান্তৰ দূৰত্ব সিমানে কমি আহিছে৷ চিৰি আৰু চকাৰ সাংগীতিক লয়টোৱে মোকো মাতাল কৰি আনিছে৷ দুচকুৰ পতা আপোনা-আপুনি জাপ খাই আহিছে৷ 

এটা সময়ত একো ক'ব নোৱাৰা হৈ পৰিলোঁ৷

পৰৱৰ্তী খণ্ড : 
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১. পাই গ'লো পেটেলক

No comments:

Post a Comment