অৰুণোদয়ৰ
বাট বিচাৰি,
উত্তৰ-পূবৰ
অন্তিম পূবলৈ
আই.এল.পি.ৰ গুৰুত্বপূৰ্ণ কামটো মাৰ্চৰ ২৩-২৪ তাৰিখেই আৰামছে হৈ গ’ল৷ এটা চিন্তা গ'ল৷ এতিয়া চঞ্চলতাৰে মাথো ক্ষণ গণি আছোঁ৷ নিৰ্দিষ্ট দিনটো কেতিয়া আহে কেতিয়া আহে লাগিছে৷ আহিলেই পূবমূৱা হোৱাৰহে কথা৷ লুক্ ইষ্ট পলিচীয়েও বাৰে বাৰে তাকেই কৈছে৷ পূবলৈ চোৱা, পূবক জানা৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়েও মন্তব্য কৰিছে, ‘আমি পূবৰ পৰাই আৰম্ভ কৰিম ভাৰতবৰ্ষৰ উন্নয়ন’৷ ময়ো ভাবোঁ, পূবত আছে কি, পূবত নাই কি? অন্য কথা মোৰ ক’বলৈ নাই, পিছে নিজৰ মনৰ এটা অতি সাধাৰণ ধাৰণা এনেকুৱা যে ট্ৰেভেলিঙক হ'বী হিচাপে গ্ৰহণ কৰা প্ৰতিজন ভ্ৰমণকাৰীয়ে দৰাচলতে পূবৰ পৰাহে আৰম্ভ কৰা উচিত ভাৰত দৰ্শনৰ কাৰ্যসূচী৷ অন্যথা যিমানেই নুঘূৰক, দিল্লী-মুম্বাই-কলকতা-চেন্নাই; ভাৰত দৰ্শন অসম্পূৰ্ণ৷ দেশৰ পূব প্ৰান্ত, উত্তৰ-পূবৰ অন্তিম পূব নেদেখাকৈ পশ্চিম-উত্তৰ-দক্ষিণ চোৱাটো মিছা৷ পূবলৈ যোৱাৰ আন্তৰিক তাগিদাটো এই যুক্তিটোৱেই পলে পলে সবল কৰিছে মোৰ মন-গহনত৷ নিজকে নিজে বাৰে বাৰে কৈছোঁ, ভাৰতবৰ্ষৰ যি স্থানত প্ৰতিটো পুৱা সূৰুযৰ হেঙুলী কিৰণ সবাতোকৈ আগতে পৰে, সূৰ্য উঠা পূবৰ সেই স্থান চাবগৈ লাগিবই লাগিব এদিন৷ মিলেনিয়াম চানৰাইজ কিবা কাৰণত মিছ কৰিব পাৰোঁ, কিন্তু ভাৰতীয় সূৰ্যোদয়ৰ বাট বিচাৰি উলিয়াব পৰাটো এইটো জীৱনত হ’ব এটা অৱশ্যকৰণীয় কাম৷ তাৰ পৰৱৰ্তী খেপত থাকিব দেশৰ অন্তিম সূৰ্যাস্ত অৰ্থাৎ সবাতোকৈ পশ্চিম স্থান দৰ্শনৰ প্ৰচেষ্টা৷ তাৰ পিছত একেবাৰে উত্তৰ, তাৰ পিছত একেবাৰে দক্ষিণ৷ দেশৰ অন্য তিনিটা চুকত সেইবোৰ ক’ত কেনেকৈ আছে তাৰ বিচাৰো নোলোৱাকৈ নাথাকিম, কিন্তু সূৰ্যোদয় অৰ্থাৎ পূব আকাশ অৱশ্যেই হ’ব লাগিব ফাৰ্ষ্ট চইচ৷ এনে এটা টুৰিষ্ট চাৰ্কিট কমপ্লিট কৰা পৰিব্ৰাজক আছেনে নাই, থাকিলেও কিমান আছে নাজানো৷ নিতৌ সূৰ্য-নমস্কাৰ কৰা মানুহৰো কিমানেনো দেখিছে ডং নামৰ সেই কষ্টগম্য ঠাইটুকুৰা, তাক লৈও প্ৰশ্ন জাগে মনৰ সংগোপনত৷ সি যি কি নহওক, নিৰ্দিষ্ট দিনটো নহালৈকে সূৰ্য অহা সেই বাটটো চাবলৈ ভিতৰি উত্তেজনা এটা অহৰহ চলি থাকিল আমাৰ মনত৷ এইটো কাৰণতে সূৰ্যটোলৈ অৰ্থপূৰ্ণ দৃষ্টিৰে চাই থকা হ'লোঁ৷
গাড়ী আৰু ড্ৰাইভাৰ তিনিচুকীয়াত যোগাৰ কৰা হওক বুলি আগৰ বৈঠকত ইতিপূৰ্বে সিদ্ধান্ত লোৱা হৈছিলেই৷ তবু মনে মনে ভাবি থাকিলোঁ, ডিফুৰ পৰাই হ’লে কেনে হয়? অন্ততঃ খৰছ কিছু বাচিব৷ গাড়ী যোগাৰ হৈ যাব বাৰু৷ ড্ৰাইভিং ছিটটোও খালী আছে৷ পিছে দূৰত্ব যিহেতু বহুত, তাতোকৈ, যিহেতুকে কেতিয়াও নোযোৱা অচিন পাহাৰীয়া ৰাস্তা, গাড়ী চলাব কোনে? মোৰ বাদে সহযাত্ৰী সংগী প্ৰত্যেকজনৰে ঘৰত নিজৰ নিজৰ গাড়ী-মটৰ আছে৷ চলাবও জানে প্ৰতিজনে৷ কিন্তু...! এই আপাহতে নিজৰ গাড়ী থকা আৰু নিজে চলাব জনা অন্য কেইজনমান বন্ধু-বান্ধৱক পোনপটীয়াকৈ টুকুৰিয়াই চালোঁ চমু প্ৰশ্ন এটাৰে... ‘গাড়ী চলোৱাটো আপোনাৰ হ’বীনে?’ উত্তৰ আশাব্যঞ্জক নাপালোঁ কিন্তু কাৰো পৰাই৷ কোনোৱে ক’লে, ‘চলাওঁ আৰু...’৷ ঢিলা কণ্ঠস্বৰ৷ কোনোবাই ক’লে, ‘হ’বী বুলি নহয়, এনেয়ে চলাওঁ আৰু৷’ বুজিলোঁ, ডিফু চহৰত উৰাই-ঘূৰাই গাড়ী দৌৰায় যদিও ড্ৰাইভিং এজনৰো হ’বী নহয়৷ মানে হ’বী হিচাপত গঢ়িব পৰা নাই আজিলৈ৷ সন্তানক স্কুললৈ অনা-নিয়া কৰা, পৰিবাৰক বজাৰলৈ নিয়া, নিজে অফিছলৈ যোৱা, কাৰোবাৰ ঘৰত বিয়া-জন্মদিন খাবলৈ যোৱা, ক্লাব বা মেলে-মিটিঙে যোৱা, বিহুৱে-সংক্রান্তিয়ে সপৰিয়ালে শহুৰৰ ঘৰলৈ যোৱা, ডাক্তৰৰ গুৰিলৈ বা হস্পিতাললৈ যোৱা, দৈবাৎ এদিন টাউনৰ বাহিৰলৈ... বচ; মাইল-মিটাৰে ধৰি ৰখা কিল’মিটাৰৰ পৰিধি সিমানেই৷ তাৰ আগলৈ আৰু কোনো অভিজ্ঞতা নাই৷ আনহাতে নিজৰ গাড়ীখনৰ কাৰিকৰী সম্পৰ্কীয় জ্ঞানো নিচেই সীমিত৷ সামান্য কিবা এটা বিজুতি ঘটিলেই মেকানিক বিচাৰি হায়ৰাণ৷ ষ্টীয়েৰিং, গীয়েৰ, ব্ৰে’ক, এক্সিলাৰেটৰ, মিউজিক চিষ্টেম, কাৰ ৱাশ্ব৷ ইমানৰ ভিতৰতে পাক-ঘূৰণি৷ গতিকে গাড়ী চলোৱা হ’বীৰ নিৰ্ভৰযোগ্য, নিকট বন্ধু মানুহ এজনো নোলাল৷ নহ’লেবা প্ৰায় ১,৫০০ৰ পৰা ১,৮০০কিল’মিটাৰ ড্ৰাইভিঙৰ অভিজ্ঞতা আৰু আমেজ ল’ব পৰা সোণালী সুযোগ এটা হাতে ঢুকি পোৱাতে আছিল৷ পূবৰ স্পৰ্শেৰে তেৱোঁ হয়তো উন্মোচন কৰিব পাৰিলেহেঁতেন বিৰল প্ৰয়াস এটাৰ৷ পিছে...
নিজাকৈ গোপনে চলোৱা সেই প্ৰচেষ্টা আৰু আশা বাদ দি পূৰ্বৰ দলীয় মত কাৰ্যকৰী কৰিবলৈকে এম.ভি.আই. বন্ধু মণ্টু দাসক এদিন ফোন লগালোঁ৷ তেওঁ আগতে তিনিচুকীয়াত আছিল৷ তেতিয়াই আমাৰ আগৰবাৰৰ যাত্ৰাটোত সহায় পাইছিলোঁ৷ এতিয়া পিছে কৰ্মস্থান সলনি হৈছে গোলাঘাটলৈ৷ সি যি কি নহওক, মণ্টুৰ আগত ভ্ৰমণৰ সবিশেষ প্ৰথমে দাঙি ধৰিলোঁ৷ গোলাঘাটৰ পৰাই ফোনেৰে তিনিচুকীয়াত কথা পাতি ভাল গাড়ী এখন বন্দবস্তৰ উপৰি ম'বাইলৰ নম্বৰ যোগাৰ দি মণ্টুৱে আন্তৰিকতাৰে সহায়ৰ হাত আগ বঢ়ালে৷ সজ পৰামৰ্শও কিছু পালোঁ৷ সেইমতে ড্ৰাইভাৰ সুমিত সিং পেটেলৰ লগত প্ৰথমে এদিন ফোনত যোগাযোগ কৰিলোঁ৷ অৰুণাচলৰ পাহাৰে-পানীয়ে দীৰ্ঘদিনীয়া ড্ৰাইভিঙৰ অভিজ্ঞতাৰে পুষ্ট পেটেলৰ পৰা অনেক খবৰ আগধৰি জানি ল’ব পাৰিলোঁ৷ তেওঁক আৰু এৰি দিয়া নহ’ল৷ যোগাযোগ বৰ্তাই ৰাখি মাজে মাজে কথা-বতৰা চলি থাকিল৷ আনহাতে যাত্ৰাৰ দুদিন আগতেহে গাড়ীৰ মালিক দেৱজিত দুৱৰাৰ লগত ফোনযোগে বাৰ্তালাপ হ’ল৷ ‘আগধন লাগিব নেকি’ সোধাত তেওঁ ‘নালাগে’ বুলিয়ে খোলামনে জনালে৷ আগদিনাখন এহাজাৰ টকাৰ তেল ভৰাই ড্ৰাইভাৰসহ স্কৰপিঅ’খন আমাৰ বাবে তিনিচুকীয়া ৰে'ল ষ্টেচনৰ বাহিৰত সাজু কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিলে৷ পেটেলক আনকি আগদিনা অন্য কোনো ভাড়া মাৰিবলৈ ওলাই যাবলৈ নিদি সম্পূৰ্ণ ৰে’ষ্ট দিলে, আমাৰ বাবেই৷ কাৰণ অসমৰ সমতল এৰি অধিকাংশ সময় অৰুণাচলৰ বিপদসংকুল পাৰ্বত্য পথত গাড়ী দৌৰাব লাগিব একেৰাহে কেইবাদিনলৈ৷ যাত্ৰা সমাপ্তিৰ তাৰিখ নাই৷ আৰম্ভণিৰ তাৰিখহে জনোৱা হৈছে, ১১এপ্ৰিল বুলি৷
হাতত থকা সময় আৰু দায়িত্ব বুজি ইতিমধ্যে ডিফুৰ পৰা তিনিচুকীয়ালৈ যাবৰ বাবে ট্ৰেইনৰ টিকটকেইটা ১০দিন আগতে অগ্ৰিমভাৱে বুক কৰি পেলালোঁ৷ ১৫৯৫৯নং উজনিমুৱা হাওড়া-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছৰ ১০এপ্ৰিল তাৰিখৰ শ্লিপাৰৰ টিকট চাৰিটা কটা হ’ল৷ নিশা ৮বাজি ৪৮মিনিটত ডিফু৷ পিছদিনা পুৱা ৪বাজি ২০মিনিটত নিউ তিনিচুকীয়া৷ তাৰ পৰা আগলৈ পথে পথে, একেবাৰে সীমান্তলৈ৷ অন্তিম পূবৰ পথ শেষ নোহোৱালৈকে৷ ড্ৰাইভি হুইলত থাকিব সুমিত সিং পেটেল৷

পৰৱৰ্তী খণ্ড : ছয় ৷৷ পুৰণি বন্ধু,
নতুন সংযোগ
No comments:
Post a Comment