Tuesday, 23 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৬. সীমান্তৰ পৰ্যটন


পূব হিমালয়ৰ প্ৰদূষণমুক্ত আকাশৰ তলত আঞ্জাৱ জিলা৷ জিলাখনৰ উত্তৰ সীমাই স্পৰ্শ কৰি আছে চীনৰ যুন্নান প্ৰদেশৰ তিথাঙক৷ পূৰ্বৰ ৰিমা, তিব্বতীয় ব্যৱসায়িক চহৰ, যাৰ সৈতে অসমৰ শদিয়াৰ পথ যোগাযোগ আছিল বুলি ইতিহাসে কয়৷ এমূৰে শদিয়া, আনমূৰে ৰিমা৷ মাজত মিছিমি পৰ্বত৷ বিশাল পৰ্বতখনৰ সিটোপাৰে অৱস্থিত সেই অঞ্চলটোৰ লোকে আন্তৰ্জাতিক সীমান্ত পাৰ হৈ আত্মীয়-স্বজনৰ ওচৰলৈ আহ-যাহ কৰাটো হেনো এসময়ত সঘনাই ঘটা ঘটনাই আছিল৷ ২০১৩চনৰ জানুৱাৰী মাহত পাংচাও পাছেৰে ম্যানমাৰ সীমান্ত পাৰ হোৱাৰ সময়তো, মই শুনামতে, সেইফালেও অনুৰূপ ধৰণৰ কাৰবাৰ চলে৷ তাৰ পিছৰ বছৰৰ দুৰ্গা পূজাত বাংলাদেশ সীমান্তলৈ যাওঁতে তামাবিলত খাচিয়া মানুহ সিপাৰলৈ যোৱা নিজ চকুৰেই দেখিলোঁ৷ ভাৰত-নেপাল সীমান্ততো একে কথা প্ৰত্যক্ষ কৰিছোঁ৷ বঙহে বঙহক কতনো পাহৰিব পাৰে বাৰু? দুখন দেশৰ কাল্পনিক মানচিত্ৰৰ সীমাই মানুহক ভৌগোলিকভাৱে পৃথক কৰিব পাৰে ঠিকেই, কিন্তু আপোন তেজ-মঙহক নোৱাৰে, মানসিকভাৱে নোৱাৰে৷ ৰাজনৈতিকভাৱে পৃথক, সন্দেহ নাই৷ কিন্তু সম্বন্ধটো জানো ইমান সহজে দলিয়াই পেলাব পাৰি? সেয়েহে কি মেয়ৰ, কি টাংচা, কি খাচিয়া, কি গোৰ্খা, সীমান্তনিৱাসী লোকৰ মাজত এনে ধৰণৰ আহ-যাহ, বিয়া-বাৰু, উৎসৱ-পাৰ্বণ ইত্যাদি চলি আছিল, চলি আছে আৰু চলি থাকিব নিশ্চয়৷ জীৱনৰ প্ৰত্যেক বিষয়তে তেনেকৈয়ে মানুহৰ লগত মানুহৰ যোগাযোগ আৰু সম্বন্ধ বৰ্তি আছে আৰু বৰ্তিবও৷ সাংস্কৃতিক যোগসূত্ৰই এতিয়াও ধৰি ৰাখিছে মানুহৰ সেই গভীৰ সম্পৰ্ক৷ ৰাজনৈতিক নিয়ম-কাৰণ, ভৌগোলিক সীমাৰেখা তাত অথৰ্ব৷ বৈধ-অবৈধৰ বিচাৰ-বিবেচনাবোৰ দেশভেদে কেনেকুৱা সেয়া থাউকতে কব নোৱাৰিম যদিও এইটো দ্বিধাহীনভাৱে জনাব পাৰিম যে চীন দেশৰ সীমান্তৰ কাষৰীয়া, বৃহৎ অৰুণাচল ৰাজ্যখনৰ কণমানি এই আঞ্জাৱ জিলাখনত সোমোৱাৰ পিছৰে পৰা এতিয়ালৈ লেথাৰি নিছিগাকৈ পাই অহা জোঙা পৰ্বতমালা আৰু গাখীৰবগা জলপ্ৰপাত, নৈ-নিজৰা-জান-জুৰিৰ স্ফটিকস্বচ্ছ জলধাৰা, শিল-বালিৰ চিকমিকনি, সেউজ বৰ্ষাৰণ্যকে ধৰি উদ্ভিদকুল, প্ৰাণীকুল, আন্তৰ্জাতিক সীমান্ত ইত্যাদিৰ সমাহাৰ পৰ্যটক, গৱেষকৰ বাবে নিঃসন্দেহে একো একোটা বিৰাট আকৰ্ষণৰ বস্তু৷ সুপৰিকল্পিত আঁচনি, আন্তঃগাঁথনিৰ উন্নয়ন, সম্পদৰ উপযুক্ত ব্যৱহাৰ, বহুল প্ৰচাৰ আদি মৌলিক সূত্ৰসমূহত যথাযথ আৰু সময়োপযোগী গুৰুত্ব প্ৰদান কৰিলে অঞ্চলটোত পৰ্যটনৰ বিকাশ সাধন সম্ভৱ হৈ উঠিব বুলি ডাঠি কব পাৰি৷ নিৰ্দ্বিধাই কৈ পেলাব পাৰি, ইয়াত যিবোৰ সুলভ, সেয়া অইনত দুৰ্লভ৷ ধ্বংসমুখী চৰিত্ৰ কিম্বা নঞৰ্থক মনোবৃত্তিৰ মানুহৰ অনুপস্থিতিৰ লগতে কোনো ধৰণৰ স্পৰ্শকলুষহীন এই বিৰাট সম্পদসম্ভাৰে এতিয়া আমালৈ যেন মোক চা মোক চা কৰি বাট চাই আছে!

কিন্তু তাকে চাবলৈ অৰুণাচললৈ আহিবই লাগিব৷ অৰুণাচলত প্ৰৱেশৰ বাবে এক বিশেষ প্ৰৱেশ-পত্ৰৰ প্ৰয়োজন, যাক কোৱা হয় ‘ইনাৰ লাইন পাৰ্মিট’৷ আঞ্জাৱ জিলালৈ আহিবৰ বাবে নামচাই জিলাৰ প্ৰৱেশ দ্বাৰ ডিৰাক গে’টেৰে সোমাই লোহিত জিলাৰ মাজেদি যাব পাৰি৷ নতুবা ল’ৱাৰ দিবাং ভেলীৰ চূণপোৰা গে’টেৰে প্ৰৱেশ কৰিও সেই জিলাইদি লোহিত জিলাখন অতিক্রম কৰি আঞ্জাৱ জিলালৈ আহিব পাৰি৷ আমি পোনপটীয়া পথ অৰ্থাৎ ডিৰাক গে’ট বাছি লৈছিলোঁ৷ এই জিলাৰ নিকটৱৰ্তী ৰে’ল ষ্টেচন হৈছে অসমৰ তিনিচুকীয়া৷ তিনিচুকীয়া হৈয়ে আমিও আহিছোঁ৷ ডিৰাকেৰে পুৱা অৰুণাচলত পদাৰ্পণ কৰিছোঁ৷ নিকটৱৰ্তী বুলি উল্লেখ কৰিছোঁ যদিও দূৰত্ব বৰ কম নহয়৷ পৰশুৰাম কুণ্ড হৈ জিলাৰ সদৰ হাৱাইলৈ তিনিচুকীয়াৰ পৰা দূৰত্ব ৩৫০কিল’মিটাৰ৷ চৌখামেৰে লোহিত নৈৰ আলুবাৰী ঘাট হৈ এই দূৰত্ব ২৫০কিল’মিটাৰ৷ ওচৰত থকা বিমানঘাটিটো হ’ল ডিব্ৰুগড়ৰ মোহনবাৰী৷ তাৰ পৰা সীমান্তলৈ আকৌ ৭০-৭৫ কিল’মিটাৰমান হ'ব৷ পাহাৰত ৫কিল’মিটাৰ বাট যাবলৈকে বহুত সময় লাগে৷ 

বছৰৰ গোটেই সময়ছোৱাতে এই জিলালৈ আহ-যাহ কৰিব পাৰি৷ তথাপিতো, বৰষুণ নথকা মাহকেইটাই ভ্ৰমণৰ বাবে সুবিধাজনক সময়৷ অন্যথা ভূমিস্খলনে বাধা জন্মোৱাৰ আশংকা অমূলক নহয়৷ খুপা নিবাসী একালৰ মোৰ সহপাঠী বন্ধু ধৰ্মেনেও সঘনাই ফোনত সেই কথাটোকে উনুকিয়াই আছিল৷

জিলাখনৰ অন্যান্য ঠাইবিলাকলৈ পথ যোগাযোগ আছে৷ ইয়াৰ ৰাস্তাবোৰ ঠেক যদিও ভালেই দেখিছোঁ৷ সীমিতসংখ্যক কেইখনমান ঠাইলৈ তিনিচুকীয়াৰ পৰা অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচৰ বাছ চলাচল কৰে৷ কিছুমান ঠাইৰ মাজত টাটা চুম’ চলে৷ এতিয়াও আমাৰ আগে আগে চুম’ এখন গৈ থকা দেখি আছোঁ৷ লক্ষ্যস্থান গম পোৱা নাই অৱশ্যে৷ ক’ৰ পৰা আহিছে তাকো নাজানো৷ বোধ হয় তেজু টু হাৱাই৷ প্ৰায় ১৬০কিল’মিটাৰ ব্যৱধান৷ ল’ব চাগৈ ৫ঘণ্টামান৷ বেছি লাগিলেও আচৰিত হ’বলৈ নাই৷ পাহাৰত সময় লাগেই৷ সাৱধানে নচলালে সোমাবগৈ সৌ তলৰ খাদত৷ গভীৰতা? জোখাৰ উপায় নাই৷

মন কৰিবলগীয়া কথাটো হ’ল, এনেবোৰ স্থানলৈ পৰ্যটন কৰিলে গাড়ী আৰু ড্ৰাইভাৰ, এই দুবিধ ভাল জাতৰ হোৱাটো একান্তই বাঞ্ছনীয়৷ নহ’লে মজা নাই৷ চকা ঘূৰে মানে সংশয়৷ আনন্দৰ কথা যে আমি ড্ৰাইভাৰ আৰু গাড়ী দুয়োটাই ভাল পাইছোঁ৷ বহুলাংশে এইটো অৱশ্যে ভাগ্যৰহে কথা৷ আমাৰ ভাগ্য ভাল বুলি এই মুহূৰ্তলৈকে নিঃসন্দেহে গৰ্ব কৰিব পাৰোঁ৷ এই দুটাৰ সমানেই আন এটা আৱশ্যকীয় কথা এই যে গতিপথত প্ৰয়োজন ভাল ভাল গান কিছুমান৷ কাজেই স্বনিৰ্বাচিত হাজাৰোধিক অসমীয়া, হিন্দী, ইংৰাজী, কাৰবি, নেপালী, টাংছা, থাড’, চাহ জনগোষ্ঠীয় গীতেৰে মেটমৰা পে’ন ড্ৰাইভ এটা সাজু কৰি লৈ আনিছিলোঁ ঘৰৰ পৰাই৷ যাত্ৰাৰ আগতে কেইদিনমান সেইটো কামতে নিজকে ব্যস্ত ৰাখিবলগীয়া হৈছিল৷ তাৰ সুফল এতিয়া আটাইকেইজনে পাই আছোঁ৷ গীতখিনি আনিব নোৱাৰা হ’লে নিৰ্ঘাত পস্তালোঁহেঁতেন৷

পৰশুৰাম কুণ্ড পাৰ হৈ আহি হোটেলত ভাত খাই গাড়ী ষ্টাৰ্ট দিয়াৰ সময়তে মোৰ পে’ন ড্ৰাইভটো বেগৰ পৰা উলিয়াই পেটেললৈ আগ বঢ়াই থৈছিলোঁ৷ তেওঁৰ ভাগৰ গানখিনি বজাই শেষ হোৱাত মোৰটো সংযোগ কৰা হ’ল৷ পছন্দৰ গীতবোৰে যাত্ৰাপথত মনবোৰ আমাৰ অধিক ৰঙীন আৰু জীপাল কৰি তুলিছে৷ এতিয়াও তাৰে গান বাজি আছে৷ বাজি থাকিব অনাগত বহুত ঘণ্টালৈ৷ ভলিউম কম-বেছি কৰাৰ দায়িত্ব অৰুণদাৰ৷ কাৰণ তেওঁ আগত বহিছে৷ আমি যি কওঁ তাকে কৰি গৈছে৷ অনিলদা আৰু মই গীতৰ লগে লগে সুৰে-বেসুৰে কণ্ঠ ঢালিছোঁ৷ তাল ৰাখি হাত চাপৰিও বজাইছোঁ৷ গীত, গায়ক-গায়িকা, গীতিকাৰ, সংগীত পৰিচালক, চিনেমা, অভিনেতা-অভিনেত্ৰীক লৈ মাজে মাজে প্ৰশ্নবাণো আহিছে-গৈছে৷ অনিলদা এইবোৰত সিদ্ধহস্ত৷ একালত এখনো চিনেমা নেৰা মানুহ৷ এতিয়া কামত দিছে৷ শুদ্ধ উত্তৰ দিয়াৰ ক্ষিপ্ৰতা দেখি অবাক হৈছোঁ৷ সঞ্জুৱে নিজৰ ডাঙৰ ম'বাইল হেণ্ডছেটটো ঘূৰাই-পকাই চুপচাপ কিবা ভাবি আছে৷ মনটো মৰি গৈছে চাগৈ৷ ফে'চবুক, হোৱাটছএপত ফটো আপল'ড কৰি থাকিবলৈ সিফালৰ দৰে এইফালে নে'টৱৰ্কটোযে নাই!

পৰৱৰ্তী খণ্ড :
১৭. টিডিং উপত্যকাত

No comments:

Post a Comment