Wednesday, 24 June 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
১৭. টিডিং উপত্যকাত


চুমখন আমাৰ আগে আগে গৈ আছে৷ কুকুৰাৰ খাং, হৰেক মালৰ পৰা আদি কৰি বডীৰ ওপৰত অনেক কিবাকিবি৷ প্ৰত্যেকটো বস্তুকে ভালকৈ বান্ধি থোৱা আছে৷ নহলে উফৰি কোন ধুবুৰীত পৰিবগৈ ঠিক নাই৷ পেলপেলীয়া বোকাৰে ভৰা পথ এছোৱাৰে আমি টিডিং উপত্যকাত সোমাই পৰিলোঁ৷ পিছল খাই গাড়ীয়ে মানুহে সমুলঞ্চে তললৈ গতি কৰাৰ খুবেই সম্ভাৱনা৷ ওপৰৰ পাকটো ঘূৰোঁতে এনেকুৱা আছিলযে পাক নলৈ কেনেবাকৈ পোনাই দিলেই চিধাই তলত! কোনেও বচাব নোৱাৰিব৷ গাৰ্ড পষ্টজাতীয় একো বাধা সন্মুখত নাই৷ তেনেকুৱাতে ড্ৰাইভাৰৰ সচেতনতাৰ প্ৰয়োজন৷ অন্যমনস্ক হলেই বিপদৰ হাতবাউলি৷

ডাউনটো নামি গৈ নৈখন নাপাওঁতেই ক্ষুদ্ৰ-শৌচৰ বাবে ৰৈছিলোঁ৷ একাগ্ৰচিত্তে উপত্যকাটোৰ সৌন্দৰ্য উপভোগ কৰি থাকোঁতেই ভূতৰ ওপৰত দানহ পৰাদি তেনেকুৱাতে কিনকিনীয়া বৰষুণ এজাকে লম্ভিলে৷ খৰখেদাকৈ কামফেৰা সামৰি গাড়ীৰ ভিতৰ সোমাই পৰিলোঁ আটাইকেইটা মানুহ৷ তলৰ ইউ টাৰ্ণটো ল'লেই লোৰ দলংখন, মানে বেইলী ব্ৰীজখন৷ অথনি ওপৰৰ পৰা দৃশ্যটো দেখি অভিভূত নহৈ নোৱাৰিছিলোঁ৷

টিডিং লোহিতৰ এখন মূল উপনৈ৷ গতি খৰ৷ পানীত নীলাভ আস্তৰণ৷ চৰ্‌চৰ্‌ শব্দ সৃষ্টি কৰি দলঙৰ কেইফুটমান তলেৰেই বৈ আছে৷ ওপৰেৰে পাৰ হৈ যাওঁতে বাওঁহাতে আৰ.চি.চি. ব্ৰীজৰ ভগ্নাৱশেষ দেখা পালোঁ৷ অৱশিষ্ট স্বৰূপে এমূৰে খুঁটা এটাৰ সৈতে টুকুৰা অলপমান ৰৈছেগৈ৷ বাকী অংশ অন্তৰ্ধান! প্ৰযুক্তি আৰু প্ৰকৃতিৰ সংঘাত৷ প্ৰকৃতিৰ জয়লাভ৷ দলং কেতিয়া ক’লৈ উটুৱাই নিলে এতিয়া জনাৰ কোনো উপায় নাই৷ বিপৰীত দিশলৈ আদিগন্ত দৃষ্টি নিক্ষেপ কৰি চলাথ কৰিলোঁ যদিও নাই, একো নেদেখিলোঁ৷ আপোনা-আপুনি চকু ঘূৰি আহিল ভগ্নাংশলৈ৷ তাকে চাই ভৰ-বাৰিষা টিডিঙে কেনে ভয়ংকৰ ৰূপ পৰিগ্ৰহ কৰিব পাৰে, কল্পনা কৰি চালোঁ৷ ভয়েই লাগিল ভাবি৷ হ’লেও তেনেকৈয়ে চলি আহিছে এই অঞ্চলৰ যাতায়াত৷ কেতিয়াবা পথ ৰুদ্ধ হয়, আকৌ চালু হয়৷ ভাগ্য ভাল যে আমি এই পৰ্যন্ত ক’তো ফচিবলগীয়া হোৱা নাই৷ ধৰ্মেন গগৈয়ে আশংকা কৰা ধৰণৰ একো এতিয়ালৈ ঘটা নাই৷ সিটো কৈয়েই দিছিল, ‘এইফালে কেইবাটাও ডেঞ্জাৰ জ’ন আছে’৷ এতিয়ালৈ বাৰু কুশলে পাৰ হৈ আহি আছোঁ৷ আগলৈ কি হয় নাজানো৷

খৰবেগী টিডিং নদী পাৰ হৈ আমাৰ মহীন্দ্ৰ স্কৰপিঅ’খন আগ বাঢ়িছিল হায়ুলিয়াঙৰ সমীপৱৰ্তী ঠাই খুপাক টাৰ্গেট কৰি৷ আইনাৰ মাজেৰেই উপত্যকাটোলৈ এবাৰ দৃষ্টি প্ৰসাৰিত কৰিলোঁ৷ সৰু সৰু ঘৰ কিছুমান আছে৷ আশা কৰাতকৈ ৰাস্তাটো মোটামুটিভাৱে ভালেই পালোঁ৷ মাজে মাজে দুই-এখন মটৰ চাইকেল৷ গাড়ীৰ সংখ্যা নগণ্য৷ সমগ্ৰ পথছোৱাত আগলৈ অ’ত-ত’ত, দূৰে দূৰে ঘৰ কিছুমান৷ ট্ৰেডিশ্যনেল ষ্টাইলৰ৷ বোধ হয় কিবা গাঁও৷ জুমতলীত গোমধানৰ খেতি৷ তাৰ বাদে ঘন অৰণ্য৷ উচ্চতা বঢ়া সত্ত্বেও ৰাস্তাৰ দুয়োপাৰে যথেষ্টখিনি সেউজ বনাঞ্চল পাই আহিছিলোঁ৷ জোপোহা হাবি, ওখ হাবি৷ কল নলগা বনৰীয়া কলগছ, কেতেকী ফুলৰ গছ৷ ঠায়ে ঠায়ে আকৌ কমলা বাগান৷ পাহাৰৰ গাৰে মাজে মাজে নামি আহে জলপ্ৰপাত একোটা৷ ওপৰৰ পৰা অহা পানীৰ ধাৰ পথৰ ওপৰেৰে বাগৰি গৈ তলেৰে বৈ থকা নদীত পৰেগৈ৷ গাড়ী ৰখাবলগীয়া হয় পেটেলে৷ সংগম প্ৰত্যক্ষ কৰাৰ হেঁপাহ পূৰাবৰ বাবে ক্ষণিক বিৰতি৷ তাৰ পিছত গাড়ী আকৌ এৰি দিয়ে৷ নদীয়ে কিন্তু ক্ষন্তেকলৈও লগ এৰা নাই৷ পৰ্বতৰ টিঙতো কেনিবা জিলিকিছে বগা বৰফ৷ মুঠতে বিভিন্নতা আৰু বিচিত্ৰতাৰে পৰিপূৰ্ণ, চকুৰ টিপ নমৰাকৈ গৈ থাকিবলৈ মন যোৱা এটা ৰোমাঞ্চভৰা পাৰ্বত্য যাত্ৰা৷

গৈ থাকোঁতেই এক অজান আনন্দই আমাক কোবাই গৈছিল৷ বতৰটো আকৌ ডাৱৰীয়া হৈ আহিছিল৷ কিনকিনকৈ বৰষুণো পৰিছিল তেতিয়া৷ ৰাস্তাটোৰ অৱস্থা ভাল দেখিছিলোঁ যদিও ঠায়ে ঠায়ে ছিংকিং এৰিয়াও নোপোৱাকৈ থকা নাছিলোঁ৷ ওপৰৰ পৰা খহি অহা মাটি, পাথৰ আদি গুচাই এক্সকেভেটৰে যুদ্ধকালীন ক্ষীপ্ৰতাৰে বাট মোকলাই থকা অৱস্থাত পাইছিলোঁ৷ ক্লিয়েৰেন্সৰ কাম চলি থকা হেতুকে আমি বেছি নহয়, সামান্য সময় ৰৈ দিবলগীয়া হৈছিল৷ সেই আপাহতে সন্মুখৰ দৃশ্যৰাজিলৈ চাইছিলোঁ৷ ভাব হৈছিল, প্ৰকৃতিৰ বিৰুদ্ধে কিমান যুদ্ধ কৰিবলগীয়া হৈছে এই পথ সাজিবলৈ, এই পথ যাতায়াতৰ উপযোগী কৰি ৰাখিবলৈ! ঘন জংঘল সত্ত্বেও পাহৰৰ মাটি খহিলেই তুৰন্তে আঁতৰোৱাৰ কাৰণে অহৰহ সষ্টম হৈ থাকিবলগীয়া হৈছে ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেচনৰ এইসকল কৰ্মী৷ অন্যথা সীমান্তলৈ অহা-যোৱাটোৱেই ব্যাহত হৈ পৰিব৷ এই পথ সীমান্ত সংযোগী একমাত্ৰ পথ৷ গতিকে যোগাযোগ বিচ্ছিন্ন কোনোপধ্যে হ’বলৈ দিব নোৱাৰি৷ লেণ্ড স্লাইডত তললৈ বহি যোৱা এছোৱা পথৰ বিষয়ে পেটেলে কৈ গ’ল৷ ইয়াৰ মাটি বালিচহীয়া৷ বাইণ্ডিং কেপাচিটি কম৷ পুৰণিছোৱা এৰি দি পাহাৰৰ অধিক ওপৰেৰে নকৈ বাট কাটি উলিয়াইছে৷ শিলগুটি দিয়া সেই কেঁচা ৰাস্তাৰে তেওঁ গাড়ীখন চলাই নিছে৷ চিত্ৰপটলৈ লক্ষ্য কৰি মোৰ জীৱনৰ প্ৰথম ইটানগৰ যাত্ৰাটোৰ কথা মনত পৰি গ’ল৷ কাৰচিংচাত ডিক্ৰঙে ৰাস্তা খহাই লৈ যোৱাৰ পিছত সিদিনা যাত্ৰীসকলৰ যি অবৰ্ণনীয় দুৰ্গতি হৈছিল, কিবা ভাগ্যৰ সুবাদতহে নাহৰলাগুন ওলালোঁগৈ৷ আৰু তেনেকৈয়ে নেৰিষ্ট, নিৰজুলিত থাকি গ’লোঁ আঢ়ৈটাকৈ বছৰ৷ অৰুণাচললৈ মোহটো তেতিয়াই সোমাল বাৰুকৈ৷ ধাৰাবাহিকতা আজিও অক্ষুণ্ণ আছে৷ অৰুণাচলেও বাৰে বাৰে মাতে!

খৰস্ৰোতা নৈৰ পাৰে পাৰে সীমান্ত অভিমুখে আগ বাঢ়ি আছোঁ আমি৷ অ’ত-ত’ত দেখা পাইছোঁ ওলোমা সাকোঁ৷ ক’ৰবাত কাঠ পৰা থাকে, ক’ৰবাত কেৱল তাঁৰ এডাল৷ ধৰিবলৈ তাঁৰৰ ব্যৱস্থা থাকে৷ এইবিলাকে কৈ যায়, স্থানীয় মানুহবোৰ কিমান দুঃসাহসী! তেনেকৈয়ে তেওঁলোকে পাৰাপাৰ হয় তলৰ খৰস্ৰোতা নৈখন৷ পদে পদে য’ত বিপদৰ সম্ভাৱনা৷ ওলোমা সাকোঁ চকুত পৰিলেই এতিয়া এইটোও লাহে লাহে বুজিব পৰা হ'লোঁ যে সিপাৰে জনপদ জৰুৰ থাকিবই৷ ৪-৫ঘৰ মিলিয়েই এখন পাহাৰীয়া গাওঁ৷ দূৰৰ পৰা পাহাৰৰ গাত দেখা তেনে একোখন গাঁৱৰ দৃশ্য অতিকৈ দৃষ্টি আকৰ্ষক৷

অৰুণাচলৰ ঠাই বুলিলে স্বাভাৱিকতে নৈ-নিজৰাৰ আধিক্য৷ একেদৰে বেইলী ব্ৰীজৰ৷ বিশেষকৈ দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰা মিলিটেৰী বাহিনীৰ জৰিয়তে তেনেকুৱা দলংবোৰৰ আমদানি ঘটিছিল৷ এতিয়া যেনি-তেনি লোৰে নিৰ্মিত তেনেকুৱা দলঙৰে আধিক্য৷ ৩২০ফুট দৈৰ্ঘৰ বেইলী চাচপেনচন ব্ৰীজ ৩মাহত নিৰ্মাণ কৰাৰ ৰেকৰ্ড আছে অৰুণাচল প্ৰদেশত৷ ১২চকীয়া ট্ৰাক উঠি দলং তচনচ কৰি পেলোৱাৰো ৰেকৰ্ড আছে৷ কোনো ঠাইত অৱশ্যে বনুৱাই আৰ.চি.চি. ব্ৰীজ সাজি থকাও পাই আহিছোঁ৷ খৰস্ৰোতা নৈয়ে প্ৰতিটো মুহূৰ্ততে জাননী দি থকা বিপদসংকুলতা আৰু বতৰে যোগোৱা বিধিপথালিকে ধৰি অনেক প্ৰতিবন্ধকতা নেওচি এইবোৰ নিৰ্মাণ কৰাটো মুখৰ কথা নহয়৷ প্ৰযুক্তি আৰু প্ৰকৃতিৰ সংঘাত এই অঞ্চলবোৰতযে সময়ে-অসময়ে চলি থাকে যাত্ৰাপথৰ কেইবা ঠাইতো তাৰ ৰূপৰেখা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ৷ একো একোটা নিৰ্মাণ কাৰ্য ইয়াত সমতলকৈ বহুগুণে ডাঙৰ একো একোটা প্ৰত্যাহ্বান! অৰুণাচলৰ দুৰ্গম স্থানসমূহত তেনে চেলেঞ্জিং কাম সুকলমে সম্পাদন কৰিবলৈ একোজন ইঞ্জিনিয়াৰ কেনে পৰ্যায়ৰ শাৰীৰিক-মানসিক শক্তিৰে শক্তিমন্ত হ’ব লাগিব, কেনে ধৰণৰ জ্ঞান আৰু অভিজ্ঞতাৰ বলেৰে পুষ্ট হ’ব লগিব, কামৰ মান কেনে স্তৰৰ হ’ব লাগিব? ভাবি থাকিলোঁ অলপ পৰ৷












পৰৱৰ্তী খণ্ড :
১৮. খুপাত অৱতৰণ

No comments:

Post a Comment