অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন দুই ৷৷ দিনাংক ১১.৪.২০১৫
৪. পাৰ হ'লোঁ নামচাই
অসম-অৰুণাচল সীমান্তৰ ডিৰাকৰ পৰাই আৰম্ভ হৈছে নামচাই৷
নামচাই এতিয়া এখন নতুন আৰু পৃথক জিলা৷ জিলা সদৰৰ নামো নামচাই৷ সৌ-সিদিনাখন মাত্ৰ, ২০১৪ বৰ্ষৰ ১৫আগষ্টত এই জিলাখন গঠনৰ কথা ঘোষণা কৰা
হৈছিল৷ অৰুণাচল প্ৰদেশৰ এইখন ১৮নং জিলা৷ মাটিকালি ১,৫৮৭ বৰ্গ কিল'মিটাৰ৷ নামচাই আগতে
লোহিত জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল৷ বিগত ১৪বছৰ ধৰি স্থানীয় লোকসকলে জিলাৰ দাবী
জনাই অহাৰ পিছত চৰকাৰে মহকুমাটোক জিলা পৰ্যায়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্য
বিধান সভাত ২০১৩চনৰ ২০মাৰ্চত জিলা পুনৰ্গঠন বিধেয়কৰ অধীনত নামচাই জিলা গঠনৰ বিল গৃহীত
হয়৷ সেই বছৰৰে ১৫জুলাই তাৰিখে এক অধিসূচনা জাৰি কৰা হৈছিল৷ অৱশেষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ
মোদীজীয়ে দেশৰ ৬৪তম স্বাধীনতা দিৱসৰ অনুষ্ঠানত নামচাই জিলা গঠনৰ সম্পৰ্কে ৰাজহুৱাভাৱে
সদৰি কৰে৷ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী নাবাম তুকি মহোদয়ে ২০১৪চনৰ ২৫নবেম্বৰত এই
জিলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ ৰাজ্যখনৰ ভিতৰত কনিষ্ঠ এই জিলাৰ মাজেৰে আমি এতিয়া
গৈ আছোঁ৷ এবছৰেই হোৱা নাই জন্ম লভা৷
জিলা হিচাপে নৱজাতক
যদিও এই ভূখণ্ডত উপস্থিত হৈ ডিৰাক গে'ট পাৰ হোৱাৰ পিছৰে পৰাই আৰম্ভ হৈছিল এটা সুকীয়া
আমেজ৷ কথাটোৱে তেতিয়াই মনত গভীৰভাৱে ৰেখাপাত কৰিছিল৷ বাটৰ কাষত ছাই বৰণৰ 'ফানই' পিন্ধা
পুৰুষ, 'ছিন-ফামাই-চাইচেন' পৰিহিতা মহিলা আৰু পৃথক সজ্জাৰ ঘৰবোৰে লাহে লাহে এটা-দুটাকৈ
ভুমুকিয়াবলৈ লৈছিল৷ মুহূৰ্ততে গম পাইছিলোঁ যে খামতিপ্ৰধান এলেকাত প্ৰৱেশ কৰিছোঁ আমি৷
ৰাজ্যখনৰ ভিতৰতে সভ্যতাৰ দিশত আগ বঢ়া এই খামতিসকল৷ ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই
তেওঁলোক ব্ৰহ্মদেশত প্ৰচলিত হীনযান বা থেৰাবাদী বৌদ্ধধৰ্মত প্ৰৱৰ্ত৷ যিমানেই আগুৱাই
গৈছোঁ, জনজাতীয় আৰু আধুনিক সভ্যতাৰ এক ধৰণৰ মিশ্ৰণ লক্ষ্য কৰিছিলোঁ৷ ট্ৰেডিচন এণ্ড
মডাৰ্নিটিৰ এনে সংমিশ্ৰণ জনজাতি অধ্যুষিত অসমৰ ঠাইসমূহতো মন কৰোঁ৷ তদনুৰূপ আমাৰ ফালেও৷
উজনি অসমৰ ব্যস্ত ব্যৱসায়িক
চহৰ তিনিচুকীয়াৰ পৰা নামচাইলৈ পথ-দূৰত্ব ৭৫কিল'মিটাৰ৷ নিত্যপ্ৰয়োজনীয় বয়-বস্তুকে আদি
কৰি অন্যান্য সা-সামগ্ৰীও সেই চহৰৰ পৰাই এই দিশে সৰৱৰাহ হয়৷ আনহাতে, আকাশী যাতায়াতৰ
কাৰণে নিকটতম ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰপ'ৰ্টলৈ ইয়াৰ পৰা ১২০কিল'মিটাৰ৷ প্ৰধান জনগোষ্ঠী
তাই খামতিৰ বাদেও চিংফৌ, দেউৰী, মিচিং আদি জনগোষ্ঠীৰ লোকে নৱগঠিত জিলাখনত বসবাস কৰে৷
ধান ইয়াৰ প্ৰধান কৃষিজাত সামগ্ৰী৷ ৰবৰ আৰু চাহ খেতিও ঠায়ে ঠায়ে দেখা গৈছে৷ ২০০১ বৰ্ষৰ
লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা আছিল ৯৫,৯৫০৷ উল্লেখ যে নামচাই অঞ্চলটো 'লেণ্ড অফ
গ'ল্ডেন পেগোডা' নামে প্ৰসিদ্ধ৷ ঠায়ে ঠায়ে সেয়া চকুত পৰিছে৷ বৌদ্ধ স্তুপসমূহক কেন্দ্ৰ কৰি অঞ্চলটোত পৰ্যটনৰ বিকাশ
সাধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি একে আষাৰে কৈ দিব পাৰি৷
আমি ৰাওনা হৈছিলোঁ চৌখাম ৰ'ডেৰে৷ এই ৰাষ্ট্ৰীয় পথেৰে ডিৰাক গে'টৰ পৰা চৌখামলৈ দূৰত্ব প্ৰায় ৪০কিল'মিটাৰ৷ এঠাইত দেখা পালোঁ বি.আৰ.অ'.ৰ সেউজীয়া ৰঙৰ বৃহৎ ডিচপ্লে' ব'ৰ্ড৷ তাত লিখা অংকসমূহে জনাই দিলে যে আমাৰ সন্মুখত চৌখাম ২৬কিল'মিটাৰ, পৰশুৰাম কুণ্ড ৮২কিল'মিটাৰ, তুহংগাম ৯৭কিল'মিটাৰ, তেজু ১২৬কিল'মিটাৰ, হায়ুলিয়াং ১৭২কিল'মিটাৰ, চাংৱিনটি ২২২কিল'মিটাৰ, ৱালং ২৭০কিল'মিটাৰ, নামতি ২৭৬কিল'মিটাৰ, কিবিথো ২৯৭কিল'মিটাৰ৷ আমাৰ গন্তব্যস্থল হায়ুলিয়াং, ৱালং, কিবিথো আদি সাংগীতিক শব্দবোৰ ফলকখনত পঢ়ি মনৰ ভিতৰ চ'ৰাত অদ্ভুত শিহৰণ এটা জাগি উঠিল পলকতে৷ গৈ থাকিম৷ এদিন পামগৈ কিবিথো৷ তালৈ যাবৰ বাবে আমাৰ হাতত অৰুণাচল প্ৰদেশৰ চৰকাৰৰ চীল-মোহৰসম্বলিত পাৰ্মিট আছে৷ গতিকে চিন্তা কিহৰ? গৈ থাকিলেই হ'ল৷ পেটেলেও নি আছে সোণৰ ঠাইলৈ৷ পে’ন ড্ৰাইভটো সুমুৱাই মিউজিক প্লেয়াৰত গান বজাই দিছে তেওঁ৷ ‘হে’ আগৰ ক’ই মঞ্জিল ত’ ক্যা, ৰাসতা ভি হে মুস্কিল ত’ ক্যা…’ গীতটো বাজিছে৷ তাৰ লগে লগে অনিলদা আৰু ময়ো ওঁঠ লৰাইছোঁ৷ অৰুণদাই ভলিউমটো আৰু অলপ বঢ়াই দিছে৷ হাত চাপৰি বজাই আমি আগলৈ গৈ আছোঁ৷ ৰাস্তা ভাল৷
পৰৱৰ্তী খণ্ড
:
৫. পালোঁহি সোণৰ ঠাই
No comments:
Post a Comment