অৰুণোদয়ৰ বাট
বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
তিনিমাহমানৰ আগৰে পৰাই কুৰু কাৰাং কৰি থকা হৈছিল যদিও নিৰ্ধাৰিত দিনটো অহাৰ দুমাহৰ আগতে এদিন
আমাৰ আলোচনাত বিহুৰ বন্ধত যোৱাটোকেই খাটাং কৰি পেলোৱা হ’ল৷ '১০এপ্ৰিলৰ নিশা ওলাই যাম দিয়ক' বুলি অৰুণদাই কেলেণ্ডাৰ চাই মতামত দি দিলে৷ কাৰণ তেওঁ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ নিমখ খোৱা মানুহ৷ অফিচিয়েল কাম আৰু ছুটী মিলোৱাৰ কথা আছে৷ ঈশ্বৰৰ কৃপাত মোৰ যেনিবা সেইটো ঝামেলা নাই৷ লিভৰ এপ্লিকেচনো কাকো কৰিবলৈ নাই, কাকো কৈফিয়ৎ দিবলৈও নাই৷
অলপ পিছতে কি ভাবি জানো, যাত্ৰাটোৰ কথা গোপনে ৰাখিবৰ বাবে অৰুণদাই অনুৰোধ জনালে৷ কাকো নোকোৱাকৈ চুপে-চাপে যোৱাৰ মতলব৷ ঘূৰি আহি ‘অসমীয়া প্ৰতিদিন’ৰ ‘দেওবৰীয়া সম্ভাৰ’ত সবিস্তাৰে লেখা আগ বঢ়োৱাৰ ইচ্ছা, যিদৰে নামপং, ভূটান, লেহ, লাডাখৰ ধাৰাবাহিক ভ্ৰমণ কাহিনী তেওঁ উক্ত স্পটবোৰ ভ্ৰমি আহি গৰমে গৰমে লিখি পেলাইছিল৷ তেনে ধৰণৰ গোপনীয়তাতো চাগৈ লুকাই থাকে বুজাব নোৱাৰা এক ধৰণৰ সুকীয়া আনন্দ৷ ল’ব জনাই ল’ব জানে৷ অৰুণদাই বোধ কৰোঁ তাকেই বিচাৰে মনে মনে৷ খেলি-মেলি, হাই-উৰুমি ভাল নোপোৱা কবিমনৰ সৰলচিতীয়া সংবেদনশীল মানুহ৷ গুপুত অভিযাত্ৰী হৈ ৰ’ব খোজে প্ৰতিটো অভিযানৰ৷ মনে-প্ৰাণে কিন্তু বিচাৰে, সেই যাত্ৰাক অনুসৰণ কৰি আনেও চলাওক অভিযান৷ হেৰাই যাওক৷ হেৰাই যোৱাৰ আনন্দ লওক আন কোনোবায়ো৷ সেয়েহে তেওঁ নিজৰ লেখাত ভ্ৰমণস্থলত পাই অহা গাড়ীৰ ড্ৰাইভাৰ, হ'ম ষ্টে' বা আন আন সহায়কাৰীসকলৰ ফোন নম্বৰ পৰ্যন্ত খোলাখুলিকৈ উল্লেখ কৰি দিয়ে, পৰ্যটন কৰাত পৰৱৰ্তীজনৰো সহজ হওক বুলি৷
দাদাৰ সুবিধামতে দিন ঠিক হোৱাৰ পিছত টীম ঠিক কৰাৰ সময়
আহিল৷ মাৰ্ক’ পল’ৰ এইবাৰৰ সদস্য
নিৰ্বাচনৰ সংক্রান্তত ঠিৰাং হ’ল যে দলত মুঠতে চাৰিজন যাত্ৰী থাকিব৷ বেছি নহয়৷ কাৰণ
গাড়ী আৰু ছিট কেপাচিটিৰ কথা আছে৷ বেছি হ’লে বাহন ডাঙৰ হ'ব বা সংখ্যা
বঢ়াব লাগিব৷ থকা-মেলাতো তেতিয়া খেলিমেলি হ’ব পাৰে৷ গতিকে
সীমিতসংখ্যক ভ্ৰমণকাৰী৷ ড্ৰাইভাৰক বাদ দি কেৱল চাৰিজন৷ তাৰে অৰুণদাই নিজৰ এজন পাৰ্টনাৰ
নিৰ্বাচন কৰি ল’ব বুলি ছিট এটা ৰিজাৰ্ভ কৰিলেই৷ পিছত জানিলোঁ, সেইজন অনিলদা৷ অনিল
সূত্ৰধাৰ৷ পেছাত ব্যৱসায়ী আৰু ফুৰা-চকাত ৰুচি থকা দিল খোলা স্বভাৱৰ বুদ্ধিমান লোক৷ যোৱাবাৰ তেৱোঁ
গৈছিল নামপঙৰ পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেল আৰু লে'ক অফ ন' ৰিটাৰ্ণলৈ, তেওঁলোকৰ গ্ৰুপত৷ তাৰ মানে মোক লৈ তিনিজন হ’লেই৷ বাকী থাকিল
এখন মাথো আসন৷ মনে মিলা কাৰোবাক বাছি ল’বলৈ ক’লে মোক৷ চিন্তা
কৰিলোঁ, কাক লোৱা যায়? কাক ধৰিম, কাক এৰিম? ইফালে মন কৰিবলগীয়াযে যাত্ৰা কালটোও
পৰিছে আকৌ বছৰেকৰ বিহুটোৰ ভৰপক বতৰতে৷ পৰিবাৰ, সতি-সন্ততি এৰি, ব'হাগৰ ৰং ত্যাগ কৰি ওলাবনে কোনোবা
অত্যুৎসাহী, এনে এক অনিশ্চয়তাভৰা যাত্ৰালৈ, য’ত যোৱাৰ দিন ঠিক
আছে, ঘূৰি অহাৰ দিন একো ঠিক নাই? একে কথা প্ৰযোজ্য গন্তব্যস্থলৰ ক্ষেত্ৰতো৷ ডং,
কিবিথো বাৰু ঠিক আছে৷ ওচৰা-ওচৰি ঠাই৷ মায়’ডিয়াৰ ভৌগোলিক
অৱস্থান হ’লগৈ কেনিবা! ইফালে মোৰো ম্যানমাৰলৈ যোৱা পুৰণি সংগী আছে তিনিজনকৈ৷
এইবাৰ যাওক-নাযাওক পিছ কথা, প্ৰসংগটো তেওঁলোককো অৱশ্যেই অৱগত কৰিব লাগিব৷ অন্যথা
পিছত কিবা কথা উঠিব পাৰে৷ তাকে কেন্দ্ৰ কৰি মনান্তৰ ঘটিব পাৰে৷ অৰুণদা কিন্তু দৃঢ়৷ কাকো
ক্ষুণাক্ষৰেও কোৱা নাই৷ নক’বও চাগৈ৷ কিন্তু মই কি কৰোঁ? দুই নাও দুই ভৰি৷
দকৈ ভবাৰ অন্তত আগৰবাৰৰ সংগী তথা 'আমাৰ অসম'ৰ ষ্টাফ ৰিপ'ৰ্টাৰ, লেখক, বন্ধু সঞ্জু বৰাক প্ৰথমে টুকুৰিয়াই চালোঁ৷ একে আষাৰেই সৈমান হৈ গ’ল তেওঁ৷ একেই উৎসাহ-উদ্দীপনা, যোগাত্মক চিন্তাধাৰা, সাহসী আৰু এডভেন্সাৰাচ মানসিকতা৷ ভাবিছিলোঁ, ব’হাগী বতৰত পত্নী স্বৰ্ণালী আৰু পুত্ৰ সন্দীপনক এৰিব নোৱাৰি তেওঁ এইবাৰৰ প্ৰগ্ৰাম দস্তৰমত কেনচেল কৰিব৷ কিন্তু ক’তা? ওলালেহেচোন আগ বাঢ়ি৷ একে আষাৰতে একদম স্পষ্ট ভাষাৰে কৈ দিলে, ‘যাব পাৰি৷ আৰু কোন কোন যাব আমাৰ লগত?’ বুলি৷ সদস্য সংখ্যা অনুপাতে দল গঠন সম্পূৰ্ণ হৈয়ে গ’ল তেতিয়াই৷ ৰাতিয়েই অৰুণদাক এছ.এম.এছ. যোগে অগ্ৰগতিৰ বাৰ্তা জনালোঁ৷ সেই কেইদিনত অনেক এছ.এম.এছ.ৰ আদান-প্ৰদান চলিল, বিভিন্ন প্ৰসংগ লৈ৷ অৰুণদা সুখী হ’ল৷ মইহে পিছে দোমোজাত পৰি ৰ’লোঁ৷ যি হয় হ’ব বুলি আন দুজন প্ৰাক্তন ভ্ৰমণ-সংগীৰ আগত কথাটো সোনকালেই বেকত কৰি পেলালোঁ আৰু য়েছ-ন’ হিচাপত শীঘ্ৰে এককথীয়া জবাব আশা কৰি বহি ৰ’লোঁ৷ উৎকণ্ঠাৰে কেইটামান দিন পাৰ হোৱাৰ পিছত ব্যক্তিগত অসুবিধাৰ উল্লেখেৰে ‘মন থাকিলেও যাত্ৰা সম্ভৱ নহ’ব’ বুলি উভয়ে জনালে৷ ডক্টৰ ৰাজু গগৈৰ কলেজৰ পৰীক্ষাৰ বহী চোৱাৰ দায়িত্ব, পংকজ দাসৰ জীয়েক উদ্ধৃতিয়ে বিহুত নাচিব৷ নিগেটিভ যদিও উত্তৰ দুটা কিন্তু বেয়া নালাগিল৷ কাৰণ পজিটিভ হোৱা হ'লে সমস্ত ডিজাইনটোৱেই সলাব লাগিলহেঁতেন! বাচি গ'লোঁ৷
বচ৷ মাৰ্ক' পল'ৰ টীম ফাইনেল৷ আৰু এটাও ছিট নাই গাড়ীত৷ কল্পনাতে মনটো অৰুণাচলৰ পাহাৰে পাহাৰে ঘূৰিব লাগিল৷

পৰৱৰ্তী খণ্ড : চাৰি ৷৷ আই.এল.পি.
তৈয়াৰ হৈ গ’ল
পূৰ্বৱৰ্তী খণ্ড :
এক ৷৷ ডঙলৈ এবাৰ যাব পৰা হ’লে!
দুই ৷৷ ডঙতকৈ আগলৈ যোৱাৰ সময় আহিল
পূৰ্বৱৰ্তী খণ্ড :
এক ৷৷ ডঙলৈ এবাৰ যাব পৰা হ’লে!
দুই ৷৷ ডঙতকৈ আগলৈ যোৱাৰ সময় আহিল
No comments:
Post a Comment