Thursday, 20 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
৮. হাৱাইত এৰাতি


হাৱাই আঞ্জাৱ জিলাৰ সদৰ ঠাই৷ কামান মিছিমি দোৱানত ‘হাৱাই’ শব্দৰ অৰ্থ হৈছে পুখুৰী৷ ৱালঙৰ পৰা আহি চাংৱিনটি নামৰ তিনিআলিটো, য'লৈকে ১৯৬২ত চীনা আহিছিল৷ তাতে লোহিত নৈৰ ওপৰত আঞ্জাৱ নামৰ কেবল চাচপেনচন ব্ৰীজ এখন আছে৷ পথৰ বাঁওহাতে, দূৰৰ পৰাই দেখা যায়৷ পৰশুৰাম কুণ্ডত থকা অৰুণাচল প্ৰদেশৰ ভিতৰত দীৰ্ঘতম দলংখনৰ পিছত লোহিতৰ ওপৰেৰে গাড়ী পাৰ হ'ব পৰা এইখন দ্বিতীয়৷ তৃতীয়খন কাহোলৈ যাওঁতে পাইছোঁ, যদিওবা সেইখন বেইলী ব্ৰীজহে আছিল৷ আঞ্জাৱ ব্ৰীজেৰে লোহিত পাৰ হৈ ৮কিল’মিটাৰমান সোমাই গ’লে আগত হাৱাই৷ নৱগঠিত আঞ্জাৱ জিলাৰ ই নতুন সদৰ ঠাই৷ ৱালঙৰ পৰা হাৱাইলৈ দূৰত্ব ৫০কিল’মিটাৰ৷ হায়ুলিয়াঙৰ পৰা আহিলে ৫৮কিল’মিটাৰ দূৰত দক্ষিণ-পূবে এই ঠাইৰ অৱস্থান৷ অৰ্থাৎ ৱালং আৰু হায়ুলিয়াঙৰ প্ৰায় মাজতে আছে জিলা সদৰখন৷ গড় উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ১,২৯৬মিটাৰ৷ পাহাৰৰ মাজত সোমাই থকা হাৱাইৰ জলবায়ু সুখকৰ৷ প্ৰাকৃতিক দৃশ্যাৱলীও চমকপ্ৰদ৷ অৰুণাচলী জনজাতীয় কৃষ্টি-সংস্কৃতিৰে একক আৰু অনন্য হাৱাইত উপায়ুক্তৰ কাৰ্যালয়, আৱৰ্ত ভৱন, হেলিপেড, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, হাট-বজাৰ ইত্যাদি আছে৷

লোৰ দলংখন পাৰ হৈ ওপৰলৈ উঠি গৈ থাকোঁতে ম’বাইলটোৱে ঘপকৈ টাৱাৰ পোৱাৰ মাত এটা দিলে৷ চিগনেল দেখিয়ে প্ৰথমে বন্ধু ধৰ্মেনৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা চলোৱা হ’ল৷ তিনিদিনৰ আগতে হায়ুলিয়াং এৰাৰ পিছৰে পৰাই সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছিলোঁ৷ হেৰাই গৈছিলোঁ সমুলঞ্চে৷ এতিয়া সংযোগ সীমালৈ আহিয়ে তাৰ সৈতে কথা হ'লোঁ৷ পোনছাটেই এইটো সুধিলোঁ যে হাৱাইত আমাৰ থকা-খোৱাৰ বন্দৱস্ত কি হ’ব? সি তেতিয়াও ইটানগৰতে আছিল৷ কৰ্মস্থলী খুপা পোৱাহিয়ে নাই৷ মাতটো গলগলীয়া কৰি ৰাজধানীৰ পৰাই গৰ্বেৰে জনালে, ‘হাৱাই ইজ মাই বাৰ্থ প্লেছ, মেৰে দোস্ত৷’ ময়ো সমান উষ্মা প্ৰদৰ্শন কৰিলোঁ, ‘আই এম হেপী টু বি হিয়েৰ, ধৰ্মেন বাবু৷’ সি খুব হাঁহিলে৷ পেটে পেটে মোৰ ভাবটো এনেকুৱা আছিল যে ছাল্লা তোৰ কেইটা দোস্ত হাৱাইলৈ আহিছেঅ'? কেইটাই তোৰ ঘৰলৈ গৈছে, তোৰ জন্মস্থান হাৱাই দেখিছে? একালত নলে-গলে লগাবোৰৰচোন আজি পাত্তাই নাই! জীৱন-যুদ্ধই ইমানেই কোঙা কৰি পেলালেনে যে ঠিকনাই হেৰাই গ'ল, এই ম'বাইলৰ যুগতো যোগাযোগ নোহোৱা হ'ল! আনৰ কথা নাজানো, মই হ'লে আহিছোঁ৷ মই তোৰ তেজুৰ ঘৰতো সোমাম৷ মাক লগ পাম, সৰুক চাই যাম৷

কিছুপৰ কথা পতাৰ পাছত অভয় দি সি ক’লে, ‘আই.বি.ত মোৰ নাম ক’বি, ছিট পাই যাবি৷ কিবা সমস্যা হ’লে মই আছোঁ৷ ফোন কৰিবি৷ হাৱাইত বি.এছ.এন.এল.ৰ টাৱাৰ আছে৷ গতিকে চিন্তা নাই৷ তাত মোৰ মামাৰ ঘৰো আছে৷ এক্স মিনিষ্টাৰ৷ তাতো থাকিব পাৰিবি৷’ শুনি মোৰো সাহসৰ মাত্ৰাটো লগে লগেই এখোপমান উধালে৷ কথাখিনি দলৰ বাকী সদস্যসকললৈ ততালিকে ৰীলে কৰি দিলোঁ যাতে আনকেইজনৰ নহ'লেও অৰুণদাৰ টেনচনটো দূৰ হয়৷ ‘মোৰ বন্ধুৰ জন্ম জেগা আৰু সি ইয়াৰ ল’কেল দাদা দেই, গতিকে ভয় নাই অৰুণদা৷’ গাড়ীৰ ভিতৰত হাঁহিৰ ৰোল উঠিল৷ স্পীকাৰত বাজি থকা গানটোৰ আৱাজ অলপ সময়ৰ বাবে ক'ৰবাতে তল পৰিল!

আচল কথা, নৈশ যাপনৰ বাবে অৰুণাচলৰ এই কঠিনগম্য স্থানবোৰত চৰকাৰী চাৰ্কিট হাউচ আৰু ডাক বঙলাৰ ওপৰতে একমাত্ৰ ভৰসা৷ তাৰ বাহিৰে একো নাই৷ না হোটেল উদ্যোগ, না হ’ম ষ্টে’৷ জিলা সদৰ হ'লেও থকা-মেলাৰ বিকল্প একোৱেই নাই৷ কেতিয়া হ'ব তাৰো কোনো নিশ্চয়তা নাই৷ আমাৰ ভাগ্য ভাল যে মোৰ এইফালৰে এটা পুৰণি বন্ধু আছে৷ তাৰ সৈতে এতিয়া পুনৰায় যোগাযোগ সম্ভৱ হৈছে৷ 'ডফলা'ই সাহস যোগাই গৈছে৷ আনফালে আকৌ নিশা সোনকালে ভাতকেইটা খাই বিছনা লোৱাৰ বাহিৰেও এনে ঠাইবোৰত অন্য গত্যন্তৰ নাই৷ আইনা চোৱা, বটল খোৱা মদপী-জুৱাৰী লাইনৰ মানুহ হ'লে কথা অৱশ্যে সুকীয়া৷ সেই দুটা ব্যৱস্থাৰেই অফুৰন্ত সময়বোৰ পাৰ কৰে বহুতে৷ তেনে অভ্যাস নথকাবোৰৰহে মস্কিল! হয় প্ৰকৃতিক লৈ মজি থাকিব লাগিব, নহয় ইখনৰ পিছত সিখন কিতাপ পঢ়িব লাগিব৷ নতুবা চিডিৰ চিনেমা চাই কটাব লাগিব৷ বেলেগ পন্থা দেখা নাই৷

বিয়লি ৩.০০বজাৰ পিছতে আমি হাৱাইত উপস্থিত হ’লোঁ৷ চাৰিওপিনে জোঙা জোঙা পৰ্বত৷ তাৰ মাজৰ এটুকুৰা সৰু ঠাই৷ ৱালঙতকৈ ঘৰ-দুৱাৰ কিছু আছে আৰু অকণমান উন্নত৷ এশাৰী আৰ.চি.চি. দোকানৰ আগেৰে আমাৰ গাড়ীখন ধীৰ গতিৰে গৈ আছে৷ আইনাৰ ভিতৰৰ পৰাই কেইবাযোৰো চকুৱে আশ্ৰয়থলীৰ ৰূপত কেনিবা দণ্ডায়মান চাৰ্কিট হাউচ, ইন্সপেকচন বাংলো, টুৰিষ্ট লজ কিবা দেখা যায় নেকি তাকে সন্ধান বিচাৰি ফুৰিছে৷ এমূৰীয়া দোকান এখনৰ সন্মুখত মানুহ কেইজনমান ৰৈ আছিল৷ ‘আই.বি. কিধড় হ্যে ভাই?’ চিঞৰি সুধিলোঁ৷ তৎক্ষণাতে সঁহাৰি জনাই ল’ৰা এটা প্ৰায় দৌৰি অহাদি খিৰিকীৰ কাষলৈকে আগুৱাই আহিল৷ হিন্দীতে বাৰ্তালাপ চলিল৷ পি.ডব্লিউ.ডি. আই.বি.লৈ যোৱা ৰাস্তাটোৰ সি বৰ্ণনা দিলে৷ বাক্যকেইটা শেষ কৰিয়ে ক’লে, ‘মই আই.বি.তে থাকোঁ৷ দেখুৱাই দিব পাৰিম৷ কিন্তু আকৌ ইয়াত ড্ৰপ কৰি যাব লাগিব৷’ বাঃ, এনেকুৱাইনে সংযোগ! আশ্ৰয়থল দেখুৱাই দিয়াৰ বাবদ এইটো একো ডাঙৰ কণ্ডিছন নহয়৷ তুৰন্তে দৰজা খুলি দিলোঁ৷ তাক উঠাই আমাৰ মাজত বহুৱাই ল’লোঁ৷ থেপাথেপিকৈয়ে পালোঁহি ‘যাত্ৰী নিৱাস’৷

বাটত কথা পাতি আহোঁতেই গম পালোঁ যে ল’ৰাটোৰ নাম গণেশ শৰ্মা৷ সি যাত্ৰী নিৱাস অৰ্থাৎ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোটোৰ ৰান্ধনি৷ সিয়ে নিশ্চিতিৰ ভংগিমাৰে জনালে, ‘ৰুম খালী আছে ছাৰ৷ থাকিব পাৰিব৷’ নভবাকৈয়ে ঘটা সংযোগটোত আমাৰ ভাগ্যকে ভুৰি ভুৰি ধন্যবাদ জনালোঁ৷ সকলোৰে মুখত টেনচনমুক্তিৰ পিছৰ হাঁহিটোহঁত বিৰিঙি উঠিল৷ আমিযে খুপাৰ এচিচটেণ্ট ইঞ্জিনিয়াৰ গগৈ চাহাবৰ বন্ধু বা ওচৰৰ মানুহ সেইটোও হ'লে নোকোৱাকৈ নেৰিলোঁ৷ পিছত জানিলোঁ, জুনিয়ৰ ইঞ্জিনিয়াৰ তিৱাৰী চাহাবেও হেনো আমাৰ সম্ভাব্য আগমনৰ কথা আগতীয়াকৈ কেইদিনমানৰ আগেয়ে সিহঁতক জনাই ৰাখিছিল৷ গতিকে কোনো ধৰণৰ অনুমতিৰ কাগজ-পত্ৰ বা পোনপটীয়া যোগাযোগ নাথাকিলেও কেয়াৰটেকাৰ দীপকে চিধাই ৰুমৰ চাবিকোছা ল'লে আৰু তলাত হাত দিলেগৈ৷ আমাৰো মুখৰ পৰা স্বস্তিৰ নিশ্বাস ওলাই আহিল৷ যা হওক, ঠাই পালোঁ৷

২০১৩চনৰ ২জানুৱাৰীত ৰাজ্যসভাৰ সাংসদ তথা অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি মুকুট মিথিয়ে আনুষ্ঠানিকভাৱে এই যাত্ৰী নিৱাসটোৰ দ্বাৰ উদ্ঘাটন কৰিছিল৷ ফলকখনত অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি আৰু উদ্যান শস্য দপ্তৰৰ তদানীন্তন মন্ত্ৰী চেতং চেনাৰ নামটোও খোদিত আছিল৷ চিনাকি সেই নামটোৱে পলকতে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ চাংলাং জিলাৰ নামপঙত ২০০৭চনৰ পৰা পাতি অহা পাংচাও পাছ ৱিণ্টাৰ ফেষ্টিভেলৰ এইজন মানুহেই আছিল ঘাই হোতা৷ পেটেলক বাদ দি আমি আটাইকেইজনেই ২০১৩ৰ জানুৱাৰীত উক্ত শীতকালীন সমাৰোহলৈ গৈছিলোঁ আৰু আয়োজন দেখি অভিভূত হৈছিলোঁ৷ তাৰোপৰি সেই তেতিয়াই পোৱা সোণালী সুযােগ গ্ৰহণ কৰি ষ্টিলৱেল পথেৰে ম্যানমাৰৰ লে'ক অফ ন' ৰিটাৰ্ণ পৰ্যন্ত ভ্ৰমিছিলোঁ৷ উদ্যমী তথা সৰৱৰহী মানুহজন তেতিয়াই চকুত পৰিছিল৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত অসমৰ লিডুৰ পৰা ম্যানমাৰ হৈ চীন দেশৰ কুনমিঙলৈ নিৰ্মিত ১,৭২৬কিল'মিটাৰ দৈৰ্ঘ্যৰ পূবৰ সেই বন্ধ হৈ থকা অন্যতম পথটো পুনৰুজ্জীৱিতকৰণত জােৰ দিয়াৰ লগতে ভাৰত-ম্যানমাৰ সীমান্ত বাণিজ্যৰ উন্নয়নৰ লক্ষ্যত তেওঁ নিৰৱচ্ছিন্নভাৱে লাগি আছিল৷ ফলকখনত নামটো পঢ়ি দুখ লাগিল কিয়নো আমাৰ এই ভ্ৰমণৰ মাহদিয়েক আগতে, ২৫জানুৱাৰী ২০১৫ তাৰিখে ডিব্ৰুগড়ত আকস্মিকভাৱে মৃত্যুক সাবটি ল'লে চেতং চেনাই৷ মুহূৰ্ততে মানুহজনৰ মুখমণ্ডল দুচকুৰ আগত ভাহি উঠিল৷


পেটেলে আমাৰ গাড়ীখনৰ ডিকি খুলি দিলে৷ নিজৰ নিজৰ টোপোলাবোৰ কঢ়িয়াই আনি ৰুমত থ’লোঁ৷ ৰুম নম্বৰ ২ত সঞ্জু আৰু মই৷ এমূৰীয়া আহল-বহল, পৰিষ্কাৰ কোঠা৷ ওপৰ মহলাৰ ৰুম এটাত সোমাল অৰুণদা আৰু অনিলদা৷ পেটেলক অকলেই এটা কোঠা দিয়া হ'ল৷ আন কোনো নথকাত ভাগ্যৰবি উদয় হ'ল আমাৰেই৷ আই.বি.টোৰ ভিতৰলৈ সোমাই যাওঁতেই দৰজাৰ ফাঁকেৰে দৃষ্টিগোচৰ হ'ল, মুখতে পোৱা সৰু ৰুম এটাত কেইবাজনেও মিলি তাচ খেলি আছে৷ বাহিৰত গধুৰ বাইক কেইখনমান আৰু গাড়ী ৰখাই থোৱা আছিল৷ সেয়া দেখি অন্য আলহীও থকা বুলি ভাবি লৈছিলোঁ৷ পিছতহে গম পালোঁ যে নহয়, আলহী কেৱল আমিহে৷ সেইসকল বেলেগ, আইনা চোৱা আলহীহে!

কালবিলম্ব নকৰি আন্ধাৰ হোৱাৰ আগতেই সদৰ ঠাইখনত কেনি কি আছে চাই লোৱা যাওক বুলি গাড়ীৰে সদলবলে ওলাই আহিলোঁ৷ ইফালে-সিফালে ঘূৰি-পকি বজাৰত ৰ'লোঁগৈ৷ ৰাস্তাৰ দুই দাঁতিত দোকানৰ দুটা শাৰী৷ হোটেল, পাচলিৰ দোকান, কাপোৰৰ দোকান আদি৷ নিত্যপ্ৰয়োজনীয় সা-সামগ্ৰীখিনি উপলব্ধ হয় যেন লাগিল৷ ব্যৱসায়িক দৃষ্টিৰে ৱালঙতকৈ অকণমান আগ বঢ়া৷ তাতে 'হোটেল দীপ'ত বহি সকলোৱে চাহ আৰু মালপোৱা খালোঁ৷ দোকানীজন কৰিমগঞ্জৰ লোক৷ হোজাইৰ লোক এজনৰ কাপোৰৰ দোকানত বহিও ক্ষন্তেক গপ মাৰিলোঁ৷ ‘প্লেইনচ মানুহ’ পাই তেৱোঁ খুব ভাল পালে৷ মোৰ হেণ্ডিকেমটোৰ মেম’ৰী ঢুকাইছিল৷ ১৬জিবিৰ মেম’ৰী কাৰ্ড এখন কিনি সন্মুখৰ দিনকেইটাৰ কাৰণে চিন্তামুক্ত আৰু টনকিয়াল হৈ ল’লোঁ৷ পাহাৰৰ চূড়াত বেলি লহিয়াবৰ হৈছিলেই ইতিমধ্যে৷ ইয়াত চৌপাশে ঘূৰণীয়াকৈ পাহাৰ৷ পাহাৰৰ মাজৰ পুখুৰী, হাৱাই৷ বেলি সোনকালে লুকায়৷ ঘূৰি-ফুৰি আহি ৰুমত সোমালোঁ৷ নিশাৰ ভাতসাঁজৰ বাবে কিনি অনা কুকুৰাটো অনিলদাই ৰান্ধনি-কেয়াৰটেকাৰ গণেশ আৰু দীপকক চমজাই দিলে৷ ৰন্ধন ষ্টাইল সম্বন্ধীয় কিবাকিবি নিৰ্দেশনাও দিয়া শুনিলোঁ৷ এইকেইদিন একেলেথাৰিয়ে খোৱা-বোৱা মনৰ মতন নোহোৱা হেতুকে আজি অনিলদাই নিজেই নেতৃত্বত নামি গৈছে৷

গা-পা ধুই ফ্ৰে’ছ হ’লোঁ৷ কৰিবলৈহে একো কাম নোহোৱা হৈ থাকিল৷ ম'বাইল নেটৱৰ্ক পাই সঞ্জু ফোনত ব্যস্ত হৈ পৰিছে৷ পেশাগত ফোনকলৰ উপৰি হোৱাটছ-আপ, ফে’ছবুকো মেলি লৈছে৷ মোৰ ইফালে উচপিচনি আৰম্ভ৷ কি কৰা যায়? বিয়লিটো আৰু সন্ধিয়াৰ পিছৰ হাৱাইখনৰ দৃশ্যৰাজি উপভোগ কৰোঁ বুলি ৰুমমেতক ৰুমতে এৰি অকলেই ঠাণ্ডাময় বাহিৰখনৰ মুক্ত প্ৰাংগণলৈ ওলাই আহিলোঁ৷


যাত্ৰী নিৱাসৰ চৌহদটোৰ আগলৈ, বাহিৰৰ মুকলি অংশক হাৱাই ভিউ পইণ্ট বুলিলেও অত্যুক্তি কৰা নহ’ব৷ এই অৱস্থানৰ পৰা একেটা দৃষ্টিতে দূৰত ডি.চি. অফিচ, দোকান-পোহাৰ, কোৱাৰ্টাৰ আদিকে ধৰি হাৱাইখন ভালকৈ দৃশ্যমান হয়৷ শ্বিলং পিকৰ পৰা যেনেকৈ শ্বিলংখন দেখি ঠিক তেনেই৷ ইয়াত যেনিবা পৃষ্ঠপটত ওখ ওখ পাহাৰ আৰু হাৱাইখন যেনিবা শ্বিলঙৰ তুলনাত এচিকুটমান৷ পিছে ইয়াৰ পাহাৰৰ ওপৰত পৰা আছে শুভ্ৰ বৰফৰ দলিচা৷ সেয়াই বিশেষত্ব৷ বগা আৰু সেউজীয়াৰ যুগলবন্দীয়ে হাৱাইক সমৃদ্ধ কৰিছে৷ বৰফলৈ বাট কাটিব পাৰিলে দুঃসাহসিক ক্ৰীড়াক্ষেত্ৰ হিচাপে এই ঠাইখনযে গঢ় লৈ উঠিব তাক ন-দি ক'ব পাৰি৷

মোৰ বন্ধু ধৰ্মেনৰ মাকজনী মিছিমি৷ আপোন ঘৰ ইয়াতেই৷ দেউতাক ঢকুৱাখনাৰ বুলি শুনিছিলোঁ৷ অসমৰ পৰা কৰ্মসূত্ৰে অৰুণাচললৈ অহা বহুতেই অৰুণাচলী গাভৰুৰ প্ৰেমত পৰি বিয়া কৰাই, অৰুণাচলৰ মাটি-পানী-বায়ুক নিজৰ বুলি ভাবি ইয়াতেই থাকি গৈছে৷ ধৰ্মেন তাৰে এটা উদাহৰণ৷ অসম আৰু অৰুণাচলৰ সমন্বয়ত জন্ম ধৰ্মেনৰ৷ তাৰ জন্ম ইয়াতেই বুলি অথনি কৈছিল৷ কথাটো আগতে ময়ো নাজানিছিলোঁ৷ সি জনম লওঁতে হাৱাইখন কেনেকুৱা আছিল বাৰু? ভাবি একো লাভ নাই যদিও কল্পনা কৰাৰ চেষ্টা এটা এনেয়ে কৰি চালোঁ৷

লোহিতৰ পৰা ফালি এই জিলাখন গঠন হোৱাৰ সময়ত ডিষ্ট্ৰিক্ট হে’ড কোৱাৰ্টাৰ হায়ুলিয়াঙতহে হ’ব লাগে বুলি কথা উঠিছিল হেনো৷ পিছত হাত দীঘল কাৰোবাৰ হস্তক্ষেপত ইয়াত আনি পতা হ’ল৷ হাত দীঘলজন ধৰ্মেনৰ মোমায়েকেই হ'ব চাগৈ! হায়ুলিয়াংখন মূল পথত৷ হাৱাইলৈ কিন্তু কেইকিল’মিটাৰমান সোমাই আহিব লাগে৷ হ’লেও ঠাইখিনি নতুনকৈ উন্নয়নকৃত, প্ৰাকৃতিকভাৱে ধুনীয়া আৰু পৰিৱেশটোও শান্ত-সমাহিত৷ প্ৰথমবাৰ অহাৰ বাবেই নেকি জানো, অকণমান ভিতৰুৱা যেন ভাব এটাও নোহোৱাকৈ থকা নাই৷ আমি কোনটো দিশৰ পৰা আহিলোঁ, কোনটো দিশে যাম, লোহিতখন কেনি আছে অনুমান কৰিবৰ যত্ন কৰিলোঁ৷

তেনেকুৱাতে দুটা কিশোৰ কণমানি এটিৰ সৈতে স্কুটী এখনেৰে ভিউ পইণ্ট আহি ওলাল৷ ভালেই পালোঁ৷ সিহঁতৰ সৈতে কথা পাতি সময় কটাব ধৰিলোঁ৷ কণমানিটোৱে আপোনমনে কিছু সময় খেলিলে৷ কথা-বতৰাৰ পৰাই জানিলোঁ যে ডাঙৰ দুটাৰ এটাই দশম শ্ৰেণীৰ পৰীক্ষা দি ইয়াত থকা মাহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছে৷ আনটো তাৰ বন্ধু৷ ক্লাছ এইটত পঢ়ি আছে৷ সিহঁত তেজুত থাকে৷ তাত গৰম বেছি৷ ৰাস্তাৰ কাম চলি থকা হেতুকে হেনো ধূলিময় হৈ পৰিছে তেজু৷ সেয়েহে সময়, সুবিধা, সুযোগ মিলাই দুয়ো হাৱাইলৈ পোনাইছে৷ হাৱাইত গৰম একেবাৰে নাই৷ বুজিবলৈ অসুবিধা নহ'ল যে তেজুত আমি উষ্ণতা আৰু প্ৰদূষণৰ সন্মুখীন হ'ম৷ ইয়াত সেইবোৰৰ নাম-গোন্ধই নাই৷ ইতিমধ্যে বতাহৰ প্ৰকোপ চৰিছিল৷ নিয়ন লাইটবোৰ অত-তত এটা-দুটাকৈ জ্বলিবলৈ আৰম্ভ কৰিছিল৷ আন্ধাৰ হৈ অহাত অলপ পিছতে সিহঁতকেইটা গুচি গল৷ মই অকলশৰীয়া হলোঁ৷ হাৱাইৰ সেই বিৰল সন্ধিয়াটোৰ অপৰূপ ৰূপসম্ভাৰ অকলে অকলে ভালেপৰ চালোঁ৷ তাৰ পিছত ৰুমত সোমালোঁগৈ৷

সঞ্জু বিছনাতে আছিল৷ মূৰে-গায়ে কম্বল মেৰিয়াই ক'বই নোৱাৰে৷ ময়ো অকণমান জিৰাওঁ বুলি বাগৰিলোঁ৷ ক্ষন্তেক পিছতে দপকৈ কাৰেণ্টটো গ’ল৷ মমবাতি হাতত লৈ গণেশে দুৱাৰত টোকৰ মাৰিলেহি৷ তাচপাতৰ আড্ডাটো অৱশ্যে প্ৰথমে পোহৰাই আহিছিল৷ ব্যস্ততাৰে সেই কোঠালৈ সময়মতে খোৱা-বোৱাৰ যোগান ধৰি অহাটোও চকুত পৰিছিল৷ আনহাতে হাৱাইত ইলেকট্ৰিচিটিৰ সমস্যা দেখি আচৰিত হ'লোঁ৷ মম এডাল জ্বলাই লৈ ময়ে অৰুণদাহঁতৰ কোঠালৈ উঠি গ'লোঁ আৰু দৰজাত ঢকিয়ালোঁ৷ বিছনাত বহি কম্বলৰ উম লৈ ভ্ৰমণৰ পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে আলোচনা আৰম্ভ হ'ল৷ কিছুপৰৰ পিছত বিদ্যুৎ প্ৰৱাহ পুনৰ চালু হ'ল৷ অৰুণদাই লগত অনা 'দৈনিক জনমভূমি'ৰ দেওবৰীয়া পৰিপূৰিকা 'বসুন্ধৰা'খনত মায়’ডিয়াৰ বিষয়ে ওলোৱা কাৰোবাৰ লেখা এটা ডাঙৰ ডাঙৰকৈ পঢ়ি গ'ল৷ হুনলি, আনিনিৰ নামো ওলাল৷ মই নোটবুকত দৰকাৰী তথ্যখিনি লিখি গ'লোঁ৷ তেনেকুৱাতে সঞ্জুও হাজিৰ হ'ল৷

আলোচনা মৰ্মে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত হল যে হাৱাইৰ পৰা আমি যাম ৰ'য়িঙলৈ৷ কাইলৈ পুৱাতে ইয়াৰ পৰা ওলাই তেজু হৈ যাত্ৰা কৰা হব৷ বিয়লিবেলা পাই যাম৷ কিন্তু প্ৰশ্ন হ'ল, তাত থাকিম কত? ডিফুৰ হেমাঞ্জলিলৈ ফোন লগালোঁ৷ তাই প্ৰকৃতিপ্ৰেমী মানুহ৷ ৰ'য়িঙলৈ আগতে গৈছে৷ তাইৰ পৰা নম্বৰ লৈ তিনিচুকীয়াৰ পাৰ্থসাৰথিৰ সৈতে যোগাযোগ কৰিলোঁ৷ পাৰ্থসাৰথি টুৰিজিমৰ চাকৰিয়াল৷ তেওঁৰ জৰিয়তে ৰ'য়িঙৰ জিবি পলোক পাই গ'লোঁ৷ হাৱাইৰ পি.ডব্লিউ.ডি. আই.বি.ৰ কোঠাত বহি বহিয়েই ৰয়িঙত দেওপানী নৈৰ পাৰৰ মিছিমি হিল কেম্পত থকা-খোৱাৰ ব্যৱস্থা কৰি পেলালোঁ৷ হোটেলতকৈ প্ৰাকৃতিক পৰিৱেশ আৰু পৰম্পৰাগত ব্যৱস্থাপনাত থকাটো সদায়ে পছন্দ কৰা অৰুণদাৰ মুখত সন্তুষ্টিৰ হাঁহি চমকি উঠিল৷ এইটোও ঠিক হল যে ৰয়িঙত বেছ কেম্প কৰি আমি যাম মায়ডিয়া৷ মায়ডিয়া মায়ডিয়া বুলি দাদাই অনেক দিনৰ আগৰে পৰাই পগলা হৈ আছিল৷ সেইটো বাটতে আগলৈ অৱস্থিত হুনলি, আনিনিৰ কথাও চুপে-চাপে ভাবি থলোঁ৷ বগুৱা বাব পাৰিলে সময়ত দেখা যাব৷ তদুপৰি এইফালে শৱ-দিয়া শদিয়া লিষ্টত আছেই!

দৰজাত টোকৰ পৰিল৷ গণেশ আৰু দীপকে ডাইনিং টেবুলত আমাৰ বাবে নিশাৰ আহাৰ সজাইছে৷ খাই-বৈ বাহিৰখনত এপাক মাৰি শুবলৈ গলোঁ৷ সৰু কোঠাৰ খেলখন তেতিয়াও ননষ্টপ চলিয়েই আছিল৷


















পৰৱৰ্তী লেখা :
দিন ছয় ৷৷ দিনাংক ১৫.৪.২০১৫
১. সূৰ্যটোলৈ চাই এতিয়া আগতকৈ বেছি ভাল লাগে...

No comments:

Post a Comment