অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এই দেশ ত্যাগ কৰি
ব্ৰিটিছ গুচি গ’ল৷ জৱাহৰলাল নেহৰু স্বাধীন দেশৰ
প্ৰথমগৰাকী স্বাধীন প্ৰধান মন্ত্ৰী হ'ল৷ সাম্ৰাজ্যবাদী ব্ৰিটিছৰ মানচিত্ৰই দেখুওৱা
মেকমোহন লাইন নামৰ আঁকডালকে তেৱোঁ দেশৰ উত্তৰ, পূবৰ সীমা স্বৰূপে ল’লে৷ তাকে অনুসৰণ কৰি তেওঁ শাসনত
আগ বাঢ়িল৷ চীন আৰু ভাৰত দুয়োখন স্বাধীন ৰাষ্ট্ৰৰ বাবেই নেফা অৰ্থাৎ অৰুণাচলখন এক বিবাদমান
এলেকা হিচাপে তেতিয়াৰে পৰাই থাকি গ’ল৷ ফলপ্ৰসু আলোচনা নহ’লেই৷ চাহাবৰ শাসন চলক-নচলক, ব্ৰিটিছৰ আগমন ঘটিছিল,
ইংৰাজে ভৰি থৈছিল বুলিয়ে অৰুণাচলখন ভাৰতৰ বুলি কৈ অহা হ’ল৷ ভিত্তি বুলিবলৈ ঐতিহাসিক একো
সমল নাছিল৷ একেদৰে, মিং সাম্ৰাজ্যৰ আনুমানিক মেপৰ ভিত্তিত চীনেও সেই অঞ্চলটো নিজৰ বুলি
ধৰিলে৷ কোনেও কাকো স্বীকাৰ কৰিব নোৱাৰা এক দোমোজাৰ পৰিস্থিতিৰ সূত্ৰপাত হ’ল৷ অৱস্থা বেয়ালৈ যোৱাৰ কুচকাৱাজ
তেতিয়াই আৰম্ভ হৈ গ’ল৷
১৯৪৭চনত পৃথক ভাৰত আৰু পাকিস্তান গঠনৰ পিছত ১৯৪৯চনত
চীন প্ৰজাতন্ত্ৰ গঠন হৈছিল৷ ভাৰতে চীনৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ আঁচনি ল’লে৷ চীনৰ সৈতে পৌৰাণিক বন্ধুত্ব
পুনৰ ঘূৰাই অনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলে৷ সাৰ্বভৌম চীন ঘোষণা হোৱাৰ পিছত ৰাজকীয় স্বীকৃতি
প্ৰদানকাৰীসকলৰ ভিতৰত ভাৰতো অন্যতম আছিল৷ইফালে শাসনৰ জৰী হাতত লৈ চীনৰ ৰাজনীতিক মহলে
ঘোষণা কৰিলে যে চীনা সৈন্য বাহিনীয়ে অচিৰেই তিব্বত অধিকাৰ কৰিব৷ আকচাই চীনলৈ সেনা প্ৰেৰণ
কৰাৰ ক্ষেত্ৰত ভাৰততকৈ নৱগঠিত চীনৰ উৎসাহ আছিল অধিক৷ ভাৰতে এটা স্থিৰ ভাৰত-চীন সীমান্তৰ
বাবে প্ৰচেষ্টা হাতত ল’লে৷ বিষয়টোৰ সংক্রান্তত প্ৰতিবাদী-পত্ৰ
প্ৰেৰণ কৰিলে আৰু আলোচনাৰ প্ৰতি আহ্বান জনালে৷ ১৯৪৯চনৰ আগষ্ট মাহত চীনা পক্ষয়ো ভাৰতৰ
পদক্ষেপক সঁহাৰি জনালে৷
প্ৰসংগক্রমে, ১৯১৭চনৰ পৰা ১৯৩৩চনলৈ চীন চৰকাৰে
পিকিঙত প্ৰকাশ কৰা ‘প’ষ্টেল এটলাছ অফ চাইনা’ত জনছন লাইনৰ মতে কুন লুন পৰ্বতমালাৰে
গৈ সীমা দেখুওৱা হৈছে আকচাই চীনত৷ ১৯২৫চনত প্ৰকাশিত ‘পিকিং ইউনিভাৰ্চিটি এটলাচ’ত আকচাই চীন দেখুওৱা হৈছে ভাৰতত৷
১৯৪৭ত স্বাধীন ভাৰতৰ চৰকাৰে জনছন লাইনক ভিত্তি হিচাপে ব্যৱহাৰ কৰি নিৰ্ণয় কৰা চৰকাৰী
সীমাৰ ভিতৰত আকচাই চীনক নিজৰ ভূভাগৰ অন্তৰ্ভুক্ত কৰিলে৷ ভাৰতৰ মতে আকচাই চীন কাশ্মীৰৰ৷
চিমলা চুক্তিৰ আগৰ ১৯০৯চনৰ মেপে দেখুৱাই যে এয়া ভাৰতৰ উত্তৰ সীমা৷ চীনৰ মতে জিনজিয়াঙৰ
অংশ৷ চীনে ইয়াৰ মাজেৰে ৰাস্তা নিৰ্মাণ কৰি তিব্বতৰ সৈতে সংযোগ ৰক্ষা কৰি আহিছে৷ আকচাই
চীনক লৈ উভয় দেশৰ মাজত শীতল যুদ্ধ এখন নিৰৱচ্ছিন্নভাৱে চলি থাকিল৷
১৯৪৯চনত চীন কমিউনিষ্ট পাৰ্টীৰ ক্ষমতালৈ আহে৷ তিব্বতৰ প্ৰতি চীনৰ মনোভাব তেতিয়াও আগৰে দৰেই আছিল৷ ১৯৫০চনত চীনা সৈন্যই তিব্বতত প্ৰচণ্ড আক্রমণ চলায়৷ চামডোত হোৱা যুদ্ধত চীনা সৈন্য বাহিনী পিপুলচ লিবাৰেচন আৰ্মীয়ে তিব্বেতান আৰ্মীক পৰাস্ত কৰে৷ ১৯৫০চনৰ পৰা ভাৰতে সীমান্ত অঞ্চলত সক্রিয় পহৰাৰ ব্যৱস্থা কৰে৷ কোনো কোনো স্থানত হিমালয়ৰ উচ্চ শিখৰ মেকমোহন লাইনৰ উত্তৰত আছিল৷ লাইনডালৰ উদ্দেশ্য আছিল দুয়োখন দেশক পৃথিৱীৰ ওখ পৰ্বতমালাৰে পৃথক কৰি পেলোৱা৷ সেই স্থানসমূহত ভাৰতে ইয়াৰ ফৰৱাৰ্ড প’ষ্টসমূহ উত্তৰ দিশলৈ বঢ়াই দিলে৷ চিমলা চুক্তিৰ মতে থকা সীমাৰ বিপৰীতে অগ্ৰসৰৰ তেনে মনোভাব আৰু কাৰ্যকলাপে পিছলৈ চীনৰ ফালৰ পৰা দুৰ্ঘোৰ আপত্তি কঢ়িয়াই আনিলে৷
১৯৪৯চনত চীন কমিউনিষ্ট পাৰ্টীৰ ক্ষমতালৈ আহে৷ তিব্বতৰ প্ৰতি চীনৰ মনোভাব তেতিয়াও আগৰে দৰেই আছিল৷ ১৯৫০চনত চীনা সৈন্যই তিব্বতত প্ৰচণ্ড আক্রমণ চলায়৷ চামডোত হোৱা যুদ্ধত চীনা সৈন্য বাহিনী পিপুলচ লিবাৰেচন আৰ্মীয়ে তিব্বেতান আৰ্মীক পৰাস্ত কৰে৷ ১৯৫০চনৰ পৰা ভাৰতে সীমান্ত অঞ্চলত সক্রিয় পহৰাৰ ব্যৱস্থা কৰে৷ কোনো কোনো স্থানত হিমালয়ৰ উচ্চ শিখৰ মেকমোহন লাইনৰ উত্তৰত আছিল৷ লাইনডালৰ উদ্দেশ্য আছিল দুয়োখন দেশক পৃথিৱীৰ ওখ পৰ্বতমালাৰে পৃথক কৰি পেলোৱা৷ সেই স্থানসমূহত ভাৰতে ইয়াৰ ফৰৱাৰ্ড প’ষ্টসমূহ উত্তৰ দিশলৈ বঢ়াই দিলে৷ চিমলা চুক্তিৰ মতে থকা সীমাৰ বিপৰীতে অগ্ৰসৰৰ তেনে মনোভাব আৰু কাৰ্যকলাপে পিছলৈ চীনৰ ফালৰ পৰা দুৰ্ঘোৰ আপত্তি কঢ়িয়াই আনিলে৷
ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৫০চনত
ভাৰতীয় সংসদত দ্ব্যৰ্থহীনভাৱে উত্থাপন কৰিলে যে ভাৰতৰ মানচিত্ৰই দেখুৱাই যে মেকমোহন
লাইন ভাৰতৰ সীমা৷ গতিকে সেয়াই ভাৰতৰ সীমা৷ ভাৰতে সেই সীমাক ধৰি ৰাখিব৷ কাকো সেই সীমা
অতিক্রম কৰি আহিবলৈ দিয়া নহ’ব৷ বিষয়টোৰ সন্দৰ্ভত চীনে পিছে কোনো মন্তব্য নকৰিলে৷
দেশে স্বাধীনতা অৰ্জন কৰাৰ পিছত জৰীপ সংস্থাৰ লোক
ভাৰতৰ উত্তৰ সীমা বুলি বিবেচনা কৰা মেকমোহন লাইন পালেগৈ৷ জনশূন্য এলেকা দেখি কেইবা
কিল’মিটাৰ সিফাললৈ ঠেলি সীমান্তৰ
খুঁটি পুতি থৈ আহিল৷ চীনে কথাটো গম পোৱাৰ পিছত স্বাভাৱিকতেই সেয়া শুদ্ধ বুলি মানি নল’লে৷ ভাৰত চৰকাৰে ১৯৫১চনত ঠিৰাং
কৰিলে যে সীমান্তত নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে একো-একোটা চকী স্থাপন কৰা হওক৷ চীনত
তেতিয়া গৃহযুদ্ধ৷ ফৰৱাৰ্ড পলিচীৰ অন্তৰ্গত এটা ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰো জন্ম দিয়া
হ’ল ইণ্টেলিজেন্স বুৰ’ৰ অধীনত৷ মেকমোহন লাইনৰ উত্তৰৰ
সীমাত চেণ্ট্ৰী প’ষ্ট পাতি সীমা ৰক্ষা কৰিবলৈ কাঢ়া
নিৰ্দেশ দিয়া হ’ল বাহিনীটোক৷ ৫বছৰমানৰ ভিতৰতে
কামবোৰ হৈ উঠিল৷
ইফালে পূৰ্বতে ব্ৰিটিছে নিৰ্দিষ্ট কৰা মেকমোহন
লাইনডালক উদ্ভাৱন কালৰে পৰাই চীনে নীতিগতভাৱে মানি লোৱা নাছিল ঠিকেই৷ কিন্তু সীমা অতিক্রম
কৰি ভাৰতীয় এলেকা অধিগ্ৰহণ কৰাৰো কোনো লক্ষ্য বা আগ্ৰাসন দেশখনৰ নাছিল৷ তাৰ বিপৰীতে
ভাৰতে কিন্তু নিজৰ সুবিধামতে লাইনডাল চীনৰ ভিতৰলৈ ঠেলি নিব বিচাৰিছিল৷ সীমা ঠেলা-ঠেলিৰ
এই দীৰ্ঘদিনীয়া চৰিত্ৰটোৰ পৰা চীন এদিন নিশ্চিত হ’ল যে চুবুৰীয়া দেশখন দৰাচলতে সীমা সম্পৰ্কীয় কথা-বতৰাৰ
আশু-নিষ্পত্তিৰ দিশত মুঠেই আগ্ৰহী নহয়৷ ব্ৰিটিছৰাজৰ অনুৰূপ সম্প্ৰসাৰণবাদী মনোভাবহে
দিনে দিনে প্ৰকট হৈ গৈ আছে৷ তেওঁলোকৰ হিচাপত ৫৬,০০০বৰ্গ কিল’মিটাৰ চীনা এলেকা ভাৰতে বেদখল
কৰি লৈছে৷ ইফালে ভাৰতে ধাৰাবাহিকভাৱে সীমা ঠেলি থাকিল৷ একেথিৰে চাই থাকিল চীনে৷
১৯৫১চনৰ ভিতৰত চীনে আকচাই চীনলৈ বহুকেইটা চকী সম্প্ৰসাৰিত
কৰিলে৷ আনহাতে ভাৰত চৰকাৰে আকচাই চীনত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে পাকিস্তানী বাহিনীৰ হস্তগতৰ
পৰা লাডাখখন বচাবলৈ প্ৰতিৰোধী মিলিটেৰী কাৰ্যকলাপত মন দিবলগীয়া হ’ল৷ ১৯৫১ আৰু ১৯৫২চনৰ বিভিন্ন
সময়ত চীনা চৰকাৰে ভাৰত আৰু চীনৰ মাজত তিব্বতক লৈ কোনো সীমাবিবাদ নাই বুলি প্ৰকাশ কৰি
গ’ল৷
১৯৫১চনত তিব্বতৰ ওপৰত লাছাই চীনা আধিপত্য লাভ কৰে৷
চতুৰ্দশ ডালাই লামাৰ তিব্বতী বাহিনী চীনৰ হাতত সম্পূৰ্ণৰূপে পৰাভূত হয়৷ সেই সময়ত ভাৰতীয়
সৈন্য বাহিনীয়ে টাৱাঙত সশস্ত্ৰ নিয়ন্ত্ৰণ অক্ষুণ্ণ ৰাখি তিব্বতী প্ৰশাসকক বাহিৰ কৰি
দিছিল৷ মে’ মাহত চীনে ডালাই লামাৰ প্ৰশাসন
উচ্ছেদ কৰি দিয়ে৷ লগতে এখন চুক্তি কৰা হয়৷ সেই অনুসৰি সকলোবোৰ গুৰুত্বপূৰ্ণ বিষয় চীনৰ
হাতত সমৰ্পণ কৰিবলৈ তিব্বত বাধ্য হয়৷ ডালাই লামাই চীনৰ অধীনত কেৱল আভ্যন্তৰীণ প্ৰশাসনৰহে
দায়িত্ব লাভ কৰে৷ কঠোৰ পন্থাৰে নিয়ন্ত্ৰণ কৰিবলৈ চীনে তিব্বতত সন্ত্ৰাসৰ ৰাজত্ব চলাই
যায়৷ ১৯৫৮চনত তিব্বতৰ ওপৰত চীনৰ এই নিৰ্যাতন তুংগত উঠে৷ তিব্বতীৰ বিদ্ৰোহক চীন চৰকাৰে
অতি বৰ্বৰভাৱে দমন কৰিবলৈ লয় যদিও তেওঁলোকৰ স্বাধীনতাৰ আকাংক্ষাও অনিৰ্বাপিত হৈ ৰয়৷
১৯৫১চনৰ ছেপ্টেম্বৰ মাহত চানফ্ৰান্সিচকোত অনুষ্ঠিত
হৈছিল শান্তি সন্মিলন৷ তাত ভাৰতে জাপানৰ সৈতে ভাগ ল’বলৈ অস্বীকাৰ কৰিলে৷ ভাৰতৰ দৃষ্টিত চীন দেশহে এই
সন্মিলনত থকাটো দৰকাৰী আছিল৷ আনহাতে আন্তৰ্জাতিকভাৱে বিজতৰীয়া আখ্যা দি চীনক তালৈ নিমন্ত্ৰণ
জনোৱা হোৱা নাছিল৷ চীন বহুতো বিষয়ৰ পৰা একাষৰীয়া হোৱাৰ অৰ্থে পিছৰ বছৰবোৰত ভাৰতে আন্তৰ্জাতিক
বিষয়ত চীনা প্ৰতিনিধিত্বৰ হকেও প্ৰচেষ্টা চলাইছিল৷ ১৯৫০চনৰ আৰম্ভণিৰে পৰাই চীনক ৰাষ্ট্ৰসংঘত
অন্তৰ্ভুক্ত কৰোৱাৰ দিশত ভাৰতে মুখ্য ভূমিকা লৈ আহিছিল৷ ২,০০০বছৰীয়া বন্ধুত্বৰ ভেটিত
দুয়ো দেশৰ মাজত তেনেকুৱা এটা সুস্থ সম্পৰ্ক আৰু ৰাজনৈতিক বাতাবৰণ বিৰাজ কৰাত ভাৰতীয়
প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জৰিয়তে ১৯৫০চনত দেশত বহুলভাৱে প্ৰচাৰ হৈছিল এই শ্ল’গান… ‘হিন্দী-চীনী ভাই-ভাই’৷
পৰৱৰ্তী লেখা :
পৰৱৰ্তী লেখা :
২৩. ভুল বুজাবুজি, উত্তেজনাৰ আৰম্ভণি
No comments:
Post a Comment