অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
মেকমোহন লাইনৰ সৈতে মিল থকা প্ৰকৃত নিয়ন্ত্ৰণ
ৰেখাৰ ধাৰণাটো পোন প্ৰথমে চীনেই উদ্ভাৱন কৰিছিল৷ ভাৰতে ইয়াক বহু পলমকৈ, ১৯৯৩চনত
আইনসংগতভাৱে গ্ৰহণ কৰে৷ ইয়াৰ আগতে ১৯১৪, ১৯৫৯, ১৯৬০, ১৯৬২, ১৯৭২ আৰু ১৯৮৩চনতো
একেটা প্ৰসংগ বাৰে বাৰে উত্থাপিত হৈছিল৷ বিষয়টো তেতিয়াই ইংৰাজ অধিকৃত ভাৰত বা
স্বৰাজোত্তৰ ভাৰতে গুৰুত্ব সহকাৰে লোৱা হ’লে ১৯৬২ৰ যুদ্ধখন হয়তো নহ’লহেঁতেন৷ হয়তো আজি উত্তৰ-পূৰ্বাঞ্চলৰ
দৃশ্যপট বেলেগ হ'লহেঁতেন৷
১৯৬২ৰ যুদ্ধ সমাপ্ত হোৱাৰ পিছত ইণ্ডিয়ান আৰ্মীৰ
লেফটেনেণ্ট জেনেৰেল হেণ্ডাৰছন ব্ৰুকছ আৰু ব্ৰিগেডিয়াৰ পি. এছ. ভগতক ঘটনাসমূহ
অধ্যয়ন কৰি প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হয়৷ সেই প্ৰতিবেদন জনসাধাৰণৰ পৰা
আঁতৰাই গোপনে ৰখা হৈছিল৷ উক্ত যুদ্ধখনক গভীৰভাৱে অধ্যয়ন কৰা নেভিল মেক্সৱেলে
প্ৰতিবেদনৰ তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ মেক্সৱেলে সদৰি কৰা ব্ৰুকছ-ভগতৰ প্ৰতিবেদন
অনুযায়ী ১৯৬২ৰ ২১অক্টোবৰত সূচনা হোৱা মাহজোৰা যুঁজখনত ২,০০০ ভাৰতীয় সৈনিক মৰিছিল,
৪,০০০ৰো অধিক বন্দী হৈছিল৷ চীনৰ দুৰ্বাৰ গতিৰ আক্রমণ ৰোধিব নোৱাৰি ১৫,০০০ সৈন্য ঘৃণনীয়ভাৱে
পিছ হোঁহকিবলৈ বাধ্য হৈছিল৷ কৃষ্ণ মেননে সিদ্ধান্তবিলাক সাৱধানতাৰে আৰু
সুচিন্তিতভাৱে লোৱাত বিফল হৈছিল৷ মিলিটেৰীৰ জটিল বিষয়বোৰত পৰামৰ্শ দিবলৈ কুণ্ঠাবোধ
নকৰা ভোলানাথ মল্লিকে ভাবিছিল যে চীন নিশকতীয়া আৰু ভাৰতীয় কোঠবোৰক লৈ কোনো
প্ৰতিবাদ বা শক্তি প্ৰয়োগ নকৰে৷ সীমান্তত ৰণশিঙা বজাবলৈ চীনে চলোৱা বৃহৎ প্ৰস্তুতি
সম্পৰ্কে তেওঁৰ চোৰাংচোৱা মহল অন্ধকাৰতেই ৰ’ল৷ চীফ অফ দ্যা জেনেৰেল ষ্টাফ হৈ থকাৰ পিছত নেফাৰ
বাবে খৰধৰকৈ ৪ কৰ্পছ খুলি যুদ্ধৰ অভিজ্ঞতা নথকা সত্ত্বেও নিজেই কামাণ্ডাৰ হোৱা
ব্ৰিজমোহন কৌলে দেশখনৰ সামৰিক শক্তিয়ে ঢুকি নোপোৱা অসম্ভৱ লক্ষ্য কিছুমানৰ পিছ
খেদি থাকিল৷ যুদ্ধ-উন্মাদনাই শেষত সকলোৰে ক্ষতি সাধিলে৷ ফ’ৰৱাৰ্ড পলিচীৰ প্ৰতি চীনে প্ৰতিক্রিয়া প্ৰকাশ নকৰে
আৰু কৰিলেও বৰ বেছি এটা বা দুটা প’ষ্ট দখল কৰিব পাৰে বুলি বৈদেশিক সচিব এম. জে.
দেশায়ে মন্তব্য কৰিছিল৷ সামৰিক অভিযানৰ সঞ্চালক ডি. কে. পালিতে আকৌ ৪ ইনফেনট্ৰী ডিভিজনৰ
হেডকোৱাৰ্টাৰতে খোলাখুলিকৈ কৈ দিছিল বোলে চীন ভাৰতক আক্রমণ কৰিব পৰা অৱস্থাত নাই
আৰু সেয়ে কোনো প্ৰতিক্রিয়া নহয়৷ ব্ৰুকছ-ভগত কমিটিৰ মতে দুৰ্ঘটনাটোৰ গ্লানি সবাতোকৈ
বেছিকৈ সহিবলগীয়া হ’ল প্ৰধান মন্ত্ৰী নেহৰু
আৰু আৰ্মীৰ চীফ জেনেৰেল থাপাৰে৷ লাডাখত চীনে প্ৰতিফল দেখুৱাব বুলি থাপাৰে অৱশ্যে
কৈছিল৷ চীনে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছদিনাই তেওঁ ইস্তফা দিলে৷ ইফালে, নেহৰু, যাৰ
ফ’ৰৱাৰ্ড পলিচীয়ে দেশলৈ
বিপদ মাতিলে, ভুলৰ শাস্তি স্বৰূপে পৰাজয় কঢ়িয়ালে, সেই ফলাফলত তেওঁ ভাগি পৰিল আৰু
দুটা বছৰৰ পিছতে মৃত্যুক সাবটি ল’লে৷
সত্য সদায় তিতা৷ এইটো দিনৰ পোহৰৰ দৰে পৰিষ্কাৰ আৰু
পৰিষ্কাৰ পানীৰ দৰেই ফট্ফটীয়া যে ১৯৬২ত ভাৰতৰ পৰাজয় সৈনিকৰ সাহসৰ অভাৱৰ বাবে হোৱা
নাছিল৷ অদূৰদৰ্শী আৰু মেৰুদণ্ডহীন ৰাজনীতিকৰ বাবেহে হ’ল৷ দেশৰ সামৰিক বুৰঞ্জীত কাললৈ যি ক’লা দাগ ৰাখি গ’ল৷ বিশ্লেষকৰ মতে, তদানীন্তন গৃহ মন্ত্ৰী কৃষ্ণ
মেনন আৰু বাঁওপন্থীকে ধৰি ৰাজনৈতিক নেতাসকলৰ একাংশক কমিউনিষ্ট আদৰ্শৰ প্ৰতি ঢাল
খোৱা দেখা গৈছিল৷ আনকি ৰাছিয়ায়ো হেনো কিবা সপোন এটা দেখিছিল৷ প্ৰকাশ যে ভাৰতীয়
সেনা বাহিনীৰ লেফটেনেণ্ট জেনেৰেল এছ. পি. পি. থৰাতে সাৱধানতাসূচক এখন প্ৰতিবেদন আগতীয়াকৈ প্ৰস্তুত কৰিছিল৷
গৃহ মন্ত্ৰ্যালয়ত দেশৰ নেতৃবৃন্দক চীনৰ আক্রমণৰ বিষয়ে জনোৱা সেই প্ৰতিবেদন
তদানীন্তন ৰাজনৈতিক বেত্তাসকলে অৱজ্ঞা কৰে৷ সেই সাৱধান-বাণী সময়মতে বুজি উঠা হ’লে ইমান ডাঙৰ পৰাজয় আৰু ইমানখিনি প্ৰাণহানি হয়তো
ৰোধ কৰিব পৰা গ’লহেঁতেন৷ কিন্তু দেখা গ’ল, চাইনিজ পিপুলচ লিবাৰেছন আৰ্মীয়ে
ভাৰতীয় সৈন্যক বেহুত সুমুৱাই লৈ সুপৰিকল্পিতভাৱে কেইবাফালেৰে একেলগে আক্রমণ ৰচনা
কৰি পেলালে৷ ভাৰতে যাতে কোনো প্ৰতিক্রিয়া দেখুৱাব নোৱাৰে তাৰ বাবেই ২০অক্টোবৰত
লাডাখ, উত্তৰাখণ্ডৰ উত্তৰ দিশ আৰু নেফাত একে সময়তে আক্রমণ চলাই দিলে৷ আমাৰ বিয়াগোম
নেতাসকলে দিল্লীত বহি কামত নহা আঁচনি পাঙিয়েই সময় পাৰ কৰিলে৷
চীনৰ হাতত ভাৰতৰ লজ্জাজনক পৰাজয়ৰ কাৰণ হিচাপে
সামৰিক নেতৃত্বকো মানুহে দোষ নিদিয়াকৈ থকা নাই৷ পৰিস্থিতিক লৈ দীৰ্ঘ সময় অথলে
নিওৱা সেই সময়ৰ চীফ অফ দ্যা আৰ্মী ষ্টাফ আৰু চীফ অফ দ্যা জেনেৰেল ষ্টাফ উভয়কে
জগৰীয়া কৰা হৈছে৷ প্ৰাক-যুদ্ধকালীন প্ৰতিবেদনে কয় যে যুদ্ধ এখনৰ বাবে দৰকাৰ হোৱা
নিজৰ শক্তি-সামৰ্থ আৰু প্ৰস্তুতিৰ কথাখিনি জানিও ভাৰতেই চীনক জোকাই লৈছিল৷ টাইৱানৰ
দিশত মনোনিৱেশ কৰি থকাত চীনে এইফালে বিশেষ মন-কাণ দিব পৰা নাছিল যদিও নিৰাপত্তা
বিষয়ত থকা দুৰ্বলতাবোৰ যিমান পাৰি সোনকালে দূৰ কৰি পেলাইছিল৷ ভাৰতে
সেয়া গমেই পোৱা নাছিল৷ জৱাহৰলাল নেহৰুৱে কৰা বিৰক্তিকৰ আৰু উত্তেজনাপূৰ্ণ অভিযোগৰ
পিছতে মাও চে-তুঙৰ খঙৰ জুইকুৰা হঠাৎ ভমককৈ জ্বলি উঠিল৷ একেদৰে ১৯৫০চনৰ পৰা ১৯৬০চনৰ আগ
ভাগলৈকে নেহৰু এণ্ড কোম্পানীয়ে ‘হিন্দী-চীনী ভাই-ভাই’ ডায়লগেৰে চীনক ভীষণভাৱে বিশ্বাসত লৈ আহিছিল৷
সেইটোৱে ভাৰতক মূৰ্খত পৰিণত কৰোৱালে৷ তেনেকুৱা অতি-বিশ্বাসেই এদিন অভিশাপস্বৰূপ হৈ
পৰিল দেশখনৰ বাবে৷
কোৱা হয়, সেই সময়ত ভাৰতৰ বায়ু সেনাৰ শক্তি চীনতকৈ
উন্নত আছিল৷ হ’লেও শত্ৰুক আক্রমণৰ
উদ্দেশ্যে যুদ্ধখনত ইণ্ডিয়ান এয়াৰ ফ’ৰ্চক ব্যৱহাৰ কৰা হোৱা নাছিল৷ খাদ্য যোগানতে
সীমাবদ্ধ ৰখা হৈছিল তেওঁলোকৰ সেৱা৷ ইফালে চীনৰ বিপক্ষে যুদ্ধ দিবলৈ ইণ্ডিয়ান
আৰ্মীৰ প্ৰস্তুতি মুঠেই সন্তোষজনক নাছিল৷ আৰ্মীৰ শক্তি বৃদ্ধিৰ অৰ্থে প্ৰয়োজনীয়
খাদ্য, সৈন্য, অস্ত্ৰ যোগান সকলো দিশতে অভাৱ পৰিলক্ষিত হৈছিল৷ স্থলাভিষিক্তকৰণৰ
পদ্ধতিও আছিল দুৰ্বল৷ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ উপৰি যথোচিত কৌশল ৰচনাৰ অভাৱ,
যিয়ে যুঁজাৰুসকলক পৰাজিত হোৱাৰ আগতেই মানসিকভাৱে পৰাভূত কৰি পেলাইছিল৷ দবা খেলৰ
গুটিৰ দৰে তেওঁলোকক আগ বঢ়াই দিয়া হৈছিল মৰণৰ খেলখনলৈ৷ দেশবাসীৰ হৃদয় ব্যথিত হৈছিল
এনে শোচনীয় পৰাজয় আৰু শাসক-ৰক্ষকৰ কাৰবাৰ দেখি৷ দেশৰ ৰাজনৈতিক নেতৃত্ব দুৰ্বল আৰু
বিচক্ষণতাযে কম সেয়া স্পষ্ট হৈ পৰিছিল৷ জৱাহৰলাল নেহৰু কৃষ্ণ মেননৰ ওপৰত হিচাপতকৈ
যেন অলপমান বেছি নিৰ্ভৰশীল আছিল!
সীমা সমস্যাক লৈ উদ্ভৱ হ’ব পৰা সংঘৰ্ষ এৰাই চলাৰ লগতে বিবাদমান বিষয়টোৰ শান্তিপূৰ্ণ নিষ্পত্তি বিচাৰি চীনা বাহিনীয়ে নিজৰ সৰলতাৰ প্ৰকাশ দেখুৱালে৷ বিপৰীতে, ভাৰত ৰাষ্ট্ৰৰ কেইজনমান নেতৃস্থানীয় মুৰব্বীৰ আঁকোৰ-গোঁজালিৰ বাবে অনাহকতে দেশখনে বেয়াকৈ মুখ-ঠেকেচা খালে৷ বন্ধুত্বপূৰ্ণভাৱে উভয় দেশৰ প্ৰধান মন্ত্ৰী দুজনাৰ মাজত আলোচনা সভা অনুষ্ঠিত কৰাৰ দিশত চীনে পিছলৈকো আগ্ৰহ প্ৰকাশ কৰি আছিল৷ ৮ডিচেম্বৰত চীনে চৌ এন-লায় স্বাক্ষৰিত ৩দফীয়া যুদ্ধবিৰতি সূত্ৰ ভাৰতলৈ প্ৰেৰণ কৰে আৰু ভাৰতে গ্ৰহণ কৰে৷ ৬খন গোষ্ঠী-নিৰপেক্ষ দেশ ক্ৰমে ইজিপ্ত, বাৰ্মা, কম্বোডিয়া, শ্ৰীলংকা, ঘানা আৰু ইণ্ডোনেছিয়াই কলম্বোত চীনৰ প্ৰস্তাৱ সম্পৰ্কে আগ বঢ়োৱা যুক্তিও ১৯৬২চনৰ ১০ডিচেম্বৰত ভাৰত চৰকাৰে মানি ল’লে৷ তাৰ আগতে যেন শেষেই নহ'ল পাৰস্পৰিক ইগ' প্ৰব্লেম!
সীমা বিবাদৰ এই ঐতিহাসিক সত্যই পৰিষ্কাৰভাৱে উদঙাই
দিলে ভাৰতবৰ্ষৰ স্বৰূপ৷ চীনে আগ বঢ়োৱা শান্তিপূৰ্ণ প্ৰক্রিয়াক আদৰি লোৱাৰ পৰিৱৰ্তে
ভুল স্থিতি এটাত খামোচ মাৰি ধৰি থাকি একমাত্ৰ ভাৰত চৰকাৰে সৃষ্টি কৰা এটা সমস্যা
এয়া৷ বহুতে ক'বৰ দৰে, সৈন্যৰ দুঃসাহসৰ জৰিয়তে কৰিব বিচৰা এটা অপৰিকল্পিত ৰণযাত্ৰা৷
মাও চে-তুং আৰু চৌ এন-লায়ৰ বিচাৰতো এয়া চীনৰ আগ্ৰাসন নহয়৷ ভাৰতৰ বিশ্বাসঘাতকতাও
নহয়৷ চীনো-ইণ্ডিয়া ৱাৰ বুলিও তেওঁলোকে ক'ব নিবিচাৰে৷ ক'ব বিচাৰে যে ভাৰতক বিভাজন
ঘটোৱা, উন্নয়নশীল দেশখনৰ নেতা জৱাহৰলাল নেহৰুৰ নেতৃত্ব সম্পূৰ্ণকৈ প্ৰতিষ্ঠা
কৰিবলৈ যোৱাৰে ফল এয়া৷ সমস্ত কাণ্ডটোৰ বাবে নেহৰুৰ ফৰৱাৰ্ড পলিচীক
বহুতে সমালোচনা কৰিলে৷ বহুতে আঙুলি টোঁৱালে কৃষ্ণ মেননলৈ৷ এচামে
জেনেৰেল কৌল, জেনেৰেল সেন আৰু ব্ৰিগেডিয়াৰ পালিতক দোষাৰোপ কৰিলে৷ আন এচামে
দোষী সাব্যস্ত কৰিলে নেহৰু, মল্লিক আৰু কৌলক৷ দেশজুৰি ককৰ্থনাৰ সন্মুখীন হ'ল
শীৰ্ষ ৰাজনীতিক আৰু শীৰ্ষ মিলিটেৰী বিষয়া৷
সি যি কি নহওক, ৫৩টা বছৰ অতীত হৈ গ’ল৷ ভাৰত আৰু চীন উভয়ৰে আভ্যন্তৰীণ আৰু আন্তৰ্জাতিক
পৰিপাৰ্শ্বলৈ সময় বাগৰাৰ লগে লগে নানান ঘটনা ঘটিছে আৰু কেতবোৰ নাটকীয় পৰিৱৰ্তনো
নামি আহিছে৷ ইতিহাসৰ ভিত্তিতে চীনে ইয়াৰ চৌদিশৰ প্ৰতিৱেশীৰ সৈতে শান্তিপূৰ্ণ
আলাপ-আলোচনাৰ জৰিয়তে সীমা সংক্রান্তীয় প্ৰায়বিলাক প্ৰশ্নৰ সমাধান কৰি গৈছে৷
১৯৬৫চনৰ ৩০নৱেম্বৰত চীনা সৈন্যৰ দল উত্তৰ ছিক্কিম আৰু নেফাত অনুমতিবিহীনভাৱে
প্ৰৱেশ কৰে৷ ১৯৭৫চনৰ এপ্ৰিল মাহত ছিক্কিমৰ ভাৰতবৰ্ষৰ সৈতে চামিলকৰণক লৈও চীনে ঘোৰ
বিৰোধিতা কৰিছিল৷ সীমাৰ বিষয়ত উভয় দেশৰ চৰকাৰে কেইবা লানি বৈঠকৰ পিছত ১৯৮১চনত
পাৰস্পৰিক বুজাবুজি, সহাৱস্থানৰ ক্ষেত্ৰত এটা ঐক্যমতত উপনীত হয়৷ ১৯৯৫চনৰ এপ্ৰিলত
পূব খণ্ডৰ চুমদৰং চু ভেলীৰ পৰা সৈন্য অপসাৰণ কৰিবলৈ দুয়ো দেশ মান্তি হয়৷ আনহাতে
ভাৰতে চলোৱা পাৰমাণৱিক পৰীক্ষাৰ চীনে ১৯৯৮ৰ ১৪মে' তাৰিখে বিৰোধিতা
কৰিছিল৷ লাডাখ এলেকাটো চোৱা-চিতাৰ বাবে গঠন কৰা, লেহত কেন্দ্ৰীভূত ইণ্ডিয়ান
আৰ্মীৰ নতুন গোট ১৪ কৰ্পছৰ গঠনৰো চীনে ১৯৯৯চনৰ
২২ছেপ্টেম্বৰত বিৰোধিতা কৰে৷ ভাৰত-চীন সম্বন্ধৰ উন্নয়নৰ অৰ্থে সেইটো বৰ্ষৰে
২৮ছেপ্টেম্বৰত চীনে নতুন দিল্লীক সাৱধান কৰিও দিয়ে যাতে ভাৰতৰ মাটিৰ পৰা
তিব্বতী ধৰ্মগুৰু ডালাই লামাই কোনো ধৰণৰ বিচ্ছিন্নতাবাদী কাৰ্যকলাপ নচলায়৷
চীনত অন্তৰ্ভুক্ত হোৱাৰ আগতে তিব্বত এখন স্বাধীন ৰাষ্ট্ৰ আছিল৷ দীৰ্ঘদিনীয়া চীনা আধিপত্যবাদৰ ফলশ্ৰুতিত ১৯৬৫চনত তিব্বতক চীন দেশৰ এক স্বায়ত্তশাসিত অঞ্চল বুলি চীনে ঘোষণা কৰিলে৷ লোকতান্ত্ৰিক চীনৰ অন্তৰ্ভুক্ত যদিও তিব্বত এখন স্বায়ত্তশাসিত প্ৰদেশ৷ দেশখনৰ সাৰ্বভৌম প্ৰশাসনীয় ক্ষমতাৰ বিপৰীতে তেতিয়াৰে পৰা ইয়াত গঢ় লৈ উঠিল তিব্বতী ৰাইজৰ মুক্তি সংগ্ৰাম৷ জাতীয় মুক্তিৰ আকাংক্ষাৰে চতুৰ্দশ ডালাই লামাৰ নেতৃত্বত তিব্বতীসকল পুনৰ ঐক্যবদ্ধ হ'ল নতুন পৰ্যায়ৰ আন্দোলন আগ বঢ়াই নিয়াৰ সংকল্প লৈ৷ আজিও মাজে-মধ্যে তিব্বতী কণ্ঠৰ আৱাজ জোৰদাৰ সুৰেৰে নুঠাকৈ থকা নাই৷
আনহাতে আমাৰ দেশৰ উত্তৰ-পূবৰ পূব অংশলৈ চালে
স্পষ্টকৈ দেখা যায় যে শাসনৰ সুবিধাৰ্থে ব্ৰিটিছে একালত ইয়াত ৰাজনৈতিক বিষয়া নিয়োগ
কৰিছিল৷ সূৰ্য উঠা সেই ভূখণ্ডটিক বোলা হৈছিল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট৷
১৯৪৭চনত ভাৰতে স্বাধীনতা লাভ কৰাত ই বৰ-অসমৰ অংগ হ’ল৷ সাংবিধানিক সংশোধনী আৰু ৰাজনৈতিক সালসলনিৰ পিছত
১৯৫১চনত এই ভূখণ্ডই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি, চমুকৈ ‘নেফা’ নাম ল’লে৷ আৰু পিছলৈ ১৯৭২চনত ইয়ে ‘অৰুণাচল প্ৰদেশ’ নামে কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যাদা লাভ
কৰে৷ ১৯৮৭চনত পূৰ্ণাংগ ৰাজ্য হিচাপে পৰিচিত হয়৷
১৯৬২চনৰ চীন-ভাৰতৰ স্মৰণীয় যুদ্ধখন অৰুণাচল ৰাজ্যৰ
এই এলেকাসমূহতে সংঘটিত হৈছিল, আমি য'ত বৰ্তমান মজুত আছোঁ৷ যুদ্ধৰ ৫০বছৰীয়া
জয়ন্তীত ভাৰতৰ মূৰ্খালি আৰু পৰাজয়ক লৈ যথেষ্ট চৰ্চা হৈ গৈছে৷ যুদ্ধখনত বিজয়ী হৈ
চীনে লাভ কৰা আকচাই চীনৰ ওপৰত নিজৰ প্ৰভুত্ব এতিয়াও ধৰি ৰাখিবলৈ সক্ষম হৈছে৷
আনহাতে সেই ৰণত ভাৰতক পৰাস্ত কৰাৰ পিছতো অৰুণাচল প্ৰদেশৰ সীমান্তত মেকমোহন
লাইনলৈকে চীন পিছুৱাই গৈছে৷ বৰ্তমান লাইন অফ একচুৱেল কণ্ট্ৰল আৰু মেকমোহন লাইন
এইছোৱাত প্ৰায় সমান৷ যুদ্ধখনে পূৰ্বৰ শ্ল’গান ‘হিন্দী-চীনী ভাই-ভাই’ক থানবান কৰি আতংক আৰু অন্তৰভগা বিলাপৰ সৃষ্টি কৰি
গ’ল৷ অবিশ্বাস আৰু
সমন্বয়হীনতাৰ উদ্ৰেক ঘটালে৷ আজি সেই সম্পৰ্ক হয়তো কিছু ঊন্নত হৈছে, যদিও অবিশ্বাস
আৰু ভুল ধাৰণাৰ অৱশিষ্ট যেন এতিয়াও বৰ্তি আছে!
১৯৬৩ত সম্পাদিত চীনো-পাক সীমান্ত চুক্তিয়ে দিয়া
আকচাই চীনৰ ওপৰত দখলীস্বত্বই জটিলতাৰ সৃষ্টি কৰিয়ে আছে৷ পাকিস্তানে লাডাখ আৰু
উত্তৰ কাশ্মীৰৰ অংশবিশেষ চীনক সমৰ্পণ কৰি তাৰ পৰিৱৰ্তে প্ৰায় ১,৯৪২বৰ্গকিল’মিটাৰ ভূমি নিজৰ বুলি দাবী তুলিছে৷ সেই চুক্তিত
ভাৰত আৰু পাকিস্তানে কাশ্মীৰ প্ৰসংগকলৈ উপনীত হোৱা সিদ্ধান্তৰ এটা দফাও
অন্তৰ্ভুক্ত হৈছে৷ নিৰূপিত সীমান্তক লৈ পুনৰ আলোচনাৰ বাট মুকলি কৰা হৈছে৷ এইটোৱে
যথেষ্ট বিতৰ্কৰো সূচনা কৰিছে কিয়নো পাকিস্তান দিনে দিনে চীনৰ ওচৰ চাপি যোৱা আৰু
আমেৰিকাৰ পৰা আঁতৰ হৈ পৰাত শীতল যুদ্ধৰ সম্ভাৱনাই দেখা দিছে৷
১৯৯৩ আৰু ১৯৯৬চনত চীন আৰু ভাৰতে সীমাৰ প্ৰশ্নত
দুখন দৰকাৰী চুক্তি কৰে৷ ১৯৯৩চনত উভয়ৰে মাজত স্বাক্ষৰিত উক্ত চুক্তিত এল.এ.চি.
অৰ্থাৎ ‘লাইন অফ একচুৱেল কণ্ট্ৰল’ নামটোৱে মান্যতা পায়৷ এই চুক্তি দুখনৰ এখন
হৈছে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি আৰু সুস্থিৰতা বজাই ৰখাক লৈ, আনখন এই
সীমাৰেখাৰ প্ৰতি আস্থা বৃদ্ধি কৰাক লৈ৷ ইয়াৰে প্ৰথমখন চীনা প্ৰধান চৌ এন-লায়ে
১৯৫৯চনৰ ৭নৱেম্বৰ তাৰিখে ভাৰতৰ প্ৰধান মন্ত্ৰী নেহৰুলৈ লিখা চিঠিত উল্লেখ কৰা
কথাৰে একে৷ ১৯৯৬চনৰ চুক্তিত স্পষ্ট কৰা হ’ল যে এই ৰেখা চেৰাই কোনোখন দেশেই অতিক্রম কৰাৰ
প্ৰচেষ্টা বা আগ্ৰাসী কাৰ্যকলাপ চলাব নোৱাৰিব৷
২০০৩ত ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তি মৰ্মে ভাৰতে
তিব্বতক চীনৰ অন্তৱৰ্তী স্বায়ত্তশাসিত অঞ্চলৰ মৰ্যাদা দিয়াৰ বিপৰীতে চীনে ছিক্কিমক
ভাৰতীয় ৰাজ্য হিচাপে মান্যতা দিছে৷ উক্ত চুক্তিৰ পিছত দুয়োখন দেশৰ মাজৰ তিক্ততা
শাম কাটিবলৈ লৈছে৷ চীনৰ সৈতে বহিঃবাণিজ্যৰ লক্ষ্যৰে ২০০৬ত ছিক্কিমৰ নাথু-লাৰ পথ
মুকলি কৰা হৈছে৷ অৰ্থনৈতিক সুসম্পৰ্ক গাঢ় কৰিব বিচৰা হৈছে৷ অনাগত দিনত ৰাজনৈতিক
আলোচনা-বিলোচনাই অধিক গতিশীলতা লাভ কৰিব বুলিও আশা কৰা হৈছে৷
ইয়াৰ পিছতো ভাৰত চৰকাৰৰ অভিযোগ আছিল যে চীনা
সৈন্যই এলেকাটোত শতাধিকবাৰ বেআইনীভাৱে প্ৰৱেশৰ চেষ্টা চলাই আহিছে৷ ২০১৩চনত দৌলত
বেগ অল্ডি (ডি.অ'.বি.)ৰ ৩০কিল’মিটাৰ
দক্ষিণ-পূবে ভাৰত আৰু চীনৰ ৩সপ্তাহজোৰা সৈন্য স্থানান্তৰ প্ৰক্রিয়া সমাধা হয়৷ চীনা
আৰু ভাৰতীয় বাহিনীৰ মাজত গৃহীত চুক্তি মৰ্মে শ্বুমাৰৰ দক্ষিণ দিশত ২৫০কিল’মিটাৰ পৰ্যন্ত মিলিটেৰী নিৰ্মাণসমূহ ধ্বংস কৰি
পেলোৱা হয়৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ দুপাৰে পহৰাৰ নামত যাতে কোনেও যুদ্ধসদৃশ অৱস্থা
বা সংঘাতৰ সৃষ্টি নকৰে তাত একমত প্ৰকাশ কৰি ২০১৩চনৰ অক্টোবৰ মাহত ভাৰত আৰু চীনে
সীমান্ত নিৰাপত্তা সমন্বয় চুক্তিত চহী কৰে৷ সীমান্ত সমস্যাক লৈ দুয়ো দেশৰ মাজত
ইতিমধ্যে বহুলানি আলোচনাই অনুষ্ঠিত হৈছে৷ পূৰ্বতকৈ সুহৃদতা আৰু গতি লাভ কৰিছে এই
আলোচনাসমূহে৷
ইফালে অৰুণাচল এলেকা ভাৰতৰ নহয় বুলি দৰ্শাই চীনে অৰুণাচল প্ৰদেশক ৱৰ্ল্ড বেংক আৰু এচিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা সাহায্য দিয়াটো বন্ধ কৰি থৈছিল৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইয়াকে লৈ যথেষ্ট তৰ্ক-বিতৰ্ক, মনোমালিন্যও হৈছে৷ সদ্যহতে দুয়ো দেশে বাস্তৱসন্মত পদক্ষেপ কিছুমান লৈছে৷ ভূ-ৰাজনৈতিক দিশত ভাৰত আৰু চীনে কেতবোৰ অতুলনীয় সম্পৰ্কও গঢ়ি তুলিছে৷ আঞ্চলিক স্থিৰতা বৰ্তাই ৰখাৰ পক্ষে সহমত প্ৰকাশ কৰিছে৷ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী এ. কে. এণ্টনীয়ে দৃঢ়তাৰে প্ৰকাশ কৰিছে যে চীন-ভাৰতৰ সীমা আলোচনাই চূড়ান্ত পৰ্যায় পাইছেগৈ৷ একেদৰে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ হং লেয়ে ব্যক্ত কৰিছে যে আলোচনাৰ মাধ্যমেৰে উভয় দেশৰ সীমা সম্পৰ্কে থকা সমস্যা নিষ্পত্তিৰ বাবে দুয়োখন দেশ আগ্ৰহী৷ তাৰ বাবে উভয় দেশে শান্তি আৰু স্থিৰতা বৰ্তাই ৰাখিব৷ এয়া নিশ্চয় শুভবাৰ্তা বুলি আমি ধৰিব পাৰোঁ৷
বৰ্তমান বিশ্ব ৰাজনীতিত এলেকা দাবীৰ হকে সামৰিক কাৰ্যকলাপ চলোৱাৰ পৰিৱেশ নাই৷ চীন আৰু ভাৰতে বিবাদমান সীমাৰেখাক লৈ যুদ্ধ কৰাৰ পক্ষপাতী নহয় বুলিও নিশ্চিত কৰিছে৷ উচ্চস্তৰীয় মহলৰ মাজত চলা শান্তিপূৰ্বক আলোচনা প্ৰক্রিয়াৰ মাধ্যমেৰে দুয়ো দেশে বিষয়টো আগ বঢ়াটো বিচাৰে৷ শান্তিৰ উত্থানেহে অঞ্চলবোৰলৈ উন্নয়ন আনিব বুলি বিশ্বাস কৰা হৈছে৷ ভাৰতে ৫টা দশক অতিক্রম কৰি যোৱা সেই যুদ্ধখনৰ পিছত চীনৰ গতিবিধি লক্ষ্য ৰাখি অৱশ্যে সাৱধানতাও অৱলম্বন নকৰা নহয়৷ চীনেও সৈন্যশক্তি ঢিলাই দিয়া নাই৷ চীনৰ এলেকাত অনুষ্ঠিত ব'ৰ্ডাৰ পাৰ্ছনেল মিটিঙত উপস্থিত থকা এইখন অসমৰে ব্যক্তিয়ে পি.এল.এ.ৰ সামৰিক শক্তি দেখি তবধ মানি আহিছে৷
ভূ-ৰাজনৈতিক খণ্ডৰ যিকোনো অমীমাংসিত সীমা প্ৰসংগই অঞ্চলটোলৈ অস্থিৰতা কঢ়িয়াই আনিব পাৰে৷ তাক নুই কৰিব নোৱাৰি৷ উভয় দেশে যিহেতু অৰ্থনৈতিক উন্নয়নৰ শীৰ্ষত আৰোহণ কৰিছেগৈ গতিকে এতিয়া কোনো ধৰণৰ সংঘৰ্ষত লিপ্ত হোৱাটোত কোনো আগ্ৰহীও নহয়৷ দেশ দুখনে এতিয়া উপনীত হোৱা সম্পৰ্কলৈ চাই সীমা সমস্যাটোৱে কেতিয়া ১০০শতাংশ সমাধানৰ মুখ দেখিব সেইটো ক’ব নোৱাৰিলেও সৌহাৰ্দপূৰ্ণ সম্পৰ্কই যুদ্ধ-বিগ্ৰহৰ পৰাযে দুয়োখন দেশকে আঁতৰাই ৰাখি উন্নতিৰ পথত গতি কৰাব সেয়া নিশ্চিত৷
শেহতীয়াভাৱে, পি.এল.এ. দিৱস উপলক্ষে যোৱা ১আগষ্ট ২০১৫ত ভাৰত-চীনৰ সেনা বাহিনীৰ প্ৰতিনিধিয়ে লাডাখত বৈঠকত মিলিত হৈছে৷ সীমান্ত সহযোগিতা চুক্তিক বিশেষ মাত্ৰা দি পিপুলচ লিবাৰেছন আৰ্মীয়ে কৰ্ণেল বি. এছ. উপ্পলৰ নেতৃত্বত যোৱা ভাৰতীয় সেনাৰ প্ৰতিনিধি দলক লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ দৌলত বেগ অল্ডিত আদৰণি জনায়৷ চীনা দলটোক নেতৃত্ব দিয়ে কৰ্ণেল ছং ঝুয়ানলিয়ে৷ মুক্ত পৰিৱেশত দুয়ো দেশৰ সেনাৰ মুখামুখি বৈঠকত সীমান্তত সম্পূৰ্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰা হয়৷ একালত যুযুধান দুই বাহিনীয়ে আজি সীমান্তত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এনেকৈয়ে যোগাত্মক ভূমিকা লোৱা পৰিলক্ষিত গৈছে৷
No comments:
Post a Comment