Saturday, 15 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
৩. ডং মালভূমিত উপস্থিত হৈ



ৱালং আই.বি.ৰ পৰা পুৱাতে ওলাই পাহাৰ বগাই আমি ডং মালভূমিত থিয় হ’লোঁগৈ৷ বিহুৰ বতৰ৷ কেইবাহাজাৰ ফুট তলত লোহিতখন এৰি, চিৰসেউজ বনাঞ্চলৰ মাজে মাজে লক্ষ্যস্থান অভিমুখে ট্ৰেকিং কৰোঁতে ম’বাইলত বিহুগীতেই বাজি আছিল অহৰহ৷ কৈ বুজাব নোৱাৰা ধৰণৰ এটা পৰিৱেশ৷ অনুভৱো কলমেৰে লিখি বুজাব নোৱাৰা বিধৰ৷

মানুহ যোৱাটোৱেই য’লৈ কঠিনসাধ্য, আচৰিত পালোঁ যে ডঙৰ সেই উচ্চ অৱস্থানতো আমি ট্ৰেকত গৰুৰ খোজ কিছুমান প্ৰত্যক্ষ কৰিলোঁ! এই গৰুবোৰ নিশ্চয় তলৰ গাঁওখনৰ বাসিন্দাসকলৰে হ'ব৷ চৰি থকা অৱস্থাত জন্তু হ'লে এটাও নেদেখিলোঁ৷ গাওঁখন পাৰ হৈ যাওঁতেও ক'তো এটাও দেখি অহা নাই৷ স্বাভাৱিকতে কথাটো কিবা ভৌতিক যেনেই লাগি গ'ল৷

৭.৪৫বজাত আমি গন্তব্যস্থল পালোঁগৈ৷ অনেক দিনৰ জল্পনা-কল্পনাৰ অন্ত তেতিয়াহে পৰিল৷ দেখিলোঁ, মালভূমিটোত অনেকটা বাংকাৰ৷ যেনি-তেনি সিঁচৰতি হৈ থকা বাংকাৰবোৰ নিৰীক্ষণ কৰি ফুৰোঁতে কিতাপত পোৱা পুৰণি কথা এটা মনত পৰি গ’ল৷ ১৯৬২ত চীন-ভাৰতৰ যুদ্ধৰ সময়ত চীনা সৈন্যই অৰুণাচলৰ কামেং সীমান্তৰ নামখা চু নদীৰ সিপাৰে ভাৰতীয় সৈনিকে কুঠাৰেৰে গছ কটা আৰু ট্ৰেন্স খান্দি থকা চাই আছিল৷ তেওঁলোকৰ ফালেও চলিছিল একেই কাম৷ পাৰ্থক্য মাথো, চীনা সৈন্যৰ কামবোৰ মেকানিকেল পদ্ধতিৰে কৰা হৈছিল, ভাৰতৰ ফালে হাতেৰে৷ আমি ইয়াত এতিয়া দেখা পোৱা ট্ৰেন্সবিলাক দীৰ্ঘদিন ধৰি অব্যৱহৃত অৱস্থাত আছে৷ পাইনৰ পাতে ওপৰখনত দ'ম বান্ধিছে৷ মাটিখিনি বাগৰি আহিব নোৱাৰাকৈ দুফালৰ পৰা টিনপাতেৰে ভেটি ৰখা হৈছে৷ সেনাৰ তত্ত্বাৱধানত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চাফা কৰি থকা হয় চাগৈ৷ কিছুমান পৰিষ্কাৰ ৰূপত দেখিলোঁ৷ সঞ্জুৱে তাৰে এটাত নামি সোমাই চালে৷ সেইবোৰ দেখি ফট কৰে মনত ভাহিল আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা দিনৰ এখন ছবি৷ গড়কাপ্তানি আবাসস্থলীত থকা বিভাগটোৰ অধীক্ষক অভিযন্তাৰ বাংলোত খন্দোৱা হৈছিল এল. পেটাৰ্ণৰ ট্ৰেন্স এটা৷ টিনপাতেৰে ওপৰখন ঢাকি ৰখা হৈছিল৷ বিশাল চৌহদটো আমাৰ শৈশৱকালীন খেলা-ধূলাৰ অন্যতম ঘাটি আছিল৷ মাটিৰ খটখটীৰে নামি প্ৰায়েই ট্ৰেন্সত সোমাইছিলোঁগৈ৷ খুব সম্ভৱ ভাৰত-পাকিস্তানৰ মাজৰ ১৯৭১চনৰ ১৩দিনীয়া সংঘাতময় সময় আছিল সেইটো, যাক ইতিহাসৰ সবাতোকৈ হ্ৰস্বম্যাদী যুঁজ বুলি অভিহিত কৰা হৈছিল৷

ডাঠ সোণোৱালী ঘাঁহনি, সেউজীয়া আৰু ছাইৰঙী ঢেঁকীয়াজাতীয় গছ, বগা বৰণৰ ফুল ফুলি থকা এজাতি নাম নজনা সৰু উদ্ভিদ, ঘন গুলপীয়া ৰঙৰ ফুল ফুলা অন্য এবিধ অনামী উদ্ভিদ লক্ষ্য কৰিছোঁ সমগ্ৰ গতিপথছোৱাত৷ তাৰ বাহিৰে কেৱল ওখ ওখ ন-পুৰণি পাইন গছ৷ কিছুমান গছ থিয়ৈ থিয়ৈ পুৰি যোৱা অৱস্থাত পাইছোঁ৷ দুই-এডালত কুঠাৰৰ ঘাপ৷ কিছুমান ইফালে-সিফালে বাগৰিও পৰি আছে৷ পাহাৰৰ এঢলীয়াত যেনিয়ে-তেনিয়ে গজি পাইন গছবোৰে অপৰূপ সৌন্দৰ্য বিস্তাৰ কৰিছে৷ এইবোৰ আপোনা-আপুনি গজাহে৷ বন বিভাগৰ চৰকাৰী আঁচনিৰ অন্তৰ্গত বনানীকৰণ নহয়৷ তাৰ মাজেদিয়ে মাজে মাজে বৰফশীতল বতাহ একোছাটি বৈ আহি গাত খুন্দিয়াইছে৷ সৰলৰ পাতবোৰ লৰিচৰি ভৌতিক হো-হোৱনি এটাৰ সৃষ্টি হৈছে৷ বিপৰীতে অৱস্থিত চূড়াকেইটাৰ ওপৰত জমা হৈ আছে লানি লানি বৰফ৷ ডাৱৰ আৰু বৰফৰ যেন লুকা-ভাকু খেল! ডাৱৰবোৰ বিয়পি পৰি হঠাতে ওপৰৰ পৰা তললৈ একো নেদেখা কৰি পেলায়৷ নিজে নিজে আকৌ নাইকিয়া হয়৷ উপত্যকাটোৰ একেবাৰে নিম্নভাগেৰে প্ৰৱাহিত লোহিতখন, ডং নৈখন তেতিয়া ওলায়৷ পাৰতে টুৰিজিমৰ ঘৰকেইটা য'ত টিংকা থাকে৷ ক’ৰবাতে এৰি থৈ অহা আমাৰ ক’লাৰঙী স্কৰপিঅ’খন৷ ৰিণিকি ৰিণিকি চকুত পৰে৷ ডাৱৰৰ আধিক্যত মাজে মাজে সিহঁতো লুকাই পৰে৷

চাৰিওফালৰ দৃশ্যপটবোৰক বিষয়-বস্তু হিচাপে লৈ উধাই-মুধাই ফটো তোলাৰ উপৰি ভিডিঅ' ৰেকৰ্ডিং কিছুমান কৰি পেলালোঁ৷ মালভূমিটোত উঠিয়েই প্ৰথমে পোৱা পাইন এজোপাৰ গা-গছৰ ছাল এৰুৱাই খোদিত কৰা আছিল... Maint by 2/8 GR FEB 2015 DUNG PLATEAU. অৰুণদা বহু সময় ধৰি নিৰ্বাক চিত্তে বহি ৰ’ল বিৰাটকায় সেই সৰলজোপাৰ তলত৷ মনৰ জোৰতহে সেইখিনি পাইছিলগৈ অৰুণদা, দেহৰ জোৰত নহয়৷ অসম্ভৱ ভাগৰ লাগিছিল চাগৈ৷ আনহাতে তেওঁৰ কবি মনটোৱে কিবা বিচাৰি পায় যদি পাওক বুলিয়ে মানুহজনক আমনি নকৰিলোঁ৷ অকলেই যেনি-তেনি পায়চাৰি কৰি ফুৰিব ধৰিলোঁ৷ সঞ্জুও আত্মবিভোৰ হ'ল৷ ইফালে-সিফালে ঘূৰি ফুৰোঁতে ‘... নাম দিলে ডং যাৰ আকাশে আজি...’ শীৰ্ষক ডাক্তৰ লোকেন্দ্ৰ ভট্টাচাৰ্যই লিখা আৰু সন্ধ্যা মেননে গোৱা গীতটি কিমানবাৰ গুণগুণালোঁ হিচাপ নাই৷ বুজাব নোৱাৰা এক ধৰণৰ অনুভূতিয়ে মনৰ অভ্যন্তৰত বাহ ল’লে৷ নিশ্চিতভাৱে সেই অনুভূতিয়ে ৰং ছটিয়াই থাকিব চিৰদিনলৈ, ক'বলৈ গ'লে জীৱনকাল অন্ত নপৰা পৰ্যন্ত৷

ডং উপত্যকাটো পাৰ হৈ এই সোণোৱালী ডং মালভূমি৷ ইয়াৰ পৰাই দৃশ্যমান হৈছিল সেই অবিস্মৰণীয় মহাজাগতিক দৃশ্য যেতিয়া সহস্ৰাব্দৰ প্ৰথম সূৰুযৰ প্ৰথম ৰেঙণি পৰিছিলহি সন্মুখত থকা পূব হিমালয়ৰ সুউচ্চ শিখৰ দুটাত৷ তেতিয়াৰ পৰাই গুৰুত্ব বাঢ়িছে ডঙৰ৷ প্ৰকৃতিৰ সেই ধাৰাবাহিকতা আজিও বৰ্তি আছে, বৰ্তি থাকিবও৷ ডেৰ ঘণ্টা ট্ৰেকিঙৰ অন্তত তেনে এডোখৰ ঠাইত উপস্থিত হোৱাৰ পিছতো আমাৰ দেহ-মনত ক্লান্তি কমেই আছিল৷ সৰহ আছিল তৃপ্তি আৰু স্ফূৰ্তি৷ নেদেখিলে বিশ্বাসেই নহয় যে খেয়ালি প্ৰকৃতিয়ে কেনেকুৱা ধৰণৰ ৰূপ-সৌন্দৰ্যৰ পোহাৰ মেলি থৈছে এনেকুৱা এক নিজান, নিস্তব্ধ, অখ্যাতনামা অঞ্চলত, উত্তৰ-পূবৰ অন্তিম পূবত৷

সম্পূৰ্ণ এটা ঘণ্টা কটালোঁ আমি ডং মালভূমিৰ বুকুত৷ আমাৰ বাহিৰে অন্য কোনো মানুহ নাই৷ কথাটো ভালেই পালোঁ৷ জনসমাগম আৰু কোলাহল আমি বিচৰাও নাই৷ নীৰৱতাৰ ভৰপূৰ আনন্দ গ্ৰহণ কৰিছোঁ ইয়াত৷ হিয়াত সংগ্ৰহ কৰি লৈছোঁ সুন্দৰ মনোহৰ স্নেপশ্বটবোৰ৷ মাজে মাজে মেঘে ঢাকি ধৰে, আকৌ মুকলি হয় নিজে নিজে৷ সঞ্জু আৰু অৰুণদাই বনৰীয়া ফুলৰ পুলি কিছুমান সংগ্ৰহ কৰি ল’লে৷ মই একো নল’লোঁ৷ ডঙত থুপ খোৱা ঈশ্বৰীয় সৌন্দৰ্যৰ খুদমানো ঘৰলৈ কঢ়িয়াই নিয়াৰ পক্ষপাতী মই নহওঁ৷ মই ইয়াৰ হৰণ-ভগন হোৱাটো নিবিচাৰিলোঁ৷ যেনে আছে তেনেই থাকক ডং৷ সুযোগ পালে আকৌ আহিম, বগাম, চাম৷

আৰ্নল্ড বেনেটৰ কথা এষাৰ মনলৈ আহিছিল… ‘পৰ্বতৰ পৰা তললৈ নমাটো যিমান সহজ, ওপৰলৈ উঠাটো সিমান টান৷ কিন্তু পৰ্বতৰ ওপৰৰ পৰা দেখা দৃশ্যটোহে অতি মনোহৰ৷’ কথাটো হয়৷ সুন্দৰ মনোহৰ ইয়াৰ দৃশ্যপট৷ তাকে পাবলৈকে ইমানখিনি আহিবলগীয়া হৈছে৷ সুখময়তাৰ মাজত এঘণ্টা সময় নিবিড়ভাৱে অতিবাহিত কৰি শেষবাৰৰ বাবে চাৰিওফালে এবাৰ হেঁপাহ পলুৱাই চাই ললোঁ৷ ডং মালভূমিৰ পৰা যি যি দৃশ্য দেখা গৈছিল সেয়া বহুদিনলৈ চকুত লাগি থাকিব৷ স্মৃতিপটত সজীৱ হৈ থাকিব ডঙৰ অবিস্মৰণীয় মুহূৰ্তবোৰ৷ কেমেৰা আৰু হেণ্ডিকেমৰ মেম'ৰী কাৰ্ডকেইখনে আনন্দবোৰ, অনুভৱবোৰ ৰিফ্ৰেছ কৰি ৰখাত ভৱিষ্যতে সহায় কৰিব৷

দেশৰ প্ৰথম সূৰ্যস্থানত বহি মনত পেলোৱাৰ চেষ্টা কৰিলোঁ, ভাৰতৰ মানচিত্ৰখন৷ স্কুলত পঢ়োঁতে মনত পেলাইছিলোঁ পৰীক্ষাত নম্বৰ তুলিবলৈ৷ এতিয়া মনত পেলাইছোঁ নিজকে পৰীক্ষা কৰিবলৈ৷ পূব, পশ্চিম, উত্তৰ, দক্ষিণ৷ ভাবিলোঁ কল্পনাতে৷ মোৰ ঘৰটো কেনি? আমাৰ ডিফুখন কেনি, য’ৰ পৰা আমি ইমানখিনি আহিলোঁ, য’ৰ পৰা ওলাই আমি উত্তৰ-পূবৰ পূব পালোঁহি, অৰুণোদয়ৰ বাটটো চিনিলোঁহি! বিশ্বাস হোৱা নাছিল নিজৰ ওপৰতে, ডং আহি পাইছোঁ বুলি৷ কিন্তু টীম মাৰ্ক' পল'ৰ আমি আটায়েই দৃঢ়প্ৰতিজ্ঞ আছিলোঁ যে কিবা প্ৰকাৰে হ'লেও এই ট্ৰিপ মাৰিমেই মাৰিম৷ চন ২০০০ৰ পৰাই সঞ্চিত ক্ষুধা, কৌতূহল, অনুসন্ধিৎসা আজি পূৰ্ণ হ’ল৷

ট্ৰেকিং আৰম্ভ কৰোঁতে প্ৰথমে ঠাণ্ডা লাগি আছিল৷ বতাহে কোবাইছিল৷ পিছত গৰম উঠি গ’ল৷ মূৰত পিন্ধি থকা ঊলৰ টুপীটো খুলি পেলালোঁ৷ তাৰেই মুখমণ্ডলৰ ঘাম মচিলোঁ৷ ঘৰ্মাক্ত হৈ পৰিছিল সৰ্বশৰীৰ৷ মনৰ ভিতৰৰ আনন্দ আৰু দেহৰ পৰা ওলোৱা ঘামৰ গোন্ধ একাকাৰ হৈ জন্ম দিছিল বেলেগ ধৰণৰ অনুভূতিৰ, যি অনুভূতি কলমেৰে প্ৰকাশ কৰাটো সম্ভৱেই নহয়৷ সেই উপলব্ধি প্ৰত্যেকেই কৰিব পাৰিব, যিদিনা স্বয়ং নিজে গৈ ডঙত উঠিব৷ অন্যথা যিমানেই সাৱলীল বা অনুপম নোবােলক কিয়, মোহময়ী অৰুণাচলৰ পূবকলৈ লিখিত কোনো বৰ্ণনা বা অৰণ্যাতুৰ ভ্ৰমণকথা পঢ়ি সত্য অনুধাৱন কৰিব নোৱাৰাটোৱে স্বাভাৱিক৷


























পৰৱৰ্তী লেখা :
৪. টপদেন-পেটমাৰ ঘৰত ওলাল বিহুৰ চিৰা!

No comments:

Post a Comment