Monday, 3 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
৩১. My heart goes out ... to the people of Assam



উপায়হীন হৈ ভাৰতে শেষ ৰক্ষাৰ বাবে আমেৰিকাৰ সহায় বিচাবলগীয়া হৈছিল৷ ২০অক্টোবৰৰ পৰা আৰম্ভ কৰি ঘটনাৰ বিষয়ে জনাই প্ৰধান মন্ত্ৰী নেহৰুৱে ইউ.এছ. প্ৰেচিডেণ্ট জন এফ. কেনেডীলৈ পত্ৰ লিখিলে৷ নেফাৰ সৰহ অংশ চীনে অধিকাৰ কৰি পেলোৱা আৰু লাডাখৰ অৱস্থাৰ কথা সবিশেষ জনালে৷ সাহায্য হিচাপে বিচাৰিলে ছুপাৰছনিক জেট ফাইটাৰ, বি-৪৭ বোমাৰু, ৰাডাৰ আৰু এয়াৰ ট্ৰেন্সপ'ৰ্ট৷ ভাৰতীয় মহানগৰসমূহ চীনৰ বায়ুসেনাৰ আক্ৰমণৰ পৰা বচাবলৈকো আৱেদন জনালে৷ নেহৰুৱে বুজিলে যে চীনে ভাৰতৰ সৈতে বিশ্বাসঘাতকতা কৰিছে আৰু অনাকাংক্ষিত যুদ্ধ এখনৰ প্ৰতি ভাৰতক প্ৰৰোচিত কৰিছে৷ আনহাতে অক্টোবৰৰ সেই সময়টোত আমেৰিকাৰ মনোযোগ আছিল ছোভিয়েট ইউনিয়নৰ সৈতে কিউবান মিছাইলৰ সংকটৰ দিশত৷

ব'মডিলাৰ পতনৰ পিছত ১৯নৱেম্বৰৰ নিশা ৮বজাত কিংকৰ্তব্যবিমূঢ় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু অল ইণ্ডিয়া ৰেডিঅৰ ষ্টুডিঅ পালেগৈ৷ ভাষণত কলে... Huge Chinese armies have been marching in the northern part of NEFA. We have had reverses at Walong, Se La, and today Bomdila, a small town in NEFA, has also fallen. We shall not rest till the invader goes out of India or is pushed out. I want to make that clear to all of you, and, especially our countrymen in Assam, to whom our heart goes out at this moment. নেহৰুৰ সেই ভাষণে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ বুজা গৈছিল যে দেশীয় সেনাৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱত চীনৰ কবলৰ পৰা উদ্ধাৰ কৰাত ব্যৰ্থ হোৱাৰ আশংকাত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে নেফাক বিদায় দিছে! বক্তব্যই মুহূৰ্ততে ইমূৰৰ পৰা সিমূৰলৈ এনেকুৱা ভাব সঞ্চাৰিলে যে ভাৰতে অসমক ত্যাগ কৰাৰ সংকল্পৰে চীনাৰ হাতত সমৰ্পণ কৰিবলৈ সাজু হৈছে! সকলোফালে খেলিমেলিৰ উদ্ৰেক ঘটিল৷ প্ৰবীণ কংগ্ৰেছীসকলে বেলেগ বুজিলে, সাধাৰণ মানুহে বেলেগ বুজিলে৷ বিশ্বাস-অবিশ্বাসৰ দোমোজাত পৰিল স্থানীয় মানুহ৷ অতীতৰ সেই বিশৃংখলাৰ আজিও শাম কটা নাই৷ তদুপৰি জাতীয়তাবাদৰ উত্থানতো ই অন্য ধৰণে ক্ৰিয়া কৰি গ'ল৷

চীন-ভাৰতৰ মাজৰ ক্ষয়ংকৰী যুদ্ধখনৰ কাৰণেই এদিন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এছোৱা হেৰুৱাবলৈ উদ্যত হৈছিল জৱাহৰলাল নেহৰু নেতৃত্বাধীন ভাৰত চৰকাৰে৷ দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰীগৰাকীৰ সেই বহুচৰ্চিত বাক্যটি আমাৰ জন্মৰো কেইটামান বছৰ আগৰে৷ বহুজনৰ দৰে এই কথা আমিও পিছতহে শুনিছোঁ৷ নেহৰুৰ বন্ধু তথা সোঁহাতস্বৰূপ তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী ভি. কে. কৃষ্ণ মেনন, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ আৰ্মী ষ্টাফ জেনেৰেল পি. এন. থাপাৰ, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ জেনেৰেল ষ্টাফ লেফটেনেণ্ট জেনেৰেল বি. এম. কৌল আৰু ইণ্টেলিজেন্স বুৰ’ৰ চীফ বি. এন. মল্লিকৰ অপুদঘাত চিন্তা আৰু সিদ্ধান্ত কিছুমানেই হেনো অৰুণাচল আৰু অসমক চীনৰ মুখলৈ ঠেলি দিছিল৷ আৰ্মীৰ চীফ থাপাৰক পিছত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল৷ সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ৷ দেশখনৰ ভৱিষ্যতৰ স্বাৰ্থত, আলাপ-আলোচনাৰ দিশত তেৱোঁ একো কৰিব নোৱাৰিলে! নেতাসকলৰ মাজত দলাদলি চলিল৷ পুৰণি কংগ্ৰেছীয়ে নেহৰুক মানুহে ভুল বুজা বুলি বিশ্বাস এটা মনত লৈ থাকিল৷ নেহৰুৰ ভাষ্যই অসমৰ একাংশ মানুহক পিছলৈকো আঘাত দি গ'ল৷ সেইবোৰকে লৈ আজিও গুজৰি-গুমৰি থকা দেশপ্ৰেমিক মানুহ লগ পোৱা যায়৷ সি যি কি নহওক, সমস্ত কাৰ্যকলাপৰ নৈতিক দায়িত্ব ১০০শতাংশই প্ৰধান মন্ত্ৰীগৰাকীৰ৷ ‘জন্মভূমিৰ স্বাধীনতা ৰক্ষাতকৈ কোনো মূল্যই বেছি হ’ব নোৱাৰে’ বুলি ভবা শান্তিৰ প্ৰবক্তা নেহৰুৰ আচলতে মনোভাব কেনে আছিল, কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈছিল নেকি, সেয়া আমাৰ পোনপটীয়াকৈ জনাৰ উপায় নাই৷ 
আমাৰ মনৰ খু-দুৱনিবোৰো তেনেকৈয়ে আছে৷ পুৰণিৰ ভিত্তিতে সময়ে সময়ে তাৰ মূল্যায়ন হৈ আহিছে৷

আনফালে, ১৯৬২ৰ ২০নৱেম্বৰৰ মাজনিশা ৰেডিঅ অষ্ট্ৰেলিয়াৰ জৰিয়তে চীনে যুদ্ধবিৰতি ঘোষণা কৰিলে৷ সেইদিনা চীন চৰকাৰে জাননী জাৰি কৰিলে যে চীনা সীমান্তৰক্ষীয়ে চীন-ভাৰত সীমান্ত এলেকাত একপক্ষীয় যুদ্ধবিৰতি পালন কৰিব৷ কোৱা হল যে ৭ডিচেম্বৰৰ পৰা চীনা সীমান্তৰক্ষীয়ে সমগ্ৰ সীমান্ততে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ২০কিলমিটাৰ আঁতৰত অৱস্থান কৰিব৷ সেইমতে ১ডিচেম্বৰত তেওঁলোকে সৈন্য প্ৰত্যাহাৰ কৰিলে৷ ১৯৫৯চনৰ ৭নৱেম্বৰত উল্লেখ কৰা লাইন অফ একচুৱেল কণ্ট্ৰলক দেশৰ সীমা হিচাপে ধৰি ৰাখিলে৷ ৮ডিচেম্বৰত চৌ এন-লায়ে ৩দফীয়া প্ৰস্তাৱ ভাৰতলৈ পুনৰবাৰ প্ৰেৰণ কৰিলে৷ নিজা সৈন্য বাহিনী তাৰ পৰা ২০কিলমিটাৰ পিছ হোঁহকাই নিলে৷ পূৰ্বোত্তৰত এল.এ.চি.ৰ সৈতে যিহেতু একে, গতিকে মেকমোহন লাইনৰ পৰা ২০কিলমিটাৰ আঁতৰি থাকিল৷ মধ্য আৰু পশ্চিম খণ্ডতো অনুৰূপভাৱে আঁতৰি গল৷ চীনৰ এলেকাত আত্মৰক্ষাৰ নিমিত্তে প্ৰতি-আক্রমণ বাহাল থাকিল৷ ১০ডিচেম্বৰত উভয় দেশে কলম্বো প্ৰস্তাৱ মানি ল'লে৷ ভাৰতে প্ৰস্তাৱকেইটাৰ বিৰুদ্ধাচৰণ নকৰাত পোনপটীয়া যুঁজ-বাগৰৰো অৱসান ঘটিল৷

১৯৬৩চনৰ ১মাৰ্চৰ ভিতৰত সকলোফালেই চীনা বাহিনী মেকমোহন লাইনৰ উত্তৰলৈ গতি কৰিলে৷ যুদ্ধৰ সময়ত মেকমোহন লাইনৰ দক্ষিণ দিশৰ ভাৰতৰ অন্তৰ্গত কিছু ঠাই চীনে অধিকাৰ কৰিছিল৷ কিন্তু যুদ্ধবিৰতি ঘোষণাৰ পিছত সেই দখলী ভূখণ্ডও পৰিত্যাগ কৰে৷ দেখা গল যে স্বঘোষিত অপসাৰণ মানি চীনা সৈন্য বাহিনী ভাৰতে দাবী কৰা ১৯৬২ৰ ৮ছেপ্টেম্বৰৰ অৱস্থানৰ পৰাও আঁতৰিহে গলগৈ!

সাপ্তাহিক বাৰ্তালোচনী টাইম মেগাজিনৰ ৩০নৱেম্বৰ ১৯৬২ তাৰিখৰ সংখ্যাটি চীন-ভাৰতৰ মাজত ৱালঙত লগা যুদ্ধত মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া ভাৰতীয় সৈনিকৰ স্মৃতিত উচৰ্গা কৰা হৈছিল৷ বেটুপাতখন সজোৱা হৈছিল দুই নেতা নেহৰু আৰু মাওৰ ফটোৰে৷ উক্ত সংখ্যাটিত লিখা হৈছিল বহু-প্ৰচলিত এই বাক্য At Walong troops lacked every thing except guts. ৱালঙৰ ৱাৰ মেম'ৰিয়েল, হেলমেট টপৰ স্মৃতিফলি, নামতিৰ যুদ্ধ-স্মাৰকত এই বাক্যটি খোদিত কৰি থোৱা আমি নিজ চকুৰে দেখা পাই আহিছোঁ৷ Walong will never fall বুলিও কোৱা হৈছে৷

এইটো আজিও ভবা হয় যে ৱালং দখল কৰাৰ পিছত শক্তিশালী চীনা বাহিনীয়ে ইচ্ছা কৰা হলে হায়ুলিয়াং বা তেজুলৈকে অনায়াসে আগুৱাব পাৰিলেহেঁতেন৷ লগে লগে তেতিয়াই নেফা, অসম সকলো দখল কৰি লব পাৰিলেহেঁতেন৷ নিজৰ বুলি দাবী কৰি অহা প্ৰতিটো অঞ্চল হেলাৰঙে হস্তগত কৰিব পাৰিলেহেঁতেন৷ কিন্তু এটাও নকৰিলে৷ চাংৱিনটি পৰ্যন্ত চীনা সৈন্য সোমাই গৈছিল ঠিকেই৷ তাৰ পৰা আৰু আগ নাবাঢ়িলে৷ ভাৰতীয় সেনাক সম্পূৰ্ণভাৱে পৰাভূত কৰিও সেই স্থানৰ পৰাই ঘূৰি বীৰদৰ্পে স্বদেশলৈহে অহা বাটেৰে বাট বুলিলে৷ অতি পৰিকল্পিতভাৱে, কিউবান মিছাইলৰ সংকটৰ সময়ত ভাৰতক অবাক কৰি এনেদৰে এক মধ্যমীয়া আক্রমণেৰে শিক্ষা দি চীনা উলটি গল সীমাৰ সিপাৰৰ স্বভূমিলৈ৷ আলোচনাৰ বাবে তাৰ পিছতো পুনঃ পুনঃ আহ্বান জনাই থাকিল ভাৰতক৷

যুদ্ধৰ সময়ছোৱাত অনেকজন ভাৰতীয় যুঁজাৰুক চীনা যোদ্ধাই ধৰি লৈ গৈছিল৷ তেওঁলোকক কেইবাটাও শিৱিৰত ৰখা হৈছিল৷ বন্দীসকলৰ প্ৰতি ভাল ব্যৱহাৰ কৰিছিল চীনা জোৱানে৷ খোৱা-বোৱাৰ লগতে চলা-ফিৰাৰ স্বাধীনতাও দিছিল৷ আঘাতপ্ৰাপ্ত সৈনিকলৈ উচিত চিকিৎসা সেৱা আগ বঢ়াইছিল৷ আৰোগ্য লাভৰ পিছত তেওঁলোকক স্বদেশভূমিত এৰি থৈ গৈছিল৷ যুদ্ধবন্দী ভাৰতীয়ক কোনো অনিষ্ট কৰা নাছিল৷ পেলাই থৈ যোৱা অস্ত্ৰ বুটলি নিছিল৷ জব্দ কৰা বন্দুকবোৰ পলিচ কৰি ৰাখিছিল আৰু যথাসময়ত নিজ দেশলৈ প্ৰস্থান কৰা ইণ্ডিয়ান আৰ্মীৰ জোৱানৰ হাতত সেয়া ওভোতাইহে দিছিল!

ধৰি নিয়া সৈনিকে পিছত সদৰি কৰা মতে বন্দীৰ ছাউনীত ভাৰতীয় সৈনিকক ব্ৰেইনৱাশ্ব কৰি ভাৰতৰ বিৰুদ্ধাচৰণ কৰাৰ প্ৰচেষ্টাও নচলাকৈ থকা নাছিল৷ মেকমোহন লাইন সম্পৰ্কীয় লেখা আৰু মানচিত্ৰ বিলাই দিয়া হৈছিল বন্দীসকলৰ মাজত৷ তাকে লৈ তেওঁলোকৰ মাজত কি আলোচনা হৈছে পিছত তাৰ ভু লোৱা হৈছিল৷ ২০,০০০ অনুগামীৰে ভাৰতলৈ পলাই যোৱা তিব্বতৰ ধৰ্মীয় গুৰু তথা প্ৰশাসনীয় মুৰব্বী ডালাই লামাক ককৰ্থনা কৰা হৈছিল৷ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুও সমালোচনাৰ পৰা সাৰি যোৱা নাছিল৷ কোৱা হৈছিল যে ডালাই লামাই ৩৫টা গাধৰ পিঠিত মণি-মুকুতা বোজাই কৰি তিব্বতৰ পৰা পলাই গৈছে৷ সেই ৰত্নসম্ভাৰ আশ্ৰয়দাতা ভাৰতৰ প্ৰধান মন্ত্ৰীক উপহাৰ দিছেগৈ৷

প্ৰকাশ যে চতুৰ্দশ ডালাই লামাক নিৰাপত্তা পৰিৱেষ্টনীৰে আদৰি আনিবলৈ ভাৰতীয় সৈন্যই বিধিনিষিদ্ধভাৱে মেকমোহন লাইন অতিক্ৰম কৰি তিব্বতৰ ভিতৰলৈ সোমাইছিল৷ হিমাচল প্ৰদেশৰ ধৰমশালাত আনি তেওঁক আথে-বেথে বহুৱালে৷ তেতিয়াৰ পৰাই ভাৰত আৰু চীনৰ সম্পৰ্ক তেল আৰু পানী সদৃশ হৈ পৰিল৷ বিশ্বাসঘাতকতাৰ হোৰ তুলিবলৈ চীনেও কমৰ কচিলে আৰু চেলু বিচাৰি থাকিল৷


আনহাতে সীমান্তৰ ভাৰতীয় গঞা মহিলাই কোৱামতে চাইনিজ পি.এল.এ.ৰ বেছিভাগ সদস্যই কম বয়সীয়া যুৱক আছিল৷ কোনো মহিলাৰ প্ৰতি তেওঁলোকে কেতিয়াও দুৰ্ব্যৱহাৰ কৰা নাছিল৷ বৰঞ্চ গাঁওবাসীক অভয় দি কৈছিলহে যে তেওঁলোকৰ প্ৰকৃত লক্ষ্য ভাৰত চৰকাৰহে, সীমান্তবাসী সহজ-সৰল মানুহবোৰ নহয়৷ মানুহ হিচাপে তেওঁলোক সকলো একেই৷ একে ছালৰ ৰং, একেই তেজৰ বৰণ৷

আশ্চৰ্যচকিত হল সমগ্ৰ বিশ্ব৷ ইমান ওচৰলৈ আহিও, এমাহ দিনধৰি যুদ্ধ এখন পৰিচালনা কৰিও চীনা বাহিনী কিয় উভতিল? কিয় দখল কৰি নল'লে এই ভূখণ্ড? একাংশই বুজিলে যে ভাৰতবৰ্ষৰ ত্ৰুটিপূৰ্ণ ফৰৱাৰ্ড পলিচী আৰু তাৰে আধাৰত বাৰে বাৰে সীমা ঠেলা-ঠেলি কৰি থকা কাৰ্যকলাপৰে এয়া শাস্তি৷ ভূমিৰ অধিকাৰী হবৰ বাবে চলোৱা আগ্ৰাসন নহয়৷ If India played with fire; it would be consumed by fire. এইবুলি চীনে ভাৰতক আগতীয়াকৈ সাৱধান কৰিও দিছিল৷

একাংশৰ মানসত এইটো কথা থাকি গ'ল যে ১৯৬২ৰ যুদ্ধ চীনৰ আগ্ৰাসন আছিল৷ কিন্তু প্ৰশ্নটোও সেইখিনিতে যে চীনৰ সাম্ৰাজ্যবাদী দৃষ্টিভংগী থকা হলে তেতিয়াই সকলো অধিকাৰ একেদিনাই সাব্যস্ত কৰি লব পাৰিলেহেঁতেন দেখোন! সেই আগ্ৰাসন প্ৰকৃততে কাৰ আছিল, সেই সত্য নিজেই বুজিব লাগিব৷ উৰহী গছৰ ওৰ প্ৰত্যেকে নিজেই বিচাৰি উলিয়াব লাগিব৷ তাৰ বাবে এই অঞ্চলটোলৈ অহাৰ প্ৰয়োজনীয়তা হয়তো আছে, হয়তো নাই৷ কিন্তু তাকে নিজ চকুৰে চাবলৈ, বুজিবলৈকে আমি কৌতূহলী টীম মাৰ্ক পল আহি ওলালোঁ৷ যুদ্ধ নেদেখিলেও যুদ্ধৰ থলীসমূহ দেখা পালোঁ৷ কল্পনাত ডুব গলোঁ এখন যুদ্ধৰ, যুদ্ধময় দিন কিছুমানৰ, যাৰ অৱশেষ বা ইতিহাস এতিয়া পৰাস্ত সৈনিকৰ স্মাৰককেইটাৰ বাদে আৰু ক'তো একো পাবলৈ নাই৷ যুদ্ধথলী কেতিয়াবাই নিজম পৰিল৷ নামতিও এতিয়া নিস্তব্ধ৷ চীনে নামতি কেতিয়াবাতে এৰি গল৷

নামতি এৰি আমিও বহুদূৰ আগুৱাই আহিলোঁ৷ ১৯৬২ৰ পূব থিয়েটাৰত ভাবনাৰ যুদ্ধত ব্যস্ত থাকোঁতে ক'বই নোৱাৰিলোঁ কেতিয়ানো টিলাম পাওঁ পাওঁ হ'লোঁ! কোনোবা এজনে মাত দিওঁতেহে গা-মূৰ জোকাৰিলোঁ৷ টিলামত টিংকাক লগ ধৰিব লাগিব, কাইলৈৰ ডং যাত্ৰাটোৰ পৰিকল্পনাৰ বাবে৷






পৰৱৰ্তী লেখা :
৩২. যোদ্ধোত্তৰ পষ্টমৰ্টেম

No comments:

Post a Comment