অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৪দিনৰ পিছত আকৌ গুলীয়াগুলি আৰম্ভ৷ ২৫অক্টোবৰত ভাৰতীয় সৈন্য বাহিনীৰ ৬ কুমাওঁ ৰেজিমেণ্টৰ ডি কোম্পানীৰ জোৱানে নামতি ভেলীৰ কাষৰীয়া আশ্বি হিল্ছত গোপনে অৱস্থান লৈছিল৷ নামতিত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলি চীনা চিপাহীৰ প্ৰাণ কাঢ়িবলৈ সমৰ্থও হৈছিল৷ পিছে কাহিলি পুৱা যুদ্ধ শাম কটাৰ পিছত নামতিৰ সমভূমি অঞ্চলত ৬০০-৭০০ চীনা ফৌজীৰ উপস্থিতি দেখা গ'ল৷ পৰুৱাৰ দৰে লানি পাতি সোমাই অহা শত্ৰু বাহিনীটো ৪ শিখ ৰেজিমেণ্টৰ ওপৰত খড়্গহস্ত হৈ উঠিল৷ ভাৰতীয় সেনায়ো সেই আক্রমণৰ সমুচিত প্ৰত্যুত্তৰ দিলে৷ অসংখ্য জোৱান হতাহত হ'ল৷ ৪ শিখৰ পৰা আক্রমণৰ দায়িত্ব চমজি লোৱা ২/৮ গোৰ্খা ৰাইফলছেও প্ৰতিপক্ষৰ আগ্ৰাসন ব্যৰ্থ কৰি গ'ল৷ নামতি প্লেইনচৰ প্ৰতিৰোধ ওফৰাবলৈ দুটা ৰাতি উপৰ্যুপৰি আক্রমণ চলায়ো চীনা সৈন্যদল সফল হ’ব পৰা নাছিল৷ তেনে অসফলতাৰ কল্পেই এলেকাটোক কোৱা হৈছিল ‘টাইগাৰছ মাউথ’৷ সেই এলেকাবোৰৰ মাজেৰেই আমি আজি ৰাতিপুৱাৰে পৰা ভ্ৰমি আছোঁ৷
কুমাওঁ, শিখ আৰু গোৰ্খা বাহিনীৰ জোৱানসকলে অসীম সাহস আৰু বীৰত্বৰে বিপক্ষৰ সৈন্য বাহিনীক ২৫ৰ পৰা ২৭অক্টোবৰ পৰ্যন্ত ৱালঙত প্ৰৱেশ কৰাৰ পৰা দুৱাৰডলিতে স্থগিত ৰখাত সফল হৈছিল৷ পিছে চীনা শক্তিৰ উপৰ্যুপৰি প্ৰচেষ্টাৰ সন্মুখত তিষ্ঠিব নোৱাৰি ভাৰতীয় সেনা পিছ হোঁহকিবলৈ বাধ্য হ'ল৷ কিবিথোৰ পৰা ৱালঙলৈ পিছুৱাই খোজ কাঢ়ি থাকিয়ে ব্ৰিগেডিয়াৰ এন. চি. ৰাউলে নেতৃত্ব বহন কৰি ৱালং এৰি নিদিয়াৰ মৰণপণ সংকল্পৰে সাহসেৰে একেৰাহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি গৈছিল৷ প্ৰাণ দি হ’লেও ৱালঙক ধৰি ৰাখিবলৈ প্ৰতিজন ভাৰতীয় সৈনিক দৃঢ়প্ৰতিজ্ঞ হৈ ৰৈছিল৷ কিয়নো চীনে ৱালং অধিকাৰ কৰা মানেই সিফালে হায়ুলিয়াং৷ হায়ুলিয়াঙৰ পিছতে তেজু৷ তেজুৰ সিপাৰেই ব্ৰহ্মপুত্ৰ উপত্যকা, য'ৰ পৰা আমি ইয়ালৈ আহিছোঁ৷৷
৪নৱেম্বৰত চীনা সৈন্যই ভাৰত, চীন আৰু ম্যানমাৰ সীমান্তৰ সংযোগী স্থল ট্ৰাই জংছন অধিকাৰ কৰি লয়৷ ১২নৱেম্বৰতহে সেই ঠাইত পহৰা দিবলৈ যোৱা ৬ কুমাওঁ ৰেজিমেণ্টৰ জোৱানৰ চকুত ধৰা পৰে চীনা সৈন্যৰ উপস্থিতি৷ ১৪নৱেম্বৰৰ পুৱতি নিশা ৩বজাত বিপক্ষ আক্ৰমণাত্মক হৈ উঠে আৰু সেইফালেৰে অভিযান আৰম্ভ কৰে৷ ভাৰতীয় জোৱানে সেই আক্ৰমণ প্ৰতিহত কৰি যায়৷ সৈন্য শক্তি বৃদ্ধি কৰিবলৈ কামাণ্ডাৰ বি. এন. সিঙৰ নেতৃত্বত পুৱা ৮বজাত চি আৰু ডি কোম্পানী ঘটনাস্থলীত উপস্থিত হয়গৈ৷ দুঘণ্টাৰ ভিতৰতে চীনে চোকা আঘাত হানে৷ কামাণ্ডাৰ সিং আহত হয়৷ ছেকেণ্ড লেফটেনেণ্ট অমৰ সিং খাতৰিও আঘাতপ্ৰাপ্ত হৈ পৰে৷ ১০বজাত ভাৰতে উক্ত অৱস্থান ত্যাগ কৰিবলৈ বাধ্য হয়৷ পিছুৱাই নিয়া হয় ভাৰতৰ কোঠ৷
অধিক সৈন্য-সামন্ত আৰু গুলী-বাৰুদেৰে শক্তিমন্ত হৈ ১৫-১৬নৱেম্বৰত লোহিত নৈ পাৰ হৈ বিশাল চীনা বাহিনীটো ক্ৰমাৎ আগুৱাই আহে৷ সৰ্বোচ্চ উচ্চতাৰ বৰফাবৃত্ত পৰ্বতত আৰোহণ কৰি সেই দিশেৰেও এদল আহি ওলায়৷ লোহিত পাৰ হৈও আহিল চীনা সৈন্য৷ ৱালঙৰ নিৰাপত্তাৰ দায়িত্ব তেতিয়া চমজি আছিল ৪ শিখ, ৩/৩ গোৰ্খা আৰু ৬ কুমাওঁ ৰেজিমেণ্টে৷ তয়াময়া ৰণ আৰম্ভ হ’ল৷ অনেক বাধা-বিঘিনিৰ সন্মুখীন হোৱা সত্ত্বেও ১১ ইনফেনট্ৰী ব্ৰিগেডে ৱালঙক বচাবলৈ চেষ্টা অব্যাহত ৰাখিলে৷ ১১ ইনফেনট্ৰীৰ অন্তৰ্গত ৬ কুমাওঁ, ৪ শিখ, ৩/৩ গোৰ্খা, ২/৮ গোৰ্খা, ২ আছাম ৰাইফলছ, ৬ মাহৰ, ৭১ হেভী মৰ্টাৰ বেটেৰী, ৫২ পেৰা ফিল্ড বেটেৰীয়ে উক্ত প্ৰতিৰোধ সমৰত লিপ্ত হৈছিল৷
বৰফাবৃত্ত পৰ্বত আৰু খলাবমা এলেকা৷ ৱালঙৰ প্ৰতিৰক্ষা শিৱিৰত এটা সময়ত প্ৰয়োজনীয় সকলো বস্তুৰে অভাৱে দেখা দিলে৷ ঠাণ্ডাত আশ্ৰয় ল’বলৈ ভাৰতীয় সৈনিকৰ হাতত তম্বু নাই, দেহত পৰিধান কৰিবলৈ গৰম কাপোৰ নাই, খাবলৈ খোৱা-বস্তু নাই, যুদ্ধ দিবলৈ নাই প্ৰয়োজনীয় যুদ্ধাস্ত্ৰ৷ সমৰ্থনকাৰী দলো নাই৷ সকলোৰে যোগান ব্যাহত৷ প্ৰচণ্ড শীত আৰু খাদ্যৰ অভাৱত ভোকে-পিয়াহে জৰ্জৰিত ভাৰতীয় চিপাহীৰ তেতিয়াও কিন্তু আছিল এটা সম্পদ৷ সেয়া হৈছে সাহস৷ একমাত্ৰ মৰসাহসৰ বাহিৰে একোৱেই বাকী নৰৈছিল ভাৰতীয় সৈন্যৰ৷ আৰু সেই দুৰ্জেয় সাহসিকতাকে সাৰথি কৰি শেষৰজন জোৱান জীৱিত থকালৈকে, অন্তিম বুলেটটো লগত থকালৈকে প্ৰত্যাহ্বান জনাই গৈছিল এমুঠিমান ভাৰতীয় সৈন্যই৷

তুলনামূলকভাৱে চীনৰ আছিল কেইবাগুণে ডাঙৰ বাহিনী৷ আধুনিক অস্ত্ৰ-শস্ত্ৰ, যুদ্ধক্ষেত্ৰৰ পুংখানুপুংখ তথ্য, উন্নত সমৰ কৌশল৷ গোলন্দাজ আৰু পদাতিকৰ পৰ্যাপ্ততাৰে ধাৰাসাৰ চলাই গৈছিল উপৰ্যুপৰি আক্রমণ-প্ৰত্যাক্ৰমণ৷ তিনি ফালৰ পৰা চীনা সৈন্যই ভাৰতীয় সৈন্যক আগচি ধৰিলে৷ পিছফালৰ পৰা ঘেৰি ধৰিলে ৱালংখন৷ একেলেথাৰিয়ে কৰা ২২দিনীয়া প্ৰতিৰোধৰ যৱনিকা পৰিল৷ কিছুমান যোদ্ধা ৰণত পৰিল, ছত্ৰভংগ দিবলৈ গৈ কিছুমান নিখোজ হ’ল, আহত হ'ল৷ তাৰে কিছুমান ঠাণ্ডাত মৰিল, কিছুমান ধৰা পৰিল৷ চীনা পক্ষৰো যথেষ্ট হানি হয়৷ জন্তুৰ পিঠিত তুলি মৃতদেহবোৰ আঁতৰাই নিয়া হৈছিল৷ নামতি আৰু ক্রোৱেটিৰ মাজত ৪,০০০ সৈন্য হতাহত হয় বুলি প্ৰকাশ৷ ফলত তেজু অভিমুখে আগ বাঢ়িব নোৱাৰিলে৷ আনহাতে ১৬নৱেম্বৰত ১১ ইনফেনট্ৰী ব্ৰিগ্ৰেড ৱালঙৰ পৰা উঠাই নিয়া হ’ল৷ চীনে ৱালং জয় কৰিলে৷ ৱালঙৰ পতন ঘটিল!
সুদূৰপ্ৰসাৰী সমৰ পৰিকল্পনাৰে অগ্ৰসৰ হৈছিল চীনা বাহিনী৷ ভাৰতীয় সেনাতকৈ প্ৰায় ২০গুণে সমৃদ্ধ আছিল৷ এজন মৃত বা আঘাতপ্ৰাপ্ত সৈনিকৰ স্থান পূৰাইছিলহি দুজনকৈ সৈনিকে৷ ভাৰতীয় চিপাহীৰ হাতত লি এনফিল্ড .৩০৩ ৰাইফল আৰু বেয়নেট৷ তেওঁলোকৰ হাতত এ.কে.৪৭! ৪ঘণ্টাৰ মূৰে মূৰে দুৰ্বাৰ আক্রমণ ৰচনা কৰিব পৰাৰ ক্ষমতা আছিল চীনৰ৷ মৌ-মাখিৰ দৰে নামিছিলহি জাক জাক সৈন্য৷ ফক্স হ'ল, ৱে'ভ ফৰ্মেচন আদি কায়দাৰে চলোৱা জোৰদাৰ আক্ৰমণৰ সন্মুখত ভাৰতীয় যোদ্ধা স্বাভাৱিকতে তিষ্ঠিব নোৱাৰিলে৷ ন্যূনতম প্ৰত্যুত্তৰ দিবলৈকো আনকি প্ৰয়োজনীয় গোলা-বাৰুদৰ যোগান সমাপ্ত হৈ থাকিল৷ অৱশেষত ১৬ তাৰিখে ৱালং চীনৰ কবললৈ গ’ল৷ ৱালঙত উৰিল চীনা পতাকা৷ সন্ধিয়ালৈ পৰিত্যক্ত হৈ পৰিল ৱালং৷
কাহোৰ পৰা পিছমুৱা হৈ নামতি এৰি ৱালঙলৈকে আমিও গৈ আছোঁ৷ সীমান্তৰ পৰা আৰম্ভ কৰিলে কিবিথোৰ পিছতে নামতি প্লেইনছ য'ত ভাৰতীয় সৈন্য বাহিনীয়ে অৱস্থান এৰি ছত্ৰভংগ দিবলৈ বাধ্য হৈছিল৷ আজি পুৱাই আৰম্ভ কৰা দিনতীয়া যাত্ৰাটোত ওখ-চাপৰ এই অঞ্চলবোৰ পৰিভ্ৰমণ কৰি এটা কথা স্পষ্টকৈ উপলব্ধি কৰিব পাৰিছোঁ৷ সেয়া হ'ল, পাৰ্বত্য এলেকাটোৰ দুৰ্গমতা আৰু অসুচলতা৷ ১৯৬২ৰ সেইটো সময়ত কেনে ভয়াৱহ আৰু জটিল হ'ব পাৰে পৰিস্থিতি, বাট-পথ, যোগান ব্যৱস্থা ইত্যাদি, ইত্যাদি! তাক কল্পনা কৰাটো আজিৰ তাৰিখত একোপধ্যে সমীচীন নহ'ব৷ আচৰিত হৈছোঁ, সেই বিপদসংকুলতা নেওচি ইণ্ডিয়ান আৰ্মীৰ অস্ত্ৰ-শস্ত্ৰত দুৰ্বল অথচ সাহসী কেডাৰে ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাত আত্মাহুতি দি থৈছে৷ কাহো, কিবিথো, হেলমেট টপত আজি লগ পোৱা জোৱানকেইজনৰ মুখবোৰ মানসপটত জিলিকি উঠিল৷ মিলাই চাবলৈ চেষ্টা কৰিলোঁ, এতিয়া আৰু তেতিয়াক৷ অতীত আৰু বৰ্তমানৰ ভিন্নতাক৷ ভৱিষ্যতত কি আছে নাজানো৷ ৰাজনীতিক, মিলিটেৰী আৰু চোৰাংচোৱাৰ বিফলতাৰ প্ৰসংগয়ো ঠাই পাইছে আমাৰ মাজৰ আলোচনাত, গাড়ীখনে কৰি থকা গতিৰ লগে লগে৷ কেঁকুৰিবোৰ পাৰ কৰাই ঠিকে-ঠাকে ৱালঙলৈ নি আছে পেটেলে৷ বেলিটো কাহানিবাই পাহাৰৰ অাঁৰত লুকাইছে৷
সিফালে ১৯৬২ৰে ১৭নৱেম্বৰত উত্তৰ দিশত, নেফাৰ আন একোণতো লাগিছিল যুদ্ধ৷ ৪ গাড়োৱাল ৰাইফলছে আগ্ৰাসী চীনক আগভেটা দিছিল যদিও সোনকালেই গুলী-বাৰুদ শেষ হ'ল৷ ৬২ ব্ৰিগেডক টাৱাঙৰ পূবত থকা ছেলালৈকে পিছুৱাই অনা হ'ল৷ তাত প্ৰতিৰোধ আগ বঢ়াইছিল যদিও ক্ষয়-ক্ষতি অধিক হোৱাত আন্ধাৰ হোৱাৰ আগতেই সৈন্য-সামন্ত ডিৰাঙলৈ উঠাই নিয়া হ'ল৷ টাৱাং পাৰ হৈ আহি ১৮নৱেম্বৰত চীনে দখল কৰি পেলালে ব'মডিলা৷ ৰূপা অতিক্ৰম কৰি শত্ৰুসেনা তললৈ নামি আহি থাকিল৷ ২০ তাৰিখে পুৱতি নিশা শ্বাকুতো গুলীয়াগুলি লাগিল৷ তাৰ পৰা ১০০কিল'মিটাৰ দক্ষিণে অৱস্থিত তেজপুৰলৈ সশস্ত্ৰ চীনা বাহিনী বীৰদৰ্পে অগ্ৰসৰ হোৱাৰ খবৰ সৰ্বত্ৰ সদৰি হ'ল৷ ব্ৰহ্মপুত্ৰ উপত্যকাত হুৱাদুৱা লাগি গ'ল৷
তেজপুৰত বাহৰ পাতি সমৰ নিৰীক্ষণ কৰি থকা ইণ্ডিয়ান আৰ্মীৰ চীফ অফ জেনেৰেল ষ্টাফ ব্ৰীজমোহন কৌলে পৰিস্থিতি বিষম দেখি উত্তৰ পাৰৰ সকলো অৱস্থান ত্যাগ কৰিলে৷ হেডকোৱাৰ্টাৰ গুৱাহাটীলৈ তুলি লৈ গ'ল৷ চীনাৰ শংকাত তেজপুৰৰ হাস্পতাল, কাৰাগাৰ, পগলা ফাটেক, আৱাসিক এলেকা ইত্যাদি জনশূন্য হৈ পৰিল৷ কোষাগাৰৰ ধন আৰু চৰকাৰী তথ্যপাতি জ্বলাই বা নষ্ট কৰি পেলোৱা হ'ল৷ তেজপুৰ পৰিণত হ'ল ভূত নগৰীত৷ ভূটান আৰু ছিক্কিমৰ মাজৰ চুম্বি ভেলীৰে চলা চীনৰ আগ্ৰাসন অপ্ৰতিৰোধ্য বিবেচিত হ'ল আৰু সিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আশংকাৰ কাৰণ ৰূপে দেখা দিলে৷ একে সময়তে ঘণ্টাই ঘণ্টাই অনেক উৰা-বাতৰিও উৰিব ধৰিলে৷ বাতৰি এনেকুৱাও ওলাল যে চীনে তেজপুৰ দখল কৰি পেলাইছে আৰু অতি কম সময়ৰ ভিতৰতে ৫০০ চাইনিজ পেৰাট্ৰুপাৰ ভাৰতৰ ৰাজধানী মহানগৰী দিল্লীত নামি পৰিব৷
প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেনন আৰু বল্লভ ভাই পেটেলে চীনৰ গোপন কাৰ্যসূচীৰ প্ৰতি প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুক বাৰম্বাৰ সকীয়াই আহিছিল৷ কৃষ্ণ মেননে বিচাৰিছিল দেশৰ প্ৰতিৰক্ষাৰ দিশটো সবল হওক৷ আনহাতে, চৰ্দাৰ পেটেলে ১৯৫০চনৰ ৪নৱেম্বৰত উপ-প্ৰধান মন্ত্ৰী হৈ থকা অৱস্থাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ছাৰ গিৰিজা শংকৰ বাজপায়ীলৈ চিঠি লিখিছিল৷ ৭নৱেম্বৰত গৃহমন্ত্ৰী হৈ থকা অৱস্থাতো 'লৌহ মানৱ'জনে কে. এম. পানিক্কৰক চীনত ভাৰতীয় ৰাষ্ট্ৰদূত নিযুক্ত কৰাক লৈ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ লিখিছিল৷ দুয়োখন পত্ৰতে আগজাননী হিচাপে কেতবোৰ দৰকাৰী কথা উনুকিয়াই দিছিল৷ নেহৰুৱে পেটেলৰ পৰামৰ্শক গুৰুত্বই নিদিলে৷ 'হিন্দী-চীনী ভাই-ভাই' গদগদ বাণীৰে শান্তি আৰু গান্ধীবাদী অহিংসাত বিশ্বাসী আৰু চীন-ভাৰত মৈত্ৰীত অন্ধবিশ্বাসী নেহৰু আছিল উদ্বেগহীন৷ ফলত দেশৰ সৈন্য বাহিনীক প্ৰয়োজন অনুপাতে শক্তিশালী ৰূপত গঢ় দিয়াটো হৈ নুঠিলগৈ৷ চীনে আক্ৰমণ নকৰে বুলি ভাব লৈ থাকোঁতেই সময় অতীত হ'ল৷ ফলত সেকাটো হাতে হাতে পালে৷ আমোদজনকভাৱে, আকচাই চীন সন্দৰ্ভত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্ৰীজনে সংসদত ক'লে, ''আকচাই চীনত এডাল ঘাঁহো নগজে৷ গতিকে সেই এলেকা হেৰুৱালেও একো ক্ষতি নাই৷'' তেনেকুৱাতে মহাবীৰ ত্যাগী নামৰ এজন সাংসদে মুখ পাতি ধৰিলে৷ নেহৰুৰ টপা মূৰটোলৈ আঙুলিয়াই তেওঁ ক'লে, ''সেই মূৰটোত এডালো চুলি নগজে৷ তেনেহ'লে সেইটো কাটি পেলোৱা বা কাৰোবাক দি দিয়াটো উচিত হ'ব?'' প্ৰধান মন্ত্ৰী ৰঙা-ছিঙা পৰিল৷
নেহৰুৰ আজলমঠালি, সৈন্য বাহিনীৰ ঊৰ্ধ্বতন বিষয়াৰ মাজত খামখেয়ালি, শৃংখলাহীনতা, সংঘবদ্ধতাহীনতা, পৰিকল্পনাহীনতা আদিকেই এই শোচনীয় পৰাজয়ৰ কাৰণ হিচাপে ঠাৱৰ কৰা হয়৷ প্ৰতিৰক্ষা ব্যৱস্থা বুলিবলৈ একোৱেই নাছিল৷ পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী, দৰব-পাতি, কাপোৰ-কানি, ফৌজ, উন্নত অস্ত্ৰ-শস্ত্ৰ আদি সকলোবিলাকৰে ভীষণ অভাৱে দেখা দিছিল৷ ইণ্ডিয়ান আৰ্মীৰ পৰিচৰ্যা, প্ৰশিক্ষণ, সংগঠনিক দিশৰ উপৰি যুদ্ধাস্ত্ৰৰ ফোঁপোলা স্বৰূপটো ওলাই পৰিছিল৷ মাত্ৰ সাহসক সাৰথি কৰিয়ে যুঁজ দি সৈনিকে মৃত্যুক সাবটিব লগা হৈছিল৷ দক্ষ ৰাষ্ট্ৰনেতাৰ অভাৱ, ৰাজনৈতিক পৰিপক্কতাৰ অভাৱত ১৪নৱেম্বৰৰ পৰা ১৮নৱেম্বৰলৈ হাজাৰ হাজাৰ চিপাহীয়ে পূৰ্বোত্তৰত চীনা আক্রমণ প্ৰতিহত কৰিবলৈ গৈ অবাবত প্ৰাণ জলাঞ্জলি দিবলগীয়া হ’ল দেশৰ নিৰাপত্তাৰ নামত, আমাৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত৷

সামৰিক বাহিনীৰ পৃষ্ঠপোষকতাত ৱালং, কিবিথোৰ ৰাস্তাৰ কাষে কাষে সেইসকল মৃত সেনা জোৱানৰ নামত সোঁৱৰণী বেদী সাজি সামৰিক কায়দাৰে আজিও তেওঁলোকৰ স্মৃতিক সুঁৱৰি অহা হৈছে৷ ৱালং ৱাৰৰ সোণালী জয়ন্তীও পালন কৰা হৈছে৷ তেনে ছহিদ স্মাৰকত এই ভ্ৰমণৰ আপাহতে আমিও শ্ৰদ্ধা নিৱেদন কৰিবলৈ পালোঁ৷ নগণ্যসংখ্যক কেইজনমান বেয়া শাসকৰ মতগৰ্বী মনোভাবৰ কাৰণে হাজাৰোধিক সৈনিক আওমৰণে মৰিবলগীয়া হোৱা কথাটোৱে মনোকষ্টৰ উদ্ৰেক নকৰাকৈ নাথাকিল৷ 'There are no bad soldiers, only bad leaders.' কথাষাৰ ঘনে ঘনে মনত দোলা দি থাকিল৷
পৰৱৰ্তী লেখা :
৩১. My heart goes out ... to the people of Assam
No comments:
Post a Comment