অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
১৯৫৪চনৰ ২৯এপ্ৰিলত চীন আৰু ভাৰতৰ মাজত শান্তিপূৰ্ণ সহাৱস্থানৰ
লক্ষ্যৰে পঞ্চশীল চুক্তি নামে ৫দফীয়া পদক্ষেপ লোৱা হৈছিল৷ তিব্বতৰ ওপৰত চীনৰ কৰ্তৃত্বক
ভাৰতে স্বীকাৰ কৰি লৈছিল৷ ভাৰতীয় সংবিধানৰ জনক ভীমৰাও ৰামজী আম্বেদকাৰে উচ্চ
সদনত ক’লে যে লাছাৰ ওপৰত চীনক দখলদাৰী
চলাবলৈ এৰি দিয়াটোৱে তেওঁলোকৰ সীমা ভাৰতৰ সীমালৈ নামি অহাত সহায় কৰিব৷ আগ্ৰাসন চলাই
ভাল পোৱা লোকে আগ্ৰাসন চলাই যাব৷ ১জুলাই তাৰিখে প্ৰধান মন্ত্ৰী নেহৰুৱে ভাৰতৰ
স্থিতি স্পষ্ট কৰি উল্লেখ কৰিছিল যে আকচাই চীন শতিকাপ্ৰাচীন ভাৰতীয় লাডাখ অঞ্চলৰ অংশ৷
গতিকে মেকমোহন ৰেখাই নিৰ্দিষ্ট কৰাৰ পিছত সীমাৰ ক্ষেত্ৰত বুজাবুজিৰ কথা নাহে৷ তেওঁ
এটা জাননী দিলে যে পূৰ্বতে থকা সীমাকে ধৰি সকলোফালৰ সীমান্ত দেখুৱাকৈ দেশৰ মানচিত্ৰৰ সংশোধনী হ’ব লাগে৷ পূবদিশে দেখুওৱা হিমালয়
পৰ্বতমালাৰ পাদদেশত থকা সীমা নতুন মেপত সংশোধন হ’ব লাগে৷ কোনো কোনো স্থানত সেয়া মেকমোহন লাইনৰ পৰা কেই
কিল’মিটাৰমান উত্তৰত হ’ব৷ এই নতুন মানচিত্ৰসমূহত ভূটান
আৰু ছিক্কিমৰো সংশোধনী হ’ব লাগে৷ সেই সময়তে ভাৰতে চীনক মেকমোহন লাইন সম্বলিত সীমান্তৰ এখন মানচিত্ৰ দিছিল য’ত চীনৰ কোনো অভিযোগ নাছিল৷ আনহাতে
ভাৰত চৰকাৰে বিবাদমান এলেকাটোৰ দাবীৰে প্ৰমাণ সহকাৰে জমা দিয়া চূড়ান্ত প্ৰতিবেদনক ‘পেটাৰছন অফ তিব্বত’ বুলি খ্যাত জৰ্জ নেইলছন পেটাৰছনে
পুতৌজনক আৰু সন্দেহজনক আখ্যা দিয়ে৷
পঞ্চশীল চুক্তি সম্পাদনৰ পিছত ১৯৫৪চনৰ জুন মাহত চৌ এন-লায় ভাৰতলৈ আহিছিল৷ আনফালে চীনে টাইৱানৰ ওপৰতো নিজৰ আধিপত্য দাবী কৰি আহিছিল৷ ফেব্ৰুৱাৰী মাহত ভাৰতে টাইৱানৰ ওপৰত চীনৰ উক্ত আধিপত্যত স্বীকৃতি প্ৰদান কৰে৷ উক্ত বছৰৰে অক্টোবৰত নেহৰুৱে বেইজিং ভ্ৰমণ কৰে৷ আনহাতে ১৯৫৫চনৰ ২মাৰ্চ তাৰিখে উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ চীনৰ চৰকাৰী মানচিত্ৰত সুমুওৱা কাৰ্যৰ ভাৰতে বিৰোধিতা কৰিছিল৷
পঞ্চশীল চুক্তি সম্পাদনৰ পিছত ১৯৫৪চনৰ জুন মাহত চৌ এন-লায় ভাৰতলৈ আহিছিল৷ আনফালে চীনে টাইৱানৰ ওপৰতো নিজৰ আধিপত্য দাবী কৰি আহিছিল৷ ফেব্ৰুৱাৰী মাহত ভাৰতে টাইৱানৰ ওপৰত চীনৰ উক্ত আধিপত্যত স্বীকৃতি প্ৰদান কৰে৷ উক্ত বছৰৰে অক্টোবৰত নেহৰুৱে বেইজিং ভ্ৰমণ কৰে৷ আনহাতে ১৯৫৫চনৰ ২মাৰ্চ তাৰিখে উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ চীনৰ চৰকাৰী মানচিত্ৰত সুমুওৱা কাৰ্যৰ ভাৰতে বিৰোধিতা কৰিছিল৷
১৯৫৫চনত চীনৰ দ্বাৰা লাডাখেৰে নেফা অভিমুখীকৈ তিব্বত-চিংকিয়াং
হাইৱে’ৰ নিৰ্মাণ পূৰ্ণ গতিত চলিব লাগিল৷ চীনৰ বিপক্ষে যুঁজিবলৈ আমেৰিকা চৰকাৰৰ চেণ্ট্ৰেল ইনটেলিজেন্স এজেন্সি (চি.আই.এ.)য়ে ১৯৫৬চনৰ আৰম্ভণিতে তিব্বেতান গেৰিলা আমদানিৰ
বাবে পশ্চিম বংগৰ কালিম্পঙক কেন্দ্ৰ কৰি ভাৰতীয় এলেকা ব্যৱহাৰ কৰিব ধৰিলে৷
১৯৫৬চনত নেহৰুৱে চীনা প্ৰধান চৌ এন-লায়ৰ ওচৰত চিন্তা
ব্যক্ত কৰিলে যে চীনৰ মেপত ১,২০,০০০বৰ্গকিল’মিটাৰ ভাৰতীয় এলেকা চীনৰ ফালে সুমুৱাই লোৱা হৈছে৷ চৌৱে
কথাষাৰ মানি ল’লে আৰু জনালে যে মেপসমূহত ভুল-ভ্ৰান্তি
থাকিব পাৰে৷ সেয়া কোনো চিন্তাৰ বিষয় নহয়৷ তেওঁ আৰু ক’লে যে মেপসমূহৰ য’ত য’ত এনে ভুল হৈছে সেইবোৰ পূৰ্বৰ
বছৰবোৰৰ সৈতে মিলাই চাই সংশোধন কৰাৰ প্ৰয়োজন আছে৷ ১৯৫৬চনৰ নবেম্বৰত তেওঁ দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ কৰে৷ চৌৱে তেতিয়া পুনৰাবৃত্তি কৰিলে যে সেই মেপবিলাকৰ ভিত্তিত তেওঁৰ কোনো দাবীও নাই৷
নেহৰুৰ চিন্তা আছিল তিব্বত সংক্রান্তত ভাৰত আৰু
চীনৰ মাজত চুক্তি আৰু বুজাবুজিৰ মাজেৰে শক্তিশালী সম্পৰ্ক গঢ়ি তোলা৷ পিছে তিব্বতক লৈয়ে
দুয়ো দেশৰ ৰাজনীতিকৰ মাজত যথেষ্ট ভুল বুজাবুজিৰো উদ্ৰেক হ’ল৷ তিব্বতৰ ডালাই লামাক স্থান
দিয়া, তিব্বতৰ সশস্ত্ৰ প্ৰতিৰোধী আন্দোলনত উৎসাহ যোগোৱা কাৰ্যই হিতে বিপৰীতহে কৰিলে৷
চীনেও তিব্বত সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী সম্প্ৰসাৰণমূলক আৰু সন্দেহজনক বুলি ধৰি ল’লে৷ বৌদ্ধ ধৰ্মৰ পীঠস্থান আৰু
ভাৰতীয়ৰ ওপৰত সাংস্কৃতিক প্ৰভাৱ থকা বাবেই তিব্বতৰ প্ৰতি ভাৰতৰ সেই আৱেগিক সহনশীলতা
আৰু আশ্ৰয়ৰ মনোভাব জন্ম পোৱা বুলি বহুতে ক’ব খোজে৷
১৯৫৬-৫৭চনত চীনে জিনজিয়াং আৰু তিব্বতক সংযোগ কৰি
আকচাই চীনৰ মাজেদি কেইবা ঠাইটো জনছন লাইনৰ দক্ষিণেৰে পথ নিৰ্মাণ কৰে৷ আকচাই চীনলৈ চীনাসকল
সহজে আহ-যাহ কৰিব পাৰিছিল৷ আনহাতে ভাৰতৰ পৰা কাৰাকোৰাম পৰ্বতমালাৰে তালৈ যোৱাটো আছিল
অতি কঠিন৷ ১৯৫৮চনত প্ৰকাশিত চীনৰ মানচিত্ৰত সেই পথটো দেখুওৱা হৈছিল৷ যেতিয়া গম পোৱা
গ’ল যে চীনে জিনজিয়াং আৰু তিব্বতৰ
মাজত আকচাই চীনেৰে ৰাস্তা সাজিছে তেতিয়া ভাৰতীয়ক জোৰ-জবস্তি কৰা হৈছিল৷ ইতিহাসৰ ফালৰ
পৰা আকচাই চীন ভাৰতৰ লাডাখৰ এটা অংশ আছিল বুলি ভাৰতে কৈ আহিছিল৷ ৪ছেপ্টেম্বৰত ভাৰতে উত্তৰ অসম আৰু নেফাক চীনৰ মেপত দেখুৱাক লৈ আপত্তি উত্থাপন কৰে৷
১৯৫০চনৰ পৰা ১৯৫৮চনলৈ সীমান্তৰ পৰিস্থিতি সুস্থিৰ
হৈ আছিল৷ চীনে আলোচনাৰ মাজেৰে সীমা সমস্যাটোৰ সন্তোষজনক সমাধান হোৱাটোতে লাগি আছিল৷
কিন্তু বিদ্ৰোহীয়ে যেতিয়া তিব্বতত উত্তেজনাৰ সৃষ্টি কৰিলে, তেতিয়া ভাৰত চৰকাৰে তেওঁলোকক
সহায় কৰাৰ লগতে উচতনি দিয়াই নহয়, ভাৰতত চলা চীনবিৰোধী কাৰ্যকলাপ দেখিও নেদেখাৰ ভাও
জুৰিলে৷ তদুপৰি চীনৰ এটা বৃহৎ এলেকাৰ উল্লেখেৰে ভাৰতে আনুষ্ঠানিকভাৱে চীন চৰকাৰলৈ তাৰ
দাবী জনালে৷ পূব দিশত চীন এলেকাত থকা বৈধ ভাৰতীয়ক মান্যতা প্ৰদানৰ লগতে পশ্চিম দিশৰ
আকচাই চীন ভাৰতৰ বুলি চিহ্নিত কৰিবলৈ বেইজিঙক হেঁচা দিলে ভাৰতে৷ কিন্তু সেই এলেকা ভাৰতৰ
নাছিল৷ ফলত পৰিস্থিতি বেয়াৰ ফালে যাব ধৰিলে৷ আগ্ৰাসী ভাবেৰে ভাৰতে চীনা এলেকাৰ দাবীয়েযে
কৰি গ’ল তেনে নহয়, সীমা পৰিৱৰ্তনৰ বাবে
একপক্ষীয়ভাৱে শক্তিৰো প্ৰয়োগ কৰিব ধৰিলে৷
চীনে মেকমোহন লাইনডালক চীন-ভাৰতৰ মাজৰ আন্তৰ্জাতিক
সীমাৰেখাৰূপে আগৰে পৰাই স্বীকৃতি দিয়া নাছিল৷ বিপৰীতে পৌৰাণিকতাৰ আধাৰত নিজাববীয়াকৈ
উদ্ভাৱন কৰা ‘লাইন অফ একচুৱেল কণ্ট্ৰল’ (এল.এ.চি.) অৰ্থাৎ প্ৰকৃত নিয়ন্ত্ৰণ
ৰেখাৰহে পোষকতা কৰি আহিছিল৷ এল.এ.চি. হৈছে ভাৰত আৰু চীনৰ মাজৰ সীমা নিৰ্ধাৰক যিয়ে ভাৰত
অধিকৃত ভূভাগক চীনা নিয়ন্ত্ৰিত এলেকাৰ পৰা পৃথক কৰিছে৷ ১৯৫৯চনতে চীনে নিৰ্দিষ্ট কৰা
সেই ৰেখাক লৈও অৱশ্যে উভয় দেশৰ মাজত যথেষ্ট বিতৰ্ক আছিল৷ ৫খন ভাৰতীয় প্ৰদেশ ক্রমে জম্মু
আৰু কাশ্মীৰ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিক্কিম আৰু অৰুণাচল প্ৰদেশক চুই অথালি-পথালিকৈ
পাৰ হৈছে সেই সীমাৰেখা যাৰ দৈৰ্ঘ্য ৪,০৫৬কিল’মিটাৰ৷ মধ্যাংশত অমীমাংসিত এলেকা এটা৷ চীনৰ দিশে ই তিব্বত
স্বায়ত্তশাসিত এলেকাকো সাঙুৰিছে৷ উল্লেখ্য যে চীন আৰু ভাৰতৰ মাজত পৰৱৰ্তী সময়ত, ১৯৬২চনত
সংঘটিত যুদ্ধখনৰ পিছৰ পৰা ১৯৯৩চনত উভয় দেশে চৰকাৰীভাৱে গ্ৰহণ কৰা দ্বিপাক্ষিক চুক্তি
নোহোৱা পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা নামৰ উক্ত সীমাৰেখাক চীনে একপক্ষীয়ভাৱেই বলবৎ
কৰি আহিছিল৷
১৯৫৯চনৰ ২৩জানুৱাৰীত নেফা আৰু লাডাখৰ ৪০,০০০বৰ্গকিল'মিটাৰ ভূমি চীনৰ বুলি চৌ এন-লায়ে চৰকাৰীভাৱে দাবী উত্থাপন কৰে৷ ইফালে ৩০মাৰ্চত তিব্বতৰ লাছাৰ পৰা নিৰ্বাসিত ডালাই
লামাই ভাৰতৰ দ্বাৰা আশ্ৰয় পোৱাত চীনৰ শীৰ্ষ নেতা মাও চে-তুং যেন ভীষণ অপদস্থ হ’ল! চীনা সংবাদ মাধ্যমত তিব্বতৰ
বিষয়টোৱে প্ৰৱলভাৱে স্থান পালে৷ জিনহুৱা নিউজ এজেন্সিৰ জৰিয়তে ১৯এপ্ৰিলত তিব্বতত চলা
ভাৰতৰ অজ্ঞাত সম্প্ৰসাৰণবাদী কাৰ্যকলাপৰ বিষয়ে সদৰি হ’ল৷ তিব্বতৰ আঁচনিক লৈ মাৱে ২৫এপ্ৰিলত
নেহৰুক মুক্তভাৱে সমালোচনা কৰাৰ সিদ্ধান্ত ল’লে৷ পৰিস্থিতি সঠিকভাৱে অধ্যয়ন নকৰি নেহৰুৱেও ভুলতে ভাবি
ল’লে যে চীনে তিব্বতত বিদ্ৰোহীক
দমন কৰিব পৰা নাই আৰু ভাৰতৰ পৰা সহায় বিচাৰিব৷
ধীৰে ধীৰে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পালে
যেতিয়া মাৱে প্ৰকাৰান্তৰে ক’লে যে তিব্বতত বিদ্ৰোহীৰ জন্মদাতা ভাৰতেই৷ ১৯৫৯চনৰ ৬মে’ত প্ৰকাশ কৰা ‘তিব্বতৰ বিপ্লৱ আৰু নেহৰুৰ দৰ্শন’ শীৰ্ষক লেখা এটাত মাৱে তিব্বতৰ
বিদ্ৰোহীক উৎসাহ যোগোৱা বুলি ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰীগৰাকীক পোনপটীয়াকৈ দোষী
সাব্যস্ত কৰিলে৷ তিব্বতত চীনৰ শাসন কাৰ্যত ভাৰতক লৈ ওপজা সন্দেহ আৰু সেই সম্পৰ্কে চীনৰ
স্পষ্ট দৃষ্টিভংগীয়ে আছিল সেই লেখাটোৰ মূল উপজীব্য, যিটোক পিছৰ দিনবোৰত চীন-ভাৰতৰ যুদ্ধখন
সূচনা হোৱাৰ এটা প্ৰধান কাৰক হিচাপে ঠাৱৰ কৰা হৈছে৷ চীনে ক’লে যে ভাৰতবৰ্ষ সাম্ৰাজ্যবাদী
শত্ৰু হৈ পৰিছে৷ নেহৰু আৰু তেওঁৰ বুৰ্জোৱাৰ দলে তিব্বতত চীনে সম্পূণৰ্ভাৱে আধিপত্য
বিস্তাৰ কৰাটো ৰোধ কৰিবলৈ চেষ্টা চলাই আহিছে আৰু খণ্ডিত এলেকা এটা সৃষ্টিৰ প্ৰয়াস কৰিছে৷
একেদিনাই চৌ এন-লায়ে নেহৰুৰ শ্ৰেণী-চৰিত্ৰক তিৰস্কাৰ কৰিলে৷ নেহৰু আৰু ভাৰতীয় উচ্চ
শ্ৰেণীয়ে তিব্বতত সংস্কাৰৰ বিৰোধীয়েই নহয়, সেয়া অসম্ভৱ বুলিও মন্তব্য কৰিছিল৷ চৌ এন-লায়ে
ক’লে যে দীৰ্ঘদিন ধৰি পিছ পৰি থকা
তিব্বতক চীন আৰু ভাৰতৰ মাজত খণ্ডিত এলেকা হৈ থকাটোকে বিচাৰে ভাৰতে৷ তেওঁলোকৰ মতলবটোৱে
তেনেকুৱা৷ চীন-ভাৰত সংঘাতৰ কেন্দ্ৰও যেন তাতেই!
পৰৱৰ্তী লেখা :
পৰৱৰ্তী লেখা :
২৪. আলোচনাৰ পৰিৱৰ্তে অবিশ্বাস আৰু ৰক্তাক্ত সংঘাত
No comments:
Post a Comment