অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন ছয় ৷৷ দিনাংক ১৫.৪.২০১৫
ঘড়ীত তেতিয়া পুৱা ৬.০০ বাজে৷ আগৰাতিৰ আলোচনা কাৰ্যকৰী
কৰি চাহটোপা খায়ে আমি সাজু হ’লোঁ৷ অনিলদাই হিচাপ-পত্ৰৰ লেঠা মাৰিলে৷ আমাৰ প্ৰতি প্ৰদৰ্শন কৰা আতিথেয়তাৰ
বাবে গণেশ আৰু দীপকক কৃতজ্ঞতা জনালোঁ৷ দুয়োকে মাত লগাই গাড়ীত উঠিলোঁগৈ৷ পৰস্পৰ বিদায়ী
চাৱনিৰ মাজেৰেই যাত্ৰী নিৱাসৰ লোৰ মস্ত গে’টখনেৰে আমাৰ গাড়ীখন গহীন গতিৰে ওলাই আহিল৷ লক্ষ্যস্থান
নামনি ডিবাং উপত্যকা৷ অৰ্থাৎ, এটা ফালৰ পৰা আন এটা ফাল৷
লাহে লাহে নামিবলৈ আৰম্ভ কৰি কণমানি চহৰখনৰ মাজেদি পাৰ হ'লোঁ৷ আগুৱাই পালোঁগৈ লোহিতৰ পাৰ৷ পৰ্বতৰ ওপৰতে অলপ সময়ৰ বাবে ৰ’বলৈ বাধ্য হ’লোঁ৷ গাড়ীৰ পৰা আটায়ে নামি লৈ সেই উচ্চতাৰ পৰাই তলত দৃশ্যমান আঞ্জাৱ ব্ৰীজখন আৰু চৌপাশৰ মনোমুগ্ধকৰ দৃশ্যাৱলী নয়ন ভৰি চালোঁ৷ ঢৌ খেলোৱা পানীবোৰ পুৱাৰ কিৰণ পৰি জল্মলাই আছে৷ লোহিত উপত্যকাৰে সূৰ্যটো নামি আহিছে৷ পুৱাতেই প্ৰকৃতিৰ তেনেকুৱা এক বিনন্দীয়া কাৰুকাৰ্য দেখি আপ্লুত নহৈ নোৱাৰিলোঁ৷ মনটোত অৱশ্যে বেয়াও লাগিল৷ কাৰণ সেই নিষ্কলুষ, অবৰ্ণনীয় ৰূপ-মাধুৰী ত্যাগ কৰি মানুহ আৰু কংক্ৰিটৰ অৰণ্যৰ দিশে ক্ৰমাৎ আগুৱাই যাবলৈ উদ্যত হৈছোঁ আমি, সভ্যতাৰ নামত য'ত চলিছে প্ৰকৃতি-মাতৃৰ নিৰ্বিচাৰ ধ্বংসযজ্ঞ৷
লোহিতৰ সিপাৰ হৈয়ে চাংৱিনটি৷ ভাৰতৰ শেষ পূবলৈ যোৱা পথটোৰ সংযোগস্থল৷ আচলতে পথ বুলিবলৈ সেই একেটায়ে মাত্ৰ৷ বিকল্প নাই৷ সেই পথেৰেই এইবাৰ বাঁওহাতে ঘূৰি পশ্চিমমুৱা হৈ চলিব ধৰিলে আমাৰ উভতনি যাত্ৰাটো৷ হায়ুলিয়াং পাৰ হ'লে খুপা পাম৷ তাত গাড়ীখনত টেংকী ভৰ্তিকৈ ডিজেল ভৰাই ল'ব লাগিব৷ সিদ্ধান্তটো কালিয়ে লৈ থোৱা আছে৷ সীমান্তৰ ফালৰ পৰা আহিলে সেইটোৱে প্ৰথম তেল ডিপ’৷ ইন্ধন লৈ লোহিত জিলাৰ সদৰ তেজুৰ মাজেৰে আমি পাবগৈ লাগিব ৰ’য়িং৷ তাৰ মানে ল’ৱাৰ ডিবাং ভেলী জিলা৷ আজিৰ যাত্ৰাটোত আমি এইখন ৰাজ্যৰ মুঠতে তিনিখন জিলা চুই যাম৷ ভৌগোলিকভাৱে হাৱাই পাৰ্বত্য যদিও তেজু আৰু ৰ’য়িং সমতল প্ৰভাৱিত অঞ্চল৷ তেজুলৈ মই আগতে গৈছোঁ, ৰ'য়িঙলৈ যোৱা হোৱা নাই৷
অকাই-পকাই হায়ুলিয়াং পালোঁহি৷ ইয়াত ৰোৱাৰ সকাম নাই৷ গহীনাই পাৰ হৈ গৈ থাকিলোঁ৷ কিছুবেলিৰ পিছতে মূল পথটোৰ পৰা ফালৰি কাটি সোঁহাতেৰে পোনাই উঠিলোঁগৈ খুপাত৷ চিমা আৰু কমললৈ মনত পৰিল৷ সিদিনা এৰাতি ইয়াত ধৰ্মেনৰ বাংলোত থাকি গৈছোঁ৷ সিহঁতৰ মৰম আৰু পৰিচৰ্যা লাভ কৰিছোঁ৷ ইফালে-সিফালে ফুৰি-চাকি ঠাইখন চাইছোঁ৷ খুপাৰ আতিথ্য আৰু সৌন্দৰ্য উভয়তে আপ্লুত হৈছোঁ৷ বন্ধুক লগ নোপোৱাৰ ক্ষোভ এটাহে থাকি গ'ল৷ সি এতিয়াও ইটানগৰত৷ কালি ফোনত কৈছে, 'আকৌ আহিবি৷ এইবাৰ একেলগে পিকনিক খাবলৈ যাম আমি৷ ইয়াত বহুত স্পট আছে৷ তোক দেখুৱাম৷' আহিব লাগিব৷ চহৰৰ হেমগেমৰ পৰা আঁতৰত অৱস্থিত এই নিৰিবিলি, নিজঞ্জাল ঠাইবোৰৰ বেলেগ এক ধৰণৰ আকৰ্ষণ আৰু মাদকতা আছে৷ তাকে শুনি অৰুণদায়ো কৈ আছে, 'আহিম দিয়ক৷ খুপালৈকে মোৰ একো চিন্তা নাই৷ আহিব পাৰিম৷ হেলমেট টপতহে কিন্তু কোনো কাৰণতে নুঠো আৰু৷' অৰুণদাৰ হাইট ফ'বিয়া! ইফালে জপ কৰি আছে মায়'ডিয়া, মায়'ডিয়া! কি হ'বগৈ নাজানো৷ গৈ থাকোচোন, সময়ত দেখা যাব৷
পূৰ্বোত্তৰৰ অন্তিম পে’ট্ৰল পাম্পটোলৈ গাড়ীখন সোমাই গ'ল৷ ঘড়ীত ৮.৩০ মান বাজিছিল তেতিয়া৷ তেল সুমুৱাই থকাৰ সুযোগতে গাড়ীৰ পৰা নামিলোঁ৷ ধৰ্মেনৰ সৈতে ফোনেৰে যোগাযোগ চলিল৷ পাই গ'লোঁ৷ ক’লোঁ, ‘আজি তেজুলৈ গৈ আছোঁ৷ খুপা পাইছোঁহি৷ মাক চাই যাম৷ ফোন নম্বৰ কি আছে দে৷’ লগে লগেই সি ভনীয়েকৰ নম্বৰটো এছ.এম.এচ. কৰি দিলে৷ তাইক মোৰ এই আচম্বিত আগমনৰ কথা ইটানগৰৰ পৰাই ফোন কৰি কৈও দিলে৷ ভনীক মই অংক শিকাইছিলোঁ, এযুগ আগতে, তেজুত থকা সিহঁতৰ ঘৰলৈ যাওঁতে৷ তাই চাগৈ এতিয়া বৰ এজনী হ’ল৷ আৰু সৰু? ফিজিকেলি হেণ্ডিকেপ্ড সৰু ভনীয়েকজনী, যি মোক সিহঁতৰ ঘৰলৈ যাওঁতে পৰম বন্ধুৰ নিচিনাকৈ হাত এখনেৰে গলধনটোতে অনবৰত সাবটি ধৰি বহি ৰৈছিল৷ ককাইদেউ, ককাইদেউ বুলিও অস্পষ্ট ভাষাৰে কিবাকিবি কথা সুধি ব্যতিব্যস্ত কৰি ৰাখিছিল সেইকেইদিন৷ তাই বাৰু কেনে আছে? আৰু ধৰ্মেনৰ মাক? মোৰ ইচ্ছাৰ কথাটো জানি কেইদিনমানৰ আগতে সি কৈছিল, ‘মা বুঢ়ী হৈ গ’ল৷ শৰীৰ ভাল নহয়৷ তেজুতে আছে৷ তই লগ ধৰিব পাৰিবি৷ আহি যাবি৷’
শকুন্তলাৰ নম্বৰটো পাই ডায়েল কৰিলোঁ৷ শকুন্তলা ভনীৰ ভাল নাম৷ কথাতে ধৰা পেলালোঁ যে তাই মোক পাহৰিলে! পাহৰিবৰ কথাই৷ ৯৩চনৰ পৰা আজি কিমান বছৰ হ’ল? একে উশাহতে চব কথা কৈ দিলোঁ৷ 'কিবিথোলৈ গৈছিলোঁ৷ হাৱাইৰ পৰা এয়া ঘূৰি আহি আছোঁ৷ এতিয়া খুপাত তেল ভৰাই আছোঁ৷ তেজুত তোমালোকক লগ পাম দেই৷ তাত সোমাই মই ৰ’য়িঙলৈ যাম৷’ বাইদেউ জ্যোতি, ভাইটি কণ সকলোৰে খবৰ-বাতৰি ল’লোঁ৷ শকুন্তলা ভেটেৰিনেৰী ডাক্তৰ হ’ল৷ বিয়াও দিলে কেতিয়াবাতে৷ পৰিয়ালো বাঢ়িল তাইৰ৷ ভাইটি পাছিঘাটত৷ সি গভৰ্ণমেণ্ট পলিটেকনিকৰ প্ৰিন্সিপাল৷ বাইদেউৰ চাকৰি এতিয়াও তেজুৰ ডি.চি. অফিচতে৷ সকলোৰে অৱস্থা ভাল বুলি জানি মোৰো মনত অপাৰ আনন্দ জাগিল৷ ‘তেজু সোমাওঁতেই মোক ৰিং এটা কৰি দিব৷ মই ৰৈ থাকিম৷’ তাই ক’লে৷
পৰৱৰ্তী লেখা :
৫. অৰুণাচলৰ কেতেকী
৫. অৰুণাচলৰ কেতেকী
No comments:
Post a Comment