Tuesday, 18 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন পাঁচ ৷৷ দিনাংক ১৪.৪.২০১৫
৬. ৱালঙক বিদায় জনাই হাৱাই অভিমুখে



হট স্প্ৰীঙত স্নান কৰাৰ আনন্দ দেহে-মনে ছটিয়াই ওপৰত ৰখাই থোৱা গাড়ীখনৰ কাষ পালোঁহি৷ আই.বি. অভিমুখে চকা ঘূৰিবলৈ আৰম্ভ কৰিলে৷ টিংকাৰ ঘৰটোৰ আগেৰে পাৰ হওঁতেই ওপৰ মহলাত চকামকাকৈ তাইক দেখা পালোঁ৷ খেয়াল হ’ল যে তাইক একো এটা দিয়া নহ’ল৷ মাতষাৰ দি যাওঁ বুলি পেটেলক হেঁচুকি গাড়ীখন ৰখালোঁ৷ অৰুণদাৰ হাতত প'হ' আছে নেকি সুধিলোঁ৷ লগত নাই৷ আই.বি.ত বেগৰ ভিতৰতে থাকি আহিল৷ কাৰবি ভাষাত তাৰি বুলি কোৱা, নালটো ভাঁজ কৰিব পৰা সৰু জোখৰ কটাৰী এখন মোনাৰ ভিতৰত আছিল৷ সেইখনো অথনি পেটমাক দি আহিল, 'ল, পাচলি কুটিবি' বুলি৷ চিন্তা কৰিলোঁ, কি কৰা যায়? মোৰ বেগৰ ভিতৰত শেষ বুলি এখনেই কেলেণ্ডাৰ বাচি আছিল৷ ডিকি খুলি সেইখনকে টান মাৰি উলিয়াই হাতত ল’লোঁ৷ বাকীসকল গাড়ীতে বহি থাকিল৷ দৌৰি দৌৰি গে’টৰ ভিতৰলৈ গৈ ‘টিংকা দিদি’ বুলি মতাত খপজপকৈ তাই নামি আহিল৷ গলধনত কেঁচুৱা এটা৷ আমাৰ তৰফৰ পৰা উপহাৰ বুলি তাকে মৰমেৰে হাতত তুলি দিলোঁ৷ লগতে মোৰ ভিজিটিং কাৰ্ড এখনো৷ ৰাতি বৰষুণৰ বাবে নহা, এতিয়া সুকলমে ট্ৰেকিং কৰি অহাৰ কথাও থাউকতে জনালোঁ৷ আমি সফল হোৱা বুলি জানি তাই আনন্দিত হ’ল আৰু হাঁহিলে৷ এইবাৰৰ হাঁহিটোত প্ৰশংসাৰ ভাব মিহলি হৈ থকাটো মন কৰিলোঁ৷ ‘আছামৰ পাহাৰৰ পৰা অহা এইকেইটা কম বস্তু নহয়’ বুলিয়ে ভাবিলে চাগৈ৷ সোনকালেই টিংকাৰ পৰা বিদায় মাগিব লগা হ’ল৷ পিছত গাড়ীৰ ভিতৰত কথা ওলাল যে কালি পেটলাকেইটাই পাহাৰ উঠিব নোৱাৰি ঘূৰি আহিছিল৷ আনহাতে আমি কোনো লগ-ভাগ নোহোৱাকৈয়ে অভিযান পূৰা কৰি আহিলোঁ৷ গতিকে কেলেণ্ডাৰখন টিংকাক দিয়াটো যুগুত হৈছে৷ সেইখনেই তাইক কৈ থাকিব আমি ক’ৰ মানুহ৷ অন্ততঃ ২০১৫বৰ্ষটো শেষ নোহোৱালৈকে আমাৰ অস্তিত্ব তাইৰ বেৰত ওলমি ৰ'ব৷ তেনেকৈয়ে স্মৃতিচাৰণো হয়তো নীৰৱে চলি থাকিব৷

আৰ্মী কেণ্টনমেণ্টৰ ৱে’ট কেণ্টিনৰ সন্মুখ পালোঁহি৷ গাড়ীখন ৰাখিবলৈ কৈ সঞ্জু নামি গ’ল৷ আমি বহি ৰ’লোঁ৷ লাগতিয়াল কিবাকেইপদমান ঘপাঘপ কিনিলে৷ এয়াই শেষ সুযোগ৷ তাৰ পৰা চিধাই আহি আই.বি.ত উপস্থিত হ’লোঁ৷ সিফালে নিৰ্জনতাৰ মাজত অকলশৰে ৰৈ ৰৈ অনিলদাৰ আমনি লাগিছিল৷ পিছফালৰ বাৰাণ্ডাত বহি কিতাপ পঢ়ি অলপ পৰ কটালে৷ গগৈৰ সৈতে কথাৰ মহলা মাৰিলে ভালেপৰ৷ অকলে অকলে তল পালেগৈ৷ সিটো পাৰ্টীয়েও ইতিমধ্যে বিদায় লোৱাত আই.বি.টো শূন্য হৈ পৰিছিল৷ অলপ পিছতে আমিও যামগৈ৷ ধুনীয়া ৱালংখন এৰাৰ কথাটো ভাবি বেয়াই লাগিল৷ আকৌনো কেতিয়া আহিব পৰিম নাজানো৷ সুযোগ পালেই ভুটুংকৈ ওলামহি পিছে৷ ৱালংখন মোৰ ভাল লাগিছে৷ শান্ত-শীতল, নিৰিবিলি, পৰিষ্কাৰ৷ মানুহো কম৷

অনিলদা আৰু দেউকণ গগৈৰ পৰামৰ্শমতেই ব্ৰে’কফাষ্টৰ সলনি আমাৰ বাবে দিনৰ ভাতসাঁজকে যতনাই ৰখা হৈছিল৷ ভালেই পালোঁ৷ দুয়োৰে দূৰদৰ্শী চিন্তাটোক প্ৰশংসা কৰিলোঁ আটায়ে৷ কাৰণ আমি হাৱাইলৈ যোৱাগৈ কথা৷ ইয়াতে ভাতকেইটা খাই নগ’লে বাটত ক’তো পাবলৈ নাই৷ আনহাতে নৈত বহুপৰ পানী খেলি থকাৰ কাৰণেই নেকি জানো, ভোকটোৱেও বৰ বেয়াকৈ আমনি কৰিব ধৰিছিল৷ ইংগিত পায়ে কৃষ্ণই লগে লগে ভাত বাঢ়িলে৷ খোৱা টেবুলত বহাৰ আগে আগে পিছফালৰ কমলা গছকেইজোপাৰ দাঁতিলৈ গ’লোঁ৷ ওপৰত লাগি থকা অৱশিষ্ট কমলাকেইটামানে আগৰে পৰাই চকুকেইটাক বৰকৈ আমনি দি আছিল৷ মনটোক দমাই ৰাখিছিলোঁ যদিও আই.বি. এৰাৰ আগে আগে সেইকেইটাৰ সুব্যৱস্থা এটা কৰিবই লাগিল৷ কাঁইটৰ ফাঁকে ফাঁকে বগাই গ’লোঁ৷ ৫টা ছিঙিলোঁ৷ শেহতীয়া ফল৷ আকাৰত হিচাপতকৈ বহু সৰু হৈ পৰিছে৷ ভাতৰ টেবুলত আটাইৰে মাজত কেইফুটামানকৈ ভগাই দিলোঁ, চাকি চাবলৈ৷ সমভিব্যাহাৰে ৱালঙৰ শেষ আহাৰভাগ গ্ৰহণ কৰা হ’ল৷

বস্তু-বাহানিবোৰ ইতিমধ্যে সামৰি-সুতৰি পেলোৱা হৈছিলেই৷ পেটেলে শৃংখলাবদ্ধতাৰে গাড়ীত জাপিলেগৈ৷ বিদায় লোৱাৰ বেলি হৈ আহিল৷ আমাৰ স্মাৰ্ট স্পনছৰ অনিলদাই গগৈদেউৰ সৈতে বহি হিচাপ-কিতাপ আগতেই সমাপ্ত কৰি লেঠা মাৰিয়ে থৈছিল৷ কাগজ-পত্ৰ চমজি লৈ হিচাপ ৰক্ষকৰ ডিউটিত লাগিলোঁ৷ লগে লগে নোটবুকত টুকিবলৈ ধৰাত গগৈয়ে অবাক দৃষ্টিৰে চালে৷ ক'লোঁ, 'অনিলদা আমাৰ স্পনচৰ, মই হ'লোঁ একাউনটেণ্ট৷ গতিকে...৷' তেওঁ হাঁহিলে৷ ক'লে, 'ভাল ভাল৷ হিচাপ-কিতাপ মেইন কথা৷ সুবিধা পালে আকৌ আহিব৷ আমি থকালৈকে চিন্তা নাই৷' গগৈ, কৃষ্ণ, অধিকাৰী, জিন্তুহঁতক এৰিবলগীয়া হোৱাত বেয়া লাগিল৷ হ’লেও উপায় নাই৷ কুশল কামনাৰে, পুনৰ কেতিয়াবা ক’ৰবাত দেখা পোৱাৰ আশাৰে নিজৰ ছিটত বহিলোঁ৷ এখন এখনকৈ গাড়ীৰ দৰজাকেইখন জাপ খালে৷ হাতবোৰ ওপৰলৈ উঠিল৷ নাপাহৰাৰ প্ৰতিশ্ৰুতিৰে মুখবোৰ ৰৈ গ’ল স্মৃতিৰ মণিকোঠাত৷

দীৰ্ঘদিনীয়া সপোন এটা দিঠকত পৰিণত কৰি বিয়লি ১বজাত আমি ৱালং এৰিলোঁ৷ চাৰিওফালে এবাৰ চাই ল'লোঁ৷ আই.বি.ৰ পৰা পাকটো মাৰি নামিয়ে মূল পথ৷ ইকলেকটিক আলোচনীৰ নৰ্থ-ইষ্ট ট্ৰেভেল গাইডখনে টুৱেণ্টি ৰ’ডছ লে’চ ট্ৰেভেলড বুলি চিহ্নিত কৰা এটা ৰাস্তা এইটোৱেই, যি ৰাস্তাৰে সৰহসংখ্যক অসমীয়া মানুহ অহা নাই বুলি কোৱা হয়৷ আমি টীম মাৰ্ক' পল' আহিলোঁ৷ ইষ্টাৰ্ণম’ষ্ট ৰ’ডটোৰে শেষ পৰ্যন্ত ভ্ৰমি ভাৰতবৰ্ষৰ অন্তিম পূব চুই আহিলোঁ৷ পূব প্ৰান্তৰ সম্ভাৱনাৰ বুজ লৈ ইষ্ট অফ দ্যা নৰ্থ ইষ্টৰ পৰা উভতনি হৈ এতিয়া হাৱাই অভিমুখে গাড়ী দৌৰিব ধৰিছে৷ আকৌ লোহিতৰ পাৰে পাৰে৷ লোহিতখন এইবাৰ বাঁওহাতে৷ ৱালং ৰাণৱে' পিছত থাকি আহিল৷ ইকলেকটিক মেগাজিনত ওলোৱা ইয়াৰ ছবিখনে বিৰাট অনুসন্ধিৎসা জগাইছিল৷ এতিয়াহে যেন শাম কাটিলে সেই কৌতূহল! সদ্যহতে পৰৱৰ্তী লক্ষ্যস্থান আঞ্জাৱ জিলাৰ সদৰ ঠাইখন৷ সুন্দৰ ফৰকাল ৰ'দঘাই বতৰ৷ হ’লেও, ক’ত থাকিম, কি খাম তাৰ আগতীয়া একো বন্দৱস্ত নাই৷ কামত আহিব পাৰে বুলি দেউকণ গগৈয়ে দিয়া নিৰ্দেশনা অকণমানকে মগজুত গুজি থোৱা হৈছে৷ ৱালঙৰ আই.বি.ত আহিবৰ সময়ত লগ পোৱা হাৱাইৰ পৰা যোৱা টাৱাঙৰ দুজন লোকৰ কথা শুনিও হাৱাই সম্বন্ধে ধাৰণা এটা মনতে আঁকি লৈছোঁ৷ ঈশ্বৰে মিলাব ক’ৰবাত বুলি সৰল আশা বুকুত পুহি আগ বাঢ়িছোঁ৷ আগত কি আছে নাজানো৷









পৰৱৰ্তী লেখা :
৭. আকৌ লগ পালোঁ মিছিমি পাহাৰৰ কমলা দিদিক

No comments:

Post a Comment