Sunday, 2 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন চাৰি  ৷৷ দিনাংক ১৩.৪.২০১৫
২৮. ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ


ইফালে ৮ছেপ্টেম্বৰত কমনৱেলথৰ সন্মিলনত ভাগ লবলৈ গৈ ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু লণ্ডনত আছিল৷ শনিবাৰৰ ঘটনাটো যেতিয়া তেওঁক অৱগত কৰা হল, তেওঁ কলে, 'Our instructions are to free our territory. I can't fix a date.তেওঁ ততালিকে দেশলৈ উভতি আহিল৷ একাংশ সংবাদসেৱীয়ে নেহৰুৰ ভাষ্য বিকৃত আৰু অতিৰঞ্জিতভাৱে প্ৰচাৰ কৰিলে৷ তাকে কেন্দ্ৰ কৰি ভুল ধাৰণা কিছুমানৰ সৃষ্টি হ'ল, যি সমস্ত বিষয়টোক অন্য আকাৰ দি দিলে৷

জি.অ'.চি. চতুৰ্থ সংমণ্ডলৰ জেনেৰেল নিৰঞ্জন প্ৰসাদৰ পৌৰোহিত্যত বিষয়টোৰ সন্দৰ্ভত জৰুৰী বৈঠক বহিল৷ আলোচনা মৰ্মে লুম-লাৰ পৰা আছাম ৰাইফলছক, শক্তি আৰু লুম্পুত থকা ৯ পঞ্জাৱ ৰেজিমেণ্টক ঢলাৰ দিশে সৈন্য সঞ্চালনা কৰি অগ্ৰসৰ হ'বলৈ বাৰ্তা দিয়া হ'ল৷ আনহাতে ৭ ইনফেনট্ৰী ব্ৰিগেডৰ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ জন ডালভীয়ে বুজিছিল যে টাৱাঙৰ লগতে চাংধৰ আৰু হাথুং-লাৰ অৱস্থান যিকোনো প্ৰকাৰে ধৰি ৰাখিবই লাগিব৷ ৯ পঞ্জাৱৰ প্ৰস্থানে টাৱাঙক নিৰাপত্তাহীন কৰি পেলাব৷ ইমানখিনি যুক্তি দৰ্শোৱা সত্ত্বেও কেৱল চীনা সেনাক খেদি পঠিয়াবৰ লক্ষ্যৰে চলাব বিচৰা অপাৰেচন লেগহৰ্ণৰ উদ্দেশ্যে ৯ পঞ্জাৱক লুম্পুৰ পৰা ঢলালৈ নিয়াৰ কাঢ়া নিৰ্দেশ আহিল৷ সামৰিক শক্তি প্ৰয়োগেৰে চীনা বাহিনীক আঁতৰোৱাৰ সেই সিদ্ধান্ত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ভি. কে. কৃষ্ণ মেননৰ৷

থাগ-লা শিখৰৰ দক্ষিণ অংশৰ পৰা চীনা সৈন্যক প্ৰয়োজন হলে বলপূৰ্বকভাৱে আঁতৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল ৯ছেপ্টেম্বৰত৷ দুদিনৰ পিছত আকৌ এটা প্ৰস্তাৱ লোৱা হল৷ ভাৰতীয় এলেকাত প্ৰৱেশ কৰা যিকোনো চীনা সশস্ত্ৰ লোকৰ ওপৰত গুলী চলোৱাৰ বাবে সকলো ফৰৱাৰ্ড পষ্ট আৰু তহলদাৰী দলক হুকুম দিয়া হল৷ তেনেকুৱা নিৰ্দেশ শুনি ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বিষয়াসকল স্তম্ভিত হৈ পৰিছিল৷ নামখা চু ভেলী, ঢলা পষ্ট, থাগ-লা এলেকা চীনা ভূখণ্ডৰ ভিতৰত বুলি আনকি ভাৰতৰ মেপেও দেখুৱাইছিল৷ তেওঁলোকক সেই মেপ আওকাণ কৰিবলৈ কোৱা হল৷ এনেকি প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননলৈ দিয়া নেহৰুৰ নিৰ্দেশো পৰিষ্কাৰ নাছিল৷

১২ছেপ্টেম্বৰত ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল এল. পি. সেন, ৩৩ কৰ্পছৰ কামাণ্ডাৰ জেনেৰেল উমৰাও সিং আৰু ৪ ডিভিজনৰ জেনেৰেল নিৰঞ্জন প্ৰসাদ আলোচনাত মিলিত হ'ল৷ লংজু, খিনজিমানে, নামখা চু ইতিমধ্যে স্পৰ্শকাতৰ হৈ উঠিছিল৷ ১৩ছেপ্টেম্বৰত চীনৰ ফালৰ পৰা এই প্ৰসংগ আকৌ উত্থাপন কৰা হ'ল যে সীমান্তৰ ২০কিল'মিটাৰ অাঁতৰলৈ প্ৰত্যেকৰে সৈন্য-সামন্ত অাঁতৰাই নিয়া হওক৷ কিন্তু তাক অৱমাননা কৰি ১৫ছেপ্টেম্বৰৰ পুৱাই ৯ পঞ্জাৱৰ প্লাটুন ঢলা ওলালেগৈ৷ নামখা চু নৈৰ দুয়োপাৰে তেতিয়া চীনা সৈনিকৰ গিজগিজনি৷ থাগ-লা ৰিঝ সম্পূৰ্ণৰূপে তেওঁলোকৰ নিয়ন্ত্ৰণত৷ চীনৰ ফালৰ পৰা ভাৰতীয় সেনাক তাৰ পৰা গুচি যাবলৈ কোৱাৰ লগতে জনালে যে তেওঁলোকে সেই ভূখণ্ড পৱিত্ৰ চীনা ভূমি হিচাপে চিহ্নিতকৰণৰ সিদ্ধান্ত লৈছে৷

১৭ছেপ্টেম্বৰত ভাৰতৰ চিফ অফ দি আৰ্মী ষ্টাফ জেনেৰেল পি. এন. থাপাৰে থাগ-লা শিখৰ ওভোতাই লবলৈ হুকুম জাৰি কৰিলে৷ তেনে এক প্ৰতিকূল পৰিস্থিতিত অঞ্চলটোৰ একমাত্ৰ জ্যেষ্ঠ কামাণ্ডাৰ, ব্ৰিগেডিয়াৰ জন ডালভীয়ে হুকুমমতে পদক্ষেপ ল'বলৈ অস্বীকাৰ কৰিলে৷ প্ৰতিৰোধী ব্যৱস্থাৰ কথা বিবেচনা কৰি ঢলা, হাথুং-লা আৰু কাৰ্প'-লাত পতা প'ষ্ট তিনিটা উঠাই দিবলৈ হেডকোৱাৰ্টাৰক তেওঁ পৰামৰ্শ দিলে৷ কিন্তু তেতিয়ালৈ ঢলা হৈ পৰিছিল 'সন্মানৰ প্ৰশ্ন'৷

সিফালে বেইজিঙে আত্মসম্বৰণ কৰি চলিছিল৷ চীনা সীমান্তৰক্ষীক নিৰ্দেশ দিয়া হৈছিল যে কোনো মুহূৰ্ততে যাতে প্ৰথমে গুলী নচলায়৷ একেবাৰে উপায় নহলে প্ৰত্যুত্তৰো যাতে নিদিয়ে৷ চীনে ভাৰতৰ অবৈধ অনুপ্ৰৱেশৰ প্ৰতিবাদ কৰি গৈছিল৷ সেই স্থান ত্যাগ কৰিবলৈ দাবী জনাই গৈছিল যাতে সীমা সমস্যাটোৰ শান্তিপূৰ্ণ সমাধান হয় আৰু প্ৰতিৱেশী ৰাষ্ট্ৰ দুখনৰ সম্পৰ্কত যাতে ব্যাঘাত নজন্মে৷ চীনৰ তৰফৰ পৰা মাইকযোগে ঘোষণা কৰিলে যে ভাৰতৰ লগত তেওঁলোকৰ কোনো শত্ৰুতা নাই, ভাৰতীয় সৈন্যই চীনা ভূমি ত্যাগ কৰি তাৰ পৰা আঁতৰি যাব লাগে৷ তদুপৰি ভাৰতীয় প্ৰশাসনিক বিষয়াকো আহ্বান জনালে, সীমা সমস্যা সমাধানৰ অৰ্থে৷ 

২০ছেপ্টেম্বৰত ইষ্টাৰ্ণ কামাণ্ডে সকলো চকী আৰু তহলদাৰীক চীনাৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ আদেশ প্ৰেৰণ কৰিলে৷ চীন ইফালে বৃহৎ প্ৰস্তুতিৰে সীমান্তৰ কেইবা ঠাইতো সষ্টম হৈ আছিলেই৷ সেইদিনাই চীনা প্ৰহৰীয়ে এটা গ্ৰেণেড নিক্ষেপ কৰিলে৷ লক্ষ্য আছিল নামখা চু নৈৰ দ্বিতীয় দলঙৰ দাঁতি-কাষৰীয়া ভাৰতীয় সেনাৰ অৱস্থান৷ দলঙৰ ওপৰতে দুয়ো পক্ষৰ মাজত ভীষণ গুলীয়াগুলি আৰম্ভ হল৷ ৪ চীনা আৰু ৫ ভাৰতীয় জোৱান মিলাই মুঠতে ৯জনৰ প্ৰাণহানি হল৷ সেইদিনাই নেফাত মেকমোহন লাইন অতিক্ৰম কৰি চীনা সোমাই আহিল৷ উত্তৰ-পূবত উত্তেজনা তুংগত উঠিল৷

দেশৰ প্ৰধান মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী বাহিৰত থকা হেতুকে তেনে এক জৰুৰী সময়ত প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাৰপ্ৰাপ্ত দায়িত্ববাহী ৰঘুনাথে এখন সভা আহ্বান কৰিলে৷ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল এল. পি. সেনৰ সৈতে থাগ-লাৰ পৰিস্থিতি সম্পৰ্কে চিন্তা-চৰ্চা চলিল৷ থাগ-লাত অধিকাৰ সাব্যস্ত কৰিবলৈ আৰু চাংলি এলেকাত তহলদাৰী অব্যাহত ৰাখিবলৈ নামখা চুৰ উত্তৰৰ পৰা চীনা সেনাক আঁতৰাই পঠোৱাৰ কথা ভবা হ'ল৷ ২২ছেপ্টেম্বৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা লিখিতভাৱে নিৰ্দেশ আহিল যে চীনা বাহিনীক বলপূৰ্বকভাৱে হলেও থাগ-লা হিল্‌ছৰ পৰা বিদূৰ কৰিব লাগে৷ ইফালে ২৯ছেপ্টেম্বৰত নেফাত আৰু এটা ভয়ংকৰ চীনা আক্ৰমণ সংঘটিত হ'ল৷ ছেপ্টেম্বৰ মাহজুৰি এনে মৰামৰি চলি থাকিল৷ তাৰ আগতে পৰস্পৰৰ বিৰুদ্ধে গুলীবৰ্ষণ কাচিৎহে চলিছিল৷

৩অক্টোবৰত চৌ এন-লায় নতুন দিল্লীলৈ আহিল আৰু নেহৰুক সাক্ষাৎ কৰিলে৷ দেশ দুখনৰ মাজত যুদ্ধ নোহোৱাৰ কামনাৰে সমস্যাটো ৰাজনৈতিকভাৱে সমাধান হোৱাটো বিচাৰি তেওঁৰ মনোভাব ব্যক্ত কৰিলে৷ ভাৰতে কিন্তু তাক সিমান গুৰুত্ব সহকাৰে নললে৷ তাৰ বিপৰীতে ৪অক্টোবৰত লেফটেনেণ্ট জেনেৰেল বি. এম. কৌলৰ নেতৃত্বত ৪ কৰ্প নামে এটা নতুন সৈন্য বাহিনী গঠন কৰা হল৷ চীনে দখল কৰা ঢলা, থাগ-লা এলেকা মুক্ত কৰাৰ লক্ষ্যৰেই সেই বিশেষ বাহিনীটো গঠন কৰা হৈছিল৷ 

৬অক্টোবৰৰ আগলৈকে চীনা নেতাসকলৰ ভাৰতৰ সৈতে যুঁজ কৰাৰ কোনো সিদ্ধান্ত নাছিল৷ বেইজিঙৰ মনোনিৱেশ আছিল টাইৱানৰ দিশত৷ কেন্দ্ৰীয় সৈনিক আয়োগে তাৰ পিছতহে যুদ্ধৰ পৰিকল্পনা কৰিলে৷ এখন সমৰৰ বাবে দিল্লীও সাজু নাছিল৷ পৰ্তুগীজৰ পৰা গোৱা কাঢ়ি লৈছেহে মাত্ৰ৷ কাশ্মীৰক লৈ পাকিস্তানৰ সৈতেও সীমা বিবাদত লিপ্ত থাকিবলগীয়া হৈছে৷ ভাৰতীয় জাতীয় কংগ্ৰেছে অহিংস পন্থাৰে সমস্যাসমূহ সমাধানৰ প্ৰস্তাৱ দিছে৷ আনহাতে ভাৰতীয় সেনাৰ নেতৃত্ববাহীসকল, যিসকলে দেশে পূৰ্ণাংগ আক্রমণেৰে যুঁজ কৰাৰ পোষকতা নাই কৰা, তেওঁলোকক হয় এৰাই চলা হৈছে, নহয় বৰ্খাস্ত কৰা হৈছে৷

পৰিকল্পনামতে ১০অক্টোবৰ তাৰিখে অপাৰেচন লেগহৰ্ণ চলিব৷ পোনপটীয়াকৈ আক্রমণ কৰি থাগ-লা অধিকাৰ কৰাত দেখা দিয়া অসুবিধাৰ কাৰণে কৌলে থাগ-লাৰ তলতে উত্তৰে অৱস্থিত য়ুমছ'-লা পাছ দখলৰ সিদ্ধান্ত ললে৷ সেই স্থানৰ পৰা নিজৰ যোদ্ধাসকলক অগ্ৰসৰ আৰু অৱস্থান কৰোৱা, পৰিচালনা কৰাৰ জৰিয়তে চীনাক দমন কৰাটো সম্ভৱ হব বুলি বিবেচনা কৰিলে৷ য়ুমছ'-লা অভিযানৰ বাবে কৌলে ৯ পঞ্জাৱ ৰেজিমেণ্টৰ ৪০০জনীয়া ৰাইফলধাৰীৰ দল চেং জঙলৈ পঠিয়াবলৈ নিৰ্দেশ দিলে৷ ব্ৰিগেডিয়াৰ ডালভীয়ে য়ুমছ'-লা দখলৰ ক্ষেত্ৰত যুক্তি দৰ্শালে যে সিমানখিনি কৰাৰ বাবে তেওঁৰ হাতত যোগান আৰু সামৰ্থ পৰ্যাপ্ত পৰিমাণে নাই৷ ৯অক্টোবৰত ডালভীয়ে ৫০জনীয়া সৈন্যৰ এটা পহৰাদাৰী দল চেং জঙলৈ প্ৰেৰণ কৰিবলৈ কৌলৰ সৈতে একমত হল৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১৬,০০০ফুট উচ্চতাৰ চেং জং হৈছে য়ুমছ'-লাৰ প্ৰৱেশদ্বাৰ৷ তাত স্থিতি লৈ পৰৱৰ্তী সেনা সঞ্চালনাৰে য়ুমছ'-লা পাছ অধিকাৰ কৰাটো প্ৰথম লক্ষ্য আছিল৷

তিনিটা পৰ্যায়ত সৈন্য সঞ্চালন আৰম্ভ হ'ল নামখা চু উপত্যকাৰ পশ্চিমৰ পঞ্চম দলঙলৈ৷ লুম্পুৰ পৰা কাৰ্প'-লা হৈ চাংধৰ৷ চাংধৰৰ পৰা মাস্কাৰ৷ মাস্কাৰৰ পৰা চেং জং৷ পূৰ্বৰ সংকল্প অনুসৰি ১০ তাৰিখে পুৱা ৫বজাত চেং জঙত সূচনা হল অপাৰেচন লেগহৰ্ণ৷ ভাৰতীয় সৈন্য বাহিনীৰ ২ ৰাজপুত ৰেজিমেণ্টৰ দল এটা আগ বাঢ়ি গৈ আছিল৷ তেনেতে আগৰে পৰাই তাত পহৰাৰত চীনা সেনাৰে ভেটাভেটি হল৷ চীনা সীমান্তৰক্ষীৰ ওপৰত গুলীবৰ্ষণ কৰাত তুলনামূলকভাৱে শক্তিশালী সমৰসজ্জাৰে চীনেও ততালিকে ফেপেৰি পাতি ধৰিলে৷ ভাৰতীয় সৈন্যই চীনা ভূমি দখল কৰিবলৈ চেষ্টা চলোৱা বুলি ভাবি চীনা যোদ্ধাই ভাৰতীয় যোদ্ধালৈ গুলী আৰু মৰ্টাৰ চলালে৷ আক্ৰমণৰ ফলত ভাৰতীয় ৬ চিপাহী মৰিল, ১১জন আঘাতপ্ৰাপ্ত হ'ল৷ মুঠতে ২৩জন নোহোৱা হ'ল৷ তৎসত্ত্বেও মেজৰ চৌধুৰীৰ নেতৃত্বত ভাৰতে প্ৰথম প্ৰত্যাহ্বানটোত সাহসেৰে প্ৰতিৰোধ আগ বঢ়াবলৈ সক্ষম হল৷ সিফালে চীনৰো অনেক হতাহত হ'ল৷ ততালিকে তেওঁলোকৰ সহায়কাৰী নতুন দল আহি ওলাল৷ ৬০জনীয়া চীনা সেনা তুৰন্তে ৬০০-৮০০ হৈ পৰিল৷ ভয়ংকৰ প্ৰত্যাক্রমণ চলিল এইবাৰ৷ দ্বিতীয় মুখামুখিত মেজৰ চৌধুৰী আঘাতপ্ৰাপ্ত হ'ল৷ পৰিস্থিতি প্ৰতিকূল হৈ পৰাত ভাৰতীয় বাহিনী পিছুৱাবলৈ বাধ্য হল৷ আক্ৰমণ উঠাই ল'বলৈ ব্ৰিগেডিয়াৰ ডালভীৰ অনুমতি বিচাৰিলে৷ ডালভীয়ে চতুৰ্থ দলঙলৈ সেনা পিছুৱাবলৈ নিৰ্দেশ দিলে৷ পিছ হোঁহকি যোৱা জোৱানৰ ওপৰত চীনা পক্ষই গুলীচালনা অব্যাহত ৰাখিলে৷ ভাৰত পক্ষৰ ২৫জন ৰণত পৰিল৷ চীনৰ ৩৩জন৷ মৃত ভাৰতীয় সৈনিকৰ দেহ পিছত চীনাই সামৰিক সন্মান সহকাৰে পুতিলে৷

মূল যুদ্ধখনৰ আৰম্ভণিতে সেয়াই আছিল প্ৰথম ডাঙৰ মুখামুখি৷ চীনা সৈন্য-সামন্তৰ অৱস্থান আছিল পাহাৰৰ ওপৰত৷ ভাৰতৰ তলত৷ সেই আক্রমণটোৱে ভাৰতৰ ওপৰত দুখৰ ছাঁ পেলালে৷ নেহৰুৱে বিষয়টো সমাধানৰ চেষ্টা কৰিলে৷ পিছে তেতিয়ালৈ জোৰ পুৰি হাত পাইছিলগৈ৷ ঢলা প'ষ্টে আগন্তুক যুদ্ধ এখনৰ দামামা কেতিয়াবাই বজাই দিছিল৷

ঘটনাৰ পিছদিনা অৰ্থাৎ ১১ তাৰিখে জেনেৰেল বি. এম. কৌল দিল্লী পালেহি৷ সীমান্তৰ শেহতীয়া অৱস্থাৰ কথা লৈ প্ৰধান মন্ত্ৰীক লগ ধৰিলে৷ ইষ্টাৰ্ণ কামাণ্ডৰ জেনেৰেল এল. পি. সেনে ৭ ব্ৰিগেডক পূৰ্বৰ স্থানতে চীনৰ প্ৰতিবন্ধক হিচাপে থকাৰ পোষকতা কৰিলে৷ কৌল আৰু জেনেৰেল পি. এন. থাপাৰেও তাত হয়ভৰ দিলে৷ ব্ৰিগেডটোক শক্তিশালী ৰূপ দিয়াৰ কথা চিন্তা কৰা হ'ল৷ ৭ ব্ৰিগেডৰ হাতত তেতিয়া ৰেচন, যুদ্ধাস্ত্ৰ, গোলা-বাৰুদ, পদাতিক সৈন্য, ১২,০০০ৰ পৰা ১৬,৫০০ফুট উচ্চতাত ব্যৱহাৰোপযোগী কাপোৰ আদিৰ বাৰুকৈয়ে অভাৱ ঘটিছিল৷ একমাত্ৰ লক্ষ্য আছিল চীনৰ হাতৰ পৰা থাগ-লা হিল্‌ছ ঘূৰাই অনা৷

বলপূৰ্বকভাৱে চীনক বাহিৰ কৰাৰ পৰামৰ্শটো আছিল জেনেৰেল বি. এম. কৌলৰ৷ তেওঁৰ কথা শুনি জৱাহৰলাল নেহৰুৱে জেনেৰেল পি. এন. থাপাৰৰ পৰামৰ্শক আওকাণ কৰিছিল৷ জেনেৰেল এল. পি. সেনে আৰম্ভণিতে কৌলৰ ভাষ্যৰ প্ৰতিবাদ কৰিছিল যদিও পিছত সমৰ্থন জনালে৷ জেনেৰেল উমৰাও সিং সেই আক্ৰমণৰ পক্ষপাতী নাছিল৷ মেজৰ জেনেৰেল নিৰঞ্জন প্ৰসাদেও প্ৰতিবাদ কৰিছিল৷ পিছে সেইবোৰলৈ কাণসাৰ নিদি নিজৰ সিদ্ধান্তত অলৰ-অচৰ হৈ ৰ"ল জেনেৰেল কৌল৷







পৰৱৰ্তী লেখা :
ৱালঙৰ যুদ্ধ

No comments:

Post a Comment