Saturday, 22 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন ছয় ৷৷ দিনাংক ১৫.৪.২০১৫
২. অপিয়াম ভেলী



আগদিনাৰ দিবা-নৈশ তাচ খেলখন তেতিয়াও ননষ্টপ চলি আছিল৷ খেলুৱৈসকলৰ উদ্যম আৰু একাগ্ৰতা দেখি তবধ মানিলোঁ৷ এয়াহে খেল আৰু খেলুৱৈ হৃদয়ৰ নিবিড় সম্পৰ্ক! এনেকুৱা একাণপতীয়া আৰু নেৰানেপেৰা মনোনিৱেশ নোহোৱাৰ কাৰণেইতো অলিম্পিকৰ মেডেল তালিকাত আমাৰ ভাৰতখন বহুত তলত পৰি থাকিবলগীয়া হয়৷ আনহাতে চুবুৰীয়া চীন সদায় আগত! যোৰহটীয়া অধ্যয়ন কালত আমাৰ তিনি নম্বৰ হোষ্টেলতো সহপাঠী কেইটামান আছিল যি প্ৰকৃতিৰ আহ্বানক সঁহাৰি জনাই প্ৰস্ৰাৱ-পায়খানা বিসৰ্জন দিয়াৰ বাদে তিনিদিন তিনিৰাতি ৰুমৰ পৰা বাহিৰ নোলোৱাকৈ, সূৰ্য নেদেখাকৈ, একেৰাহে খেলিছিল প্ৰিয় খেল তিনিপাট্টি৷ এক কথাত ৰেকৰ্ডেই বুলিব পাৰি! সুদীৰ্ঘ বছৰৰ মূৰত সমগোত্ৰীয় এইকেইজন গেমব্লিং মাষ্টাৰ পালোঁ৷ কিমান সঁচা কিমান মিছা নাজানো, কাণত পৰামতে সদৌটি খেলুৱৈ হেনো হাৱাইৰ ভিন ভিন চৰকাৰী বিভাগৰ চাকৰিয়াল! দৰমহা পালেই ঘৰ-দুৱাৰ, পুত্ৰ-পৰিবাৰ বাদ দি এনেদৰে কেইদিনমানৰ বাবে নিজকে হেৰুৱাই পেলায় আৰু জীৱনৰ আনন্দ লয়হি৷ নিচা বস্তুটো তেনেকুৱাই যি নিজকে হেৰুৱাই পেলাবলৈ বাধ্য কৰে৷ সেয়া জুৱা হওক, ফুৰা হওক, একে কথা৷ আমাৰ ক্ষেত্ৰত যেনিবা দ্বিতীয়টো৷ চৰিত্ৰ কিন্তু একেই৷ কাজেই ঘৰ-পৰিবাৰ এৰি হেৰাই আছোঁহি প্ৰকৃতিৰ নিচাত ক'ব নোৱাৰা হৈ৷ একোৱেই টলাব নোৱাৰে৷ কানিসেৱীৰ দৰেই মতলীয়া মন!

ইফালে আই.বি.টোত ঘাটি পাতিবলৈ নিজৰ ৰুমটো স্বেচ্ছাই এৰি দিয়াৰ পৰা আৰম্ভ কৰি সময়মতে খোৱা-বোৱা যতনোৱা, চাধা-চিগাৰেট, চাহ-তামোলৰ যা-যোগাৰ দি থকাৰ বাবদ গণেশ আৰু দীপকেও ব’ৰ্ডৰ পৰা ভাল পইচা বুটলে৷ চিগাৰেট অনাৰ নামত পাঁচশটকীয়াখন উঠাই আনিলেও কেৰেপ নাই৷ গণেশে নিজমুখে কোৱা কথা৷ সি আৰু কোৱামতে মাজে-মধ্যে কানি সেৱনো চলি আছিল হেনো ৰুমটোৰ ভিতৰত! সেইষাৰ শুনিহে শিয়ৰি উঠিছিলোঁ৷ কানি বৰবিহ বুলি কোন কেতিয়াবাতে পঢ়িবলৈ পাইছিলোঁ৷ ইংৰাজে প্ৰচলন কৰিছিল হেনো৷

যাত্ৰী নিৱাসৰ বাহিৰৰ একাষৰীয়া এডোখৰত শাক-পাচলিৰ খেতি কৰা কালি বিয়লিতেই চকুত পৰিছিল৷ নিশাৰ সাজৰ বাবে গণেশে তাৰ পৰাই মোৰ বাবে বেঙেনা আৰু মটৰমাহ কেইছিৰামান ছিঙিছিল৷ অন্যান্য পাচলিৰ কাষতে এডৰা পপী ফুলো জকমকাই ফুলি, বতাহত লৰি-চৰি, সৌন্দৰ্য বিলাই আছিল৷ গণেশক দেখি বাৰীখনত আমিও এনেয়ে সোমাই সিহঁতে কি কিনো শস্য ৰুইছে, মাটিবোৰনো কিমান সাৰুৱা চাইছিলোঁগৈ৷ পপী ফুলৰ পূৰঠ গুটিবোৰত দেখা গৈছিল ব্লেডেৰে ৰেপি থোৱা কিছুমান দাগ৷ গণেশে বুজাইছিল কেনেকৈ সেই ক্ষতস্থানসমূহৰ পৰা ওলোৱা ৰস সৰু সৰু কাপোৰৰ টুকুৰাত সংগ্ৰহ কৰি পিছত কানিৰ টিকিৰা হিচাপে ব্যৱহাৰ কৰা হয়, সেই কথা৷ কৌতূহল বাঢ়ি আহিছিল৷ সি নিজে নাখায় বুলিছিল যদিও সত্য-অসত্য একো ধৰিব নোৱাৰি বিশ্বাস-অবিশ্বাসৰ দোমোজাতে পৰি থাকিলোঁ৷ 

অৰুণাচল প্ৰদেশত কানিৰ প্ৰচলন আৰু ব্যৱহাৰ একো নতুন বিষয় নহয়৷ আমি নতুন মানুহ বুলিহে বোলে ইমান উৎসুকতা! নহ’লে এইটো তেনেই মামুলি, ভাতৰ লগত পানী খোৱাৰ দৰে কথা! পপী ফুলৰ পাতবিলাকো আনকি পাচলি হিচাপে খোৱা হয়৷ আমি অহা-যোৱা কৰা ৰাস্তাৰ পৰাই পাহাৰৰ বক্ষত ঠায়ে ঠায়ে কৰা কানি খেতি আমাৰ ভ্ৰমণ কালত দেখা নোপোৱাকৈ নাছিলোঁ৷ কোনেও সহজে যাব নোৱাৰা ভিতৰুৱা আৰু অতি দুৰ্গম ঠাইবিশেষত বিৰাট বিৰাট ভাণ্ডাৰ আছে বুলিও শুনিছিলোঁ৷ যাত্ৰী নিৱাসৰ কিচ্চেন গাৰ্ডেনত কৰা পাচলিৰ সৈতে পপী ফুলৰ গছ, ফুল আৰু গুটি তেনেই ওচৰতে দেখা পালোঁ৷ হাতেৰে চুই চালোঁ৷ আমাৰ দলৰ এজনেও আচল বস্তুবিধ দেখা নাই৷ সোৱাদ লোৱাটো দূৰৰে কথা৷ আমি সৰু থাকোঁতে আমাৰ ঘৰতো ফুলৰ নামত পপী ফুল ৰোৱা মনত পৰে৷ পিছে কানি সেৱন কৰাটো বাদেই, তেনে ধৰণৰ চিন্তাও তেতিয়া কোনেও কৰা দেখা নাছিলোঁ৷

বুৰঞ্জী পুথিত পোৱা যায়, ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিবাসীসকলৰ মাজত কানিৰ বহুল প্ৰচলন আছিল বুলি৷ ৱেলছ, ৰবিনচন, মিল আৰু সমসাময়িক অনেকজনৰ টোকাতো উল্লেখ আছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ল’ৰা-বুঢ়া, মুনিহ-তিৰোতাকে ধৰি অঞ্চলটোৰ চাৰিভাগৰ তিনিভাগেই কানি সেৱন কৰিছিল৷ ভাৰতবৰ্ষৰ আন কোনো ঠাইতে তেওঁলোকৰ দৰে কানিসেৱী দেখিবলৈ পোৱা নগৈছিল৷ স্থানীয় লোকে প্ৰচুৰ পৰিমাণে কানি খেতি কৰিছিল৷ গছবোৰ পূৰঠ হ’লে গুটিটোহঁতৰ মূৰটো কাটি প্ৰায় দুই ইঞ্চি বহল কেতবোৰ কাপোৰৰ টুকুৰাত ৰসবিলাক সঞ্চয় কৰে৷ কাপোৰে ৰসবিলাক শুহি লয়৷ তাৰ পিছত শুকাই গ’লে সেই কাপোৰবিলাক পকাই আৱশ্যক অনুযায়ী সৰু সৰু বাণ্ডিল কৰি থৈ দিয়া হয়৷ সেইবোৰেই নিয়মিতভাৱে সেৱন কৰে৷ কানি খালে মানুহ সোৰোপা হয়৷ কানীয়া অসমীয়া বুলি বদনাম এটা আজিও নথকা নহয়৷

উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য জনজাতীয় লোকৰ সুহৃদ বুলি পৰিচিত ভেৰিয়াৰ এলুইনে এঠাইত লিখিছিল যে বয়োজ্যেষ্ঠ জনজাতীয় লোকসকলক আনন্দত আৰু সন্তুষ্ট ৰূপত ৰাখিবলৈ ভ্ৰমণকাৰী ব্ৰিটিছ অফিচাৰে ৰাজনৈতিক উপহাৰ হিচাপে লোহিত এলেকাত অতীজত কানি বিতৰণ কৰিছিল৷ সেইফালৰ পৰা মিছিমি পাহাৰলৈ কানিৰ আগমন কেতিয়া কেনেকৈ হৈছে তাক সহজে অনুধাৱন কৰিব পাৰি৷ কানি সেৱন কৰাটো মিছিমি সমাজৰ চিৰাচৰিত প্ৰথা, সাধাৰণ কথা৷ অৰুণাচল প্ৰদেশৰ বিশেষকৈ লোহিত উপত্যকাৰ দুখন জিলা আঞ্জাৱ আৰু লোহিতৰ নিবাসীসকলে পৰম্পৰাগত উৎসৱ-পাৰ্বণত আৰু ঔষধ হিচাপে ঘৰে ঘৰে হেনো কানি ব্যৱহাৰ কৰে৷ অত্যধিক হাৰত দৈনিক কানিৰ সেৱনে স্থানীয় লোকৰ প্ৰভূত পৰিমাণে ক্ষতি সাধন নকৰাও নহয়৷ নিচাসক্ত হোৱাৰ ফলত শাৰীৰিকভাৱে নিশকতীয়া হৈ পৰিছে মানুহবোৰ৷ সমগ্ৰ উপত্যকাটোতে ব্যৱসায়-বাণিজ্যৰ উন্নীতকৰণৰ পথতো অন্তৰায়ৰ সৃষ্টি হৈছে৷ ইফালে পপী ফুলৰ খেতি সম্প্ৰসাৰণৰ নামত বিভিন্ন স্থানত দৃষ্টিনন্দন বনাঞ্চল নিৰ্দয়ভাৱে কাটি ধ্বংস কৰা হৈছে যিবোৰে পৰিৱেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱ আনিছে৷

কানি উৎপাদনত অৰুণাচল প্ৰদেশে দেশৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰি আছে৷ আঞ্জাৱ জিলাখনক অপিয়াম ভেলী বুলি কোৱা হয়৷ ইয়াত থকা মিজু মিছিমি আৰু ডিগাৰু মিছিমি লোকসকল কানি খেতিৰ সৈতে বিশেষভাৱে জড়িত৷ পিছলৈ ইদু মিছিমিসকলো সোমাই পৰিছে৷ পাহাৰৰ ঢালত, ৰাস্তাৰ দাঁতিত যেনি-তেনি গজা প্ৰায় তিনিফুটীয়া ৰং-বিৰঙী পপী ফুলৰ খেতি ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত চপোৱা হয়৷ পখৰা-পখৰি ফুল মানেই বুজিব লাগিব যে মৰফিনৰ পৰিমাণটোও বেছি৷ ফুলৰ পাহি সৰি যোৱাৰ পিছত গুটিটোৰ গাত দাগ কটা আৰু নীলা সূতা মেৰিওৱা থাকিলে বুজিব লাগিব যে তাৰ পৰা ৰস আৰু অধিক সংগ্ৰহ কৰিবলৈ এতিয়াও বাকী আছে৷ প্ৰাকৃতিকভাৱে পপী ফুল ফুলাৰ পিছত ৰৈ যোৱা গুটিটোৰ পৰা গোট মৰা ৰস সংগ্ৰহ কৰি নিষ্কাষণৰ নিয়ম অনুসৰি প্ৰস্তুত কৰা হয় মৰফিন৷ পেইনকিলাৰ হিচাপে ইয়াৰ ব্যৱহাৰ আছে৷ এই ফুলৰে নাৰক'টিক ড্ৰাগ হ'ল হিৰইন৷ যি অবৈধ৷ কানি নামটো পৃথিৱীৰ সকলোতে জনাজাত৷ আনহাতে ৰস নিষ্কাষণ কৰাৰ পিছত পূৰঠ গুটিৰ ভিতৰত ঈষৎ বগা আৰু সৰু সৰু গুটি কিছুমান ৰৈ যায়৷ তাক আফুগুটি বোলা হয়৷ ইয়াক মচলা ৰূপে ব্যৱহাৰ কৰা হয়, সোৱাদৰ বাবে৷

আঞ্জাৱ জিলাৰ ২৬৬খন আৰু লোহিত জিলাৰ ২২২খন গাঁও আছে যিবোৰৰ বেছিভাগেই চীন আৰু ম্যানমাৰ সীমান্তৱৰ্তী৷ সেইবোৰত এই খেতি বৰকৈ পৰিলক্ষিত হয়৷ তেনেই সহজ কথা যে সদৰ চহৰ হাৱাইতে আনকি কিচ্চেন গাৰ্ডেনৰ জোখৰ ঠাইত এই খেতি ভালদৰে হৈছে৷ উদাহৰণ বিচাৰি দূৰলৈ যাবৰ দৰকাৰেই নাই৷ আই.বি.ৰ শাকনি-বাৰীত আমি তাকেই দেখা পালোঁ৷ পপী উপত্যকাত ভৰি দি কবলৈ গলে আমাৰ আশ্ৰয়থলীৰ পিছ চোতালতেই নয়ন সাৰ্থক হল!

পপী ফুলৰ খেতিৰ বাহিৰে ভাৰতবৰ্ষত অন্য কোনো খেতি নাই যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ে৷ পপী ফুলৰ খেতি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া একমাত্ৰ খেতি৷ অৰ্থাৎ, যাত্ৰী নিৱাসত আমাৰ চকুৰ আগত দেখা এই খেতিডৰাও অবৈধ৷ কাৰণ এয়া কোনো চৰকাৰী নিৰ্দেশনাত কৰা হোৱা নাই৷ মন গৈছে, লগাই দিছে৷ বিপৰীতে এইটো কোৱা হয় যে চুপ্ৰিম ক’ৰ্টৰ নিষেধাজ্ঞা থকাৰ পিছতো পপী খেতিয়ে অৰ্থাৎ কানিৰ উৎপাদনে উত্তৰ-পূবৰ অন্তিম পূবৰ এই অঞ্চলটোলৈ প্ৰগতি খৰতকীয়াভাৱে কঢ়িয়াই আনিছে! সেয়েহে অন্য কৃষি-কৰ্মৰ তুলনাত চৰকাৰীভাৱে পোনপটীয়াকৈ নহ’লেও এই খেতিত প্ৰোৎসাহন যোগোৱা হয়৷ এয়া এটা অভিযোগ৷ সঁচা-মিছা ধৰিব নোৱাৰিলোঁ৷

নিচাসক্ত এজন লোকৰ বাবে হেনো দিনটোত ৩গ্ৰাম কানিৰ প্ৰয়োজন হয়৷ ২৫বছৰ বা তাতোকৈ ওপৰৰ বয়সৰ আসক্ত লোকে দিনে দুবাৰকৈ কানি সেৱন কৰে৷ সেই হিচাপত অৰুণাচলত কানিৰ বাৰ্ষিক চাহিদা ২৬টন৷ ব্যৱসায়িক দৃষ্টিকোণেৰে লোৱাসকলে বিশেষভাৱে তৈয়াৰী এবিধ শুংযুক্ত কাপোৰত পূৰঠ পপী ফুলৰ গুটিৰ পৰা নিষ্কাশিত ৰস একত্ৰিত কৰে৷ তেনেকুৱা ৬ছেণ্টিমিটাৰ আৰু ৮ছেণ্টিমিটাৰ দীঘ-পুতলৰ, এতোলা (১১.৯গ্ৰাম) ওজনৰ কাপোৰৰ টুকুৰা এটা ২০০.০০টকাত বিক্রী হয়৷ তেনেকুৱা টুকুৰা এটাত ৬গ্ৰাম কানি সংৰক্ষিত থাকে৷ এনেকৈয়ে বৰ্তি আহিছে পপী উপত্যকাৰ অৰ্থনীতি আৰু মানসিক সন্তুষ্টি!







পৰৱৰ্তী লেখা :
৩. পপী খেতিৰ বিকল্প কি হ'ব?

No comments:

Post a Comment