অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
তিব্বত আৰু ভাৰতৰ মধ্যৱৰ্তী সীমান্ত ৰেখা নিৰ্ধাৰণক উদ্দেশ্য কৰি ভাৰতবৰ্ষত থকা গ্ৰেট ব্ৰিটেইন চৰকাৰ বাহাদুৰৰ আমন্ত্ৰণক্রমে তিব্বত, চীন আৰু ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰতিনিধিৰ মাজত ১৯১৩চনত হিমাচল প্ৰদেশৰ চিমলাত এক মহা-সন্মিলনৰ আয়োজন কৰা হৈছিল৷ তিব্বতক মৰ্যাদা আৰু সীমা প্ৰদান কৰাৰ অভিপ্ৰায়েৰে সেই বছৰৰ অক্টোবৰ মাহৰ পৰা পিছৰ বছৰৰ জুলাই মাহ পৰ্যন্ত বৈঠক বহে৷ ‘চিমলা সন্মিলন’ নামে জনাজাত সন্মিলনখনত ১৯১৪চনৰ ৩এপ্ৰিলত ১১দফীয়া চুক্তিপত্ৰ এখনো প্ৰস্তুত হৈছিল৷ ‘চিমলা চুক্তি’ নামে অভিহিত সেই চুক্তিপত্ৰ সম্পাদনৰ ৯মহীয়া সুদীৰ্ঘ প্ৰচেষ্টাত ব্ৰিটিছ-ইণ্ডিয়াৰ হৈ সন্মিলনৰ সভাপতি তথা তদানীন্তন ভাৰতস্থ চৰকাৰখনৰ ৰাজনৈতিক আৰু পৰৰাষ্ট্ৰ দপ্তৰৰ সচিব ছাৰ আৰ্থাৰ হেনৰী মেকমোহনে, তিব্বতৰ হৈ ডালাই লামাৰ দ্বাৰা মনোনীত আৰু প্ৰধান মন্ত্ৰীৰ মৰ্যাদাপ্ৰাপ্ত লোচেন গা-ডেন ছাত্ৰা পাল-জৰ দৰ্জিয়ে আৰু চীনৰ হৈ ছাংহাইস্থিত চীনা ৰাজদূত বিষয়া ইভান চ্ছিনে অংশ গ্ৰহণ কৰিছিল৷ ব্ৰিটিছ-ভাৰতক নেতৃত্ব দিয়া বৈদেশিক তথা ৰাজনৈতিক সচিব হেনৰী মেকমোহনৰ নাম অনুসৰি তিনিও পক্ষৰ উপস্থিতিত নিৰ্ণয় কৰা ভাৰত আৰু তিব্বতৰ মধ্যৱৰ্তী সীমান্ত ৰেখাডালক ‘মেকমোহন লাইন’ বুলি তেতিয়াই নামকৰণ কৰা হয়৷
উক্ত আলোচনাত বৈঠকৰ মূল গুৰি ধৰোঁতা হেনৰী মেকমোহনে
ব্ৰিটিছ-ইণ্ডিয়া আৰু তিব্বতৰ সীমা বুজাবলৈ পশ্চিমৰ ভূটানৰ পৰা পূবলৈ ৮৯০কিল’মিটাৰ আৰু পূবৰ ব্ৰহ্মপুত্ৰ নদৰ
ভাঁজটোলৈকে ২৬০কিল’মিটাৰ দীঘল ৰেখা এডাল টানিলে৷
প্ৰায় ২৭ডিগ্ৰী অক্ষাংশৰ কাষৰ ভূটানৰ পৰা ভাৰত-চীন-ম্যানমাৰৰ সীমান্তৰ সংগমস্থলীত অৱস্থিত
তালুক পাছ পৰ্যন্ত প্ৰায় ১,২০০কিল’মিটাৰ দীঘল সেই সীমাৰেখা আছিল প্ৰকৃতপক্ষে ভাৰত আৰু তিব্বতে
দীঘদিন ধৰি স্বাভাৱিক সীমাৰেখা হিচাপে মানি অহা ৰেখাৰেই আনুষ্ঠানিক স্বীকৃতি৷ ভূটানৰ
পূব সীমাৰ পৰা হিমালয়ৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ বিশাল ভাঁজটোলৈকে, অৰ্থাৎ য’ত ব্ৰহ্মপুত্ৰখন অসমত প্ৰৱেশ
কৰিছে, সেই ঠাইলৈকে আছিল এই সীমাৰেখাডালৰ অৱস্থান৷
তিনিও প্ৰতিনিধিয়ে ২৭এপ্ৰিলত চিমলা চুক্তিপত্ৰৰ খচৰাত স্বাক্ষৰ কৰিলে৷ সিদ্ধান্তসমূহৰ চূড়ান্ত প্ৰতিলিপি চীনলৈ পঠিওৱা হ’ল৷ তেতিয়া বেইজিং মহলে চুক্তিখন স্বীকাৰ কৰিবলৈ অমান্তি হ’ল৷ আন দুটা পক্ষৰ উপস্থিতিত সন্মিলনখনত সন্মতি প্ৰদান কৰিলেও চীনে তিব্বতৰ ভিতৰ আৰু বাহিৰৰ অঞ্চলসমূহৰ ক্ষেত্ৰত ইংৰাজে দেখুওৱা সীমা সংক্রান্তত কেতবোৰ আপত্তি দৰ্শাই দফাবোৰ অনুমোদন নকৰিলে৷ ভাৰত-তিব্বত সীমা বিশদভাৱে প্ৰকাশ নকৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰিলে আৰু মেকমোহন লাইনক অবৈধ আখ্যা দিলে৷ জুলাই মাহৰ ৩ তাৰিখে ইভান চ্ছিনে চুক্তিৰ পৰা নিজ দেশৰ নাম প্ৰত্যাহাৰ কৰিলে৷ আনহাতে চীন চৰকাৰে অস্বীকাৰ কৰাৰ ফলত চুক্তিখন দ্বিপাক্ষিক হৈ পৰিল যদিও চুক্তিৰ আইনগত মৰ্যাদা অটুট থকা বুলিয়ে গণ্য হ’ল কিয়নো চীনৰ বৈদেশিক বিষয় চোৱা-চিতা কৰা পূৰ্ণ ক্ষমতাসম্পন্ন ৰাষ্ট্ৰদূতে তাত চহী দিছিল৷ তদুপৰি সেইদিনা চীনে তিব্বতক সন্মিলনৰ এক স্বতন্ত্ৰ পক্ষ বুলিও মানি লৈছিল৷ যাৰ দ্বাৰা তেওঁলোকে প্ৰকৃতপক্ষে তিব্বতৰ সাৰ্বভৌমত্বকে স্বীকাৰ কৰি লোৱাটো বুজালে৷ আনফালে, মেকমোহন লাইনৰ বৈধতাৰ প্ৰশ্নত চীনে তাক গ্ৰহণ নকৰিলে যদিও সীমান্তৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি আলাপ-আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ এটা আশু-সমাধান হোৱাটো কামনা কৰি ৰ’ল৷
অন্যহাতে, নতুন চীনৰ গঠন আৰু তিব্বতৰ শান্তিপূৰ্ণ মুক্তিৰ পিছৰে পৰা ব্ৰিটিছ-ভাৰতৰ প্ৰশাসকে মেকমোহন সীমা অতিক্রম কৰিব ধৰিলে৷ পূব খণ্ডত টাৱাং আৰু অন্য কেতবোৰ চীনা অধিকৃত এলেকা ইংৰাজৰ দখলত সুমুৱাই পেলোৱা হ’ল৷ পৌৰাণিক পৰম্পৰাগত সীমাৰ উত্তৰ আৰু দক্ষিণ দিশেও সীমা অতিক্রম কৰিলে৷ চীন চৰকাৰে ব্ৰিটিছ অধিকৃত ভাৰতৰ এই অনুপ্ৰৱেশ মানি নল’লে৷ তাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ ফালে পাহাৰৰ নামনিলৈকে অৰ্থাৎ অসমৰ সমভূমি পৰ্যন্ত, ভালুকপুঙৰ পৰা গহপুৰৰ উত্তৰ হৈ পাছিঘাটলৈকে তেওঁলোকৰ ভূমি বুলি দাবী জনালে৷ ৰাজনৈতিক পৰ্যায়ত আলোচনা-বিলোচনাৰ জৰিয়তে চীন-ভাৰতৰ এই সমস্যাৰ সমাধানৰ স্বাৰ্থত চীনে সীমা অতিক্রম কৰাৰ পৰা বিৰত থাকিল৷
ব্ৰিটিছ-ইণ্ডিয়া আৰু তিব্বতে চিমলা চুক্তিক মান্যতা
দিলেও চীনে উক্ত চুক্তি বেআইনী আৰু তেওঁলোকৰ বাবে প্ৰযোজ্য নহয় বুলিয়ে গণ্য কৰি থাকিল৷
চীনৰ পৰা তিব্বত স্বাধীন হোৱাৰ দৰে স্পৰ্শকাতৰ বিষয়টোকো চুক্তিখনে চুই গ’ল৷ চীনে স্পষ্ট কৰি দিলে যে সেই
চুক্তিত স্বাক্ষৰ দান কৰিবলৈ তিব্বত তেতিয়াও স্বাধীন হোৱা নাছিল৷ গতিকে চুক্তিখনে মান্যতা
পাব নোৱাৰে৷ তদুপৰি ব্ৰিটিছ, চীন আৰু ৰাছিয়াৰ মাজৰ ১৯০৭চনৰ অভিৱৰ্তনৰ সিদ্ধান্ত অনুযায়ী
১৯১৪ৰ চিমলা চুক্তি গ্ৰহণযোগ্য হ’বই নোৱাৰে৷ সেই অভিৱৰ্তনত গৃহীত সিদ্ধান্ত মৰ্মে তিব্বতৰ ওপৰত একমাত্ৰ
কৰ্তৃত্ব চীনৰহে, গ্ৰেট ব্ৰিটেইন কিম্বা ছোভিয়েট ৰাছিয়া কোনো চৰকাৰৰে অধিকাৰ নাই৷
কাজেই তিব্বতৰ যি কোনো বিষয়ৰ নিষ্পত্তি চীনা চৰকাৰেহে কৰিব পাৰে৷ এই কথাটোৱে পিছলৈ
নতুন এটা সমস্যাৰ সৃষ্টি কৰিলে৷
চিমলাৰ ত্ৰিদলীয় সভাত হেনৰী মেকমোহনে চীনক অবজ্ঞা কৰি, তিব্বতৰ সৈতে বুজাবুজিৰে দিয়া সিদ্ধান্ত চীনে কোনোপধ্যে মানি নল’লে৷ ব্ৰিটিছৰ সম্প্ৰসাৰণবাদী, সীমা ঠেলাৰ মনোভাব প্ৰকট হৈ উঠিল মেকমোহনৰ সেই একপক্ষীয় কাৰ্যকলাপত৷ দাবী কৰা হৈছিল যে উচ্চ শিখৰকে ধৰি হিমালয়ৰ দক্ষিণৰ এলেকাসমূহ পৌৰাণিকভাৱে ভাৰতৰ৷ আনহাতে মেকমোহন লাইন ভাৰতে দাবী কৰা সেই ভূখণ্ডৰ দক্ষিণেদি গৈছিল৷ ভাৰত চৰকাৰৰ দৃষ্টিভংগীমতে হিমালয় পুৰণি ভাৰত উপ-মহাদেশৰ সীমা৷ গতিকে আধুনিক ভাৰতৰো সেয়াই সীমা৷ ইফালে চীন চৰকাৰৰমতে হিমালয় পৰ্বতমালাৰ সেই বিবাদমান এলেকাটো ভৌগোলিক আৰু সাংস্কৃতিকভাৱে অতীজৰে পৰাই তিব্বতৰ৷
মংগোলিয়া পৰ্যন্ত আগ বাঢ়ি অহা ছোভিয়েট ইউনিয়নক ৰোধ কৰিবৰ বাবে তেতিয়া চীনলৈকে নিজৰ সাম্ৰাজ্য সম্প্ৰসাৰণৰ গোপন অভিসন্ধি ৰচিছিল ব্ৰিটিছ বাহিনীয়ে৷ সেই উদ্দেশ্যৰেই ইংৰাজ লোক গৈ ওলাইছিল তিব্বত, চিংকিয়াং প্ৰভিন্স আদিত৷ আকচাই চীনৰ ওপৰতো লোভৰ চকু৷ চীনৰ ৯০,০০০কিল’মিটাৰ ভূমি হস্তগত কৰিবলৈ গোপন বুজাবুজি চলিছিল তিব্বতৰ সৈতে৷ কলিকতাত বসতি কৰি চামৰাৰ ব্যৱসায় চলোৱা চীনা ব্যৱসায়ী লু শ্বিং ছিয়ে ইংৰাজৰ সেই ৰাজনৈতিক পাশাখেলখন ধৰা পেলালে৷ লগে লগে চীন সষ্টম হৈ উঠিল৷
চিমলা চুক্তিয়ে মাহ অতিক্রম কৰাৰ পিছত মেকমোহন
লাইনৰ দক্ষিণত চীনে সীমাৰ দাগ দিবলৈ ওলাল৷ ইফালে উত্তৰ-পূব সীমান্তৰ পূব খণ্ডৰ কাৰ্যবাহী
টি. অ’কাল্লাঘানে আগৰ সেই চিনবোৰ মেকমোহন
লাইনৰ সামান্য দক্ষিণেৰে নকৈ দিব ধৰিলে৷ তাৰ লগে লগে সেই এলেকাটোত চীনৰ কোনো প্ৰভাৱ
নাই বুলিও কৈ তিব্বতৰ বিষয়াবৰ্গৰ সৈতে ৰিমাত উপস্থিত হ’ল৷ নিজৰ ফালৰ পৰা তেতিয়াৰ ব্যৱসায়িক
স্থান টাৱাঙৰ বাদে তিব্বতে মেকমোহন লাইনৰ কোনো অংশতে আপত্তি দৰ্শোৱা নাছিল৷ লাইনডালে
সেই চহৰখন ব্ৰিটিছ অধিকৃত ভাৰতৰ ভিতৰত সুমুৱাই পেলাইছিল৷ আনহাতে দ্বিতীয় বিশ্বযুদ্ধলৈকে
তিব্বতৰ বিষয়াসকলক টাৱাঙত প্ৰশাসন চলাবলৈ সম্পূৰ্ণ ক্ষমতা দিয়া হৈছিল৷ উক্ত সময়ছোৱাত
জাপানী আৰু চীনা অগ্ৰসৰ হোৱাৰ শংকাত ব্ৰিটিছ ইণ্ডিয়ান বাহিনীয়ে পূৰ্বোত্তৰ সীমাৰ প্ৰতিৰক্ষা
স্বৰূপে টাৱাং সম্পূৰ্ণৰূপে অধিকাৰ কৰি পেলাইছিল৷
চীন চৰকাৰৰ মধ্যস্থতাৰ বাদে কোনোটো পক্ষৰে তিব্বতৰ
সৈতে আলোচনাৰ অধিকাৰ নথকাত ব্ৰিটিছৰ দ্বাৰা পৰিচালিত ভাৰত চৰকাৰে আৰম্ভণিতে চিমলা চুক্তিখনক
ব্ৰিটিছ, ৰাছিয়া আৰু চীনৰ ১৯০৭চনৰ সন্মিলনৰ সৈতে সংগতি নথকা কাৰণত নামঞ্জুৰ কৰিছিল৷
তিব্বতৰ স্বাধীনতাক অগ্ৰাহ্য কৰি চীনে কৈছিল যে এনে চুক্তি তৈয়াৰ কৰিবলৈ তিব্বত চৰকাৰক
অনুমতি দিয়া হোৱা নাই৷ ১৯২১চনত ব্ৰিটেইন আৰু ৰাছিয়াই যুটীয়া সন্মতিকল্পে পূৰ্বৰ সেই
চুক্তি বাতিল কৰে৷ আনহাতে মেকমোহন লাইনক ভিত্তি কৰি হোৱা অঞ্চলটোৰ চৰকাৰী মেপৰ ব্যৱহাৰ
১৯৩০চনলৈ ব্ৰিটিছে আৰম্ভ কৰা নাছিল৷
চিমলা চুক্তিয়ে সৃষ্টি কৰা মেকমোহন লাইনডালক চীনে
এইদৰে নস্যাৎ কৰি পেলালে৷ চুক্তিৰ ফলস্বৰূপে তিব্বতৰ ওপৰত চীনৰ সশস্ত্ৰ আক্রমণৰ সূত্ৰপাত
হয়৷ ইংৰাজৰ মধ্যস্থতাত উক্ত সংঘাত ১৯১৮চনত কিছু শাম কাটে যদিও ১৯৩১চনত দুয়োপক্ষৰ মাজত
পুনৰ যুদ্ধ লাগে৷
১৯১৩চনৰ চিমলা কনফাৰেন্সৰ জৰিয়তে ১৯১৪ত জন্ম পোৱা মেকমোহন
লাইনৰ প্ৰসংগটো লৈ ব্ৰিটিছ-ভাৰত আৰু চীন এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হোৱাৰ লক্ষ্যৰে
১৯১৫, ১৯১৬ আৰু ১৯১৯চনতো প্ৰয়াস চলোৱা হৈছিল৷ কিন্তু একো ফল নধৰিলে৷ স্থিতাৱস্থা আহি
পৰিল৷ সুদীৰ্ঘ বছৰৰ মূৰকত, ১৯৪০ৰ শেষৰ পিনেও আলোচনা পুনৰ বহিছিল৷ তাতো কোনো সন্তোষজনক
সমাধান-সূত্ৰ উদ্ভাৱন নহ’ল৷ বিষয়টো তেনেকৈয়ে পেণ্ডুলামৰ
দৰে দোদুল্যমান অৱস্থানত ৰ’ল৷
১৯৩৫চন পৰ্যন্ত মেকমোহন লাইনৰ কথা কাৰ্যতঃ পাহৰি
থকা হ’ল৷ ব্ৰিটিছে নিজৰ সুবিধালৈ চাই
সম্পূৰ্ণ নিজাববীয়াকৈ তৈয়াৰ কৰা এখন মেপ আৰু মেকমোহন লাইন নামৰ ৰেখাডালকে ১৯৩৬চনত ছাৰ্ভে
অৱ ইণ্ডিয়াই আন্তৰ্জাতিক সীমা নিৰ্ধাৰক হিচাপে চূড়ান্ত কৰি ল’লে৷ সীমান্তৰ খুঁটি মাৰিবলৈ ধৰোঁতে
চীনে অভিযোগ দৰ্শালে৷ কিন্তু সেয়া নৰজিল৷ সমস্যাটোৱে পুনৰ উক দিলে যেতিয়া ১৯৩৭চনত ব্ৰিটিছ
চৰকাৰে ‘আইটকীচনৰ সংকলন’ নামে বিগত চুক্তিসমূহৰ এটা সংকলন উলিওৱাৰ সিদ্ধান্ত ল’লে৷ সেই বৰ্ষৰ পৰা এই লাইনডাল জৰীপ বিভাগৰ মেপত ব্যৱহাৰ কৰিবলৈ লোৱাৰ উপৰি ১৯৩৮চনত চৰকাৰীভাৱে প্ৰকাশ কৰা হ'ল৷
অভিযোগ আছিল যে ব্ৰিটিছ-ইণ্ডিয়াই মেকমোহন লাইনডাল
চীনৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়াৰ লক্ষ্য লৈছে৷ চীনৰ তদানীন্তন চৰকাৰ বা পৰৱৰ্তী চৰকাৰে
ইচ্ছানুযায়ী পশ্চিম খণ্ডত পৰম্পৰাগত সীমাৰ সালসলনি কৰাৰ বাবেও ব্ৰিটিছে সুবিধা ৰাখি
দিছিল৷ ১৮৬৫চনৰ পৰা ১৯৫৩চনলৈ ব্ৰিটিছ-ভাৰতৰ মানচিত্ৰত পশ্চিম খণ্ডত সীমাৰেখা হয় দেখা
নগ’ল, নহয় অস্পষ্ট ৰূপত দেখুওৱা
হ’ল, যিহেতু ই অনিৰ্ণিত আছিল৷ ১৯৩৬চনৰ
পৰাহে মেকমোহন লাইনৰ পূৰ্বাংশ ব্ৰিটিছৰ ভাৰতীয় মানচিত্ৰত দেখা পোৱা গৈছিল৷ ১৯৫৩চনলৈকে
ইয়াক সঠিক সীমা নহয় বুলিয়ে চীনৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছিল৷
দ্বিতীয় বিশ্বযুদ্ধৰ শেষ পৰ্যায়ত সম্প্ৰসাৰণবাদী
ব্ৰিটিছে সীমা পাৰ হৈ বিনা অনুমতিত চীনৰ ভূখণ্ডত সোমাবলৈ আৰম্ভ কৰে৷ তদুপৰি মেকমোহন
লাইনৰ দক্ষিণ আৰু চিনো-ইণ্ডিয়ান ট্ৰেডিছনেল ব’ৰ্ডাৰৰ দক্ষিণৰ এটা সৰু অংশ দখল কৰি পেলায়৷
১৯৪৭চনৰ ১৫আগষ্টত ভাৰতবৰ্ষই স্বাধীনতাৰ
সোৱাদ লাভ কৰিলে৷ আগৰ ৰিপাব্লিক অফ চাইনা ১৯৪৯চনৰ ১অক্টোবৰত পিপুলচ ৰিপাব্লিক অফ চাইনা হ'ল৷ মাও যুগৰ আৰম্ভণিতেই উভয় দেশৰ মাজত পৰস্পৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠাৰ হকে যৌথ প্ৰচেষ্টায়ো পাতনি মেলিলে৷ পঞ্চশীল নীতিৰ শান্তিপূৰ্ণ সহাৱস্থানৰ যুটীয়াভাৱে পোষকতা কৰি চীনৰ তিব্বত এলেকা আৰু
ভাৰতৰ মাজত ব্যৱসায়-বাণিজ্য আৰু আহ-যাহৰ বাবে তেতিয়াই এখন চুক্তি ৰচনা কৰা হয়৷ দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ মিতিৰালিত সেই চুক্তিয়ে সহায় কৰিছিল৷ আনহাতে, সীমান্তৰ প্ৰশ্নত চীন
চৰকাৰে পৌৰাণিক সম্পৰ্ককে ধৰি ৰাখিছিল৷ তেওঁলোকৰ মতে চীন কিম্বা ভাৰত কোনোখন ৰাষ্ট্ৰই
সাম্ৰাজ্যবাদী ব্ৰিটিছে সৃষ্টি কৰা নিয়মৰ বশৱৰ্তী হোৱা অনুচিত৷ যিহেতু দুয়োখন দেশে
নিজস্বভাৱে স্বাধীন সেয়ে বুৰঞ্জীৰ তথ্যৰ ওপৰত ভিত্তি কৰি সীমাকে ধৰি সকলোবোৰ অমীমাংসিত
সমস্যা সদিচ্ছা, পাৰস্পৰিক বুজাবুজি আৰু ব্যৱস্থাৱলীৰ মাজেৰে নিষ্পত্তি হোৱা উচিত বুলি নতুন চীনে গণ্য কৰিছিল৷
পৰৱৰ্তী লেখা :
২২. ব্ৰিটিছ যোৱাৰ পিছত... ‘হিন্দী-চীনী ভাই-ভাই’
No comments:
Post a Comment