অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
ভাৰতে তিব্বত সন্দৰ্ভত আলোচনা নিবিচৰা নহয়, বিচাৰিছিল৷ চীনৰ প্ৰতি সদ্ভাৱ প্ৰকাশৰ উপৰি তিব্বতৰ ওপৰত শত্ৰুতাপূৰ্ণ দাবী পৰিহাৰ কৰাৰো পক্ষপাতী আছিল ভাৰত৷ কোৰিয়ান যুদ্ধক লৈ ৰাষ্ট্ৰসংঘই চীনক আগ্ৰাসী চিহ্নিতকৰণেৰে ১৯৫০চনৰ নৱেম্বৰ মাহত গ্ৰহণ কৰা প্ৰস্তাৱৰো বিৰোধিতা কৰিছিল ভাৰতেই৷ তাৰ আগতে, সেই বৰ্ষৰে ১এপ্ৰিলত কাৱালাম মাধৱ পানিক্কাৰক চীন দেশত নিযুক্তি দিয়া হৈছিল, প্ৰথমজন ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে৷ কিন্তু এই সকলোবোৰ চেৰাই ব্ৰিটিছৰাজে পুতি থৈ যোৱা বিষবাষ্পৰ বীজটো স্বৰাজোত্তৰ ভাৰতবৰ্ষত ক্রমাৎ যেন পূৰঠ হৈ উঠিল! সীমা ঠেলা-ঠেলিৰ নামত চীনৰ দিশত ভাৰতৰ আগ্ৰাসন সুদীৰ্ঘ ১০বছৰ ধৰি চলিল৷ ভাৰতীয় সশস্ত্ৰ সেনাৰ তদাৰকী দল এটাই ১৯৫৯চনৰ আগষ্ট মাহত লাডাখৰ পূব দিশত মেকমোহন লাইন অতিক্রম কৰিলে৷ লংজুৰ লগতে উত্তৰ দিশৰ কেতবোৰ স্থান দখল কৰিলেগৈ৷ ২৫আগষ্টত চীনা সৈন্যই ভাৰতীয় সৈন্যৰ ওপৰত গুলী বৰ্ষণ কৰাত কেইবাজনো জোৱানৰ মৃত্যু ঘটিল৷ চিমলা চুক্তিৰ মেকমোহন লাইন অনুসৰণ কৰি অংকন কৰা অৱস্থানৰ উত্তৰৰ পৰা চীনা সেনাই ভাৰতৰ তদাৰকী সেনা এজনক বন্দী কৰি নিলে৷ চীনৰ মতে সেয়া আছিল ভাৰতৰ বিধিনিষিদ্ধ প্ৰৱেশ৷ ভাৰতৰ মতে চকীটো ঠিক মেকমোহন লাইনতে আছিল৷
চীনে আগৰে পৰাই ব্ৰিটিছে উলিওৱা মেকমোহন লাইনৰ সজোৰ বিৰোধিতা কৰি আহিছিল৷ ১৯৫৯চনৰ ৮ছেপ্টেম্বৰত সেই সীমাৰেখা মানি লোৱাত চীনা নেতৃবৰ্গই পুনৰ অসন্মতি প্ৰকাশ কৰিলে৷
২অক্টোবৰত ৰাছিয়ান নেতা নিকিতা চাৰ্গেইভিছ খ্ৰুছশ্বেভে মাও চে-চুঙৰ সৈতে বহা এখন সভাত নেহৰুক সুৰক্ষা দিয়ে৷ ছোভিয়েট ইউনিয়নে নেহৰুৰ পক্ষ লোৱা আৰু এলেকাটোত থকা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰভাৱে চীনক বিশ্বাস জন্মাইছিল যে এই স্থল শত্ৰুৰ দ্বাৰা ঘেৰি থকা হৈছে৷ ১৬অক্টোবৰত জেনেৰেল লি য়িংফুৱে থাগলা শিখৰত ভাৰতীয়ই সম্প্ৰসাৰণবাদী কাৰ্যকলাপ চলোৱাৰ বিষয়ে উল্লেখ কৰে৷ ১৮অক্টোবৰত চীন চৰকাৰে নিজৰ সৈন্যদল পি.এল.এ.ক ভাৰতৰ বিৰুদ্ধে তিব্বতত আত্মৰক্ষাৰ পৰিকল্পনা যুগুতোৱাত অনুমোদন জনায়৷
ভাৰতে আমেৰিকাৰ সহযোগত ইউ-টু স্পাই এয়াৰক্রেফটেৰে পোতক তুলিব পাৰে বুলি শংকা কৰি মাও চে-টুঙে পৰিস্থিতিৰ অৱনতি নঘটাৰ হকে সিদ্ধান্ত লৈছিল৷ বিমানৰ প্ৰয়োগে জিনজিয়াঙৰ লপ নৰত চীনৰ পাৰমাণবিক পৰীক্ষাথলীৰ ফটো সংগ্ৰহত চি.আই.এ.ক সহায় কৰিব বুলিও ভবা হৈছিল৷
সেইটো মাহতে পশ্চিম দিশৰ পৰম্পৰাগত পুৰণি সীমাও ভাৰতীয় সীমান্তৰক্ষীয়ে অতিক্রম কৰি যায়৷ এনে অনাকাংক্ষিত সম্প্ৰসাৰণ চলাৰ সময়তে ২০অক্টোবৰত আকচাই চীনৰ কাষৰীয়া কংকা পাছত অন্য এক ৰক্তাক্ত সংঘাতৰ সূত্ৰপাত হয়৷ চীনা সৈন্যই ভাৰতীয় সীমান্তৰক্ষীৰ ওপৰত গুলী চলায়৷ ৯জন ৰক্ষীক হত্যা কৰা হয়৷ ১০জনক ধৰি নিয়ে৷ লংজু, কংকা পাছ, নামখা চুত উভয়ৰে সৈন্য বাহিনীয়ে সংঘৰ্ষৰ সূচনা কৰিলে৷ যুদ্ধৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ নোহোৱা হেতুকে সীমাৰ দায়িত্বত থকা ভাৰতীয় সৈন্য বাহিনী বিবাদমান এলেকাবোৰৰ পৰা পিছুৱাই নিয়া হৈছিল৷ চীন চৰকাৰে নতুনকৈ সংঘৰ্ষ লাগি পৰিস্থিতি অধিক অৱনতিৰ দিশে যোৱাৰ পৰা বাৰণ কৰাৰ নিমিত্তে দুয়ো পক্ষৰে সেনা অপসাৰণৰ পোষকতা কৰিলে৷ একে সময়তে সীমা সংক্রান্তত শান্তিপূৰ্ণ নিষ্পত্তিৰ অৰ্থে দুয়ো দেশৰ মাজত আলোচনা যথাশীঘ্ৰে আৰম্ভ কৰাটোও বিচাৰিলে৷
চীন-ভাৰত সীমা সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ লক্ষ্যৰে চীনা প্ৰধান মন্ত্ৰী চৌ এন-লায়ে ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ ১৯৫৯চনৰ ২৪অক্টোবৰ তাৰিখে তিনিটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল৷ উভয় দেশে সীমান্তত মোতায়েন কৰা সেনা বাহিনী এল.এ.চি.ৰ পৰা ২০কিল’মিটাৰ আঁতৰলৈ অপসাৰণ কৰা, কোনেও কাৰো বিপক্ষে অস্ত্ৰ প্ৰয়োগ নকৰা, সীমান্তত তদাৰকী বন্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল৷ ভাৰত আৰু চীনৰ মাজত পশ্চিম খণ্ডত অফিচিয়েল বাউণ্ডেৰী লাইন স্পষ্ট নহ’লেও ভাৰতৰ দাবী অনুযায়ী সেই সীমা ১৮৬৫চনৰ জনছন লাইনৰ সৈতে একে৷ তাৰ বিপৰীতে চীনা চৰকাৰে ১৮৯৯চনৰ মেককাৰ্টনী-মেকডনাল্ড লাইনৰ সৈতে মিলা সীমাৰেখাক সমৰ্থন কৰে৷ তাকে লৈ কথা-বতৰাবোৰ খামখেয়ালিত পৰিণত হৈছিল৷ তথাপি বেইজিং মহলে নিজকে ধৰি ৰাখিলে আৰু কথামতে চীনা সৈন্য পিছ হোঁহকাই নিয়া হ’ল৷ ভাৰতে কিন্তু বিষয়টোলৈ কৰ্ণপাত নকৰিলে৷
জটিলতা উদ্ৰেক হোৱাৰ পূৰ্বে সেই বছৰ অৰ্থাৎ ১৯৫৯ৰ ৭নৱেম্বৰত চীনা প্ৰধানজনে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ পুনৰ পত্ৰ লিখিলে৷ কংকা পাছত অক্টোবৰৰ গুলীচালনাৰ ঘটনাৰ পিছৰ মাহত চৌ এন-লায়ে একেটা প্ৰস্তাৱকে ভাৰতক আকৌ দিলে৷ কোৱা হৈছিল যে পৰম্পৰাগত সীমা এল.এ.চি.ৰ দুপাৰে ভাৰত আৰু চীন দুয়োখন ৰাষ্ট্ৰই ২০কিল’মিটাৰকৈ পিছুৱাই যাওক৷ সীমা উলংঘন বন্ধ হওক৷ উভয়ৰে মাজত আলোচনা হওক, সংঘৰ্ষ নহওক৷
সীমা সংক্রান্তত শান্তিপূৰ্ণ নিষ্পত্তিৰ অৰ্থে যথাশীঘ্ৰে আলোচনা আৰম্ভ কৰাটো বিচাৰিছিল বেইজিং মহলে৷ পত্ৰখনত কোৱা হৈছিল যে পূব খণ্ডত এল.এ.চি. অৰ্থাৎ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা মানে মেকমোহন লাইনডালেই৷ সেইদৰে পশ্চিমতো দুয়ো দেশৰ প্ৰকৃততে য’লৈকে নিয়ন্ত্ৰণ আছে তালৈকেই৷ সেই লাইনডালেৰে চৌৱে পূবত মেকমোহন লাইন আৰু পশ্চিমত যি সীমা পৰ্যন্ত উভয় দেশে নিজৰ নিয়ন্ত্ৰণ ৰাখি আহিছে, বাৰে বাৰে তাকেই দোহাৰিছিল৷ ১৯৬২চনৰ চীন-ভাৰত সমৰ সংঘটিত হোৱাৰ পূৰ্বে ভাৰতৰ প্ৰধান মন্ত্ৰীজনে এই সন্দৰ্ভত আগ্ৰহ প্ৰকাশ নকৰিলে৷ নেহৰুৱে বিবাদমান এলেকাটো ন’ মেনচ লেণ্ড কৰাৰ প্ৰস্তাৱ আগ বঢ়ালে৷ তেওঁ কৈ উঠিল : There is no sense or meaning in the Chinese offer to withdraw twenty kilometers from what they call 'line of actual control'. What is this 'line of control'? Is this the line they have created by aggression since the beginning of September? Advancing forty or sixty kilometers by blatant military aggression and offering to withdraw twenty kilometers provided both sides do this is a deceptive device which can fool nobody.
অন্তহীন অভিযোগ, প্ৰতি-অভিযোগ আৰু আঁকোৰগোঁজালি৷ তিব্বতত আগ্ৰাসন চলাই তাত ভাৰতীয় উপনিৱেশ স্থাপন কৰাটোৱেই যুদ্ধৰ মূল কাৰণ আছিল বুলি চীনাসকলে ভাবে৷ নেহৰুৱে বিশাল ভাৰত সাম্ৰাজ্য গঢ়াৰ পৰিকল্পনা লোৱাৰ কথাকে দোহাৰে চীনা বুৰঞ্জীয়েও৷ তিব্বতৰ ওপৰত নিয়ন্ত্ৰণৰ লক্ষ্য সাব্যস্ত কৰাত সোঁপন্থী জাতীয়তাবাদী শক্তিয়েও নেহৰুক প্ৰভাৱিত কৰিছিল৷ আনহাতে তিব্বতক লৈ চীনৰ যি যোজনা আছিল সি দুয়োখন দেশৰ মাজত সংঘাত আৰু উত্তেজনা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ তিব্বতৰ স্বাধীনতাৰ পক্ষপাতী বা তিব্বতক এটা খণ্ডিত এলেকাত পৰিণত কৰিব বিচৰা বুলি ভাৰতক পুঁজিবাদী সম্প্ৰসাৰণবাদী হিচাপে ভবাটো চীনৰ ভুল আছিল৷ চৌ এন-লায়ৰ এনে নঞৰ্থক ধাৰণাই যুদ্ধৰ বাট কাটিলে৷ মিছা আশংকাবোৰৰ বাবেই চীনে ভাৰতৰ ফৰৱাৰ্ড পলিচী বুলি ভাবি থাকিল৷ এইটোৱেই তিব্বতলৈ ভাৰতৰ আগ্ৰাসন বুলি প্ৰাথমিক ভুল ধাৰণা এটা জন্মালে৷ ভাৰতে চীনৰ মিলিটেৰী আগ্ৰাসন বুলি ধৰিলে৷ ভূমিক কেন্দ্ৰ কৰিয়ে এইদৰে দুয়ো দেশৰ মাজত গুৰুতৰ অবিশ্বাসে ঠাই পালে৷

পৰৱৰ্তী লেখা :
২৫. সন্ধিৰ প্ৰস্তাৱ আৰু প্ৰত্যাখ্যান
No comments:
Post a Comment