৮.৮
অতিথি গৃহৰক্ষক !
কাইলৈ ৩ তাৰিখ ৷ কয়লা কেম্পৰ পৰা আহি থাকোঁতেই মনে মনে অংক এটা কৰিলোঁ ৷ সিদ্ধান্তও ল'লোঁ যে কাইলৈ মই উভতি যোৱা উচিত ৷ প্ৰথম কথা, সকলোখিনি চালোঁৱেই ৷ দ্বিতীয়তে, মোৰ ইনাৰ লাইন পাৰ্মিটখনৰ মতে বিচৰণৰ ম্যাদ ৪ তাৰিখলৈকেহে ৷ সিফালে ৰ'য়িঙত ৰাতিটো খপিবগৈ লাগিব ৷ গতিকে পাছদিনা, অনুমোদিত সময়ৰ ভিতৰতে অৰুণাচলৰ ভূমি, মিছিমি পাহাৰৰ পাদদেশ ত্যাগ কৰি নিজ ৰাজ্যত প্ৰৱেশ ঘটাব পাৰিম ৷ হিচাপ মিলি আছে ৷
ভবা কথাটো বচ্চনৰ আগত কওঁতে ‘ৰহ সক্তা হে’’ বুলিলে ৷ ময়ো ক’লোঁ যে থাকিব পাৰোঁ ৷ থকা-খোৱাৰ বিষয়ত এতিয়া কোনো সমস্যাই নাই ৷ হ’লেও ৰাজ্যৰ যি নিয়ম সেয়া ভংগ কৰাটো ভাল কথা নহয় আৰু সেয়া হোৱাটো মই নিবিচাৰোঁ ৷ বচ্চনক পতিয়ন নিয়াবলৈকে অংকটো এবাৰ জোৰকৈ শুনাই দিলোঁ ৷ প্ৰতিপন্ন হ’ল যে হয়, কালি মই আনিনি এৰিব লাগিব ৷ অন্যথা চৰকাৰৰ হিচাপৰ তালিকাত অনাহূত, অবৈধ অতিথি হৈ পৰিম ৷
ৰে’হ উৎসৱৰ আজি মেঠোন বলি দিয়াৰ কামফেৰা সুকলমে
সমাধা হৈ গ’ল নিশ্চয় ৷ ফেষ্টিভেল
গ্ৰাউণ্ডৰ কাষেৰে আহি থাকোঁতে শেন চকু মাৰিছিলোঁ ৷ মানুহ-দুনুহ তেনেকৈ দেখা নাছিলোঁ যদিও পেণ্ডেলৰ ভিতৰৰ
পৰাহে কিবা আৱাজ ভাহি আহি আছিল ৷ কালিৰ দৰে আজিও সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷
দিনজোৰা আচ্হিছ’-আনিনি দৰ্শন সামৰি ঘৰ
সোমায়ে পূৰ্বতে কথা দি থোৱামতেই গাড়ীখনৰ
ভাড়াৰ বাবদ নগদ ২,৫০০
টকা তুলি দিয়া হ'ল বচ্চন মিপিৰ হাতত ৷ বচ্চন আৰু চ’ক’ ওলাই গ’ল, গাড়ীৰ গৰাকীক প্ৰাপ্য পৰিশোধ কৰিবলৈ ৷ লগৰ কাম
লগতে কৰাটোৱেই ভাল ৷ মোক লগ ধৰিছিল যদিও মই নগ’লোঁ
৷ মনটো ঘৰমুখী হৈ উঠিছে ৷ বয়-বস্তুবোৰ চিজিল কৰিবলৈ আছে ৷ আন্ধাৰ হ'লেই ৷
হাত-মুখ ধুই চিধা জুইৰ গুৰি ৷ অনিয়াই চাহ দিলে
৷ কি কি চালোঁ সুধিলে ৷ সিহঁত ফাংচন চাবলৈ ওলাইছে ৷ সিহঁত মানে অনিয়া,
মাক, শাহুৱেক, ৱুটাচ্ছি, আৰন, সকলো যাব ৷ কালি পিলি মেয়া ঘৰত আছিল ৷ আজি তেৱোঁ যাব ৷ মোক সুধিলে, ‘যাব
নেকি আপুনি ?’ ‘নাযাওঁ’ বোলাত ক’লে, ‘আপুনি থাকক ৷ আজি ঘৰ চমজালোঁ আপোনাক ৷’ নক’লোঁ যে মই কাইলৈ গৃহাভিমুখী
হ’ম ৷ ক্ষন্তেক পাছতে মোক
অকলশৰে এৰি থৈ আটাইমখা গুচি গ’ল ফেষ্টিভেল গ্ৰাউণ্ডলৈ ৷ মই
যেনিবা অতিথি নহয়, কোনোবা পুৰণা চিনাকিহে ! গৃহৰক্ষকৰ দায়িত্ব চমজি লৈ ৰ'লোঁ অকলে অকলে ৷
অকলশৰীয়া যদিও এনে লাগিছে,
মই যেন এই ঘৰখনৰে আজীৱন সদস্য ৷ জুহালৰ কাষত বহি লৈছোঁ ৷ টৰ্চ লাইটটো হাতে ঢুকি পোৱাতে
ৰাখিছোঁ ৷ চিন্তা কৰিছোঁ, কাৰেণ্ট যাব লাগিলে কি কৰিম ? জুইকুৰাই সাৰথি ৷ খৰি অপৰ্যাপ্ত আছেনে ? আছে ৷ চিন্তা নাই ৷ কেইডালমান জাপি দিলোঁ ৷ তাৰ পাছত ভাবিছোঁ,
কি কৰি কটাওঁ এতিয়া ? নিজৰ কাপোৰ-কানিকেইটাকে প্ৰথমতে থান-থিত লগোৱা যাওক ৷
ঘৰৰ পৰা বহী এখন আনিছিলোঁ ৷ ধুনীয়াকৈ নিজৰ
সম্পূৰ্ণ নাম-ঠিকনা, ফোন নম্বৰ আদি লিখিলোঁ ৷ নামপঙৰ নংকি বস্তিত টাংচা চাঙত হ’মষ্টে’ কৰোঁতে প্ৰস্থানৰ আগে আগে
গৃহস্থ-গৃহস্থনী ক্ৰমে জাংখং মংৰে আৰু নাজং মৰাঙক একেলগে থিয় কৰাই হাতত চমজাই আহিছিলোঁ এনেকুৱা এখন বহী, য’ত সন্নিৱিষ্ট কৰা হৈছিল টীম মাৰ্ক’ পল’ৰ চাৰিওজন সদস্যৰ নাম-ঠিকনা,
ফোন নম্বৰ ৷ হ’মষ্টে’টোৰ আমি আছিলোঁ প্ৰথমটো অতিথি দল ৷ আমাৰ পাছত আহিবলগীয়া প্ৰতিজন পৰ্যটকৰ নাম একাদিক্ৰমে লিপিবদ্ধ কৰিবলৈকো পৰামৰ্শ
দি আহিছিলোঁ ৷ অনুৰূপ উদ্দেশ্যৰে আনিনিত এতিয়া এইখন বচ্চন-অনিয়াক চমজাম ৷ ইহঁতৰ হ’মষ্টে’ৰ ৰেকৰ্ড বুক হিচাপে ৷ মোৰ পাছত অহাসকলৰ নামবোৰ লিখি গৈ থাকিব ৷
চিনস্বৰূপে কাক কি দি থৈ যাম ? ৰাক্চেকৰ ভিতৰত চাৰিখনকৈ ফুলাম গামোচা আছে ৷ অনিয়াৰ মাক আৰু বচ্চনৰ মাকক একোখন দিবই লাগিব ৷ অৰুণাচলৰ বয়সস্থ
মানুহে আমাৰ গামোচা খুব ভাল পায় ৷ এখন চ'ক' তায়ুক দিম ৷ সকলোতকৈ ধুনীয়াখন অনিয়াক দিম ৷ নামকেইটা ভাবি ভাবি গামোচাকেইখন বাহিৰ কৰিলোঁ ৷ মোজা দুযোৰো আছে ৷ বচ্চনক দিম ৷ এযোৰ চ'ক' তায়ুক দিলোঁৱেই অথনি ৷ ফুড চাপ্লিমেণ্টৰ পেকেটকেইটাও দি দিম অনিয়াহঁতক ৷ সকলোখিনি উলিয়াই একেলগে থ’লোঁ ৷ চিন্তা কৰিছোঁ, আৰু কি কৰিবলগীয়া থাকিল ? আনিনি আৰু আচ্হিছ'ত সংগ্ৰহ কৰা শিলগুটি দুটা আছেনে ? আছে ৷ মোৰ বাবে স্মৃতি এইকেইটা ৷ সুৰক্ষিত স্থানত ভৰাই দিলোঁ আগে-ভাগে ৷
অনিয়াই কালি চাবলৈ দিয়া
স্মৃতিগ্ৰন্থখন মোৰ হাততে আছে ৷ সেইখনকে পঢ়োঁ বুলি উলিয়াই ল’লোঁ ৷ কেইবাটাও গুৰুত্বপূৰ্ণ লেখা সংযোজন কৰা হৈছিল ৷ ইদু মিছিমি জীৱনৰ ঐতিহ্য
ৰে’হ উৎসৱ, ৰে’হ উৎসৱৰ ধাৰণা আৰু প্ৰসাৰ, ইদু মিছিমিৰ চমু ইতিহাস,
মিছিমিৰ ব্যৱসায়-বাণিজ্য, মিছিমি পৰ্বতত স্বাধীনতাৰ ঢৌ আৰু আনে নজনা মিছিমি বীৰ,
ৰুক্মিণীৰ আখ্যান আৰু ইদু মিছিমিসকল, ইদু মিছিমিৰ ইগুসকলৰ সংক্ষিপ্ত পৰিচয়, ইদু মিছিমিসকলৰ
মূল বিচাৰি, ইদু মিছিমিসকলৰ বয়ন শিল্প, মিজু আৰু ডিগাৰু মিছিমিৰ আ-অলংকাৰ, সাজপাৰ আৰু
শিল্প-সামগ্ৰী, সৰ্প দংশন – সামাজিক বাধা-নিষেধ
আৰু প্ৰতীকি বিশ্বাস, ইদুসকলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ পৰম্পৰাগত পদ্ধতি, কামান মিছিমিৰ
পৰম্পৰাগত ক্ৰীড়া, মিছিমি লোকগীত সম্পৰ্কীয় প্ৰৱন্ধ, ৰুক্মিণী নাতি – কিংবদন্তীৰ কাহিনী, ইদু মিছিমিৰ সামাজিক অন্যায়
- দাস প্ৰথা, ইদু মিছিমি ভাষাৰ লিখন পদ্ধতি, মিছিমি পাহাৰত কানিৰ প্ৰভাৱ, ইদু মিছিমিৰ
মাজত আত্মহত্যাৰ প্ৰৱণতাক লৈ চলোৱা অধ্যয়ন সম্পৰ্কীয় লেখা, মিছিমি সমাজত বাঁহৰ আৰ্থ-সামাজিক
গুৰুত্ব, চুটি গল্প, ফটো ইত্যাদিবোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷ একান্তমনে পাত লুটিয়াই যাব
ধৰিলোঁ ৷
মনোযোগেৰে পঢ়ি আছোঁ ৷ এনেতে দৰজাখন কেৰেক্কৈ উঠিল ৷ অচিনাকি
যুৱক এজনৰ প্ৰৱেশ ঘটিছে ৷ বেশভূষা দেখি বিচূৰ্তিয়ে খালোঁ ৷ বেতৰ টুপী, কান্ধত দা, হাতত
ধেনু-কাঁড়, এহাতে যাঠি এডাল, পিঠিত ক'লা নোমাল বাস্কেট ৷ যেন যুদ্ধথলীৰ পৰাহে আহিছে কোনোবা যুদ্ধবীৰ ! মই মূৰ তুলি চালোঁ ৷
তেওঁ মোলৈ চোৱা নাই ৷ টুপীটো খুলিলে ৷ এইবাৰহে এইফালে চালে এবাৰ ৷ একো কথা নাই ৷ বাস্কেটটো গলধনৰ পৰা নমালে ৷ ধেনুখন বেৰত থকা গজাল এটা ওলোমাই ৰাখিলে ৷ তাৰ মানে আগে-পাছে আহি
থাকে ইয়ালৈ ৷ ভাব-ভংগীত তেনেকুৱা যেনেই লাগিল ৷ পিছে এইহেন অসময়ত ধেনু-কাঁড় লৈ ওলাইছেহিযে ! কথাটো কি ? সেয়াহে
একো টলকিব পৰা নাই ৷ কি কৰে আলেঙে আলেঙে লক্ষ্য কৰি আছোঁ ৷
‘কাহাঁছে আয়া আপ ?’ সুধি দিলোঁ ৷
ক’লে কিবা গাঁও এখনৰ নাম ৷ মনত নাথাকিল ৷ বাইকত আহিছে ৷ খুব ঠাণ্ডা লাগিছে ৷ জুইকুৰা বঢ়াই দি ওচৰত বহিবলৈ মাতিলোঁ
৷ বহিলেহি ৷ বচ্চনৰ সম্পৰ্কীয় ৷ বয়স বেছি হোৱা নাই ৷ বি.এ. পঢ়ি আছে ৷ কলেজ তেজুত ৷ মূল ঘৰ মিপিত ৷ ক'ত মিপি, ক'ত আনিনি, ক'ত তেজু ! ভাবিবলৈকে টান ৷ কথা পাতি ভাল লাগিছিল ৷ কিন্তু অলপ সময় বহাৰ পাছতে যাবলৈ উঠিল
৷ ফেষ্টিভেল গ্ৰাউণ্ডলৈ যাব ৷ অলপ সময় ফাংচন চাব ৷ দাখন ওলমাই ল'লে ৷ বাকী বস্তুবোৰ ইয়াতে এৰি গ’ল ৷ মই ঘূৰি গ’লোঁ স্মৃতিগ্ৰন্থৰ পৃষ্ঠালৈ ৷
জানিবলগীয়া কথাচোন অনেক আছে
এইখনত ! উত্তেজনা এটাই স্বাভাৱিকতে ক্ৰিয়া কৰিব ধৰিলে ৷ গো-গ্ৰাসে পঢ়ি গ'লেও গোটেইবোৰ এতিয়াই শেষ কৰাটো কোনোপধ্যে সম্ভৱ নহ’ব ৷ হেন জানি ফটো তুলি লোৱাই বুদ্ধিমানৰ কাম হ'ব ৷ জুইৰ কাষতে ঢাৰিৰ ওপৰত গ্ৰন্থখন ৰাখি লাহে লাহে এফালৰ পৰা পাত লুটিয়াই
লুটিয়াই ক্লিক্ কৰি যাব ধৰিলোঁ ৷ হাত বিষাই গৈছে ৷ এসময়ত বেটাৰীও কমি আহিল ৷ আচ্হিছ’ আৰু কয়লা কেম্পত কম ফটো তোলা হোৱা নাই আজি ৷ এতিয়া এইখনৰ পাছত পৰি হাতেও অসহযোগ কৰিব ধৰিলে স্নেপ লোৱাত ৷ মনত পৰিল, মেন্-চু-খাৰ জি.টি.এল. হ'মষ্টে'ত ক'ফি টেবুল বুক এখন পাইছিলোঁ ৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ্ টুৰিজিমে উলিয়াইছিল সেইখন ৷ দৰকাৰী যেন লগাত একে পদ্ধতিৰেই ফটো তুলি লৈছিলোঁ ৷ ক'পী পাবলৈ নাই ৷ এইখনৰো নাই ৷
টুক্ টুক্ কৰে আৰন আহি ওলাল ৷
‘ক্যা হুৱা ৰে’ ?’ মই তালৈ চাই ৰিং মাৰিলোঁ ৷
ৱুটাচ্ছিৰ কাৰণে গৰম পানী নিবলৈ আহিছে ৷ পাকঘৰৰ এচুকত থকা মস্ত ফ্লাস্কটোত গৰম পানী সুমুৱাই থোৱা আছিলেই ৷ তাৰ পৰাই সৰু এটাত আটোম-টোকাৰিকৈ ভৰালে ৷ খৰধৰকৈ নিজেও পি ল'লে এগিলাচ ৷ তাৰ পাছত আকৌ টুক্ টুক্ কৰে ওলাই গ’ল ৷ বয়সনো কিমান ? বৰ কৰ্মক্ষম ৷ ৱুটাচ্ছিৰ খেলৰ লগ ৷ বিৰাট ব্যস্ত এই মুহূৰ্তত ৷ সোনকালে ফিল্ড পাবগৈ লাগে ৷
'ফিল্ড মে' ক্যা চল্ ৰহা হে' ?'
'ডেন্স ৷' এটা শব্দত উত্তৰ ৷
'ঘৰৰ মানুহবোৰ ক'ত আছে ?'
'ডেন্স দে'খ ৰহা হে' ৷'
উত্তৰ দিবলৈ তাৰ সময় নাই ৷ দৌৰ মাৰিলে ৷
‘ক্যা হুৱা ৰে’ ?’ মই তালৈ চাই ৰিং মাৰিলোঁ ৷
ৱুটাচ্ছিৰ কাৰণে গৰম পানী নিবলৈ আহিছে ৷ পাকঘৰৰ এচুকত থকা মস্ত ফ্লাস্কটোত গৰম পানী সুমুৱাই থোৱা আছিলেই ৷ তাৰ পৰাই সৰু এটাত আটোম-টোকাৰিকৈ ভৰালে ৷ খৰধৰকৈ নিজেও পি ল'লে এগিলাচ ৷ তাৰ পাছত আকৌ টুক্ টুক্ কৰে ওলাই গ’ল ৷ বয়সনো কিমান ? বৰ কৰ্মক্ষম ৷ ৱুটাচ্ছিৰ খেলৰ লগ ৷ বিৰাট ব্যস্ত এই মুহূৰ্তত ৷ সোনকালে ফিল্ড পাবগৈ লাগে ৷
'ফিল্ড মে' ক্যা চল্ ৰহা হে' ?'
'ডেন্স ৷' এটা শব্দত উত্তৰ ৷
'ঘৰৰ মানুহবোৰ ক'ত আছে ?'
'ডেন্স দে'খ ৰহা হে' ৷'
উত্তৰ দিবলৈ তাৰ সময় নাই ৷ দৌৰ মাৰিলে ৷
অলপ পাছত বচ্চন আৰু চ’ক’ সোমালহি ৷
‘কাইলৈ পুৱা ৰ’য়িঙলৈ যাবলৈ মোৰ কাৰণে ছুম’ৰ চিট এটা বুক কৰিব লাগিছিল নহয় চ'ক'জী ৷’
‘ঠিক আছে ৷ এতিয়া যাওঁতে কাউণ্টাৰত খবৰ ল'মগৈ বাৰু ৷’
চ’ক’ তায়ুৱে উত্তৰ দিলে ৷ তেৱোঁ গৰম পানী এগিলাচ
খালে ৷ এই সুযোগতে ফুলাম গামোচা এখন মোৰ আনিনি যাত্ৰাৰ লিংকমেনজনক উপহাৰ হিচাপে যাচিলোঁ ৷ ফুলবোৰ তল-ওপৰকৈ পিটিকি পিটিকি চাই আপ্লুত হ’ল ৷ ডিঙিত লৈ থাকিল মই দিয়া ধৰণেই ৷
‘সম্ভৱ হ'লে ২ নম্বৰ চিটটো ল’ব দেই ৷ আহোঁতে ২ নম্বৰতে বহি
আহিছিলোঁ ৷ ৰ'য়িঙত আপুনিয়ে বুক্ কৰি দিছিল ৷ যাওঁতেও আগত বহিব পালে দৃশ্য চাই চাই, ফটো
তুলি যাব পাৰিম ৷’
‘চেষ্টা কৰি চাওঁ ৷ আপোনাক এছ.এম.এছ. কৰি জনাই দিম বাৰু ৷’
আগৰটো সলাই বচ্চনে দীঘল জেকেট পিন্ধি লৈছে ৷ টৰ্চ লাইটটোও
হাতত ল’লে ৷ কোনোবা আহিছিল নেকি
সোধাত ইদু ডেকাজনৰ বিষয়ে জনালোঁ ৷ ক’লে, ‘সি মোৰ খুৰাৰ ল’ৰা ৷ … বাৰু বহি থাকক আপুনি ৷ আমি নাইট
ফাংচন চাবলৈ যাওঁ ৷’
দুয়ো গ’লগৈ ৷ চ’ক’ তায়ুৱে কৈ থৈ গ’ল, ‘কালি পুৱাহে আপোনাক লগ পাম
তেনেহ’লে ৷ গুড নাইট ৷’
স্মৃতিগ্ৰন্থৰ বুকুত
পুনৰবাৰ ডুব গ'লোঁ ৷ ফটো তোলোঁতে তোলোঁতে বেটাৰী আধ্যা ৷ কেমেৰাটো চাৰ্জত লগাই হাত সেকি সেকি অকলে অকলে
ভাবি আছোঁ এই ঘৰখনৰ মানুহবোৰৰ মোৰ ওপৰত জন্মা বিশ্বাসখিনিৰ কথা ৷ ভাল লাগিছে ভাবি
৷ বচ্চনেও ঘৰ এৰি থৈ গ'ল মোৰ ওপৰতে ৷ কম সময়তে এনেকুৱা বিশ্বাসভাজন হ’ব পাৰি বেলেগ এক ধৰণৰ সুখ অনুভৱ হৈছে ৷ বিশ্বাসযোগ্যতাৰ পৰীক্ষাত উত্তীৰ্ণ
হ’ব পৰাটো যিকোনো পৰ্যটকৰ
বাবেই ডাঙৰ কথা ৷
ইদু যুৱকটি পুনৰবাৰ
আহি ওলাল ৷ নিজৰ বস্তুবোৰ চপাই ল’লে ৷ পৰিধান কৰাত অথনি অহাৰ দৰে হৈ পৰিল ৷ যেন ইদু যোদ্ধা ! বাইক ষ্টাৰ্ট দি গুচি গ’ল ৷ ময়ো পুনৰ অকলশৰীয়া হ’লোঁ ৷ (ক্ৰমশঃ)
No comments:
Post a Comment