Saturday, 13 June 2020

৯.৭ ৰয়িং এৰি আশ্ৰয় ললোঁ চপাখোৱাত


বাঁওফালে কি আছে একোৱেই মনিব পৰা অৱস্থাত নাই ৷ অৰণ্যৰ মাজে মাজে ক্ৰমান্বয়ে নামি গৈছে ঠেক ৰাস্তাটো ৷ এই ৰাস্তাৰেই অগা-পিছাকৈ চলি আছে দুখন টাটা ছুম ৷ থূপ থূপ বৰফবোৰৰ উপস্থিতি ক্ৰমান্বয়ে হ্ৰাস পাই আহিল ৷ সেমেকা, নিৰ্জন এলেকা ৷ নিয়ন্ত্ৰিত গতিবেগ ৷ বগাৰ পৰা আকৌ সেউজীয়াত সোমাই পৰিলোঁ আমি ৷ সময় ৪ বাজি ১৫ মিনিট হৈছে যদিও পোহৰ কেতিয়াবাই কমিল ৷ শীতল, কুহেলিকাময় কাণি-মুনি পৰ ৷ পাহাৰৰ ভাঁজত বেলি অথনিয়েই অদৃশ্য হৈছিল ৷

মিছিমি পাহাৰৰ এইটো ঢালেৰে নামিবলৈ আৰম্ভ কৰাৰ লগে লগে আনিনি যেন অধিক দূৰ হৈ পৰিল ! এনে ভাব এটা জাগিব ধৰিলে ৷ বুকুখন শুদা শুদা লাগিব ধৰিলে ৷ অনিয়া-বচ্চনহঁত এতিয়া মোৰ পৰা বহুত আঁতৰত ৷ পাছফালে নেদেখা বাটটোৰ সিফালে আনিনি, আগলৈ ৰ'য়িং, শদিয়া-চপাখোৱা, মাজত বৰফৰ বাধাৰে ৰৈ আছে মায়ডিয়া ৷

মায়ডিয়া এৰি অহা আধা ঘণ্টামান হল ৷ সুন্দৰভাৱে আহি আছিলোঁ, গান শুনি শুনি, অনিয়াহঁতৰ কথাকে ভাবি ভাবি ৷ হঠাতে আগৰ ছুমখন ৰৈ গল ৷ মনটোৱে গোন্ধালে ৷ কিবা এটা জৰুৰ ঘটিছে ৷ ওচৰ পাই আমাৰখনেও কেইমিটাৰমান আগুৱাই ব্ৰেক মাৰিলে ৷ সমস্যা গুৰুতৰেই ৷ চালকৰ  ফালৰ আগ চকাটোৰ কিবা এটা ভাগি থাকিল ৷ কি হব এতিয়া ? ফচি গলোঁ ইয়াত ! মনে মনে ভাবি আছিলোঁ চপাখোৱা ওলামগৈ ৷ এতিয়া কি হব কব নোৱাৰোঁ ৷

ততাতৈয়াকৈ জেক্‌ লগাই চকাটো খুলি পেলোৱা হল ৷ আমাৰ চালক আৰু অন্যান্য দুই-একেও হাত উজান দিলে ৷ আটায়ে জুম পাতিছে ৷ আশা আছেনে কিবা ? চিন্তাক্লিষ্ট মুখমণ্ডল ৷

তায়ু ব্যতিক্ৰম ৷ ৰাস্তাতে বহি লৈ মবাইল টিপি আছে ৷ ডিঙিত মই দিয়া ফুলাম গামোচাখন ৷ উপহাৰ পোৱাৰে পৰা মোহ এৰিবকে পৰা নাই ৷ চকাৰ অৱস্থাৰ বুজ লৈ তেওঁৰ কাষলৈকে আগ বাঢ়ি গলোঁ ৷ আমি আৰু বেছি সময় লগ নাপাম ৷ এৰা-এৰিৰ ক্ষণ সমাগত ৷

চ'ক'ই নেটৱৰ্ক পোৱা নাই ৷ ৰাস্তাৰ ওপৰতে পায়চাৰি কৰি থাকি দুয়ো কথা পাতিব ধৰিলোঁ ৷ ৰয়িঙত নমাৰ পাছত মোৰ প্লেন কি হব ? দুটা কথাৰ ওপৰত সেয়া নিৰ্ভৰ কৰিছে ৷ এক. আব্দুল আহাদ, দুই. দেবেন সৰকাৰ ৷ কি হয় পৰিস্থিতিয়েহে কব ৷ সময়ে কব ৷ এই পৰ্যন্ত অনিশ্চয়তা বিৰাজমান ৷ অন্তহীন অনিশ্চয়তাৰ মাজেৰেই শেষ পৰ্যন্ত চলি আছে মোৰ একক যাত্ৰা ৷

পার্ট এটা সাল-সলনি কৰাত গাড়ীখন চলিব পৰা হৈ উঠিল ৷ টাটা ছুমৰ এয়ে বাহাদুৰি ৷ পৰ্বতত, দুৰ্গমতাত, বেয়া ৰাস্তাত ৰজা গাড়ী ৷ আন আন নামী-দামী গাড়ী কিছুমানৰ বিজ্ঞাপন ঠিকেই দেখা পাওঁ ৷ প্ৰেক্টিকেলিহে দেখা নাপাওঁ ৷ বিভিন্ন সময়ত মোৰ অৰুণাচল যাত্ৰা ছুমৰ সহায়তে সম্পন্ন হৈছে ৷ সেয়ে নিৰ্ভৰযোগ্য বাহন ৷ চালকবিলাকেও গৰ্বেৰে কয় ৷ যেনে-তেনে, জোৰা-ফোন্দা দি হলেও চকা ঘূৰিবই ৷ মুঠতে ছুম ছুমই ৷ এনেকৈও ডায়লগ মাৰে বহুজনে ৷

সময় অলপ ব্যয় হল ৷ তাৰ পাছতে আমাক আনন্দ দি গাড়ী দুখন আগৰদৰে চলিবলৈ ধৰিলে ৷ অকাই-পকাই নামি আহি নৱনিৰ্মিত হাইৱে চুলোঁহি ৷ জংঘল কমি আহিল ৷ ডিবাঙে দেখা দিলে যদিও নামনি অঞ্চলসমূহ ধূসৰ হৈ পৰিছে ৷ এতিয়া এইটো ক'ব পৰা যাব যে সেই নৈৰ আগলি মই দেখিছোঁ ৷ লোহিত, ডিবাং হৈ গ'ল ৷ বাকী আছে চিয়াং ৷ টুটিং, গেলিং, বিশ্বিং ৷ লগ নহ'লে অকলেই ৷ এই ভ্ৰমণে সাহস দিছে ৷ 

বাইলটো হাতত লৈ অনৰ্গল পিটিকি আহিছোঁ নেটৱৰ্ক পাওঁ নেকি বুলি ৷ শ্বাহনাজৰ, সৰকাৰৰ নম্বৰ টিপিছোঁহে টিপিছোঁ ৷ কাকো নাপাওঁ ৷ আহাদৰ লগত কথা পাতি আছোঁ, কি হব আমাৰ ? গাড়ী পামনে নাই চপাখোৱালৈ ? ৬ বাজিলেইচোন !’ সদুত্তৰ দিব পৰা অৱস্থাত নাই ৷

বহল ৰাজপথত উঠাৰ পাছত চালকে খুব দবাইছে ৷ স্পীকাৰত গানৰ আৱাজো পঞ্চমত ৷ ইতিমধ্যে আন্ধাৰ ভালকৈয়ে হল ৷ এঠাইত হঠাতে ফোনটো বাজি উঠিল ৷ চালোঁ ৷ শ্বাহনাজে কৰিছে ৷ হেন্দোলনিৰ হেঁচা-ঠেলাৰ মাজতেই ৰিচিভ কৰিলোঁ খপজপকৈ ৷
তই আজি ঘূৰি অহাৰ কথা আছিল, আহিছ নেকি ? আমাৰ ঘৰত থাকিবিনে ?
আনিনিৰ পৰা আহি আছোঁ ৷ ৰয়িং পাওঁ পাওঁ…’
মই মোৰ অৱস্থানহে যেনে-তেনে বেকত কৰিব পাৰিলোঁ ৷ নেটৱৰ্কৰ লুকা-ভাকুৱে বাকীখিনি প্ৰশ্নবোধকতেই ৰাখি দিলে ৷ চেষ্টা কৰিছোঁহে কৰিছোঁ, নাই সংযোগ নাপাওঁ ৷ নাপালোঁ যি নাপালোঁৱেই আৰু ৷

৬ বাজি পাৰ হৈ গল ৷ নিৰ্দিষ্ট সময়তকৈ আজি কিছু পলম হৈছে ৷ ভাল ৰাস্তাত তুফান স্পীডত দৌৰিছে গাড়ী ৷ দেওপানীৰ দলং পাৰ হ'লোঁ ৷ টাউন সোমালোঁহি ৷ ১০ মিনিটৰ পাছতে ক-অপাৰেটিভ ষ্টৰৰ কাষত চালকে ষ্টাৰ্ট বন্ধ কৰিলে ৷ এয়াই লাষ্ট ষ্টপেজ ৷ চ তায়ু উঠি অহা ছুমখনৰ কাউণ্টাৰ বেলেগ ৷ সেইখন কেনি সোমাল, কত ৰল, আন্ধাৰত গমেই নাপালোঁ ৷ পাৰস্পৰিক বিদায় কাৰ্যতঃ অথনি মিছিমি পাহাৰৰ বুকুতেই হৈছিল ৷ বাকী ফোনত হ'ব ৷ এক কথাত, লিংকমেন চ'ক' তায়ুৰ কাৰণেই এই যাত্ৰা মোৰ সম্ভৱ হ'ল ৷

ছুমৰ পৰা নামি বয়-বস্তু লৈ চপাখোৱাগামী আমি তিনিওজন যাত্ৰী খৰখেদাকৈ গাড়ীৰ সন্ধানত যাব ধৰিলোঁ ৷ মিমু হোটেলৰ সন্মুখ পালোঁহি ৷ ইয়াৰ পৰা কিবা পোৱা যাব পাৰে ৷ গৈ দেখোঁ, সময় কেতিয়াবাই অতীত হ'ল ৷ যাবলৈ একোৱেই নাই ৷ আশাহত হৈ আহাদলৈ প্ৰশ্ন, কি হব এতিয়া ? ইফালে শ্বাহনাজে বাৰে বাৰে ফোন কৰি আছে, চপাখোৱাৰ পৰা ৷ সঠিক উত্তৰ দিব পৰা নাই মই ৷ অনিশ্চয়তাত ডুবি আছোঁ ৷

এই সময়ত শান্তিপুৰলৈ যাবলৈ একো পোৱা নাযাব বুলি খাটাং হোৱাত আহাদে ঘৰলৈ ফোন কৰি গাড়ী পঠিয়াই দিবলৈ জনাই দিলে ৷ শান্তিপুৰৰ পৰা ৰয়িঙলৈ ২৩ কিলমিটাৰ বাট ৷ সিফালৰ পৰা উত্তৰ আহিল যে গাড়ী পঠাব, কিন্তু কিছু সময় ধৈৰ্য ধৰিব লাগিব ৷ দেউতাক এফালে গৈছে ৷ সি যি কি নহওক, ভাল খবৰটো পোৱাৰ পাছতেই ভোকটো লাগি আহিল ! কিবা-কিবি খাই লোৱাৰ ইচ্ছাৰে তিনিও সোমালোঁগৈ ওচৰতে থকা ফাষ্ট ফুড ৰেস্তোৰাঁ এখনত ৷ গুচি যামেই যিহেতু, সৰকাৰক আৰু ৰূম বিচাৰি ফোন কৰাৰ প্ৰয়োজনবোধ নকৰিলোঁ ৷

দূৰণিবটীয়া আলহী আমাৰ সন্মানাৰ্থে আহাদে চিকেন-বিৰিয়ানি খুৱাব ৷ অৰ্ডাৰ দি বহি আছে ৷ মোৰ সেইবোৰ নচলে বুলি বেচেৰাই নাজানে ৷ টেবুলত দিওঁতেহে গম পালে ৷ পেকিং কৰি লৈ লবলগীয়া হল ঘৰলৈ ৷ তাত খাবলগীয়া আন একো নথকাত মই ওচৰৰে মিঠাইৰ দোকানত সোমালোঁগৈ ৷ কেইবাদিনৰ মূৰত পাইছোঁ ৷ নিজেও ঠিকছে খালোঁ, শ্বাহনাজহঁতলৈ ললোঁ, আৰু সিহঁত দুয়োলৈকো লৈ আহিলোঁ ৷ দিনটোজোৰা যাত্ৰাৰ অন্তত আনন্দপূৰ্ণ আলাপ-আলোচনা, খোৱা-বোৱাৰে সময়খিনি অতিবাহিত হল আমাৰ ৷

ক'ত আছিলোঁ, ক'ত পালোঁহি ! পৰ্বতৰ মাজত সোমাই আছিলোঁ, এতিয়া সমতলত ৷ অনিয়াক খবৰ এটা দিয়া যাওক, ভালে ভালে ৰয়িং পালোঁহি বুলি ৷ পাওঁ-নাপাওঁ ভাবি তাইৰ নম্বৰটো উলিয়াই লাহেকৈ হেঁচাটো দিলোঁহে, একেবাৰতে ৰিং হব ধৰিলে ৷ কি আশ্চৰ্য !
বহন, মেয়িং পহুচ গিয়া ৰে’…’
আচ্ছা, আপ ৰয়িং পহুচ গিয়া ! অভি অভি পহুচা হগা ৷ আচ্ছাসে পহুচা না ভাইয়া ? তকলিফ ত নেহী হুৱা, না ?
সঁচাই আচৰিত কথা ৷ যাবৰ প্ৰাক্‌-সন্ধিয়া চ তায়ুৰ পৰা ফোন নম্বৰটো পাই ইয়াৰ পৰাই কৰা প্ৰথম ফোনকলটোও একেবাৰতে লাগিছিল ৷ আজিও ৷ এনেয়ে হলে আনিনিৰ নেটৱৰ্ক পৰ্বতৰ কাছকণী ৷

ফুটপাথত ৰৈ তিনিও কথাৰ মহলা মাৰি আছোঁ ৷ ইটালিন, আনিনি, নেপালী মানুহ, ইদু মানুহ ইত্যাদি প্ৰসংগ ওলাইছে ৷ ৰেহ ফেষ্টিভেলৰ মঞ্চত ইদু আৰু হিন্দীৰ বাদে নেপালী গান শুনিবলৈ পাইছিলোঁ ৷ তেতিয়াই নিশ্চিত হৈছিলোঁ যে আনিনিত একাংশ নেপালী অধিবাসী আছে ৷ এতিয়া নেপালী সহযাত্ৰী, আনিনিৰ পুৰণা অধিবাসীৰ জৰিয়তে তাৰে উদাহৰণ পালোঁ ৷ আনিনি আৰু নেপালৰ সম্বন্ধ এতিয়াৰ নহয় ৷ ইদু মিছিমি আৰু নেপালী পৰিয়ালৰ মাজত বৈবাহিক সম্বন্ধও ঘটিছে ৷ ভাষাৰ আদান-প্ৰদানো চলি আহিছে ৷

দীৰ্ঘ অপেক্ষাৰ অন্তত কলাৰঙী বলেৰ এখন আহি পালে ৷ বেগবোৰ লাগি-ভাগি উঠাই দিলোঁ ৷ মোক আগচিটত বহি লবলৈ কলে ৷ গাড়ীত উঠিয়েই শ্বাহনাজলৈ ফোন, য়িঙৰ পৰা গৈ আছোঁ দেই ৷ পানী গৰম কৰি থবি ৷ কেইবাদিনো গা ধোৱা নাই ৷ ইদু ইদু গোন্ধাই আহিছোঁ কিন্তু ৷ বাকী কথা পাছত ৷ 'হ'ব দে' বুলি তাই খুব হাঁহিলে ৷

পুৱা ৬.৪০ত আনিনি এৰি সন্ধিয়া ৬.১০তেই ৰয়িং পাইছিলোঁ ৷ ১১-১২ ঘণ্টা লাগি যায় যাত্ৰাটোত ৷ লেণ্ডস্লাইড হ'লে আৰু বেছি ৷ হাইৱে' সম্পূৰ্ণ হ'লে দিনটোৰ ভিতৰতে যোৱা-অহা কৰাটো সম্ভৱ হ'ব ৷ মানুহবোৰৰ বৰ সকাহ হ'ব ৷

আহাদৰ ঘৰৰ বলেৰ'ৰে ২৩ কিলমিটাৰ দূৰত্ব অতিক্ৰম কৰি অহাৰ পাছত ৮ বজাত শ্বাহনাজহঁতৰ চৰকাৰী বাসভৱনৰ সন্মুখত মোক নমাই দিলে ৷ আশ্ৰয়থলী সুকলমে পোৱাই দিয়াৰ ধন্যবাদ আৰু কৃতজ্ঞতা যাচি তেওঁলোকক বিদায় জনালোঁ ৷ এইফালে শ্বাহনাজ-ছাজিদ, মাইছা-ফাৰহাদে দীঘলীয়া হাঁহিৰে আদৰি মোক ঘৰৰ ভিতৰলৈ লৈ গ'ল ৷ আনিনিৰ অলিখিত কাহিনী কওঁতে কওঁতে, ফটো দেখুৱাওঁতে নিশা ১০.৩০ বাজিল ৷ তেতিয়াহে গা ধুবলৈ আহৰি পালোঁ ৷ খাই-বৈ বিছনাত পৰোঁ মানে মধ্যৰাতিয়ে হ'লহি ৷ (ক্ৰমশঃ)

No comments:

Post a Comment