৯.২ টাশ্বি ডেলেকত আহাৰ
বিৰতি
ৰ’দঘাই পুৱা ৷ ৭ বাজি ১৫ মিনিট গ’ল ৷ আহল-বহল ৰাজপথ এছোৱাত উঠিলোঁহি ৷ নিৰ্মীয়মান হাইৱে’টোৰ এই অংশ পকীকৰণ হৈ গৈছে ৷ সিপিনৰ পৰ্বতৰ ওপৰত শুভ্ৰ বৰফ ! ৰ’দ পৰি জল্মলাই আছে ৷ ওপৰত সুনীল আকাশ ৷ ডাৱৰ কিছুমান উপঙি ফুৰিছে ৷ অপূৰ্ব দৃশ্যপট ৷ সন্মুখৰ চিটত বহা দুজনে GoPro action camera চালু কৰি মুখৰ আগলৈ আহি থকা প্ৰাকৃতিক সৌন্দৰ্য ধাৰাসাৰে ৰেকৰ্ডিং কৰি যাব ধৰিছে ৷ ম’বাইল ফোনৰ কেমেৰায়ো ৰক্ষা পোৱা নাই ৷ মোৰো কেমেৰাৰ পৰা অনৰ্গল নিৰ্গত হৈছে ক্লিক্ ক্লিক্ শব্দ ৷ দৃশ্যবোৰ এনেকুৱা যে এক মুহূৰ্তও ৰৈ থাকিব নোৱাৰি ৷
অলপ পাছতে পথটোৰ অৱস্থা আকৌ তথৈবচ হ’ল ৷ গেলগেলীয়া বোকাত সোমাই
পৰিলোঁ ৷ এইখিনিত পূৰ্বতকৈ এখোপ চ’ৰাহে ৷ নিশা বৰষুণ দিছিল ৷ বোকাময়
অংশটো পায়ে মনত পৰি গ'ল কিছু সময়ৰ আগতে কোনো ৰকমে সংঘটিত নোহোৱা, মৰণান্তিক অঘটনটোলৈ ৷ ওপৰৱালাই
বচালে ৷ ইমানপৰে কি যে হ'লহেঁতেন নহ'লে ! নাভাবো বুলিও মনলৈ আহিল আপদীয়া মুহূৰ্তটো ৷
কম বয়সীয়া চালকৰ চকুহাললৈ আলেঙে আলেঙে চাইছোঁ
৷ আগৰ ভুলটো নকৰেতো ই ? ই বাৰু টোপনিয়াইছে নেকি ? ই বাৰু পাহৰি যাব নেকি সন্মুখৰ
টাৰ্নিংটো নিখুঁতভাৱে ল’বলৈ ? বয়স তেনেই কম ৷ দেহাও বৰ সবল নহয় ৷ ইমান
কম বয়সতে এনেহেন মৃত্যুমুখী পথত পেচেঞ্জাৰ ছুম’
চলোৱাৰ অনুমতি কেনেকৈযে পায় এই ল'ৰাবোৰে ! সাহসটোওতো কম নহয় ! হাত দুখনেৰে ড্ৰাইভিং হুইলত
খামুচি আছে ৷ সতৰ্কতা আৰু সজাগতা ঠিকমতে বৰ্তি থাকিলেই হয় প্ৰভু !
চকুৰ আগলৈ আহি থকা পথটোৰ উপৰিভাগত একেৰাহে দৃষ্টি নিবদ্ধ ৰাখি গাড়ীখন নি আছে ৷ কেঁকুৰিত এবাৰ বাঁৱে কাটে, এবাৰ সোঁৱে কাটে ৷ খলাবমা ৰাস্তাটোৰ যেনিয়ে ভাল অংশ দেখে তেনিয়েই চকা চাৰিটা পাৰ কৰাই নিবৰো অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি চলাই আছে ৷ জীৱন নামৰ প্ৰক্ৰিয়াটোত কাৰ, কেতিয়া, ক’ত, কেনেকৈ গতি স্তব্ধ হ’ব কোনে জানে ? পদে পদে অনিশ্চয়তা ৷ প্ৰতি চেকেণ্ডতেই মৃত্যুৰ হাত-বাউল ৷ হেনজানি সাৱধানতা এক নম্বৰ কথা ৷ স্পীড কমাই নিয়ন্ত্ৰণাধীন চালনাৰে আগ নাবাঢ়িলে কৰ্ফাল খাই পৰিবগৈ লাগিব তলৰ সৌ উপত্যকাৰে বৈ থকা ভৰা নদীখনৰ জলডোবা শিলনিৰ মাজত ৷
চকুৰ আগলৈ আহি থকা পথটোৰ উপৰিভাগত একেৰাহে দৃষ্টি নিবদ্ধ ৰাখি গাড়ীখন নি আছে ৷ কেঁকুৰিত এবাৰ বাঁৱে কাটে, এবাৰ সোঁৱে কাটে ৷ খলাবমা ৰাস্তাটোৰ যেনিয়ে ভাল অংশ দেখে তেনিয়েই চকা চাৰিটা পাৰ কৰাই নিবৰো অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি চলাই আছে ৷ জীৱন নামৰ প্ৰক্ৰিয়াটোত কাৰ, কেতিয়া, ক’ত, কেনেকৈ গতি স্তব্ধ হ’ব কোনে জানে ? পদে পদে অনিশ্চয়তা ৷ প্ৰতি চেকেণ্ডতেই মৃত্যুৰ হাত-বাউল ৷ হেনজানি সাৱধানতা এক নম্বৰ কথা ৷ স্পীড কমাই নিয়ন্ত্ৰণাধীন চালনাৰে আগ নাবাঢ়িলে কৰ্ফাল খাই পৰিবগৈ লাগিব তলৰ সৌ উপত্যকাৰে বৈ থকা ভৰা নদীখনৰ জলডোবা শিলনিৰ মাজত ৷
অন্যহাতে, প্ৰতিটো কেঁকুৰিতে যমদূত লুকাই
থাকিলেও অৰুণাচলৰ একা-বেঁকা ঠেক ৰাস্তাবোৰেৰে ভ্ৰমণ কৰাৰ ৰোমাঞ্চ বা
উত্তেজনা বৰ্ণনাতীত ৷ এই উত্তেজনা বৰ্ণাবলৈ ভাষাৰে নাটে ৷ প্ৰতিটো ক্ষণতে ৰহস্যোপন্যাসৰ দৰেই উৎকণ্ঠা বিৰাজমান এনে আলিবাটত ৷ পোন, আহল-বহল, মসৃণ হাইৱে’ত এইবোৰ ৰস বিচাৰি পাবলৈ
নাই ৷ সেয়ে ভাল লাগে ৷ আনিনি পথৰ এড্ভেঞ্চাৰ অনন্য আৰু উপভোগ্য ৷ ৪ বছৰৰ পাছত সম্পূৰ্ণ পথটোৱে বহল হৈ যে পৰিব তাত কোনো সন্দেহ নাই ৷
বিপৰীতে এতিয়াৰ মাদকতাও লয়যে পাব সিও নিঃসন্দেহ ৷ গতিকে অফ্ ৰ’ড ট্ৰেভেলাৰে এতিয়াই আহিব
লাগে ৷ মনে বিচৰা সকলোখিনিয়েই পাব ৷ কেঁচা সৌন্দৰ্য উপভোগ কৰিব পাৰিব ৷
বহিব লাগিছিল সোঁফালৰ খিৰিকীৰ কাষত ৷ বহিলোঁ
বাঁওফালে ৷ চিট নিৰ্বাচন মোৰ ভুল হ’ল ৷ তাকে লৈ পস্তাই আছোঁ ৷ সুন্দৰ সুন্দৰ
দৃশ্যবোৰ পাছলৈ গৈ আছে ৷ কেমেৰাত ধৰি ৰাখিব নোৱাৰি ৷ হাওলিবও নোৱাৰি সিফালে ৷ ইফালে
মনেও নামানে ৷ চিটৰ পৰা উঠি উঠি, ডিঙি মেলি মেলি চাই আহিছোঁ মাজে-মধ্যে ৷ সমসাময়িকভাৱে মন কৰিছোঁ, সেইটো
দাঁতিত আনিনিৰ পৰাই বহি অহা মহিলাগৰাকীয়ে বাহিৰলৈ বৰকৈ চোৱাকে নাই ৷ ৰাস্তাৰ তললৈ
গিৰিখাদ ৷ অথনি ছুম' কাউণ্টাৰত গাড়ীত উঠোঁতে বিশ্বকৰ্মাক সেৱা কৰি উঠিছে তেওঁ ৷ এতিয়াও, ইষ্ট দেৱতাৰ নাম লৈ যাত্ৰা কৰি আছে ৷ মাজে মাজে 'ভগৱান ভগৱান' আৱাজ শুনা পাই আছোঁ ৷
এই বাটে এবাৰ গৈ-আহিয়ে যি বুজিছোঁ, পিত মৰা
মানুহৰ কাম নাই ৷ গাড়ীত উঠিলেই মূৰ ঘূৰোৱা, বমি কৰি হায়ৰাণ হোৱা, ভয় কৰা মানুহে এনেকুৱা
সৰ্পিল, পাহাৰীয়া এড্ভেঞ্চাৰলৈ নোলোৱাই ভাল ৷ মজা লুটিবলৈ হ’লে শাৰীৰিক আৰু মানসিক উভয়
প্ৰকাৰৰ স্বাস্থ্য সম্পূৰ্ণ মজবুত হ’ব লাগিব ৷ মনস্তাত্ত্বিক দিশটোও সবল হ'ব লাগিব ৷ অন্যথা গ’প্ৰ’ৰে কোনোবাই ধৰি দিয়া ভিডিঅ’ৰেই আৰ্ম চেয়াৰ টুৰিজিম্ কৰি সন্তুষ্টি লভাৰ বাদে উপায় নাই ৷ অপ্ৰিয়
সত্য কথাবোৰকে ভাবি আশ-পাশৰ মনোলোভা ৰূপবৈভৱৰ অকৃপণ দৰ্শনী উপভোগ কৰি গৈ আছোঁ ৷ কাৰ স্পীকাৰত ধমধমাই গান বাজি আছে ৷
পথৰ দাঁতিতে জলপ্ৰপাত ৷ ক'ৰবাত আকৌ ৰাস্তাৰ ওপৰতে পানীৰ বৃহৎ ডোঙা একোটা ৷ লোৰ দলং এখনৰ এমূৰে
মেঠোন গে’ট এখনো পালোঁ ৷ গে’ট খুলি দিয়া আৰু বন্ধ কৰাটো
২ নম্বৰ চিটত বহাজনৰ দায়িত্ব ৷ গাড়ীখন ৰৈ দিয়াত তেওঁ সেয়া কৰিলেগৈ ৷ নিতৌ আহ-যাহ কৰি কৰি চালকৰ উপৰি কিছুমান যাত্ৰীৰ
বাবে কৌতূহলশূন্য, আকৰ্ষণহীন হৈ পৰিছে এইবোৰ ৷ যেনে অনিয়াৰ মাক ৷ বা মোৰ কাষত
বহা বয়সস্থ ইদু মহিলাগৰাকী ৷ এনে হোৱাটো তেনেই স্বাভাৱিক ৷ দেখিয়েই আহিছে জন্মৰে
পৰাই ৷ বিপৰীতে, আমাৰ দৰে অৰুণাচল-পাগল আগমনকাৰীৰ কথা সুকীয়া ৷ অনন্ত ভাবনাত পোত খাই আছোঁ ৷ আগ
বাঢ়ি আহি থকা প্ৰতিটো মুহূৰ্তই বিৰল তথা উপভোগ্য ৷ ড্ৰিপৰীয়া নৈসৰ্গিকতাই মাতাল
কৰি পেলাইছে ৷ অন্ধকাৰৰ বাবে সিদিনা নেদেখাখিনি এতিয়া চাই নয়ন সাৰ্থক কৰি লৈছোঁ ৷
মনৰ কেমেৰাত বন্দী কৰিছোঁ হাতৰ কেমেৰাই ঢুকি নোপোৱা লেণ্ডস্কেপবোৰ ৷
৯ বাজি ১৫ মিনিট যাওঁতে ইটালিন
পালোঁ ৷ তাল’ নদী পাৰ হৈ পিলি মেয়া নামিল
৷ ৩১ তাৰিখে আনিনি অভিমুখে যাওঁতেও বিয়লি এইখিনিতে অলপ সময় ৰৈছিলোঁ ৷ পাছত যাত্ৰী এজনক নমাবলৈ ওপৰলৈ উঠি যোৱা হৈছিল ৷ সেয়ে পৰিৱেশটোৰ সৈতে চিনাকি আছে ৷ কেইমিনিটমানৰ পূৰ্বে, ছুম’খন তাল’ৰ দলঙৰ সিটো পাৰে থাকোঁতেই
ডেকা এজন উঠিছিল ৷ তেওঁ সিখন খিৰিকীৰ কাষত আসন ল’লে ৷ মোৰ ওচৰত বহি অহা মাতৃগৰাকী তাৰো আগতে ইটালিনলৈ
কেইকিল’মিটাৰমান বাকী থকা অৱস্থাত এঠাইত
নামি গৈছিল ৷ গতিকে চালকক সামৰি সদ্যহতে যাত্ৰী আমি ছজন হ’লোঁ ৷ বহিবলৈ আৰাম হৈছে ৷ বৃদ্ধাগৰাকীৰ খাংটোৱে আহুকাল দি আছিল ৷
দুহাতে দুটা বেগ লৈ পিলি মেয়াই মোক বিদায়
সম্ভাষণ জনালে ৷ ভৱিষ্যতে ক’ত, কেতিয়া,
কেনেকৈ লগ পাম কোনেও নাজানো ৷ যথাৰীতি ‘ফিৰ মিলেংগে’ বুলি এৰা-এৰি হ’লোঁ ৷ ইমানপৰে কথা পাতি আহি থাকি এই ৪৯ কিল’মিটাৰ দূৰত্বৰ বাটছোৱাত তেওঁৰ
পৰা অনেক কিছু জানিবলৈ সক্ষম হৈছোঁ ৷ অনিয়াৰ ঘৰত ঘৰুৱা ভাবত এইকেইদিন একেলগে কটায়ো বেচ ভাল লাগিছিল ৷ পিলি মেয়াক এৰি গাড়ীখন
আগ বাঢ়ি যোৱাৰ লগে লগেহে নিজকে কিবা অকলশৰীয়া অকলশৰীয়া অনুভৱ হ’ল ৷
ড্ৰিৰ পাৰে পাৰে আহি আছিলোঁ ৷ ড্ৰি আৰু তাল' একেলগ হৈ এতিয়া ডিবাং নাম ল'লে ৷ এইখিনিৰ পৰা ডিবাঙৰ পাৰে পাৰে
অগ্ৰসৰ হ'ম ৷ গাড়ীৰ আইনাখন চাব নোৱাৰা হৈ পৰিছে ৷ বাটৰ বোকাপানীৰ ছিটিকনিয়ে ফুটফুটীয়া
কৰি পেলালে ৷ চালকলৈ টোঁৱাই মই কৈয়েই দিলোঁ, ‘আইনাখন ধুই ল’ব লাগিছিল, ইটালিনত ৰৈ থাকোঁতেই ৷’ তেওঁ একো নামাতিলে ৷ কেৱল
মূৰটো দুপিয়ালে ৷ কি বুজালে মই গম নাপালোঁ ৷ গাড়ী চলি গৈ থাকিল ৷
কেইমিনিটমান যোৱাৰ পাছতহে টলকিব পাৰিলোঁ চালকৰ মূৰ দুপিওৱাৰ অন্তৰালৰ অৰ্থ ৷ পৰ্বতৰ ওপৰৰ পৰা নামি অহা পানী ৰাস্তাৰ তেনেই কাষতে পৰি আছে
৷ যেন এলানি জলপ্ৰপাত ! আমাৰ ড্ৰাইভাৰে আইনা বন্ধ ৰাখিবলৈ ক’লে ৷ তাৰ পাছত গাড়ীখন পানী পৰি থকাৰ তললৈ চপাই দিলে ৷ ছল
চাই এঠাইত ৰাখি থ’লে অলপ সময় ৷ আইনাখনত জৰ্জৰ্কৈ পানী পৰিব ধৰিছে ৷ ৱাইপাৰ চলাই
দিছে ৷ হৈ গ’ল ধুলাই ৷ কেৱল আইনা কিয় ? গোটেই গাড়ীখনেই পখালিব পাৰি ইয়াত ৷ কায়দাটো দেখি মোৰ হাঁহি উঠি গ’ল ৷ 'নেচাৰেল চাৰ্ভিচিং চেণ্টাৰ ৷' কৈ পেলালোঁ সকলোৱে শুনাকৈ ৷
যিমানলৈকে চকু যায় সিমান পৰ্যন্ত পৰিৱেশ আৰু
প্ৰকৃতিৰ ৰেহ-ৰূপ একান্তচিত্তে নিৰীক্ষণ কৰি আহি আছোঁ ৷ উচপিচায়ো আছোঁ, 'ইস্, সিটো কাষে বহিব লাগিছিল' বুলি ৷ ভুল হৈ গ’ল আৰম্ভণিতে ৷ সিখন খিৰিকীত বহাজনে কাষৰ ভদ্ৰমহিলাৰ সৈতে হিন্দী আৰু নেপালী ভাষাত কথা পাতিছে ৷ তাৰ পৰা গম পালোঁ যে তেওঁ চপাখোৱাৰ ল’ৰা ৷ কমলাৰ বেপাৰ কৰে ৷ একেৰাহে
দুমাহ ধৰি ইটালিনত কটালে ৷ মিছিমি লোকৰ কমলাৰ বাৰী কিনি লৈছিল ৷ ইটালিনত নিজে থাকি লৈ ৰ’য়িং, তিনিচুকীয়া, তেজু, পাচিঘাটলৈ
গাড়ীয়ে গাড়ীয়ে পঠাই আছিল ৷ ফলবোৰ এতিয়া শেষ হৈ আহিছে ৷ তেওঁৰ এখন কমলা কঢ়িওৱা গাড়ী
কালি দুৰ্ঘটনাত পতিত হ’ল ৷ ইটালিনত অতিপাত ঠাণ্ডা ৷ স্নানকাৰ্য দূৰৰে কথা ৷ পানী স্পৰ্শ কৰাই টান ৷ সেয়ে বহুত দিন গা ধোৱা নাই ৷ নিজেই নিজৰ শৰীৰ, কাপোৰ-কানিৰ প্ৰতি বিৰক্তি প্ৰকাশ কৰিলে ৷ পাহাৰত ঘূৰি ঘূৰি খুব ভাগৰো
লাগি আছে ৷ বুজিলোঁ, সেয়েহে তেওঁ মাজৰ চিটটো ল'বলৈ ইতস্ততঃ কৰিছিল ৷ একাষৰীয়াকৈ বহিবলৈ ইচ্ছা কৰিছিল ইটালিনত ছুম'খন ৰওঁতে ৷ বেগ দুটাও লেতেৰা দেখা গৈছিল ৷
আকৌ পালোঁহি মসৃণ খণ্ড এটা ৷ বহল, ক'লা ৰাস্তাটোত বগা আঁক দিয়া আছে ৷ চালকেও ততালিকে গীয়েৰ সলালে ৷ গাড়ীৰ গতি উন্নত হ'ল ৷ কথা পাতি, দৃশ্য চাই চাই আহি থাকি দিনৰ
১১.৩০ বজাত ৰিয়ালিত উপস্থিত হ'লোঁ ৷ হাইৱে'ৰ সোঁহাতে হ’লম’ হোটেল ৷ ইয়াত দুপৰীয়াৰ ভাতসাজ মোকলোৱা হ'ব ৷ জেগাখিনিক টাশ্বি
ডেলেক
বুলি কয় ৷ (ক্ৰমশঃ)
No comments:
Post a Comment