Tuesday, 9 June 2020

৯.৪ ছিক্সটি ফাইভত এখন্তেক


ৰাস্তাৰ দাঁতিতে কেইজনমান মানুহ বহি আছে ৷ কেঁকুৰি ঘূৰাৰ লগে লগে গাড়ীখন দেখা পালে ৷ গোটেইকেইজন থিয় হ'ল আৰু সষ্টম ভংগীত ৰ'ল ৷ ছিগনেল নিদিওঁতেই আমাৰ চালকেও বুজি পালে ৷ কাষতে ৰখালেহি ৷ 'কাহাঁ যায়েগা ?' নিয়মমাফিক প্ৰাথমিক সোধা-পোছা ৷ তাৰ পাছতে তেওঁ খপ্‌ কৰে নামিল ৷ পাছফালৰ দৰজাখন মেলি দিলেগৈ ৷ তিনিজন উঠি গল ৷ এজন নুঠিল ৷ তেওঁ মোৰ ফালেহে আগ বাঢ়ি আহিল, এটা চিট থকা যেন দেখি ৷ পাছফালৰ আহুকলীয়া চিটবোৰত বহিবলৈ সকলোৱে ভাল নাপায় ৷

চাৰিজনীয়া আসনত আমি তিনিজন ইমান পৰে বেচ আৰামত বহি আহিছিলোঁ ৷ পেচেঞ্জাৰ আহিল যেতিয়া খিৰিকীৰ কাষ এৰি দি মাজলৈ চাপিলোঁ ৷ মজবুত মানুহজন বহি দিয়াৰ লগে লগে থেপা-থেপি হল ৷ কাষৰ ভদ্ৰমহিলাই অকণমান ভোৰ্‌ভোৰালে ৷ লাভ নাই ৷ ১৪৮ কিলমিটাৰ বাট আহিলোঁ ৷ পৰৱৰ্তী প্ৰায় ৯০ কিলমিটাৰ যাবলৈ আছে ৷ এড্‌জাষ্ট কৰিবই লাগিব ৷

মূৰত পৰম্পৰাগত টুপী, ভৰিত গামবুট, দেহত ডাঠ জেকেট পৰিহিত লোককেইজন উঠি দিয়াৰ লগে লগে ৯জন যাত্ৰী আৰু চালকেৰে ছুমখন এতিয়া গহীন হৈ পৰিছে ৷ নতুন যাত্ৰী আটাইকেইজন ইদু মিছিমি ৷ তেওঁলোকে নিজৰ দোৱানত নিজৰ মাজতে কথা পাতিব ধৰিলে ৷ হাঁহি-মাতি, কিবা আলোচনা কৰি গৈ আছে ৷ মাজে মাজে নিস্তব্ধতা ৷ কাষত বহাজনৰ সৈতে ময়ো দুই-এষাৰ আৰম্ভ কৰিলোঁ ৷ গম পালোঁ যে কেউজন ডেচালিৰ পৰা আহি আছে ৷ যাব ৰয়িঙলৈ ৷ ডেচালিলৈ হুনলিৰ পৰা প্ৰায় ২৪ কিলমিটাৰ ৷ মেটেংলিয়াঙৰ ৰাস্তাত ৷ ইথুন নৈখন সেইফালৰ পৰাই আহিছে ৷ পৰ্বতৰ ফাঁকে ফাঁকে বৈ অহা নৈখন ওপৰৰ পৰা চাবলৈ খুব ধুনীয়া লাগিছে ৷ যেন ৰূপোৱালী ফিটা এডালহে পৰি আছে সৰ্পিলাকাৰে ৷

ৱাৰ ডিবাং ভেলী জিলাৰ হুনলি মহকুমাৰ অন্তৰ্গত ডেচালি এটা ৰাজহ-চক্ৰ ৷ হুনলি-ডেচালি উন্নয়ন খণ্ডৰ অধীনস্থ ডেচালি অঞ্চলত ১৭৮ ঘৰ মানুহ আছে ৷ মূলতঃ ইদু মিছিমি বসতিপ্ৰধান এলেকা ৷ আনহাতে ২০১১ চনৰ পিয়ল অনুসৰি ২১ ঘৰ মানুহেৰে ডেচালি গাঁৱৰ জনসংখ্যা ৮৪ ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ডেচালিৰ উচ্চতা ১,২৪০ মিটাৰ ৷

মই কৰ পৰা আহিছোঁ সুধিলে ৷ কলোঁ, আনিনি সে ৷
উধৰ কা ৰাস্তা ত বহত ডেনজাৰ হে ৷ বাপৰে বাপ !
 মই বোলোঁ হয় হয় ৷ হাইৱে কনষ্ট্ৰাকচন চল ৰহা হে' ৷ আচ্ছা বন যায়েগা ৷
ক্যা কাম সে গয়া আপ, আনিনি, ইতনা দূৰ ? কি কামত গৈছিলোঁ জানিব বিচাৰিছে গাতে গা লাগি বহি অহাজনে ৷ বিশ্বাসেই হোৱা নাই চাগৈ আনিনিলৈ যোৱা বুলি কওঁতে ! কৌতূহলী প্ৰশ্নটো বেয়াও লগা নাই অৱশ্যে ৷ এইটোও সঁচা যে বিশেষ গুৰুত্বপূৰ্ণ নহ'লে এই বাটে এনেয়ে যোৱা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা ৷ বিলাস ভ্ৰমণ কৰিবলগীয়া বাট নহয় ৷
আপলোগোকা ৰেহ ফেষ্টিভেল দেখনেকে লিয়ে ৷
উত্তৰটো শুনি ভাল পালে যেনেই লাগিল ৷ মিচিকিয়ালে ৷ কলে যে তেওঁলোকৰ ফেষ্টিভেল হবহে, হোৱা নাই ৷ ১ৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ আনিনিত অনুষ্ঠিত হোৱা ৰে'হ ফেষ্টিভেলে চৰকাৰী পৃষ্ঠপোষকতা পাইছে ৷ আনহাতে তেওঁলোকৰভাগ হৈছে গাঁৱৰ পৰম্পৰাগত ৷ আনিনিত ৩ দিন ধৰি হয় ৷ তেওঁলোকৰ ৫ দিনীয়া ৷ তাৰ কামতে এয়া ৰয়িঙলৈ যাত্ৰা চলিছে ৷

'ৰ'য়িঙত ক'ত থাকিব ? ঘৰ আছে ?'
'থকা জেগা আছে ৷ কিন্তু থকা নহ'ব ৷ য়িঙত কামটো শেষ কৰিয়ে লগে লগে ঘূৰিম হুনলিলৈ ৷ মটৰ চাইকেল ৰখা আছে তাত ৷'
শুনি মোৰ আচৰিত হোৱাৰ পাল ৷ যিহে তুষাৰপাত হৈ আছে, মায়ডিয়া পাছ দিনতে পাৰ হোৱা মস্কিল ৷ এওঁ আকৌ ৰাতিয়েই আহিব ঘূৰি ! তাকো বাইকেৰে !

অসুবিধা নহয়নে নিশা অহা-যোৱাত ?সুধিবলৈ বাধ্য হলোঁ ৷
মোৰ চিন্তাক্লিষ্ট মুখমণ্ডললৈ চাই সহযাত্ৰীজনে উত্তৰ দিলে, অহা-যোৱা কৰিয়েই থাকোঁ আমি ৷ওঁঠৰ কোণত হাঁহি ৷ সেই হাঁহিত লুকাই আছে বাহাদুৰি ৷ বাহাদুৰি কৰিবলগীয়া কথাই ৷ এই মানুহবোৰ সঁচাকৈয়ে মৰসাহসী ৷ প্ৰচণ্ড শীতত আন মানুহ সচৰাচৰ নোলায় বা ওলাবলৈ হ'লেও এশবাৰ চিন্তা কৰিব ৷ এওঁলোকৰ কেৰেপ নাই ৷ তেনেকৈয়ে মটৰ চাইকেল চলাই ঘূৰি ফুৰে ৷ পৰ্বত বগোৱাতো ওস্তাদ ৷ পৰ্বতৰ সন্তান এইসকল লোক ৷

১২ গোলাইৰ পাককেইটা উঠিবলৈ আৰম্ভ কৰিলোঁ ৷ ৰদালী বতৰত পৰ্বতে সমস্ত সৌন্দৰ্য যেন ঢালি-বাকি দিছে আজি ! পাছফালে বহা দুজনে মাজে মাজে ফুচুৰি কথাৰে জমাই আহিছে ৷ এইজন কাষত বহি দিয়াৰ পৰা মোৰহে কেমেৰা চলোৱাত অসুবিধা হল ৷ খিৰিকীখন ইচ্ছামতে খোলা-মেলা কৰিব নোৱাৰা হৈ থাকিলোঁ ৷ তথাপি কেইবাৰমান প্ৰচেষ্টা চলোৱাৰ পাছতে স্বজ্ঞানে বুজি পালে ৷ স্নেপ লবলৈ যো-জা কৰিলেই চিটটোলৈ চাপি মোক সুবিধা কৰি দিয়া হল ৷ কথা-বাৰ্তা, প্ৰশ্ন-উত্তৰো চলি আছে ৷ আনিনি কেনি আছে, মায়ডিয়া পাছৰ দিশটো কোনফালে, ডেচালি ক'ত থাকি আহিল, ওপৰৰ পৰা কি কি দেখা পাইছোঁ, তেওঁ আঙুলি টোঁৱাই বুজাই যাব ধৰিলে ৷

আগত এবাৰ গাড়ীখন থামোঁতে চিটটো সলাই ল'ব খুজিলোঁ ৷ কাৰণ ওখ ওখ পৰ্বতমালাই এই বাটছোৱাত বেলেগ ধৰণৰ উন্মাদনা এটা জগাই পেলাইছে ৷ হাঁহিমুখেই তেওঁ দ্বিতীয় স্থানলৈ গ'ল ৷ মই খিৰিকীৰ কাষত বহিলোঁ ৷ মানুহজন মাজত বহাত, মন কৰিলোঁ, সিফালে বহি অহা ভদ্ৰমহিলাৰ আৰম্ভ হল অস্বস্তি প্ৰকাশ ৷ দেখ দেখকৈ নাকে-মুখে সোপা দিয়া দেখা পালোঁ ৷ সিকাষে অথনি ইটালিনত উঠা যুৱক ৷ ভালমান দিন গা ধোৱা নাই বুলি তেতিয়াই ঘোষণা কৰিছিল ৷ এইজনৰো নিজা গোন্ধই মলমলাইছে ৷ সমস্ত মিলি মানুহগৰাকী অসুবিধাত পৰিছে ৷ হলেওনো কি উপায় ? যাবই লাগিব এনেকৈয়ে ৷ কথাটো মই বুজি পাইছোঁ ৷ নিজৰ কথাটো কৈ দিয়া নাই যে ময়ো ৰেহ উৎসৱৰ আৰম্ভণিৰ দিনা অৰ্থাৎ ১ তাৰিখেই যি গা ধুইছিলোঁ, আনিনিত ৷ তাৰ পাছত আৰু পানীৰ সৈতে সম্পৰ্ক নাই ৷ দেহাটো নিজৰে কিবা কিবা লাগি আছে ৷ ৰয়িং পাই পোনেই পখালি পেলাব লাগিব ৷ তেতিয়াহে শান্তি লাগিব ৷

নেটৱৰ্ক পোৱা ঠাই পালেই হোটেল মিমুৰ মেনেজাৰ দেবেন সৰকাৰলৈ ফোন কৰিম, ৰূম এটাৰ বাবে ৷ ভাবি থৈছোঁ ৷ পামনে নাপাম জানো ! সিদিনা কথা পাতি থোৱা হৈছিল অৱশ্যে ৷ যিমানে ওচৰ চাপিছোঁ সিমানে এতিয়া চিন্তাটোৱে উক্‌ দিব ধৰিছে ৷

ওৰে বাট গান বাজি আহিছে ৷ বতৰটো খুব ভাল পাইছোঁ ৷ পেনৰমিক লেণ্ডস্কেপ বিলাকে মন-প্ৰাণ মতলীয়া কৰি পেলাইছে ৷ ২.৩৫ত ছিক্সটি ভাইভ পাই চালকে ব্ৰেক মাৰিলে ৷ ডেচালিৰ পৰা উঠি অহা কেউজনে Old Hotel 65 KMত ভাত খাব বোলে ৷ গাড়ীখন ৰোৱাত ময়ো নামিলোঁ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment