Monday, 8 June 2020

৯.৩ ডিবাং ভেলী জিলা এৰি হুনলি পালোঁহি


তায়ু উঠি অহা টাটা ছুমখন আমাৰ আগে আগে গৈ থাকি লাইন হোটেলৰ কাষত ৰৈছে ৷ আমাৰখনো ওচৰতে ৰলহি ৷ গাড়ীৰ পৰা নামি চই মোলৈ বাট চাই আছিল ৷ ডিঙিত মই কালি দিয়া ভমকাফুলীয়া গামোচাখন ৷ পুৱাৰে পৰাই সেইখনে তেওঁৰ শৰীৰত শোভাবৰ্ধন কৰি আছে ৷ অনিয়াৰ ঘৰৰ পৰা পিলি মেয়া আৰু মোক নিবলৈ আহোঁতেও গলধনত ওলমি আছিল ৷ এতিয়াও সেইটো ৰূপতে ৰৈ থকা দেখি নিজৰে কিবা এটা ভাল লাগি গ'ল ৷

ওপৰত পুৰণা, মামৰে ধৰা টিনপাতেৰে হোটেলখন হাইৱে'ৰ পৰা অকণমান তলত ৷ নামি যাবলৈ বল্ডাৰেৰে সজা ৱালৰ মাজেৰে ষ্টেপ কেইটামান আছে ৷ চক অনুসৰণ কৰি দুপৰীয়াৰ খাদ্যৰ সন্ধানত খোজ দিছোঁ ৷ ভোক নলগা নহয় ৷

চকী-টেবুল থকা কোঠাও আছিল ৷ আমি পিছে পাকঘৰতহে প্ৰৱেশ কৰিলোঁ ৷ নাজানো অনধিকাৰেই হ'ল নে কি ! জুইকুৰাৰ নিচেই কাষতে লেপেটি কাঢ়ি বহি ললোঁ দুয়ো ৷ নিৰামিষ খানা দুই প্লেট লাগাও তই অৰ্ডাৰ দিলে ৷ তেৱোঁ নিৰামিষভোজী, মোৰ দৰে ৷ কৰ্মৰত পুৰুষ-মহিলাকেইজনলৈ চাই হোটেলখন আদিবাসী লোকৰ যেন বোধ হল ৷ নিৰামিষ আহাৰত গাইপতি ৮০ টকা 

খাই-বৈ লৈ ১১.৪০ হওঁতে চালকে ছুম'খন পুনৰ ষ্টাৰ্ট দিলে ৷ ৰাস্তাটোৱে এইখিনিত বৃহৎ কেঁকুৰি এটাৰ ৰূপ লৈছে ৷ এটা ইউ টাৰ্ণ ৷ ৰৌদ্ৰোজ্জ্বল মধ্যাহ্নটোত চৌপাশৰ পৰ্বত, গছ-বিৰিখ, ৰাস্তা সকলো স্পষ্ট হৈ ধৰা দিছে ৷ ঠাণ্ডাহে কমাৰ নামেই নাই ৷ দুপাকমান মাৰি আগ বাঢ়োতেই ৩১ তাৰিখে আনিনিলৈ যাওঁতে ৰিয়ানলিত পদাৰ্পণ কৰা হোটেলখন পাৰ হৈ আহিলোঁ ৷ অমিত পুন মগৰৰ মালিকানাধীন লাইন হোটেলখনত সিদিনা খোৱা ধোঁৱা ওলাই থকা ভাতসাঁজ আজি ৰিয়ালিত খোৱাতকৈ তুলনামূলকভাৱে বেছি ভাল আছিল ৷

আনিনিগামী সিদিনাৰ যাত্ৰাটোৰ কথা চিন্তা কৰাৰ লগে লগে আনিনিত পুৱাতে আজি এৰি থৈ অহা অনিয়া, বচ্চন, য়াচ্চু মেহু, ৱুটাচ্ছি, আৰনহঁতৰ মুখবোৰ মানস-পটত ভাহি উঠিল ৷ ইটালিনত বিদায় লোৱা পিলি মেয়ালৈকো মনত পৰিল ৷ ফোনত যেতিয়াই মন যায় তেতিয়াই বিচাৰিলেই পোৱাটো চাগৈ মস্কিল হ'ব ৷ আনিনিত নে'টৱৰ্কৰ সমস্যা থাকেই ৷ সেয়ে হ'লেও এই মুখকেইখন পাহৰিবলৈ সহজ নহব ৷ ডাৱৰে চুমা দিয়া আনিনিৰ অতিথিপৰায়ণ পৰিয়ালটো মোৰ হৃদয় আকাশৰ অদৃশ্য ডাৱৰ হৈয়ে ৰৈ যাব ৷

কেঁকুৰিৰ পাছত কেঁকুৰি অন্ত পেলাই গাড়ীখনে চেঁকুৰি আছে ৷ কাষত বহা নেপালী মহিলাগৰাকীৰ সৈতে কথোপকথন আৰম্ভ হল ৷ তেওঁ নিজৰ শৈশৱ, কৈশোৰ, যৌৱন পাৰ কৰিছে আনিনিৰ শীতল পৰশত ৷ বিবাহসূত্ৰে এতিয়া থাকে সুদূৰ কাঠমাণ্ডুত ৷ তালৈকে উভতি গৈ আছে ৷ চপাখোৱাত সম্বন্ধীয় লোক আছে ৷ তাত কেইটামান দিন ৰ'ব ৷ তাৰ পাছত নেপাল ৷ সুদীৰ্ঘ ২৪ বছৰৰ মূৰত আহিছিল জন্মস্থান আনিনিলৈ ৷ পৰিয়ালৰ অন্যান্য সদস্যসকল আনিনিতে সংস্থাপিত ৷

এইখিনি জনাৰ পাছতে কথাৰ মাজে মাজে মোৰ ফালৰ পৰা তেওঁলৈ অনুসন্ধিৎসু প্ৰশ্নবান চলি থাকিল ৷ যথাযথভাৱে উত্তৰো দি থাকিল ৷ কলে, 'স্বাভাৱিকতেই বহুত পৰিৱৰ্তন লক্ষ্য কৰিছোঁ ৷ আনিনি এতিয়া আগৰ আনিনি হৈ থকা নাই ৷ ৰূপ সলনি হৈছে ৷ বিশেষকৈ পথ যোগাযোগ সাধিত হৈছে ৷ আগতে কি যে আছিল ! আৰু ভাল হব আহি থকা দিনবোৰত ৷'

আনিনিৰ অতীত শুনাৰ সৌভাগ্য হল ভদ্ৰ মহিলাগৰাকীৰ মুখৰ পৰা ৷ কিমান বৰফ পৰিছিল, কেনেকৈ বৰফত খেলিছিল, আনিনিৰ অৱস্থাটো কেনে আছিল, প্ৰাকৃতিক সৌন্দৰ্য কি ধৰণৰ, উৎসাহেৰে সকলো এফালৰ পৰা বৰ্ণাই যাব ধৰিলে ৷ নিজৰ সময়বোৰ ৰোমন্থন কৰিবলৈ পাই নষ্টালজিক হৈ পৰিল মানুহগৰাকী ৷

জানিবলৈ পালোঁ যে আনিনি টাউনশ্বিপত সেই সময়ত মায়ডিয়াৰ দৰেই তুষাৰপাত হৈছিল ৷ অতিপাত ঠাণ্ডা পৰিছিল ঠাইখনত ৷ ঠাণ্ডাৰ মাত্ৰা এতিয়াও আগৰ তুলনাত কমা নাই ৷ বৰফহে কমি গল ৷ এতিয়া আনিনি মালভূমিত তেনেদৰে বৰফ নপৰে ৷ পৰ্বতৰ শিখৰত পৰে ৷ নিজেও দেখি আহিছোঁ পৰ্বতৰ ওপৰৰ তুষাৰাচ্ছাদন ৷

সেউজ-নীল বৰণীয়া ডিবাংখন অপৰূপ ৰূপ লৈ গভীৰ বনাঞ্চলৰ মাজে মাজে, ৰাস্তাৰ কাষে কাষে বৈ আছে ৷ এনেকুৱাতে হেলিকপ্টাৰ এখনৰ মাত শুনা পালোঁ ৷ সিফালৰ খিৰিকীখনেৰে দেহা বেঁকা কৰি চাওঁতে চকামকাকৈ দেখাও পালোঁ পলকৰ বাবে ৷ ১২ বাজিবলৈ ১০ মিনিটমান বাকী ৷ আগুৱাই থাকি আকৌ এখন মেঠোন গেট অতিক্ৰম কৰিলোঁ ৷ বিৰাট আকাৰৰ চৰাই এজনী আকাশত আপোনমনে উৰি আছে ৷ কি চৰাই ? চিনিব পৰা নাই ৷ অলপ পাছতে ৰাস্তাৰ অৱস্থা পুনৰবাৰ কাহিল হৈ আহিল ৷ বাওঁকাষে কাটি পেলোৱা পৰ্বতৰ শৰীৰ ৷ সোঁফালে অনেক তললৈ গুচি গ'ল ডিবাং ৷ এইফালৰ পৰা দৃশ্যবোৰ ইচ্ছামতে চাবলৈ নোপোৱাত মনে মনে থাকিলোঁ উচ্‌পিচায় ৷

এডোখৰ ৰাস্তা পালোঁ, দুই লেনযুক্ত হাইৱে'টোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত অব্যাহত আছে ৷ ডাম্পাৰ, ৰলাৰ, এক্সকেভেটৰ ধুমধাম লাগি আছে ৷ কামৰ বাবেই এঠাইত সাময়িকভাৱে পথ বন্ধ হৈ পৰিছে ৷ অকণমান সময় অপেক্ষা কৰিবলগীয়া হল ৷ বাট খুলিলত গাড়ী আগ বাঢ়িল ৷ অলপ পাছত জলপ্ৰপাত এটাও পালোঁ, ৰাস্তাৰ দাঁতিতে ৷ 

এইখিনিতে আমি ডিবাংখনো নেদেখা হলোঁ ৷ অৰণ্য পথেৰে গতি কৰিলে ডিবাঙে, ৰ'য়িঙৰ পশ্চিমেৰে আগুৱাই লোহিতত চামিল হ'বলৈ ৷ আমাৰো যাত্ৰা চলিছে সেই ৰয়িঙলৈকেই ৷ কিন্তু ডিবাং এৰি ইথুন নদীৰ পাৰে পাৰে, হুনলি হৈ ৷ হাইৱে সম্পূৰ্ণ হলে ডিবাঙৰ তীৰে তীৰেই গৈ থাকিব লাগিব ৷ 

কেইটামান মুহূৰ্ত মাত্ৰ ৷ অলপ আগতে চকামকাকৈ দেখা পোৱা হেলিকপ্টাৰখন আকাশমণ্ডলত সম্পূৰ্ণকৈ ওলাই পৰিল ৷ আনিনিৰ পৰা ৰয়িঙলৈ উৰা যেনেই অনুমান হৈছে ৷ পৰ্বতৰ ওপৰেৰে পাখি ঘূৰাই গৈ আছে ৷ কেইমিনিটমানৰ পাছতেই পাবগৈ ৷ আমি পাওঁগৈ মানে ৰাতিয়ে হ'ব ৷

অদূৰত, জংঘলৰ মাজত ইথুনৰ দলংখনে ভুমুকি মাৰিলে ৷ সেউজ-নীলা গাঢ় ৰঙেৰে নৈখন প্ৰৱাহমান ৷ ঘটং ঘটংকৈ দলং অতিক্ৰম কৰি ছুম' গৈ থাকিল ৷ এই পাৰৰ পৰাও ৰংটো চাই চাই মোহিত হ'লোঁ ৷

১ বাজিবলৈ ১৫ মিনিট বাকী ৷ ওখ পৰ্বতৰ ওপৰত বৰফৰ চিক্‌মিকনি দেখা গৈছে ৷ মায়ডিয়া মায়'ডিয়া অনুভূতি এটাই হঠাতে দেহ-মন আচ্ছন্ন কৰি পেলালে ৷ মায়াময় মায়ডিয়া আহি আছে আগত ৷ সিদিনা পৰিছিলোঁ ৷ আজি সাৱধান হ'ব লাগিব ৷ বিষটো মাৰ যোৱা নাই ৷ তথাপি বৰফত এবাৰ পুনৰ নামিবৰ বাবে কিবা বুদ্ধি এটা সাজিবই লাগিব ৷ চিন্তা কৰিছোঁ, কি বুলি পতিয়ন নিয়াম চেঙেলীয়া চালকক ৷ হুনলি, বাৰ গোলাই, ছিক্সটি ফাইভ, তাৰ পাছত মায়'ডিয়া পাছ ৷


তাৰ পূৰ্বেই কি জেগা জানো এইডোখৰ, গাড়ীখন ঘপহকৈ ৰল ৷ ড্ৰাইভাৰ দৌৰ মাৰিলে দোকানখনলৈ ৷ একমাত্ৰ দোকান এইখিনিত ৷ খৰধৰকৈ গুটখাৰ পেকেট কিনি ললে ৷ কালক্ষয় নকৰি ফালিলে আৰু মুখত বাকি দিলে ৷ ফু ফু কৰিলে দুবাৰমান ৷ তড়িৎ গতিৰে উভতি বহিলহি ড্ৰাইভিং চিটত ৷ এতিয়াহে স্বস্তি ৷ এওঁ যেন এইবিধৰে সন্ধানত আছিল ইমানপৰে !


কম বয়সীয়া লৰা ৷ ইমান কষ্ট কৰি, জীৱনক তুচ্ছ কৰি দুৰ্গম পথত নিতৌ গাড়ী চলাই টকাকেইটা উপাৰ্জন কৰে ৷ গুটখা খাই এনেকৈয়ে ইহঁতে নষ্ট কৰি আছে নিজকে নিজে ৷ আনিনি এৰাৰ পাছত আগতেও দুবাৰ মই দেখা পাইছোঁ ৷ শ্ল' পইজনৰ পৰা অব্যাহতি পাওক বুলি বুজাওঁ বহুতকে ৷ এৰুৱাইছোঁও ৷ কিছুমানে অৱশ্যে বুজালেও নুবুজে অচিৰেই তেওঁৰ কি হ'বলৈ গৈ আছে ৷ ছেগ চাই পাছফালৰ পৰা পাক লগাই ইয়াকো ক'লোঁ দুষাৰমান ৷ ভলিউমত বাজি থকা গানৰ প্ৰকোপত কি শুনিলে, কি বুজিলে নাজানো ৷ আইনা নমাই পিক্‌ হ'লে দুবাৰমান পেলালে ৷ প্ৰাণলৈ নতুন প্ৰেৰণা যেন এতিয়াহে আহিছে !

কেঁকুৰি এটা এৰি আহিয়ে মহিলা এগৰাকীয়ে কমলা বিক্ৰী কৰি আছে ৷ ছুমখন আকৌ থামিল ৷ চালক-ডেকা নামি গৈ মহিলাগৰাকীৰ লগত কিবা কথা পাতিলে ৷ কমলা সংক্ৰান্তীয় ৷ পাছফালৰ গাড়ীৰ পৰা নমা গ্ৰাহকে কমলাটেঙা কিনিছে ৷ মই কেমেৰাটো সেইফালে টোঁৱাওঁতে হাঁহি হাঁহি পজ দি দিলে ৷ তৎমুহূৰ্ততে ঘটি যোৱা শব্দহীন বুজাবুজিটো কিবা ভাল লাগি গ'ল ৷ আমাৰ যাত্ৰীসৱৰ কাৰো কিনিবলগীয়া নাই ৷ লগত কমলা বেপাৰী এজন বহি আছে ৷ দুমহীয়া অভিজ্ঞতাৰ ভিত্তিত তেওঁ ইটালিনৰ কমলাৰ বিশ্লেষণ আৰম্ভ কৰিছে ৷

ডিবাং ভেলী জিলা এৰি নামনি ডিবাং ভেলী জিলাৰ আৰণ্যক সুবাস লৈ আহি আহি ১.৩০ বজাত হুনলি পালোঁ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment