Monday, 10 March 2014

১২.১১.২০১৩

অনন্য এক কাহিনী, ফুটবলৰ...

আগকথা

মানুহজনৰ বহুলভাৱে প্ৰচলিত, জনপ্ৰিয় নামটো পুতুল৷ পোছাকী নামো সেইটোৱেই বুলিব পাৰি৷ আচল নাম অচ্যুত বৰা৷ নিশ্চিতভাৱেই কওঁ যে বহুতেই এইটো আজিও নাজানে৷ জন্মাৱধি কাৰবি আংলঙৰ সদৰ ঠাই ডিফু চহৰৰ বাসিন্দা তেওঁ৷ আগতে বেছিক এল.পি. স্কুলৰ সমীপত আছিল৷ সম্প্ৰতি পুলিচ ৰিজাৰ্ভ এলেকাত বাস কৰে৷ পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী৷ আপোনাৰ-মোৰ, আন বহুতৰ দৰেই তেওঁৰো প্ৰিয় খেল ফুটবল৷ আপোনাৰ-মোৰ দৰেই তেৱোঁ শৈশৱ-কৈশোৰৰ দিনবোৰৰ এজন নিয়মীয়া ফুটবল খেলুৱৈ৷ এতিয়াও এজন ফুটবলপ্ৰেমী, আপোনাৰ-মোৰ দৰেই৷

আপোনাৰ-মোৰ দৰেই ফুটবলপ্ৰেমী৷ তেনেহলে কি বিশেষত্ব এইজন লোকৰ? জানিবলৈ যদি আপুনি ইচ্ছা কৰে, তেন্তে পঢ়িব লাগিব এই সত্য কাহিনী৷ এই কাহিনীয়ে কৈ দিব সাধাৰণ মানুহ এজনে কিমান অসাধাৰণভাৱে ভাল পাব পাৰে ফুটবলক, কিমান অন্তঃকৰণেৰে সৈতে সমৰ্থন আগ বঢ়াব পাৰে নিজৰ প্ৰিয় দলটোক৷

সমাগত ব্ৰাজিল বিশ্বকাপকলৈ বিশ্বৰ চুকে-কোণে জল্পনা-কল্পনা চলাৰ সময়তে, ফুটবলে বিশ্ববাসীৰ তন-মন-ধন অধিকাৰ কৰি লোৱাৰ আসন্ন পৰতে, আমি দেখিছোঁ, অকবতো ফুটবলকলৈ চৰ্চা হোৱাটো বিভিন্নজনে একান্তভাৱে বিচাৰিছে৷ কেইগৰাকীমান মাননীয় সদস্যই মনোগ্ৰাহী লেখা ইতিমধ্যে পষ্টো কৰিছে৷ সেইসমূহ পঢ়িছোঁ৷ তাৰ প্ৰভাৱতে নেকি জানো, ভুৰুকাত হাতী ভৰোৱাৰ দৰে কাণ্ড এটা সংঘটিত কৰিবলৈ মোৰোচোন গা উঠিল৷ গতিকে ভাবিছোঁ... কল্পনাও নহয়, সমালোচনাও নহয়, নিজৰ স্মৃতি ৰোমন্থনো নহওক, ভৱিষ্যৎ-বাণীও নহওক, এক সত্য কাহিনীকে আগ বঢ়োৱা যাওক, আমাৰ মাননীয় সদস্যবৃন্দলৈ৷ ফুটবল আলোচনাৰ বিষয় হওক বুলি তাকে কবলৈ ওলাইছোঁ৷

এজন ফুটবলপ্ৰেমী, যাৰ প্ৰিয় দল জাৰ্মানী, ফুটবলৰ কাৰণে, জাৰ্মানী দলৰ কাৰণে যি এক কথাত কবলৈ গলে বলিয়া, আগতে কৈ অহা পুতুল বৰা নামৰ সেই মানুহজনৰে জীৱনৰ সঁচা কাহিনী এয়া৷ চুটিকৈ কেইটামান মাত্ৰ খণ্ডত শেষ কৰিব বিচৰা এই ঘটনাক্রম আৰম্ভ হব ১৯৮৬চনত মেক্সিকো চিটীৰ Estadio Azteca Stadiumত অনুষ্ঠিত আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানীৰ মাজৰ বিশ্বকাপ ফুটবলৰ ফাইনেলৰ মুহূৰ্তটোৰ পৰা৷ কাৰণ, উক্ত দিনটোতে সূচনা হৈছিল অনন্য এক যাত্ৰা, যি যাত্ৰাৰ অন্তৰালত কেৱল ফুটবলেই নহয়, আন বহুতো কথাই লুকাই আছে৷ যিবোৰ কথা শুনাৰ, জনাৰ, বুজাৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ, আমাৰ সকলোৰে৷

বহুতেই হয়তো এই মানুহজনৰ খবৰ ৰাখিছে৷ বহুতইে হয়তো নাজানিবও পাৰে৷ কোনো কথা নাই৷ ফিফা ৱৰ্ল্ডকাপ আহিলেই প্ৰাণ পাই উঠা পুতুলদাক অকবত থকা সকলোৱে সোনকালেই মুখামুখিকৈ লগ পাব৷ এই মুহূৰ্তত এইটো ভাল খবৰ যে কালি ব্ৰাজিল বিশ্বকাপ ২০১৪ৰ কাম-কাজ সংক্রান্তত মোৰ ওচৰলৈ আহোঁতে মই তেওঁৰ আগত মোৰ ইচ্ছাৰ প্ৰসংগটো উত্থাপন কৰিলত তৎমুহূৰ্ততে মানুহজন সৈমান হল আৰু কলে, , ভাল কথা৷ গতিকে প্ৰথমবাৰৰ বাবে তেওঁ নিজ মুখেৰেই কৈ যাব নিজৰ কাহিনী, তেতিয়াৰ পৰা এতিয়ালৈ৷ মাইক্রফোনটো মই তেওঁলৈ আগ বঢ়ায়ে থৈছোঁ৷ মই টাচ্ছ লাইনৰ বাহিৰতে থাকি পানী, গ্লুক, চিউৱিংগাম আদি যোগাই যাম৷ আৰু আমি সকলোৱে শুনিম, তেওঁৰ কথা৷ এজন ফুটবল-পাগলৰ মনৰ কথা৷

সদ্যহতে, তেওঁ দক্ষিণ আফ্ৰিকাত হৈ যোৱা বিশ্বকাপ ২০১০ৰ সময়ত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিকেইটামান আগ বঢ়াইছে৷ ৱাৰ্ম-আপৰ উদ্দেশ্যে৷






........................................................


২০.১১.২০১৩

অনন্য এক কাহিনী, ফুটবলৰ...

কাৰ্টেন ৰাইজাৰ

যোৱা ১২ নভেম্বৰৰ একে শিৰোনামৰ 'ষ্টটো পঢ়া-নপঢ়া সকলোৰে বাবে এয়া৷ পৰ্দা আঁতৰি যোৱাৰ পিছত মাহটোৰ ১০, ২০ আৰু ৩০ তাৰিখে ক্ৰীড়াভিত্তিক এই সত্যালাপ চলি থাকিব কাহিনী শেষ নোহোৱা পৰ্যন্ত৷মই ইয়াত অনুলেখকহে মাত্ৰ৷ গতিকে অকণো সময় নষ্ট নকৰি মাইক্রফোনটো আগ বঢ়াই দিছোঁ আচল মানুহজনলৈ, যাৰ বাবে সকলো অপেক্ষাৰত
........................................................

নমস্কাৰ৷

পোনপ্ৰথমেই আপোনালোকলৈ মোৰ আন্তৰিক সম্ভাষণ জনাইছোঁ৷

মোৰ নাম পুতুল বৰা৷ ওৰফে অচ্যুত বৰা৷ মই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসম প্ৰদেশৰ কাৰবি আংলং নামৰ সেউজ পাহাৰীয়া অঞ্চল তথা অসমৰ সৰ্ববৃহৎ জিলাখনৰ নিবাসী৷ এজন সাধাৰণ মানুহ৷ এই জিলাৰে সদৰ ঠাই ডিফু চহৰত ২৮.১১.১৯৬১ তাৰিখে মই জন্ম গ্ৰহণ কৰিছিলোঁ৷ শিক্ষাৰ ফালৰ পৰা বৰ কম, মুঠেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ৷ বৰ্তমান মোৰ পত্নী আৰু ১০ বছৰীয়া একমাত্ৰ কন্যা সন্তানেৰে সৰু সংসাৰ এখন আছে৷ পেছাত মই এজন ক্ষুদ্ৰ ব্যৱসায়ী৷ মোৰ পত্নী তৃতীয় বৰ্গৰ এগৰাকী চৰকাৰী চাকৰিয়াল৷

আপোনালোকৰ দৰেই ময়ো সৰুৰে পৰাই ফুটবল খেলিছিলোঁ৷ আমাৰ দিনত মুখ্য খেল হিচাপে ফুটবলেই চৌপাশ জিনি আছিল৷ ক্রিকেট নিচেই তাকৰ আছিল৷ হকী আদিতো নাছিলেই৷ সেই দেখি সৰুতেই ফুটবলক ভাল পাই পেলালোঁ৷ আৰু সেয়ে নেকি জানো, এৰিব নোৱাৰাও হৈ থাকিলোঁ, এতিয়াও৷ এতিয়া নিজে নেখেলিলেও সাংগঠনিক কাম-কাজ কৰি বা খেলা চাই আনন্দ লভোঁ৷ লগতে আন দুজনকো দেখুৱাবৰ বাবে দুৱাৰ মুকলি ৰাখোঁ৷ বন্ধু-বান্ধৱ আৰু ফুটবলপ্ৰেমীৰ সৈতে একেলগে বহি খেলবোৰ চাই বেলেগ ধৰণৰ তৃপ্তি এটা পাওঁ৷ বিশেষকৈ বিশ্বকাপ ফুটবল৷ ফিফা ৱৰ্ল্ড কাপৰ মাহটো মই উৎসৱ হিচাপে পালন কৰোঁ৷ইচ্ছুকজনে ইয়াত স্বতঃস্ফূৰ্তভাৱে যোগদান কৰেহি৷ কাৰণ ফুটবলযে আমি ভাল পাওঁ৷ বন্ধুত্ব, ভ্ৰাতৃত্ব, একতা ইত্যাদি এই খেলবিধৰ মাজতে আন দহজনৰ দৰে ময়ো বিচাৰি পাওঁ৷

মোৰ মনত খুন্দ খাই থকা কথাবিলাক ই-দুনীয়াৰ শক্তিশালী গোট 'অসমীয়াত কথা-বতৰা' মাধ্যমেৰে বিশ্ববাসীৰ আগত কৈ পেলাবলৈ সুবিধা পোৱাটো মোৰ বাবে নিশ্চয়কৈ গৌৰৱৰে কথা৷ সেয়ে 'অকব' গোটটোৰ প্ৰতি মই পোনতেই ঋণ স্বীকাৰ কৰিছোঁ৷ পুৰণি দিনৰ স্মৃতি সুঁৱৰি মেক্সিকোত বিগত ১৯৮৬চনত অনুষ্ঠিত হৈ যোৱা ফিফা ৱৰ্ল্ড কাপৰ কথাৰেই আগ বঢ়াই নিম জীৱনৰ এই ত্য কাহিনী৷ এয়া দৰাচলতে পুৰণি দিনৰ কথা৷ মনৰ গভীৰ লি পৰা কুৰুকি কুৰুকি উলিয়াইছোঁ, আপোনালোকলৈ বুলি, বৰ হেঁপাহেৰে৷

আপোনালোকে মোক আপোনালোকৰ মাজৰে এজন বুলি আদৰি 'লে মই নিজকে সৌভাগ্যৱান বুলি ভাবিম৷ মোৰ মনৰ কথাবোৰ সজাই-পৰাই  পঢ়িব পৰা কৰি দিছে 'অকব' সদস্য, মোৰ অনুজ ভ্ৰাতৃপ্ৰতিম আব্দুছ ছাজিদে৷

আগতীয়াকৈ কৈ থওঁ, 'ৰবাত কিবা ভুল-ভ্ৰান্তি 'লে নিজগুণে মাফ ৰে যেন৷ মোৰ লেখা-মেলাৰ, আনকি কথা কোৱাৰো তেনেকৈ অভ্যাসযে নাই৷ তথ্য কিবা বিসংগতি দেখা পালেও অনুগ্ৰহ কৰি উনুকিয়াবলৈ নাপাহৰিব৷ আলোচনা-বিলোচনাৰ জৰিয়তে শুধৰণি নিশ্চয় সম্ভৱ৷

এইখিনিতেব খোজোঁ, প্ৰত্যেকজন সফল ব্যক্তিৰ জীৱন-যাত্ৰাৰ পথত এগৰাকী নাৰীৰ সহায়ৰ হাত থাকে৷ বিশ্বকাপ ফুটবলৰ খেলবোৰ ৰাজহুৱাভাৱে উপভোগ কৰাৰ বাবে চলাই অহা মোৰ এই সমগ্ৰ প্ৰচেষ্টাটোত আৰম্ভণিৰে পৰা বৰ্তমান পৰ্যন্ত মোৰ পত্নী গ্ৰেছী মালস্বামীয়ে এশ শতাংশ সহায়-সহযোগিতা আগ বঢ়াই আহিছে, যাৰ বাবে আহি আহি আগন্তুক ব্ৰাজিল ২০১৪ৰ আয়োজন ব্ৰতী ' পাৰিছোঁ৷ আনহাতে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সংবাদ মাধ্যমত বিগত বছৰত আয়োজন সম্পৰ্কে প্ৰচাৰ হোৱাটো মোৰ বাবে এটা যোগাত্মক দিশ৷ সেই বাতৰি আৰু ছবিবোৰৰ কেইখনমান আপোনালোকে ইতিমধ্যে পঢ়িবলৈ বা চাবলৈ পাইছে৷ পিচে, মই ভাবোঁ, জাৰ্মান দেশৰ কোনো ব্যক্তিয়েই হয়তো এই বিষয়ে সিমানখিনি জ্ঞাত নহয়৷ কিন্তু মইযে জাৰ্মান ফুটবল দলৰ এজন Die Hard Blind Supporter, তাত কোনো সন্দেহ নাই৷ মোৰ আশা, জাৰ্মানসকল যথাসময়ত এই বিষয়ে নিশ্চয় অৱগত ব৷ তাৰ বাবে মই মোৰ কৰ্তব্য নিশ্চয় কৰি যাব লাগিব, যিটো মই আজি ২৪বছৰে একাদিক্রমে কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম বুলি দৃঢ়প্ৰতিজ্ঞ হৈ লাগি আছোঁ৷

আপোনালোকৰ পৰা অধিক সময় মই নলওঁ৷ অহা ৩০.১১.২০১৩ তাৰিখে মই জনাম, মই জাৰ্মান দলৰ সমৰ্থক হৈ পৰিলোঁ... কিয় আৰু কেনেকৈ?

অনুগ্ৰহ কৰি বাট চাব৷
সকলোৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ৷
ধন্যবাদ৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. মই জাৰ্মানীৰ সমৰ্থক

 ২. সৰু পৰিয়ালটো

৩. আয়োজন-২০১০

........................................................


৩০.১১.২০১৩

অনন্য এক কাহিনী, ফুটবলৰ...  (এক)

পুতুলদাই কৈছিল, অহা ৩০.১১.২০১৩ তাৰিখে মই জনাম, মই জাৰ্মান দলৰ সমৰ্থক হৈ পৰিলোঁ... কিয় আৰু কেনেকৈ? আজি ৩০ তাৰিখ৷ গতিকে এককথীয়া মানুহজন আহিল আৰু কৈ গল...
........................................................

মই জাৰ্মান দলৰ সমৰ্থক হৈ পৰিলোঁ... কিয় আৰু কেনেকৈ?

ভালকৈ মনত আছে, মোৰ বয়স তেতিয়া ২৫ বছৰ৷ ফুটবল তেতিয়াও মোৰ প্ৰিয় খেল৷
আৰু ভালকৈ মনত আছে, ১৯৮৬চনত যেতিয়া আমাৰ দেশলৈ টিভিৰ আগমন ঘটিছিল, তেতিয়া দুখৰ কথা, আমি বাস কৰা নাতিবৃহৎ ডিফু চহৰখনলৈ টিভি অহাই নাছিল৷ টেলিভিচনৰ স্ক্ৰীণত খেল চোৱাৰ প্ৰবল ইচ্ছা জাগিছিল যদিও সম্ভৱ হোৱা নাছিল৷ ইফালে অবুজন মনটোৱে উচপিচাই আছিল৷ কাৰণ এটাই, ফুটবলৰ প্ৰতি থকা চিৰন্তন ভালপোৱা৷

মোৰ নগা বন্ধু তুতু ৰংমায়ে টিভি এটা লোৱা বুলি এদিন কৈছিল, সিহঁতৰ ডিমাপুৰৰ ঘৰত৷ তাৰ মানে, সিহঁতৰ তাত টিভি চলিছে৷ আমি আকৌ জিলাৰ সদৰ ঠাইত থাকিও ছাঁটোকে দেখিবলৈ পোৱা নাই৷ তাকে লৈ মনে মনে খং এটা নুঠা নহয় অৱশ্যে৷ সেয়ে নেকি জানো, ইচ্ছাক দমাব নোৱাৰি সিদ্ধান্ত কৰিলোঁ, তাৰ তালৈকে যাম নহলে৷ অন্ততঃ ফাইনেলখনকে চাবলৈ৷ ইফালে বিশ্বকাপৰ খবৰবোৰ ৰেডিঅ, নিউজ পেপাৰত নিতৌ পাই আছোঁ৷ ২৪খন দেশৰ মাজৰ পৰা খেলি খেলি আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানী 13th FIFA World Cup Footballৰ ফাইনেল পাইছেগৈ৷ ২৯জুন ১৯৮৬ত হব ফুটবলৰ মহাৰণ৷ যাক লৈ পৃথিৱীজুৰি উৎকণ্ঠা৷ নিশ্চয় উপভোগ্য হব খেলখন৷ গতিকে নিৰ্দিষ্ট দিনটোত ডিফুৰ পৰা প্ৰায ৪৮কিলমিটাৰ পূবে অৱস্থিত ডিমাপুৰলৈ বুলি উজনিমুৱা পেচেঞ্জাৰ ৰেলত উঠি পুৱাতে যাত্ৰা আৰম্ভ কৰি দিলোঁ৷ লগত গল মোৰ বাল্যবন্ধু প্ৰদীপ সিংহ আৰু প্ৰশান্ত দাস৷ সঁচাকৈ এটা স্মৰণীয় দিন, যিটো দিনৰ স্মৃতিচাৰণ কৰিবলৈ পাই, আপোনালোককো অকৃত্ৰিমভাৱে আজি তাৰ ভাগ দিবলৈ পাই এতিয়া মই নথৈ আনন্দিত হৈছোঁ৷

ৰেলখনে আমাক ডিমাপুৰ ঠিকে-ঠাকে পোৱালেগৈ হয়, কিন্তু দুৰ্ভাগ্যইযে তাতো অপেক্ষা কৰি আছিল! বন্ধুটোক লগ নাপালোঁ৷ কহিমা নে কৰবালৈ গল সি৷ মনটো শুকাই থাকিল৷ কি কৰা যায় এতিয়া? ১৯৮৬ৰ কথা এয়া৷ গতিকে বুজিছেই নহয়, তেতিয়াৰ যোগাযোগ ব্যৱস্থা আজিৰ দৰে খৰতকীয়া নাছিল যে মবাইলত নম্বৰ টিপিয়েই তাক পাই যাম৷

বিশ্বকাপৰ সময়তে আমাৰ ঘৰত এদিন ঘুনুক-ঘানাককৈ শুনা পাইছিলোঁ বোলে বোকাজানত থকা মোৰ খুড়া যজ্ঞেশ্বৰ বৰাৰ ঘৰত হেনো টিভি এটা কিনিছে৷ অৰ্থাৎ, তেওঁলোকেও টিভিত বিশ্বকাপ ফুটবলৰ খেলা চাবলৈ পাইছে৷ কথাটো মূৰত খেলোৱাত ডিমাপুৰ ত্যাগ কৰাৰ সিদ্ধান্ত ললোঁ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা ট্ৰাক এখন ৰখাই তাতে উঠি আমি তিনিওটা বোকাজান পালোঁগৈ৷ যি হলেও মুঠতে খেলা চাবই লাগিব আজি৷

এসময়ত খুড়াৰ ঘৰত পদাৰ্পণ কৰিলোঁগৈ৷ আগমনৰ উদ্দেশ্য বেকত কৰিলোঁ আৰু সময়লৈ খাপ পাতি ৰলোঁ৷ ভাত-পানীও তাতে খোৱা হল৷

যথাসময়ত জীৱনত পোনপ্ৰথমবাৰৰ বাবে টিভিৰ সন্মুখত বহি ফুটবল খেল এখনৰ পোনপটীয়া সম্প্ৰচাৰ চাবলৈ বহিলোঁ৷ মুখৰ আগত এটা সৰু টিভি৷ ব্লেক এণ্ড হোৱাইট৷ ছবিবোৰো বৰ স্পষ্ট নহয়৷ তথাপি মনোকামনা এটা পূৰণ কৰিবলৈ বহিছোঁ, ডিফুৰ পৰা সবান্ধৱে গৈ৷ মনত খুদুৱনি, কেনেকুৱাবা দেখিম! তেনেকুৱাতে আচম্বিতে কথা এটা মনত খেলালে৷ কথাটো হল মই কাক সমৰ্থন দিম? এনেয়ে চাই কিনো মজা লাগিব? মুহূৰ্ততে মই নিজস্ব সিদ্ধান্ত এটা লৈ ললোঁ৷ বন্ধু দুজনক স্পষ্টভাৱেই কলোঁ যে যিখন দেশে প্ৰথমে গল খাব, সেইখন দেশেই মোৰ টীম হব৷ সেইখন দেশকেই মই সমৰ্থন কৰিম৷

Mexico City Estadio Aztecaত আৰ্জেণ্টিনা আৰু পশ্চিম জাৰ্মানীৰ মাজত অনুষ্ঠিত উক্ত ফাইনেল খেলৰ কিক্‌-অফ্হৈ হল৷ মাৰাডোনা, ভালদানো, বুৰুচাগা, ৰুগাৰী, বেটিষ্টা আদি ষ্টাৰ প্লেয়াৰেৰে সমৃদ্ধ দল আৰ্জেণ্টিনা৷ আনফালে পশ্চিম জাৰ্মানী৷ দলত আছে ৰুমানিগ, মেথিয়াচ, ভলেৰ আদি বিচক্ষণ ফুটবলাৰ৷ টিভিৰ পৰ্দাত খেলুৱৈবিলাকৰ চেহেৰা যেনেকৈয়ে নহওক, দেখা পাইছোঁ৷ ডিফুমুৱা হোৱাহেঁতেন কেতিয়াও নাপাওঁ৷ বিশ্ব খিতাপৰ বাবে দুয়ো পক্ষৰে মাজত তুমুল প্ৰতিদ্বন্দ্বিতা৷

সময় বাগৰি গৈ আছে৷ প্ৰথমাৰ্ধৰ ২৩মিনিটত আৰ্জেণ্টিনাৰ সুযোগসন্ধানী ডিফেণ্ডাৰ, ৫নং জাৰ্চি পৰিহিত, চ লুই ব্ৰাউনে দলৰ হৈ খেলখনৰ প্ৰথম গলটো স্কৰ কৰিলে৷ নিজ মুখৰ পৰা ওলাই যোৱা কথা ৰাখি তাৰ লগে লগে ময়ো জীৱনকালৰ বাবে এখন দেশৰ এটা ফুটবল দলৰ সমৰ্থক হৈ পৰিলোঁ৷

তৎমুহূৰ্তৰ পৰাই ৱৰ্ল্ড কাপ ফুটবলত মোৰ সমৰ্থিত দেশ হৈ পৰিল পশ্চিম জাৰ্মানী (পিছলৈ জাৰ্মানী) ৷ হাৰিলেও জাৰ্মানী, জিকিলেও জাৰ্মানী৷ আজিও মোৰ টীম জাৰ্মানী৷ কথাটো আপোনালোকে ইতিমধ্যে জানিছেই৷

সমৰ্থন অব্যাহত ৰাখি খেলখনৰ পিছৰছোৱা উপভোগ কৰি গলোঁ৷ এটা সময়ত দুয়োটা দল ২-২ গলত উপনীত হল৷ ভাবিলোঁ, প্ৰথমে গল খালেও মোৰ দল জাৰ্মানীয়েই কাপটো জিকিব৷ পিছে খেলৰ শেষৰ ফালে ৮৪ মিনিটত বুৰুচাগাৰ জৰিয়তে আৰ্জেণ্টিনাই বিজয়সূচক গলটো দি Mexico 1986 World Cup Footballৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন (বিশ্বকাপৰ বুৰঞ্জীত দ্বিতীয়বাৰৰ বাবে) কৰিলে৷যুঁজ দিও মোৰ দলটো হাৰিল৷

মনটো আকৌ এবাৰলৈ বেয়া লাগিল৷ সেয়ে হলেও জীৱনত প্ৰথমবাৰ টিভিৰ আগত বহি খেলা চাই অভূতপূৰ্ব আনন্দ লভিলোঁ৷ বহুতৰে হয়তো সেই সৌভাগ্য হোৱা নাই৷ মোৰ হল৷ মনে মনে ভাবিলোঁ, নিজাববীয়াকৈ টেলিভিচন এটা থকাহেঁতেন... যেতিয়াই তেতিয়াই খেলা চাব পাৰিলোঁ হয়৷

আৰু সেইদিনাই মই এটা প্ৰতিজ্ঞা কৰি পেলালোঁ৷ ইটালীত ১৯৯০চনত হবলগীয়া পৰৱৰ্তী বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন মোৰ ঘৰত নিজৰ ৰঙীণ টিভিতহে চাম৷ বেলেগত নহয়৷

বোকাজানত ৰাতিটো কটাই পিছদিনা ঘূৰি আহি ঘৰ পালোঁহি৷ FIFA World Cup 1990 অহালৈ মাজত চাৰিটা বছৰ৷ সেই বছৰকেইটা অধীৰ আগ্ৰহেৰে ৰৈ থাকিলোঁ আৰু নিজৰ প্ৰতিজ্ঞা পূৰণাৰ্থে কৰণীয় কৰ্মত ৰত হৈ গলোঁ৷

আজিলৈ কথা ইমানতে সামৰোঁ৷সকলোৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ৷ অহা ..২০১৩ তাৰিখে আকৌ লগ পাম৷ সেইদিনা জনাম, বিশ্বকাপ ফুটবল কেনেদৰে মোৰ জীৱনৰ মহোৎসৱ হৈ পৰিল৷
ধন্যবাদ৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

. বিশ্বকাপ ১৯৮৬ৰ খেল চাবলৈ যোৱা তিনি বন্ধু... বাঁওফালৰ পৰা ক্রমে প্ৰদীপ সিংহ, প্ৰশান্ত দাস আৰু পুতুল বৰা

. জীৱনলৈ যি স্মৃতি মধুৰ হৈ ৰ... পুতুল বৰা, প্ৰশান্ত দাস আৰু প্ৰদীপ সিংহ

. চ লুই ব্ৰাউন যিজন খেলুৱৈয়ে আৰ্জেণ্টিনাৰ হৈ গলটো দিছিল আৰু যাৰ কাৰণে আজীৱন হৈ পৰিলোঁ জাৰ্মানীৰ সমৰ্থক

........................................................


..২০১৩

অনন্য এক কাহিনী, ফুটবলৰ...  (দুই)

আজি ১০ তাৰিখ৷ পূৰ্বতে কৈ যোৱামতেই পুতুলদা আহি ওলাল৷ ৩০.১১.২০১৩ তাৰিখৰ কথাংশ পঢ়ি চোৱা সকলোলৈকে পোনতে ধন্যবাদ জ্ঞাপন কৰিলে৷ তাৰ পিছত আৰম্ভ কৰিলে নতুন কাহিনী... কিদৰে বিশ্বকাপ ফুটবল তেওঁৰ জীৱনৰ মহোৎসৱত পৰিণত হ৷ পঢ়কচোন...
........................................................

বিশ্বকাপ ফুটবল মোৰ জীৱনৰ মহোৎসৱ হৈ পৰিল

Mexico 1986 World Cupৰ ফাইনেলৰ দিনা বোকাজানত খুড়াৰ ঘৰত বন্ধুৰ উপস্থিতিত শপত এটা লৈছিলোঁ যে ইটালীত ১৯৯০চনত হবলগীয়া পৰৱৰ্তী বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন মোৰ ঘৰত, নিজৰ ৰঙীণ টিভিতহে চাম৷ বেলেগ কতো নহয় ...এইবুলি৷ সেই অনুপাতে প্ৰতিজ্ঞা পূৰণাৰ্থে কাম-কাজবোৰো সময়ৰ সৈতে আগ বঢ়াই নি আছিলোঁ, কাৰণ ৰঙীণ টেলিভিশ্বন কিনিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন লাগিব৷ তাকো আকৌ স্ব-উপাৰ্জিত ধনেৰেহে কিনিম মই৷ আনৰ সাহায্যত নহয়৷

বলৈ লৈ এতিয়া গভীৰ আনন্দ অনুভৱ কৰিছোঁ যে পোনপ্ৰথমবাৰৰ বাবে জীৱনৰ সেই প্ৰতিজ্ঞা মই সময়মতে সফলতাৰে পূৰণ কৰিব পাৰিলোঁ৷ অৰ্থাৎ নিজাববীয়াকৈ ৰঙীণ টিভি এটা খেলৰ আগতে এদিন কিনিবলৈ সক্ষম হলোঁ৷

চাৰিটা বছৰৰ ব্যৱধানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আকৌ আহিল৷ লগে লগে মোৰো গা উঠিল৷ বন্ধুসকলৰ সৈতে 14th FIFA World Cup Footballৰ খেলসমূহ মোৰ ঘৰত, মোৰ কোঠাত উপভোগ কৰিবলৈ এক আয়োজন চলালোঁ৷ খেলসমূহ অনুষ্ঠিত হৈছিল ১৯৯০চনৰ ৮জুনৰ পৰা ৮জুলাইলৈকে৷ ২৪টা দলে সেইবাৰ টুৰ্ণামেণ্টত অংশ গ্ৰহণ কৰিছিল৷ Italia 90ৰ খেলা অনুষ্ঠিত কৰা হৈছিল মুঠতে ১২খন ফিল্ডত৷

লোথাৰ মেথিয়াছৰ নেতৃত্বত জুৰগেন ক্লিনচমেন, এন্দ্ৰিয়াচ মূলাৰ, ৰুডি ভলেৰ, জুৰগেন কোহলাৰ আদিৰে সমৃদ্ধ মোৰ সমৰ্থিত দেশ পশ্চিম জাৰ্মানী৷ প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰাই দলটোৱে আশাব্যঞ্জক ক্রীড়াশৈলী প্ৰদৰ্শন কৰিছিল৷ ডি গ্ৰুপৰ প্ৰথম মেচখনৰ পৰাই যাত্ৰাৰ শুভাৰম্ভ কৰি ইখনৰ পিছত সিখন খেলত দলটোৱে নিজৰ আধিপত্য বিস্তাৰ কৰি যাবলৈ ধৰিলে৷ সেই গ্ৰুপটোত আছিল ইউনাইটেড আৰব আমীৰাটচ, কলম্বিয়া আৰু যুগোশ্লোভিয়া৷ আনহাতে সমৰ্থক হিচাপে মোৰো আশা, উলাহ আৰু আনন্দ দুগুণে চৰি গৈ থাকিল৷ তেনেকৈয়ে এদিন মোৰ দল গৈ ফাইনেলত উপনীত হল, ছেমি-ফাইনেলত ইংলণ্ডক পৰাস্ত কৰি৷ পশ্চিম জাৰ্মানীয়ে চেকেণ্ড ৰাউণ্ডত নেদাৰলেণ্ডচক আৰু কোৱাৰ্টাৰ ফাইনেলত চেকোশ্লোভেকিয়াক পোনপটীয়াকৈ হৰুৱাইছিল৷ ফাইনেলত প্ৰতিপক্ষ হিচাপে আহিল আৰ্জেণ্টিনা, যি ছেমি-ফাইনেলত ইটালীক হৰুৱাইছে৷ মনত আছে, দুয়োখন ছেমি-ফাইনেলৰ ফলাফল টাইব্ৰেকাৰ যোগে নিৰ্ণিত হৈছিল৷ ডিয়েগো মাৰাডোনাই নেতৃত্ব বহন কৰা শক্তিশালী আৰ্জেণ্টিনা দলটোত আছিল চাৰ্গেউ বেটিষ্টা, জৰ্জ বুৰুচাগা, ক্লডিঅ কেনিজিয়া, অস্কাৰ ৰুগেৰী আদি সেই সময়ৰ দুৰ্ধৰ্ষ ফুটবলাৰ৷ এনে লাগিল, Mexico 1986 World Cupৰ পশ্চিম জাৰ্মানী আৰু আৰ্জেণ্টিনাৰ মাজত হোৱা চূড়ান্ত খেলখনৰে যেন পুনৰাবৃত্তি ঘটিছে সেইবাৰো৷ মাত্ৰ স্থান-কাল বেলেগ৷

ৰোমৰ Stadio Olimpicoত ৮জুলাইত ফাইনেলখন হৈছিল৷ পশ্চিম জাৰ্মানীয়ে খেলখনৰ ৮৫মিনিটত লাভ কৰা এটা পেনাল্টিৰ জৰিয়তে আৰ্জেণ্টিনাক ১-০ গলত পৰাভূত কৰে৷ ৰুডি ভলেৰক বিধিনিষিদ্ধভাৱে ফাউল কৰাত মেক্সিকান ৰেফাৰী Edgardo Codesalএ শাস্তি হিচাপে পেনাল্টিৰ নিৰ্দেশ দিয়ে৷ পেনাল্টি কিক্‌টো লবৰ বাবে জাৰ্মান খেলুৱৈয়ে বলটো নিৰ্দিষ্ট স্থানত পতাৰ সময়তো আৰ্জেণ্টাইন খেলুৱৈয়ে কেইবাবাৰো খেলিমেলিৰ সৃষ্টি কৰা দেখা গল৷ মনঃসংযোগ নষ্ট কৰিবলৈকে চাগৈ!

যি কি নহওক, নিৰ্ভৰযোগ্য ডিফেণ্ডাৰ আন্দ্ৰিয়াচ ব্ৰেহমিয়ে পশ্চিম জাৰ্মানীৰ হৈ শ্বটটো ললে আৰু কাৰ্যকৰীও কৰিলে৷ শ্বটটো লোৱাৰ আগমুহূৰ্তত মোৰ বুকুখন দুৰু দুৰুকৈ কঁপিছিল৷ কি হব? গল হবনে নহব? আমি জিকিমনে নাই? ...অনেক প্ৰশ্ন৷ কিন্তু বলটো গৈ নেটত পৰাৰ লগে লগে উৰুলীকৃত হৈ জঁপিয়াই উঠিছিলোঁ, মোৰ সমৰ্থিত দলৰ নিশ্চিত বিজয় কল্পনা কৰি৷ আৰু সঁচাকৈ অলপ পাছতে বিশ্বকাপৰ বুৰঞ্জীত তৃতীয়বাৰৰ বাবে বিশ্ব বিজয়ীৰ খিতাপ অৰ্জন কৰিলে পশ্চিম জাৰ্মানীয়ে, অৰ্থাৎ মোৰ দলে৷ বিগত বিশ্বকাপৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হল আৰ্জেণ্টিনাক৷

আনন্দত আত্মহাৰা হৈ সেইদিনা মই বন্ধুবৰ্গক লৈ লগে লগে এটা প্ৰীতিভোজৰ আয়োজন কৰি পেলালোঁ৷ খুব স্ফূৰ্তি কৰিলোঁ সেইদিনা৷ কাৰণ, নিজৰ দল জিকিছে৷ তাকো এলাপেচা নহয়, বিশ্বকাপ, যাৰ ওপৰত ফুটবলৰ প্ৰচলন থকা পৃথিৱীৰ প্ৰতিখন দেশৰ, প্ৰতিজন খেলপ্ৰেমীৰে দৃষ্টি৷ আনন্দৰে পূৰ্ণ সেই মূহূৰ্তবোৰ কেমেৰাত বন্দী কৰি গলোঁ৷ সেই ফটোগ্ৰাফবোৰ আজিও সংৰক্ষণ কৰি ৰখা হৈছে৷

বন্ধুবৰ্গৰ উপস্থিতিতে তেতিয়াই মই দ্বিতীয় এটা প্ৰতিজ্ঞা কৰিলোঁ USA 1994 World Cupত মই নিজে তৈয়াৰ কৰা এটা কোঠালিত খেল উপভোগ কৰিম৷ এতিয়া বহাৰ দৰে মোৰ সৰু কোঠাটোত নহয়৷ বন্ধু-বান্ধৱ আৰু আন আন ক্রীড়াপ্ৰেমীৰ বাবে ঠাইখিনি নোজোৰা হৈ পৰিছে৷ কথাটো মই মনে মনে লক্ষ্য কৰিছোঁ৷ সুবিধা কৰি দিব নোৱাৰাৰ বাবে দুখ পাইছোঁ৷ ইয়াৰোপৰি আৰু এটা সিদ্ধান্ত লৈ পেলালোঁ যে ভৱিষ্যতে প্ৰত্যেকখন বিশ্বকাপ ফুটবলত চাৰি বছৰৰ মূৰে মূৰে এটা এটা প্ৰতিজ্ঞা পূৰণ কৰি মই মোৰ জীৱনটোক আগুৱাই নিবলৈ যত্ন কৰিম৷ সেই অনুপাতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাম, কৰ্ম কৰি যাম৷ লগতে এইটোও ঠিৰাং কৰি ললোঁ যে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা চলি থকা মাহটো মোৰ জীৱনৰ এটা বিশেষ গুৰুত্বপূৰ্ণ উৎসৱৰ মাহ বুলি পৰিগণিত হব৷ এই এমাহ কাল মই কেৱল ফুটবলৰ নামতে উচৰ্গা কৰিম৷ চাৰি বছৰৰ অৰ্থাৎ জীৱনৰ ৪৮টা মাহৰ এমাহ মই ফুটবলক দিম৷ সেয়া হব ফুটবলৰ প্ৰতি মোৰ প্ৰেমৰ প্ৰকাশ৷ সেয়াই হব ফুটবলপ্ৰেমীৰ প্ৰতি মোৰ আন্তৰিক প্ৰীতি-উপহাৰ৷ এই আয়োজন ফুটবল ভাল পোৱা দর্শকৰ বাবে৷

Italia 1990 চলি থকাৰ সময়তে ক্রীড়া আলোচনী কিছুমান ক্রয় কৰিছিলোঁ৷ স্পৰ্টচ মেগাজিনৰ প্ৰতি আগৰে পৰাই মোৰ দুৰ্বলতা এটা আছিল৷ সেইবিলাকৰ পৰা প্ৰয়োজনীয় ছবিবোৰ কাটি উলিয়ালোঁ৷ তাৰ সহায়তে ভৱিষ্যতলৈ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে নিজ হাতে ৪ফুট দীঘল, ৩ফুট বহল চাইজৰ এখন ৱৰ্ল্ড কাপ পষ্টাৰ তৈয়াৰ কৰিলোঁ যিখন এতিয়াও চাব পৰা অৱস্থাত, মোৰ ঘৰত ওলমি আছে৷ তাকে চাই আজিও মই অতীতৰ স্মৃতি ৰোমন্থন কৰোঁ৷ খেলুৱৈসকললৈ শ্ৰদ্ধা জনাওঁ৷ ফুটবলৰ চিন্তাত বিভোৰ হওঁ

আজিলৈ কথা ইমানতে সামৰোঁ৷ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ৷ অহা ২০.১২.২০১ তাৰিখে আপোনালোকে জানিব, চেলিব্ৰেট কৰিম বুলি কলিকতা (কলকাতা)ৰ পৰা অনা Passport Scotchৰ বটলটো মই গাঁত খান্দি পুতি পেলালোঁ, কিয়?

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. নিজৰ ৰঙীণ টেলিভিশ্বন ...প্ৰতিজ্ঞা পূৰণৰ বিমল আনন্দ

২. নিজৰ ঘৰত বন্ধু-বান্ধৱৰ সৈতে খেল উপভোগৰ এক মুহূৰ্ত

. আন্দ্ৰিয়াচ ব্ৰেহমি... ক্লাছিক ফুটবলাৰজন, মোৰ দল পশ্চিম জাৰ্মানীৰ বিজয়ত যি মুখ্য ভূমিকা ললে

৪. Italia 1990 বিশ্বকাপ বিজয়ী পশ্চিম জাৰ্মানী দলটো

. ৱৰ্ল্ড কাপ পষ্টাৰ-১ ...আজিও বেৰত ওলমি ৰোৱা, জীৱনৰ প্ৰথমখন কলাজ

........................................................


২০.১২.২০১

অনন্য এক কাহিনীফুটবলৰ...  (তিনি)

আজি ২০ তাৰিখ৷ কথা দিয়া মতেই ডিচেম্বৰৰ বৰ্ধিত শীতকো নেওচি মোৰ কৰ্মস্থলীত স্বকীয় ষ্টাইলত দপদপাই পুতুলদাৰ পদাৰ্পণ৷ মানুহজন এইকেইদিন খ্ৰীষ্টমাছৰ আয়োজনত অতিপাত ব্যস্ত৷ গ্ৰেছী বৌৱে ঘৰখন সজাই-পৰাই তুলিছে৷ উৎসৱ সমাগত৷ খ্ৰীষ্টমাছ ষ্টাৰ এটি উজলি আছে পুতুলদাৰ নৱনিৰ্মিত পেভিলিয়ন ব্ৰাজিল১৪ ওপৰত৷ ১০ তাৰিখৰ লেখাটো পঢ়া, মন্তব্য লিখা অকব সকলোজনলৈকে দাদাই আন্তৰিকতাৰে প্ৰথমেই ধন্যবাদ জনালে৷ তাৰ পিছত লাহেকৈ মুখ খুলিলে... জাৰ্মানী বিশ্ববিজয়ী লে সীমাহীনভাৱে স্ফূৰ্তি কৰিব বুলি কলিকতাৰ পৰা নিজে কিনি আনি থোৱা সেই ৰঙীণ বটলটোৰ কথা৷ ১৯৯৪চনৰ কাহিনী এয়া৷ পঢ়কচোন আপোনালোকে...
........................................................

চেলিব্ৰেট কৰিম বুলি কলিকতাৰ পৰা অনা Passport Scotch বটলটো গাঁত খান্দি পুতি পেলালোঁ

USA 1994 World Cup সময়ত মই নিজে তৈয়াৰ কৰা এটা কোঠালিত খেল উপভোগ কৰিম বুলি ১৯৯০চনতে ইটালী বিশ্বকাপৰ অন্তত শপত খাই থৈছিলোঁ৷ কথাটো যোৱাবাৰ উল্লেখ কৰিছিলোঁ৷ বিশ্বকাপক কেন্দ্ৰ কৰি সেয়া আছিল মোৰ দ্বিতীয়টো শপত৷ আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই মোৰ প্ৰতিজ্ঞা সময়মতে পূৰণ কৰিব পাৰিলোঁ৷ অৰ্থাৎ, মোৰ কোঠাটোৰ নিৰ্মাণ খেলৰ আগতেই হৈ উঠিল৷ চেলেঞ্জধৰ্মী এনে কাৰ্য সম্পাদনে মোক জীয়াই থকাত উৎসাহ যোগায়, কনফিডেন্স বঢ়ায়৷ জীৱনটোৱেই এটা চেলেঞ্জ, নহয় জানো?

আপোনালোকে জানেই, ১৯৯৪চনৰ ১৭জুন তাৰিখৰ পৰা ১৭জুলাই তাৰিখলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৯খন নগৰত অৱস্থিত সুদৃশ্য খেলপথাৰসমূহত পৃথিৱীৰ ২৪টা কোৱালিফায়িং বা শ্ৰেষ্ঠ ফুটবল দলৰ মাজত ফিফাৰ তত্ত্বাৱধানত 15th FIFA World Cup আয়োজন কৰা হৈছিল৷ তেতিয়া ময়ো নিজে তৈয়াৰ কৰা দুচলীয়া টিনপাতৰ কোঠাৰ ভিতৰত আৰম্ভণিৰে পৰাই বন্ধুসকলৰ লগত বৰ আনন্দ মনেৰে মোৰ প্ৰিয় ফুটবল খেলা উপভোগ কৰি গৈছিলোঁ৷ মোৰ ধাৰণাত, খেলসমূহ চাই পাহৰি যোৱাটোৱেই শেষ কথা নহয়৷ গতিকে সেই স্মৃতি ভৱিষ্যতলৈকো সজীৱ কৰি ৰখাৰ মানসেৰে মুহূৰ্ত কিছুমান কেমেৰাত বন্দী কৰি গৈছিলোঁ৷ তেতিয়া অৱশ্যে আজিৰ দৰে ডিজিটেল কেমেৰা নাছিল৷ তৎসত্ত্বেও সেইসমূহ ধৰি ৰাখিছিলোঁ আৰু সেই ছবিবোৰ এতিয়াও সংৰক্ষণ কৰি থৈছোঁ, জীৱনৰ সমল হিচাপে৷ তাৰে কেইখনমান আপোনালোকৰ বাবে দিলোঁ৷

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগে আগে নৱনিৰ্মিত কোঠালিটো ভিতৰে-বাহিৰে বিশ্বকাপ ফুটবল সংক্রান্তীয় কাৰ্টুন, ফেষ্টুন আদিৰে সজাই-পৰাই তুলিলোঁ৷ নিজ হাতেৰেই সেইবোৰ কৰি উলিয়াইছিলোঁ৷ কষ্ট নোহোৱা নহয়, হৈছিল৷ কিন্তু সন্তুষ্টিও আছিল৷ লক্ষ্য কৰিছিলোঁ, ফুটবলে যেন সকলোৰে মনবোৰ বহলাই পেলালে! বন্ধু-বান্ধৱ সকলোৱে আনন্দ মনেৰে, সমিলমিলেৰে খেল চালে৷ ময়ো মোৰ প্ৰিয় দল জাৰ্মানীৰ প্ৰতি পূৰ্ণ ৰূপত সমৰ্থন আগ বঢ়াই লোঁ৷

বহুতেই জানে যদিও এইখিনিতে উল্লেখ কৰোঁ যে ১৯৩৮চনৰ ফ্ৰান্স বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে পূৰ্বৰ বিজয়ী পশ্চিম জাৰ্মানী ভূভাগৰ আনটো অংশ পূব জাৰ্মানীৰ সৈতে একত্ৰিত হৈ জাৰ্মানী নাম লৈ সেইবাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল৷ স্বাভাৱিকতেই ময়ো ভাবিলোঁ, দলটো এইবাৰ আগতকৈ অধিক শক্তিশালী বই ব৷ কিন্তু হঠাতে কি জানো, মোৰ সমৰ্থিত জাৰ্মান সংঘবদ্ধ দলটো গৈ থৈ ১০জুলাই তাৰিখে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বুলগেৰীয়াৰ হাতত -১গলত হাৰি থাকিল! ফলস্বৰূপে প্ৰতিযোগিতাৰ পৰা বাহিৰ বলগীয়া পৰিস্থিতিৰে উদ্ৰেক ল৷ ইষ্ট ৰাডাৰফৰ্ডৰ জায়েণ্ট ষ্টেডিয়ামত ৭২,০০০ দৰ্শকেৰে ঠাহ খোৱা সেইদিনাৰ খেলখনৰ প্ৰথমাৰ্ধৰ ৪৭মিনিটত লাভ কৰা পেনাল্টি এটাৰ জৰিয়তে জাৰ্মান কেপ্তেইন লোথাৰ মেথিয়াছে এটা স্ক কৰাত মোৰ দলেই প্ৰথমে অগ্ৰগতি লাভ কৰিছিল৷ সুদক্ষ লকীপাৰ অলিভাৰ কান আদি কৰি মেথিয়াছৰ নেতৃত্বত সেইবাৰ দলত আছিল ব্ৰেহমি, হেছলাৰ, মূলাৰ, বুছৱাল্ড, কহলাৰ, ৱাগনাৰ, ক্লিনছমেন আদি নিৰ্ভৰযোগ্য আৰু অভিজ্ঞ অনেক -পুৰণি খেলুৱৈ৷ তৎসত্ত্বেও, ৭৫মিনিটত বুলগেৰীয়াৰ হৈ ষ্টইচকভে সমতা স্থাপন কৰি পেলালে৷ অলপ পিছতে, ৭৮মিনিটত লেট্চকভৰ জৰিয়তে জাৰ্মান বেহু ভেদ কৰি বুলগেৰীয়া দলটোৱে উপৰ্যুপৰি জাৰ্মান নেটত আৰু এগ সুমুৱালে৷ সেই মুহূৰ্তত ইলেকট্ৰিক চক্খোৱাৰ দৰেই লাগিল মোৰ৷ আৰু তাৰ পিছত? আপ্ৰাণ চেষ্টা কৰিও জাৰ্মানীৰ শেষ ৰক্ষা নহলগৈ৷ ইপিনে খেল শেষ৷ সমাপ্তিৰ দীঘলীয়া হুইচেলটো শুনাৰ লগে লগে দুহাতেৰে মুখখন ঢাকি ধৰিলোঁ বহুপৰ৷ নাজানো কিমান পৰ৷ কি হৈ এয়া! বিগত বৰ্ষত দেখোন বিশ্ব-চেম্পিয়ন আছিলোঁ আমি৷ আৰু আজি! ধিক্‌!

ভাবিব নোৱাৰা এক পৰাজয়ৰ গ্লানিত মই বৰ বেছি পৰিমাণে মৰ্মাহত লোঁ৷ বুজাব নোৱাৰাকৈ অন্তৰত দুখ লাগিল সেইদিনা৷ মানি লোৱাটো যেন টান হৈ পৰিল! এশ শতাংশই আশা কৰা জয়লাভৰ পৰিণতি দেখ দেখ পৰাজয়৷ এনেকুৱাওনো হয়নে? কল্পনা কৰিছিলোঁ, জাৰ্মানী এইবাৰ নিৰ্ঘাত বিশ্বকাপ বিজয়ী ব৷ সেয়ে লে চেলিব্ৰেট কৰিম বুলি কলিকতা (আজিকালি কলকাতা) পৰা হেঁপাহেৰে Passport Scotch বটল এটা কিনি আনি থৈছিলোঁ৷ কিন্তু সেই আশাত চেঁচাপানী ঢালি মোৰ দলটোৱে বিদায় লে কোৱাৰ্টাৰ ফাইনেলতে৷

মনৰ দুখতে পিছদিনা অৰ্থাৎ ১১..১৯৯৪ তাৰিখে বটলটো উলিয়ালোঁ৷ চালোঁ, কি কৰা যায়? এক মুহূৰ্ত ভাবিলোঁ৷ তাৰ পিছত চিপ্ৰাংডাল লৈ ঘৰৰ চৌহদৰ ফুলনিখনত সোমাই পৰিলোঁ৷ আৰু চাবলৈ নাই৷ নিজেই গাঁত এটা খন্দাত লাগি লোঁ৷ আৰু বটলটো মাটিৰ তলত পুতি পেলালোঁ৷ আশা পূৰণ কৰিব নোৱাৰাৰ দুখত হেঁপাহৰ বস্তুটোক মই নিজ হাতে কবৰ দি দিলোঁ৷ তাৰ লগে লগে মই দৃঢ় সংকল্প লোঁ যে যিদিনাখন জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে ৰ্ল্ড চেম্পিয়নৰ খিতাপ অৰ্জন কৰিব সেইদিনাহে এই বটলটো খান্দি উলিওৱা ব৷ তাৰ আগলৈকে এইটো এটা ৰহস্য হৈয়ে থাকিব৷ কোনেও গম নাপাব, কত শুই আছে মোৰ হেঁপাহ, মোৰ আশা৷

বহুতে জানিছে বা শুনিছে, মই এটা মদৰ বটল মাটিত পুতি থোৱা বুলি৷ কিন্তু বহুতে নাজানে ইয়াৰ অন্তৰালৰ সত্য কাহিনী৷ সুযোগ পাই আপোনালোকক জনালোঁ৷ আনহাতে এতিয়া যদি হিচাপ কৰি চায়, তেনেহলে সহজেই ওলাই পৰিব যে ইতিমধ্যে এই Scotch বটলটোৱে মাটিৰ তলত সম্পূৰ্ণ ১৮টা বছৰ নিঃশব্দে অতিক্রম কৰিছে৷ তাৰ মানে মোৰ জাৰ্মানীও তেতিয়াৰ পৰা এতিয়ালৈ বিশ্ববিজয়ী পৰা নাই৷ আৰু ময়ো মোৰ প্ৰতিজ্ঞা ভংগ কৰা নাই৷ নকৰোঁ

অৱশেষত Pasadena Rose Bowl Stadium USA 1994 ফাইনেলৰ নিৰ্ধাৰিত সময়ত হোৱা লশূন্য খেলখনত ব্ৰাংক, বেবেট, ডুংগা, চান্তোচ, ৰোনাল্ড আদিৰে পুষ্ট ব্ৰাজিলে ইটালীক Penalty shoot-out জৰিয়তে -২গলৰ ব্যৱধানত পৰাজিত কৰি USA 1994 World Cup চেম্পিয়ন হোৱাৰ লগতে বিশ্বকাপ বিজয়ীৰ খিতাপ চতুৰ্থবাৰৰ বাবে অৰ্জন কৰিবলৈ সক্ষম হয়৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈ ব্ৰাজিলৰ ৰোমাৰিঅ ল্ডেন বল লাভ কৰিলে৷ ল্ডাৰ জাৰ্মানীৰ দশা তেনেকুৱা হোৱাটোৱে মোক বৰ কষ্ট দিলে৷ তথাপি ব্যথাভৰা মনেৰেই এইবাৰ মই প্ৰতিজ্ঞা কৰিলোঁ, পৰৱৰ্তী France 1998 World Cup আগতে নিজৰ এখন গাড়ী কিনিম৷ গাড়ী কিনাটো নিশ্চয় মোৰ বাবে মামূলি কথা নহয়৷ তৎসত্ত্বেও লক্ষ্য সন্মুখত ৰাখি মই আগন্তুক দিনবোৰত কাম কৰি যাম৷

স্পৰ্টচ মেগাজিন মই ভাল পাওঁ৷ খেল চলি থকাৰ সময়ত ক্রীড়া আলোচনী কিছুমান সেইবাৰো সংগ্ৰহ কৰিছিলোঁ৷ সেইবোৰৰ পৰা ছবিসমূহ কাটি উলিয়ালোঁ৷ গোটেইখিনি সজাই পৰাই নিজ হাতে ৪ফুট x ৩ফুট চাইজৰ দ্বিতীয় এখন World Cup Poster তৈয়াৰ কৰিলোঁ USA 1994 স্মৃতি জীয়াই ৰখাৰ মানসেৰে৷ সেই Posterখন আজিও চাব পৰাকৈ মোৰ ঘৰত দেৱালত ওলোমাই থোৱা অৱস্থাত আছে৷

অনিচ্ছাসত্ত্বেও কথাবোৰ দীঘলীয়া হৈ থাকিল৷ আপোনালোকৰ পৰা বেছি সময় লোৱাৰ বাবে দুঃখিত৷ আজিলৈ ইমানতে সামৰোঁ৷ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ৷ অহা ৩০.১২.২০১৩ তাৰিখে আপোনালোকে জানিব পাৰিব, প্ৰতিজ্ঞা কৰামতে গাড়ী এখন মোৰ কিনা লগৈনে?

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

. খেল চাবৰ বাবে নিজে তৈয়াৰ কৰা টিনপাত দিয়া কোঠালিটো... আৰু এটা প্ৰতিজ্ঞা পূৰণ

. কে কাটি বিশ্বকাপ ১৯৯৪ৰ আৰম্ভণি

. USA 1994 নিজে তৈয়াৰ কৰা Fixture

. নিজৰ কোঠালিত খেল উপভোগৰ এটা মুহূৰ্ত

. Passport Scotch খালী বাকচটো, বটলটো পুতি পেলোৱাৰ পিছত

. ৱৰ্ল্ড কাপ ষ্টাৰ... ক্রীড়া আলোচনীৰ সহায়ত তৈয়াৰ কৰা দ্বিতীয়খন লাজ

........................................................


৩০.১২.২০১৩

অনন্য এক কাহিনীফুটবলৰ...  (চাৰি)

আজি ৩০ তাৰিখ৷ পুহমহীয়া শীতৰ প্ৰকোপত আঙুলিকেইটা উলিওৱাটোৱেই টান হৈ পৰিছে৷ তথাপি মুখৰ কথা ৰাখি কাণ-মূৰ ঢাকি পুতুলদা হাজিৰ৷ বন্দুকৰ নলীৰে ওলাই যোৱা বুলেট আৰু মুখেৰে এবাৰ ওলাই যোৱা কথা... ঘূৰিযে নাহে কাহানিও!
চকীখন টানি ললে তাৰ পিছত গলহেকাৰি এটা মাৰি লৈ পুতুলদাই আৰম্ভ কৰিলে পৰৱৰ্তী খণ্ডটো৷ হাতৰ দুয়োখন তলুৱা ইখনৰ সৈতে সিখন কিছুপৰ ঘঁহি লৈ ময়ো আৰম্ভ কৰি দিলোঁ টাইপিং৷ পঢ়কচোন, কি কলে পুতুলদাই...
........................................................

আশাৰে পূৰ্ণ সেই বটলটো এইবাৰো ওলাই নাহিল

জীৱনৰ পৰা পুৰণি বছৰৰ মেলানি আৰু নতুন বছৰ এটাৰ অভিষেক... এনে এক ঐতিহাসিক সন্ধিক্ষণত আপোনালোকৰ সৈতে অসমীয়াত কথা-বতৰাত ভাগ লবলৈ পাই নিজকে সুখী আৰু সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ৷ প্ৰথমেই ইংৰাজী নৱবৰ্ষ ২০১৪ৰ আন্তৰিক শ্ৰদ্ধা, স্নেহ আৰু শুভেচ্ছা জনাইছোঁ, সকলোজনলৈকে৷ সুস্বাস্থ্য কামনাৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ, প্ৰতিজনৰে বাবে৷

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খেল ফুটবলৰ শ্ৰেষ্ঠত্বৰ মহাৰণ বিশ্বকাপক লৈ ১৯৮৬চনৰে পৰাই মই একোটা প্ৰতিজ্ঞা কৰি আহিছোঁ৷ সেই বিষয়ে আপোনালোকে ইতিমধ্যে জানিছেই৷ USA 1994ৰ শেষত সংকল্প আছিল যে France 1998 World Cupৰ আগতে নিজাববীয়াকৈ এখন গাড়ী কিনিম৷ গাড়ী এখনৰ মোৰ প্ৰয়োজন হৈ পৰিছে৷ এতিয়া সুযোগ পাই আপোনালোকক কওঁ যে চতুৰ্থবাৰৰ উক্ত শপত-বাক্যৰ সন্মান মই ঠিক ঠিক ৰক্ষা কৰিব পাৰিলোঁ৷ মাৰুতী ৮০০ এখন কিনা হল, ১৯৯৬ত৷ সেই একমাত্ৰ গাড়ীখনকে আজিও মই চলাই আছোঁ৷ ৰদ-বৰষুণ, বতাহ-ধুমুহা নেওচি৷ ব্যক্তিগতই হওক, ৰাজহুৱাই হওক, কাম-কাজত দিহিঙে-দিপাঙে দৌৰিবৰ বাবে সেইখনেই মোৰ একমাত্ৰ সাৰথি৷ চাওঁতে চাওঁতে সেইখনৰো বয়স প্ৰায় ১৭-১৮বছৰেই হলহি! গাড়ীখনৰ ৰেজিষ্ট্ৰেচন নম্বৰ AS 09 3116৷ ৰং বগা৷ পিছফালৰ আইনাখনত জাৰ্মান দেশৰ চিহ্ন এটা আছে৷ আগতে সেইটো ঘূৰণীয়া আছিল৷ জাৰ্মানীৰ মই সমৰ্থক বাবেই কথাটো তেনেকুৱা৷ সেয়াই হয়তো বিশেষত্ব৷ তেনেকুৱা চিহ্ন অঁকা শুধ বগা পুৰণি মাৰুতী ৮০০ আপোনাৰ চকুত কেতিয়াবা কৰবাত পৰিলে জানিব, নিশ্চয়কৈ সেইখনেই মোৰ বাহন৷ ময়ো তাৰ ওচৰে-পাজৰেই কিবা কামত ব্যস্ত থাকিম৷ দেখা পালে অনুগ্ৰহ কৰি মাত এষাৰ দিব দেই৷ মই মোৰ সোঁহাতখন এতিয়াই আপোনালৈ আগুৱাই থৈছোঁ৷ বেলেগ একো ভাবিব নালাগে৷ ফুটবলক ভাল পোৱা মই সাধাৰণ এজন মানুহহে মাত্ৰ৷

বিগত বিশ্বকাপত মুখ ঠেকেচা খাইছিলোঁ৷ বেচ মনত আছে৷ কিন্তু খেলতযে জয়-পৰাজয় থাকেই৷ গতিকে সেইবোৰ পাহৰি ফ্ৰান্সলৈ মনত বল বান্ধি ওলালোঁ, এটা নতুন আশাৰে৷ হয়, জাৰ্মানীৰ সপক্ষেই৷ বিভিন্ন কাৰুকাৰ্যৰ কাৰ্টুন, ফেষ্টুনৰ উপৰি গ্ল চাইনবৰ্ড এখনো সেইবাৰ নিজ হাতে প্ৰস্তুত কৰি পেলালোঁ৷ ফুটবল-উৎসৱটিৰ বাবে ঘৰখন সজাই-পৰাই তোলাই উদ্দেশ্য৷ আন আন বাৰৰ দৰে বন্ধুসকল আহিল৷ লগতে আন বিভিন্নজন৷ পৰিচিত-অপৰিচিত৷ কোনো কোনোজন বয়োজ্যেষ্ঠ৷ কনিষ্ঠ কোনো কোনো৷ সকলোৱে ফুটবলক প্ৰাণেৰে ভাল পায়৷ ভাল লাগে এই কথাটো৷ দৰ্শকসকলৰ মাজত বিশিষ্ট ব্যক্তিৰ উপস্থিতি মোৰ বাবে আন এটা আনন্দদায়ক কথা আছিল৷ ফটোত দেখা তাৰে কোনোবাজনক আপোনালোকে হয়তো চিনি পাব৷ ফুটবল আৰু মানুহৰ জীৱন বহুতো কথাত মিলে, নহয়নে? সেয়েহে বয়সৰ প্ৰভেদ বাদ দি সকলোৱে সমিলমিলেৰে খেলসমূহ উপভোগ কৰাত ধৰিলোঁ৷ ফটোগ্ৰাফ সংৰক্ষণ কৰাটো মোৰ আকৌ অন্যতম পুৰণি এটা চখ৷ গতিকে মাজে-মধ্যে দৰকাৰী মুহূৰ্ত কিছুমানো ক্লিক্‌ কৰি গলোঁ, কেমেৰা এটা লগত ৰাখি৷ সেই দেখিহে এতিয়া আপোনালোককো সীমিতসংখ্যক কেইখনমান দেখুৱাব পাৰিছোঁ৷

প্ৰতিযোগিতা আৰম্ভ হল ১০জুন তাৰিখে৷ ব্ৰাজিল আৰু স্কটলেণ্ডৰ খেলেৰে৷ উল্লেখযোগ্য যে সেইবাৰ মুঠ প্ৰতিযোগী দল আছিল ৩২টা৷ আগৰ ২৪টাৰ ঠাইত ৩২টালৈ বাঢ়িছে, ফিফাৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে৷ তাৰ মানে আৰু ৮টা দল বা ৮খন দেশে নিজৰ ক্রীড়া-নৈপুণ্য প্ৰদৰ্শন কৰাৰ নতুনকৈ সুযোগ পাইছে৷ পিচে আমাৰ দেশখনে কোৱালিফাই কৰিব নোৱাৰাটোৱেহে মনত বৰ বেজাৰ লগায়৷ খঙো উঠে কেতিয়াবা৷ ইমান মানুহ, অথচ ফুটবল বিশ্বযুদ্ধলৈ দৰকাৰী ১১জন নাই! এনেকৈ হয় নেকি? ইয়াৰ কাৰণ বিচাৰিব লাগে৷ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিব লাগে৷ ফুটবলৰ উন্নয়ন হব লাগে পৃথিৱীৰ সমকক্ষভাৱে৷

মোৰ দল জাৰ্মানী সেইবাৰ গ্ৰুপ এফত৷ লগত অৱস্থান কৰিছে যুগোশ্লাভিয়া, ইৰাণ আৰু ইউ.এছ.এ.ই৷ Juergen Klinsmann নেতৃত্বাধীন দলটোত সেইবাৰ প্ৰবীণ খেলুৱৈ Lothar Matthaeus, Thomas Haessler, Juergen Kohler, Andreas Moeller আদি আছিল৷ লগত আছিল Oliver Bierhoff, Markus Babbel আদি তুলনামূলকভাৱে নবীন আৰু প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ৷ যুগোশ্লাভিয়াৰ সৈতে সমান সমান ৭ পইণ্ট লৈ গ্ৰুপৰ পৰা ৰাউণ্ড অব ছিক্সটিনত ভবামতেই দলটোৱে নিজৰ প্ৰৱেশ ঘটালে৷ তাৰ পিছত আহিল দ্বিতীয় ৰাউণ্ডৰ নক-আউট খেল৷ সেইখনত প্ৰথমতে নিজে এগল খাই থাকিও পিছত বিপক্ষ মেক্সিকোৰ নেটত দুগল সুমুৱাই হৰুৱালে৷ উপনীত হল কোৱাৰ্টাৰ ফাইনেলত৷ কিন্তু পুনৰ সেই অশোভনীয়, অপ্ৰত্যাশিত দিনটো উপস্থিত! কোৱাৰ্টাৰ ফাইনেলত ক্রৱেচিয়াৰ হাতত ৪.৭.১৯৯৮ তাৰিখে জাৰ্মানী বিধ্বস্ত হল ৩-০গলত৷ ভাবিবলৈকোযে টান! ক্রৱেচিয়াৰ Robert Jarni, Goran Vlaovic, Davor Sukerক সেইদিনা ৰোধিবলৈ যেন অক্ষম হৈ পৰিল মোৰ দল জাৰ্মানী৷ আশাত চেঁচাপানী ঢালি বিশ্বকাপৰ পৰা সেইবাৰলৈ মেলানি মাগিলে দলটোৱে৷ স্বাভাৱিকতে পুনৰ এক লজ্জাজনক সময় আহি পৰিল মোৰ বাবে৷ ১৯৯৪তে কবৰ দিয়া Passport Scotchৰ বটলটোলৈ মনত পৰি দুচকু সেমেকি উঠিল৷ সি এইবাৰ ওলাই নাহিল! বিপৰীতে আৰু ৪টা বছৰৰ বাবে আত্মগোপন কৰিব লাগিল মাটিৰ তলতে৷

বুজোঁতাই বুজে, প্ৰতিযোগিতাত নিজৰ সমৰ্থিত দলটোৰ অনুপস্থিতি কিমানযে অসহনীয়! মোৰো অনুভূতি বেলেগ নহয়৷ তৎসত্ত্বেও ধৈৰ্য ধৰি বাকী খেলসমূহ উপভোগ কৰি গলোঁ ৰাইজৰ সৈতে৷ আশাক ভৱিষ্যতলৈ ঠেলি দিলোঁ, পুনৰবাৰ৷ অৱশেষত ১২জুলাই তাৰিখে Parisৰ Stade de France Stadiumত চূড়ান্ত খেলখন অনুষ্ঠিত হল৷ ঘৰুৱা দল Didier Claude Deschampsৰ ফ্ৰান্সে Carlos Caetano Bledorn Verri (Dunga)ৰ ব্ৰাজিলক ৩-০গলৰ পৰিষ্কাৰ ব্যৱধানত ধৰাশায়ী কৰি 16th FIFA World Cupৰ চেম্পিয়নশ্বিপৰ খিতাপ পোনপ্ৰথমবাৰৰ বাবে অৰ্জন কৰিলে৷

খেলৰ মাজৰ দিনবোৰতে এদিন চিন্তা কৰিছিলোঁ, মাহজুৰি ইমানবোৰ মানুহে মোৰ ঘৰত খেল চাইছেহি৷ ফাইনেলৰ বাবে ভিতৰত ঠাইৰ নাটনিয়ে হৈ পৰিছে৷ সেই হেতুকে বাহিৰত ব্যৱস্থা কৰিব লগা হৈছে৷ ফাইনেলৰ অন্তত আমাৰ দৰ্শকসকলৰ বাবেও কিবা এটা কৰা যাওক৷ বিশ্বকাপৰ স্মৃতিচিহ্ন হিচাপে যাতে সকলোৱে সৰু হলেও কিবা এটা নিজৰ ঘৰলৈ লৈ যাব পাৰে, তাকে ভাবি উপস্থিতসকলৰ মাজত লৰালৰিকৈ লটাৰী খেল এখনৰ আয়োজন কৰি পেলালোঁ ফাইনেলৰ পিছতে৷ সেই ধাৰা আজিও অব্যাহত আছে৷

আগতে প্ৰত্যেকবাৰে কৰি অহাৰ দৰে বিশ্বকাপৰ অন্তত এইবাৰ মই প্ৰতিজ্ঞা কৰিলোঁ... পৰৱৰ্তী Korea-Japan 2002 ৱৰ্ল্ড কাপৰ আগতে এটা নতুন ঘৰ কৰিম৷ এইবাৰো ক্রীড়া আলোচনীৰ সহায়ত পষ্টাৰ এখন তৈয়াৰ কৰিলোঁ৷ ৪ফুট x ৩ফুট জোখৰে৷ সেইখন মোৰ তৃতীয়খন World Cup পষ্টাৰ৷ তাক এতিয়াও সযতনে সংৰক্ষণ কৰি ৰাখিছোঁ৷ সেইবোৰেই মোক লৈ যায় ১৯৯৮চনলৈ আৰু মুহূৰ্তবোৰ চকুৰ আগত ভাহি উঠে৷ সেই সোঁৱৰণিৰে প্ৰকাশ আজি এয়া, আপোনালোকৰ আগত৷

বহুত সময় ললোঁ চাগৈ৷ অহা বছৰ আকৌ লগ পাম৷ কুশলে থাকিব৷ নতুন বছৰত প্ৰত্যেকেই নতুন উৎসাহেৰে জীৱনৰ বাটত সাহসেৰে আগুৱাই যাব বুলি আশা কৰিলোঁ৷ ১০জানুৱাৰীত মই জনাম... মোৰ আশাৰ ঘৰটোৰ কি হল, মোৰ দল জাৰ্মানীৰ কি হল?

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. জাৰ্মান দেশৰ চিহ্নসহ মাৰুতী ৮০০ গাড়ীখন... আৰু এটা প্ৰতিজ্ঞা পূৰণ

২. France 1998ৰ আগজাননী হিচাপে ঘৰত ওলমোৱা সৰু Glow Signboardখন

৩. ঘৰত কেক কাটি বিশ্বকাপ ১৯৯৮ৰ শুভাৰম্ভ

৪. France 1998ৰ বাবে তৈয়াৰ কৰা Table Fixture

৫. কোঠালিৰ ভিতৰত খেল উপভোগৰ এটা মুহূৰ্ত

৬. কোঠালিত খেল উপভোগৰ আন এদিনৰ এটা মুহূৰ্ত

৭. কোঠালিৰ বাহিৰত মুকলিত ফাইনেল খেল

৮. ফাইনেল খেলৰ পিছত অনুষ্ঠিত কৰা লটাৰী খেলৰ দৃশ্য

৯. ৱৰ্ল্ড কাপ পষ্টাৰ ক্রীড়া আলোচনীৰ সহায়ত তৈয়াৰ কৰা তৃতীয়খন কলাজ

........................................................


১০..২০১

অনন্য এক কাহিনীফুটবলৰ...  (পাঁচ)

নতুন কেলেণ্ডাৰখনৰ আজি প্ৰথমটো ১০ তাৰিখ৷ কেতিয়াও প্ৰকাশ নকৰা নতুন কথা কিছুমানেৰে অন্তৰখন ভৰাই সময়মতে পুতুলদাৰ প্ৰৱেশ৷ কব ধৰিলে, এনেকৈ
........................................................

প্ৰত্যেকটো বিশ্বকাপত প্ৰতিজ্ঞা কৰাৰ দৰে সেইবাৰ মই মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ বাজী মাৰি দিলোঁ

Korea-Japan 2002 World Cupৰ আগতে এটা নতুন ঘৰ কৰিম৷ ঈশ্বৰক ধন্যবাদ৷ ফ্ৰান্স বিশ্বকাপৰ সময়তে কৰা পঞ্চমবাৰৰ উক্ত প্ৰতিজ্ঞাও ৰক্ষা কৰিবলৈ সমৰ্থ হলোঁ৷ ঘৰে-মাটিয়ে প্লট এটা পাই কিনি পেলালোঁ৷ আমাৰ ঠাইখন পাহাৰীয়া যদিও এই ঘৰটোৰ সন্মুখৰ ভাগ সমান আৰু মুকলি৷ সন্মুখেৰে মূলপথ সংযোগী এটা উপপথ৷ সিপাৰে পুলিচ ৰিজাৰ্ভ৷ ঘৰ বুলিলে মোৰ মনটোৱে কল্পনা কৰা পদূলি, চোতাল, গোহালি, ফুলনি, শাকনি, খেল-ধেমালি কৰা ঠাই সকলোফালৰ পৰাই দেখোন প্লটটো উপযোগী৷ তাৰোপৰি দেখিলোঁ, ইয়াত মোৰ আয়োজন স্বাভাৱিকতে আগতকৈ জোৰদাৰ হব৷ নতুন ৰূপত আগ বঢ়াই নিব পাৰিম মোৰ আয়োজন৷ সেয়ে লৈ ললোঁ৷

মে মাহৰ ৩১ তাৰিখৰ পৰা জুন মাহৰ ৩০ তাৰিখলৈ কোৰিয়া আৰু জাপান, এই দুয়ো দেশৰ যুটীয়া উদ্যোগত বিশ্বকাপৰ খেলসমূহ চলিব ধৰিলে৷ ৩২টা জাতীয় দল, ২০খন পথাৰ৷ আপোনালোকেও জানে চাগৈ, সেইবাৰেই পোনপ্ৰথমবাৰলৈ এচিয়া মহাদেশত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷ পূৰ্বৰ বিজয়ী ফ্ৰান্স আৰু সহ-আয়োজক হিচাপে দক্ষিণ কোৰিয়া আৰু জাপানক মূল প্ৰতিযোগিতাত পোনপটীয়াভাৱে স্থান দিয়া হৈছিল৷ বাকী ২৯টা স্থানৰ বাবে qualify কৰিবলৈ বিশ্বৰ ১৯৯টা জাতীয় দলে আগতীয়াকৈ মূল প্ৰতিযোগিতাৰ বাহিৰত তুমুল প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হব লগা হৈছিল৷ ফুটবলৰ এই মহাৰণত নিজ দেশৰ অংশ গ্ৰহণ কিমান গুৰুত্বপূৰ্ণ, কিমান সন্মানৰ প্ৰশ্ন, তাৰ পৰাই সহজে বুজিব পাৰি৷

ইফালে এমাহজোৰা উৎসৱটোৰ বাবে মই মোৰ নিয়মীয়া আয়োজনখিনিও সময়মতে সম্পন্ন কৰি গলোঁ৷ আনবাৰৰ দৰে পষ্টাৰ, ফেষ্টুন প্ৰস্তুত কৰিলোঁ৷ ১৯৯০ৰ পৰাই একাদিক্রমে কৰি অহাৰ দৰে বিশ্বকাপৰ সময়ত পিন্ধিবৰ বাবে ষ্টেনচিল কাটি নিজৰ গেঞ্জীত বিশ্বকাপৰ চিহ্ন আঁকিলোঁ৷ কষ্টকৰ কাম যদিও সেইবাৰ বন্ধু প্ৰদীপ সিংহলৈও উপহাৰ হিচাপে এটা তৈয়াৰ কৰিছিলোঁ৷ ১৯৮৬ত বোকাজানত খুৰাৰ ঘৰত পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খেল চাবলৈ যাওঁতে সি মোৰ সংগী আছিল৷

আগৰ কেইবাখনো বিশ্বকাপত মোৰ প্ৰিয় দল জাৰ্মানীৰ অৱস্থা শোচনীয় হৈছিল৷ কোৱাৰ্টাৰ ফাইনেলতে অপ্ৰত্যাশিতভাৱে বিদায়! তেনে আশাভংগৰ ফলশ্ৰুতিতেই চাগৈ মনটো সেইবাৰ আৰম্ভণিৰে পৰাই কিবা নিৰাশ নিৰাশ ভাব এটাই হেঁচা মাৰি ৰাখিছিল৷ তথাপিও মোৰ সমৰ্থিত দল সদায় জাৰ্মানীয়েই৷ হাৰকেই বা জিককেই৷ কাৰণটোও কৈ আহিছোঁৱেই আগতে৷

প্ৰথমৰে পৰাই বন্ধুসকলৰ লগত 17th FIFA World Cupৰ খেলসমূহ উপভোগ কৰি গলোঁ৷ কিন্তু প্ৰথম খেলতেইযে অঘটন! ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সক ১-০গলত হৰুৱালে স্বল্পখ্যাত দল চেনেগালে৷ আৰ্জেণ্টিনা, পৰ্তুগাল, ৰাছিয়া, উৰুগুৱে আদিয়েও গ্ৰুপ ষ্টেজৰ পৰাই প্ৰস্থান কৰিলে সেইবাৰ৷ মোৰ জাৰ্মানী আছিল ই-গ্ৰুপত৷ জাৰ্মানী, আয়াৰলেণ্ড, কেমেৰুণ আৰু চৌডি আৰব একেটা গ্ৰুপত৷ গ্ৰুপত শীৰ্ষস্থান লাভৰ সূত্ৰে জাৰ্মানী ৰাউণ্ড অব ছিক্সটিনলৈ উঠিল৷ দ্বিতীয় ৰাউণ্ডৰ নক আউট খেলখনত জাৰ্মানীয়ে হৰুৱালে পাৰাগুৱেক, ১-০গলত৷ তাৰ পিছত কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হল ইউ.এছ.এ.ৰ৷ ইউ.এছ.এ.কো পৰাস্ত কৰিলে, ১-০গলত৷ কৰিলে ছেমি ফাইনেলত পদাৰ্পণ৷ মুখামুখি হল ঘৰুৱা দল দক্ষিণ কোৰিয়াৰ৷ দক্ষিণ কোৰিয়াকো হৰুৱাই দিলে ১-০গলত৷ ফাইনেল পাই গল!

, কথা বিষমেই হল দেখোন! অকল মই নহওঁ, বিশ্ববাসী বেছিসংখ্যক মানুহেই ধাৰণা নকৰাকৈয়ে Korea-Japan 2002 World Cupৰ ফাইনেলত ব্ৰাজিল আৰু জাৰ্মানী মুখামুখি হল৷ মোৰ এটা সপোন আছিল, যেতিয়াৰ পৰা ৱৰ্ল্ড কাপ চাই আহিছোঁ, তেতিয়াৰ পৰাই ভাবিছিলোঁ, জাৰ্মানী কেতিয়া ব্ৰাজিলৰ মুখামুখি হব ? উত্তৰ পালোঁ এইবাৰ৷ তাতে আকৌ ফাইনেল! সঁচাকৈ, মই আনন্দত আত্মহাৰা হৈ পৰিলোঁ৷

ফাইনেল খেলৰ আগদিনা, সত্যৰ খাতিৰতে কব লাগিব, মোৰ বন্ধুবৰ্গ প্ৰদীপ সিংহ, অৰূপ কলিতা, সুধাংশু ৰঞ্জন দে আদিৰ লগত মই সুৰাপান কৰি আছিলোঁ৷ তাতো অৱশ্যে চলিছিল পিছদিনাৰ ফাইনেলখনৰে গৰম আলোচনা৷ তেনেকুৱা এটা অৱস্থাত হঠাতে মই ব্ৰাজিল আৰু জাৰ্মানীৰ মাজত যিকোনো বাজী ধৰিবলৈ ৰাজী হলোঁ৷ প্ৰত্যেকবাৰ প্ৰতিজ্ঞা কৰাৰ দৰে সেইদিনা মই মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ বাজী মাৰি দিলোঁ৷ স্বীকাৰ কৰি ললোঁ যে Yokohamaৰ International Stadiumত কাইলৈ ৩০.৬.২০০২ তাৰিখে ব্ৰাজিলৰ লগত ফাইনেলত জাৰ্মানী যদি হাৰি যায়, মই সুৰাপানৰ পৰা বিৰত থাকিম৷ যেতিয়ালৈকে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ বিজয়ীৰ খিতাপ জাৰ্মানীয়ে অৰ্জন নকৰে, তেতিয়ালৈকে মই সুৰাপান নকৰোঁ৷

প্ৰতিজ্ঞা শিৰত লৈ খেলখন চাবলৈ বহিলোঁ৷ আৰু অৱশেষত! ব্ৰাজিলে জাৰ্মানীক ২-০ গলত হৰুৱাই পঞ্চমবাৰৰ বাবে বিশ্বকাপ বিজয়ীৰ খিতাপ অৰ্জন কৰিলে৷ মোৰ সকলো সপোন ভাগি-ছিগি চূৰমাৰ হৈ গল৷ ভৰিৰ তলৰ পৰা যেন পৃথিৱীখনেই নাইকিয়া হৈ গল! তেনে লাগিল৷

জাৰ্মানীৰ কেপ্টেইন, গলকীপাৰ অলিভাৰ কানৰ অক্লান্ত প্ৰচেষ্টাতে জাৰ্মানীয়ে সেইবাৰ বিশ্বকাপত ফাইনেল পৰ্যন্ত আগুৱাবলৈ সক্ষম হৈছিল৷ আনহাতে মোৰ মনত এটা দুখ থাকি গল যে ব্ৰাজিলৰ ৰনালডিনহোৱে ইংলেণ্ডৰ সৈতে খেলা ছেমি-ফাইনেলত ৰঙা কাৰ্ড পোৱা সত্ত্বেও ফিফাৰ সিদ্ধান্ত মৰ্মে পিছৰ খেলখন অৰ্থাৎ ফাইনেলত খেলিবলৈ সুযোগ পাইছিল৷ নহলেবা ফাইনেলত ৰনাল্ডই দিয়া দুগলেৰে মোৰ দল পৰাস্ত নহলহেঁতেন৷ সেই গল দুটাত ৰনালডিনহোৰ অৱদান আছিল৷

যি কি নহওক, পৰাজয় নতশিৰে স্বীকাৰ কৰি ললোঁ৷ সেইদিনাখনৰ পৰাই মই সুৰাপান কৰাৰ পৰা বিৰত আছোঁ৷ আজিও মই প্ৰতিজ্ঞাবদ্ধ যে তেতিয়ালৈকে মই সুৰাপানৰ পৰা বিৰত থাকিম যেতিয়ালৈকে জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্ববিজয়ীৰ খিতাপ অৰ্জন নকৰে৷ Passport Scotchৰ বাকচটোৰ ছবিখন ইতিমধ্যে দেখি বহুতেই হয়তো ভাবি থাকিব পাৰে, মই মদ্যপানত গভীৰভাৱে আসক্ত বুলি৷ অবিশ্বাস্য হলেও পিছে সত্য এইটোহে যে সুৰাপানৰ পৰা সম্পূৰ্ণ বিৰত থাকি বৰ্তমানলৈ মই ১১বছৰ ৬মাহ ইতিমধ্যে অতিক্রম কৰিলোঁ৷

এইটো ঠিক কথা, ফুটবলেই মোৰ জীৱনলৈ এনে এক অকল্পনীয় পৰিৱৰ্তন আনিলে৷ যাৰ কাৰণে মোৰ সংসাৰখনৰ সকলো সদস্যই আজি ভীষণ সুখী৷ আনকি মোৰ সন্দেহ হয়, মোৰ পৰিবাৰে হয়তো ৰাইজক দেখুৱাই জাৰ্মানীক সমৰ্থন কৰিলেও, জাৰ্মানীয়ে বিশ্বকাপ জিকক বুলি মুখেৰে কলেও, পেটে পেটে কিজানি ভাবে যে জাৰ্মানী আৰু দুটামান বিশ্বকাপৰ পিছতহে চেম্পিয়ন হওক, এতিয়াই নহয়৷ কাৰণটো বুজিছে চাগৈ৷

আনহাতে জাৰ্মানীক যিদিনা ব্ৰাজিলে ফাইনেলত হৰুৱালে সেইদিনাখনৰ পৰা মই নিতৌ ঈশ্বৰৰ ওচৰত মনে মনে এবাৰ হলেও প্ৰাৰ্থনা কৰি আহিছোঁ যে বিশ্বকাপটো যেন জাৰ্মানীৰ হাতত আকৌ এবাৰলৈ তুলি দিয়ে৷

এৰি অহা মুহূৰ্তবোৰৰ ফটোগ্ৰাফ আনকেইবাৰৰ দৰে সেইবাৰো সংগ্ৰহ কৰিলোঁ৷ লগতে ক্রীড়া আলোচনীৰ সহায়ত ৪ফুট x ৩ফুট আকাৰৰ চতুৰ্থ তথা অন্তিমখন World Cup Poster নিৰ্মাণ কৰিলোঁ৷ সেইখন দেখিলে এতিয়া ২০০২ৰ সেই বিশেষ মুহূৰ্তটোলৈ মোৰ মনত পৰে৷ দৃঢ়প্ৰতিজ্ঞ হৈ পৰোঁ, পুনৰবাৰ৷

দৰ্শকৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি দুখন খেলৰ মাজৰ অৱসৰৰ সময়খিনিত ২০০২ৰ বিশ্বকাপৰ সময়ছোৱাত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল হাউচি খেলৰ৷ আনহাতে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সেইবাৰো লটাৰী খেল এখন পাতিলোঁ৷ এমাহ ধৰি সকলোৱে একেলগে বিশ্বকাপৰ খেল চোৱাৰ স্মৃতি বা প্ৰাপ্তি হিচাপে আয়োজন কৰা উক্ত লটাৰীত লাভ কৰা পুৰস্কাৰসমূহ কোনো কোনোজনৰ ঘৰত আজিও দেখা পাওঁ৷ সেইবোৰে এৰি অহা বিশ্বকাপবোৰলৈ মনত পেলাই দিয়ে৷ আৰু সেই লটাৰীয়েই সময়ৰ গতিৰ লগত গতি মিলাই আজি এক বৃহৎ ৰূপ ধাৰণ কৰিছে৷

সকলোৰে কুশল কামনা কৰিলোঁ৷ সন্মুখত আমাৰ আদৰৰ ভোগালী বিহু৷ এই উপলক্ষ্যত অসমীয়াত কথা-বতৰাৰ প্ৰতিগৰাকী সদস্য বন্ধুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ অহা ২০ তাৰিখে আপোনালোকক জনাম, কিদৰে মোৰ আয়োজন কোঠাৰ পৰা চোতাল পালেগৈ৷ ২০০৬চনৰ বিশ্বকাপ, তাতে আকৌ জাৰ্মানীত!

আজিলৈ এৰোঁ৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. পঞ্চমবাৰৰ প্ৰতিজ্ঞা ৰক্ষা ঘৰে-মাটিয়ে...

২. ২০০২ৰ কোৰিয়া-জাপান বিশ্বকাপৰ আৰম্ভণিৰ দিনা, মোৰ ঘৰত

৩. ১৯৯০চনৰ পৰা আৰম্ভ কৰি ২০০২লৈ নিজ হাতে বিশ্বকাপৰ চিহ্ন আঁকি খেলৰ সময়ত পিন্ধিবৰ বাবে সাজু কৰা গেঞ্জীকেইটা

৪. কোঠাৰ ভিতৰত ২০০২ বিশ্বকাপৰ খেল উপভোগৰ দৃশ্য

৫. ২০০২ বিশ্বকাপৰ খেল উপভোগত বিশিষ্ট ব্যক্তিৰ উপস্থিতি

৬. দুখন খেলৰ মাজৰ সময়খিনিত অনুষ্ঠিত কৰা হাউচি খেলা

৭. মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ বাজী মৰাৰ সময়ত সাক্ষী থকা বন্ধুসকল

৮. লটাৰী খেলৰ এটা মুহূৰ্ত

৯. চতুৰ্থ তথা অন্তিমখন World Cup Poster

........................................................


২০..২০১

অনন্য এক কাহিনীফুটবলৰ...  (ছয়)

কালি পুৱাই ফোনকল এটা আহিল মোলৈ, পুতুলদাৰ পৰা৷ মই ইপিনে ডিফুৰ পৰা বাহিৰলৈ যাবলগীয়া হৈছিল, বিশেষ দৰকাৰ এটাত৷ সন্ধিয়া ঘূৰি আহিহে কল-বেক কৰিলোঁ দাদা, আপুনি ৰাতিপুৱা ফোন কৰিছিল, পিচে…’ সিফালৰ পৰা পুতুলদাৰ মাত ভাহি আহিল... নহয়হে, মই আজি ২০ তাৰিখ বুলি ভাবিছিলোঁ৷ পিছতহে খেয়াল হল, ২০ তাৰিখ কাইলৈহে৷ মই হাঁহিলোঁ৷ আৰু ভাবিলোঁ, কিমানযে হেঁপাহ জাৰ্মানী-বলিয়া এই মানুহটোৰ! অকবৰ ৰাইজক ফুটবলৰ অনন্য কাহিনী শুনাবলৈ৷ সেয়ে পুৱা (আজি) আহিবলৈ অনুৰোধ জনালোঁ৷ চাটাৰখনো আজি পুৱা আগতীয়াকৈ দাঙি ৰাখিলোঁ৷ এয়া পুতুলদা আহিছে৷ কি কয় শুনকচোন...
........................................................

কোঠাৰ ভিতৰৰ পৰা মুক্তাংগনলৈ... মোৰ আয়োজন

ষষ্ঠবাৰৰ প্ৰতিজ্ঞা ৰক্ষা কৰি সুৰাপানৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকি একে লেথাৰিয়ে ৪টা বছৰ পাৰ কৰি দিলোঁ৷ তাৰ জৰিয়তে স্থানীয় ৰাইজৰ ওচৰত প্ৰমাণ কৰিবলৈ সক্ষম হলোঁ যে মই জাৰ্মানীক কিমান ভাল পাওঁ, আৰু জাৰ্মানীৰ কাৰণে কি কৰিব পাৰোঁ৷ মইযে এজন Diehard German Fan, সেই ভাবমূৰ্তি মোৰ বোধেৰে নিশ্চয় পৰিষ্কাৰ ৰূপত ধৰি ৰাখিবলৈ সমৰ্থ হলোঁ৷

8th FIFA World Cup চমু চাপি আহিল, চাৰিটা বছৰৰ অন্তৰত৷ ৯জুনৰ পৰা ৯জুলাই ২০০৬লৈ৷ লক্ষ্যণীয় এইটোৱেই যে সেইবাৰৰ বিশ্বকাপ মোৰ সমৰ্থিত দেশ জাৰ্মানীত৷ ঘৰুৱা দল, ঘৰুৱা খেলপথাৰ, ঘৰুৱা দৰ্শক৷ গতিকে আশা অনেক৷ আৰু আশাৰ নাগপাশত বন্দী হৈ ময়ো নতুন সাহ-উৎসাহেৰে, নতুন চিন্তা-ভাবনাৰে আয়োজনত হাত দিলোঁ, বেচ আগতীয়াকৈ৷

সেইবাৰ অলপ বেলেগ ধৰণে ভাবিলোঁ৷ প্ৰথম কথা, বিগত বিশ্বকাপৰ খেলাবোৰ মোৰ ঘৰৰ কোঠাৰ ভিতৰত সীমাবদ্ধ এলেকাত উপভোগ কৰি আহিছিলোঁ৷ গতিকে স্থিৰ সিদ্ধান্ত ললোঁ যে এইবাৰ সেইটো নকৰোঁ৷ এইবাৰ সকলোৰে সুবিধা হোৱাকৈ, একেলগে ২০০ মানুহে বহি আৰামত খেল চাব পৰাকৈ ঘৰৰ সন্মুখৰ চোতালখনত পাতিম৷ এটা নহয়, দুটা টিভিৰ ব্যৱস্থা কৰিম৷ কাৰো বাবে কোনো বাধা নাথাকিব৷ ফুটবল যি ভাল পায় তেওঁ নিজমনে আহিব, হেঁপাহ পলুৱাই খেলা চাব, এচেৰেঙা আনন্দ অন্তৰত লৈ গুচি যাব৷ ফুটবলৰ দুনীয়াত এইযে ৯০মিনিট ধৰি কোনোবাই বিচৰণ কৰিব, সেয়া হয়তো কাৰোবাৰ জীৱনলৈও মনত থাকি যাব, অমল ৰূপত৷ তেনেকৈয়ে ভাবিলোঁ৷

দ্বিতীয়তে, যোগদানকাৰী দেশ ৩২খনৰ জাতীয় পতাকাসমূহ যোগাৰ কৰা হল৷ ঘৰৰ চৌপাশে সেইসমূহ স্থাপন কৰি দিলোঁ৷ লগতে কাৰ্টুন, ফেষ্টুন আদিও আঁকিলোঁ৷ সকলোবোৰ সজাই-পৰাই দিয়াত পৰিৱেশটোৱে কিবা অভূতপূৰ্ব, কিবা বেলেগ ধৰণৰ হৈ পৰিল৷ ষ্টেডিয়ামৰ আৰ্হিত কল্পনাই ঢুকি পোৱামতে কৰা এই সাজোনৰ মাজত উচ্চশিৰে উৰি ৰল মোৰ প্ৰিয় দল জাৰ্মানীৰ ধ্বজা৷ ফ্লেগখন সুদূৰ জাৰ্মানীৰ পৰা আনি দিছিল মোৰ নগা বন্ধু এম. জমিৰে, উপহাৰ স্বৰূপে৷

জাৰ্মানী বিশ্বকাপ ২০০৬ৰ শুভাৰম্ভৰ সূত্ৰে ফ্লেগ অফ্‌ কৰি অভ্যাগতলৈ সম্ভাষণ জনালোঁ৷ বন্ধুসকলৰ উপস্থিতিত আৰম্ভণিৰ দিনা পূৰ্বপ্ৰচলিত নিয়মেৰে কেক্‌ এটা কটা হল৷ বিবাহৰ সুদীৰ্ঘ ১২বছৰৰ পিছত জন্মা আমাৰ একমাত্ৰ সন্তান জেইনে সেইবাৰ কেক্‌টো কাটিলে৷ তায়ো চাগৈ ফুটবল-বলিয়া দেউতাকৰ ইচ্ছাৰ কথা কিবা এটা বুজি পালে৷ উপস্থিত সকলোৱে ভাগ-বতৰা কৰি কেক খালোঁ৷ মিউনিখত খেলা উদ্বোধনী খেলত ঘৰুৱা দল জাৰ্মানীয়েও কষ্টাৰিকাক ৪-২গলত পৰাভূত কৰি বিজয়-যাত্ৰাৰ সূচনা কৰিলে৷ আৰম্ভণিৰে পৰাই ষ্টীল কেমেৰাৰ উপৰি সেইবাৰ ভিডিঅ কেমেৰা যোগে মুহূৰ্তবোৰ ভৱিষ্যতৰ কাৰণে সাঁচি থৈ গৈছিলোঁ৷ বিভিন্নজন ক্রীড়াপ্ৰেমীৰ সৈতে বহি ফিফাৰ ফিক্সাৰ অনুসৰি প্ৰত্যেকখন খেলেই উপভোগ কৰি গৈছিলোঁ, সমিলমিল আৰু ভ্ৰাতৃবৎ চেনেহ-প্ৰীতিৰে৷

এনেকৈ ক্রমান্বয়ে দিন আগুৱাই গৈ ২০০৬ৰ বিশ্বকাপে এদিন কোৱাৰ্টাৰ ফাইনেলত ভৰি দিলে৷ স্মৰ্তব্য যে গ্ৰুপৰ আন দুখন খেলত পোলেণ্ডক ১-০ আৰু ইকুৱেডৰক ৩-০ত পৰাস্ত কৰিছিল জাৰ্মানীয়ে৷ তাৰ পিছত ৰাউণ্ড অব চিক্সটিনত চুইডেনক ২-০গলত হৰুৱাই প্ৰথমেই কোৱাৰ্টাৰ ফাইনেলত সোমাল৷

তেনেকুৱাতে কাহানিও নভবা-নিচিন্তা ধৰণৰ কথা এটা হল৷ ডিফুৰ পৰা ২৭০কিলমিটাৰ নিলগৰ, আমাৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত বাস কৰা মোৰ দুজন বন্ধুৱে ফোনেৰে ঘটা সংযোগত বিশ্বকাপৰ আয়োজনৰ কথা গম পালে৷ মনৰ ইচ্ছা আৰু আকৰ্ষণক দমাব নোৱাৰি হঠাতে এদিন দুয়ো উপস্থিত হলহি মোৰ ঘৰত, বিশ্বকাপৰ খেল চাবলৈকে৷ বন্ধুদ্বয় আছিল ক্রমে জয়ন্ত শৰ্মা আৰু খগেন বুঢ়াগোহাঁই৷ আমাৰ স্থানীয় ক্রীড়ানুৰাগী ৰাইজৰ লগত দুয়ো একেলগে প্ৰাণভৰি উপভোগ কৰিলে আৰ্জেণ্টিনা আৰু জাৰ্মানীৰ মাজৰ ৩০জুনত বাৰ্লিনত অনুষ্ঠিত উত্তেজনাপূৰ্ণ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল৷ খেলখন নিৰ্ধাৰিত সময়ত ১-১গলত অমীমাংসিত হৈছিল৷ প্ৰথম গলটো অৱশ্যে আৰ্জেণ্টিনায়ে স্কৰ কৰিছিল, ৪৯মিনিটত৷ ৮০মিনিটত জাৰ্মানীৰ Miroslav Kloseএ সমতা স্থাপন কৰিলে৷ আৰু অন্তত মোৰ সমৰ্থিত দল জাৰ্মানী ৪-২গলত বিজয়ী হল, পেনাল্টী শ্বুট আউটত৷ আলহী বন্ধুৰ উপস্থিতিত নিজ দলৰ বিজয়ত স্বাভাৱিকতে মোৰ আনন্দৰ মাত্ৰাও এখোপ চৰা হল৷

পিছদিনা বন্ধুদ্বয় গুৱাহাটীলৈ ঘূৰিল৷ তেওঁলোকে মোৰ চোতালত বিশ্বকাপৰ খেল চোৱাৰ পৰিৱেশটো দেখি আনন্দিত আৰু মনে মনে অতিশয় বিস্মিতও হৈছিল৷ খগেন বুঢ়াগোহাঁই আছিল অসমৰ আগশাৰীৰ বাতৰি কাকত অসমীয়া প্ৰতিদিনৰ গৰাকী জয়ন্ত বৰুৱাৰ নিকট বন্ধু৷ দুদিন গুৱাহাটীত অনুপস্থিত থকাত বৰুৱাই তেওঁক কত গৈছিল সুধিলে৷ বুঢ়াগোহাঁয়ে জনালে : ডিফুলৈ গৈছিলোঁ, ৱৰ্ল্ডকাপ চাবলৈ৷ জয়ন্ত বৰুৱা আচৰিত হল৷ কলে : বিশ্বকাপ, আৰু ডিফুত! তেতিয়া বুঢ়াগোহাঁয়ে নিজৰ অভিজ্ঞতাৰ বৰ্ণনা শুনালে৷ কথা শুনি জয়ন্ত বৰুৱা উৎসুক হৈ পৰিল৷ তৎমুহূৰ্ততে তেওঁ অসমীয়া প্ৰতিদিনৰ ষ্টাফ ৰিপৰ্টাৰক নিৰ্দেশ দিলে যে ডিফুৰ পুতুল বৰাৰ লগত ইমিডিয়েট যোগাযোগ কৰিব লাগে৷ লগে লগে কাকতখনৰ হৈ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ পৰা মোলৈ এটা ফোনকল আহিল৷ তেওঁ মোৰ মুখৰ পৰা আয়োজন সম্পৰ্কে সবিশেষ জানিব বিচাৰিলে৷ কবলৈ গলে ফোনতেই তেওঁ মোৰ এটা সাক্ষাৎকাৰেই লৈ পেলালে৷ পত্নী গ্ৰেচীকো দুই-এটা প্ৰশ্ন সুধিলে৷ আনহাতে প্ৰয়োজন হোৱা ফটো এখন স্থানীয় সংবাদদাতাৰ জৰিয়তে তেতিয়াই যোগাৰ কৰি ললে৷পিছদিনা অৰ্থাৎ ৩.৭.২০০৬ তাৰিখে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত হেডলাইন ওলাল... ডিফুৰ পুলিচ লাইনৰ ক্ষুদ্ৰ জাৰ্মানীত উৰিছে নানাদেশী পতাকা : বিশ্বকাপত বিলীন পুতুল বৰাৰ চোতালেই এতিয়া বাৰ্লিন ষ্টেডিয়াম৷ পঢ়িবলৈ পাইছিল চাগৈ আপোনালোকেও৷ হয়তো সকলোৰে মনত নাথাকিবও পাৰে৷ কিন্তু এটা নভবা-নিচিন্তা কথাই, অন্ততঃ মোৰ দৰে সাধাৰণ লোকৰ বাবে৷ মই কৰি অহা বিশ্বকাপ ফুটবলৰ আয়োজনৰ সম্পৰ্কত প্ৰচাৰ মাধ্যমত সেয়াই আছিল প্ৰথম প্ৰকাশ৷ দীঘলীয়া লেখাটোৰ মাজেৰে বিগত ৱৰ্ল্ডকাপসমূহৰ দৰ্শনীৰ প্ৰচেষ্টা, জাৰ্মানীৰ এজন অন্ধ সমৰ্থক হিচাপে মই কেনেকৈ বন্ধুবৰ্গৰ সৈতে খেলা চাওঁ, ডিফুত থকা ফুটবল অনুৰাগীসকল, যাক মই Greater Diphu Football Fan আখ্যা দিওঁ, সেইসকলে কেনেকৈ বিশ্বকাপৰ খেলসমূহ উপভোগ কৰে, সেই কথাবোৰ আমাৰ ৰাজ্যৰ প্ৰিণ্ট মিডিয়াত পোনপ্ৰথমবাৰৰ বাবে ছপা হল৷বহুল প্ৰচাৰিত অসমীয়া দৈনিকখনৰ সিদিনাৰ সেই বাতৰিটোৰ পৰা স্বাভাৱিকতে বহুতৰে মনত কৌতূহলো বৃদ্ধি পালে৷ চিনাকি-অচিনাকি অনেকেই মোক তেতিয়া যোগাযোগ কৰিছিল৷ এইদৰে ভাবিব নোৱাৰা ধৰণে, নিজৰ অগোচৰে প্ৰচাৰ লাভ কৰাটো মোৰ বাবে বৰ আনন্দদায়ক কথাই আছিল৷ তাৰ পিছদিনা জনসাধাৰণ কাকততো লুইত পাঠকে ফুটবলৰ আগ্ৰাসী উন্মাদনাৰ প্ৰসংগত মোৰ বিষয়ে সামান্য উল্লেখ কৰিছিল৷ এই চেগতে প্ৰতিবেদক আৰু কাকত গোষ্ঠীসমূহলৈ মই কৃতজ্ঞতা জনাওঁ৷

সেইখিনিলৈকে বেচ স্ফূৰ্তিয়ে লাগি আছিল৷ পিছে! তাৰ পিছতেই দৰ্শন কৰিবলগীয়া হল মৰ্মন্তুদ দৃশ্যটো৷ মোৰ প্ৰিয় দলটো ইতিমধ্যে ছেমি ফাইনেল পাইছিলগৈ৷ হলেও নিজৰ ঘৰুৱা খেলপথাৰতে মই কাহানিও নিবিচৰা অঘটনটো ঘটিল৷ ইটালীৰ লগত সেইবাৰৰ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত Dortmund1 FIFA WM Stadionত ৪.৭.২০০৬ তাৰিখে ২-০গলত জাৰ্মানী বিধ্বস্ত হল৷ মোৰ সপোনবিলাকো পুনৰ নিমিষতে ছাৰখাৰ হৈ গল৷ দুখবোধে বেয়াকৈ আবৰি ধৰিলে মন৷ প্ৰাক্তন খেলুৱৈ Jurgen Klinsmannৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত, Michael Ballackৰ নেতৃত্বত Miroslav Klose, Philipp Lahm, Lukas Podolski আদিৰে পুষ্ট মোৰ জাৰ্মানীয়ে কি খেলিলে এয়া? ঘৰুৱা পৰিৱেশতো ইমানেই শক্তিহীন হৈ পৰিলেনে? মনত আছে, সেই পৰাজয়ত উক্ত মুহূৰ্তত মোৰ ইমানেই খং উঠিছিল যে মুখৰ আগতে পোৱা, বিশ্বকাপৰ সময়ত জাবৰ পেলাবলৈ ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা জাৰ্মানী ২০০৬ লিখা এলুমিনিয়ামৰ বাল্টিটোতে প্ৰচণ্ড এটা ঘোঁচা সোধালোঁ৷ কাণ্ডটো ৰাজহুৱাভাৱে উল্লেখৰ একেবাৰে অযোগ্য যদিও সত্যৰ খাতিৰত নোকোৱাকৈ নোৱাৰিলোঁ৷ আৰ্জেণ্টিনা আৰু জাৰ্মানীৰ মাজত পূৰ্বৰ খেলত হোৱা বাক-বিতণ্ডাৰ সূত্ৰে ইটালীয়ে উত্থাপন কৰা অভিযোগৰ ভিত্তিত ফিফাৰ সিদ্ধান্ত মৰ্মে Torsten Fringsক উক্ত খেলখনৰ পৰা বিতাড়ন কৰা হৈছিল৷ ইটালীৰ চতুৰালিৰ কাৰণেই জাৰ্মানীৰ এজন নিৰ্ভৰযোগ্য মিডফিল্ডাৰ সেইদিনাৰ গুৰুত্বপূৰ্ণ খেলখনৰ পৰা আঁতৰত ৰল৷ Fringsক নেখেলোৱাৰ আঁৰৰ এই কথাটোৱেও মনত স্বাভাৱিকতে নঞৰ্থক প্ৰকাৰে ক্রিয়া কৰি আছিল৷ সঁচাকৈয়ে খঙৰ বহিঃপ্ৰকাশ ঘটিছিল সিদিনা৷ মাটিৰ তলত নীৰবে শুই থকা Passport Scotchৰ বটলটো আকৌ চাৰিটা বছৰৰ বাবে তেনেকৈয়ে ৰৈ গল! ভাবটোৱেও চাগৈ মোৰ খঙৰ তীব্ৰতা অনেকগুণে বঢ়াই তুলিছিল৷

বাল্টিটোৰ কথা ওলালত ফৎকৈ মনত পৰিল৷ ১৯৯০ৰ ইটালী বিশ্বকাপৰ পৰা আৰম্ভ কৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এলুমিনিয়ামৰ বাল্টি একোটাৰ ওপৰতো মই নিজহাতে বিশ্বকাপৰ চিহ্ন আঁকিছিলোঁ৷ খেল চোৱাৰ সময়ত ডাষ্টবিন হিচাপে সেই বাল্টিটো ব্যৱহাৰ কৰোঁ৷ তাৰ পিছত পৰৱৰ্তী বিশ্বকাপলৈকে সেইটো বাল্টিয়ে ঘৰুৱাভাৱে ব্যৱহাৰ কৰি থকা হয়৷ অৰ্থাৎ বিশ্বকাপৰ দৰেই মোৰ একোটা World Cup Dustbinৰো ম্যাদৰ অন্তৰ ৪বছৰ৷

অৱশেষত Berlinৰ Olympia stadionত চূড়ান্ত খেলত ইটালী আৰু ফ্ৰান্স মুখামুখি হল৷ নিৰ্ধাৰিত সময়ত ১-১গলত অমীমাংসিত হৈ ৰোৱা ফাইনেল খেলখনত পেনাল্টিৰ জৰিয়তে ইটালীয়ে ফ্ৰান্সক ৫-৩গলত পৰাভূত কৰি চতুৰ্থবাৰৰ বাবে বিজয়ীৰ খিতাপ অৰ্জন কৰিলে৷ জাৰ্মানী সন্তুষ্ট থাকিব লগা হল তৃতীয় স্থানত৷ তৃতীয় স্থান নিৰ্ধাৰণকাৰী খেলখনত জাৰ্মানীয়ে প্ৰতিদ্বন্দ্বী, Christiano Ronaldo, Ricardo Costa, Luis Figo আদিৰে সমৃদ্ধ পৰ্তুগালক ৩-১গলত হৰুৱাইছিল৷ আৰু সন্তুষ্টি লভিব লগা হল এইবুলি যে টুৰ্ণামেণ্টখনত ৫টা গল স্কৰ কৰি জাৰ্মানীৰ Miroslav Klose সৰ্বাধিক গলদিওঁতা বিবেচিত হল, জাৰ্মানীৰ Lukas Podolski পৰিগণিত হল শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে৷ সেয়ে হলেও সান্ত্বনা জানো লভিব পাৰোঁ?  জাৰ্মানীয়ে বিশ্বকাপটোত চুমুক দিয়াটোহে মোৰ একমাত্ৰ সপোন৷ তাৰ বাবেই ঈশ্বৰক প্ৰতিদিনে খাটোঁ৷

পৰৱৰ্তী বিশ্বকাপত জাৰ্মানী বিজয়ী নোহোৱালৈকে সুৰাপানৰ পৰা বিৰত থাকিম বুলি কৰা প্ৰতিজ্ঞা বাহাল ৰাখিলোঁ আৰু অনাগত চাৰি বছৰলৈ আকৌ ধৈৰ্য ধৰি ৰলোঁ৷

আগতে কৰাৰ দৰেই বিশ্বকাপৰ পিছতে লটাৰী খেল এখন সেইবাৰো পাতিলোঁ৷

কথা আজি বৰ দীঘলীয়া হল৷ এতিয়া সামৰোঁ৷ সকলোটি কুশলে থাওক৷ অহা ৩০তাৰিখে আকৌ লগ পাম৷ সেইদিনা জনাম, নেলছন মেণ্ডেলাৰ দেশত অনুষ্ঠিত বিশ্বকাপ ২০১০ৰ সময়ত আধুনিক যুগৰ সৈতে সামঞ্জস্য ৰাখি মোৰ আয়োজনে কেনে ৰূপ ধাৰণ কৰিলে৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. চোতালত বিশ্বকাপ... পতাকাৰ বেষ্টনীত মোৰ চৌহদ... উৰি আছে বন্ধু জমিৰৰ মৰমৰ উপহাৰ

২. জাৰ্মানী বিশ্বকাপ ২০০৬ৰ শুভাৰম্ভ... ফ্লেগ অফ্‌ কৰি সকলোকে সম্ভাষণ জনালোঁ

৩. জীয়ৰী জেইনৰ হাতেৰে কেক্‌ কাটি সূচনা কৰা হ

৪. জাৰ্মান সমৰ্থক জেইন আৰু দেবনি

৫. খেল উপভোগৰ এটা মুহূৰ্ত

৬. অন্তৰংগ মুহূৰ্তত বন্ধুদ্বয়... জয়ন্ত শৰ্মা আৰু খগেন বুঢ়াগোহাঁই

৭. অসমীয়া প্ৰতিদিনৰ পাতত বিশ্বকাপ ২০০৬ৰ আয়োজনৰ খবৰ

৮. খেল উপভোগৰ আৰু এক মুহূৰ্ত

৯. জনসাধাৰণত প্ৰকাশিত লেখাটো...

১০. খেল উপভোগৰ আৰু এটা মুহূৰ্ত

১১. World Cup Dustbin... ১৯৯০চনৰ পৰা ২০০৬ পৰ্যন্ত

১২. খেলৰ লগে লগে লটাৰীৰ উপহাসমূহৰ প্ৰদৰ্শন

........................................................


৩০..২০১

অনন্য এক কাহিনীফুটবলৰ...  (সাত-ক)

কথা যেন শেষ নহবই পুতুলদাৰ৷ কালিয়েই আহিছিল মোৰ ওচৰলৈ৷ ৱৰ্ল্ড কাপ কেলেণ্ডাৰখন ইতিমধ্যে হৈ গল৷ এতিয়া  ফিক্সাৰখনৰ কাম চলিছে৷ দাদাৰ নিত্যনতুন চিন্তাবোৰক বিচৰা ধৰণেই কাৰ্যত সঠিক ৰূপ দিয়াত নিজকে মই অহৰহ ব্যস্ত ৰাখিবলগীয়া হৈছোঁ৷ জাৰ্মানী-পাগল মানুহটোৱে ধপধপকৈ সোমাই আহি কেতিয়া কি বিচাৰে একো ঠিক নাই৷ ইফালে ১০-২০-৩০ৰ দায়বদ্ধতাটো আছেই, অকবৰ ৱালত৷ এইবাৰ কথা বৰ দীঘলীয়া হলত মই ভাবিলোঁ, সময় বহুত লাগিব পঢ়িবলৈ, আৰু তাৰ বাবে পাঠকে অসুবিধাও পাব পাৰে৷ সেয়ে আজি ৩০জানুৱাৰীত কাহিনীৰ একাংশহে আগ বঢ়ালোঁ৷ দাদাই কি কলে, শুনকচোন বাৰু...
........................................................

নেলছন মেণ্ডেলাৰ দেশত অনুষ্ঠিত বিশ্বকাপত মোৰ আয়োজনেও অত্যাধুনিক ৰূপ ধাৰণ কৰিলে...

Promises are to keep৷ আগতেও কৈছোঁ, এতিয়াও কওঁ, মই নিচেই সাধাৰণ মানুহ৷ আত্মনিয়ন্ত্ৰণৰ কঠিন পৰীক্ষাৰে জীৱনৰ সময়বোৰ অতিক্রম কৰি আহিছোঁ, এটা পৰ্যায়ৰ পৰা৷ ফুটবলে ইয়াত চালকৰ ভূমিকা লৈছে৷ ফুটবলৰ বাবেই সপ্তমবাৰৰ বাবে শপত-বাক্য ৰক্ষা কৰি সুৰাপানৰ পৰা বিৰত থকা প্ৰায় ১২বছৰেই হবৰ হলহি৷ হয়, প্ৰতিজ্ঞা প্ৰতিজ্ঞাই৷ ৰক্ষা কৰিব পৰাটোতহে সাৰ্থকতা৷ নিজৰ প্ৰতি মোৰ আশ্চৰ্য সেইখিনিতেই৷ নিজক লৈ চৰম আনন্দও তাতেই, যাক শব্দৰে প্ৰকাশ কৰিবলৈ আচলতে মই অপাৰগ৷ তথাপিতো চেষ্টা চলাই গৈছোঁ আপোনালোকৰ আগত যি পাৰোঁ বৰ্ণনা কৰিবলৈ, অনন্য এক কাহিনী, ফুটবলৰ মাধ্যমেৰে৷

চোতালত বিশ্বকাপে আকৌ এবাৰ উখল-মাখল লগালেহি৷ চাৰি বছৰৰ মূৰে মূৰে মোৰ জীৱনলৈ অহা ই যেন এচাটি মৃদু-মলয়া৷ সেয়ে বিশ্বকাপ বুলিলেই নতুন কিবা এটা কৰাৰ হাবিয়াহ জাগ্ৰত হৈ উঠে৷ জীৱনৰ এই মহোৎসৱক নান্দনিক ৰূপ দিয়াৰ তাগিদা আহে, নিজৰ ভিতৰৰ পৰাই৷ সেই অনুভূতিক বাধা দিয়া নাযায়, কোনো কাৰণতে৷

চাওঁতে চাওঁতে দক্ষিণ আফ্ৰিকা অৰ্থাৎ, নেলছন মেণ্ডেলাৰ দেশত অনুষ্ঠিতব্য 19th FIFA World Cupৰ দিন ক্রমে চমু চাপি আহিল৷ সেইবাৰ বিগত ৱৰ্ল্ড কাপসমূহতকৈ উন্নত পদ্ধতিৰে, যুগৰ সৈতে খাপ খুৱাকৈ, কিবাকিবি কৰাৰ বিষয়ে পাঙিলোঁ৷ ভাবি পালোঁ, সম্পূৰ্ণ এটা মাহ ধৰি আমাক খেলা চাবৰ বাবে দৰকাৰ বুলি তালিকাবদ্ধ হোৱা যাৱতীয় যিখিনি আধুনিক সামগ্ৰী, সেয়া দেখোন এখন উপহাৰ কুপন খেলৰ লক্ষ্যৰেই ক্রয় কৰি, এমাহ দিন একো অসুবিধা নোহোৱাকৈ ৱৰ্ল্ডকাপ ২০১০ৰ খেলসমূহ চোৱাত ব্যৱহাৰ কৰিব পৰা যায়৷ সেইসমূহ ভালদৰে, সাৱধানে ব্যৱহাৰ কৰি অক্ষত ৰূপত সময়ত ৰাইজলৈ আগ বঢ়াই দিব পাৰি৷ নিজৰ ভাগ্য অনুযায়ী যিয়ে যি লাভ কৰে, সেইটোৱেই বিজেতাজনক জীৱনলৈ সোঁৱৰাই নাথাকিবজানো যে পুতুল বৰা নামৰ জাৰ্মানী-বলিয়া মানুহজনৰ চোতালত আয়োজন কৰা বিশ্বকাপৰ বতৰত এদিন লাভ কৰা সম্পদ সেয়া বুলি? ফুটবলৰ আনন্দৰ সমানে প্ৰাপ্তিৰ দৃশ্যটোও নিশ্চয় আনৰ নহলেও প্ৰাপকৰ চকুৰ আগত ভাহি থাকিব জলজল-পটপটকৈ৷ গতিকে উক্ত সময়ছোৱাক ভৱিষ্যতলৈ স্মৰণীয় কৰি ৰখাৰ মানসেৰেই উপহাৰ কুপন খেল এখনৰ পোষকতা কৰা হল, সীমিত অথচ বৃহৎ আকাৰত৷ বিগত বছৰবোৰত কেইবাবাৰো পৰিচালনা কৰি অহা লটাৰী নামৰ সেই ক্ষুদ্ৰ কৰ্মভাগিৰ অভিজ্ঞতায়ে সেই বৃহত্তৰ কাৰ্য সম্পাদনৰ অৰ্থে প্ৰয়োজন হোৱা সাহসকণ মোক যোগালে৷

আইডিয়াটো বাস্তৱায়িত কৰাৰ মনোভাবেৰে মোৰ অভিন্নহৃদয় বন্ধুবৰ্গৰ সন্মুখত প্ৰসংগটো উত্থাপন কৰা মাত্ৰকে আন্তৰিক সহযোগিতা আৰু সমৰ্থন লাভ কৰিলোঁ৷ সেই মৰ্মে ১০০জনীয়া সদস্যৰে, ১০০টা টিকটেৰে এখন উপহাৰ কুপন খেলৰ পৰিকল্পনা থাউকতেই তৈয়াৰ কৰি পেলোৱা হল৷ প্ৰতিটো টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হল ৫,০০০.০০টকাকৈ৷ ১০০টা টিকটত ৫০টা প্ৰাইজ থাকিব৷ প্ৰথম পুৰস্কাৰ SONYৰ 46ইঞ্চি জোখৰ এটা LCD TV, দ্বিতীয় পুৰস্কাৰ এখন BAJAJ Pulsar বাইক, তৃতীয় পুৰস্কাৰ এখন Mahendra Rodeo Scooty, চতুৰ্থ পুৰস্কাৰ এটা Honda Genset ইত্যাদি ইত্যাদিৰে তালিকাখন যথেষ্ট দীঘলীয়া৷

সকলোৱে জানেই, ফুটবল বিশ্বকাপৰ খেলা একেৰাহে এমাহজুৰি চলে৷ তাকে কেন্দ্ৰ কৰি অন্য এটা নতুনত্বৰ সন্ধানত নামি পৰিলোঁ৷ ব্ৰাজিলৰ জোৰদাৰ সমৰ্থক আৰু ক্রীড়াক্ষেত্ৰৰ সৈতে সুদীৰ্ঘ দিন ধৰি নিবিড়ভাৱে জড়িত সুধাংশু ৰঞ্জন দে দাদাৰ সহায়ত ৱৰ্ল্ড কাপ চলি থকা মাহটোক মই Soccer Month of the World, সংক্ষেপে FIFA Month বুলি নামকৰণ কৰিলোঁ৷ খেলৰ আৰম্ভণিৰ তাৰিখটো অৰ্থাৎ ১১জুনক FIFA Day 1, ১২জুনক FIFA Day 2, এনেকৈ শেষৰ অৰ্থাৎ ৩০জুলাই তাৰিখটোক FIFA Day 30 আখ্যা দিলোঁ৷ তেনেকৈয়ে প্ৰতিযোগিতাৰ Fixtureখনৰ লগতে এখন কেলেণ্ডাৰো সাজু কৰিলোঁ, আগতীয়াকৈ৷

বিগত জাৰ্মানী ২০০৬তকৈ অধিক জাক্‌জমকতাৰে আয়োজিত হৈছিল দক্ষিণ আফ্ৰিকা ২০১০৷ ঘৰ আৰু চোতালৰ চাৰিওফাল বিশ্বকাপত অংশগ্ৰহণকাৰী ৩২খন দেশৰ জাতীয় পতাকাৰে সজাই-পৰাই তোলা হৈছিল৷ মোৰ মামাৰ লৰা ডাক্তৰ মানসজ্যোতি বৰাই USAৰ পৰা আৰ্জেণ্টিনা, ব্ৰাজিল, ফ্ৰান্স আৰু ইটালীৰ চাৰিখন ফ্লেগ আনি দিছিল৷ ইফালে মোৰ যৎপৰোনাস্তি প্ৰচেষ্টা আৰু সন্তোষজনক উপস্থিতিৰে ক্রীড়াপ্ৰেমী ৰাইজে প্ৰদান কৰা অভিনবত্ব দেখিয়ে বোধহয়, স্থানীয় Aircell Companyয়ে নিজা খৰচত স্থাপন কৰি দিছিল কেইবাখনো বৃহৎ আকাৰৰ হৰ্ডিং৷ সেই সকলোখিনি মিলি পৰিৱেশটো অধিক ৰংচঙীয়া, অধিক আকৰ্ষণীয় আৰু উৎসৱমুখৰ হৈ পৰিছিল৷ কবলৈ ভাল লাগে যে মানুহে ৰৈ ৰৈ চাইছিল বিশ্বকাপৰ সেই দৃশ্যপট, কাষলৈ আহি মনোযোগেৰে পঢ়িছিল তাত লিখা কথাবিলাক৷ লগতে বিশ্বকাপ ফুটবলৰ তথ্যসমূহ সহজতে জানিবও পাৰিছিল৷

ৰাইজৰ জ্ঞাতাৰ্থে আৰু ফুটবলৰ প্ৰচাৰৰ অৰ্থে প্ৰতিযোগিতাৰ Fixtureখন মই ৭ফুট x ৫ফুট আকাৰত, ফ্লেক্সত প্ৰিণ্ট কৰোৱাই আমাৰ ডিফু চহৰখনৰ চাৰিটা প্ৰধান Public gathering placeত লগাই দিছিলোঁ, যাতে সকলোৰে সুবিধা হয়৷ চকুত পৰিছিল যে মানুহে সেইবোৰ চাইছিল, খেলসমূহৰ বিষয়ে লগে লগে গম লৈছিল আৰু জুমৰ মাজত সৰৱ আলোচনা চলিছিল৷ ফলত উক্ত সময়ছোৱাত মানুহৰ মুখে মুখে চৰ্চাৰ বিষয়-বস্তু হৈ পৰিছিল ফুটবল, কেৱল ফুটবল৷

১১জুন তাৰিখে ক্রীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত আমাৰ একমাত্ৰ সন্তান, সাত বছৰীয়া কন্যা জেইনৰ দ্বাৰা পৰম্পৰা অনুসাৰে কেক্‌ এটা  কাটি দক্ষিণ আফ্ৰিকা বিশ্বকাপ ২০১০ৰ দৰ্শনীৰ শুভাৰম্ভ কৰা হল৷ চাউণ্ড চিষ্টেমত হাই ভলিউমত বাজি উঠিল ছাকিৰাৰ সেই বিখ্যাত তথা জনপ্ৰিয় ৱাকা ৱাকা৷ শিহৰণ আৰম্ভ হৈ গল৷ ৰাইজৰ আহ-যাহ আৰম্ভ হল, মাহজোৰা ফুটবল মহোৎসৱলৈ৷ পুনৰ প্ৰাণ পাই উঠিল মোৰ চোতালখনে৷ অন্যান্য কাৰ্টুন-ফেষ্টুন আদিৰ উপৰি সেইবাৰ টুৰ্ণামেণ্টখনত ব্যৱহাৰ কৰা বল জাবুলানি এটাও ৰখা হল, বাধাহীনভাৱে সকলোৱে চুই চাব পৰাকৈ৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. মেণ্ডেলাৰ দেশত অনুষ্ঠিত বিশ্বকাপলৈ স্বাগতম জনাইছোঁ

২. উপহাৰ কুপন খেলৰ টিকট

৩. বিশ্বকাপ ২০১০ৰ Fixture

৪. বিশ্বকাপ ২০১০ৰ কেলেণ্ডাৰ

৫, ৬. জাক্‌জমকতাৰে আয়োজিত হৈছিল দক্ষিণ আফ্ৰিকা ২০১০


৭. বিশ্বকাপ ২০১০ৰ কেক্‌

৮. পৰম্পৰা অনুসাৰে কেক্‌ কাটি দক্ষিণ আফ্ৰিকা ২০১০ৰ শুভাৰম্ভণি

৯. জাৰ্মানীৰ সমৰ্থক

১০, ১১, ১২, ১৩, ১৪, ১৫. খেল চোৱাৰ মুহূৰ্ত






........................................................


১০.২.২০১

অনন্য এক কাহিনীফুটবলৰ...  (সাত-খ)

নেলছন মেণ্ডেলাৰ দেশত অনুষ্ঠিত বিশ্বকাপত মোৰ আয়োজনেও অত্যাধুনিক ৰূপ ধাৰণ কৰিলে...
আজি ১০ফেব্ৰুৱাৰী তাৰিখে এয়া দ্বিতীয় অংশ...
........................................................

দক্ষিণ আফ্ৰিকা ২০১০ বিশ্বকাপত জাৰ্মানী, ঘানা, অষ্ট্ৰেলিয়া আৰু চাৰ্বিয়া একেটা গ্ৰুপ, এফত আছিল৷ গ্ৰুপ জিত আছিল ব্ৰাজিল, পৰ্তুগাল, আইভৰী কষ্ট আৰু উত্তৰ কোৰিয়া৷ এই দুই গ্ৰুপক আখ্যা দিয়া হৈছিল Group of death বুলি৷ নিজৰ গ্ৰুপৰ প্ৰথম খেলত জাৰ্মানীয়ে অষ্ট্ৰেলিয়াক ৪-০গলত হৰুৱাই যথেষ্ট আশাৰ সঞ্চাৰ কৰিলে৷ পৰৱৰ্তী খেলখনত কিন্তু চাৰ্বিয়াৰ লগত অপ্ৰত্যাশিতভাৱে ০-১ত পৰাজয় বৰণ কৰিবলগীয়া হল৷ চাৰ্বিয়াৰ লেফট উইংগাৰ Milan Jovanoviএ ৩৮মিনিটত দিয়া গলটো পৰিশোধৰ বাবে শেষ পৰ্যন্ত খেলিও ব্যৰ্থ হল Philipp Lahmৰ দল৷ জীৱন-মৰণৰ প্ৰশ্ন হৈ পৰা খেলখনত সেইদিনা হালধীয়া কাৰ্ডৰ মাত্ৰা লক্ষ্যণীয়ভাৱে অধিক হৈছিল৷ জাৰ্মানীৰ অভিজ্ঞ খেলুৱৈ Miroslav Kloseএও পালে ৰঙা কাৰ্ড এখন৷ লজ্জানত হলোঁ সিদিনা৷ সি যি কি নহওক, গ্ৰুপৰ অন্তিমখন মেচত ১-০গলত ঘানাক হৰুৱাই দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিলে মোৰ প্ৰিয় দল জাৰ্মানী৷

জনাবলৈ পাই আনন্দিত হৈছোঁ যে মোৰ আয়োজনৰ সমস্ত ব্যৱস্থাপনা ২০১০ত পোনপ্ৰথমবাৰৰ বাবে বিশ্ববাসীৰ আগত দেখুওৱা হৈছিল টেলিভিচনৰ স্ক্ৰীণত৷ সেয়া সম্ভৱ হৈছিল নিউজ লাইভ নামৰ অসমৰ চেনেলটোৰ যোগেদি হোৱা সম্প্ৰচাৰণৰ মাধ্যমেৰে৷ স্থানীয় সাংবাদিক-বন্ধু প্ৰদীপ নাথৰ উদ্যোগ মৰ্মে সেয়া বাস্তৱায়িত হৈছিল৷ বৈদ্যুতিন মাধ্যমত চলোৱা ফুটবলৰ আলোচনাত ভাগ লৈ ময়ো মোৰ আয়োজন সম্পৰ্কে আৰু মোৰ সমৰ্থিত দল জাৰ্মানীৰ সপক্ষে কিছু কথা কোৱাৰ বিৰল সুযোগ পাইছিলোঁ৷ নিজে নভবাকৈয়ে মোক ভাল পোৱাসকলৰ দ্বাৰা চলা এনে প্ৰচাৰৰ বাবেই চাগৈ, সময় আগ বঢ়াৰ লগে লগে মোৰ চোতালত SONYৰ 46" LCD TV-ত আৰু Projectorখেল উপভোগ কৰিবলৈ চিনাকি-অচিনাকি অগণন ক্রীড়ামোদীৰ আগমন ঘটিল৷ নানান ঠাইৰ পৰা ফোনত মই শুভেচ্ছা-বাৰ্তাও লাভ কৰিলোঁ৷ স্থানীয় বাতৰি কাকতকেইখন উবুৰি খাই পৰিল৷ আগশাৰীৰ ৰাজ্যিক খবৰ কাগজসমূহেও আয়োজনৰ বিষয়ে বাতৰি সংগ্ৰহ কৰিলে আৰু সবিস্তাৰে লিখিলে৷ আমাৰ পৰা ২৭০কিলমিটাৰ নিলগৰ গুৱাহাটী মহানগৰীত বাস কৰা গণ্য-মান্য ব্যক্তি আৰু কেইবাজনো বন্ধু মোৰ চোতালত এদিনৰ বাবে হলেও খেল চাবলৈ দহো বন কাটি কৰি উপস্থিত হলহি৷ বৰ আনন্দদায়ক আৰু ব্যস্ততাৰ মুহূৰ্ত আছিল সেইবোৰ, যাক কেতিয়াও পাহৰা নাযায়৷

আকৌ দ্বিতীয়বাৰ, বিশ্বকাপৰ মাজভাগত নিউজ লাইভৰ উপৰি DY365 আহিল৷ দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় আলোচনী India Todayৰ ১৯.৭.২০১০ তাৰিখৰ ইচ্যুত মোৰ কথা প্ৰকাশ হIndia's No. 1 Cup Maniac শিৰোনামেৰে, ৰঙীণ ছবিসহ৷ ২২খন আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকততো প্ৰচাৰ হল৷ মোৰ চোতালত বিশ্বকাপ ফুটবলৰ খেল উপভোগ কৰা বাতৰিটোৱে সংবাদ মাধ্যমত সেইকেইদিনত বিশেষ গুৰুত্ব লাভ কৰাৰ উপৰি উচ্চ হাৰত ক্রীড়াপ্ৰেমীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ মই কেনেকৈ প্ৰত্যেক চাৰিবছৰৰ মূৰে মূৰে বিগত বিশ্বকাপসমূহত ৰাজহুৱা দৰ্শনীৰ আয়োজন কৰি গৈছোঁ, কেনেকৈ মই জাৰ্মানীৰ এজন অন্ধ সমৰ্থক হৈ পৰিলোঁ, কিহে মোক প্ৰতিশ্ৰুতিবদ্ধ কৰালে, মোৰ জীৱনৰ কথাবোৰ... অনৰ্গল প্ৰশ্নৰ সন্মুখীন হলোঁ৷ জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ বিজয় নকৰা পৰ্যন্ত ১৬বছৰ ধৰি মাটিৰ তলতে পুতি ৰখা Passport Scotchৰ বটলটোৰ বিষয়ে, ২০০২চনৰ পৰা ৮বছৰ ধৰি সুৰাপানৰ পৰা বিৰত থাকি জাৰ্মানী চেম্পিয়ন নোহোৱা পৰ্যন্ত সুৰাপান নকৰাৰ সিদ্ধান্ত লোৱা, আৰু প্ৰায় ২০০ ৰাইজক নিজৰ ঘৰখনতে ষ্টেডিয়ামৰ নিচিনাকৈ একেলগে বহি খেল উপভোগ কৰিব পৰাকৈ এটা পৰিৱেশৰ সৃষ্টি কৰি দিয়াৰ সম্পৰ্কে বিভিন্নজন সাংবাদিকে কলম চলাই নিজ নিজ কাকত-আলোচনীত আলোকচিত্ৰৰ সৈতে উপস্থাপন কৰিলে, টেলিভিচনৰ পৰ্দাত দেখুৱালে৷ তাৰ বাবে নিশ্চয়কৈ সকলোজনেই মোৰ অশেষ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতাৰ পাত্ৰ৷

৭জুনত Bloemfonteinত ৰাউণ্ড অব চিক্সটিনৰ নক আউট খেলত জাৰ্মানীয়ে ইংলেণ্ডক ৪-১গলত হৰুৱালে৷ জাৰ্মান আক্রমণৰ সন্মুখত Steven Gerrard, John Terry, Frank Lampard, Wayne Rooney আদি ইংৰাজসকল ব্যতিব্যস্ত হৈ পৰিছিল সেইদিনা৷ জাৰ্মান পক্ষৰ হৈ Miroslav Klose আৰু Lukas Podolskiএ এগলকৈ আৰু Thomas Muellerএ দুগল দিছিল৷ উল্লেখ্য যে বিশ্বকাপত ইংলেণ্ডৰ সেয়াই হৈছে বৃহৎ ব্যৱধানত হোৱা পৰাজয়৷

তাৰ পিছত আহিল কোৱাৰ্টাৰ ফাইনেল৷ সন্মুখত আন এক ফুটবল চুপাৰ-পাৱাৰ আৰ্জেণ্টিনা৷ ভালকৈ মনত আছে, পূৰ্বৰ বিশ্বকাপ ২০০৬ত আৰ্জেণ্টিনাৰ সৈতে হোৱা অমীমাংসিত খেলত ফলাফল নিৰ্ণয়কাৰী পেনাল্টি শ্বুট আউটৰ শেষত অশুভ পৰিস্থিতিৰ উদ্ৰেক হৈছিল৷ সেইবাৰ জাৰ্মানী জয়ী হৈছিল পেনাল্টিত৷ এইবাৰ কিন্তু শেনৰ এজাত৷ ৪-০ৰ পৰিষ্কাৰ ব্যৱধানত আৰ্জেণ্টিনাক থকা-সৰকা কৰি খেলা দেখুৱাই দিলে৷ Mueller আৰু¸ Podolskiএ এটাকৈ, Kloseএ দুটা গল দিলে৷ আৰ্জেণ্টাইন তাৰকা খেলুৱৈ Lionel Messiও যেন কেপ টাউনত সেইদিনা দিশহাৰা হৈ পৰিছিল৷ মুঠ কথা কবলৈ গলে, সমুচিত শিক্ষা এটা দিয়া হল আৰ্জেণ্টিনাক সেইদিনা, মুকলি খেলপথাৰৰ ফুটবল মহাৰণত৷ আনহাতে যোৱাবাৰ জাৰ্মানীত চুকলি লগোৱা ইটালীয়েতো গ্ৰুপতেই নিজৰ দক্ষিণ আফ্ৰিকাৰ কেম্পেইন সামৰি স্বদেশ অভিমুখে প্ৰত্যাৱৰ্তন কৰিছিল৷ চেকেণ্ড ৰাউণ্ডেই নাপালে বেচেৰাহঁতে৷ দলটোৰ সেই দশা দেখি মনতে ভীষণ আনন্দ জাগিছিল সিদিনা৷

খেলা চলি থকা মুহূৰ্তৰ আনন্দময় সময়বোৰ কেনেকৈ বাগৰি যায় একো গমকে নাপাওঁ৷ জাৰ্মানীয়ে বিজয় লভিলেতো কথাই নাই৷ সৰ্বাধিক স্ফূৰ্তি কৰা হয় তেতিয়া৷

এনেদৰেই আহি আহি এদিন সেইবাৰৰ বিশ্বকাপ প্ৰতিযোগিতা ছেমি ফাইনেল পৰ্যায়ত সোমাল৷ পিছে দুৰ্ভাগ্য, পূৰ্বতে ঘটাৰ দৰে সেইবাৰো মই আশা নকৰা ফলাফল এটাৰে পুনৰাবৃত্তি ঘটিল৷ ৭জুলাই ২০১০ তাৰিখে স্পেইনৰ হাতত Durbanৰ Moses Mabhida Stadiumত ছেমি ফাইনেলত একমাত্ৰ গলত জাৰ্মানীয়ে বিশ্বকাপৰ যাত্ৰা সামৰিব লগা হল৷ Philipp Lahmৰ নেতৃত্বত, Thomas Mueller, Mesut ozil, Lukas Podolski, Miroslav Klose, Cacau আদি বিচক্ষণ ফুটবলাৰেৰে গঠিত জাৰ্মানীয়ে David Villa, Andres Iniesta, Pedro, Fernando Torres আদিৰে সমৃদ্ধ আৰু গলৰক্ষক অধিনায়ক Iker Casilasৰ দল স্পেইনক বাট এৰি দিব লগা হল, ফাইনেল খেলিবলৈ৷ আকৌ এবাৰ গভীৰ দুখবোধে আচ্ছাদিত কৰিলে মন৷ কিবা এটা হেঁপাহ পুহিছিলোঁ, মূৰকত নহলগৈ৷ মোৰ সকলোবোৰ সপোন আৰু শপত দেখদেখকৈ পৰৱৰ্তী ৪টা বছৰৰ বাবে আকৌ এবাৰলৈ পিছ হুহকি গল৷ বিশ্বকাপটো নিজে হাতত লৈ থাকি, জাৰ্মানীৰ বিজয়ৰ মুহূৰ্ত এটাৰ কল্পনাৰে টুৰ্ণামেণ্টৰ আৰম্ভণিতেই ৫ফুট x ৪ ফুট জোখৰ এখন হৰ্ডিং তৈয়াৰ কৰিছিলোঁ, যত সাহসেৰে লিখিছিলোঁ It's for Germany now বুলি৷ বিশ্বকাপ জাৰ্মানীৰেই হব বুলি বৰ আশা কৰিছিলোঁ৷ পিছে ছেমিত জিকিব নোৱাৰিলে৷ ততালিকে ময়ো হৰ্ডিংখনৰ ভাষা সলনি কৰিব লগা হল See you at Brazil বুলি৷ অৰ্থাৎ, ব্ৰাজিলত দেখা যাব৷ ...আকৌ এটা নতুন আশা৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. প্ৰথমবাৰৰ বাবে টিভি চেনেল যোগে সম্প্ৰচাৰ...

২. চোতালত উপস্থিত চিনাকি-অচিনাকি অনেকজন ফুটবল অনুৰাগী

৩. পদধূলা দিলেহি ডিফুৰ বাহিৰৰ বন্ধুসকলেও

৪. আনন্দৰে ভৰপূৰ সেই মুহূৰ্তবোৰ... যত বিচাৰি পাওঁ জীৱনৰ অর্থ

৫. আয়োজনৰ বাতৰি স্থানীয় কাকতৰ পাতত

৬. ৰাজ্যিক খবৰ কাগজসমূহত আয়োজনৰ প্ৰকাশ

৭. ৰাষ্ট্ৰীয় আলোচনী India Todayত প্ৰকাশিত লেখাটো

৮. আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ

৯. It's for Germany now

১০. See you at Brazil

........................................................


২০.২.২০১

অনন্য এক কাহিনীফুটবলৰ...  (সাত-গ)

নেলছন মেণ্ডেলাৰ দেশত অনুষ্ঠিত বিশ্বকাপত মোৰ আয়োজনেও অত্যাধুনিক ৰূপ ধাৰণ কৰিলে
আজি ২০ফেব্ৰুৱাৰী তাৰিখে এয়া তৃতীয় অংশ...
........................................................

বিশ্বকাপ ২০১০ৰ সময়ত ঘটা বিশেষ ঘটনা এটা মনলৈ আহিছে৷ গতিকে আৰম্ভণিতেই কৈ পেলাওঁ৷ নহলে পাহৰণিত থাকিয়েই যাবগৈ৷

স্পেইনৰ লগত জাৰ্মানীয়ে পৰাজয় বৰণ কৰাৰ ঠিক পিছদিনা৷ দিনৰ প্ৰায় ১১ বাজিছে৷ মোৰ ঘৰৰ আগত ৰলহি পুলিচৰ এখন বগা জীপচী৷ গাড়ীৰ পৰা নামি গহীন-গম্ভীৰ খোজেৰে চৌহদলৈ সোমাই আহিল টাউন পুলিচ আউট পষ্টৰ ইনচাৰ্জ ৰাজখোৱা৷ লগত এছ.আই. নাথ৷ পিছে পিছে দুজন কনিষ্টবল৷ মই হতবাক৷ চৌহদত আৰক্ষীৰ প্ৰৱেশ! কিবা অঘটন ঘটা নাইতো? কাষ চাপি গলোঁ তাকে ভাবি ভাবি৷ মোৰ ফালে দৃষ্টিনিক্ষেপ কৰি আই.চি. ৰাজখোৱাই কলে, মাটিত পুতি থোৱা আপোনাৰ বটলটো এছ.পি. ছাৰে খুজিছে৷ মই আচৰিত৷ লাহেকৈ মাত্ৰ কলোঁ, সেয়া কেনেকৈ সম্ভৱ? মই ইতিমধ্যে প্ৰতিজ্ঞাবদ্ধ হৈ আছোঁ সেই বটলটোৰ লগত৷ গতিকে সেইটো কেনেকৈ দিম? তেতিয়া তেওঁলোকে জনালে, আমি একো নাজানো, আমাৰ এছ.পি. ছাৰে বটলটো খুজি পঠাইছে৷ কথাৰ লগে লগে ফোনতে এছ.পি.ৰ সৈতে যোগাযোগ কৰিলেই৷ সুধিলে, এওঁ বটলটো দিব খোজা নাই, কি কৰিম ছাৰ? সিফালৰ পৰা ভাহি আহিল এছ.পি.ৰ কণ্ঠ, মই তেওঁক মোৰ অফিচলৈ মাতিছোঁ বুলি কৈ দিয়ক৷ যথাযথ আদেশ শুনাই থৈ আৰক্ষীৰ লোককেইজনে প্ৰস্থান কৰিলে৷ মই ভাবি ৰলোঁ, কি কৰা যায়? গলেও বিপদ, নগলেও বিপদ৷ পিছ মুহূৰ্ততে সিদ্ধান্ত লৈ ললোঁ৷ অকলে নগৈ তিনিজন বন্ধু ক্রমে সুধাংশু ৰঞ্জন দে, সুপ্ৰিয় ৰয় আৰু অৰূপ কলিতাক লগত ললোঁ৷ তাৰ পিছত কাৰবি আংলঙৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোঁশৰীৰে গৈ উপস্থিত হলোঁ৷ এছ.পি. মহোদয়ৰ মুখামুখি হৈ মই সুধিলোঁ, কি কাৰণেবা মাতিছে ছাৰ? তেখেতে কলে, আপুনি জাৰ্মানী জিকিলে বটলটো উলিয়াম বুলি কৈছিল৷ কিন্তু ছেমি ফাইনেলত জাৰ্মানীতো স্পেইনৰ হাতত হাৰি গল৷ যিহেতু মই স্পেইনৰ চাপৰ্টাৰ, সেয়েহে বটলটো এতিয়া মোক লাগে৷ সবে মিলি খাম৷ তেতিয়া মই কলোঁ, বেয়া নাপাব, এইটো মোৰ পক্ষে সম্ভৱ নহব ছাৰ, যিহেতু মই প্ৰতিশ্ৰুতিবদ্ধ৷ তেতিয়া অফিচাৰজনে মোলৈ চাই কলে, মই মোৰ কবলগীয়াখিনি কলোঁ, বাকী আপোনাৰ ইচ্ছা৷

আমাৰ কথোপকথন সেইদিনা সিমানতে শেষ হল যদিও অফিচাৰগৰাকীয়ে কথাটো নাপাহৰিলে৷ ২০১০চনৰ ৮নবেম্বৰত ডিফুৰ পেছাদাৰী ফুটবল ক্লাব মৰ্ণিং ষ্টাৰ এফ.চি.ৰ প্ৰতিষ্ঠা দিৱসত এছ.পি. শৰ্মা ছাৰে মোক পুনৰবাৰ লগ পাই গল৷ I never forget your 16 years old passport scotch bottle, in my life. মোক উদ্দেশ্য কৰি পোনছাটেই তেনেকৈ কৈ পেলালে আৰক্ষী অধীক্ষকজনে৷ বটলটোৰ প্ৰতি আকৰ্ষণ দেখি উৎফুল্লিত হৈ প্ৰত্যুত্তৰত ময়ো সুৰতে সুৰ মিলাই দিলোঁ, Sure, 100% Sir

USAত আয়োজিত FIFA World Cup 1994ত জাৰ্মানী জিকিলে চেলিব্ৰেট কৰিম বুলি কলকাতাৰ পৰা অনা, কোৱাৰ্টাৰ ফাইনেলত বুলগেৰীয়াৰ লগত ২-১গলত জাৰ্মানী হাৰি যোৱাৰ পিছদিনা ১১.৭.১৯৯৪ তাৰিখে নিজহাতে মাটিৰ তলত পুতি পেলোৱা মোৰ সেই Passport Scotchৰ বটলটোৱেযে কাৰোবাৰ মনত এইদৰে ইমান গভীৰভাৱে ৰেখাপাত কৰিব পাৰে... ভাবিলে আচৰিত লাগে৷

বিশ্বকাপৰ দুয়োখন ছেমি ফাইনেল হৈ গল৷ তাৰ পিছৰ দুটা দিনত খেল নাছিল৷ সেই সুযোগ গ্ৰহণ কৰি ফুটবল আৰু ৱৰ্ল্ডকাপক বিষয়-বস্তু হিচাপে লৈ পোনপ্ৰথমবাৰৰ বাবে স্কুলীয়া বিদ্যাৰ্থীৰ মাজত এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিলোঁ৷ ২৪জনীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিৰে ৮.৭.২০১০ তাৰিখে ১২টা দলৰ মাজত Preliminary round অনুষ্ঠিত কৰা হল৷ লিখিত উত্তৰৰ ভিত্তিত তাৰ মাজৰ পৰা ৮টা দল (Liverpool FC, Manchester City, Manchester Utd, AC Milan, Westhum Utd, Chelse, Real Madrid, Totenhum Hts) বাছনি কৰি উলিওৱা হল Final roundৰ বাবে৷ কুইজ মাষ্টাৰ মোৰ বন্ধু তথা এজন স্থানীয় ফুটবল অনুৰাগী সুপ্ৰিয় ৰয়৷ তেওঁ আৰু তেওঁৰ সহযোগীসকলৰ সহায়ত পিছদিনা অৰ্থাৎ ৯.৭.২০১০ তাৰিখে Final round অনুষ্ঠিত কৰা হয়৷ প্ৰথম পুৰস্কাৰ ৫,০০০.০০টকা, দ্বিতীয় পুৰস্কাৰ ৩,০০০.০০টকা আৰু তৃতীয় পুৰস্কাৰ ২,০০০.০০টকা ধাৰ্য কৰি ৩টা দলক মুঠ ১০,০০০.০০টকা প্ৰাইজমানীৰে পুৰস্কৃত কৰা হৈছিল৷ লগতে দিয়া হৈছিল একোখনিকৈ চাৰ্টিফিকেট৷ প্ৰাইজমানীৰ দাতা আছিল Aircell৷ বাকীখিনি নিজৰ ফালৰ পৰা দিলোঁ৷ ছাত্ৰ-ছাত্ৰীসকলক ফুটবল আৰু বিশ্বকাপৰ প্ৰতি সজাগ কৰাৰ লক্ষ্য আগত লৈয়েই উক্ত ফিফা ৱৰ্ল্ড কাপ কুইজ প্ৰতিযোগিতা ২০১০ৰ আয়োজন কৰিছিলোঁ৷ বহুসংখ্যক লোকে দুয়োদিনতেই নিজৰ উপস্থিতিৰে মুহূৰ্তবোৰ উৎসাহজনক আৰু উপভোগ্য কৰি তুলিছিল৷ তাৰ বাবে সকলোৱেই স্মৰণীয় হৈ ৰব৷

খেলত হৰা-জিকা থাকেই৷ মোৰ সমৰ্থিত দল জাৰ্মানী ছেমি ফাইনেলত পৰাজিত হলেও পৰৱৰ্তী বিশ্বকাপ ব্ৰাজিল ২০১৪লৈ পুনৰবাৰ আশা বুকুত বান্ধি ফাইনেলখন ৰাইজৰ সৈতে বহি আগ্ৰহেৰে প্ৰত্যক্ষ কৰিলোঁ৷ Johannesburgৰ Soccer Cityত অনুষ্ঠিত চূড়ান্ত খেলখনত স্পেইনে নেডাৰলেণ্ডছক অতিৰিক্ত সময়ত তেওঁলোকৰ মিডফিল্ডাৰ Andres Iniestaই দিয়া ১-০গলেৰে হৰুৱাই পোনপ্ৰথমবাৰৰ বাবে বিশ্বখিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ আনফালে তৃতীয় স্থান নিৰ্ণয়কাৰী খেলখনত জাৰ্মানীয়ে উৰুগুৱেক ৩-২ত পৰাভূত কৰি আকৌ এবাৰলৈ তৃতীয় স্থানতে সন্তুষ্ট থাকিব লগা হল৷ জাৰ্মানীৰ Thomas Muellerএ পালে গল্ডেন বুট৷ গল্ডেন বল পোৱা উৰুগুৱেৰ Diego Forlan, ছিলভাৰ বুট পোৱা স্পেইনৰ David Villa আৰু ব্ৰঞ্জ বুট পোৱা নেদাৰলেণ্ডছৰ Wesley Sneijderৰ সৈতে তেওঁ সেইবাৰ লাভ কৰিছিল সৰ্বোচ্চ গলদাতাৰ পুৰস্কাৰ৷ প্ৰত্যেকেই ৫টাকৈ গল স্কৰ কৰিছিল৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ সন্মানো জাৰ্মান খেলুৱৈ Muellerএই পালে৷ চূড়ান্ত বিজয়ী হব নোৱাৰিলেও জাৰ্মানীয়ে নিজৰ ক্রীড়াশৈলীৰ উৎকৃষ্টতা প্ৰতিপন্ন কৰি গল৷ সেয়ে হলেও মোৰ মন কিন্তু মুঠেই সন্তুষ্ট নহল৷ মোৰ একমাত্ৰ লক্ষ্য আৰু ইচ্ছা, বিশ্বকাপ হস্তগত কৰিব লাগে মোৰ দল জাৰ্মানীয়ে৷

বিশ্বকাপ চলি থকাৰ এমহীয়া গোটেই সময়ছোৱাত, খেল চাবলৈ অহা ফুটবলপ্ৰেমীসকলৰ বাবে আৰম্ভণিৰে পৰাই বিনামূলীয়াকৈ পানী, ৰঙাচাহ, বিস্কুত আৰু তামোল-পাণৰ ব্যৱস্থা কৰা হৈছিল৷ উপস্থিত দৰ্শকৰ মাজত খেলৰ মাজে মাজে বিতৰণ কৰা হৈছিল বতৰৰ ফল মোৰ বাৰীত থকা তিনিজোপা গছৰ সুস্বাদু আম৷ লগতে বাৰীৰে কলাজামু৷ আনহাতে বাকলি পেলাবলৈ World Cup Dustbin 2010৷ কোনোবাই কোনোবাই নিজাববীয়াকৈ কেঁচা বুট, বাদাম, কাবুলি চানা আদিৰো যোগান ধৰিছিল, খেলবোৰৰ মাজে মাজে৷ সকলোৱে চেনেহ-প্ৰীতিৰে সেইসমূহ গ্ৰহণ কৰি ফুটবলৰ সমুদ্ৰত নিজকে ডুবাই দিছিল, পাহৰি গৈছিল সমস্যাই কোঙা কৰি ৰখা দৈনন্দিনৰ আন আন প্ৰসংগ৷

অন্য এদিন আকৌ F. Lungtiawlaই কেক্‌ এটা আনি উলিয়ালেহি৷ মিজো ডেকা Lungtiawla আৰ্জেণ্টিনাৰ সমৰ্থক৷ কেকটো হাতত দিয়ে সি অন্তৰ্ধান হল৷ পিছত আমাৰ মাজৰে আৰ্জেণ্টিনাৰ সমৰ্থকৰ তত্ত্বাৱধানত সেইটো কাটি ভাগ-বতৰা কৰি সকলোৱে খালোঁ৷ আনহাতে এনেকুৱা উদাহৰণো দেখিবলৈ পালোঁ যে বিশ্বকাপৰ উলাহত, ফুটবলৰ নিচাত কোনো কোনোৱে সেইকেইদিন ঘৰ-পৰিয়াললৈকো পিঠি দিছিল, ঠিক বিশ্বকাপ জয়ৰ মায়াত বন্দী আমেৰিকানৰ দৰেই!

বিশ্বকাপৰ পৰিসমাপ্তি ঘটাৰ লগে লগে আহি পৰিল বহুজন প্ৰত্যাশিত আৰু আকৰ্ষণীয় উপহাৰ কুপন খেলখন, যাক ভিত্তি কৰি ২০১০ৰ আয়োজনে ভিন্ন ৰূপ পাইছিল৷ গতিকে, পূৰ্বৰ প্ৰতিশ্ৰুতিমতেই, কোনো হীন-ডেঢ়ি নকৰি ফাইনেলৰ পিছদিনাই ১০০জনীয়া সদস্যৰ ভিতৰত খেলখন পাতিলোঁ৷ মৃগাংক শেখৰ বৰুৱা আৰু হাকিম ৰংপিয়ে বিচাৰকৰ ভূমিকা নিয়াৰিকৈ পালন কৰিলে৷ এজন এজনকৈ ৫০জন ভাগ্যৱান পুৰস্কাৰ সামগ্ৰীসমূহৰ গৰাকী হৈ পৰিল৷ ভবামতে সকলোখিনি কামেই সুকলমে সম্পন্ন হৈ গল৷ আনন্দৰে পৰিপূৰ্ণ সময়বোৰক বিদায় দিয়াৰ ক্ষণ আহিল, যদিওবা কাৰো অকণো ইচ্ছা নাছিল৷ মনে বিচাৰিছিল, ৱাকা ৱাকা যেন অহৰহ বাজিয়েই থাকক৷ যেন প্ৰতিদিনে শুনিয়েই থাকিম ৱৰ্ল্ডকাপৰ এন্থেম৷ চায়েই থাকিম বিশ্বকাপৰ ফুটবল সমৰ৷ পিছে উপায় নাই৷ সময়বোৰ তেনেকুৱাই৷ তথাপিও এতিয়াও কাণত বাজি থাকে খেলৰ সময়ৰ সেই অখণ্ড হো-হোৱনি৷ এতিয়াও গুণনুগুণোৱাকৈ থাকিব নোৱাৰোঁ Give me fire, give me freedom...

উপস্থিত ৰাইজক অন্তিম দিনা, উপহাৰ কুপন খেলৰ আগে আগে হেঁপাহ পলুৱাই পুৰী-ভাজি, চাহ-তামোল খুৱালোঁ শেষবাৰৰ বাবে৷ তাৰ কিছু পিছতে এমাহ ধৰি গিজগিজাই থকা চোতাল মোৰ উকা হৈ পৰিল৷ চাৰিটা বছৰৰ পিছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কৰমৰ্দন আৰু হৃদয়ৰ আলিংগন কৰি গৃহাভিমুখী হল সকলোটি৷ আৰম্ভণিৰ দিনাখনৰে পৰাই কেমেৰা আৰু ভিডিঅত নিৰৱচ্ছিন্নভাৱে আবদ্ধ কৰি অহা মুহূৰ্তবোৰ পৰৱৰ্তী দিনৰ সংগী হিচাপে মেমৰী কাৰ্ডৰ ভিতৰত ৰৈ গল৷ তাৰোপৰি হাতত থাকি গল বিশ্বকাপৰ সময়ত ব্যৱহৃত বিভিন্ন কাগজ-পত্ৰাদি, সংগৃহীত ক্রীড়া আলোচনীবিলাক আৰু প্ৰকাশিত বাতৰিসমূহ পৃথকে পৃথকে সংৰক্ষণ কৰি ৰখা ফাইলকেইটা৷ সেইসমূহ এতিয়াও মাজে-সময়ে হাতত তুলি লওঁ, পাত লুটিয়াই চাওঁ আৰু ৰোমন্থন কৰি নষ্টালজিক হৈ পৰোঁ৷ পাৰ হোৱাৰ চেষ্টা কৰোঁ মাজৰ বছৰকেইটা৷ সকলো যেন ফুটবলৰেই মাহাত্ম্য! আমিবোৰ নিমিত্ত মাত্ৰ৷ সেয়েহে ফুটবলৰ মহানুভৱতাক স্বীকাৰ কৰি আন্তৰিকতাৰে পুনঃ পুনঃ অপেক্ষা কৰি ৰওঁ পৰৱৰ্তী বিশ্বকাপে ভুমুকি মৰালৈ, নতুন এটা আশা বুকুতলৈ৷ কল্পনা কৰোঁ মোৰ দল জাৰ্মানীৰ বিজয়, অপেক্ষা কৰোঁ Passport Scotchৰ বটলটোৱে সূৰ্যৰ পোহৰ দেখালৈ৷

তিনিটা ভাগত বিভক্ত এই খণ্ডটো যথেষ্ট দীঘলীয়া হল৷ তাৰ বাবে ক্ষমাপ্ৰাৰ্থী হৈ ৰলোঁ৷ প্ৰত্যেকৰে সুস্বাস্থ্য কামনা কৰিছোঁ৷ ফেব্ৰুৱাৰী মাহৰ কেলেণ্ডাৰত ৩০ তাৰিখ নাই৷ সেয়ে অহা ২৮ তাৰিখেই আপোনালোকক আকৌ লগ পাম৷ সেইদিনা অকপটে জনাম, ফুটবলৰ লগত মোৰ জীৱনত আৰু কি পৰিৱৰ্তন ঘটিল৷ আশা কৰোঁ শুনিব৷ এতিয়া এৰিছোঁ৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. চোতালত ফুটবলপ্ৰিয় দৰ্শক

২. এখন খেলৰ শেষত

৩. ফিফা ৱৰ্ল্ড কাপ কুইজ প্ৰতিযোগিতা ২০১০ৰ দৃশ্য

৪. বিশ্বকাপ ফুটবল আৰু আম-জামু, চাহ-তামোল ইত্যাদি

৫. World Cup Dustbin 2010

৬. আৰ্জেণ্টিনাৰ সমৰ্থক Lungtiawlaৰ কেকটো

৭. উপহাৰ কুপন খেলৰ সময়ত

৮. তথ্য সংৰক্ষণ কৰি ৰখা ফাইলকেইটা

৯. চাৰিটা বছৰৰ পিছত ব্ৰাজিল বিশ্বকাপ ২০১৪ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে

১০. বিদায় বিশ্বকাপ ২০১০

........................................................


২৮.২.২০১

অনন্য এক কাহিনীফুটবলৰ...  (আঠ)

২৮ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকক আকৌ লগ পাম৷ সেইদিনা অকপটে জনাম, ফুটবলে মোৰ জীৱনলৈ আৰু কি পৰিৱৰ্তন আনিলে৷ কথা দিয়ামতেই আজি পুতুলদা আহিল আৰু কৈ গল, এনেদৰে...
........................................................

মাটিৰ তলত পুতি দিলোঁ দ্বিতীয়টো বটল, আৰু জাৰ্মানীৰ নামত মই চিগাৰেট ত্যাগৰ শপত ললোঁ...

বন্ধুমহলৰ ইচ্ছাত, ২০১০চনৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ সময়ত মই কৰা আয়োজনৰ বিষয়ে সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছিল৷ তাৰে ফলশ্ৰুতিত আমাৰ ডিফুৰ প্ৰফেচনেল ফুটবল ক্লাব মৰ্ণিং ষ্টাৰ এফ.চি.য়ে মোক, মোৰ বন্ধু অৰূপ কলিতা আৰু দাদা সুধাংশু ৰঞ্জন দেক এক অনুৰোধ পত্ৰযোগে আমন্ত্ৰণ জনাইছিল ২৪.৭.২০১০ তাৰিখে অনুষ্ঠিত তেওঁলোকৰ বাৰ্ষিক সাধাৰণ সভালৈ৷ উক্ত সভাতে আমাক ক্লাবটোৰ সদস্য কৰি লোৱা হৈছিল৷ আৰু লগে লগে আমাক, বিশেষকৈ মোক, এটা গধুৰ দায়িত্ব অৰ্পণ কৰিলে৷ ক্লাবৰ Logoটো তৈয়াৰ কৰিবলৈ দিলে৷ ময়ো কামটো গুৰুত্ব সহকাৰে লৈ এমাহৰ ভিতৰতে সকলোৰে মনঃপূত হোৱাকৈ Logo এটা সৃষ্টি কৰিলোঁ৷ লগতে Badge আৰু Flagও৷ তাৰ পিছতে দায়িত্ব দিলে প্লেয়াৰৰ জাৰ্চি নতুন ডিজাইনত কৰি উলিয়াবলৈ৷ কম্পিউটাৰত ডিজাইনটো ফাইনেল কৰি, Aircelৰ যোগেদি স্পনচৰ কৰাই, ১৭.৮.২০১০ তাৰিখে প্ৰাক্তন খেলুৱৈ তথা মোৰ বন্ধু চজল ৰয়ৰ সৈতে কলকাতালৈ গৈ কামখিনি কৰোৱাই আনিলোঁ৷ সেয়া কৰি দিয়াৰ পিছত মৰ্ণিং ষ্টাৰ এফ.চি.ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ দিনা ৮.১১.২০১০ তাৰিখে ক্লাবৰ সাহায্যাৰ্থে উপহাৰ কুপন খেল এখন পতাৰ সিদ্ধান্ত লোৱা হল৷ আহ্বায়ক হিচাপে দায়িত্ব আহি পৰিল আকৌ মোৰ ওপৰতে৷ নতুন এটা ধাৰণাৰে, পি.ভি.চি. কাৰ্ডৰ আৰ্হিত Coupon-cum-membership card তৈয়াৰ কৰাকে আদি কৰি নিৰ্দিষ্ট দিনা খেলখন সকলোৰে সহযোগত সুচাৰুৰূপে চলাই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ সক্ষম হলোঁ৷

ফুটবলৰ উন্নয়ন সাধনৰ লক্ষ্যৰে ডিফুত মৰ্ণিং ষ্টাৰ এফ.চি.ৰ উদ্যোগত বাংগালোৰৰ SPT Sports Management Pvt. Ltd.ৰ Coach Education Programmeৰ অন্তৰ্গত এটা Football Coach প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল, ২০১০চনৰ ডিচেম্বৰ মাহত৷ উক্ত প্ৰশিক্ষণৰ বাবে আহিছিল SPT Sports Football Academyৰ English FA Coach Educator Hugh Lewis৷ ১০দিনীয়া উক্ত প্ৰশিক্ষণৰ শেষত ৮.১২.২০১০ তাৰিখে ইংৰাজ প্ৰশিক্ষকগৰাকীক মোৰ ঘৰলৈ নিমন্ত্ৰণ জনাই এসাজ ভাত খুৱাইছিলোঁ৷ ফুটবল সম্পৰ্কীয় বহুতো আলাপ-আলোচনা আমি কৰিছিলোঁ৷ তাৰ মাজতে কথা প্ৰসংগত মইযে এজন জাৰ্মান চাপৰ্টাৰ সেই বিষয়েও তেওঁক অৱগত কৰিছিলোঁ৷ তেতিয়া তেওঁ মোৰ ফালে চাই উৎসাহেৰে কৈছিল, 'Not German, support England.' আনকি পিছদিনা তেওঁ ডিফুৰ পৰা বিদায় লোৱাৰ আগ মুহূৰ্ততো মোক সোঁৱৰাইছিল, 'Not German, England, England.' মই তেতিয়া তেওঁ মনত বেয়া নাপাওক বুলিয়েই হাঁহিমুখে শলাগিছিলোঁ, 'O.K., O.K.' বুলি৷ কিন্তু মইজানো জাৰ্মানীক এৰিব পাৰোঁ? মোৰ প্ৰিয় দল জাৰ্মানী৷ হাৰকেই বা জিককেই৷ ১৯৮৬ৰ সেই মেক্সিকো বিশ্বকাপৰ পৰাই৷

এনেকৈয়ে মৰ্ণিং ষ্টাৰ ফুটবল ক্লাবৰ লগত দিনকদিনে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিলোঁ৷ ২০.৩.২০১২ তাৰিখে উক্ত ক্লাবৰ মেনেজাৰ হৈ সপ্তম অয়ল ইণ্ডিয়া চেলেঞ্জ গল্ড কাপ ফুটবল টুৰ্ণামেণ্টত ভাগ লবলৈ দুলীয়াজানলৈ টীম লৈ গলোঁ৷ তাত প্ৰথম খেলত ২২.৩.২০১২ তাৰিখে অসম পুলিচক ২-০গলত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলোঁ৷ ২৫.৩.২০১২ তাৰিখে ৱাক অভাৰ পাই ছেমি ফাইনেল পালোঁ৷ ২৭.৩.১২ তাৰিখে ছেমি ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন, চত্তিশগড়ৰ JCB Villai Brothersৰ লগত গলশূন্যভাৱে ড্ৰ খেলাৰ পিছত আমাৰ দলে টাইব্ৰেকাৰত ৪-২গলত পৰাজয় বৰণ কৰি প্ৰতিযোগিতাৰ পৰা বিদায় লবলগীয়া হল৷ ইয়াৰ পিছতো মৰ্ণিং ষ্টাৰ এফ.চি.ৰ সৈতে বিভিন্ন ঠাইলৈ যোৱাৰ, বিভিন্ন প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ পাইছোঁ৷ তাৰ মাজেদি যথেষ্ট অভিজ্ঞতা পুঞ্জীভূত কৰিছোঁ৷ ফুটবলে আগমন ঘটোৱা সেইবিলাক মোৰ জীৱনৰ সোণালী ক্ষণ৷ ফুটবল মোৰ জীৱনলৈ নহা হলে সেইবোৰৰো কেতিয়াও আগমন নঘটিলহেঁতেন বুলি মই ভাবোঁ৷

যদিও মোৰ প্ৰধান লক্ষ্য বিশ্বকাপ, তথাপি ফুটবলক গভীৰভাৱে ভালপোৱা মোৰ বন্ধু এচামৰ সঁহাৰিত ইউৰোপীয়ান ফুটবলৰ দৃষ্টিআকৰ্ষণকাৰী প্ৰতিযোগিতা EURO Cupৰো মই আয়োজন কৰিছিলোঁ৷ স্বাভাৱিকভাৱেই তাতো জাৰ্মানীৰ জয়েই আশা কৰিছিলোঁ৷ আনহাতে, পোলেণ্ড আৰু ইউক্রেনৰ সমন্বয়ত পতা ২০১২ৰ EURO Cupৰ খেলবোৰ প্ৰথমৰে পৰাই চাই, কেৱল ময়েই নহওঁ, পৃথিৱীৰ বেছিসংখ্যক ফুটবলপ্ৰেমীয়ে ধাৰণা কৰিছিল যে সেইবাৰ জাৰ্মানীয়েই চেম্পিয়ন হব৷ কাৰণ বিগত বিশ্বকাপ আৰু EURO Cupৰ খেলবোৰতকৈ সেইবাৰ দলটোৱে যথেষ্ট উন্নত, সংগঠিত তথা সংঘবদ্ধ দলীয় শৃংখলাৰে খেল প্ৰদৰ্শন কৰিছিল৷ কিন্তু EURO Cupৰ বুৰঞ্জীয়ে কয়, ইটালীৰ লগত জাৰ্মানী এবাৰো জিকিব পৰা নাই৷ আৰু কাৰ্যতঃ সেইটোৱেই প্ৰতিপন্ন হল৷ ২৮জুনত Warsawৰ National Stadiumত অনুষ্ঠিত ছেমি ফাইনেলত জাৰ্মানী ইটালীৰ হাতত পৰাজিত হল৷ ২-১গলত জয়ী হোৱা ইটালীৰ হৈ যুৱ খেলুৱৈ তথা ষ্ট্ৰাইকাৰ Mario Balotelliএ গল দুটা দিছিল৷ জাৰ্মানীৰ হৈ খেলৰ অন্তিম মুহূৰ্তত মিডফিল্ডাৰ Mesut Ozilএ পেনাল্টিৰ জৰিয়তে এগল পৰিশোধ কৰিলেও তেতিয়ালৈ খেলখন প্ৰায় সমাপ্তই হৈছিল৷ গতিকে আশা নিৰ্বাপিত হল সিমানতে৷

২০১২ৰ EURO Cup চলি থাকোঁতে মই এটা নতুন শপত লৈছিলোঁ৷ মোৰ প্ৰতিজ্ঞা আছিল যে যদি জাৰ্মানী হাৰি যায় তেনেহলে মই দুবছৰৰ কাৰণে চিগাৰেট সেৱনৰ পৰা বিৰত থাকিম৷ অৱশেষত সেয়াই হল৷ জাৰ্মানী হাৰিল৷ আৰু হৰাৰ লগে লগে মই মোৰ হাতত থকা চিগাৰেটেৰে পৰিপূৰ্ণ পেকেটটো মাজতে দুটুকুৰা কৰি ফালি দলিয়াই দিলোঁ আৰু কলোঁ, অহা বিশ্বকাপলৈকে মই চিগাৰেট নাখাওঁ৷ বিশ্বকাপৰ প্ৰথম খেলখনত যেতিয়া জাৰ্মানীয়ে প্ৰথমটো গল দিব সেইদিনাখনহে খাম মই৷ সেই দিন ধৰি মই চিগাৰেটৰ পৰা আঁতৰত আছোঁ৷ কবলৈ সহজ যদিও এইটো কিমান কঠিন কাম, ধুম্ৰপায়ীসকলেহে বুজিব৷ তত্ৰাচ, কোনো কোনো মুহূৰ্তত মনটোৱে বৰকৈ বিচাৰিলেও, সেই ইচ্ছাক দমাই ৰাখিবলৈ মই এটা কাৰণতেই সমৰ্থ হৈছোঁ৷ সেইটো হল জাৰ্মানীৰ নামত, ফুটবলৰ নামত লোৱা শপত৷ এইখিনিতে এটা কথা উল্লেখ কৰি থব খোজোঁ যে যিকোনো এটা কাম কৰিম বুলি ভাবিলে এটা মাত্ৰ কাৰণক লৈয়ে আমি তাক কাৰ্যকৰী কৰিব পাৰোঁ৷ কিন্তু নকৰোঁ বুলি ভাবি ললে হাজাৰটা বাহানা উলিয়াই তাক নাকচ কৰিব পাৰি৷

আৰু এটা কথা এই সুযোগতে উল্লেখ কৰোঁ, যিটো মোৰ বোধেৰে বহুতেই হয়তো নাজানে৷ স্থানীয় ক্রীড়ানুৰাগী, অগ্ৰজ ভ্ৰাতৃপ্ৰতীম, সুধাংশু ৰঞ্জন দেই VAT-69 Scotchৰ বটল এটা মোক উপহাৰ স্বৰূপে দিছিল EURO Cupৰ সময়তে৷ বোধহয় মোৰ পূৰ্বৰ প্ৰতিজ্ঞাৰ দৃঢ়তাক জুখিবলৈকে৷ EURO Cupৰ নামত, জাৰ্মানীৰ নামত সেইটোকো মই গাঁত এটা খান্দি মাটিৰ তলত স্থান দিছিলোঁ৷ দিনটো আছিল ১.৭.২০১২৷ আৰু সংকল্প লৈছিলোঁ যে যিদিনাখন চতুৰ্থবাৰৰ বাবে জাৰ্মানীয়ে EURO Cup জয় কৰিব, সেইদিনাখনহে বটলটো মাটিৰ তলৰ পৰা উলিওৱা হব৷ সময়টো সঠিকভাৱে কব নোৱাৰিলেও বহু লোকেই জানে যে মই জাৰ্মানীৰ সমৰ্থক হিচাপে জাৰ্মানীৰ বিশ্বকাপ জয়ৰ হকে প্ৰতিজ্ঞাবদ্ধ হৈ Passport Scotchৰ বটল এটা কবৰ দি থৈছোঁ৷ আনহাতে এই কথাটো কিন্তু বহুতৰে অজ্ঞাত৷ অকবৰ জৰিয়তে আজি আপোনালোকে মোৰ জীৱনৰ আৰু এটা সত্য গম পালে৷ ইয়াৰ পিছতো কাৰ্যকৰী হৈ আছে মোৰ প্ৰতিজ্ঞাবদ্ধতাই৷ আৰু সেয়া জাৰ্মানীক লৈ, ফুটবলক লৈ৷ কাৰণ মই ফুটবল আৰু জাৰ্মানীক ভাল পাওঁ৷

EURO Cup চলি থকাৰ মাজভাগত ২২.৬.২০১২ তাৰিখে মোৰ স্থানীয় বন্ধু, এল.আই.চি.ৰ চেয়াৰমেন্‌চ ক্লাব মেম্বাৰ এণ্ড চি.অ.টি. এজেণ্ট সুপ্ৰিয় ৰয়ে আমেৰিকাৰ কেলিফৰ্ণিয়াত অনুষ্ঠিত বাৰ্ষিক এম.ডি.আৰ.টি. কনফাৰেন্সত যোগদান কৰি স্বদেশলৈ উভতি অহাৰ পথত জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট এয়াৰপৰ্টৰ পৰা Jim Beam Black Whiskyৰ বটল এটা আনি মোক উপহাৰ দিছিল৷ পূৰ্বৰ প্ৰতিজ্ঞাত স্থিৰ হৈ থাকি মই তেতিয়া বন্ধুজনক ধন্যবাদ দি দৃঢ়মনে কৈছিলোঁ, যিদিনাখন জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্ববিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হব, সেইদিনাখনহে ৰাইজৰ সৈতে মই এই Whiskyৰ বটলটোৰ সাঁফৰ খুলিম৷ তাৰ আগতে কোনো কাৰণতে নহব৷ বটলটো মই খুব সযতনে সংৰক্ষণ কৰি ৰাখিছোঁ৷ আৰু এটা কথা ভাবি মনে মনে গৌৰৱো অনুভৱ কৰি আছোঁ৷ কথাটো হল, মই জাৰ্মানীৰ সমৰ্থক৷ ফুটবলক, জাৰ্মান দলক মই হৃদয়েৰে ভাল পাওঁ৷ জাৰ্মানীৰ কাৰণেই প্ৰতিজ্ঞাবদ্ধ হৈ মদ্যপানৰ পৰা সুদীৰ্ঘ ১২বছৰ ধৰি একেৰাহে বিৰত থাকিব পাৰিছোঁ, চিগাৰেট হুপিবলৈ একেবাৰতে এৰিব পাৰিছোঁ৷ এতিয়া এনে এটা আশা প্ৰতিপালন কৰাটো সৌভাগ্যৰ লগতে প্ৰাসংগিক নহবনে যে যি জাৰ্মানীৰ কাৰণে মদ্যপান এৰিছোঁ, সেই জাৰ্মানীৰ কাৰণেই এদিন আকৌ সাঁফৰ খুলিম৷ আৰু সেই সাঁফৰ খুলিব লগা বটলটোও হব জাৰ্মান দেশৰ পৰাই অহা! সেই দিনটো শীঘ্ৰে উপস্থিত কৰোৱাবলৈকে প্ৰতিদিনে মনে মনে ঈশ্বৰক খাটনি ধৰি আহিছোঁ৷

২০১২ৰ কথা৷ মোৰ ভ্ৰাতৃপ্ৰতীম বন্ধু তথা কাৰবি আংলং জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰেচিডেণ্ট জয়ছিং টকবিয়ে এদিন হঠাৎ কলে,  পুতুলদা, আমাৰ ইয়াত জাৰ্মানীৰ এজনী ছোৱালীয়ে কাৰবি ব্যাকৰণ বিষয়ক গৱেষণা কৰি আছে৷ তেওঁক মই আপোনাৰ বিষয়ে কৈছিলোঁ৷ পিছৰবাৰ ডিফুলৈ আহিলে আপোনাৰ ঘৰলৈ লৈ আহিম৷ মই ব বাৰু বুলি কোৱাত ৪.১২.২০১২ তাৰিখে জয়ছিং আৰু স্থানীয় সাহিত্য-কৰ্মী চিকাৰী তিছৰ সৈতে মোৰ ঘৰ আহি ওলাল জাৰ্মান ছোৱালী Linda Konnerth৷ ঘৰ Munichত৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ Eugeneত অৱস্থিত University of Oregonৰ Deptt. of Linguisticsৰ গৱেষিকা ছাত্ৰী তেওঁ৷ কাৰবি সাহিত্য সভা (কাৰবি লামমেত আমেই)ৰ সহযোগিতাত নিজৰ পি.এইচ.ডি.ৰ বাবে গৱেষণা-পত্ৰ প্ৰস্তুত কৰিবলৈ Karbi descriptive grammar project সংক্রান্তত ডিফুৰ জিৰছং আছঙত আছেহি৷ তেওঁক মই স্বাগতম জনালোঁ৷ ভাত এসাজো খুৱালোঁ৷ কথা প্ৰসংগত জাৰ্মানীক মই কিমান ভাল পাওঁ তাক বৰ্ণনা কৰিলোঁ৷ তদুপৰি ১৯৮৬ৰ পৰা আৰম্ভ কৰি বিশ্বকাপ ফুটবলৰ আয়োজন সম্পৰ্কে প্ৰস্তুত কৰা মোৰ কথাংশৰ সংক্ষিপ্ত-সাৰ, যাৰ বিস্তাৰিত ৰূপ আপোনালোকে অকবত পঢ়িবলৈ পাইছে, তাৰেই বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ইংৰাজীৰ বিষয় শিক্ষক তথা মোৰ অনুজপ্ৰতিম জয়ন্ত ঠাকুৰে সেই সময়তে কৰি দিয়া ইংৰাজী অনুবাদৰ কপী এটাও তেওঁলৈ সসন্মানে আগ বঢ়ালোঁ৷ সেয়াই আছিল মোৰ ঘৰত কোনো জাৰ্মান নাগৰিকৰ প্ৰথম পদাৰ্পণ৷ মোৰ দৰে লোকৰ বাবে এটা ভাবিব নোৱাৰা কথা! কবলৈ ভাল লাগে, ফুটবলৰ জৰিয়তেই সেই সৌভাগ্য মোৰ প্ৰাপ্তি হল৷

এনে ধৰণে ফুটবলে মোৰ জীৱনলৈ বিভিন্ন দিশৰ পৰিৱৰ্তন,  উন্নয়ন আৰু সৌভাগ্য কঢ়িয়াই আনিছে৷ মনক কৰিছে সুদৃঢ়৷ এই সকলোবিলাক নিঃসন্দেহে মোৰ বাবে পৰম সুখদায়ক কথা৷ গতিকে ফুটবলক মোৰ প্ৰতিজ্ঞাবদ্ধ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ বুলি অভিহিত কৰোঁ৷ বিশ্বকাপ ফুটবলক মোৰ জীৱনৰ উৎসৱ বুলি মানি অহাৰ বিষয়ে আগতেই কৈছোঁ৷সেই উৎসৱ আকৌ চমু চাপি আহিছে৷

১৯৮৬ৰ বিশ্বকাপকে ধৰি এতিয়ালৈকে উপভোগ কৰা ৭টা বিশ্বকাপৰ ভিতৰত এবাৰেই, ১৯৯০চনত জাৰ্মানী চেম্পিয়ন হৈছিল, বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে৷ কিন্তু মই বিচাৰোঁ, জীৱনত আৰু এবাৰ, মাত্ৰ এবাৰ, জাৰ্মানী বিশ্ববিজয়ী হওক৷ কাৰণ মই জাৰ্মানীৰ নামত মোৰ জীৱনত কেইবাটাও ডাঙৰ প্ৰতিজ্ঞা ৰক্ষা কৰি আহিছোঁ, যিটো জাৰ্মানী চতুৰ্থবাৰৰ বাবে বিশ্ববিজয়ী হোৱাৰ অবিহনে মই কেতিয়াও ভংগ নকৰোঁ৷ মই মোৰ জীৱিত কালত এই প্ৰতিজ্ঞা বিশ্ববাসীৰ ওচৰত প্ৰমাণ কৰিহে এৰিম৷ এইটো মোৰ বাহাদুৰী মুঠেই নহয়, এইটো মোৰ দৃঢ়বিশ্বাস৷

অহা ১০মাৰ্চ তাৰিখে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম বুলি ভাবিছোঁ৷ তাৰ পিছতে ক্ৰমান্বয়ে দিন চমু চাপি অহা আগন্তুক বিশ্বকাপ ফুটবলৰ আয়োজনত পূৰ্ণৰূপত সোমাই পৰিব লাগিব৷ ঈশ্বৰে সকলোকে কুশলে ৰাখক৷ ধন্যবাদ৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰসূচী...

১. মৰ্ণিং ষ্টাৰ ফুটবল ক্লাবৰ Badge, Logo, জাৰ্চি, উপহাৰ কুপন

২. ফুটবল কচ প্ৰশিক্ষণ, চাৰ্টিফিকেট

৩. Hugh Lewis মোৰ ঘৰলৈ আহোঁতে

৪. মৰ্ণিং ষ্টাৰ এফ.চি.ৰ সৈতে জড়িত হৈ পৰিলোঁ

৫. মৰ্ণিং ষ্টাৰ এফ.চি. ফুটবল টীমৰ সৈতে

৬. চোতালত ২০১২ৰ EURO Cup

৭. পুতি পেলালোঁ VAT-69 Scotchৰ বটলটোও

৮. সযতনে ৰাখিছোঁ সুপ্ৰিয়ই ফ্ৰেংকফুৰ্টৰ পৰা আনি দিয়া Jim Beam Black Whiskyৰ বটলটো

৯. Linda Konnerthৰ সৈতে, মোৰ ঘৰত

১০. জাৰ্মান ছোৱালীজনীক ভাত এসাজ খুৱালোঁ

........................................................

বি.দ্ৰ. : আপোনাসৱৰ প্ৰতি দুটি আহ্বান
১. অনন্য এক কাহিনী ফুটবলৰ.. যোৱা ১২নবেম্বৰৰ পৰা আৰম্ভ হোৱা এইলানি কথোপকথনৰ মাজেৰে ফুটবলপ্ৰেমী তথা জাৰ্মান সমৰ্থক পুতুলদাই ১৯৮৬চনৰ পৰা আৰম্ভ কৰি নিজাববীয়াকৈ বহুতো কথাই কৈ গল৷ বহুজনে সেয়া ইতিমধ্যে পঢ়িলে৷ সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ৷ ধাৰাবাহিকভাৱে মাহৰ ১০, ২০ আৰু ৩০ তাৰিখে লিখি অহা এই পষ্টটোৰ পুতুলদাৰ ইচ্ছানুযায়ীয়ে আঁৰ কাপোৰ নমোৱাৰ আগে আগে ভাবিছোঁ, পুতুলদাৰ এটা সাক্ষাৎকাৰ ললে কেনে হয়? সাক্ষাৎকাৰ বোলাটো উচিত নহব চাগৈ, প্ৰশ্নোত্তৰ বুলিয়ে কওঁ৷ অকবৰ মাননীয় সদস্যসকলৰ পৰাই প্ৰশ্নৰ আহ্বান কৰিছোঁ৷ আপুনি কৰিব খোজা প্ৰাসংগিকতাপূৰ্ণ প্ৰশ্ন অনুগ্ৰহ কৰি ৮.৩.২০১৪ তাৰিখৰ বিয়লি ৩.০০বজাৰ আগতে এইবাৰৰ পষ্টটিৰ তলতে মন্তব্য বাকচত লিখি দিয়ে যেন৷ মন কৰিব, অহা বিশ্বকাপৰ আয়োজন সম্বন্ধে পুতুলদাই এতিয়ালৈকে একো কোৱা নাই কিন্তু৷ গতিকে সেই লৈ কৌতূহল নিশ্চয় থাকিব৷ আশা কৰোঁ অহা ১০.৩.২০১৪ তাৰিখে পেলাব খোজা যৱনিকা খণ্ডটিত পুতুলদাই দিয়া উত্তৰসমূহ পঢ়িবলৈ পোৱা যাব৷ বিষয়টিৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ তথা আন্তৰিক সহযোগিতা কামনা কৰিলোঁ৷
২. কোন কিমান শুদ্ধ? আগন্তুক ব্ৰাজিল বিশ্বকাপক কেন্দ্ৰ কৰি পুতুলদায়ো তাকে চাব খুজিছে৷ শিৰোনাম দিছে My Prediction৷ পুতুলদাৰ হিচাপৰ বিশেষ ১০০গৰাকী ব্যক্তিয়ে কৰা আগজাননী ইতিমধ্যে লিপিবদ্ধ হৈছেই ফুটবল-পাগলজনে অনবৰতে কঢ়িয়াই লৈ ফুৰা পকেট নোটবুকখনত৷ বিশ্বকাপৰ সময়ত তৈয়াৰ কৰিবলগীয়া ৱাল পষ্টাৰত প্ৰত্যেকৰে নাম আৰু Prediction উল্লেখ থাকিব বুলি কৈছে৷ সেয়েহে অকবৰ মাননীয় সদস্যসকললৈ আন এটা আহ্বান... ভাবি-চিন্তি আপোনালোকেও সম্ভাব্য্ স্কৰৰ সৈতে জনাবচোন ব্ৰাজিলত কোন চেম্পিয়ন আৰু কোন ৰানাৰ্ছ আপ হব? মোৰ Prediction এনে... চেম্পিয়ন ব্ৰাজিল-১, ৰানাৰ্ছ আপ স্পেইন-০৷ আপোনাৰ আগজাননী মন্তব্য বাকচত উল্লেখ কৰে যেন৷ অন্তিম দিন অহা ১০.৩.২০১৪৷ ধন্যবাদ৷
আব্দুছ ছাজিদ, ২৮.২.২০১৪
........................................................


১০.৩.২০১

অনন্য এক কাহিনীফুটবলৰ...

যৱনিকা

আজি শেষবাৰলৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈ সকলোলৈকে প্ৰণাম জনাইছোঁ৷ মনৰ কথাবোৰ এনেদৰে খোলাখুলিকৈ কেতিয়াবাযে কৰবাত কবলৈ পাম, সেয়া মোৰ কল্পনাৰো অগোচৰ আছিল৷ এতেকে অসমীয়াত কথা-বতৰা গোটৰ জৰিয়তে পোৱা বিৰল সুযোগকণৰ বাবে মই ধন্য মানিছোঁ৷ অকবৰ ৱালত অনন্য এক কাহিনী, ফুটবলৰ.. শীৰ্ষক ক্রীড়াভিত্তিক ধাৰাবাহিক লেখাটিত যিসকল সন্মানীয় সদস্য-সদস্যাই ক্ষন্তেক থমকি ৰৈ চকু ফুৰালে, সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মোৰ জীৱনৰ এই সত্য-প্ৰসংগই ইতিমধ্যে ভাষা-সাহিত্য সন্মিলনী, অসমৰ মাহেকীয়া অসমীয়া ই-আলোচনী সাহিত্য ডট অৰ্গতো স্থান পাইছে বুলি অৱগত হৈছোঁ৷ তাৰ বাবেও মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ৷

২৮.২.২০১৪ তাৰিখৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা প্ৰশ্নকৰ্তা তথা আগন্তুক বিশ্বকাপৰ আগজাননী কৰোঁতাসকললৈ একোটাকৈ কৰমৰ্দন৷ এতিয়া উত্তৰবোৰ দি যাওঁ৷

শংকৰ জ্যোতি বৰা ডাঙৰীয়াই সুধিছে : পুতুলদাই নিজে ফুটবল খেলিছিলনে? পুতুলদাৰ মতে ২০১৪ত কোনজন খেলুৱৈয়ে গল্ডেন বুট আৰু গল্ডেন বল লাভ কৰিব?
......হয়, মই ফুটবল খেলিছিলোঁ৷ আমাৰ দিনত ফুটবলেই খেলপথাৰসমূহ জিনি আছিল৷ ২০.১১.২০১৩ তাৰিখৰ কাৰ্টেন ৰাইজাৰতে কথাটো উনুকিয়াইছিলোঁ৷ ২০১৪ৰ বিশ্বকাপত গল্ডেন বুট (সৰ্বোচ্চ গলদাতাৰ স্বীকৃতি) আৰু গল্ডেন বল (শ্ৰেষ্ঠ খেলুৱৈৰ স্বীকৃতি) কোনে লাভ কৰিব, এতিয়াই কোৱাটো টান৷ কিয়নো, কেইবাজনো তাৰকাৰ নামে তালিকাত ঠাই পাইছে৷ তথাপিও মই ভাবোঁ, সম্ভাৱ্য খেলুৱৈ দুজন হব ক্রমে ব্ৰাজিলৰ Neymar da Silva Santos Junior আৰু জাৰ্মানীৰ Mesut Ozil৷

প্ৰদ্যুৎ জ্যোতি শইকীয়া ডাঙৰীয়াই জানিব বিচাৰে : পুতুলদাৰ সপোনৰ দল আছেনে? যদি আছে খেলুৱৈসকল কোন কোন?
......মোৰ সপোনৰ দল জাৰ্মানীয়েই৷ ১৯৮৬ৰ মেক্সিকো বিশ্বকাপত আৰ্জেণ্টিনাৰ লগত জাৰ্মানীয়ে যি মুহূৰ্ততে প্ৰথমে গলটো খালে, তেতিয়াৰ পৰাই জাৰ্মানীয়েই মোৰ হৃদয়ত আসন লৈ আছে, শয়নে-সপোনে৷ খেলুৱৈসকলো জাৰ্মান দলৰে৷

ৰূপম নাথ ডাঙৰীয়াৰ প্ৰশ্নটো আছিল : পুতুলদাৰ পৰা জানিব বিচাৰিছোঁ, তেওঁ জাৰ্মান দলৰ বিজয়াৰ্থে বহুতো ত্যাগ কৰিছে৷ এইক্ষেত্ৰত জাৰ্মান দলৰ পৰা তেওঁ কিবা সহায়-সহানুভূতি পাইছে নেকি বা জাৰ্মান দলৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছে নেকি?
......নাই, বৰ্তমান পৰ্যন্ত তেনেকুৱা একো পোৱা নাই৷

স্নেহাশিস পৰাশৰ ডাঙৰীয়াৰ প্ৰশ্ন : বৰ্তমান জাৰ্মান দলত পুতুলদাৰ প্ৰিয়তম খেলুৱৈ কোন আৰু কিয়?
......জাৰ্মানীৰ সমস্ত জাতীয় দলটোৱেই মোৰ প্ৰিয়৷ প্ৰিয়তম বুলি সুধিলে Mesut Ozilৰ নামটো কম৷ কাৰণ জাৰ্মানীৰ বৰ্তমান নামী-দামী খেলুৱৈজন হৈছে তেৱেঁই৷

আৰ. জে. অংগৰাগ ডাঙৰীয়াই সুধিছে : অসমত ফুটবলৰ জনপ্ৰিয়তা এতিয়াও আছে৷ তথাপি ভাল খেলুৱৈ ওলাই আহিব পৰা নাই কিয়?
......মই লক্ষ্য কৰোঁ, আজিকালি আগৰ নিচিনাকৈ স্কুলীয়া অৱস্থাত ফুটবলৰ চৰ্চা একেবাৰে নোহোৱাৰ দৰেই হল৷ বিদ্যালয় পৰ্যায়ত অৰ্থাৎ তৃণমূল পৰ্যায়ত খেলা-ধূলা কমি যোৱাৰ পৰিণতিতে খেলুৱৈ ওলাই অহাটো কঠিন হৈ পৰিছে বুলি মই ভাবোঁ৷

প্ৰসংগক্রমে বহলাই অকণমান কওঁ৷ আমাৰ দিনত বিদ্যালয়বিলাকত স্কুল টুৰ্ণামেণ্ট, জনেল টুৰ্ণামেণ্ট, ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট আদি যিবিলাক প্ৰতিযোগিতা আছিল, খেলৰ যি ষ্টেণ্ডাৰ্ড আছিল, বৰ্তমান সেইবোৰ হেৰাই গৈছে৷ যাৰ ফলত আজিকালি হাইস্কুলীয়া স্তৰৰ পৰাই লৰা-ছোৱালীবিলাক ক্ষতিকাৰক কামত লিপ্ত হৈছে৷ কাৰণ স্কুলীয়া লৰা-ছোৱালী বেয়া হোৱাৰ মূল সময়খিনিয়ে হল বিয়লি ৩বজাৰ পৰা ৫বজাৰ ভিতৰত৷ আগতে স্কুলীয়া ছাত্ৰসকলে আবেলি পৰত বল খেলিছিল৷ প্ৰতিখন স্কুল, কলনীৰ ৰাইজ বা ক্লাবসমূহে ফিল্ডত খেল পাতি, চাই, খেলি সময় কটাইছিল৷ যাৰ ফলত বেয়া দিশবোৰক লৈ চিন্তাই কৰিব লগা হোৱা নাছিল৷ কিন্তু এতিয়া? সেই পৰিৱেশ নোহোৱা হল৷ মই এনেকৈয়ে ভাবোঁ৷ খেলা-ধূলা কমি যোৱাটোৱে মোৰ মনত বৰ দুখ দিয়ে৷

প্ৰশ্নকৰ্তাসকললৈ পুনৰবাৰ ধন্যবাদ৷ এইখিনিতে জনাওঁ যে আগন্তুক বিশ্বকাপৰ খেলসূচী সম্পৰ্কে উৎসুকতা প্ৰকাশ কৰাত ৰূপম নাথ ডাঙৰীয়ালৈ ৱৰ্ল্ড কাপ কেলেণ্ডাৰ এখন ডাকযোগে প্ৰেৰণ কৰা হৈছিল৷ তেখেতে ইতিমধ্যে ফোনযোগে প্ৰাপ্তি স্বীকাৰ কৰিছে৷ এইটো মোৰ বাবে এটা ভাবিব নোৱাৰা আৰু আনন্দদায়ক কথা৷

মোৰ মনৰ কথাখিনি ইমানদিনে আপোনালোকলৈ সময়ানুসাৰে সজাই-পৰাই আগ বঢ়াই অহা আব্দুছ ছাজিদে আগন্তুক বিশ্বকাপৰ আয়োজন সন্দৰ্ভত মোক কিছু কথা মুকলিমূৰীয়াকৈ সুধিব খুজিছে৷ এইবাৰ মই তেওঁ কি বিচাৰে শুনো৷

১. আপোনাৰ চোতালত ব্ৰাজিল বিশ্বকাপ ২০১৪ৰ আয়োজন৷ জীৱনৰ মহোৎসৱলৈ মাজত মাত্ৰ ৯৩টা দিন৷ চমুকৈ কওকচোন, কি ভাবিছেনো এইবাৰ?
......২০১০ত ইলেক্ট্রনিক মিডিয়াত যিহেতু মোৰ বিষয়ে দেশে-বিদেশে সম্প্ৰচাৰ হল, ময়ো এই প্ৰক্রিয়াটো অধিক গুৰুত্ব সহকাৰে লৈছোঁ৷ কাৰণ আমাৰ ঠাইখনৰ সন্মানৰ কথা আছে৷ ব্ৰাজিল বিশ্বকাপ ২০১৪ৰ আয়োজন কেনেকৈ বিগত দিনতকৈ আৰু আটকধুনীয়া কৰিম, তাৰ চিন্তাই স্বাভাৱিকতে মোৰ নিদ্ৰাহৰণ কৰিছে৷ আয়োজনৰ কাম-কাজ ইতিমধ্যে আৰম্ভ কৰিয়ে দিছোঁ, যত নতুনত্ব নিশ্চয় থাকিব৷ চমুকৈ কোৱাটো টানেই দেখোন!

২. ব্ৰাজিল বিশ্বকাপ ২০১৪ৰ সামগ্ৰিক বিশ্লেষণ এটা শুনিব বিচাৰিছোঁ আপোনাৰ মুখেৰে৷
......বিশ্লেষক নহওঁ৷ তথাপি, মোৰ অংকমতে এইবাৰ বিশ্বকাপত ভাগ লোৱা ৩২টা জাতীয় দলৰ মাজৰ পৰা ৰাউণ্ড অৱ ছিক্সটিনলৈ উঠিব ব্ৰাজিল, মেক্সিকো, নেদাৰলেণ্ডছ, স্পেইন, কলম্বিয়া, গ্ৰীচ, ইটালী, ইংলেণ্ড, ফ্ৰান্স, চুইজাৰলেণ্ড, আৰ্জেণ্টিনা, নাইজেৰিয়া, জাৰ্মানী, পৰ্তুগাল, চাউথ কোৰিয়া আৰু ৰাছিয়া৷ এই ১৬টা টীমৰ মাজৰ পৰা কোৱাৰ্টাৰ ফাইনেল খেলিবগৈ ব্ৰাজিল, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ডছ, ইটালী, আৰ্জেণ্টিনা আৰু পৰ্তুগালে৷ ছেমি ফাইনেলত ব্ৰাজিল জাৰ্মানীৰ আৰু নেদাৰলেণ্ডছ আৰ্জেণ্টিনাৰ মুখামুখি হব৷ জাৰ্মানী আৰু আৰ্জেণ্টিনাই ফাইনেল খেলিব৷ জাৰ্মানী চূড়ান্ত বিজয়ী হব৷ তৃতীয় স্থানত থাকিব ব্ৰাজিল৷

৩. প্ৰত্যেকবাৰ বিশ্বকাপত আশা কৰাৰ দৰে এইবাৰো আপুনি ব্ৰাজিলত জাৰ্মানী চেম্পিয়ন হোৱাটোকে আশা কৰিছে৷ সেইটো বাৰু গম পাইছোঁ৷ এইবাৰৰ জাৰ্মান জাতীয় দলটোৰ সম্বন্ধে আপোনাৰ মনে কি কয় বাৰু?
......মই আশাবাদী৷ এইবাৰ জাৰ্মানীৰ জাতীয় দলটোত ন-পুৰণি ভাল ভাল খেলুৱৈৰ ইমানেই পয়োভৰ ঘটিছে যে কি কম! ইফালে ইউৰো কাপত জাৰ্মানীৰ যিটো স্পিৰিট দেখা পালোঁ, তাৰ পিছতেই বিভিন্ন ক্লাব চেম্পিয়নশ্বিপৰ খেলসমূহত জাৰ্মানীৰ ক্লাব আৰু জাৰ্মান খেলুৱৈসকলৰ যিধৰণৰ উন্নত মানৰ প্ৰদৰ্শন, সাংঘাতিক ফৰ্ম আৰু আগ্ৰাসন বা আধিপত্য চকুত পৰিছে, সেইসমূহেই মোৰ মনত আশাৰ সঞ্চাৰ কৰিছে যে ব্ৰাজিলত মোৰ দল জাৰ্মানী এইবাৰ নিশ্চিতভাৱেই চূড়ান্ত বিজয়ী হবলৈ গৈ আছে৷ হাণ্ড্ৰেড পাৰ্চেণ্ট৷

৪. ঠিক আছে বাৰু, ধৰি ললোঁ, ব্ৰাজিলত জাৰ্মানীয়েই চেম্পিয়ন হল৷ তেনেস্থলত আপোনাৰ চোতালত উদ্ভৱ হব লগা পৰিৱেশটোৰ বিষয়ে আগতীয়াকৈ অকণমান জনাবনে?
......সেইটো ভাষাৰে বৰ্ণনা কৰিবলৈ টান দেই৷ কিন্তু এইটো হলে খাটাং যে আনন্দমুখৰ সেই মূহূৰ্তত স্ফূৰ্তিত মই কিজানি কব নোৱাৰা হৈ পৰিম৷ কাৰণ ইমান দিনৰ হেঁপাহ, ইমানকেইটা প্ৰতিজ্ঞা! আস, ভাবিব নোৱাৰি, কি কিযে নকৰিম!

৫. আৰু জাৰ্মানী যদি পৰাভূত হয়, তেনেহলে? আপোনাৰ মানসিক অৱস্থা কেনেকুৱা হব?
......পৰাভূত হব বুলি মনে নধৰে৷ তথাপি কৈ থওঁ, মানসিক অৱস্থা এতিয়া যেনে আছে তেনেই থাকিব৷ কাৰণ প্ৰতিজ্ঞাৰ কথা আছে৷ ১৯৯৪চনৰ পৰা মানসিক অৱস্থা স্থিৰ বা দৃঢ় ৰাখিয়েইতো প্ৰতিবাৰে আশাৰ পিছত আশা বুকুত বান্ধি চাৰি বছৰৰ অন্তৰে অন্তৰে ফুটবলৰ মহাৰণখনত অৱতীৰ্ণ হৈ গৈ আছোঁ, জাৰ্মানীৰ পক্ষত থাকি৷ গতিকে কোনো অসুবিধা নাই৷ ফুটবলপ্ৰেমী ৰাইজৰ বাবে নিজা উদ্যোগত পূৰ্বতকৈ উন্নত ৰূপত কিবা অকণমান আগ বঢ়াব পাৰিছোঁ বুলিয়েই মানসিক সন্তুষ্টি লভিম৷

৬. ৱৰ্ল্ড কাপ কেলেণ্ডাৰ এখন উলিয়াইছে আপুনি, বহলাই কওকচোন সেই বিষয়ে৷
......কথাটো হয়৷ এইবাৰ মই ৯.৫ ইঞ্চি বহল, ২৮.৫ ইঞ্চি দীঘল জোখৰ চাৰিপৃষ্ঠাজোৰা মাল্টিকালাৰ কেলেণ্ডাৰ এখন তৈয়াৰ কৰিছোঁ৷ ফুটবলক ভাল পোৱা আৰু মোৰ আয়োজনৰ সমৰ্থনকাৰী, গ্ৰেটাৰ ডিফু ফুটবলৰ ফেনচৰ ১০০জন বিশেষ ব্যক্তিক উদ্দেশ্য কৰি সীমিতসংখ্যক কপী ছপা কৰা হৈছে৷ এই ফিফা ৱৰ্ল্ড কাপ কেলেণ্ডাৰখনৰ প্ৰথম পৃষ্ঠাত মোৰ বিগত দিনৰ আয়োজনৰ ৪খন নিৰ্বাচিত ফটো আৰু স্মৃতিবিজড়িত Passport Scotchৰ বাকচটোৰ ছবিৰ সৈতে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আৰু মে মাহকেইটা আছে৷ দ্বিতীয় পৃষ্ঠাত জুন মাহটোৰ লগতে আছে বিশ্বকাপৰ ৮টা গ্ৰুপৰ তাৰিখ, সময়, স্থান, দলৰ নামসহ খেলসমূহৰ সূচী৷ লগতে ৰাখিছোঁ পইণ্টচ টেবুল৷ এই সকলোবোৰ এনেকৈ সজোৱা হৈছে যাতে খেলৰ লগে লগে লিখি আগুৱাই গৈ থাকিব পাৰি৷ তৃতীয় পৃষ্ঠাত বিশ্বকাপ ২০১০ৰ সময়ত India Today আলোচনীত মোৰ বিষয়ে ওলোৱা কথাংশৰ লগতে ৰাউণ্ড অৱ ছিক্সটিনৰ পৰা আৰম্ভ কৰি কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, থাৰ্ড প্লেছ আৰু ফাইনেলৰ উল্লেখ আছে৷ এইখিনিও এনেধৰণে সজোৱা হৈছে যাতে খেলৰ লগে লগে নোট কৰি গৈ থাকিব পাৰি৷ তাৰ একেবাৰে তলত দিয়া হৈছে জুলাই মাহটো৷ চতুৰ্থ পৃষ্ঠাত আকৌ পুৰণি দিনৰ নিৰ্বাচিত ফটো চাৰিখনৰ সৈতে আগষ্ট, চেপ্তেম্বৰ, অক্টোবৰ, নবেম্বৰ আৰু ডিচেম্বৰ মাহৰ কেলেণ্ডাৰ ৰখা হৈছে৷ ৱৰ্ল্ড কাপ কেলেণ্ডাৰখনৰ আন এটা বিশেষত্ব হৈছে, অংশগ্ৰহণ কৰা দলসমূহৰ বিষয়ে জ্ঞান থাকক বা নাথাকক, যিকোনো ব্যক্তিয়েই কেলেণ্ডাৰখন মেলি লৈ আগতীয়াকৈ নিজৰ ভৱিষ্যৎ-বাণী কৰিব পাৰিব কোন চেম্পিয়ন হব, কোন হব ৰানাৰ্ছ-আপ আদি৷ তদুপৰি ভৱিষ্যতলৈ সংৰক্ষণো কৰিব পাৰিব৷

৭. মন কৰিছোঁ, বিশ্বকাপৰ সময়তে আপুনি আকৰ্ষণীয়ভাৱে আন এক খেলৰো আয়োজন কৰে৷ এইবাৰৰ উপহাৰ কুপন খেলখনৰ সম্পৰ্কে কবনে?
......হয়, এইবাৰো আয়োজন কৰিছোঁ, সময়ৰ সৈতে খাপ খুৱাকৈ৷ ১০০খন কুপন৷ ৫০টা উপহাৰ৷ বিতৰণৰ কাম ইতিমধ্যে শেষ হৈছেই৷উপহাৰ সামগ্ৰীও এপদ-দুপদকৈ গোটোৱা আৰম্ভ কৰিছোঁ৷ ১০০ সদস্যৰ প্ৰতিজনৰে বাবে আগতীয়া বিশেষ উপহাৰ হিচাপে ধাৰ্য কৰা হৈছে এখনকৈ ৱৰ্ল্ড কাপ কেলেণ্ডাৰ আৰু My prediction অনুসৰি নিজৰ স্বপ্নৰ দলটোৰ নাম জিলিকি থকা একোটাকৈ জাৰ্চি৷

৮. আপুনিতো অকলেই এটা অনুষ্ঠান! বাৰু, এইবাৰ চোতালখন কেনেকৈ সজাম বুলি ভাবিছে?
......২০১৪ৰ বাবে মোৰ ঘৰৰ গোটেই পৰিৱেশটোকে এটা বেলেগ ৰূপ দিয়াৰ বাবে লাগি আছোঁ৷ স্থায়ী কামখিনি হৈ উঠিছেই৷ এইবাৰো অংশগ্ৰহণকাৰী ৩২খন দেশৰ ফ্লেগ চৌপাশে উৰি থাকিব৷ বেনাৰ, পষ্টাৰৰ উপৰি থাকিব My prediction বৰ্ড, যত বিশেষ ১০০জনৰ লগতে অকবৰ পৰা পোৱাসকলৰ আগজাননী প্ৰদৰ্শন কৰা হব৷ ক্রীড়া আলোচনীৰ চিত্ৰসমূহৰ সহায়ত ৫ ফুট x ১০ ফুট জোখৰ ৱৰ্ল্ড কাপ পষ্টাৰ এখন নিজহাতে প্ৰস্তুত কৰি আছোঁ৷ আগৰ দৰে ৱৰ্ল্ড কাপ ডাষ্টবিন এটাও তৈয়াৰ কৰিব লাগিব৷ বৃহৎ আকাৰৰ ফিক্সাৰখনে সম্প্ৰতি কম্পিউটাৰত অগ্ৰগতি লভিছে৷ চোতালৰ উপৰি ডিফু চহৰৰ কেইবাটাও সচৰাচৰ জনপূৰ্ণ স্থানতো তেনে সূচী লগাই দিয়া হব যাতে ৰাইজে সেয়া চাই সহজে বুজিব পাৰে, কাৰ কেতিয়া কত খেল আছে৷ আৰু কেইটামান নতুন কথা ভাবি আছোঁ৷ দিল্লীত থকা বন্ধু খানৰ জৰিয়তে সম্প্ৰতি কিছু খবৰা-খবৰি চলাই আছোঁ৷ কানাডালৈ গৈ বিশ্বকাপৰ আগে আগে ঘূৰি আহি পাব লগা মোৰ আন এজন বন্ধু সুপ্ৰিয়ৰ মাধ্যমেৰেও কিছু নতুনত্বৰ সংযোজন ঘটোৱাৰ চিন্তা ৰাখিছোঁ৷ ৰাইজৰ মনোৰঞ্জনৰ অৰ্থে মোৰ দল জাৰ্মানীৰ বিজয়োৎসৱত জাৰ্মান নৃত্য এটা প্ৰদৰ্শন কৰোৱাৰো ইচ্ছা আছে৷ গতিকে চোতালৰ সাজ-সজ্জা চালে চকুৰোৱা হব বুলিয়েই ভাবিছোঁ৷ অকবৰ  ৰাইজেও ইচ্ছা কৰিলে পৰামৰ্শ দিব পাৰে, ফুটবলৰ বিচিত্ৰ সোৱাদ লবহি পাৰে৷ তাৰ বাবে সুযোগ পাওঁতেই এতিয়াই আহ্বান জনাই থলোঁ৷

৯. ধন্যবাদ বাৰু৷ আৰু প্ৰতিযোগিতা? পাতিবনে?
......ছাত্ৰ-ছাত্ৰীৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে ৱৰ্ল্ড কাপ কুইজ প্ৰতিযোগিতা পাতিম৷ এইবাৰ এখন পেইণ্টিং প্ৰতিযোগিতাৰো আয়োজন কৰিম বুলি সিদ্ধান্ত এটা লৈ থৈছোঁ মনে মনে৷

১০. বঢ়িয়া৷ এতিয়া আপোনাৰ ব্ৰাজিল১৪ৰ বিষয়ে কওকচোন৷
......আগন্তুক ৱৰ্ল্ড কাপৰ সময়ত বাহিৰৰ পৰা আমন্ত্ৰিত হৈ অহা আলহীৰ বাবে এটা চাংঘৰ সজাৰ প্ৰক্রিয়া ২০১৩ৰ মাৰ্চতে আৰম্ভ কৰি ইতিমধ্যে নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছোঁ৷ মিজো ট্ৰেডিচনেল ডিজাইনত কৰা পেভিলিয়নটোৰ নাম দিছোঁ ব্ৰাজিল১৪৷ বিগত ৱৰ্ল্ড কাপৰ সময়ত এমাহ একেৰাহে উপস্থিত থকা ৯জনীয়া বিশেষ বন্ধুৰ উপস্থিতিত, তাৰ মাজৰে এজন, আমাৰ সকলোৰে দাদা সুধাংশু ৰঞ্জন দেৰ দ্বাৰা ফিটা কাটি চাংঘৰটো অপেনিং কৰিছোঁ ৩০.৯.২০১৩ তাৰিখে৷ সময়ত ইয়াক বাহিৰে-ভিতৰে আকৰ্ষণীয় ৰূপত সজাই-পৰাই তোলা হব৷

১১. ধন্যবাদ৷ সামৰণিৰ ফালে যাওঁ৷ অনন্য এক কাহিনী, ফুটবলৰ... এই ধাৰাবাহিক লেখাটো বাতৰি কাকত, আলোচনীত প্ৰকাশ কৰিবলৈকো কোনো কোনোৱে প্ৰস্তাৱ দিছে৷ আপোনাৰ কবলগীয়া?
......প্ৰকাশৰ উপযোগী বুলি ভাবিলে আৰু কোনোবাই যদি ইচ্ছা কৰে, তেনেহলে উচিত স্থানত প্ৰকাশ কৰিব পাৰে৷ অনুগ্ৰহ কৰি কথাটো আগতীয়াকৈ মোক এবাৰ কাণ চুৱালে ভাল পাম৷

১২. আনহাতে, বহুজনে ইতিমধ্যে পৰামৰ্শ দিছে যে অনন্য এক কাহিনী, ফুটবলৰ... কিতাপ আকাৰে প্ৰকাশ পাব লাগে৷ আপোনাৰ চোতালতেই বিশ্বকাপৰ উদ্বোধনীৰ লগ্নতে উন্মোচন হব লাগে৷ আপুনি কি কয়?
......পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ৷ সঁচা কথা ক’বলৈ গ’লে, ‘অকব’ৰ সৈতে ঘটা দৈবিক সংযোগৰ বাবেহে মোৰো মনৰ কথাখিনিয়ে লিখিত ৰূপ এটা ল’লেগৈ৷ নহ’লে পেটৰ কথা পেটতেই ৰ’লহেঁতেন৷ মোৰ কাহিনী কিতাপৰ উপযোগী হ’বনে নহ’ব নাজানো৷ যদি হয়, প্ৰকাশ কৰিব পাৰিলেতো ভালেই৷ তথাপিও ভাবিছোঁ, জাৰ্মানী বিশ্ব চেম্পিয়ন হোৱাৰ পিছতহে কিতাপ আকাৰে উলিওৱাটো বেছি ভাল হ’ব নেকি! কাৰণ তেতিয়াহে কাহিনীটো পূৰ্ণাংগ হ’ব৷ নে কি কয়?

আগন্তুক ব্ৰাজিল বিশ্বকাপক লৈ মোৰ আয়োজন সংক্রান্তীয় কল্পনা-পৰিকল্পনাখিনি ক’বলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ৷

সৰ্বশেষত কওঁ যে ফুটবলৰ এই প্ৰক্রিয়াটোত পৰিয়ে মই মোৰ জীৱনত আৰম্ভণিৰে পৰা কৰি অহা প্ৰতিজ্ঞামতে সুৰাপানৰ পৰা ১২বছৰ ধৰি একেৰাহে বিৰত থাকি পত্নী আৰু এটি কন্যা সন্তানৰ সৈতে এখন সুখৰ সংসাৰ লৈ আগুৱাই যাব পাৰিছোঁ৷ ঠিক তেনেকৈ, প্ৰতিজ্ঞা বোলা বস্তুটোনো কি আৰু ইয়াক ৰক্ষা কৰাটো কেনে কষ্টকৰ, সেয়াও উপলব্ধি কৰিছোঁ এই ফুটবলৰ দ্বাৰাই৷ প্ৰতিজ্ঞা পূৰণ কৰিবলৈ যাওঁতে যিমান কষ্ট, সিমানেই মধুৰ৷ যদিহে আত্মবিশ্বাস থাকে৷ এনেকৈ ফুটবলৰ দ্বাৰা মোৰ জীৱনলৈ বিশেষভাৱে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত দিনক দিনে পৰিৱৰ্তন আহিছে৷ স্বীকাৰ কৰোঁ যে মই ইয়াৰ দ্বাৰা বহুলাংশে উপকৃত হৈছোঁ৷

ফুটবলক ভিত্তি কৰিয়ে মোৰ এই কাহিনী আপোনালোকক কৈ শুনালোঁ৷ ভুল-ত্ৰুটি ৰৈ গ’লে নিজ গুণে শুধৰাই লয় যেন৷
সদৌটিকে পুনৰবাৰ নমস্কাৰ জনাই, কুশল কামনাৰে, বিদায়৷

আজিৰ কথাংশৰ সৈতে সংলগ্ন কৰা চিত্ৰ-সূচী...

১. ৱৰ্ল্ড কাপ কেলেণ্ডাৰ

২. উপহাৰ জাৰ্চি

৩. ৱৰ্ল্ড কাপ প’ষ্টাৰ

৪. ব্ৰাজিল১৪

........................................................

বি.দ্ৰ. : পুতুলদাৰ জীৱনক লৈ আগ বঢ়োৱা ক্ৰীড়াভিত্তিক এই ধাৰাবাহিক সত্যালাপ ইমানতে অন্ত পৰিছে৷ পঢ়ুৱৈসকললৈ ধন্যবাদ৷ ...আব্দুছ ছাজিদ, ১০মাৰ্চ ২০১৪, ডিফু৷

No comments:

Post a Comment