বিশ্বকাপ : কিছু প্ৰাসংগিক চিন্তা
১৭জুন ১৯৯৪
২৪খন দেশৰ অংশগ্ৰহণেৰে আমেৰিকাৰ ৯খন চহৰত পঞ্চদশ
বিশ্বকাপ ফুটবলৰ তয়াময়া ৰণখন এয়া আৰম্ভ হ’লেই৷ উৎকট গৰম আৰু অনিয়মীয়া বিদ্যুৎ
যোগানৰ মাজতো বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় বুলি পৰিগণিত খেলসমূহ জীৱন্ত ৰূপত প্ৰত্যক্ষ
কৰাৰ উদ্দেশ্যে কাৰবি আংলঙৰ ক্রীড়াপ্ৰেমীয়েও নিশ্চয় দূৰদৰ্শনৰ পৰ্দাত নিৰন্তৰ দৃষ্টি
ৰাখিব৷ প্ৰতিটো গ’লৰ
লগে লগে আনন্দৰে সমস্বৰে কিৰীলি আৰু হাত চাপৰিৰ জাউৰি তুলিব৷
পিছে এনে উল্লাসৰ মাজত থাকিও আমিযে দৰাচলতে আমেৰিকা, জাৰ্মানী কিম্বা আৰ্জেণ্টিনাত
নাই, সেইটো কথাই মনৰ কোনোবাখিনিত কষ্ট নিদিবনে? নিশ্চয় দিব৷ দুখীয়া দেশ অথবা বিশ্বকাপ
খেলিবলৈ নোপোৱা দেশ কেৱল আমিয়েই নহওঁ বুলি সান্ত্বনা লভি থাকিলেই চলিব জানো? অহা বিশ্বকাপত
দেশৰ সংখ্যা বাঢ়িব (৩২খন)৷ তাৰ বাবে পৰিকল্পনা কৰাৰ সময় আজিয়েই৷ ইচ্ছা, একাগ্ৰতা আৰু
পৰিশ্ৰমে আমাক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব৷
শিক্ষণ দুবিধ৷ দেখি শিকা আৰু ঠেকি শিকা৷ আমাৰ খেলুৱৈসকলে,
নবীন-প্ৰবীণ সকলোৱে কেৱল খেলসমূহ প্ৰত্যক্ষ কৰি আমোদ ল’লেই নহ’ব৷ বিশ্বকাপৰ পৰা শিকিবলগীয়া
দিশসমূহলৈও সততে লক্ষ্য ৰাখিব লাগিব৷ উদ্যোক্তা, কৰ্মকৰ্তা, বিষয়ববীয়া, ক্রীড়ামোদী
ৰাইজ সকলোৱে৷ গ্লেমাৰ বাদ দি ভিন ভিন দলৰ দলীয় সংঘবদ্ধতা, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা,
খেলুৱৈসুলভ মনোভাব, গতি, আকস্মিক চিন্তাধাৰা, কলা-কৌশল, আক্রমণ-প্ৰতি আক্রমণ ৰচনা,
ৰক্ষণ আৰু আক্রমণ প্ৰতিহত, নিয়ন্ত্ৰণ, পাৰস্পৰিক বুজাবুজি, উপস্থিত বুদ্ধি, শাৰীৰিক
দক্ষতা, জয়লাভৰ মানসিকতা, গ’ল কৰা ক্ষুধা আদি মন কৰিবলগীয়া
ক্ষেত্ৰসমূহৰ সূক্ষ্ম অধ্যয়নে আমাক ভৱিষ্যতে খেলুৱৈ হোৱাত আৰু খেলুৱৈ গঢ়াত সহায় কৰিব৷
এইখিনিতে কৈ থোৱা ভাল হ’ব যে বিশ্ব ফুটবলৰ শ্ৰেষ্ঠতম এই সমাৰোহ হ’ল
এইবিলাকৰে সমাহাৰ৷
বিশ্বকাপ ফুটবলক লৈ বিভিন্নজনৰ মাজত নানান জল্পনা-কল্পনা
অব্যাহত থকাৰ সময়তে কাৰবি আংলং জিলা ক্রীড়া সন্থাখনো নতুন বিষয়ববীয়াৰে গঠন হৈছে৷ এইটো
আমাৰ বাবে নিঃসন্দেহে সুখবৰ৷ ভালেমান দিনৰ নিষ্ক্ৰিয়তাৰ অন্তত এইবেলি সন্থাখনে ক্রীড়াৰ
উন্নয়নৰ ক্ষেত্ৰত কেনে ভূমিকা পালন কৰে সেইটো নিশ্চয় লক্ষ্যণীয় হ’ব৷ আমি আশা কৰোঁ, খেল-ধেমালিৰ
ক্ষেত্ৰত ইতিমধ্যে যোৱা কেইবা বছৰত বহু পিছ পৰি যোৱা জিলাখন পুনৰ সজীৱ হৈ উঠিব৷ ইয়াৰ
বাবে জিলাখনত ক্রীড়াৰ পৰিৱেশ এটা নকৈ গঢ়ি তুলিব লাগিব৷ শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনত
গুৰুত্ব দিব লাগিব৷ প্ৰতিভাসম্পন্ন খেলুৱৈৰ সন্ধান আৰু বিকাশৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ
ল’ব
লাগিব৷ ইয়াৰ বাবে লাগিব ক্রীড়া সন্থাৰ বিষয়ববীয়াসকলৰ দূৰদৃষ্টি, নিষ্ঠা আৰু ঐক্যবদ্ধ
প্ৰচেষ্টা৷ ভাল খেলুৱৈৰ সম্ভাৱনা আমাৰ জিলাখনত আছে৷
ভুকুতে কলটো নপকে৷ প্ৰতিশ্ৰুতিবান খেলুৱৈ গঢ়ি তোলাৰ
ক্ষেত্ৰত আমাৰ প্ৰয়োজন হ’ব দীৰ্ঘম্যাদী সু-চিন্তিত আঁচনি বা পৰিকল্পনাৰ৷ কোনে জানে,
হয়তো আমাৰ মাজৰ পৰাই এদিন বেজ্জিঅ’, এছপ্ৰিলা, ভালদেৰামাৰ দৰে খেলুৱৈ
ওলাব যি সময়ত বিশ্বকাপৰ পথাৰত তোলপাৰ লগাবগৈ৷
(১৯৯৪ৰ বিশ্বকাপৰ সময়তে স্থানীয় কাকত ‘পাহাৰীদূত’ৰ সহযোগী সম্পাদক থকা অৱস্থাত
কাৰবি আংলঙৰ প্ৰেক্ষাপটত এই সম্পাদকীয়টো লিখিছিলোঁ৷)
No comments:
Post a Comment