লিলিমাই...
ঘৰুৱা নাম মৃদু৷
বয়স সাত বছৰ৷
সম্বন্ধত মই তাইৰ
বৰদেউতাক৷
বিয়লি পৰত পাকঘৰত কিবা এটা খাবলৈ দি আমাৰ মাই মোলৈ
চাই কৈ গ’ল
: আজি মৃদুৱে কি কৰিলে জান? অলপ আগতে তাই মোক স্কুললৈ নিয়া বেগটো খুজিলে৷ মই বিচাৰি-খোঁচাৰি
দিবলৈ নৌপাওঁতেই ক’লে...
‘সোনকালে
বেগটো দিয়া অ’৷
ইমান লিলিমাই কৰি থাকিব নালাগে৷’
মই বোলো, কি কয় এই? কি লিলিমাই?
মই একো বুজি পোৱা নাই৷ কচোন তই৷
নাতিনীয়েকে আইতাকক কোৱা কথা শুনি মোৰ হাঁহি উঠিল৷
ক’ত
শিকিলে বাৰু তাই? আমাৰ ঘৰত দেখোন তেনে শব্দৰ প্ৰয়োগ নাই৷ নে স্কুলত কোনোবা বান্ধৱীৰ
পৰা শিকিছে!
তাৰ পিছত মাক অৰ্থটো জনাবৰ বাবে মোৰ লগত থকা সাতখন
অভিধান এখন এখনকৈ এফালৰ পৰা মেলিলোঁহি৷ নাই, ‘লিলিমাই’ নাপালোঁ৷
ফলত এতিয়ালৈ অৰ্থটো জনাব পৰা নাই৷
এতিয়া মই ভাত খাবলৈ গ’লেই সত্তৰোৰ্ধ আমাৰ মায়ে মোক সুধিব৷
কি ক’ম
বাৰু? কওকচোন...
No comments:
Post a Comment