ফুটবলৰ শক্তি কিমান?
ফুটবলাৰৰ প্ৰভাৱ কিমান?
আইভৰী ক’ষ্ট আৰু মাদাগাস্কাৰৰ মাজৰ
Africa Cup of Nations Qualification 2008ৰ Group Aৰ খেল৷
তাৰিখ ৩.৬.২০০৭৷
স্থান আইভৰী
ক’ষ্টৰ উত্তৰৰ Bouake নগৰী৷
এই খেলখনৰ সৈতে এটা নাম বিশেষভাৱে
সাঙোৰ খাই আছিল৷ এলিফেণ্ট দলটোৰ ষ্ট্ৰাইকাৰ ডিডিয়াৰ ড্ৰগবা, যিজন ফুটবলাৰে ২০১০ৰ বিশ্বকাপত
দলটোক নেতৃত্ব দিছিল৷ ফুটবলৰ মহাশক্তি প্ৰমাণ কৰিছিল সেই মেচখনে৷ ফুটবলযে কেৱল ভৰিৰে
গুৰিয়াই খেলা এবিধ খেল নহয়, তাক সোঁৱৰাই দিছিল উক্ত খেলখনে৷
সৰু দেশ আইভৰী ক’ষ্টৰ
দক্ষিণ অংশটো আছিল চৰকাৰপন্থী৷ আনহাতে উত্তৰ অংশটো আছিল বিৰোধী৷ এই লৈ কেইবা বছৰো ধৰি
সংঘৰ্ষ চলি আহিছিল৷ তেনেকুৱাতে আহিল Africa Cup of Nations Qualification 2008৷ অন্যান্য
খেলৰ পয়োভৰ থাকিলেও আইভৰী ক’ষ্টৰ সৰ্বাধিক জনপ্ৰিয় খেলবিধ
হৈছে ফুটবল৷ জাতীয় দল এলিফেণ্টৰ তাৰকা ষ্ট্ৰাইকাৰ ডিডিয়াৰ ড্ৰগবাই এটা সাক্ষাৎকাৰত
আইভৰী ক’ষ্ট আৰু মাদাগাস্কাৰৰ মাজৰ A গ্ৰুপৰ খেলখন উত্তৰ অংশৰ
প্ৰমুখ মহানগৰী Bouakeত অনুষ্ঠিত কৰাৰ মত পোষণ কৰিলে৷ উক্ত স্থান আছিল চৰকাৰ বিৰোধীৰ
কেন্দ্ৰস্থল৷ খেলখন তাতে অনুষ্ঠিত কৰা হ’ল৷ ইফালে খেল চলি থকাৰ সময়ত আৰু
অন্তত উদ্ভৱ হ’ব পৰা অনাকাংক্ষিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰী সেনা
মোতায়েন কৰা হ’ল৷ খেলখনত আইভৰী ক’ষ্টে মাদাগাস্কাৰক ৫-০গ’লত
হৰুৱালে৷ ৰাজনৈতিকভাৱে বিভক্ত হৈ থকা দেশৰ দুই অংশক দীৰ্ঘদিনৰ মূৰত উক্ত খেলখনে পুনৰ
এক কৰি পেলালে৷ পাঁচ বছৰৰ ভিতৰত সেয়া আছিল প্ৰথম, য’ত চৰকাৰী বাহিনীয়ে উত্তৰ অংশত
কোনো বাধা-বিঘিনি নোহোৱাকৈ প্ৰৱেশ কৰিব পাৰিছিল৷ খেলৰ শেষত চৰকাৰ বিৰোধীৰ সৈতে মিলিটাৰীয়ে
জনতাক নিয়ন্ত্ৰণ কৰাটোও সম্ভৱ হ’ল৷ ফুটবলৰ মাধ্যমেৰেই ডিডিয়াৰ
ড্ৰগবাই দেশখনক পুনৰ এক কৰি পেলাইছিল৷ তাৰ পিছত মানুহে ড্ৰগবাৰ দৰে সাজ পৰিধান কৰিবলৈ
লৈছিল৷ মহিলাসকলো ড্ৰগবাৰ প্ৰতি গদগদ হৈ পৰিছিল৷ ড্ৰগবা হৈ পৰিছিল এক আইকন৷ ৰাজনৈতিকভাৱে
দুভাগত বিভক্ত হৈ পৰা দেশ এখনৰ জনগণক পুনৰ একত্ৰ কৰাৰ ক্ষেত্ৰত ফুটবলে কাৰ্যকৰী ভূমিকা
লোৱাত এনেদৰেই সফলকাম হ’ল৷
প্ৰমাণিত হ’ল ফুটবলাৰৰ প্ৰভাৱ আৰু ফুটবলৰ
মহাশক্তি৷
No comments:
Post a Comment