বিশ্বকাপ ২০০৬ৰ সেই ঘটনাটো...
Torsten Fringsৰ কেৰিয়াৰলৈ নামি আহিল যৱনিকা
২০০৬ৰ জাৰ্মানী বিশ্বকাপ৷
অনুষ্ঠিত হৈছে ঘৰুৱা দল জাৰ্মানী আৰু আৰ্জেণ্টিনাৰ মাজৰ কোৱাৰ্টাৰ
ফাইনেল, বাৰ্লিনত৷
Miroslav Klose আৰু Roberto Ayalaৰ গ’লেৰে
ফলাফল ১-১ হোৱাত পেনাল্টি শ্বুট আউট৷ জাৰ্মানীৰ গ’লৰক্ষক Jens Lehmannৰ দেহত আকাশী
ৰঙৰ সাজ৷ গ’লৰ পিছফালে এখন বিজ্ঞাপন৷ আকাশী ৰঙৰ বেকগ্ৰাউণ্ড৷ বিজ্ঞাপনখনত
দেখা গৈছে তিনিজনকৈ মানুহ৷ তেওঁলোকৰ শৰীৰতো আকাশী আৰু বগা চাৰ্ট৷
এই লৈ আৰ্জেণ্টিনাৰ সমৰ্থকসকলৰ মাজত সবল জোকাৰণি
উঠিল৷ তেওঁলোকে ঘোৰ আপত্তি দৰ্শালে যে এইটো ইচ্ছাকৃতভাৱে কৰা হৈছে, পেনাল্টি কিকৰ
সময়ত আৰ্জেণ্টিনাৰ খেলুৱৈৰ মনোযোগ ভংগ কৰিবৰ বাবে৷
উত্তেজনাৰে পূৰ্ণ এক মুহূৰ্ত৷
কোনে ছেমি-ফাইনেল
খেলিব!
পেনাল্টি শ্বুট আউট আৰম্ভ হ’ল৷
জাৰ্মানীৰ হৈ Oliver Neuville, Michael Ballack, Lukas Podolski আৰু Tim Borowskiএ
গ’ল দিলে৷ আৰ্জেণ্টিনাৰ হৈ কৃতকাৰ্য হ’ল
Julio Cruz আৰু Maxi Rodriguez৷ আনহাতে Roberto Ayala আৰু Esteban Cambiassoৰ শ্বট
জাৰ্মান গ’লকীপাৰ Jens Lehmannএ প্ৰতিহত কৰিলে৷
ফলাফল জাৰ্মানী ৪,
আৰ্জেণ্টিনা ২৷
জাৰ্মানীৰ ছেমি ফাইনেলত পদাৰ্পণ৷
বিশ্বকাপৰ পৰা আৰ্জেণ্টিনাৰ বিদায়৷
জাৰ্মানীৰ কেপ্টেইন Michael Ballackৰ মতে উচতনি প্ৰথমে আৰ্জেণ্টিনাৰ ফালৰ পৰাই আহিছিল৷ পেনাল্টি শ্বট ল’বলৈ গৈ থাকোঁতে জাৰ্মান খেলুৱৈক উদ্দেশ্যি আৰ্জেণ্টিনাৰ খেলুৱৈয়ে টিটকাৰি মাৰিছিল৷ Tim Borowskiএ অন্তিম কিকটো কাৰ্যকৰী কৰিলে৷ জাৰ্মানী বিজয়ী হ’ল৷ তেতিয়া Borowskiএ নিজৰ ওঁঠৰ ওপৰত তৰ্জনী আঙুলিটো ৰাখি আৰ্জেণ্টিনাৰ খেলুৱৈসকলৰ ফালে চাই তেওঁলোকক মনে মনে থাকিবলৈ ইংগিত দিছিল৷ সমুচিত প্ৰত্যুত্তৰ৷ সেইটোৱেই আৰ্জেণ্টাইন খেলুৱৈসকলক উত্তেজিত কৰি তুলিলে৷
বিজেতা সদায়ে উৎফুল্লিত, বিজিত সদায়ে বিমৰ্ষ৷
যি জিকি যায় সি হাঁহি যায়, যি হাৰি যায় সি কান্দি যায়৷
পৰাজয়ৰ গ্লানিত আৰ্জেণ্টাইনসকলে যেন নিয়ন্ত্ৰণ হেৰুৱাইছিল সেইদিনা৷ ঘটনাটো চাই থকা আৰ্জেণ্টিনাৰ Maxi Rodriguezএ সোঁমাজতে থকা জাৰ্মানীৰ Bastian Shweinsteigerৰ উদ্দেশ্যি চোঁচা ল’লে৷ আৰ্জেণ্টাইন গ’লকীপাৰ Roberto Abbondanzieriয়ে Rodriguezক টানি আঁতৰাই নিয়াৰ পূৰ্বেই Shweinsteigerক তেওঁ এঘোচা সোধালে৷ Heinze, Ayala, Sorin, Rodriguez সকলোৰে যেন ধৈৰ্যৰ বান্ধোন সুলকিছিল সিদিনা৷
Cufreএ গুৰিওৱা জাৰ্মান খেলুৱৈ
Per Mertesackerএ পিছত কৈছিল... যদিওবা মই একোৱেই কৰা নাছিলোঁ, আৰ্জেণ্টিনাৰ এজন খেলুৱৈয়ে
মোক আক্রমণ কৰিছিল৷ মোৰ উৰুত তিনি-চাৰিটা ৰঙা দাগ বহি আছে৷ তেওঁ মোক আকৌ এবাৰ কৰঙণৰ
চুকত গুৰিয়াইছিল৷ জাৰ্মান খেলুৱৈ Torsten Fringsএ নিজৰ প্ৰতিক্রিয়া প্ৰকাশ কৰিছিল এইবুলি... 'They are
bad losers. They lost their minds. ... It just shows they are bad sports and
are badly behaved. I hope their players get suspended.' তাৰ পিছত Fringsৰ কি হ’ল
সেয়া সৰ্বজনবিদিত৷
২০০৬ৰ বিশ্বকাপত অংশ লোৱা
জাৰ্মানীৰ এজন নিপুণ, ৰক্ষণশীল মিডফিল্ডাৰ আছিল Torsten Frings৷ শক্তিশালী শ্বটৰ ক্ষেত্ৰতো
তেওঁৰ সুনাম৷
ভিডিঅ’ ফুটেজ চাই ফিফাৰ Disciplinary Committeeয়ে ঠাৱৰ কৰিছিল যে Fringsএ আৰ্জেণ্টিনাৰ ফ’ৰৱাৰ্ড Julio Cruzক ঘুচিয়াইছিল৷ আনহাতে Cruzএ নিজৰ ভাষ্যত সেইটো কিন্তু অস্বীকাৰহে কৰিছিল৷ Disciplinary Committeeয়ে এইটোও নিশ্চিত কৰিছিল যে কাজিয়াখনৰ সূত্ৰপাত ঘটোৱাত Fringsএ উচতনি দিছিল৷ সকলোৰে যেন তৰ্জনী Torsten Fringsৰ ফালে৷
ইফালে ৩০জুনৰ জাৰ্মানী-আৰ্জেণ্টিনাৰ মেচৰ পেনাল্টিৰ পিছত সংঘটিত
সেই কাণ্ডটোৰ বিচাৰ চলিল৷ তাত লোৱা ভূমিকাৰ বাবে ফিফাই জৰিমনা বিহিলে Fringsক৷ শাস্তি
হিচাপে পৰৱৰ্তী দুখন খেলৰ পৰা বহিষ্কাৰ৷
ঘটনা সংক্রান্তত চলোৱা অনুসন্ধান সমাপ্ত কৰা হ’ল বুলি ফিফাই ছেমি ফাইনেলৰ আগতেই ঘোষণা কৰিলে যদিও Torsten Fringsৰ ভূমিকাক লৈ খেলুৱৈজনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সজোৰে মাত মাতি থকা হৈছিল ইটালীৰ সংবাদ মাধ্যমত৷ সিদ্ধান্তটোৰ ক্ষেত্ৰতো মতানৈক্য ৰৈ গৈছিল৷ পিছত এটা সাক্ষাৎকাৰত অভিযোগকাৰীসকলৰ প্ৰতি খেলুৱৈজনে কৈছিল... ‘This is all politics. The Argentinians attack us, I defend myself and the Italians get worked up. With this suspension, FIFA just wanted to show that Germany doesn't get special treatment as the World Cup hosts.’ এই লৈ বিভিন্নজনৰ মনত ৰৈ গ’ল ডাঙৰ প্ৰশ্নবোধক, গভীৰ অসন্তুষ্টি৷
জাৰ্মানীয়ে ৪জুলাইত ইটালীৰ বিৰুদ্ধে খেলিব লগা ছেমি-ফাইনেল খেলখনৰ এদিন আগতে ফিফাৰ দ্বাৰা ঘোষিত এনে সিদ্ধান্তই গুৰুত্বপূৰ্ণ খেলখনত Torsten Fringsক অংশ ল’ব নোৱাৰা কৰি পেলালে৷ ফলত জাৰ্মানী কিছু পৰিমাণে হ’লেও দুৰ্বল হৈ পৰিল৷ মানসিকভাৱেও, সংঘবদ্ধতাৰ দিশৰ পৰাও৷ ইটালীৰ সৈতে হোৱা ছেমি-ফাইনেলখনত জাতীয় দলটোৰ প্ৰদৰ্শনত ই স্বাভাৱিকতে বিৰূপ প্ৰভাৱ পেলালে৷ Dortmundত মিডফিল্ড দুৰ্বল দেখা গৈছিল সিদিনা৷ তেনেকৈয়ে প্ৰতিদ্বন্দ্বিতা আগ বঢ়ালেও অতিৰিক্ত সময়ত ওলোৱা পূৰ্ণ সুযোগ গ্ৰহণ কৰি ইটালীৰ হৈ Fabio Grosso আৰু Alessandro Del Pieroএ জাৰ্মানীক দুগ’ল দিছিল৷ পৰাজিত হ’ল জাৰ্মানী৷
এজন সুদক্ষ খেলুৱৈৰ কেৰিয়াৰৰ সমাপ্তি লাহে লাগে
চমু চাপি আহিল৷ পৰৱৰ্তী বিশ্বকাপ অৰ্থাৎ দক্ষিণ আফ্ৰিকা ২০১০ত Torsten Fringsক জাতীয়
দলত লোৱা নহ’ল৷ ঘটনাৰ তিনিটা বছৰৰ পিছতে,
২০০৯চনৰ ১১ফেব্ৰুৱাৰীত তেওঁ ৰিটায়াৰ ল’লে৷ জাতীয় দল জাৰ্মানীক বহু প্ৰত্যাশিত কোৱাৰ্টাৰ ফাইনেলখনত
বিজয়ী কৰায়ো যেন নিজৰ খেলুৱৈ জীৱনত দুখ লগাকৈ পৰাজিত হ’ল Torsten Frings৷
No comments:
Post a Comment