আজি পুৱা...
অনিৰ্দিষ্টকালীন বন্ধ প্ৰত্যাহাৰৰ খবৰটো পাই খটখটি
বগাই ৰাস্তালৈ ওলাই আহিলোঁ, বাহিৰখন এনেয়ে এবাৰ চাওঁগৈ বুলি৷ অদূৰত সৰু সৰু ছোৱালী
দুজনী৷ এইপিনেই আহি আছে৷ পিন্ধনত নীলা স্কাৰ্ট, বগা চোলা৷ দুয়োজনীৰে পিঠিত বেগ৷
‘ক’ত
যাৱ?’
সিহঁতক উদ্দেশ্য কৰি এনেয়ে ৰিং এটা মাৰিলোঁ৷ স্কুলীয়া
ছাত্ৰ-ছাত্ৰীবোৰৰ সৈতে কথা পাতি আনন্দ পাওঁযে, সেয়ে৷
‘স্কুল৷’
‘কোন স্কুল অ’?’
‘ৰংকিমি এল.পি.৷’
‘তহঁতৰ হে’ড
চাৰৰ নাম কিঅ’?’
মোৰ সন্মুখ পাই দুয়ো অলপ ৰ’ল৷
ইজনীয়ে সিজনীৰ চকুলৈ চালে৷ বুজি নাইপোৱা চাগৈ৷ সেয়ে আকৌ এবাৰ সুধিলোঁ৷
‘মাষ্টৰ৷’
ডাঙৰজনীৰ উত্তৰ৷
‘অঁ, অঁ; তহঁতৰ
হে’ড
মাষ্টৰৰ নামটো কি?’
‘নাজানে৷’
ডাঙৰজনীয়েই আকৌ উত্তৰ দিলে আৰু লক্ষ্যস্থান অভিমুখে
অগ্ৰসৰ হ’ল৷
‘নাজান! কিয়?’
‘নকয়েই, আমাৰ
কাৰণে৷’
‘নকয়! ... ঐ,
তহঁত কোন শ্ৰেণীত পঢ়অ’?’
তেনেকুৱাতে ট্ৰাক এখন অহাত দুবাৰ কৰা সত্ত্বেও মোৰ
প্ৰশ্নটো সিহঁতৰ কাণত নোসোমালগৈ৷ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে দুয়ো
স্কুললৈ বুলি গৈ থাকিল৷
No comments:
Post a Comment