কবি হোৱাৰ বাসনা...
কবিতা-বিশেষ ই-আলোচনীখনৰ বাবে 'কবিতা' এটা লিখিবলৈ
আজি কেইদিনমান ধৰি মনটো দেখোন কিবা খুদুৱাই আছে৷ ইফালে দিনো চমু চাপি আহিছে৷ ১৫ তাৰিখ
আহিলেই! কি কৰোঁ, কি লিখোঁ? এনেয়ে ভাবৰ দুখীয়া, অন্তৰ-কঠোৰ মানুহ৷ সংবেদনশীলতাক লৈ
নিজৰে বৃহৎ প্ৰশ্নবোধক৷ ইমানকেইটা সমস্যা৷ তাতে আকৌ কবিতা! এনেকৈ হয় নেকি?
তথাপি উন্মাদ হৈ পৰা মনটোকচোন দমাব পৰা নাই একোপধ্যে৷
কবিতাৰ এ-বি-চি-ডি জানিবলৈ অতি গোপনে কিতাপ এখনৰ পৰা আগধৰি কেইটামান পৃষ্ঠা
পঢ়ি ল'লোঁ৷ গম পালোঁ, কাব্যিক সুষমা বঢ়াবলৈ হ'লে ভাষাৰ প্ৰকাশৰ মিতব্যয়িতা, ভাবৰ লালিত্য,
অৰ্থঘন চিত্ৰকল্প আদি বোলে ঢেৰ কিবাকিবি লাগিব৷ ক'ত পাওঁ এতিয়া হুঁ? কবিয়েনো কি কৰে? তাকো চাইছোঁ, চিন্তা কৰি৷
ভাবি আছোঁ, কল্পনা কৰি আছোঁ৷ ভাবো তললৈ যোৱা নাই,
কল্পনাও ওপৰলৈ উঠা নাই৷ মুঠতে যেন পাৰ নোপোৱা অৱস্থা এটা৷ একোবত
মনটো উৰুৱাই নিছোঁ অতীতলৈ, দূৰ অতীতলৈ৷ চকু দুটা মুদি লৈছোঁ৷
ফ্লেচ্ বেকত দেখা পাইছোঁ...
প্ৰেমিকা কাষ চাপি আহিছে৷ তাই ঘৰলৈ যাব৷ সন্মুখত
গৰমৰ বন্ধ৷ কলেজ নাই৷
প্ৰেমিকে তাইক বাচখনত উঠাত সহায় কৰি দিছে৷ তাৰ
মনটো মৰা৷ ইমান দিন নেদেখাকৈ থাকিব লাগিব!
এটা মুহূৰ্তত বাচখন ষ্টাৰ্ট দিছে৷ প্ৰেমিকৰ ফালে
চাই প্ৰেমিকাই অনুচ্ছ স্বৰত মাত লগাইছে... 'যাওঁ দেই৷ আকৌ আহিম৷'
বাচখন লাহে লাহে আগুৱাই গৈছে৷ এসময়ত কেঁকুৰিটোত
অদৃশ্য হৈ পৰিছে৷ উদাস মনেৰে সেইফালে এবাৰ চাই প্ৰেমিকে উভতনি খোজ পেলাইছে নিজ ঘৰ অভিমুখে৷
উচপিচনিৰ মাজেদিয়েই দিনবোৰ বাগৰি গৈ এদিন শেষ হ'ল
গৰমৰ বন্ধ৷ প্ৰেমিকা ঘূৰি আহিছে৷ বাচখনৰ পৰা নামি দেখে, প্ৰেমিক ৰৈ আছে তাইৰ বাবে,
অধীৰ আগ্ৰহেৰে৷
নামিয়েই তাই অন্তৰভৰা হাঁহি এটা মাৰি প্ৰেমিকৰ
খবৰ লৈছে...
'ভালে আছেনে?' হাঁহিৰেই উত্তৰ দি তাইৰ বস্তুকেইপদ নমোৱাত সহায় কৰি দিছে সি৷ তাৰ পাছত
দুয়ো একেলগে হোষ্টেল অভিমুখে আগ বাঢ়িছে, য'ত তাই থাকে৷
তাৰ পিছতে কি হ'ল জানো, মনটো দেখোন অত্যুৎসাহী
হৈ উঠিল৷ শাৰী কেইটামানে গঢ় ল'লে আপোনা-আপুনি৷
গৈছিলা,
কৈছিলা...
'আকৌ আহিম৷' বুলি
আহিলা,
মাতিলা...
'ভালে আছেনে?' বুলি
কথাটো কাকো কোৱা নহ'ল, লিখি দেখুৱাও নহ'ল, মনৰ
ফাইলতে বন্দী কৰি থোৱা হ'ল৷ শিৰোনাম দিয়া হ'ল 'প্ৰতিশ্ৰুতি'৷
No comments:
Post a Comment