ঘটনাটো মনত আছে চাগৈ
খেল চোৱাসকলৰ
ফ্ৰান্সৰ এজন মহান ফুটবলাৰ Zinedine Zidane৷ ২০০৬চনৰ
বিশ্বকাপৰ শেষ খেলখনত অতিৰিক্ত সময়ৰ শেষৰ ফালে ১১০মিনিটত ইটালীৰ ডিফেণ্ডাৰ Marco Materazziৰ
বুকুত মূৰেৰে এনে এক প্ৰচণ্ড আঘাত কৰিলে যে বেচেৰা Materazzi ধাচকৈ মাটিত পৰি গ’ল৷
ৰেফাৰীও ৰৈ নাথাকিল৷ লগে লগে Zidaneক ৰঙা কাৰ্ড৷ ৰঙা কাৰ্ড খাই খেলপথাৰৰ পৰাতো বাহিৰেই
প্ৰফেচনেল কেৰিয়াৰো সামৰিব লগা হ’ল Zidaneই৷
ভিডিঅ’ ক্লিপিঙে এইটো স্পষ্ট কৰিছিলযে
হয়, Materazziয়ে Zidaneক ঠাট্টাসূচক কিবাকিবি কৈ ঘনে ঘনে উচতাইছিল৷ খেলৰ ৭মিনিটতে ফ্ৰান্সে
যিটো পেনাল্টি লাভ কৰিছিল তাত বিতৰ্কৰ সূচনা হৈছিল৷ পেনাল্টিটো কাৰ্যকৰী কৰিছিল
Zidaneই৷ ১৯মিনিটত Andrea Pirloৰ কৰ্ণাৰ কিকৰ পৰা অহা বল পাই Materazziএ ইটালীৰ হৈ
সমতা স্থাপন কৰিছিল৷ পিছত পেনাল্টি শ্বুট আউটৰ সহায়ত ফলাফল নিৰ্ণয় কৰা হয়৷
No comments:
Post a Comment